as_obs-tn/content/08/12.md

3.2 KiB

তেওঁৰ ককায়েকসকলক পৰীক্ষা কৰিলে

যোচেফে তেওঁৰ ককায়েকসকলক এটা কঠিন পৰিস্থিতিত পৰিব দিলে যাতে তেওঁলোকে নিজৰ কনিষ্ঠ ভায়েকক ৰক্ষা কৰিব নে নাই, বা তেওঁলোকে যোচেফক কৰা ব্যৱহাৰ দৰে তেওঁলৈকো কৰিব নে নাই তাক চালে৷ আৰু যেতিয়া তেওঁলোকে নিজৰ কনিষ্ঠ ভায়েকক ৰক্ষা কৰিলে, তেতিয়া যোচেফে জানিলে যে তেওঁলোক সলনি হৈছে৷

যদি তেওঁলোক সলনি হৈছে

এই কথা খিনি আন প্ৰকাৰে কবলৈ হলে, “যদিহে তেওঁলোক সলনি হৈছে তেনেহলে তেওঁলোকে কৰিব৷” বহু বছৰৰ পূৰ্ব্বে যোচেফৰ ককায়েক সকলে তেওঁক দাস হবৰ বাবে বিক্ৰী কৰি দিছিল৷ যোচেফে জানিব বিচাৰিছিল যে এতিয়া তেওঁলোকে তাকে কৰিব নে যি শুদ্ধ হয়৷

ভয় নকৰিবা

ইয়াক আন এক প্ৰকাৰে কবলৈ হলে, “তোমালোকে মোৰ পৰা কোনো ধৰণৰ শাস্তি পাম বুলি ভয় নকৰিবা” যোচেফৰ ককায়েক সকলৰ অতিশয় ভয় হৈছিল কিয়নো তেওঁলোকে তেওঁৰ প্ৰতি বৰ ডাঙৰ অন্যায় কৰিছিল আৰু এতিয়া তেওঁ মিচৰৰ এজন ডাঙৰ শাসনকৰ্তা হয় আৰু তেওঁৰ শাস্তি দিয়াৰ ক্ষমতা আছে৷ যোচেফে তেওঁলোকলৈ শষ্য বিক্ৰী নকৰো বুলি কব পাৰে বা তেওঁলোকক কাৰাগাৰত ৰাখি বধ কৰিব পাৰে৷

ভালৰ বাবে বেয়া

যোচেফৰ ককায়েকসকলে তেওঁক মিচৰলৈ বিক্ৰী কৰি দিয়াৰ দ্বাৰাই এক বেয়া কাৰ্য কৰিছিল৷ পাছে ঈশ্বৰে ইয়াক কৰিবৰ বাবে অনুমতি দিলে যাতে বহু লোকে আৰু তেওঁৰ পৰিয়ালেও সেই আহিব লগীয়া আকালৰ পৰা ৰক্ষা পাব পাৰিব৷ এইটো এটা অতি ভাল কথা৷

অনুবাদৰ শব্দ সমূহ