as_obs-tn/content/07/01.md

2.1 KiB

ঘৰত থাকি ভাল পোৱা... চিকাৰ কৰি ভাল পোৱা

ইয়াত “ৰিবেকাই যাকোবক প্ৰেম কৰিলে” এই অৰ্থতকৈ কিছুমান ভাষাত “প্ৰেম” শব্দটো ব্যৱহাৰ কৰিলে বেলেগ হব৷ উদাহৰণ স্বৰূপে ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি, “ঘৰত থাকি ভাল পায়... চিকাৰ কৰি ভাল পায়” বা “ঘৰত থকাটো পচন্দ কৰে ... চিকাৰ কৰাতো পচন্দ কৰে৷”

ঘৰত

ইয়াৰ দ্বাৰাই পৰিয়ালৰ লোক সকলৰ সহভাগিতাত থকাৰ অৰ্থটো বুজাইছে৷ যাকোবে নিজৰ তম্বুৰ কাষত থাকিব বিচাৰে৷ কিছুমান ভাষাত ইয়াক বিশেষভাবে প্ৰকাশ কৰে “ঘৰত”

ৰিবেকাই যাকোবক প্ৰেম কৰিলে, কিন্তু ইচাহাকে এচৌক ভাল পায়

ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি, “ৰিবকা যাকোবৰ প্ৰতি আকৰ্ষিত হৈছিল, আৰু ইচাহাকে এচৌক প্ৰেম কৰিছিল” ইয়াৰ অৰ্থ এইয়া নহয় যে ৰিবেকা আৰু ইচাহাকে তেওঁলোকৰ আন সন্তান সকলক প্ৰেম নকৰে, কিন্তু প্ৰতিজন বাপেক-মাকৰ কোনো এজন সন্তানৰ প্ৰতি অলপ বেছি প্ৰেম থাকিব পাৰে৷

অনুবাদৰ শব্দ সমূহ