as_obs-tn/content/01/10.md

3.0 KiB

কিছু মাটি ললে

ঈশ্বৰে মাটিৰ পৰা, বা শুকান মাটিৰ পৰা মানুহ সৃষ্টি কৰিলে৷ এই শব্দটো পৃথিবীৰ বাবে ব্যৱহাৰ কৰা সাধাৰণ শব্দৰ পৰা পৃথক হব লাগে৷

আকৃতি দিলে

ইয়াৰ দ্বাৰাই ঈশ্বৰে নিজ হাতে মানুহ সৃষ্টি কৰা কথাটো বুজাব বিচাৰিছে৷ সৃষ্টিৰ বাবে যাতে বেলেগ শব্দ ব্যৱহাৰ কৰা হয় তালৈ লক্ষ্য ৰাখিব লাগে৷ মন কৰিব লগীয়া বিষয় এই যে ঈশ্বৰৰ এই সৃষ্টি আন সৃষ্টিসমূহতকৈ বেলেগ কাৰণ বাকি সৃষ্টি মূখৰ আজ্ঞাৰ দ্বাৰাই সৃষ্টি হৈছিল৷

এজন মানুহ

এই সময়লৈকে কেৱল পুৰুষক সৃষ্টি কৰা হৈছিল, মহিলাক বেলেগ পদ্ধতিৰে পিছত সৃষ্টি কৰিছিল৷

নিশ্বাস দি জীৱন দিলে

ইয়াৰ দ্বাৰাই ঈশ্বৰে অতি অন্তৰঙ্গ ভাৱে আদমক জীৱন দিয়া কথাটো বুজাইছে, আৰু এজন মানুহে কেনে দৰে উশাহ বাহিৰ কৰে তাৰ লগত তুলনা কৰিছে৷

জীৱন

ইয়াৰ দ্বাৰাই ঈশ্বৰে মানুহক শাৰীৰিক আৰু আত্মিক দুয়োটা জীৱনেই দান কৰা বুজাইছে৷

আদম

আদমৰ নামটো “মানুহ”ৰ বাবে পুৰণি নিয়মৰ শব্দৰ সৈতে আৰু "ধূলি" ৰ বাবে শব্দ যাৰ দ্বাৰাই তেওঁ গঠিত একে অৰ্থ আছে।

বাগিছা

এনে এটুকুৰা স্থান য’ত বিভিন্ন ধৰণৰ গছ-গছনি ৰোপন কৰা হয় আৰু ইয়াৰ উদ্দেশ্য হৈছে ফল উৎপন্ন কৰা বা সৌন্দৰ্য্য বৃদ্ধি কৰা৷

ইয়াৰ চোৱা-চিতা কৰা

বাগিছা খনি চোৱা-চিতা, অৰ্থাৎ চাফ-চিকুন, পনী দিয়া, গুটি সিঁচা ইত্যাদি কাৰ্য কৰি বাগিছা খন সংৰক্ষণ কৰি ৰখা৷

অনুবাদৰ শব্দ সমূহ