as_obs-tn/content/01/07.md

2.1 KiB

পঞ্চম দিন

ঈশ্বৰে আগৰ চাৰি দিনৰ সৃষ্টিৰ পিছৰ বিষয় সমূহ পঞ্চম দিনা সৃষ্টি কৰি আগবাঢ়ি গৈ থাকিল৷

ঈশ্বৰে কলে

ঈশ্বৰে আকাশৰ চৰাই আৰু পানীৰ জীৱ সমূহ মূখৰ আজ্ঞাৰ দ্বাৰাই সৃষ্টি কৰিলে৷

সকলোবোৰ সাঁতুৰিব পাৰিছিল

ঈশ্বৰে কেৱল মাছ সৃষ্টি কৰিলে এনে নহয় কিন্তু পানীত থকা সকলো বিলাক জীৱকে সৃষ্টি কৰিলে৷ সেই সকলোবিলাক জীয়াই আছে কিয়নো ঈশ্বৰে সেই সমূহ সৃষ্টি কৰিবলৈ সিদ্ধান্ত কৰিলে৷

সকলোবিধ চৰাই

ঈশ্বৰে কেৱল এক ধৰণৰ চৰাই নিৰ্মাণ কৰা নাই, কিন্তু সকলো প্ৰকাৰ, আকাৰ, আৰু ৰংৰ চৰাই সৃষ্টি কৰিলে৷

এইয়া সুন্দৰ

গোটেই সৃষ্টিৰ কাহিনীটোত এই বাক্যশাৰী উল্লেখ থকা দেখা যায় আৰু ইয়াৰ দ্বাৰাই ঈশ্বৰে তেওঁৰ পৰিকল্পনা অনুসৰি সকলোবিলাক যে সৃষ্টি হৈছে তাক বুজাইছে৷

সেইবোৰক আশীৰ্ব্বাদ কৰিলে

ঈশ্বৰে তেওঁৰ ইচ্ছাক বাক্যৰে প্ৰকাশ কৰিছে যেন সেইবোৰ বৃদ্ধি হয় আৰু যাতে পৃথিবীত আনন্দেৰে থাকিব পাৰে৷

অনুবাদৰ শব্দ সমূহ