as_obs-tn/content/01/01.md

2.3 KiB
Raw Permalink Blame History

পাতনি

এইয়া হৈছে, “সকলো বিষয়ৰ আৰম্ভণী,” যেতিয়া ঈশ্বৰৰ বাদে আন কোনো বিষয় বা বস্তুৰ আবিৰ্ভাৱ হোৱা নাছিল৷

সৃষ্টি কৰিলে

সৃষ্টি সমূহ শূণ্যৰ পৰা কৰা হৈছে, এই কথা কবলৈ ইয়াত ব্যৱহাৰ কৰা হৈছে।

বিশ্বব্ৰমাণ্ড

ইয়াত ঈশ্বৰে সৃষ্টি কৰা পৃথিবী আৰু স্বৰ্গত, দৃশ্য বা অদৃশ্য সকলো বস্তুৰ অন্তৰ্ভুক্ত হৈছে।

পৃথিৱী

“পৃথিৱী” শব্দটোৱে মানুহে বসতি কৰা গোটেই পৃথিবী খনক বুজাইছে৷

আন্ধাৰ

এইটো সম্পূৰ্ণৰূপে আন্ধকাৰময় আছিল৷ তাত পোহৰ অলপো নাছিল, যিহেতু ঈশ্বৰে সেই সময়লৈকে পোহৰ সৃষ্টি কৰা নাছিল৷

শূন্য

ঈশ্বৰে সেই সময়লৈকে একো সৃষ্টি কৰা নাছিল, মাত্ৰ গোটেই পৃথিবী খন পানীৰে আৱৰি ৰাখিছিল৷

কোনো বস্তু গঠন কৰা হোৱা নাছিল

তাত কোনো ধৰণৰ বিশেষ বস্তুৰ উপস্থিতি নাছিল চাৰিও ফালে কেৱল পানী আৱৰি আছিল৷

ঈশ্বৰৰ আত্মা

ঈশ্বৰৰ আত্মা, যাক পবিত্ৰ আত্মা বুলিও কোৱা হয়, তেওঁ আৰম্ভণীৰে পৰা উপস্থিত আছিল আৰু পৃথিবীৰ ওপৰত মুকলি ভাৱে ঘুৰি-ফুৰিছিল যাতে যি সৃষ্টি কৰিব লগা আছে তাৰ পৰিকল্পনা কৰিব পাৰে৷

বাক্য সমূহৰ অনুবাদ