as_ulb/45-ACT.usfm

1998 lines
331 KiB
Plaintext
Raw Permalink Blame History

This file contains ambiguous Unicode characters

This file contains Unicode characters that might be confused with other characters. If you think that this is intentional, you can safely ignore this warning. Use the Escape button to reveal them.

\id ACT
\ide UTF-8
\sts Assamese Old Version Revision
\rem copyright Information: Creative commons Attribution- ShareAlike 4.0 License
\h পাঁচনি
\toc1 পাঁচনি সকলৰ কৰ্ম
\toc2 পাঁচনি
\toc3 act
\mt1 পাঁচনি সকলৰ কৰ্ম
\s5
\c 1
\cl ১ অধ্যায়।
\s শিষ্য সকলৰ সন্মুখত প্রভু যীচুৰ স্বর্গাৰোহণ
\p
\v 1 হে থিয়ফিল, মই প্রথম প্রৱন্ধত আৰম্ভণীৰে পৰা যীচুক স্বর্গলৈ নিয়া দিনলৈকে তেওঁ যি যি কর্ম কৰিলে আৰু উপদেশ দিলে, সেই সকলোবোৰৰ বিষয়ে লিখিলো।
\v 2 পাছত তেওঁক ওপৰলৈ তুলি নিয়া দিনলৈকে তেওঁ মনোনীত কৰা পাঁচনি সকলক পবিত্ৰ আত্মাৰ দ্বাৰাই নিৰ্দেশনা দিলে৷
\v 3 ক্রুচীয়‍ মৃত্যুৰ দুখভোগৰ পাছত তেওঁ পাঁচনি সকলৰ আগত সময়ে সময়ে দেখা দি নিজকে জীৱিত প্রমাণ কৰিলে। এইদৰে যীচুৱে চল্লিশ দিনলৈকে দৰ্শন দি ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিলে।
\s5
\v 4 এদিন পাঁচনি সকলৰ সৈতে সমবেত হোৱা সময়ত তেওঁ এই আজ্ঞা দিলে, “তোমালোকে যিৰূচালেম এৰি নাযাবা, কিন্তু মোৰ পৰা পিতৃৰ যি অঙ্গীকাৰ শুনিলা, সেই অঙ্গীকাৰলৈকে বাট চাই থাকা।
\v 5 যোহনে পানীতহে বাপ্তিস্ম দিলে, কিন্তু কিছুদিনৰ পাছত তোমালোকক পবিত্র আত্মাত বাপ্তিস্ম দিয়া হব।"
\s5
\v 6 পুনৰ গোট খোৱা সময়ত তেওঁলোকে যীচুক সুধিলে, “হে প্ৰভু, ইস্রায়েলক আপুনি এই কালতে পুনৰাই ৰাজ্য দিব নে?"
\v 7 তেতিয়া তেওঁলোকক তেওঁ ক’লে, "যি কাল আৰু সময় পিতৃয়ে নিজৰ অধিনত ৰাখিছে, সেই বিষয়ে তোমালোকে জানিবলৈ নোপোৱা।
\v 8 কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হবা৷ তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহূদিয়া, চমৰীয়া দেশত আৰু পৃথিবীৰ সীমালৈকে মোৰ সাক্ষী হবা।"
\s5
\v 9 এই কথা কোৱাৰ পাছত প্রভু যীচুক আকাশলৈ তুলি নিয়া হ’ল আৰু এচপৰা মেঘে তেওঁক ঢাকি ধৰিলে। তাতে তেওঁলোকে ওপৰলৈ ৰ' লাগি চাই থাকিল, কিন্তু পুনৰবাৰ প্রভু যীচুক দেখা নাপালে ।
\v 10 এইদৰে আকাশলৈ একেথৰে চাই থাকোতে, হঠাৎ বগা বস্ত্ৰ পৰিধান কৰা দুজন লোক তেওঁলোকৰ ওচৰত থিয় হ’ল আৰু তেওঁলোকক কলে,
\v 11 "হে গালীল দেশৰ লোক সকল, তোমালোকে কিয় আকাশলৈ ৰ' লাগি চাই ৰৈছা ? এইজন যীচুক তোমালোকৰ কাষৰ পৰা স্বৰ্গলৈ নিয়া হল। তোমালোকে তেওঁক যেনেকৈ স্বৰ্গলৈ যোৱা দেখিলা, সেইৰূপে তেওঁ আকৌ আহিব।"
\s5
\v 12 তাৰ পাছত পাঁচনি সকল জৈতুন নামৰ পাহাৰৰ পৰা যিৰূচালেমলৈ উভতি আহিল৷ এই পাহাৰ যিৰূচালেমৰ পৰা বিশ্ৰাম দিনলৈ
\f +
\fr 1.12
\fq বিশ্ৰাম দিন
\ft ফৰিচীসকলৰ বিধান। সেইদিনা তেওঁলোকে কোনো কাম নকৰে।
\f* যোৱা বাটৰ সমান দূৰৈত অৱস্থিত
\v 13 যেতিয়া তেওঁলোকে যিৰূচালেম নগৰ গৈ পালে, তাত তেওঁলোকে পিতৰ,যোহন, যাকোব, আন্দ্রিয়, ফিলিপ, থোমা, বাৰ্থলময়, মথি, আলফয়ৰ পুতেক যাকোব, উদ্যোগী চিমোন আৰু যাকোবৰ পুতেক যিহূদা থকা ঘৰৰ ওপৰৰ কোঠালিলৈ গল।
\v 14 তাতে তেওঁলোকে কেইগৰাকী মান মহিলা, যীচুৰ মাক মৰিয়ম আৰু তেওঁৰ ভায়েক সকলৰ সৈতে সকলোৱে এক মনেৰে প্রার্থনাত লাগি থাকিল।
\s যিহূদাৰ পদত মত্তথিয়ক নিযুক্ত কৰা
\p
\s5
\v 15 সেই সময়ছোৱাত প্রায় এশ বিশ জন শিষ্য গোট খোৱাত, পিতৰে উঠি ক’লে,
\v 16 "হে ভাই সকল, শাস্ত্রীয় বচন সিদ্ধ হ’বলৈ যীচুক বন্দী কৰাৰ প্ৰয়োজন আছিল; কিয়নো যীচুক বন্দী কৰা সকলক যিহুদাই বাট দেখুউৱাৰ বিষয়ে পবিত্ৰ আত্মাই দায়ুদৰ মুখেৰে পূৰ্বতে প্রকাশ কৰিছিল।
\s5
\v 17 তেওঁ আমাৰ মাজৰেই এজন আছিল আৰু এই পৰিচর্যা কার্যৰ ভাগো পাইছিল।
\v 18 দুষ্কর্ম্ম কৰি পোৱা ধনেৰে তেওঁ এডোখৰ মাটি কিনিলে আৰু তাতে তলমূৰকৈ পৰি যিহূদাৰ পেট ফাটি নাড়ী ভুঁৰু সকলো ওলাল।
\v 19 এই কথা যিৰূচালেমত নিবাস কৰা আটাই মানুহৰ মাজত বিয়পি পৰিল আৰু সেয়েহে তেওঁলোকৰ ভাষাত সেই মাটিৰ নাম হকলদামা, অৰ্থাৎ তেজৰ মাটি হ’ল।"
\s5
\v 20 পিতৰে পুনৰ ক’লে, "কিয়নো গীতমালা পুথিত লিখা আছে,
\p তেওঁৰ থকা ঠাই নিৰ্জন হওক,
\q1 তাত কোনো মানুহ নাথাকক;
\q1 (গীতমালা ৬৯:২৫)
\p আৰু আনে তেওঁৰ অধ্যক্ষ পদ পাওঁক।
\q1 (গীতমালা ১০৯:৮)
\p
\s5
\v 21 গতিকে, প্রভু যীচুক যোহনে বাপ্তিস্ম দিয়া দিনৰে পৰা স্বৰ্গলৈ নিয়া দিনলৈকে যিসকল লোকে আমাৰ মাজত চলা-ফুৰা কৰিছিল,
\v 22 সেই লোক সকলৰ মাজৰ এজন নিশ্চয়কৈ আমাৰ সৈতে তেওঁৰ পুনৰুত্থানৰ সাক্ষী হোৱাৰ প্রয়োজন আছে।"
\v 23 তেতিয়া লোক সকলে যোচেফ, যি জনক বার্চব্বা অথবা যুষ্ট নামেৰেও জনা যায় আৰু মত্তথিয়; এই দুয়োজনকে আগলৈ আনিলে।
\s5
\v 24 পাছত তেওঁলোকে প্রার্থনা কৰি ক’লে, "হে প্রভু, তুমি অন্তর্যামী, সকলোৰে অন্তৰ জানা৷ যিহুদাই পাপ কৰি নিজৰ যাবলগীয়া ঠাইলৈ যোৱাত,
\v 25 সেই ঠাইত এই দুয়ো জনৰ মাজৰ কোন জনক তুমি এই পৰিচর্যা আৰু পাঁচনি পদ পাবলৈ মনোনীত কৰিছা, সেয়া প্রকাশ কৰা।"
\v 26 পাছত তেওঁলোকে দুয়ো জনৰ কাৰণে চিঠি খেলোতে মত্তথিয়ৰ নাম উঠিল আৰু তেওঁ এঘাৰ জন পাঁচনিৰ লগত গণিত হ’ল।
\s5
\c 2
\cl ২ অধ্যায়।
\s পঞ্চাশ-দিনীয়া পৰ্বৰ দিনা পবিত্ৰ আত্মা নমা
\p
\v 1 পঞ্চাশ-দিনীয়া পৰ্ব্বৰ দিনা যীচুৱে মনোনীত কৰা পাঁচনিসকল এঠাইত একেলগে গোট খাই আছিল।
\v 2 সেই সময়ত অতিশয় বেগেৰে ধুমুহা বতাহ বলা'ৰ নিচিনা এটা শব্দ স্বৰ্গৰ পৰা অকস্মাতে আহি যি ঘৰত পাঁচনিসকল বহি আছিল, সেই গোটেই ঘৰটো জুৰিলে।
\v 3 তেতিয়া তেওঁলোকৰ আগত জিভাৰ সদৃশ জুই ওলাই প্ৰতি জনৰ ওপৰত ৰৈ থাকিল।
\v 4 সেই সময়ত তেওঁলোক সকলোৱে পবিত্ৰ আত্মাৰে পূৰ হৈ, আত্মাই নিৰ্দেশ দিয়াৰ দৰে আন আন ভাষাৰে কথা কবলৈ ধৰিলে।
\p
\s5
\v 5 সেই সময়ত যিৰূচালেমত বাস কৰা ইহুদী সকল আৰু আকাশৰ তলত থকা সকলো দেশৰ পৰা অহা ধৰ্মীয় ভক্তসকল সেই ঠাইত আছিল।
\v 6 যেতিয়া স্বৰ্গৰ পৰা অহা সেই শব্দ তেওঁলোকে শুনিবলৈ পালে, তেতিয়া তেওঁলোক একগোট হ’ল আৰু প্ৰতি জনে তেওঁলোকৰ নিজ ভাষাৰে পাঁচনিসকলক কথা কোৱা শুনি কিংকৰ্তব্যবিমূঢ় হ'ল;
\v 7 তাতে তেওঁলোকে বিস্ময় মানিলে আৰু আচৰিত হৈ নিজৰ মাজতে ভুৰভুৰালে আৰু কলে, "যি সকলে এই কথা কৈছে, তেওঁলোক গালীলৰ মানুহ নহয় নে?
\s5
\v 8 যদি সেয়ে সত্য হয়, তেনেহলে আমি প্ৰতিজনে নিজ নিজ মাতৃ-ভাষাত কেনেকৈ শুনিবলৈ পাইছো?"
\v 9 পাৰ্থিয়া, মাদিয়া, এলাম, মেচুপতেমিয়া, যিহুদা, কাপদকিয়া, পন্ত, এচিয়া,
\v 10 ফিৰুগিয়া, পামফুলিয়া, মিচৰ, এই সকলো দেশৰ মানুহ আৰু কুৰীণীৰ ওচৰৰ লুবিয়াৰ সীমাত থকা সকল, ৰোম নগৰৰ পৰা অহা ইহুদী সকল আৰু ইহুদী ধৰ্ম লোৱা বিদেশী লোকসকল,
\v 11 ক্ৰীত আৰু আৰব দেশৰ মানুহবোৰে নিজ নিজ মাতৃ-ভাষাত ঈশ্বৰৰ মহৎ কাৰ্যৰ কথা কৈ থকা শুনিবলৈ পোৱাত
\s5
\v 12 তেওঁলোকে বিস্ময় মানি সংশয় মনেৰে কোৱাকুই কৰি কলে "এই সকলোবোৰৰ অৰ্থ কি?"
\v 13 কিন্তু কিছু সংখ্যক লোকে কলে, "এইবোৰ মানুহ ন দ্ৰাক্ষাৰসেৰে মতলীয়া হৈছে।"
\s পিতৰৰ বক্তৃতা
\p
\s5
\v 14 তেতিয়া পিতৰে এঘাৰ জন পাঁচনিৰে সৈতে থিয় হৈ বৰ মাতেৰে কলে, “হে ইহুদী লোক সকল, হে আটাই যিৰূচালেম নিবাসীসকল, এই কথা আপনালোকৰ জ্ঞাত হওঁক আৰু মোৰ কথালৈ কাণ দিয়ক।
\v 15 আপোনালোকে যেনেকৈ ভাবিছে, তেনেকৈ এওঁলোক মতলীয়া নহয়, কাৰণ এতিয়া পুৱাৰ ন মানহে বাজিছে৷
\s5
\v 16 কিয়নো এই সকলো কথা যোৱেল ভাববাদীৰ যোগে কোৱা হৈছিলঃ
\q1
\v 17 "ঈশ্বৰে কৈছে, শেষৰ দিনা সকলো মানুহৰ ওপৰত মোৰ আত্মা বাকি দিম,
\q1 তাতে তোমালোকৰ সতি-সন্ততি সকলে ভবিষ্যত বাণী প্ৰচাৰ কৰিব,
\q1 তোমালোকৰ যুৱক সকলে দৰ্শন পাব, তোমালোকৰ বৃদ্ধ লোকসকলে সপোন দেখিব।
\q1
\s5
\v 18 আৰু সেই কালত মই তোমালোকৰ দাস-দাসীসকলৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তেওঁলোকে ভবিষ্যত বাণী প্ৰচাৰ কৰিব
\q1
\v 19 আৰু মই আকাশত অদ্ভুত লক্ষণ আৰু পৃথিবীতো নানা চিন যেনে, তেজ, জুই আৰু ধোঁৱা স্বৰূপ মেঘ দেখুৱাম৷
\q1
\s5
\v 20 প্ৰভুৰ সেই মহৎ আৰু প্ৰসিদ্ধ দিন অহাৰ পুৰ্বেই, সূৰ্য আন্ধাৰ আৰু চন্দ্ৰ তেজৰ দৰে হ'ব।
\q1
\v 21 কিন্তু যি কোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে, সি পৰিত্ৰাণ পাব।"
\p
\s5
\v 22 হে ইস্ৰায়েলী লোকসকল, এই কথাবোৰ শুনক; নাচৰতীয়া যীচু আপোনালোকলৈ ঈশ্বৰৰ মনোনীত জন যে হয়, এই বিষয়ে আপোনালোকে জানি আছে। ঈশ্বৰে যে তেওঁৰ দ্বাৰাই আচৰিত আৰু অদ্ভুত কৰ্ম আৰু চিন অাপোনালোকৰ আগত দেখুৱালে, সেয়াও আপোনালোকে জানে৷
\v 23 কাৰণ ঈশ্বৰৰ দ্বাৰা তেওঁ নিৰ্ণীত আৰু পূৰ্ব্ব-জ্ঞানেৰে তেওঁক তোলা হ'ল, কিন্তু আপোনালোকে তেওঁক দুষ্টৰ হাতৰ দ্বাৰাই ক্ৰুচত তুলি বধ কৰিলে।
\v 24 কিন্তু ঈশ্বৰে তেওঁক মৃত্যুৰ যাতনাৰ পৰা মুক্ত কৰি জীয়ালে, কিয়নো তেওঁ মৃত্যুৰ বন্ধনত থকা অসাধ্য।
\p
\s5
\v 25 তেওঁৰ বিষয়ে দায়ুদে কৈছিল, বোলে,
\q1 "মই সদায় প্ৰভুক মোৰ সন্মুখত দেখিলোঁ;
\q1 মই লৰচৰ নহবলৈ তেওঁ মোৰ সোঁ ফালে থাকে;
\p
\v 26 এই হেতুকে মোৰ মন আনন্দিত হৈছে, মোৰ জিভাই উল্লাস কৰিছে
\q1 আৰু মোৰ শৰীৰেও ভাৰষাৰে বাস কৰিব;
\q1
\s5
\v 27 কিয়নো তুমি পৰলোকত মোৰ আত্মাক নেৰিবা
\q1 আৰু তোমাৰ পবিত্ৰজনাক ক্ষয় পাবলৈ নিদিবা৷
\p
\v 28 তুমি মোক জীৱনৰ পথ দেখুৱাবা আৰু তোমাৰ সন্মুখত যি আনন্দ, তাৰে মোক পূৰ কৰিবা।"
\p
\s5
\v 29 হে ভাই সকল, পিতৃকুলপতি দায়ুদৰ কথা আপোনালোকৰ আগত স্পষ্টকৈ কব পাৰোঁ যে, তেওঁ মৰিল আৰু তেওঁক মৈদামত থোৱা হ'ল, তেওঁৰ সেই মৈদাম আজিলৈকে আমাৰ মাজত আছে৷
\v 30 কিন্তু নিজে এজন ভাববাদী হৈ তেওঁৰ বংশৰ পৰা এজনক তেওঁৰ সিংহাসনত বহুৱাবলৈ, ঈশ্বৰে শপত খাই যি অঙ্গীকাৰ কৰিছিল,
\v 31 সেই অঙ্গীকাৰৰ বিষয়ে জানিবলৈ পোৱাত, ভবিষ্যতৰ ঘটনালৈ চাই খ্ৰীষ্টৰেই পুনৰুত্থানৰ বিষয়ে কলে যে-
\p "তেওঁক পৰলোকত ত্যাগ কৰা নহ'ল আৰু তেওঁৰ শৰীৰো ক্ষয় নাপালে৷"
\p
\s5
\v 32 সেই যীচুকে ঈশ্বৰে পুনৰায় মৈদামৰ পৰা জীৱিত কৰিলে, সেই ঘটনাৰ সাক্ষী আমি আছো৷
\v 33 এতেকে উত্তোলিত হৈ ঈশ্বৰৰ সোঁহাতে ওখ পদ পাই আৰু পবিত্ৰ-আত্মাৰ বিষয়ে পিতৃৰ পৰা প্ৰতিজ্ঞা পাই আপোনালোকে যি দেখিছে আৰু শুনি আছে, এইবোৰ তেওঁ বাকি দিলে৷
\p
\s5
\v 34 কিয়নো দায়ুদ হলে স্বর্গলৈ উঠা নাই, কিন্তু তেওঁ নিজেই এই কথা কলে,
\q1 "প্ৰভুৱে মোৰ প্ৰভুক কলে, মোৰ সোঁ ফালে বহি থাকা,
\p
\v 35 যেতিয়ালৈকে মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰিৰ পীৰা নকৰোঁ।"
\p
\v 36 এই কাৰণে ইস্ৰায়েলৰ সকলো মানুহে ইয়াক নিশ্চয়কৈ জনা উচিত যে, যি জনক অৰ্থাৎ যি জন যীচুক আপোনালোকে ক্ৰুচত দিলে, ঈশ্বৰে হলে তেওঁক প্ৰভু আৰু খ্ৰীষ্ট পাতিলে।
\s তিনি হাজাৰ লোক মণ্ডলীভুক্ত হোৱা
\p
\s5
\v 37 এই কথা শুনি তেওঁলোকৰ হৃদয় বিন্ধাত, পিতৰ আৰু আন পাঁচনিসকলক তেওঁলোকে কলে, "হে ভাই সকল, আমি এতিয়া কি কৰিম?"
\v 38 তেতিয়া পিতৰে তেওঁলোকক কলে, "আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওঁক আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ অাত্মা পাব৷
\v 39 কিয়নো আপোনালোক আৰু আপোনালোকৰ সন্তানসকললৈ আৰু দূৰৈত থকা লোকসকলৰ কাৰণেও এই অঙ্গীকাৰ আছে যে, আমাৰ প্ৰভু পৰমেশ্বৰে সকলোকে নিমন্ত্ৰণ কৰিব।
\p
\s5
\v 40 ইয়াৰ উপৰিও তেওঁ ভালেমান কথাৰে সাক্ষ্য দি তেওঁলোকক উদগণি দিলে আৰু কলে, "এই কুটিল লোকৰ পৰা নিজকে ৰক্ষা কৰক।"
\v 41 তেতিয়া তেওঁলোকে তেওঁৰ কথা গ্ৰহণ কৰি বাপ্তিস্ম ললে আৰু সেই দিনাই প্ৰায় তিনি হাজাৰ লোকক তেওঁলোকৰ লগত লগ লগোৱা হ'ল৷
\v 42 পাছত তেওঁলোকে পাঁচনিসকলৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল।
\p
\s5
\v 43 তাতে পাঁচনিসকলৰ দ্বাৰাই অনেক অদ্ভুত লক্ষণ আৰু চিন যেতিয়া দেখুওঁৱা হ‘ল, তেতিয়া সকলো লোকৰ ভয় লাগিল
\v 44 আৰু বিশ্বাস কৰা সকলোৱে একলগ হৈ সকলো সম্পত্তি উমৈহতীয়াকৈ ভাগ কৰিলে।
\v 45 আৰু তেওঁলোকৰ স্হাৱৰ আৰু অস্হাৱৰ সম্পত্তি বেচি যাৰ যি প্ৰয়োজন, সেইদৰে সকলোকে ভগাই দিলে।
\p
\s5
\v 46 তাৰ পাছত সকলোৱে এক উদ্দেশ্যেত সদায় মন্দিৰলৈ গৈ থাকিল আৰু ঘৰে ঘৰে পিঠা ভাঙি ঈশ্বৰৰ স্তুতি কৰি, সকলোৱে আনন্দেৰে খোৱা-বোৱা কৰিলে
\v 47 আৰু ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰৰ পাত্ৰ হ'ল৷ প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱা লোকসকলক তেওঁলোকৰ লগত লগ লগাই দিলে।
\s5
\c 3
\cl ৩ অধ্যায়
\s পিতৰে এজন খোৰাক সুস্থ কৰা আৰু তাৰ ফল
\p
\v 1 এদিন প্রার্থনাৰ সময়ত, অৰ্থাৎ আবেলি প্ৰায় তিনি মান বজাত পিতৰ আৰু যোহন যিৰূচালেম মন্দিৰলৈ গৈ আছিল।
\v 2 তেনে সময়ত সেই মন্দিৰলৈ অহা লোক সকলৰ ওচৰত ভিক্ষা মাগিবলৈ সেই মন্দিৰৰ সুন্দৰ নামৰ দুৱাৰ-মুখত যি জনক সদায় থোৱা হৈছিল, তেনে ওপজাৰে পৰা খোৰা মানুহ এজনক কিছুলোকে কঢ়িয়াই আনিলে।
\v 3 তেওঁ পিতৰ আৰু যোহনক সেই মন্দিৰত সোমাবলৈ ধৰা দেখি, ভিক্ষা পাবলৈ বিনয় কৰিলে।
\s5
\v 4 তেতিয়া পিতৰ আৰু যোহনে তেওঁলৈ একেথৰে চাই কলে, “আমালৈ চোৱা”।
\v 5 তেতিয়া তেওঁ কিছু পোৱাৰ আশাত তেওঁলোকলৈ চাই থাকিল।
\v 6 তেতিয়া পিতৰে কলে, “মোৰ লগত ৰূপ সোণ একো নাই, কিন্তু যি আছে তাকে তোমাক দিওঁ; নাচৰতীয়া যীচু খ্ৰীষ্টৰ নামেৰে উঠি ফুৰা”।
\s5
\v 7 তাকে কৈ তেওঁ তাৰ সোঁ হাতত ধৰি তুলি দিয়াত ভৰি আৰু গাঁঠিয়ে বল পালে।
\v 8 তাতে সেই মগনীয়াই লাফ মাৰি থিয় হৈ খোজকাঢ়ি ফুৰিলে আৰু ডেও দি দি ঈশ্বৰক স্তুতি কৰি তেওঁলোকৰ সৈতে মন্দিৰত সোমাল।
\s5
\v 9 তাতে সকলো লোকে তেওঁক খোজকঢ়া আৰু ঈশ্বৰক স্তুতি কৰা দেখিলে।
\v 10 পাছত তেওঁলোকে তেওঁক ধৰ্মধামৰ সুন্দৰ দুৱাৰত বহি ভিক্ষা খোজা মানুহ জন বুলি জানিবলৈ পোৱাত, তেওঁলৈ যি ঘটিল, সেই বিষয়ে বৰ আচৰিত হ’ল আৰু বিস্ময় মানিলে।
\m
\s5
\v 11 সেই সুস্থ হোৱা খোৰা জনে পিতৰ আৰু যোহনক ধৰি থকা দেখি সকলো লোকে বিস্ময় মানিলে আৰু তেওঁলোকৰ ওচৰলৈ বেগাই আহিল; তাতে তেওঁলোক থকা সেই ঠাই চলোমনৰ বাৰাণ্ডা বুলি জনাজাত আছিল।
\v 12 ইয়াকে দেখি পিতৰে লোক সকলক কলে- “হে ইস্ৰায়েলীয়া লোক সকল, আপোনালোকে কিয় ইয়াত এই কাৰ্য দেখি বিস্ময় মানিছে? আমি আমাৰ শক্তিৰে বা ভক্তিৰে এই মানুহ জনক খোজ কঢ়ালোঁ বুলি ভাবি আমাৰ ফালে কিয় একেথৰে চাই আছে?
\s5
\v 13 যি জন যীচুক আপোনালোকে শত্ৰুৰ হাতত সোধাই দিলে আৰু পীলাতে এৰি দিবলৈ কোৱাৰ পাছতো তেওঁক এৰি দিবলৈ অস্বীকাৰ কৰিলে; অব্ৰাহাম, ইচহাক, যাকোবৰ ঈশ্বৰ, অৰ্থাৎ আমাৰ পূর্ব-পুৰুষ সকলৰ ঈশ্বৰে নিজৰ সেৱক সেই যীচু খ্ৰীষ্টক মহিমাম্বিত কৰিলে।
\v 14 কিন্তু সেই পবিত্ৰ আৰু ধাৰ্মিক জনক অস্বীকাৰ কৰি, নৰ-বধী এটাকহে মোকলাই দিবৰ বাবে আপোনালোকে নিবেদন কৰিলে
\s5
\v 15 আৰু জীৱনদাতা জনক আপোনালোকে বধ কৰিলে; কিন্তু ঈশ্বৰে মৃত লোকৰ মাজৰ পৰা তেওঁক তুলিলে, তাৰ সাক্ষী আমি আছো
\v 16 আৰু তেওঁৰ নামত বিশ্বাস কৰাৰ কাৰণে, এই যি মানুহ জনক আপোনালোকে চিনি পাইছে, এওঁক তেওঁৰ নামেই বলৱান কৰিলে আৰু তেওঁ জন্মোৱা বিশ্বাসে আপোনালোকৰ সন্মূখত এওঁক সম্পূৰ্ণ সুস্থ কৰি খোজ কঢ়ালে।
\p
\s5
\v 17 হে ভাই সকল মই জানিছোঁ, আপোনালোকৰ শাসনকৰ্তা সকলে আৰু আপোনালোকে নুবুজিয়ে সেই কৰ্ম কৰিলে।
\v 18 কিন্তু ঈশ্বৰে পূৰ্বতে ভাববাদী সকলৰ মূখেৰে খ্রীষ্টৰ দূখভোগৰ বিষয়ত যি কথা কোৱাইছিল, সেই বিষয়কে তেওঁ এই ৰূপে সিদ্ধ কৰিলে।
\s5
\v 19 এই কাৰণে মনপালটাই ঘূৰি আহক যাতে, আপোনালোকৰ পাপ মোচন হয় আৰু প্রভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল যেন আহে;
\v 20 আৰু আপোনালোকৰ কাৰণে নিৰূপিত খ্রীষ্টক অৰ্থাৎ যীচুক যেন তেওঁ পঠাই দিয়ে।
\s5
\v 21 ঈশ্বৰে পবিত্ৰ ভাববাদী সকলৰ দ্বাৰা যি যি সময়ৰ কথা পূৰ্বতে কৈছিল, সকলো বিষয়ৰ পুনঃস্থাপনৰ সেই সময়লৈকে স্বৰ্গই এই যীচু খ্রীষ্টক গ্রহণ কৰাৰ আৱশ্যক আছে।
\v 22 মোচিয়ে কৈছিল , “প্রভু পৰমেশ্বৰে আপোনালোকৰ ভাই সকলৰ মাজৰ পৰা মোৰ নিচিনা এজন ভাববাদী উৎপন্ন কৰিব আৰু তেওঁ আপোনালোকক যি কথা কব, সেই সকলো কথা আপোনালোকে শুনিব
\v 23 কিন্তু সেই ভাববাদীৰ কথা যি কোনো প্ৰাণীয়ে নুশুনে, তেওঁক নিজৰ লোকৰ মাজৰ পৰা উচ্ছন্ন কৰা হব”।
\s5
\v 24 ইয়াৰ উপৰিও চমূৱেল আদি কৰি যিমানবোৰ ভাববাদীয়ে কথা কলে, সকলোৱে এই সময়ৰ বিষয়েই কৈ গ’ল।
\v 25 আপোনালোক সেই ভাববাদী সকলৰ সন্তান আৰু আপোনালোকৰ পূর্ব-পুৰুষ সকলৰ সৈতে ঈশ্বৰে কৰা সেই প্রতিজ্ঞাৰ উত্তৰাধিকাৰী; তেওঁ অব্রাহামক কৈছিল “তোমাৰ বংশত পৃথিৱীৰ সকলো জাতিয়ে আশীৰ্ব্বাদ পাব।"
\v 26 7আপোনালোকৰ প্রতিজনক নিজ দুষ্টতাৰ পৰা ঘূৰাই আশীর্ব্বাদ দিবলৈ ঈশ্বৰে তেওঁৰ পুত্ৰ যীচুক প্রথমতে আপোনালোকৰ ওচৰলৈ পঠালে।
\s5
\c 4
\cl অধ্যায়।
\s ইহুদী মহাসভাত পিতৰ আৰু যোহন
\p
\v 1 পিতৰ আৰু যোহনে লোকসমূহৰ মাজত কথা কৈ থাকোতে মন্দিৰৰ পুৰোহিত, সেনাপতি আৰু চদ্দূকী সকলে তেওঁলোকৰ ওচৰত আহি উপস্থিত হল৷
\v 2 পিতৰ আৰু যোহনে লোকসকলক যীচুৰ বিষয়ে শিক্ষা দিয়াত আৰু মৃতলোকৰ মাজৰ পৰা যীচুৰ পুনৰুত্থান হোৱা বিষয়তো ঘোষণা কৰি থকাত তেওঁলোক অতি বিৰক্ত হ'ল।
\v 3 তেওঁঁলোকে পিতৰ আৰু যোহনক ধৰিলে আৰু তেতিয়া সন্ধিয়া সময় হোৱা বাবে, পাছদিনা পুৱা নোহোৱালৈকে কাৰাগাৰত বন্দী কৰি থলে।
\v 4 কিন্তু যিসকলে শিক্ষা শুনিছিল, তেওঁলোকৰ মাজৰ বহুত মানুহে বিশ্বাস কৰিলে; সেই বিশ্বাসীসকলৰ সংখ্যা হিচাপ কৰোতে প্ৰায় পাঁচ হাজাৰ পোৱা গ’ল।
\p
\s5
\v 5 পাছদিনা ইহুদী সকলৰ প্ৰধান নেতা , জেষ্ঠ লোক আৰু বিধানৰ শিক্ষকসকল একেলগে যিৰূচালেমত মিলিত হ‘ল।
\v 6 তাতে মহাপুৰোহিত হানন উপস্থিত আছিল। তেওঁৰ বাহিৰেও কায়ফা, যোহন, আলেকজেন্দাৰ আৰু মহাপুৰোহিতৰ পৰিয়ালৰ বহুত লোক উপস্থিত আছিল।
\v 7 তেওঁলোকে পিতৰ আৰু যোহনক মাজত থিয় কৰাই সুধিলে- "তোমালোকে কি শক্তিৰে বা কি নামেৰে এই কাৰ্য কৰিছা?"
\s5
\v 8 তেতিয়া পিতৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ তেওঁলোকক কলে- "হে লোকসমূহৰ শাসনকৰ্তা আৰু জেষ্ঠ লোকসকল,
\v 9 আজি এজন অসুস্থ মানুহলৈ কৰা উপকাৰ দেখি, তেওঁ কি উপায়েৰে সুস্থ হ’ল সেই বিষয় জানিবৰ বাবে আপোনালোকে আমাক এই বিষয়ে বিচাৰ কৰি প্রশ্ন সুধিছে নেকি?
\v 10 সেয়াই যদি হয়, আপোনালোক আৰু ইস্রায়েলৰ আটাইলোকে ইয়াকে জানক যে, যি যীচু খ্ৰীষ্টক আপোনালোকে ক্রুচত দিছিল আৰু তেওঁক ঈশ্বৰে মৈদামৰ পৰা তুলিলে আৰু সেই নাচৰতীয়া যীচুৰ নামেৰে এই ব্যক্তিজন সুস্থ হৈ ইয়াত আপোনালোকৰ আগত থিয় হৈ আছে।
\s5
\v 11 যি শিলক আপোনালোকৰদৰে ঘৰ সাজোতাই অৱহেলা কৰিলে, সেই যীচু খ্রীষ্টই হৈছে সেই শিল৷ সেই শিলক চুকৰ প্ৰধান শিল কৰা হ’ল।
\v 12 তেওঁৰ বাহিৰে আন কতো পৰিত্ৰাণ নাই, কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম, এনে আন কোনো নাম নাই"।
\s5
\v 13 পিতৰ আৰু যোহনৰ সাহস দেখি আৰু তেওঁলোক লিখা-পঢ়া নজনা লোক বুলি জানিবলৈ পোৱাত, তেওঁলোকে বিস্ময় মানিলে৷ তেওঁলোকে জনিলে যে, পিতৰ আৰু যোহন যীচুৰ লগত আছিল।
\v 14 সেই সুস্থ হোৱা লোকজন তেওঁলোকৰ মাজত থিয় হৈ থকা দেখি, ইহুদী নেতা সকলে পিতৰ আৰু যোহনৰ বিৰুদ্ধে একো কব নোৱাৰিলে।
\p
\s5
\v 15 তেওঁলোকে পাঁচনিসকলক সভা কক্ষৰ পৰা ওলাই যাবলৈ আজ্ঞা দিলে আৰু নিজৰ মাজতে আলোচনা কৰি ক’লে-
\v 16 “এই লোকসকলক লৈ কি কৰা যায়? এওঁলোকে যে এক আচৰিত কাম কৰিলে যিৰূচালেমত থকা সকলোৱে জানিছে আৰু আমিও তাক অস্বীকাৰ কৰিব নোৱাৰোঁ।
\v 17 কিন্তু মানুহৰ মাজত যেন এই কথা বিয়পি নাযায়, সেই কাৰণে এওঁলোকক এই নামেৰে আনলোকৰ আগত কোনো কথা নকবলৈ আমি সাৱধান কৰি দিওঁহক”।
\v 18 তেতিয়া তেওঁলোকে পিতৰ আৰু যোহনক মাতি আনি, যীচুৰ নামেৰে কোনো কথা নকবলৈ আৰু উপদেশ নিদিবলৈ আজ্ঞা দিলে।
\s5
\v 19 কিন্তু পিতৰ আৰু যোহনে উত্তৰত তেওঁলোকক ক’লে- “আপোনালোকেই বিচাৰ কৰি কওঁক 'ঈশ্বৰৰ আজ্ঞা অমান্য কৰা বা আপোনালোকৰ আজ্ঞা পালন কৰা' ইয়াৰ ভিতৰত কোনটো বিষয় আমি পালন কৰা উচিত হব ?
\v 20 কিয়নো আমি যিবোৰ দেখিলোঁ আৰু শুনিলো, সেই বিষয়বোৰ নোকোৱাকৈ থাকিব নোৱাৰোঁ”।
\p
\s5
\v 21 পাছত পুনৰবাৰ সতৰ্ক কৰি পিতৰ আৰু যোহনক যাবলৈ এৰি দিলে। কিয়নো তেওঁলোকে পিতৰ আৰু যোহনক শাস্তি দিবলৈ একো উপায় নাপালে, ইয়াৰ উপৰিও তেওঁলোকে কৰা কার্যবোৰ দেখি লোকসমূহে ঈশ্বৰৰ স্তুতি কৰি আছিল৷
\v 22 আৰু যি জন লোক সুস্থ হৈছিল, সেই মানু্হজনৰ বয়স চল্লিশ বছৰৰ বেচি আছিল।
\p
\s5
\v 23 পিতৰ আৰু যোহনক এৰি দিয়াৰ পাছত, তেওঁলোক সঙ্গীসকলৰ ওচৰলৈ গ’ল আৰু প্ৰধান পুৰোহিত, জেষ্ঠ লোকসকলে যি যি কৈছিল, সেই সকলোবোৰ কথা তেওঁলোকক জনালে।
\v 24 এইবোৰ কথা শুনি সকলোৱে একেলগে উচ্চস্বৰে ঈশ্বৰৰ উদ্দেশ্যে প্রার্থনা কৰিলে, “প্ৰভু, আকাশমণ্ডল, পৃথিবী, সাগৰ আৰু এই সকলোৰে মাজত যি যি আছে, সকলোৰে সৃষ্টিকর্তা তুমিয়েই।
\v 25 তুমি তোমাৰ দাস, আমাৰ পিতৃপুৰুষ দায়ুদৰ মুখেৰে পবিত্র আত্মাৰ দ্বাৰা এই কথা কৈছিলা,
\q জাতিবোৰ কিয় ক্রুদ্ধ হ’ল ?
\q লোকসমুহে কিয় অসাৰ চিন্তা কৰে?
\q
\s5
\v 26 ঈশ্বৰ আৰু তেওঁৰ অভিষিক্ত জনৰ বিৰুদ্ধে
\q জগতৰ ৰজাসকল একেলগে উঠিছে,
\q শাসনকর্তাসকল একগোট হৈছে। (গীতমালা ২:১-২ পদ)
\p
\s5
\v 27 হয়, এই নগৰতে তুমি অভিষিক্ত কৰা তোমাৰ পবিত্র দাস যীচুৰ বিৰুদ্ধে হেৰোদ আৰু পন্তীয় পীলাত; অনা-ইহুদী আৰু ইস্ৰায়েলী সকলৰ সৈতে একেলগ হৈছিল।
\v 28 তোমাৰ হাতেৰে আৰু তোমাৰ ইচ্ছাত যি ঘটিব বুলি তুমি পূর্বতে ঠিক কৰিছিলা, সেই কার্য সিদ্ধ হ’বলৈকে তেওঁলোক একত্ৰিত হ’ল।।
\s5
\v 29 হে প্ৰভু, এতিয়া তেওঁলোকৰ এই ভীতি প্ৰদৰ্শন শুনা ! তোমাৰ সেৱক সকলক তোমাৰ বাক্য অতি সাহসেৰে কবলৈ অনুগ্রহ দান কৰা।
\v 30 তোমাৰ পবিত্ৰ দাস যীচুৰ নামেৰে সুস্থ কৰিবলৈ, আচৰিত কার্য আৰু চিন দেখুৱাবলৈ তুমি তোমাৰ হাত আগবঢ়াই দিয়া”।
\v 31 এনেদৰে প্ৰাৰ্থনা কৰাৰ পাছত, যি ঠাইত তেওঁলোক গোট খাই আছিল; সেই ঠাই কঁপিবলৈ ধৰিলে আৰু সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ’ল। তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ বাক্য সাহসেৰে কবলৈ ধৰিলে ।
\s বিশ্বাসীসকলৰ সহভাগিতা
\p
\s5
\v 32 বিশ্বাসীসকল মনে-প্ৰাণে এক হৈ আছিল। তেওঁলোকৰ কোনেও নিজৰ সম্পত্তিক নিজৰ বুলি দাবী নকৰিলে, বৰং তেওঁলোকে আটাই বস্তু উমৈহতীয়াকৈ ৰাখিলে।
\v 33 পাঁচনিসকলে মহাশক্তিৰে প্ৰভু যীচুৰ পুনৰুত্থানৰ সাক্ষ্য দিলে আৰু তেওঁলোক সকলোৱে মহা আশীর্ব্বাদ প্ৰাপ্ত হল।
\s5
\v 34 তেওঁলোকৰ মাজত কোনো এজনৰে একো অভাৱ নাছিল, কিয়নো যিসকলৰ ঘৰ-বাৰী বা মাটি আছিল, তেওঁলোকে সেইবোৰ বেচি সেই সম্পত্তিৰ মূল্য আনি পাঁচনিসকলৰ চৰণত থৈছিল।
\v 35 পাছত বিশ্বাসীসকলৰ যাৰ যেনেকৈ প্ৰয়োজন, তেনেকৈ পাঁচনিসকলে সকলোকে ভগাই দিয়ে।
\p
\s5
\v 36 যোচেফ নামৰ লেবী বংশৰ এজন মানুহ আছিল। তেওঁ কুপ্র দ্বীপৰ পৰা আহিছিল আৰু পাঁচনিসকলে তেওঁক বার্ণব্বা বুলি মাতিছিল। এই নামৰ অর্থ “উৎসাহদাতা”। ।
\v 37 যোচেফৰ এডোখৰ মাটি আছিল। তেওঁ সেই মাটি বেচি পোৱা ধন পাঁচনিসকলৰ চৰণত আনি থলে।
\s5
\c 5
\cl ৫ অধ্যায়।
\s অননিয় আৰু চাফীৰা
\p
\v 1 তেতিয়া অননিয় নামেৰে এজন লোক আৰু তেওঁৰ ভাৰ্যা চফীৰাই এডোখৰ মাটি বিক্রী কৰিলে৷
\v 2 অননিয়ই তেওঁৰ ভার্যাৰ জ্ঞাতসাৰেই সেই ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখি, এক অংশ আনি পাঁচনিসকলৰ চৰণত থলে।
\s5
\v 3 তেতিয়া পিতৰে তেওঁক কলে- “হে অননিয়, পবিত্র আত্মাৰ ওচৰত মিছা মাতিবলৈ চয়তানক তুমি কিয় তোমাৰ হৃদয়ত কার্য কৰিবলৈ দিলা? কিয় তুমি মাটি বেছা ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখিলা?
\v 4 সেই মাটি যেতিয়া বিক্রী হোৱা নাছিল, তেতিয়া সেই মাটি জানো তোমাৰেই নাছিল? এতিয়া বেচাৰ পাছতো তুমিয়েই সেই ধনৰ গৰাকী নাছিলানে? তেন্তে এনে কাম কৰিবলৈ তুমি তোমাৰ মনত কেনেকৈ ঠিৰাং কৰিলা? তুমি মানুহৰ আগত নহয় , ঈশ্বৰৰ আগতহে মিছা কথা ক’লা”।
\v 5 এই কথা শুনাৰ লগে লগে অননিয়ই মাটিত পৰি প্ৰাণ ত্যাগ কৰিলে। যিবোৰ মানুহে এই কথা শুনিলে, তেওঁলোকে বৰ ভয় খালে।।
\v 6 পাছত যুবকসকল আগবাঢ়ি আহি তেওঁক কাপোৰেৰে মেৰিয়াই বাহিৰলৈ নি মৈদাম দিলে।
\p
\s5
\v 7 প্রায় তিনি ঘন্টা মানৰ পাছত, অননিয়ৰ স্ত্রী চাফীৰা সেই ঠাইলৈ আহিল৷ কিন্তু কি ঘটিল, সেই বিষয়ে তেওঁ নাজানিলে।
\v 8 পিতৰে তেওঁক সুধিলে- “কোৱাছোন, তোমালোকে বাৰু এই মাটি ইমান টকাতে বেচিলা নে?" তেতিয়া তেওঁ কলে, “হয় ইমানতে বেচা হল।”
\s5
\v 9 তেতিয়া পিতৰে চাফিৰাক কলে, “প্ৰভুৰ আত্মাক পৰীক্ষা কৰিবলৈ তোমালোকে কেনেকৈ একমত হলা? চোৱা, যিসকলে তোমাৰ স্বামীক মৈদাম দিব গৈছিল; তেওঁলোক আহি দুৱাৰৰ ওচৰ পাইছেহি, তেওঁলোকে তোমাকো বাহিৰলৈ লৈ যাব"।
\v 10 তেতিয়াই পিতৰৰ চৰণত পৰি চফীৰাই প্ৰাণ ত্যাগ কৰিলে। যুবকসকলে ভিতৰলৈ আহি, চাফীৰাকো মৃত দেখিলে৷ তেতিয়া তেওঁকো বাহিৰলৈ নি তেওঁৰ স্বামীৰ কাষতে মৈদাম দিলে।
\v 11 মণ্ডলীৰ সকলো লোকে যেতিয়া এই কথা শুনিলে, তেওঁলোকে অতিশয় ভয় খালে।
\p
\s5
\v 12 পাছত পাঁচনিসকলৰ দ্বাৰাই মানু্হৰ মাজত অনেক চিন আৰু আচৰিত কার্য হবলৈ ধৰিলে। তেওঁলোক সকলোৱে চলোমনৰ বাৰাণ্ডাত গোট খাইছিল। তেওঁলোকৰ উদ্দেশ্যও একে আছিল ।
\v 13 যদিও সকলোৱে তেওঁলোকক সমাদৰ কৰিলে, তথাপিও আন লোকসকলে তেওঁলোকৰ মাজত সোমাবলৈ সাহস নকৰিলে।
\s5
\v 14 কিন্তু ইয়াৰ মাজৰে অনেক পুৰুষ আৰু মহিলাই বিশ্বাস কৰি প্রভুৰ বিশ্বাসত যোগ দিলে।
\v 15 ইয়াৰ উপৰিও লোকসকলে পিতৰ অহা-যোৱা কৰোতে তেওঁৰ ছাঁ যেন ৰোগীসকলৰ গাত পৰে, এই আশাৰে ৰোগীসকলক বিচনা আৰু খাটত তুলি বাটৰ কাষত থলেহি।
\v 16 যিৰূচালেমৰ ওচৰ-পাজৰৰ নগৰৰ পৰা বহু মানুহে ৰুগীয়া আৰু অশুচি আত্মাই ধৰা লোকসকলক লৈ আহিল আৰু তেওঁলোকক সুস্থ কৰা হ’ল।
\p
\s5
\v 17 কিন্তু মহা পুৰোহিত আৰু তেওঁৰ লগৰ অর্থাৎ চদ্দূকী দলৰ লোকসকল ঈর্ষাত জ্বলি উঠিল
\v 18 তেওঁলোকে পাঁচনিসকলক ধৰি আনি ৰাইজৰ কাৰাগাৰত বন্দী কৰি থলে।
\s5
\v 19 কিন্তু ৰাতি হলত প্ৰভুৰ এজন দূত আহি বন্দীশালৰ দুৱাৰ খুলি তেওঁলোকক বাহিৰলৈ যাব দি কলে,
\v 20 “যোৱা, তোমালোকে গৈ মন্দিৰত থিয় হৈ, অনন্ত জীৱনৰ সকলো কথা লোকসকলৰ আগত কোৱাগৈ”।
\v 21 আজ্ঞা অনুসাৰে তেওঁলোকে ৰাতি পুৱাতে মন্দিৰত সোমাই উপদেশ দিলে। আনফালে প্রধান পুৰোহিত আৰু তেওঁৰ সংগীসকলে আহি ইহুদী সকলৰ জেষ্ঠ লোকসকলৰ এক মহাসভা মাতিলে আৰু পাঁচনিসকলক বন্দীশালৰ পৰা আনিবলৈ মানুহ পঠালে।
\s5
\v 22 কিন্তু সেই লোকসকলে বন্দীশাললৈ গৈ তেওঁলোকক দেখা নাপালে আৰু উভতি আহি ক’লে,
\v 23 “আমি বন্দীশালৰ দু্ৱাৰ টানকৈ বান্ধি থোৱা দেখিলোঁ আৰু ৰখীয়াবোৰেও দুৱাৰত থিয় হৈ আছে; কিন্তু দুৱাৰ খুলি ভিতৰত তেওঁলোকক দেখা নাপালোঁ।"
\s5
\v 24 এই কথা শুনি মন্দিৰৰ সেনাধিপতি আৰু প্রধান পুৰোহিতসকলে ইয়াৰ পৰিণতি কি হব বুলি ভাবি হতবুদ্ধি হ’ল।
\v 25 তেনেতে কোনোবা এজনে আহি জনালে যে, "আপোনালোকে যিসকল মানু্হক বন্দীশালত থৈছিল, সেই মানুহবোৰে মন্দিৰত থিয় হৈ লোকসকলক উপদেশ দি আছে।"
\s5
\v 26 তেতিয়া সেনাধিপতিজনে তেওঁৰ লোকসকলৰ সৈতে সেই ঠাইলৈ গৈ পাঁচনিসকলক লৈ আহে। তাতে মানুহবোৰে পাথৰ মাৰিব পাৰে বুলি ভয় খাই তেওঁলোকে পাঁচনিসকলক কোনো বেয়া ব্যৱহাৰ নকৰিলে।
\v 27 পাছত তেওঁলোকক আনি সভাত উপস্থিত কৰোতে, প্রধান পুৰোহিতে তেওঁলোকক প্রশ্ন কৰিলে,
\v 28 "এই নামেৰে উপদেশ নিদিবলৈ আমি তোমালোকক কঠোৰ আজ্ঞা দিছিলোঁ; তথাপিও তোমালোকে নিজৰ শিক্ষাৰে যিৰূচালেম পূর্ণ কৰিছা আৰু সেই মানুহৰ ৰক্তপাতৰ বাবে আমাক দোষী কৰিব বিচাৰিছা।"
\s5
\v 29 তেতিয়া পিতৰ আৰু আন পাঁচনিসকলে উত্তৰ দি কলে, “আমি মানুহৰ নহয়, ঈশ্বৰৰহে আজ্ঞা মনা উচিত।
\v 30 যি জনক আপোনালোকে কাঠত ওলোমাই হত্যা কৰিলে, আমাৰ পূৰ্ব-পুৰুষসকলৰ ঈশ্বৰে সেই জন যীচুক মৃত্যুৰ পৰা জীয়ালে।
\v 31 সেই যীচুক ঈশ্বৰে ৰজা আৰু ত্রাণকর্তা হিচাবে নিজৰ সোঁ-হাতে বহুৱাই উন্নত কৰিলে, যাতে ইস্ৰায়েলী সকলে মন পালটন কৰে আৰু যীচুৱে যেন তেওঁলোকৰ পাপ ক্ষমা কৰিব পাৰে।
\v 32 এই কথাৰ আমি সাক্ষী আছো আৰু যিসকল ঈশ্বৰৰ বাধ্য হয়, ঈশ্বৰে তেওঁলোকক যি পবিত্ৰ আত্মা দিছে, সেই পবিত্র আত্মাও ইয়াৰ সাক্ষী।"
\s5
\v 33 এই কথা শুনি মহাসভাৰ সভ্যসকল খঙত জ্বলি উঠিল আৰু পাঁচনিসকলক বধ কৰিবলৈ বিচাৰিলে।
\v 34 কিন্তু তেতিয়া গমলীয়েল নামৰ এজন ফৰীচী, যি জন সকলো মানুহৰে সন্মানিত বিধানৰ এজন অধ্যাপক,তেওঁ থিয় হ'ল আৰু পাঁচনিসকলক অলপ সময়ৰ কাৰণে বাহিৰলৈ নিবৰ বাবে নির্দেশ দিলে।
\s5
\v 35 তাৰপাছত তেওঁ ক’লে, “হে ইস্ৰায়েলী সকল, এই লোকসকলক লৈ আপোনালোকে যি কৰিবলৈ গৈছে, সেই বিষয়ে সাৱধান হওঁক।
\v 36 কিয়নো কিছুদিনৰ আগেয়ে থুদা নামৰ এজনে আহি, নিজকে বৰ এজন বুলি দাবী কৰিছিল আৰু কম-বেচি পৰিমাণে প্রায় চাৰিশ মানুহে থুদাৰ লগ হৈছিল। তেওঁক বধ কৰা হ’ল আৰু তেওঁৰ অনুগামীবোৰও সিচঁৰিত হৈ কোনো চিন-চাব নোহোৱা হ’ল।
\v 37 এই মানুহজনৰ পাছত, লোকপিয়লৰ সময়ত গালীলৰ যিহূদা নামৰ এজন ওলাল আৰু তেওঁ ভালেমান মানুহক নিজৰ ফাললৈ আনিলে ; তেৱোঁ নিহত হোৱাত তেওঁৰ অনুগামী সকলো ছিন্ন-ভিন্ন হৈ গ’ল।
\p
\s5
\v 38 এতিয়া মই আপোনালোকক কওঁ, এই লোকসকলৰ পৰা দূৰৈত থাকক আৰু তেওঁলোকক এৰি দিয়ক; কিয়নো এই পৰিকল্পনা বা কৰ্ম যদি মানুহৰ পৰা হয়, তেন্তে ই ব্যর্থ হব৷
\v 39 কিন্তু যদিহে ঈশ্বৰৰ পৰা হয়, তেনেহলে আপোনালোকে তেওঁলোকক বন্ধ কৰিব নোৱাৰিব। হয়তো দেখিব যে, আপোনালোকে ঈশ্বৰৰ বিৰুদ্ধেই যুদ্ধ কৰিছে।” তেতিয়া, তেওঁলোকে এই পৰামর্শ গ্ৰহন কৰিলে।
\s5
\v 40 তাৰপাছত তেওঁলোকে পাঁচনিসকলক ভিতৰলৈ মাতি আনি কোবাই, যীচুৰ নামেৰে কোনো কথা নকবলৈ নির্দেশ দি যাবলৈ দিলে।
\v 41 পাঁচনিসকলে যীচুৰ নামত অপমান পোৱাৰ যোগ্য হোৱাৰ কাৰণে আনন্দিত হৈ মহাসভাৰ পৰা গুছি গল।
\v 42 ইয়াৰ পাছত তেওঁলোকে প্ৰতিদিনে মন্দিৰত আৰু সকলো ঘৰতে গৈ শিক্ষা দিবলৈ ধৰিলে আৰু যীচুৱেই যে খ্ৰীষ্ট এই কথা প্ৰচাৰ কৰি থাকিল।
\s5
\c 6
\cl ৬ অধ্যায়।
\s সাতজন পৰিচাৰকক নিযুক্ত কৰা
\p
\v 1 সেই সময়ত শিষ্যসকলৰ সংখ্যা দিনে দিনে বৃদ্ধি হৈ আছিল। গ্ৰীকভাষী ইহুদী সকলে স্থানীয় ইব্ৰী ভাষী ইহুদী সকলৰ বিৰুদ্ধে অভিযোগ আনিলে যে, খাদ্য বিতৰণৰ সময়ত প্ৰতিদিনে তেওঁলোকৰ বিধবাসকলক অৱহেলা কৰা হৈছে ।
\p
\s5
\v 2 তেতিয়া বাৰজন পাঁচনিয়ে সকলো শিষ্যকে মাতি আনি কলে-“আমাৰ কাৰণে ঈশ্বৰৰ বাক্য অৱহেলা কৰি ভোজন পৰিবেশন কৰাৰ নিচিনা কথাত লাগি থকা সঠিক কার্য হোৱা নাই।
\v 3 এই কাৰণে হে ভাই সকল, আপোনালোকে নিজৰ মাজৰ পৰা সাতজন সুখ্যাতি সম্পন্ন আৰু পবিত্ৰ আত্মাৰে পৰিপূর্ণ, জ্ঞানী লোকক বাছি লওঁক। আমি তেওঁলোকৰ ওপৰত এই কামৰ ভাৰ দিম।
\v 4 ইয়াৰ পাছত আমি প্ৰাৰ্থনা আৰু ঈশ্বৰৰ বাক্যৰ পৰিচর্যাত সদায় লাগি থাকিব পাৰিম।”
\p
\s5
\v 5 তেওঁলোকৰ এই প্রস্তাৱ শুনি সকলোৱে সন্তোষ পালে অাৰু তেওঁলোকে তেতিয়া এই লোকসকলক মনোনীত কৰিলে - স্তিফান, (তেওঁ বিশ্বাসী আৰু পবিত্ৰ আত্মাৰে পূর্ণ আছিল); ফিলিপ, প্ৰখৰ, নিকানৰ, তীমোন, পার্মিনা আৰু আন্তিয়খিয়াৰ নিকলায় (এই ব্যক্তিজনে ইহুদী ধর্ম গ্রহণ কৰিছিল)।
\v 6 বিশ্বাসীসকলে এই সাত জন লোকক পাঁচনিসকলৰ আগলৈ আনিলে আৰু পাঁচনিসকলে প্ৰাৰ্থনা কৰি তেওঁলোকৰ ওপৰত হাত দিলে।
\p
\s5
\v 7 তাৰপাছত ঈশ্বৰৰ বাক্য চৌদিশে বিয়পি গল আৰু শিষ্যসকলৰ সংখ্যা যিৰূচালেমত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। ইয়াৰ উপৰিও ইহুদী পুৰোহিতসকলৰ মাজৰ অনেকে খ্ৰীষ্টীয় বিশ্বাসৰ অনুগামী হৈ শৰণ ললে।
\s স্তিফানক ধৰি মহাসভালৈ অনা
\p
\s5
\v 8 স্তিফানে ঈশ্বৰৰ অনুগ্ৰহ আৰু শক্তিৰে পৰিপূর্ণ হৈ লোকসমুহৰ মাজত বহু অলৌকিক আৰু আচৰিত কার্য কৰিবলৈ ধৰিলে।
\v 9 কিন্তু লিবর্ত্তীন নামৰ সমাজৰ কেইজনমান ব্যক্তিৰ লগতে কুৰীণীয়া, আলেকজেন্দ্রিয়া, কিলকিয়া আৰু এচিয়াৰ কিছুমান ব্যক্তিয়ে স্তিফানৰ সৈতে তর্ক কৰিলে।
\f +
\fr 9
\ft লিবর্ত্তীন হৈছে ইহুদী লোক যিসকলে এটা নামঘৰত গোট খায়। তেওঁলোক আগেয়ে দাস আছিল, কিন্তু মুক্ত কৰা হৈছিল। অনেকৰ মতে এওঁলোক পূর্বে ৰোমীয় আছিল।
\f*
\s5
\v 10 কিন্তু স্তিফানে যি জ্ঞান আৰু আত্মাৰে কথা কলে, সেই কথাক তেওঁলোকে প্ৰতিৰোধ কৰিব নোৱাৰিলে।
\v 11 তেতিয়া তেওঁলোকে কিছুলোকক গুপুতে উচটাই এইবুলি কবলৈ দিলে যে, “ আমি শুনিছো স্তিফানে মোচি আৰু ঈশ্বৰৰ বিৰুদ্ধে নিন্দা কৰিছে।”
\s5
\v 12 এনেদৰে তেওঁলোকে জনসাধাৰণ, জেষ্ঠ লোক আৰু অধ্যাপক সকলক উত্তেজিত কৰি তুলিলে আৰু তেওঁলোকে স্তিফানক ধৰি মহাসভালৈ আনিলে।
\v 13 তেওঁলোকে মিছা সাক্ষী দি থিয় কৰালে আৰু ক’লে, “এই মানুহজনে পবিত্ৰ স্থান আৰু বিধানৰ বিৰুদ্ধে কথা কবলৈ নেৰে।
\v 14 কিয়নো আমি তেওঁক কোৱা শুনিছো যে, এই নাচৰতীয়া যীচুৱে এই ঠাই নষ্ট কৰিব আৰু মোচিয়ে আমাক দিয়া বিধানও সলনি কৰিব।”
\v 15 তেতিয়া সভাত বহা সকলোৱে তেওঁলৈ একেথৰে চাই থাকিল আৰু স্তিফানৰ মুখ স্বৰ্গদূতৰ মুখৰ নিচিনা দেখিলে।
\s5
\c 7
\cl অধ্যায়।
\p
\v 1 তেতিয়া মহা পুৰোহিতে স্তিফানক সুধিলে- “এইবোৰ কথা সচাঁ নেকি?”
\v 2 স্তিফানে ক'লে- “হে ভাই সকল আৰু পিতৃসকল, মোৰ কথা শুনক। আমাৰ পূৰ্বপুৰুষ অব্ৰাহাম হাৰোণত বসবাস কৰাৰ আগেয়ে যেতিয়া মেচোপতামিয়াত আছিল, সেই সময়ত গৌৰৱময় ঈশ্বৰে তেওঁক দেখা দি ক'লে-
\v 3 “তুমি তোমাৰ দেশ আৰু জ্ঞাতি-কুটুম্বক এৰি, মই যি দেশ তোমাক দেখুৱাম, সেই দেশলৈ যোৱা।”
\s5
\v 4 তেতিয়া তেওঁ কলদিয়া সকলৰ দেশ এৰি হাৰোণ নগৰলৈ আহি বসতি কৰিলে। পাছত তেওঁৰ পিতৃৰ মৃত্যু হোৱাত আপোনালোকে এতিয়া বসতি কৰা এই দেশলৈ ঈশ্বৰে সেই ঠাইৰ পৰা তেওঁক আনিলে।
\v 5 নিজৰ অধিকাৰৰ কাৰণে ঈশ্বৰে তেওঁক একোকে নিদিলে; এনেকি এখোজ মাটিও নিদিলে। কিন্তু তেওঁক আৰু তেওঁৰ ভাবীবংশৰ অধিকাৰৰ অর্থে ঈশ্বৰে এই দেশ দিব বুলি প্রতিজ্ঞা কৰিলে; যদিও অব্ৰাহামৰ সেই সময়লৈকে কোনো সন্তান নাছিল।
\s5
\v 6 ঈশ্বৰে তেওঁক এই দৰে কৈছিল, ''তোমাৰ বংশধৰসকলে বিদেশত প্রৱাস কৰিব৷ সেই দেশৰ মানুহে তেওঁলোকক চাৰিশ বছৰ ধৰি দাসত্বৰ বন্ধনত ৰাখিব আৰু অত্যাচাৰ কৰিব।"
\v 7 ঈশ্বৰে ইয়াকো কলে, ''তেওঁলোকে যি জাতিৰ দাসত্ব খাটিব, মই সেই জাতিৰ সোধ-বিচাৰ কৰিম; তাৰ পাছত তেওঁলোকে ওলাই আহি এই ঠাইতে মোৰ সেৱা-উপাসনা কৰিব''।
\v 8 ইয়াৰ পিছত ঈশ্বৰে অব্রাহামক চুন্নৎ কৰাৰ নিয়ম দিলে। সেয়েহে, অব্রাহামে নিজৰ পুত্র ইচহাক জন্ম হোৱাত, আঠ দিনৰ দিনা তেওঁৰ চুন্নৎ কৰালে। পাছত ইচহাকৰ পুত্র যাকোব আৰু যাকোবৰ পুত্ৰ বাৰ জন গোষ্ঠীৰ পিতৃকুল হ’ল।
\p
\s5
\v 9 পাছত সেই পিতৃকুলসকল যোচেফৰ প্রতি ঈর্ষান্বিত হৈ তেওঁক মিচৰ দেশলৈ বেচিলে, কিন্তু ঈশ্বৰ তেওঁৰ সঙ্গী আছিল।
\v 10 সকলো ক্লেশৰ পৰা ঈশ্বৰে উদ্ধাৰ কৰি তেওঁক মিচৰ দেশৰ ৰজা ফৰৌণৰ সাক্ষাতে অনুগ্ৰহ আৰু জ্ঞান দান কৰিলে। তাতে ফৰৌণে তেওঁক মিচৰ দেশৰ আৰু নিজ গৃহৰ অধিকাৰী পাতিলে।
\s5
\v 11 গোটেই মিচৰ আৰু কনান দেশত ভীষণ আকাল হোৱাত, মহাক্লেশ হ’ল আৰু আমাৰ পিতৃপুৰুষ সকলৰ খাদ্য বস্তুৰ অভাৱ হ’ল।
\v 12 কিন্তু যাকোবে মিচৰ দেশত শস্য থকাৰ বাৰ্ত্তা পাই, প্ৰথমতে আমাৰ পিতৃ-পুৰুষ সকলক তালৈ পঠালে।
\v 13 দ্বিতীয় বাৰ যোৱাত যোচেফে ককায়েক সকলৰ ওচৰত নিজৰ পৰিচয় দিলে আৰু ফৌৰণেও যোচেফৰ পৰিয়ালৰ বিষয়ে জ্ঞাত হ'ল।
\p
\s5
\v 14 তেতিয়া যোচেফে তেওঁৰ ককায়েক সকলক পিতৃ যাকোব আৰু জ্ঞাতি-কুতুম্ব সকলক মিচৰ দেশলৈ আনিবলৈ উভটাই পঠালে; তেওঁলোক মুঠ পয়সত্তৰজন আছিল।
\v 15 তাতে যাকোব মিচৰ দেশলৈ গ’ল। সেই ঠাইতে তেওঁৰ আৰু আমাৰ পিতৃ-পুৰুষ সকলো মৰিল।
\v 16 তেওঁলোকৰ দেহ চিখিমলৈ নি মৈদাম দিয়া হ'ল; সেই মৈদাম অব্ৰাহামে চিখিমত হমোৰৰ পুতেকহঁতৰ পৰা ধন দি কিনিছিল।
\s5
\v 17 ঈশ্বৰে অব্রাহামৰ আগত শপত কৰি যি অঙ্গীকাৰ কৰিছিল, সেই অঙ্গীকাৰ পূর্ণ হোৱাৰ সময় ওচৰ হোৱাত; মিচৰত তেওঁৰ লোকসকল বৃদ্ধি পাই বিস্তাৰিত হল।
\v 18 তাৰ পিছত মিচৰত আন এজন ৰজা আহিল। তেওঁ যোচেফৰ সম্বন্ধে নাজানিছিল।
\v 19 সেইজন ৰজাই আমাৰ জাতিৰ লোকসকলক প্রৱঞ্চনা কৰি আমাৰ পূৰ্ব-পুৰুষ সকলৰ প্রতি কু-ব্যৱহাৰ কৰিলে। এনেকি শিশুবোৰ জীয়াই নাথাকিবলৈ তেওঁলোকৰ নৱজাত কেচুঁৱাবোৰ বাহিৰত পেলাই দিবলৈ দিলে।
\s5
\v 20 সেই সময়তে মোচিৰ জন্ম হ’ল। তেওঁ ঈশ্ৱৰৰ দৃষ্টিত অতি সুন্দৰ আছিল৷ তিনিমাহলৈকে তেওঁ পিতৃৰ গৃহত প্ৰতিপালিত হৈছিল।
\v 21 পাছত তেওঁক বাহিৰলৈ পেলাই দিয়াত, ফৰৌণৰ জীয়েকে তেওঁক তুলি নি নিজৰ পুত্র স্বৰূপে প্ৰতিপালন কৰিলে।
\s5
\v 22 মোচি মিচৰীয়া সকলৰ সকলো বিদ্যাত শিক্ষিত হৈ উঠিল। বাক্য আৰু কার্যত তেওঁ মহা-ক্ষমতাশালী হল।
\v 23 যেতিয়া মোচিৰ বয়স প্রায় চল্লিশ বছৰ, তেতিয়া তেওঁ নিজৰ ইস্ৰায়েলী ভাইসকলক চাবলৈ মন কৰিলে।
\v 24 এজন ইস্রায়েলী লোকক বেয়া ব্যৱহাৰ কৰা দেখি, মোচিয়ে ইস্রায়েলী জনৰ পক্ষক সমর্থন কৰিলে আৰু মিচৰীয়া জনক প্ৰহাৰ কৰি সেই ব্যৱহাৰৰ প্রতিশোধ ললে।
\v 25 মোচিয়ে ভাৱিছিল যে, তেওঁৰ স্বজাতীয় ভাই সকলে হয়তো বুজিব ঈশ্বৰে যে তেওঁৰ হতুৱাই তেওঁলোকক মুক্ত কৰিব কিন্তু তেওঁলোকে নুবুজিলে।
\s5
\v 26 পাছদিনাখন দুজন ইস্ৰায়েলীয়ে নিজৰ মাজত যেতিয়া কাজিয়া কৰিছিল, তেতিয়া তেওঁ ওচৰলৈ গৈ তেওঁলোকক মিলন কৰিবৰ কাৰণে কলে, ‘হে লোকসকল, তোমালোক পৰস্পৰে ভাই হৈ, ইজনে সিজনৰ প্ৰতি কিয় দুখজনক ব্যৱহাৰ কৰিছা'?
\v 27 কিন্তু যিজনে নিজৰ নিকটৱর্তীজনক দুখজনক ব্যৱহাৰ কৰিছিল, তেওঁ মোচিক ঠেলা মাৰি আতৰাই কলে 'আমাৰ ওপৰত কোনে তোমাক শাসনকর্তা আৰু বিচাৰক পাতিলে?
\v 28 কালি যেনেকৈ মিচৰীয়া জনক বধ কৰিলা, তেনেকৈ মোকো বধ কৰিব খোজা নে'?
\s5
\v 29 এই কথা শুনি মোচি মিদিয়ন দেশলৈ পলাই গৈ তাত প্রবাসী ৰূপে থাকিল আৰু সেই ঠাইতে তেওঁৰ দুজন পুত্রৰ জন্ম হ’ল।
\v 30 এনেদৰে চল্লিশ বছৰ পূর্ণ হ’ল। চীনয় পৰ্ব্বতৰ ওচৰৰ অৰণ্যত এক জ্বলন্ত জোপোহাৰ শিখাৰ মাজত ঈশ্বৰৰ দূতে তেওঁক দর্শন দিলে।
\s5
\v 31 এই দৰ্শন দেখি মোচি আচৰিত হ'ল আৰু ভালদৰে চাবলৈ যেতিয়া ওচৰ চাপি গ’ল, তেতিয়া প্ৰভুৰ এই বাণী শুনিলে-
\v 32 'মই তোমাৰ পিতৃ-পুৰুষ সকলৰ ঈশ্বৰ; অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ঈশ্বৰ।' মোচি ভয়তে কঁপিবলৈ ধৰিলে আৰু সেই জলন্ত জোপোহাটো চাবলৈও সাহস নকৰিলে।
\s5
\v 33 পাছত প্ৰভুৱে তেওঁক কলে, 'তোমাৰ ভৰিৰ পৰা পাদুকা সোলোকোৱা। কিয়নো যি ঠাইত তুমি থিয় হৈ আছা, সেয়ে পবিত্ৰ ভূমি।
\v 34 মিচৰ দেশত থকা মোৰ মানুহবোৰৰ দুৰৱস্থা মই নিশ্চয়কৈ দেখিছোঁ আৰু তেওঁলোকৰ আৰ্তনাদও শুনিছো। সেয়েহে তেওঁলোকক উদ্ধাৰ কৰিবলৈ মই নামি আহিলো। এতিয়া আহা, মই তোমাক মিচৰ দেশলৈ পঠাওঁ।'
\p
\s5
\v 35 এইজনেই সেই মোচি, যিজনক তেওঁলোকে প্ৰত্যাখান কৰি কৈছিল, ‘কোনে তোমাক এজন শাসনকর্তা আৰু বিচাৰক পাতিলে? তেৱেঁই সেইজন, যিজনক ঈশ্বৰে শাসনকর্তা আৰু উদ্ধাৰকর্ত্তা স্বৰূপে স্বর্গদূতৰ দ্বাৰা জোপোহাৰ মাজত দেখা দি পঠাই দিলে।
\v 36 মোচিয়ে মিচৰ দেশত, লোহিত সাগৰত আৰু মৰুভুমিৰ মাজত চল্লিশ বছৰলৈকে নানা অদ্ভুত লক্ষণ আৰু চিন দেখুৱাই তেওঁলোকক মিচৰৰ পৰা বাহিৰ কৰি আনিলে।
\v 37 এইজন মোচিয়েই ইস্ৰায়েলী ভাইসকলক কৈছিল, “ঈশ্বৰে তোমালোকৰ মাজৰ পৰা মোৰ নিচিনা এজন ভাববাদী উৎপন্ন কৰিব”।
\p
\s5
\v 38 তেৱেঁই মৰুপ্ৰান্তত আমাৰ পূৰ্বপুৰুষ সকলৰ সৈতে এক সহভাগীতাত আছিল৷ চীনয় পর্বতত স্বৰ্গদূতে তেওঁৰ সৈতেই কথা কৈছিল আৰু তেৱেঁই আমাক জনাবলৈ জীৱনময় বাক্য পাইছিল।
\v 39 কিন্তু আমাৰ ওপৰ পিতৃসকলে তেওঁৰ বশৱত্তী হবলৈ অসন্মত হৈ তেওঁক অগ্রাহ্য কৰি মিচৰ দেশলৈ উভতি যাবলৈ ইচ্ছা কৰিছিল।
\v 40 সেই সময়ত তেওঁলোকে হাৰোণক কলে, “মোচিয়ে আমাক মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে; কিন্তু তেওঁৰ কি হ’ল আমি তাক নাজনো। গতিকে, আমাক বাট দেখুৱাই নিবলৈ দেৱতাবোৰৰ মূর্তি সাজি দিয়ক"।
\s5
\v 41 তেতিয়া তেওঁলোকে এটা দামুৰিৰ মূৰ্ত্তি সাজিলে আৰু সেই মূৰ্ত্তিৰ আগত বলিদান উৎসর্গ কৰিলে। তেওঁলোকে নিজ হাতেৰে কৰা কার্যত আনন্দ কৰিবলৈ ধৰিলে।
\v 42 তেওঁলোকৰ এই কাৰ্য দেখি ঈশ্বৰ তেওঁলোকৰ বিমুখ হ‘ল; ঈশ্বৰে তেওঁলোকক আকাশৰ গ্রহ, তৰাবিলাকক পূজা কৰিবলৈ এৰি দিলে; ভাববাদী সকলৰ পুস্তকত এইদৰে লিখা আছে,
\q "হে ইস্ৰায়েল জাতি, তোমালোকে চল্লিশ বছৰলৈকে মৰুপ্ৰান্তত
\q মোৰ কাৰণে পশু বলি আৰু নৈবেদ্য উৎসর্গ কৰিছিলা নে?
\q
\s5
\v 43 তোমালোকে মোলকৰ তম্বু আৰু ৰিফন দেবতাৰ তৰাৰ
\q মূর্তিবোৰ পূজা কৰিবলৈ সাজিলা,
\q আৰু সেইবোৰকহে তোমালোকে গ্রহণ কৰিলা।
\q সেয়েহে মই তোমালোকক বাবিলৰ সিফাললৈ লৈ যাম।"
\f +
\fr 7.43
\ft আমোচ 5:25-27
\f*
\m
\s5
\v 44 মৰুপ্ৰান্তত আমাৰ পূৰ্ব-পুৰুষ সকলৰ ওচৰত সাক্ষ্য-তম্বু আছিল। ঈশ্বৰে মোচিক যিদৰে আজ্ঞা দিছিল আৰু মোচিয়ে যি আর্হি দেখিছিল, সেই আর্হিতে এই তম্বু তৈয়াৰ হৈছিল।
\v 45 পৰৱর্তীকালত আমাৰ পূৰ্বপুৰুষ সকলে যিহোচূৱাৰে সৈতে সেই তম্বু কঢ়িয়াই এই ঠাইলৈ আনিছিল। সেই সময়ত আমাৰ পূৰ্ব-পুৰুষ সকলৰ সন্মুখৰ পৰা ঈশ্বৰে অন্য জাতিবোৰক খেদাই দিয়াত তেওঁলোকে প্রৱেশ কৰি এই ঠাই অধিকাৰ কৰিলে। সেই তম্বু দায়ুদৰ দিনলৈকে এই ঠাইত আছিল।
\v 46 দায়ুদে ঈশ্বৰৰ দৃষ্টিত অনুগ্রহ পাই যাকোবৰ ঈশ্বৰ থাকিবৰ কাৰণে এটি আবাস বনাবলৈ প্রার্থনা কৰিলে।
\s5
\v 47 কিন্তু চলোমনেহে তেওঁলৈ এটা গৃহ নির্ম্মাণ কৰিলে।
\v 48 কিন্তু সৰ্বোপৰিজনা হাতেৰে সজা গৃহবোৰত নাথাকে; এই বিষয়ে ভাববাদীয়ে কৈছিল,
\q
\v 49 "প্রভুৱে কৈছে,
\q স্বৰ্গ মোৰ সিংহাসন,
\q আৰু পৃথিবী মোৰ ভৰিৰ পিৰা;
\q মোৰ কাৰণে তুমি কেনেকুৱা গৃহ নির্ম্মাণ কৰিবা?
\q নাইবা, মোৰ জিৰণি লোৱা ঠায়েই বা কত?
\q
\v 50 মোৰ হাতে জানো এই আটাইবোৰ স্ৰজা নাই"?
\f +
\fr 7.50
\ft যিচয়া66:1-2
\f*
\p
\s5
\v 51 হে ঠৰ-ডিঙীয়া লোকসকল,
\f +
\fr 7.51
\ft অর্থাৎ ঈশ্বৰক হৃদয় নিদিয়া আৰু তেওঁৰ কথা নুশুনা
\f* হৃদয় আৰু কাণৰ চুন্নৎ নোহোৱা লোক, আপোনালোকে সদায় পবিত্ৰ আত্মাৰ প্রতিৰোধ কৰে; পূৰ্ব-পুৰুষ সকলে যেনেদৰে কৰিছিল, আপোনালোকে সেইদৰেই কৰিছে।
\v 52 এনে কোনোবা ভাববাদী আছিল নে, যিজনক আপোনালোকৰ পূর্বপুৰুষ সকলে নির্যাতন কৰা নাছিল? যিসকল ভাববাদীয়ে ধার্মিকজনৰ আগমণৰ কথা আগেয়ে কৈছিলে, সেই ভাববাদী সকলকো তেওঁলোকে হত্যা কৰিলে আৰু এতিয়া আপোনালোকে সেই ধার্মিকজনকো শত্রুৰ হাতত শোধাই দি হত্যা কৰালে।
\v 53 স্বৰ্গৰ দূতবোৰৰ মাধ্যমেদি আপোনালোকে বিধান পায়ো, সেই বিধান পালন নকৰিলে।”
\s স্তিফানৰ মৃত্যু
\p
\s5
\v 54 এইবোৰ কথা শুনি মহাসভাৰ সদস্য সকলৰ হৃদয় স্তিফানৰ প্রতি খঙত জ্বলি উঠিল আৰু নিজৰ দাঁত কৰচিলে।
\v 55 কিন্তু তেওঁ পবিত্র আত্মাৰে পৰিপূর্ণ হৈ, স্বর্গৰ ফাললৈ একেথৰে চাই ঈশ্বৰৰ মহিমা দেখিলে; তেওঁ যীচুক ঈশ্বৰৰ সোঁ-ফালে থিয় হৈ থকা দেখিলে।
\v 56 স্তিফানে ক’লে, "চাওঁক, মই স্বর্গৰ দুৱাৰ মুকলি হোৱা আৰু মানুহৰ পুত্ৰক ঈশ্বৰৰ সোঁ-ফালে থিয় হৈ থকা দেখিছোঁ"।
\s5
\v 57 তেতিয়া মহাসভাৰ সদস্য সকলে নিজৰ কাণত সোপা দি বৰ মাতেৰে চিঞঁৰি উঠিল আৰু সকলোৱে একেলগে তেওঁৰ ফালে চোচাঁ ললে।
\v 58 পাছত তেওঁক ধৰি নগৰৰ বাহিৰলৈ উলিয়াই আনি শিল দলিয়াবলৈ ধৰিলে। সাক্ষীবোৰে নিজৰ নিজৰ কাপোৰবোৰ চৌল নামৰ এজন ডেকাৰ ভৰিৰ কাষত থলে।
\s5
\v 59 তেওঁলোকে শিল দলিয়াই থাকোতে স্তিফানে প্ৰাৰ্থনা কৰি কলে, “হে প্ৰভু যীচু, মোৰ আত্মা গ্রহণ কৰক।”
\v 60 পাছত তেওঁ আঁঠুকাঢ়ি বৰ মাতেৰে কলে, “হে প্ৰভু, এওঁলোকৰ বিৰুদ্ধে এই পাপ গণ্য নকৰিব।” ইয়াকে কৈ তেওঁ ঢলি পৰিল আৰু মহা-নিদ্রা গ’ল।
\s5
\c 8
\cl ৮ অধ্যায়।
\cl চমৰীয়াত ফিলিপৰ প্রচাৰ
\p
\v 1 স্তিফানক বধ কৰা কথাত চৌলৰো সন্মতি আছিল।
\p সেই সময়ত যিৰূচালেমত থকা মণ্ডলীৰ বিৰুদ্ধে বৰ তাড়না হৈছিল আৰু পাঁচনিসকলৰ বাহিৰে আন বিশ্বাসীসকল সমগ্র যিহূদা আৰু চমৰিয়া দেশৰ ঠায়ে ঠায়ে সিচৰিত হৈ গ'ল।
\v 2 ভক্ত লোকসকলে স্তিফানক মৈদাম দিলে আৰু তেওঁৰ কাৰণে বৰকৈ ক্রন্দন কৰিলে।
\v 3 কিন্তু চৌলে ঘৰে ঘৰে গৈ পুৰুষ আৰু মহিলাক বলেৰে ধৰি আনি বন্দীশালত থৈ মণ্ডলীত উৎপাত কৰিব ধৰিলে।
\p
\s5
\v 4 কিন্তু, যিসকল বিশ্বাসী সিচৰিত হৈ গ'ল, তেওঁলোকে সকলো ঠাইতে শুভবার্তাৰ বাক্য প্রচাৰ কৰিলে।
\v 5 ফিলিপে চমৰীয়া নগৰলৈ গৈ খ্ৰীষ্টৰ কথা কবলৈ ধৰিলে।
\s5
\v 6 তাতে ফিলিপে কৰা আচৰিত কৰ্মবোৰ শুনি আৰু দেখি লোকসকলে একান্ত মনেৰে তেওঁৰ কথা শুনিব ধৰিলে।
\v 7 কিয়নো অশুচি আত্মাই ধৰা অনেক মানুহৰ পৰা ভূতবোৰে আটাহ পাৰি ওলাই গল; বহুতো পক্ষাঘাত ৰোগী আৰু খোৰা লোকসকলক সুস্থ কৰা হল।
\v 8 তাতে সেই নগৰত মহা আনন্দ হ’ল।
\p
\s5
\v 9 সেই নগৰতে আগেয়ে মায়াকর্ম্ম অভ্যাস কৰা চিমোন নামেৰে এজন মানুহ আছিল। সেই মানুহ জনে চমৰীয়া বাসীৰ আগত নিজকে বৰ এজন লোক বুলি দাবী কৰি চমক লগাইছিল।
\v 10 সৰুৰ পৰা ডাঙৰলৈকে সকলো চমৰীয়া বাসীয়ে তেওঁৰ কথাত মনোযোগ দিছিল; তেওঁলোকে কৈছিল, “এইজন ঈশ্বৰৰ মহান শক্তিশালী ব্যক্তি”।
\v 11 তেওঁ ভালেমান দিন ধৰি মায়াকর্ম্মৰে চমক দেখুৱাৰ কাৰণে মানুহবোৰে তেওঁক মানিছিল।
\s5
\v 12 কিন্তু ফিলিপে ঈশ্বৰৰ ৰাজ্য আৰু যীচু খ্ৰীষ্টৰ বিষয়ে ঘোষণা কৰাত তেওঁলোকে বিশ্বাস কৰিলে আৰু বিশ্বাস কৰা সকলো পুৰুষ আৰু মহিলাক বাপ্তিস্ম দিয়া হ’ল।
\v 13 পাছত সেই চিমোনে নিজেও বিশ্বাস কৰি বাপ্তিস্ম ল’লে; তাৰ পাছত তেওঁ ফিলিপৰ লগত থাকি আচৰিত চিন আৰু কার্যবোৰ সিদ্ধ হোৱা দেখি বিস্ময় মানিলে।
\p
\s5
\v 14 চমৰীয়া বাসীয়ে এনেদৰে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰা শুনি যিৰূচলেমত থকা পাঁচনিসকলে পিতৰ আৰু যোহনক তেওঁলোকৰ ওচৰলৈ পঠিয়াই দিলে।
\v 15 পিতৰ আৰু যোহনে সেই ঠালৈ আহি তাত থকা লোকসকলে যেন পবিত্ৰ আত্মা পায়, তাৰ বাবে প্ৰাৰ্থনা কৰিলে।
\v 16 কিয়নো তেতিয়ালৈকে তেওঁলোকৰ ওপৰত পবিত্ৰ আত্মা অহা নাছিল; কেৱল তেওঁলোকক প্ৰভু যীচুৰ নামত বাপ্তিস্মহে দিয়া হৈছিল৷
\v 17 পাছত পাঁচনিসকলে লোকসমূহৰ ওপৰত হাত থলে আৰু তেওঁলোকে তেতিয়া পবিত্ৰ আত্মা পালে।
\p
\s5
\v 18 চিমোনে যেতিয়া দেখিলে যে পাঁচনিসকলে হাত দিয়াত পবিত্ৰ আত্মা দান কৰা হৈছে, তেতিয়া তেওঁ পাঁচনিসকলক ধন যাচি কলে,
\v 19 “এই ক্ষমতা মোকো দিয়ক, ময়ো যেন যিজনৰ ওপৰতে হাত ৰাখো, তেওঁ যেন পবিত্ৰ আত্মা পায়।”
\p
\s5
\v 20 কিন্তু পিতৰে চিমোনক ক’লে, "তুমি আৰু তোমাৰ ধন ধ্বংস হওঁক; কিয়নো তুমি ভাবিলা ঈশ্বৰৰ দান ধনেৰে কিনিব পৰা যায়।
\v 21 আমাৰ এই কামত তোমাৰ কোনো ভাগ বা অংশ নাই, যিহেতু ঈশ্বৰৰ আগত তোমাৰ হৃদয় শুদ্ধ নহয়।
\v 22 তুমি এই দুষ্টতাৰ পৰা মন-পালটোৱা আৰু প্রভুৰ ওচৰত প্রার্থনা কৰা; হয়তো তোমাৰ মনৰ এই মন্দ চিন্তা তেওঁ ক্ষমাও কৰিব পাৰে।
\v 23 কিয়নো মই দেখিছোঁ, তোমাৰ মন তিতা পিত্তৰ নিচিনা আৰু তুমি পাপৰ বন্ধনত আছা"।
\p
\s5
\v 24 তেতিয়া চিমোনে উত্তৰ দিলে, "আপোনালোকে যি কৈছে, তাৰ কোনো কথাই মোৰ জীৱনত যেন নঘটে, এই কাৰণে আপোনালোকেই মোৰ বাবে প্রার্থনা কৰক।"
\p
\s5
\v 25 এইদৰে পিতৰ আৰু যোহনে প্রভুৰ বিষয়ে সাক্ষ্য দি বাক্য প্রচাৰ কৰি যিৰূচালেমলৈ উলটি আহিল; বাটত তেওঁলোকে চমৰীয়া সকলৰ বিভিন্ন গাৱঁত শুভবার্তা প্রচাৰ কৰিলে।
\p
\s5
\v 26 পাছত ঈশ্বৰৰ এজন দূতে ফিলিপক কলে, “উঠা, দক্ষিণ ফাললৈ যি পথ যিৰূচালেমৰ পৰা গাজালৈ নামি গৈছে, সেই পথেদি নামি যোৱা” (এই পথটো মৰুভূমিৰ মাজত আছিল)৷
\v 27 তেতিয়া ফিলিপে প্রস্তুত হৈ সেই বাটেদি গ’ল। বাটত ইথিওপিয়া দেশৰ এজন মানুহক লগ পালে; তেওঁ ইথিওপিয়াৰ ৰাণী কান্দাকীৰ সকলো ধন-সম্পদ চোৱা-চিতা কৰা নপুংসক ৰাজ কর্মচাৰী আছিল। ঈশ্বৰৰ ভজনা কৰিবলৈ তেওঁ যিৰূচালেমলৈ আহিছিল।
\v 28 তেওঁ নিজৰ ৰথত বহি উভটি গৈ থাকোতে যিচয়া ভাববাদীৰ পুস্তক পঢ়ি গৈছিল।
\s5
\v 29 এনে সময়তে আত্মাই ফিলিপক কলে, "তুমি কাষলৈ গৈ সেই ৰথৰ লগে লগে যোৱা"।
\v 30 তেতিয়া ফিলিপে ওচৰলৈ লৰি গৈ, তেওঁ যিচয়া ভাববাদীৰ পুস্তক পঢ়া শুনি সুধিলে, "আপুনি যি পঢ়িছে, সেই বিষয়ৰ অর্থ জানো বুজি পাইছে"?
\v 31 তেওঁ ক’লে- “কোনোবাই মোক বুজাই নিদিলে, মই কেনেকৈ বুজি পাম?” তাতে তেওঁ ফিলিপক ৰথত উঠি তেওঁৰ সৈতে বহিবলৈ অনুৰোধ কৰিলে।
\p
\s5
\v 32 শাস্ত্ৰৰ যি অংশটো তেওঁ পঢ়িছিল, সেয়া এই-
\q "মাৰিবলৈ নিয়া মেৰ পোৱালিৰ নিচিনাকৈ তেওঁক আনিলে আৰু নোম কটীয়াৰ আগত ভেড়া পোৱালী নিজম হৈ থকাৰদৰে তেওঁ নিজৰ মুখ নেমেলিলে।
\q
\v 33 তেওঁ অপমানিত হোৱা কালত, ন্যায় বিচাৰ কৰা নহ’ল,
\q1 তেওঁৰ বংশৰ কথা কোনে কব? কিয়নো পৃথিবীৰ পৰা তেওঁৰ জীৱন লৈ যোৱা হ’ল"।
\m
\s5
\v 34 এই কথা পঢ়ি নপুংসকে ফিলিপক সুধিলে, "মিনতি কৰিছোঁ, ভাববাদীয়ে কাৰ বিষয়ে এই কথা কৈছে? নিজৰ বিষয়ে নে অন্য কাৰোবাৰ বিষয়ে কৈছে?"
\v 35 তেতিয়া ফিলিপে মাত লগাই যিচয়া পুস্তকৰ এই শাস্ত্রাংশৰ পৰা আৰম্ভ কৰি তেওঁৰ আগত যীচুৰ শুভবার্তা প্রচাৰ কৰিলে।
\s5
\v 36 এইদৰে বাটত যাওঁতে যাওঁতে এডোখৰ জলাশয়ৰ ওচৰ পোৱাত নপুংসকে কলে, “চাওঁক, ইয়াতে পানী আছে; গতিকে বাপ্তিস্ম লোৱাত এতিয়া মোৰ কি বাধা আছে?''
\v 37 ফিলিপে কলে, "যদি সমস্ত মনেৰে বিশ্বাস কৰিছা, তেন্তে বাধা নাই।'' তেতিয়া বিষয়াজনে কলে, "যীচু খ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ, ইয়াক মই বিশ্বাস কৰিছোঁ।''
\v 38 তাতে বিষয়াজনে ৰথ ৰাখিবলৈ আজ্ঞা কৰিলে৷ ফিলিপ আৰু নপুংসক বিষয়াজন পানীত নামিল; ফিলিপে তেওঁক বাপ্তিস্ম দিলে।
\s5
\v 39 যেতিয়া তেওঁলোক পানীৰ পৰা উঠিল, প্রভুৰ আত্মাই ফিলিপক কাঢ়ি লৈ গল; তাতে নপুংসকে তেওঁক পুনৰ দেখা নাপালে৷ তেওঁ আনন্দ মনেৰে নিজ বাটে গুছি গ’ল।
\v 40 কিন্তু ফিলিপ পুনৰ আচদোদ নগৰত উপস্থিত হ'ল আৰু সেই অঞ্চলৰ সকলো নগৰে নগৰে গৈ শুভবার্ত্তা প্রচাৰ কৰি চীজাৰিয়া পালে।
\s5
\c 9
\cl ৯ অধ্যায়।
\s চৌলৰ মন-পালটন আৰু শুভবাৰ্ত্তা প্ৰচাৰ
\p
\v 1 সেই সময়ত চৌলে প্ৰভুৰ শিষ্য সকলক ভয় দেখুওৱাৰ লগতে বধ কৰাৰ ভাবুকিও দিবলৈ ধৰিলে৷ তেওঁ যিৰূচালেমত মহা-পুৰোহিতৰ ওচৰলৈ গ'ল,
\v 2 আৰু দম্মেচক নগৰত থকা নাম-ঘৰৰ সমাজলৈ লিখা অনুমতি পত্ৰ ললে যাতে তেওঁ সেই পথৰ যি কোনো পুৰুষ বা মহিলাক পালেই তেওঁলোকক যেন ধৰি বান্ধি যিৰূচালেমলৈ আনিব পাৰে।
\s5
\v 3 এই উদ্দেশ্যৰে যাত্ৰা কৰি দম্মেচক নগৰৰ ওচৰ পাওঁতে অকস্মাতে আকাশৰ পৰা পোহৰ ওলাই তেওঁৰ চাৰিওফালে প্ৰকাশিত হ'ল;
\v 4 তেওঁ তৎক্ষণাৎ মাটিত পৰিল আৰু এক আকাশ-বাণী শুনিবলৈ পালে, বোলে, "হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?"
\p
\s5
\v 5 চৌলে উত্তৰ দি কলে- "হে প্ৰভু, আপুনি কোন?" তেতিয়া প্ৰভুৱে কলে, "যি জনক তুমি তাড়না কৰি আছা, মই সেই যীচু;
\v 6 কিন্তু উঠা, নগৰত সোমোৱা, তাতে তুমি কি কৰিব লাগিব, সেই বিষয়ে তোমাক কোৱা হ'ব।"
\v 7 তেওঁৰ লগত যোৱা মানুহবোৰে তাত কোনো ব্যক্তিক দেখা নাপালে কিন্তু সেই আকাশ-বাণী শুনি অবাক হৈ থাকিল।
\p
\s5
\v 8 পাছত চৌলে মাটিৰ পৰা উঠি চকু মেলি একো নেদেখিলে। তেতিয়া আন লোকে তেওঁক হাতত ধৰি দম্মেচকলৈ আনিলে৷
\v 9 তাতে তেওঁ তিন দিনলৈকে দৃষ্টিহীন হৈ থাকিল আৰু ভোজন-পানো নকৰিলে।
\p
\s5
\v 10 সেই সময়ত দম্মেচকত থকা অননিয় নামেৰে এজন শিষ্যক প্ৰভুৱে দৰ্শন দি কলে, "হে অননিয়।" তেওঁ ক'লে, "হে প্ৰভু, চাওঁক, মই আছো।"
\v 11 তেতিয়া প্ৰভুৱে তেওঁক কলে, "তুমি উঠি পোন নামৰ আলিবাটেৰে গৈ যিহূদাৰ ঘৰত তাৰ্চ নগৰৰ চৌল নামৰ ব্যক্তিজনৰ খবৰ লোৱাগৈ; তাতে তুমি দেখিবা, তেওঁ প্ৰাৰ্থনা কৰি আছে৷"
\v 12 তেতিয়া চৌলে দৃষ্টি পাবৰ কাৰণে অননিয় নামেৰে এজন মানুহ তেওঁৰ ওচৰলৈ আহি তেওঁৰ গাত হাত দিয়া, এনে দৰ্শনত দেখা পালে।
\p
\s5
\v 13 কিন্তু অননিয়ই উত্তৰ দিলে, " হে প্ৰভু, সেই মানুহে যিৰূচালেমত আপোনাৰ লোক সকলৰ কিমান অপকাৰ কৰিলে, সেই বিষয়ে মই অনেকৰ পৰা শুনিলোঁ৷
\v 14 আৰু ইয়াতো আপোনাৰ নামেৰে প্ৰাৰ্থনা কৰা লোক সকলক বান্ধিবলৈ তেওঁ প্ৰধান পুৰোহিত সকলৰ পৰা ক্ষমতা লৈ আহিছে৷"
\v 15 কিন্তু প্ৰভুৱে তেওঁক কলে, "তুমি যোৱা, কিয়নো অনা-ইহুদী আৰু ৰজা সকলৰ লগতে ইস্ৰায়েলৰ সন্তান সকলৰ আগত মোৰ নাম প্ৰচাৰ কৰিবলৈ, সেইজন মোৰ মনোনীত পাত্ৰ।
\v 16 কিয়নো তেওঁ মোৰ নামৰ কাৰণে কিমান দুখভোগ কৰিব লাগিব, ইয়াকে মই তেওঁক দেখুৱাম।"
\p
\s5
\v 17 তেতিয়াই অননিয় গ'ল আৰু সেই ঘৰত সোমাই চৌলক বিচাৰি উলিয়ালে৷ তাৰ পাছত তেওঁ চৌলৰ গাত হাত দি কলে, "হে ভাই চৌল, আপুনি যেন দৃষ্টি পায় আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হয়, এই কাৰণে আপুনি অহা বাটত যিজন প্ৰভু যীচুৱে অাপোনাক দেখা দিলে, তেৱেঁই মোক আপোনাৰ ওচৰলৈ পঠালে।"
\v 18 তেতিয়াই তেওঁৰ চকুৰ পৰা মাছৰ বাকলিৰ নিচিনা এচটা ওলাই আহিল আৰু পুনৰায় দৃষ্টি পালে; তাৰ পাছত তেওঁ উঠি বাপ্তাইজিত হ'ল৷
\v 19 ইয়াৰ পাছত তেওঁ খোৱা-বোৱা কৰি বলৱান হ'ল৷ এনেদৰে কিছু দিন তেওঁ শিষ্য সকলৰ সৈতে দম্মেচকতে থাকিল৷
\p
\s5
\v 20 আৰু যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, এই কথা নাম-ঘৰবোৰত তেওঁ ঘোষণা কৰিবলৈ ধৰিলে।
\v 21 তাতে সকলোৱে শুনি বিস্ময় মানি কলে, "বোলে, যিজনে যিৰূচালেমত এই নামেৰে প্ৰাৰ্থনা কৰা সকলক লণ্ড-ভণ্ড কৰিছিল আৰু এতিয়াও তেনে লোকক বান্ধি প্ৰধান পুৰোহিতৰ আগলৈ নিবৰ আশয়েৰে এই ঠাইলৈকো আহিছে, সেই জন এৱেই নহয় নে?"
\v 22 কিন্তু চৌলে অধিক শক্তিমান হৈ, এই যীচুৱেই যে খ্ৰীষ্ট হয়, ইয়াৰ প্ৰমাণ দি দম্মেচকত থকা ইহুদী সকলক নিৰুত্তৰ কৰিলে।
\p
\s5
\v 23 এনেদৰে বহু দিনৰ পিচত ইহুদী সকলে তেওঁক বধ কৰিবলৈ চক্ৰান্ত কৰিলে৷
\v 24 আৰু তেওঁলোকে তেওঁক বধ কৰিবলৈ দিনে-ৰাতিয়ে দুৱাৰ বোৰত খাপ দি থাকিল; কিন্তু চৌলে তেওঁলোকৰ চক্ৰান্ত বুজি পালে৷
\v 25 তাৰ পাছত তেওঁৰ শিষ্য সকলে ৰাতিতেই তেওঁক পাচিত ভৰাই, গড়েদি নমাই দিলে।
\p
\s5
\v 26 পাছত চৌলে যিৰূচালেমলৈ গৈ শিষ্য সকলৰ লগ লবলৈ চেষ্টা কৰাত, সকলোৱে তেওঁলৈ ভয় কৰিলে, আৰু তেওঁ যে শিষ্য হয়, ইয়াকো বিশ্বাস নকৰিলে।
\v 27 কিন্তু বাৰ্ণবাই তেওঁক পাঁচনিসকলৰ আগলৈ আনিলে৷ ইয়াৰ পাছত দম্মেচকৰ পথত কেনেকৈ চৌলে প্ৰভুক দেখা পাইছিল, আৰু প্ৰভুৱে তেওঁৰ আগত কি কথা কৈছিল, আৰু তেওঁ কেনেকৈ দম্মেচকত যীচুৰ নামত সাহসেৰে প্ৰচাৰ কৰিছিল, সেই সকলো কথা তেওঁলোকৰ আগত বৰ্ণনা কৰিলে।
\p
\s5
\v 28 চৌলে তেওঁলোকৰ লগত যিৰূচালেমত অহা যোৱা কৰি প্ৰভু যীচুৰ নামেৰে সাহসেৰে প্ৰচাৰ কৰিলে।
\v 29 তাতে তেওঁ গ্ৰীক-ভাষী ইহুদী সকলৰ সৈতে কথোপকথন আৰু বাদ-বিবাদ কৰিলে, কিন্তু তেওঁলোকে তেওঁক বধ কৰিবলৈ চেষ্টা কৰি আছিল।
\v 30 ভাই সকলে এই বিষয়ে জানিবলৈ পোৱাত তেওঁক চীজাৰীয়ালৈ নি তাৰ্চ নগৰলৈ পঠাই দিলে।
\s পিতৰৰ দুটা আচৰিত কাৰ্য
\p
\s5
\v 31 সেই সময়ত গোটেই যিহূদিয়া, গালীল, আৰু চমৰীয়া দেশৰ মণ্ডলীসমূহ শান্তিত আছিল; বিশ্বাসী সকল সংখ্যাত বৃদ্ধি হৈ প্ৰভুৰ ভক্তিত আৰু পবিত্ৰ আত্মাই দিয়া উদগণিত জীৱন-যাপন কৰিছিল ৷
\v 32 তাৰ পাছত পিতৰে ঠায়ে ঠায়ে ফুৰি লুদ্দা নগৰৰ নিবাসী পবিত্ৰ লোক সকলৰ ওচৰ পালেগৈ৷
\p
\s5
\v 33 সেই ঠাইতে পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ আঠ বছৰ শয্যাত পৰি থকা ঐনিয়া নামেৰে এজন মানু্হক দেখিলে।
\v 34 পিতৰে তেওঁক কলে, "হে ঐনিয়া, যীচু খ্ৰীষ্টই আপোনাক সুস্হ কৰিছে; আপুনি উঠি আপোনাৰ শয্যা চপাই লওঁক;" তাতে তেওঁ তেতিয়াই উঠি থিয় হ'ল।
\v 35 পাছত লুদ্দা আৰু চাৰোণ-নিবাসী সকলেও প্ৰভুলৈ মন-পালটালে।
\p
\s5
\v 36 আৰু যাক ভাষাত দৰ্কা অৰ্থাৎ হৰিণী বুলি মাতে, দান দিয়া আৰু সৎকৰ্ম্মেৰে পূৰ্ণ হৈ থকা টাবিথা নামৰ শিষ্যা এজনী যাফোত আছিল৷
\v 37 সেই সময়ত তেওঁ নৰিয়াত পৰি মৃত্যু হোৱাত, লোক সকলে তেওঁক ধুৱাই ওপৰ কোঁঠালিত শুৱাই থলে।
\p
\s5
\v 38 তাতে লুদ্দা নগৰ যাফোৰ ওচৰ হোৱাত, আৰু পিতৰো তাতে আছে বুলি শুনি, শিষ্য সকলে তেওঁৰ ওচৰলৈ দুজন মানুহ পঠিয়াই মিনতি কৰালে, বোলে, "পলম নকৰি আমাৰ ইয়ালৈ আহক।"
\v 39 তেতিয়া পিতৰ উঠি তেওঁলোকৰ লগত গৈ তাত উপস্থিত হোৱাত, লোক সকলে তেওঁক ওপৰ কোঁঠালিলৈ নিলে আৰু বিধবা সকলে তেওঁৰ ওচৰত থিয় হৈ কান্দি কান্দি, দৰ্কাই তেওঁলোকৰ লগত থাকোতে প্ৰস্তুত কৰা চোলা আদি কাপোৰ দেখুৱাবলৈ ধৰিলে।
\p
\s5
\v 40 কিন্তু পিতৰে তেওঁলোক আটাইকে বাহিৰলৈ যাব দি আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰিলে; পাছত মৃতদেহৰ ফাললৈ ঘূৰি চাই কলে, "হে টাবিথা উঠা।" তেতিয়া তেওঁ চকু মেলি পিতৰক দেখি বহিল৷
\v 41 তাতে তেওঁ টাবিথাক হাতত ধৰি তুলিলে; পাছত পবিত্ৰ লোক আৰু বিধবা সকলক মাতি, তেওঁলোকৰ আগত তেওঁক জীৱিত দেখুৱালে।
\v 42 এই কথা যাফোৰ সকলো ঠাইতে জনাজাত হৈ যোৱাত, অনেক মানুহে প্ৰভুত বিশ্বাস কৰিলে।
\v 43 তাৰ পাছত পিতৰে যাফোত, চিমোন নামেৰে এজন মুচিয়াৰৰ ঘৰত বহু দিন থাকিল।
\s5
\c 10
\cl ১০ অধ্যায়
\s পৰজাতি সকলক মণ্ডলীত ভুক্ত কৰা
\p
\v 1 চীজাৰিয়া নগৰত ইটালীয়া নামৰ সৈন্যদলৰ কৰ্ণীলিয় নামেৰে এজন এশৰ সেনাপতি আছিল৷
\v 2 তেওঁ এজন ভক্ত লোক আছিল, তেওঁৰ ঘৰৰ সকলোৱে ঈশ্বৰলৈ ভয় ৰাখিছিল৷ তেওঁ আন লোক লোকক দান কৰিছিল আৰু সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিল৷
\p
\s5
\v 3 এদিন আবেলি প্ৰায় তিনি মান বজাত, দৰ্শনত "হে কৰ্ণীলিয়!" বুলি তেওঁক মাতা ঈশ্বৰৰ এজন দূতক স্পষ্টকৈ দেখিলে৷
\v 4 তেতিয়া কৰ্ণীলিয়ই দূতলৈ তধা লাগি চাই ভয় খাই কলে, "কি কয় প্ৰভু?" দূতে তেওঁক কলে, "তোমাৰ প্ৰাৰ্থনা আৰু দান সোৱঁৰণীয় ৰূপে ঈশ্বৰৰ আগত গ্ৰহনীয় হ'ল৷
\v 5 এতিয়া যাফোলৈ মানুহ পঠিয়াই চিমোন, যাৰ প্ৰখ্যাত নাম পিতৰ, তেওঁক মাতি পঠোৱা,
\v 6 তেওঁ সাগৰৰ তীৰত নিবাস কৰা চিমোন নামৰ চমাৰৰ ঘৰত আলহী হৈ আছে৷"
\p
\s5
\v 7 এনেদৰে কৰ্ণীলিয়ক কৈ স্বৰ্গদূত গুচি গ'ল, তাৰ পাছত তেওঁ নিজৰ ঘৰৰ দুজন লগুৱা আৰু আলপৈচান ধৰাসকলৰ মাজৰ ভক্ত সৈন্য এজনক মাতি আনি,
\v 8 তেওঁলোকক সকলো কথা তেওঁ বুজাই কলে, আৰু যাফোলৈ পঠাই দিলে৷
\p
\s5
\v 9 পাছদিনা বাৰমান বজাত তেওঁলোকে নগৰৰ ওচৰ পালে, সেই সময়ত পিতৰে প্ৰাৰ্থনা কৰিবৰ বাবে ঘৰৰ ওপৰলৈ উঠিছিল৷
\v 10 তেতিয়া তেওঁৰ ভোক লগাত খাবলৈ ইচ্ছা কৰিলে, কিন্তু লোক সকলে আহাৰ যুগুত কৰি থাকোতে তেওঁ মূৰ্ছিত হৈ পৰিল;
\v 11 আৰু আকাশ খন মুকলি হৈ, চাৰি চুকত ধৰি পৃথিবীলৈ নমাই দিয়া ডাঙৰ কাপোৰৰ নিচিনা কোনো এটা পাত্ৰ নমা দেখিলে৷
\v 12 তাত সকলো বিধৰ চাৰিঠেঙীয়া জন্তু, উৰগ আৰু আকাশৰ চৰাইবোৰ আছিল৷
\p
\s5
\v 13 তেতিয়া তেওঁলৈ এনে বাণী হ'ল বোলে: "উঠা, মাৰি খোৱা৷"
\v 14 কিন্তু পিতৰে কলে, "হে প্ৰভু, এনে নহওক; কিয়নো মই কোনোধৰণৰ বৰ্জিত আৰু অশুচি বস্তু কেতিয়াও খোৱা নাই৷"
\v 15 দ্বিতীয়বাৰ তেওঁলৈ এই বাণী হ'ল: "ঈশ্বৰে যিহকে শুচি কৰিলে, তাক তুমি বৰ্জিত নুবুলিবা৷"
\v 16 এইদৰে তিনি বাৰ ঘটিল আৰু সেই পাত্ৰ তেতিয়াই আকাশৰ ওপৰলৈ তুলি নিয়া হ'ল৷
\p
\s5
\v 17 তেতিয়া পিতৰে যি দৰ্শন দেখিলে; সেই দৰ্শনৰ অৰ্থ কি হ'ব পাৰে ইয়াকে চিন্তা কৰি থাকোতেই, কৰ্ণীলিয়ই পঠোৱা মানুহ কেইজনে সুধি সুধি চিমোনৰ ঘৰলৈ আহি দুৱাৰ মুখত থিয় হ'ল,
\v 18 আৰু মাত লগাই সুধিলে, "বোলে সেই চিমোন ইয়াত থাকে নে যিজনৰ প্ৰখ্যাত নাম পিতৰ?"
\p
\s5
\v 19 তেতিয়া পিতৰে সেই দৰ্শনৰ কথা ভাবি থাকোতেই, আত্মাই (পবিত্ৰ আত্মাই) তেওঁক কলে, "চোৱা, তিনি জন মানুহে তোমাক বিচাৰিছে৷
\v 20 তুমি উঠা আৰু নামি যোৱা৷ তেওঁলোকে সৈতে সংশয় নকৰি যোৱা; কিয়নো মইহে তেওঁলোকক পঠালোঁ৷"
\v 21 তেতিয়া পিতৰে নামি গৈ সেই মানুহ কেইজনক কলে, "তোমালোকে যিজনক বিচাৰিছা, সেইজন ময়েই৷ তোমালোকে কি কাৰণত আহিলা?"
\p
\s5
\v 22 তেওঁলোকে কলে, "কৰ্ণীলিয় নামেৰে ধাৰ্মিক আৰু ঈশ্বৰক উপাসনা কৰা আৰু গোটেই ইহুদী জাতিৰ আগত সুখ্যাতি পোৱা এনে এজন এশৰ সেনাপতিয়ে আপোনাক তেওঁৰ ঘৰলৈ মতাই নি, আপোনাৰ পৰা কথা শুনিবলৈ স্বৰ্গদূতৰ দ্বাৰাই ঈশ্বৰৰ আদেশ পাইছে৷"
\v 23 তেতিয়া পিতৰে তেওঁলোকক ৰাতিটো তেওঁৰ তাতে থকাৰ ব্যৱস্হা কৰি দিলে৷
\p পাছদিনা তেওঁ যাফোত থকা ভাই সকলৰ মাজৰ কেইজনমানক লগত লৈ তেওঁলোকৰ সৈতে যাত্ৰা কৰিলে৷
\p
\s5
\v 24 তাৰ পাছদিনা তেওঁলোকে চীজাৰিয়ালৈ আহিল৷ কৰ্ণীলিয়ই নিজৰ জ্ঞাতি আৰু আত্মীয় বন্ধু সকলক গোট খুৱাই তেওঁলোকলৈ অপেক্ষা কৰি আছিল৷
\p
\s5
\v 25 পিতৰ ঘৰত সোমাওঁতে কৰ্ণীলিয়ই দেখা কৰি তেওঁক সন্মান জনাবলৈ চৰণত পৰি প্ৰণাম কৰিলে৷
\v 26 কিন্তু পিতৰে তেওঁক তুলি ধৰি কলে, "উঠা; ময়ো মানুহহে৷"
\p
\s5
\v 27 তাৰ পাছত যেতিয়া পিতৰে তেৱেঁ সৈতে কথা কৈ কৈ ঘৰত সোমাল, বহু মানুহ গোট খাই থকা দেখি,
\v 28 তেওঁলোকক কলে, "অন্য জাতিৰ কোনো মানুহৰ লগ লোৱা নাইবা তেওঁৰ তালৈ যোৱা যে ইহুদী মানুহৰ বাবে নিষেধ, ইয়াক আপোনালোকে জানে৷ কিন্তু কোনো মানুহক বৰ্জিত বা অশুচি নুবুলিবলৈ ঈশ্বৰে মোক দেখুৱালে৷
\v 29 এই হেতুকে মোক মাতোতে কোনো আপত্তি নকৰাকৈ মই আহিলো৷ গতিকে এতিয়া সুধিছোঁ, কিয়নো আপোনালোকে মোক মাতিলে৷"
\p
\s5
\v 30 তেতিয়া কৰ্ণীলিয়ই কলে, "আজি চাৰি দিন হ'ল ঠিক এই সময়ত অৰ্থাৎ আবেলি তিনি মান বজাত প্ৰাৰ্থনা কৰি আছিলো; তেতিয়া চাওঁক, উজ্জ্বল বস্ত্ৰ পিন্ধা এজন মানুহ মোৰ আগত থিয় হ'ল৷
\v 31 তেওঁ কলে, 'হে কৰ্ণীলিয়, তোমাৰ প্ৰাৰ্থনা শুনা গ'ল আৰু তুমি দুখীয়াক দিয়া দান ঈশ্বৰৰ আগত সোঁৱৰণ কৰা হ'ল৷
\v 32 এতেকে যাফোলৈ মানু্হ পঠিয়াই, সাগৰৰ দাঁতিত চিমোন নামেৰে এজন চমাৰৰ ঘৰত আলহী হৈ থকা চিমোন, যাৰ প্ৰখ্যাত নাম পিতৰ, তেওঁক মাতি অানা গৈ৷
\v 33 এই হেতুকে মই তেতিয়াই আপোনাৰ তালৈ মানুহ পঠালোঁ৷ আপুনি যে এতিয়া আহি পালে, ভাল কৰিলে৷ এতেকে প্ৰভুৱে যি আজ্ঞা আপোনাক দিলে, সেই সকলো বিষয় শুনিবলৈ আমি সকলোৱে এতিয়া ঈশ্বৰৰ সাক্ষাতে উপস্থিত আছো৷"
\p
\s5
\v 34 তেতিয়া পিতৰে মাত দিলে আৰু কলে,
\p "ইয়াকে মই নিশ্চয়কৈ উপলদ্ধি কৰিছোঁ যে, ঈশ্বৰ কাৰো পক্ষপাতি নহয়৷
\v 35 বৰং সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধাৰ্মিক আচৰণ কৰে, সেইজন তেওঁৰ গ্ৰহণযোগ্য হয়৷
\p
\s5
\v 36 যি জন সকলোৰে প্ৰভু, সেই যীচু খ্ৰীষ্টৰ দ্বাৰাই মিলনৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁতে, ঈশ্বৰে যি বাক্য ইস্ৰায়েলৰ লোক সকললৈ পঠালে,
\v 37 আৰু যোহনে বাপ্তিস্মৰ কথা ঘোষণা কৰাৰ পাছত, গালীলৰ পৰা আৰম্ভ হৈ গোটেই যিহূদিয়ালৈকে বিয়পি গ'ল, সেই বাক্য আপোনালোকে নিজেও বুজি আছে৷
\s পিতৰৰ বক্তৃতা আৰু তাৰ ফল
\p
\v 38 সেয়ে এই যে, যেনেকৈ ঈশ্বৰে নাচৰতীয়া যীচুক পবিত্ৰ আত্মা আৰু মহিমাৰে অভিষেক কৰিলে; তেনেকৈ তেওঁ বিভিন্ন ঠাইত সৎ কৰ্ম কৰি, চয়তানৰ পৰা দুখ পোৱা সকলক সুস্হ কৰিছিল; কাৰণ ঈশ্বৰ তেওঁৰ সহায় আছিল৷
\p
\s5
\v 39 আৰু ইহুদী সকলৰ গাৱেঁ-ভুয়ে গৈ আৰু যিৰূচালেমতো তেওঁ যি যি কৰ্ম কৰিছিল, সেই সকলো কৰ্মৰ সাক্ষী আমি আছো৷ এই যীচুকেই তেওঁলোকে কাঠত আৰি বধ কৰিলে৷
\v 40 কিন্তু এইজনকে প্ৰকাশিত কৰিবলৈ ঈশ্বৰে তেওঁক তৃতীয় দিনা তুলিলে,
\v 41 আটাই মানুহৰ আগত নহয়, কিন্তু তেওঁ মৃত বিলাকৰ মাজৰ পৰা উঠাৰ পিছত তেৱেঁ সৈতে ভোজন-পান কৰা ঈশ্বৰৰ মনোনীত সাক্ষী যি আমি, আমাৰ আগতহে প্ৰকাশিত হবলৈ দিলে৷
\p
\s5
\v 42 জীৱিত আৰু মৰা দুয়োৰো বিচাৰকৰ্ত্তা হবলৈ ঈশ্বৰে যিজনক নিযুক্ত কৰিলে, তেৱেঁই সেই জনা, এই কথা সকলো লোকৰ আগত ঘোষণা কৰিবলৈ আৰু সাক্ষ্য দিবলৈ তেওঁ আমাক আজ্ঞা দিলে৷
\v 43 তেওঁৰ পক্ষে সকলো ভাববাদীয়েও সাক্ষ্য দিয়ে যাতে তেওঁত বিশ্বাস কৰা সকলোৱে তেওঁৰ নামেৰে পাপ-মোচন পায়৷
\p
\s5
\v 44 পিতৰে এই কথা কৈ থাকোতেই, শুনি থকা সকলোৰে ওপৰত পবিত্ৰ আত্মা আহিল৷
\v 45 তাতে পিতৰৰ লগত অহা চুন্নৎ হোৱা বিশ্বাসী সকলে অনা-ইহুদী সকলৰ ওপৰতো পবিত্ৰ আত্মা বাকি দিয়া দেখি বিস্ময় মানিলে৷
\p
\s5
\v 46 কাৰণ সেই অনা-ইহুদী সকলে নানা ভাষাৰে কথা কৈ ঈশ্বৰৰ স্তুতি কৰা তেওঁলোকে শুনিবলৈ পালে৷ তেতিয়া পিতৰে উত্তৰ দি কলে,
\v 47 "আমাৰ নিচিনাকৈ পবিত্ৰ আত্মা পোৱা এওঁলোক বাপ্তাইজিত নহবলৈ কোনোবাই জলক বাধা দিব পাৰে নে?"
\v 48 তেতিয়া তেওঁ যীচু খ্ৰীষ্টৰ নামেৰে তেওঁলোকক বাপ্তাইজিত হবলৈ আজ্ঞা দিলে৷ পাছত সেই ঠাইতে তেওঁলোকক কিছুদিন থাকিবলৈ তেওঁ মিনতি কৰিলে৷
\s5
\c 11
\cl ১১ অধ্যায়
\p
\v 1 পাছত পাঁচনিসকল আৰু যিহূদিয়াত থকা ভাই সকলে শুনিবলৈ পালে যে, অনা-ইহুদী লোকেও ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিলে৷
\v 2 পাছত যেতিয়া পিতৰ যিৰূচালেমলৈ আহিল, তেতিয়া চুন্নৎ হোৱা মানুহবোৰে তেওঁক নিন্দা কৰিলে;
\v 3 তেওঁলোকে কলে, "তুমি চুন্নৎ নোহোৱা মানুহবোৰৰ লগত সহযোগ কৰি, সিহঁতৰ সৈতে খোৱা-বোৱা কৰিলা!"
\p
\s5
\v 4 কিন্তু পিতৰে এই কথা বিতং ভাৱে বৰ্ণনা কৰি তেওঁলোকক কলে,
\v 5 "মই যাফো নগৰত প্ৰাৰ্থনা কৰি থাকোতেই মুৰ্চ্ছা গ'লো আৰু দৰ্শনত চাৰি চুকত ধৰি স্বৰ্গৰ পৰা নমোৱা ডাঙৰ কাপোৰৰ নিচিনা কোনো এটা পাত্ৰ মোৰ ওচৰলৈ নামি অহা দেখিলোঁ;
\v 6 তেতিয়া তালৈ মন কৰি একেথৰে চাই থাকোতে তাত পৃথিবীৰ চাৰি-ঠেঙীয়া জন্তু আৰু বনৰীয়া জন্তু, উৰগ আৰু আকাশৰ চৰাই এই সকলোকে দেখিলোঁ৷"
\p
\s5
\v 7 আৰু তেতিয়া "হে পিতৰ, উঠি মাৰি খোৱা!" এই বুলি মোলৈ কোৱা এটা বাণীও শুনিলোঁ৷
\v 8 মই কলোঁ, "হে প্ৰভু, এনে নহওক: কিয়নো কোনো বৰ্জিত বা অশুচি বস্তু মোৰ মুখত কেতিয়াও দিয়া নাই.",
\v 9 কিন্তু পুনৰ আকাশৰ পৰা নে স্ৱর্গৰ পৰা উত্তৰ আহিল, "ঈশ্বৰে যিহকে শুচি কৰিলে, সেইবোৰ তুমি বৰ্জিত নুবুলিবা৷"
\v 10 এইদৰে তিনিবাৰ ঘটাৰ পাছত সেই সকলোবোৰ আকৌ স্বৰ্গলৈ তুলি নিয়া হ'ল৷
\p
\s5
\v 11 আৰু চোৱা, তেতিয়াই চীজাৰিয়াৰ পৰা মোৰ ওচৰলৈ পঠোৱা তিনিজন মানুহ, মই যি ঘৰত আছিলো, তাত উপস্থিত হ'ল৷
\v 12 তাতে একো সংশয় নকৰাকৈ তেওঁলোকৰ লগত যাবলৈ আত্মাই মোক আজ্ঞা দিলে৷ পাছত এই ছয়জন ভায়ো মোৰ লগত গ'ল আৰু আমি সেই মানুহৰ ঘৰত গৈ সোমালো৷
\v 13 তাতে তেওঁ আমাক কলে, কেনেকৈ এজন দূতে তেওঁৰ ঘৰত থিয় হৈ কৈছিল যে, "যাফোলৈ মানুহ পঠাই, যাৰ প্ৰখ্যাত নাম পিতৰ, সেই চিমোনক মাতি পঠোৱা৷
\v 14 তাতে তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে যাৰ দ্বাৰাই পৰিত্ৰাণ পাবা, সেই কথা তেওঁ তোমাক কব৷"
\p
\s5
\v 15 পাছে মই কথা কবলৈ ধৰোতেই, পূৰ্বতে আমাৰ ওপৰত যেনেকৈ পবিত্ৰ আত্মা নামিছিল, তেনেকৈ তেওঁলোকৰ ওপৰতো নামিল৷
\v 16 "যোহনে হলে পানীতহে বাপ্তিস্ম দিলে কিন্তু তোমালোকক হ'লে পবিত্ৰ আত্মাত বাপ্তিস্ম দিয়া হ'ব", প্ৰভুৱে কোৱা এই কথা মোৰ মনত পৰিল৷
\p
\s5
\v 17 এতেকে আমি প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ বাবে ঈশ্বৰে যি দান আমাক দিলে সেই একে দান তেওঁলোককো দিলে, গতিকে ঈশ্বৰক প্ৰতিৰোধ কৰিবলৈ মই নো কোন?"
\v 18 এই কথা শুনি তেওঁলোকে কোনো সহাঁৰি নিদি বৰং ঈশ্বৰৰ স্তুতি কৰি কলে, "তেনেহলে, ঈশ্বৰে অনা-ইহুদী লোককো জীৱনৰ অৰ্থে মন-পালটন দান কৰিলে৷"
\p
\s5
\v 19 ইতিপূৰ্ব্বে যিবোৰ মানুহে স্তিফানৰ মৃত্যুৰ ক্ষেত্ৰত হোৱা বেজাৰৰ কাৰণে গোট গোট হৈ আছিল, তেওঁলোকে ফৈনীকিয়া, কুপ্ৰ, আৰু আন্তিয়খিয়ালৈকে ফুৰি, ইহুদী লোকৰ বাহিৰে আন কাৰো আগত ঈশ্বৰৰ বাক্য প্ৰচাৰ নকৰিলে৷
\v 20 কিন্তু তেওঁলোকৰ মাজৰ কুপ্ৰ আৰু কুৰীণীৰ কিছুমান আন্তিয়খিয়ালৈ আহি গ্ৰীক সকলৰ আগত প্ৰভু যীচুৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে৷
\v 21 আৰু প্ৰভুৰ হাত তেওঁলোকৰ সহকাৰী হ'ল, তাতে বহুসংখ্যক লোকে বিশ্বাস কৰি প্ৰভুলৈ আহিল৷
\p
\s5
\v 22 পাছত তেওঁলোকৰ সবিশেষ বাৰ্ত্তা যিৰূচালেমত থকা মণ্ডলীৰ কাণত যেতিয়া পৰিল, তেতিয়া মণ্ডলীয়ে বাৰ্ণব্বাক আন্তিয়খিয়ালৈ পঠিয়াই দিলে৷
\v 23 তেওঁ তাত উপস্থিত হৈ, ঈশ্বৰৰ অনুগ্ৰহ দেখি আনন্দিত হ'ল; আৰু হৃদয়ৰ আগ্ৰহেৰে প্ৰভুত আসক্ত হৈ থাকিবলৈ সকলোকে উদগালে৷
\v 24 কিয়নো তেওঁ সাধু মানুহ আৰু পবিত্ৰ আত্মাৰে বিশ্বাসত পৰিপুৰ্ণ আছিল, তাতে মানুহৰ এটা ডাঙৰ দলে প্ৰভুত যোগ দিলে৷
\p
\s5
\v 25 পাছত বাৰ্ণব্বাই চৌলক বিচাৰিবলৈ তাৰ্চ নগৰলৈ গ'ল৷
\v 26 আৰু তেওঁক পাই আন্তিয়খিয়ালৈ লৈ আহিল৷ তাতে তেওঁলোকে গোটেই বছৰ মণ্ডলীত গোট খোৱা বহু লোকক উপদেশ দিলে৷ এই আন্তিয়খিয়া নগৰতেই শিষ্য সকলক প্ৰথমে খ্ৰীষ্টিয়ান বুলি মতা হ'ল৷
\p
\s5
\v 27 সেই সময়ত কিছুমান ভাববাদী যিৰূচালেমৰ পৰা আন্তিয়খিয়ালৈ আহিল৷
\v 28 আৰু তেওঁলোকৰ মাজৰ আগাব নামেৰে এজনে উঠি, আত্মাৰ দ্বাৰাই চালিত হৈ জনালে যে, গোটেই পৃথিবীত বৰ আকাল হ'ব আৰু ক্লৌদিয়ৰ দিনত সেয়ে ঘটিব৷
\p
\s5
\v 29 তাতে শিষ্য সকলৰ প্ৰতিজনে শক্তি অনুসাৰে, যিহূদিয়াত নিবাস কৰা ভাই সকলৰ উপকাৰৰ কাৰণে সহায় পঠিয়াবলৈ সিদ্ধান্ত ললে৷
\v 30 পাছত সেইদৰে কাৰ্য কৰি, বাৰ্ণব্বা আৰু চৌলৰ হাতত পৰিচাৰক সকললৈ ধন পঠিয়াই দিলে৷
\s5
\c 12
\cl ১২ অধ্যায়
\s যাকোবক বধ কৰা আৰু পিতৰৰ উদ্ধাৰ
\p
\v 1 সেই সময়ত হেৰোদ ৰজাই মণ্ডলীৰ কোনো কোনো লোকক অত্যাচাৰ কৰিব ধৰিলে
\v 2 আৰু তেওঁ যোহনৰ ককায়েক যাকোবক তৰোৱালেৰে বধ কৰিবলৈ হুকুম দিলে৷
\p
\s5
\v 3 এই কাৰ্যত ইহুদী সকল সন্তুষ্ট হোৱা দেখি, তেওঁ পিতৰকো বন্দী কৰিলে৷ তেতিয়া খমিৰ নোহোৱা পিঠাৰ দিন আছিল৷
\v 4 পিতৰক বন্দী কৰি হেৰোদে বন্দীশালত ৰাখিলে৷ তেওঁক পহৰা দিবৰ কাৰণে চাৰিজনকৈ চাৰিটা সৈন্য দলক নিযুক্ত কৰিলে আৰু তেওঁ মনতে ভাবিলে যে, নিস্তাৰপৰ্বৰ পিছত পিতৰক জনসাধাৰণৰ ওচৰত বিচাৰৰ বাবে হাজিৰ কৰাব৷
\p
\s5
\v 5 এইদৰে পিতৰক বন্দীশালত ৰাখিলে, কিন্তু তেওঁৰ বাবে মণ্ডলীৰ লোক সকলে নিৰন্তৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি আছিল৷
\v 6 পাছত তেওঁক বাহিৰলৈ অানিবৰ বাবে সিদ্ধান্ত লোৱা দিনাখনৰ আগ-ৰাতি, পিতৰ দুজন সৈন্যৰ মাজত দুডাল শিকলিৰে বন্ধা হৈ টোপনিত আছিল আৰু প্ৰহৰীবোৰে দুৱাৰ মুখত বন্দীশাল পহৰা দি আছিল৷
\p
\s5
\v 7 সেই সময়ত প্ৰভুৰ এজন দূত অাহি উপস্থিত হ'ল আৰু সেই কোঠালিটো পোহৰেৰে উজ্বল হৈ উঠিল৷ তাতে চাপৰ মাৰি পিতৰক জগাই দূতে কলে, "বেগাই উঠা৷" তেতিয়া তেওঁৰ হাতৰ পৰা শিকলিৰ বান্ধ সুলকি পৰিল৷
\v 8 দূতে তেওঁক কলে, "কঁকাল বান্ধি পাদুকা পিন্ধা৷" পিতৰে সেইদৰে কৰিলে৷ দূতে তেওঁক কলে, "তোমাৰ কাপোৰ গাত লৈ মোৰ পাছে পাছে আহা৷"
\p
\s5
\v 9 পাছে পিতৰে দূতক অনুসৰণ কৰি বাহিৰলৈ ওলাই গ'ল৷ কিন্তু দূতে কৰা কৰ্ম যে সচাঁ, ইয়াকে নাভাবি দৰ্শন পোৱা বুলি ভাবিলে৷
\v 10 এইদৰে প্ৰথম আৰু দ্বিতীয় প্ৰহৰীবোৰক পাৰ কৰি নগৰলৈ অহা-যোৱা কৰা যিখন লোহাৰ দুৱাৰ আছিল, সেয়া নিজে নিজে তেওঁলোকলৈ মুকলি হৈ গ'ল৷ তাতে তেওঁলোক বাহিৰলৈ আহি বাটৰ এমুৰ পাওঁতে তৎক্ষণাৎ দূতে তেওঁৰ লগ এৰিলে৷
\p
\s5
\v 11 তেতিয়া পিতৰে চেতনা পাই কলে, "প্ৰভুৱে তেওঁৰ দূত পঠিয়াই হেৰোদৰ হাতৰ পৰা আৰু ইহুদী লোকৰ সকলো আকাংক্ষাৰ পৰা মোক যে উদ্ধাৰ কৰিলে, এতিয়াহে মই নিশ্চয়কৈ জানিছোঁ৷"
\v 12 ইয়াকে তেওঁ জনাৰ পাছত, মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যি যোহন, তেওঁৰ মাক মৰিয়মৰ ঘৰলৈ গ'ল; তাতে অনেক লোক গোট খাই প্ৰাৰ্থনা কৰি আছিল৷
\p
\s5
\v 13 তেতিয়া তেওঁ বাহিৰৰ দুৱাৰত টুকুৰিওৱাত, ৰোদা নামেৰে এজনী চাকৰণীয়ে মাত দিবলৈ আহিল৷
\v 14 তাতে তাই পিতৰৰ মাত শুনি বুজি পাই, আনন্দত দুৱাৰ মেলিবলৈ পাহৰি ভিতৰলৈ লৰি গৈ, পিতৰ দুৱাৰ মুখত থিয় হৈ আছে বুলি কলেগৈ৷
\v 15 তেতিয়া তেওঁলোকে তাইক কলে, "তই পাগলি হৈছ৷" কিন্তু তাই সঁচা বুলি দৃঢ়তাৰে নিশ্চিত ভাবে কলে৷ তেওঁলোকে কলে, "তেনেহলে সেইজন তেওঁৰ দূতহে হব৷"
\p
\s5
\v 16 কিন্তু পিতৰে দুৱাৰত বাৰে বাৰে টুকুৰিয়াই আছিল, তেতিয়া তেওঁলোকে দুৱাৰ মেলি দিয়াত, তেওঁক দেখি বিস্ময় মানিলে৷
\v 17 পিতৰে নিজম দি থাকিবলৈ হাতেৰে ইংগিত দি, প্ৰভুৱে কেনেকৈ তেওঁক বন্দীশালৰ পৰা মুকলি কৰি আনিলে, তাৰ বৃত্তান্ত তেওঁলোকৰ আগত বৰ্ণনা কৰিলে৷ আৰু কলে, "তোমালোকে যাকোব আৰু ভাই সকলক এই সংবাদ দিবা৷" ইয়াকে কৈ তেতিয়াই তেওঁ ওলাই আন ঠাইলৈ গুচি গ'ল৷
\p
\s5
\v 18 পাছে ৰাতিপুৱা হ'ল, পিতৰৰ নো কি হ'ল, এই বুলি সৈন্য সকলৰ মাজত বৰ হুলস্থুল লাগিল৷
\v 19 তেতিয়া হেৰোদে তেওঁক বিচাৰি নাপাই, প্ৰহৰী সকলৰ সোধ-বিচাৰ কৰি প্ৰাণদণ্ডৰ আজ্ঞা দিলে৷ তেতিয়া তেওঁ যিহূদীয়াৰ পৰা চীজাৰিয়ালৈ গ'ল আৰু তাতে থাকিল৷
\p
\s5
\v 20 তুৰীয়া আৰু চীদোনীয়া সকলৰ প্ৰতি হেৰোদৰ অতিশয় ক্ৰোধ আছিল৷ কিন্তু তেওঁলোকে একে আলোচনাৰে তেওঁৰ আগলৈ গৈ, ব্লাস্ত নামেৰে ৰজাৰ ভিতৰুৱাল ফুকনক তেওঁলোকৰ ফলীয়া কৰি, শান্তি স্হাপন কৰিবলৈ নিবেদন কৰিলে, কাৰণ এই ৰজাৰ দেশৰ পৰাই তেওঁলোকৰ দেশলৈ খোৱা বস্তুবোৰ আহিছিল৷
\v 21 এটা নিৰূপিত দিনত হেৰোদে ৰাজবস্ত্ৰ পিন্ধি সিংহাসনৰ পৰা তেওঁলোকলৈ ভাষণ দিছিল৷
\p
\s5
\v 22 তেতিয়া লোক সকলে ৰিঙিয়াই কলে, "এয়া এজন ঈশ্বৰৰ মাত, মানুহৰ মাত নহয়!"
\v 23 কিন্তু সেই প্ৰশংসা ঈশ্বৰক নিদিয়াত, প্ৰভুৰ দূতে তেতিয়াই তেওঁক আঘাত কৰিলে আৰু পোকে খোৱাত, তেওঁ প্ৰাণ ত্যাগ কৰিলে৷
\p
\s5
\v 24 কিন্তু ঈশ্বৰৰ বাক্য ব্যাপক হাৰত বিয়পি গ'ল৷
\v 25 এইদৰে বাৰ্ণব্বা আৰু চৌলে যি কৰ্মৰ দায়িত্ব পাইছিল, সেয়া তেওঁলোকে সিদ্ধ কৰিলে, আৰু মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যোহনক লগত লৈ যিৰূচালেমৰ পৰা উভতি আহিল৷
\s5
\c 13
\cl ১৩ অধ্যায়
\s শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ পৌলৰ প্ৰথম যাত্ৰা
\p
\v 1 আন্তিয়খিয়াত থকা মণ্ডলীত কেইজনমান ভাৱবাদী আৰু উপদেশক আছিল৷ তেওঁলোক বাৰ্ণব্বা, চিমোন, যিজনক নিগ্ৰ বোলে, কুৰীণীৰ লুকীয়, হেৰোদ ৰজাৰ লগত প্ৰতিপালিত হোৱা মন্‌হেম আৰু চৌল৷
\v 2 যি সময়ত তেওঁলোকে প্ৰভুৰ উপাসনা কৰি লঘোন দি আছিল, সেই সময়তে পবিত্ৰ আত্মাই কলে, "যি কৰ্ম কৰিবলৈ মই বাৰ্ণব্বা আৰু চৌলক মাতিলোঁ, সেই কৰ্মৰ নিমিত্তে তেওঁলোকক মোলৈ পৃথক কৰি দিয়া৷"
\v 3 তাতে তেওঁলোকে লঘোন দি প্ৰাৰ্থনা কৰি, সেই দুজনৰ ওপৰত হাত দি পঠিয়াই দিলে৷
\p
\s5
\v 4 এইদৰে পবিত্ৰ আত্মাৰ বাধ্য হৈ বাৰ্ণব্বা আৰু চৌল চিলুকিয়ালৈ গ'ল; তাৰ পৰা জাহাজেৰে কুপ্ৰ দ্বীপলৈ গ'ল৷
\v 5 তাতে চালামী নগৰ পাই, ইহুদী সকলৰ নাম-ঘৰবোৰত ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিলে৷ সেই সময়ত যোহনো তেওঁলোকৰ পৰিচাৰক হৈ আছিল৷
\p
\s5
\v 6 এইদৰে তেওঁলোকে সেই দ্বীপটোৰ চাৰিওফালে ফুৰি পাফঃ নগৰলৈকে গ'ল, তাতে বাৰ-যীচু নামেৰে যি এজন ইহুদী মানুহ মায়াবী আৰু ভাঁৰি-কোৱা ভাববাদী আছিল, তেওঁক দেখা পালে৷
\v 7 তেওঁ বুদ্ধিমান চৰ্জ্জিয় পৌল নামে দ্বীপৰ অধিপতিৰ লগত আছিল৷ সেই অধিপতিয়ে চৌল আৰু বাৰ্নব্বাক মাতি পঠিয়াই ঈশ্বৰৰ বাক্য শুনিবলৈ ইচ্ছা কৰিছিল ৷
\v 8 কিন্তু ইলুমাই, অৰ্থাৎ সেই মায়াবীয়ে (কিয়নো এয়ে তেওঁৰ নামৰ অৰ্থ) অধিপতিক বিশ্বাসৰ পৰা আতৰাই অনাৰ উদ্দেশ্যেৰে তেওঁলোকৰ প্ৰতিৰোধ কৰিলে৷
\p
\s5
\v 9 তাতে চৌল, যিজনক পৌলো বোলে, তেওঁ পবিত্ৰ আত্মাৰে পৰিপুৰ্ণ হৈ, তেওঁলৈ স্হিৰ দৃষ্টিৰে চালে
\v 10 আৰু কলে, "হেৰৌ সকলো কপট আৰু দুষ্কৰ্মেৰে পৰিপুৰ্ণ হোৱাটো, চয়তানৰ পুতেক আৰু সকলো প্রকাৰ ন্যায়ৰ শত্ৰু, তই প্ৰভুৰ সৰল পথ বিপৰীত কৰিবলৈ ৰখা নাই নে?
\p
\s5
\v 11 আৰু এতিয়া চা, প্ৰভুৰ হাত তোৰ ওপৰত আছে আৰু তই কিছু সময়লৈকে সুৰ্য্য নেদেখি অন্ধ হৈ থাকিবি৷" তেতিয়াই ইলুমাইৰ চকু জলকতবক লাগিল আৰু অন্ধকাৰময় হ'ল; তেতিয়া তেওঁক হাতত ধৰি নিবলৈ তেওঁ মানুহ বিচাৰিবলৈ ধৰিলে৷
\v 12 এই ঘটনা দেখি, সেই অধিপতিয়ে প্ৰভুৰ উপদেশত বিস্ময় মানি বিশ্বাস কৰিলে৷
\s আন্তিয়খিয়াত শুভবাৰ্ত্তা প্ৰচাৰ কৰা
\p
\s5
\v 13 ইয়াৰ পাছত পৌল আৰু তেওঁৰ লগৰ কেইজনে পাফঃ নগৰৰ পৰা সমুদ্ৰ-পথেদি পাম্ফুলিয়া দেশৰ পৰ্গা নগৰলৈ গ'ল৷ কিন্তু যোহনে তেওঁলোকক এৰি, যিৰূচালেমলৈ উলটি আহিল৷
\v 14 পৌল আৰু তেওঁৰ লগৰ কেইজনে পৰ্গাৰ পৰা যাত্ৰা কৰি পিচিদিয়া দেশৰ আন্তিয়খিয়া নগৰ পাই তাতে বিশ্ৰামবাৰে নামঘৰত সোমাই বহিল৷
\v 15 তাতে বিধান আৰু ভাববাদী সকলৰ বাক্য পঢ়াৰ পাছত, নাম-ঘৰৰ গৰাকীসকলে তেওঁলোকৰ ওচৰলৈ কৈ পঠিয়ালে বোলে, "হে ভাই সকল, মানুহবোৰলৈ তোমালোকৰ যদি কোনো উদগণিৰ কথা আছে, তেন্তে সেই বিষয়ে কোৱা৷"
\p
\s5
\v 16 তেতিয়া পৌলে উঠি, হাতেৰে ইংগিত দি কলে, "হে ইস্ৰায়েলীয়া মানুহবোৰ আৰু হে ঈশ্বৰ ভয়কাৰী লোকসকল, শুনক৷
\v 17 এই ইস্ৰায়েলীয় সকলৰ ঈশ্বৰে আমাৰ ওপৰ-পুৰুষ সকলক মনোনীত কৰিলে আৰু মিচৰ দেশত প্ৰবাসী হৈ থকা সময়ত মানুহবোৰৰ উন্নতি সাধন কৰি, তাৰ পৰা নিজ পৰাক্ৰমেৰে তেওঁলোকক বাহিৰ কৰি আনিলে৷
\v 18 আৰু দুকুৰিমান বছৰলৈকে মৰুপ্ৰান্তত তেওঁলোকক পিতৃৰ নিচিনাকৈ প্ৰতিপালন কৰিলে৷
\p
\s5
\v 19 পাছত তেওঁ কনান দেশৰ সাত জাতিক উচ্ছেদ কৰি, তেওঁলোকৰ দেশখনক উত্তৰাধিকাৰ স্বৰূপে ইস্ৰায়েলী সকলক দিলে৷
\v 20 এইদৰে প্ৰায় চাৰি শ পঞ্চাশ বছৰ পাৰ হৈ গ'ল৷ তাৰ পাছত, চমূৱেল ভাববাদীৰ সময়লৈকে বিচাৰকৰ্ত্তা সকলক নিযুক্ত কৰিলে৷
\p
\s5
\v 21 পাছত তেওঁলোকে এজন ৰজা বিচৰাত, ঈশ্বৰে বিন্যামীনৰ ফৈদৰ কীচৰ পুত্ৰ চৌলক চল্লিশ বছৰলৈকে ৰাজত্ব কৰিবলৈ দিলে৷
\v 22 ইয়াৰ পাছত ঈশ্বৰে ৰজাৰ শাসনৰ পৰা তেওঁক আতৰাই, তেওঁলোকৰ ৰজা হবলৈ দায়ুদক মনোনীত কৰিলে৷ আৰু দায়ুদৰ বিষয়ে ঈশ্বৰে সাক্ষ্য দি কলে, 'মোৰ মনৰ দৰে এজনক, অৰ্থাৎ যিচয়ৰ পুত্ৰ দায়ুদক পালো; তেওঁ মোৰ সকলো ইচ্ছা পূৰ্ণ
\f +
\fr 13.22
\ft ১ম চমূ ১৫:২৩,২৬,২৮; ১৬:১; হোচেয়া ১৩:১১ ১ম চমূ ১৬:১৩; ২ চমূ ২:; ৫:৩; গীত ৮৯:২০
\f* কৰিব৷'
\p
\s5
\v 23 এইজন মানুহৰ বংশৰ পৰা ঈশ্বৰে অঙ্গীকাৰ কৰাৰ দৰে এজন ত্ৰাণকৰ্ত্তা, অৰ্থাৎ যীচুক ইস্ৰায়েলী লোকৰ আগত উপস্থিত কৰিলে৷
\v 24 যীচু অহাৰ আগেয়ে, যোহনে ইস্ৰায়েলী লোক সকলৰ আগত মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰিলে৷
\v 25 যোহনে তেওঁৰ কাৰ্য সম্পন্ন কৰোঁতে, এই কথা কৈছিল, 'আপোনালোকে মোক কোন বুলি ভাবিছে? মই সেইজন নহওঁ৷ কিন্তু শুনক, এনে এজন মোৰ পাছত আহি আছে, যিজনৰ চৰণৰ পাদুকাৰ বান্ধ খুলিবৰো মই যোগ্য নহওঁ৷'
\p
\s5
\v 26 হে ভাই সকল, হে অব্ৰাহামৰ বংশৰ সন্তানসকল আৰু আপোনালোকৰ মাজৰ ঈশ্বৰ ভয়কাৰী সকল, আমালৈ এই পৰিত্ৰাণৰ বাক্য পঠোৱা হৈছে৷
\v 27 কিয়নো যিৰূচালেম নিবাসী আৰু তেওঁলোকৰ শাসনকৰ্ত্তা সকলে তেওঁক নাজানি আৰু প্ৰত্যেক বিশ্ৰাম-বাৰত পঢ়া ভাববাদীসকলৰ বাক্যকো নুবুজি, যীচুক দোষাৰোপ কৰি, সেই বাক্য পূৰ্ণ কৰিলে৷
\p
\s5
\v 28 আনকি প্ৰাণদণ্ডৰ কোনো কাৰণ বিচাৰি নাপাই, তেওঁক বধ কৰিবলৈ পীলাতৰ আগত নিবেদন কৰিলে,
\v 29 আৰু তেওঁৰ বিষয়ে যি যি কথা লিখা আছিল; তেওঁলোকে সেই সকলোকে সম্পন্ন কৰি তেওঁক কাঠৰ পৰা নমাই মৈদামত শুৱাই থলে৷
\p
\s5
\v 30 কিন্তু ঈশ্বৰে তেওঁক মৃতবোৰৰ মাজৰ পৰা তুলিলে
\v 31 আৰু গালীলৰ পৰা যিৰূচালেমলৈ তেওঁৰ লগত অহা সকলক তেওঁ অনেক দিনলৈ দেখা দি থাকিল৷ তেওঁলোকেই এতিয়া লোক সকলৰ আগত তেওঁৰ সাক্ষী হৈ আছে৷
\p
\s5
\v 32 গতিকে আমাৰ পূৰ্ব্ব-পুৰুষ সকলৰ আগত কৰা অঙ্গীকাৰৰ বিষয়ে, আমি আপোনালোকক এই শুভবাৰ্ত্তা জনাইছো:
\v 33 ঈশ্বৰে যীচুক মৃত্যুৰ পৰা তুলি, সেই অঙ্গীকাৰ আমাৰ সন্তানসকললৈ সিদ্ধ কৰিলে৷ এই বিষয়ে গীতমালাৰ দুই নম্বৰ গীতত লিখা আছে, বোলে,
\q 'তুমি মোৰ পুত্ৰ, আজি মই তোমাক জন্ম দিলো৷’
\v 34 ঈশ্বৰে যীচুক যে মৃতবোৰৰ মাজৰ পৰা তুলিলে, আগলৈ ক্ষয় নাপাবলৈহে তুলিলে৷ এই বিষয়ে ঈশ্বৰে কৈছিলঃ
\q 'দায়ুদৰ ওচৰত যি যি পবিত্ৰ আৰু সত্য প্ৰতিশ্ৰুতি দিছিলো, সেই সকলো মই তোমালোকক দিম৷'
\p
\s5
\v 35 এইদৰে আন গীতত তেওঁ কৈছে,
\q 'তুমি তোমাৰ পবিত্ৰ জনক ক্ষয় পাবলৈ নিদিবা৷"
\v 36 কিয়নো দায়ুদে ঈশ্বৰৰ ইচ্ছাৰ দৰে কৰ্ম কৰি, তেওঁৰ সময়ত মানুহবোৰৰ উপকাৰ সাধন কৰিলে আৰু মহা-নিদ্ৰা গ'ল, আৰু তেওঁৰ পিতৃ-পুৰুষসকলৰ লগত মৈদামত থোৱা হোৱাত ক্ষয় পালে,
\v 37 কিন্তু যি জনক ঈশ্বৰে তুলিলে, সেই জনে ক্ষয় নাপালে৷
\p
\s5
\v 38 এই কাৰণে, হে ভাই সকল, সেই জনৰ দ্বাৰাই আপোনালোকৰ আগত পাপ-মোচনৰ বিষয় প্ৰচাৰ কৰা হৈছে৷
\v 39 আৰু মোচিৰ বিধানৰ দ্বাৰাই যি যি দোষৰ পৰা আপোনালোকে মুক্ত হব পৰা নাই; সেই আটাই দোষৰ পৰা সকলোৱে যীচুত বিশ্বাস কৰাৰ দ্বাৰা মুক্ত হয়, ইয়াক আপোনালোকে জানি লওঁক৷
\p
\s5
\v 40 এতেকে সাৱধান হওঁক, যাতে কোনো ভাৱবাদী সকলৰ পু্স্তকত লিখা এই বাক্য মতে আপোনালোকলৈ যেন নঘটে, ভাববাদীসকলে কৈছে -
\q
\v 41 'হে হেয়জ্ঞানকাৰী সকল, তোমালোকে চোৱা, বিস্ময় মানা, আৰু অন্তৰ্হিত হোৱা;
\q এনে কৰ্ম মই তোমালোকৰ দিনত কৰিম,
\q কিয়নো যি কৰ্মৰ বিৱৰণ কোনোৱে তোমালোকক কলেও, তোমালোকে সেই বিৱৰণ কোনোমতে বিশ্বাস নকৰিবা৷'"
\p
\s5
\v 42 পাছত পৌল আৰু বাৰ্ণব্বা ওলাই যাবলৈ ধৰোঁতে, মানুহবোৰে নিবেদন কৰি কলে, "অহা বিশ্ৰাম-বাৰতো এইদৰে প্ৰচাৰ কৰা হওঁক৷”
\v 43 তেতিয়া নাম-ঘৰৰ সমাজ ভাঙিলত, অনেক ইহুদী আৰু ইহুদী-ধৰ্ম লোৱা ভক্ত সকলে পৌল আৰু বাৰ্ণব্বাক অনুসৰণ কৰিলে, তাতে তেওঁলোকৰ সৈতে কথা-বতৰা হৈ, ঈশ্বৰৰ অনুগ্ৰহত থিৰ হৈ থাকিবলৈ তেওঁলোকক উদগণি দিলে৷
\p
\s5
\v 44 তাৰ পাছৰ বিশ্ৰাম-বাৰত নগৰৰ প্ৰায় সকলো মানুহে ঈশ্বৰৰ বাক্য শুনিবলৈ গোট খালে৷
\v 45 কিন্তু ইহুদী সকলে লোকসমূহক দেখি, ঈৰ্ষাৰে পুৰ হৈ নিন্দা কৰি কৰি পৌলে কোৱা কথা অৱমাননা কৰিলে৷
\p
\s5
\v 46 তাতে পৌল আৰু বাৰ্ণব্বাই সাহসেৰে কলে, "প্ৰথমতে আপোনালোকক ঈশ্বৰৰ বাক্য কোৱা উচিত আছিল৷ কিন্তু আপোনালোকে নিজকে দুৰ কৰি অনন্ত জীৱনৰ অযোগ্য দেখুৱালে, সেয়ে চাওঁক, আমি অনা-ইহুদী লোক সকলৰ মাজলৈ ঘুৰিলোঁ৷
\v 47 কিয়নো প্ৰভুৱে আমাক এনে আজ্ঞা দিলে,
\q 'তোমাক মই পৰজাতি লোকৰ পোহৰ কৰি থলোঁ,
\q যেন তুমি জগতৰ সীমালৈকে পৰিত্ৰাণস্বৰূপ হোৱা৷"
\p
\s5
\v 48 অনা-ইহুদী লোকে ইয়াকে শুনি আনন্দিত হৈ ঈশ্বৰৰ বাক্যৰ প্ৰশংসা কৰিলে৷ যি সকলক অনন্ত জীৱন পাবলৈ নিৰূপিত আছিল, সেই সকলোৱে বিশ্বাস কৰিলে৷
\v 49 এইদৰে প্ৰভুৰ বাক্য সেই ঠাইৰ গোটেই অঞ্চলত বিয়পি গ'ল৷
\p
\s5
\v 50 কিন্তু ইহুদী সকলে, ভক্ত ভদ্ৰ মহিলা সকলক আৰু নগৰৰ প্ৰধান লোকক উচটাই, পৌল আৰু বাৰ্ণব্বাক তাড়না কৰি, তেওঁলোকৰ সীমাৰ পৰা খেদাই দিলে.
\v 51 তাতে তেওঁলোকে ভৰিৰ ধুলি সিহঁতৰ অহিতে জোকাৰি পেলাই, ইকনিয় নগৰলৈ গ'ল৷
\v 52 আৰু শিষ্যসকল আনন্দেৰে আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'ল৷
\s5
\c 14
\cl ১৪ অধ্যায়
\s ইকনিয়ত পৌল আৰু বার্ণব্বা
\p
\v 1 পাছত পৌল আৰু বার্ণব্বাই ইকনিয় নগৰত সোমাই, দুয়ো একেলগে ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল। তাত তেওঁলোকে এনেকৈ কথা ক’লে যে, ইহুদী আৰু গ্রীক সকলৰ বহু লোকে বিশ্বাস কৰিলে।
\v 2 কিন্তু অবিশ্বাসী ইহুদী সকলে অনা-ইহুদী সকলক উচটাই তেওঁলোকৰ মনবোৰ বিশ্বাসী ভাই সকলৰ অহিতে বিষময় কৰি তুলিলে।
\s5
\v 3 সেয়ে, পৌল আৰু বার্ণব্বাই প্রভুত থাকি, সাহসেৰে প্রচাৰ কৰি সেই নগৰতে বেছ কিছু দিন থাকিল। প্রভুৱে তেওঁলোকৰ মাধ্যমেদি অদ্ভুত লক্ষণ আৰু কার্য কৰি দেখুৱাই তেওঁৰ অনুগ্রহৰ বাক্যৰ সাক্ষ্য দিলে।
\v 4 তাতে নগৰৰ লোক সকলৰ মাজত দুটা দল হ’ল; এটা দলে ইহুদী সকলৰ আৰু আনটো দলে পাঁচনি সকলৰ পক্ষ ললে ।
\s5
\v 5 পাছত অনা-ইহুদী আৰু ইহুদী সকলে নিজৰ নেতা সকলৰ সৈতে লগ হৈ পৌল আৰু বার্ণব্বাক অপমান কৰিবলৈ আৰু শিল দলিয়াই মাৰিবলৈ ষড়যন্ত্র কৰিলে।
\v 6 কিন্তু পৌল আৰু বার্ণব্বাই এই বিষয়ে জানিবলৈ পোৱাত লুকায়নিয়া দেশৰ লুস্ত্রা ও দর্বী নগৰ আৰু তাৰ ওচৰ-পাজৰৰ অঞ্চললৈ পলাই গ’ল।
\v 7 তেওঁলোকে সেই ঠাইবোৰতো শুভবার্তা প্রচাৰ কৰিলে।
\p
\s5
\v 8 লুস্ত্রা নগৰত ভৰিত বল নোহোৱা, কেতিয়াও খোজ নকঢ়া ওপজাৰে পৰা খোৰা লোক এজন বহি আছিল আৰু
\v 9 তেওঁ পৌলৰ কথাবোৰ শুনি আছিল। পৌলে তেওঁৰ ফালে একেথৰে চাই দেখিলে যে লোক জনৰ সুস্থ হবৰ বাবে বিশ্বাস আছে।
\v 10 পৌলে তেতিয়া বৰ মাতেৰে লোক জনক ক’লে, “তুমি তোমাৰ দুই ভৰিত ভৰ দি থিয় হোৱা।” তাতে মানুহ জন লাফ মাৰি উঠিল আৰু খোজ কাঢ়ি ফুৰিবলৈ ধৰিলে।
\s5
\v 11 পৌলে কৰা এই কার্য যেতিয়া লোক সকলে দেখা পালে, তেওঁলোকে লুকায়নিয়া ভাষাত উচ্চস্বৰে কবলৈ ধৰিলে, “মানুহৰ ৰূপ লৈ দেৱতাবোৰ আমাৰ মাজত অৱতীর্ণ হৈছে।”
\v 12 তেওঁলোকে বার্ণব্বাক “দ্যুপিতৰ”* আৰু পৌল যিহেতু প্রধান বক্তা আছিল, সেয়েহে তেওঁক “মের্কুৰীয়”* বুলি কবলৈ ধৰিলে।
\f +
\fr 14:12
\ft দ্যুপিতৰ - গ্রীক সকলৰ অত্যন্ত গুৰুত্বপূর্ণ দেৱতা।
\fp মের্কুৰীয় - গ্রীক সকলৰ বিশ্বাস মতে যিজন দেৱতাসকলৰ বার্তাবাহক আছিল।
\f*
\v 13 নগৰৰ ঠিক বাহিৰতে দ্যুপিতৰৰ যি মন্দিৰ আছিল, তাৰ পুৰোহিতে কেইটামান ষাঁড় গৰু আৰু ফুলৰ মালা লৈ নগৰৰ দুৱাৰমুখলৈ আহিল; পুৰোহিত আৰু মানুহবোৰে সেইবোৰৰ বলি উৎসর্গ কৰিবলৈ বিচাৰিলে।
\s5
\v 14 কিন্তু পাঁচনি বার্ণব্বা আৰু পৌলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে নিজৰ পোছাক ফালি দৌৰি বাহিৰলৈ গৈ লোক সকলক উদ্দেশ্য কৰি চিঞঁৰি চিঞঁৰি ক’লে,
\v 15 “ৰাইজ সকল, আপোনালোকে কিয় এইবোৰ কৰিছে? আমিও আপোনালোকৰ দৰে সকলো অনুভৱ কৰিব পৰা সাধাৰণ মানুহ । আমি আপোনালোকক শুভবার্তা শুনাবলৈ আহিছো । এই অসাৰ বিষয়বোৰ ত্যাগ কৰি, যি জন ঈশ্বৰে স্বৰ্গ, পৃথিৱী, সমুদ্র আৰু তাৰ মাজত থকা সকলোকে স্রজন কৰিলে, সেই জীৱন্ত ঈশ্বৰলৈ আপোনালোক ঘূৰিব আহিব লাগে ।
\v 16 অতীতত তেওঁ সকলো জাতিক নিজৰ ইচ্ছানুসাৰে চলিবলৈ দিছিল।
\s5
\v 17 কিন্তু তথাপিও তেওঁ নিজৰ বিষয়ে প্রমাণ নিদিয়াকৈ নাথাকিল। তেওঁ সকলোৰে মঙ্গল কৰে। তেওঁ আকাশৰ পৰা বৰষুণ আৰু বিভিন্ন ঋতুত শস্য দিয়ে। তেওঁ আপোনালোকলৈ আহাৰ যোগায় আৰু আপোনালোকৰ হৃদয় আনন্দেৰে পূর্ণ কৰে।"
\v 18 এইবোৰ কথা কৈ পৌল আৰু বার্ণব্বাই তেওঁলোকৰ উদ্দেশ্যে বলি উৎসর্গ কৰাৰ পৰা লোক সকলক কোনো মতেহে বাধা দি ৰাখিলে।
\p
\s5
\v 19 ইয়াৰ পাছত আন্তিয়খিয়া আৰু ইকনিয়ৰ পৰা কেইজনমান ইহুদী লোক আহি তাত থকা লোক সকলক প্রৰোচিত কৰাত মানুহবোৰে পৌললৈ শিল দলিয়ালে আৰু পাছত তেওঁ মৰিল বুলি ভাবি তেওঁক নগৰৰ বাহিৰলৈ চোঁচৰাই লৈ গ’ল।
\v 20 কিন্তু বিশ্বাসী সকল আহি তেওঁক আগুৰি ধৰি থিয় হ’ল আৰু তাৰ পাছত তেওঁ উঠি পুনৰ নগৰলৈ গ’ল। পিছদিনা পৌল, বার্ণব্বাৰে সৈতে দর্বীলৈ গ’ল।
\p
\s5
\v 21 সেই নগৰত তেওঁলোকে শুভবার্তা প্রচাৰ কৰিলে আৰু বহুলোক যীচুৰ অনুগামী হ’ল। পুনৰ তেওঁলোক লুস্ত্রা, ইকনিয় আৰু আন্তিয়খিয়ালৈ উলটি গ’ল।
\v 22 তাত তেওঁলোকে শিষ্যসকলৰ মনোবল শক্তিশালী কৰিলে আৰু বিশ্বাস অটুট ৰাখিবলৈ উৎসাহ যোগালে। তেওঁলোকে শিষ্য সকলক ক’লে যে, “অনেক দুখ-ভোগৰ মাজেদি আমি ঈশ্বৰৰ ৰাজ্যত প্রৱেশ কৰিব লাগিব।"
\s5
\v 23 পৌল আৰু বার্ণব্বাই প্রার্থনা আৰু উপবাসেৰে সৈতে প্রত্যেকটো বিশ্বাসী মণ্ডলীত শিষ্য সকলৰ কাৰণে পৰিচালক সকলক নিয়োগ কৰিলে আৰু যিজন প্রভুত তেওঁলোকে বিশ্বাস স্থাপন কৰিলে, তেওঁৰ হাতত তেওঁলোকক সঁপি দিলে।
\v 24 ইয়াৰ পাছত তেওঁলোক পিচিদিয়া প্রদেশৰ মাজেদি পাম্ফুলিয়ালৈ আহিল।
\v 25 তেওঁলোকে পর্গাত বাক্য প্রচাৰ কৰি আত্তালিয়ালৈ গ’ল।
\v 26 তাৰ পৰা পৌল আৰু বার্ণব্বাই জাহাজেৰে আন্তিয়খিয়ালৈ আহিল। যি কার্য তেওঁলোকে এতিয়া সম্পূর্ণ কৰিলে, সেই কার্যৰ কাৰণে এই নগৰতে তেওঁলোকক ঈশ্বৰৰ অনুগ্রহলৈ সমর্পিত কৰা হৈছিল।
\s5
\v 27 আন্তিয়খিয়া পোৱাৰ পাছত তেওঁলোকে মণ্ডলীৰ বিশ্বাসী সকলক একত্রিত কৰিলে। ঈশ্বৰে তেওঁলোকলৈ যি যি কৰিলে আৰু কেনেকৈ তেওঁ অনা-ইহুদী সকললৈ বিশ্বাসৰ দুৱাৰ মুকলি কৰি দিলে, সেই সকলো কথা বিৱৰি ক’লে।
\v 28 তাৰ পাছত পৌল আৰু বার্ণব্বা অনুগামী সকলৰ লগত সেই ঠাইত ভালেমান দিনলৈকে থাকিল।
\s5
\c 15
\cl ১৫ অধ্যায়
\s যিৰূচালেমত পৰিষদীয় সভা
\p
\v 1 যিহূদা প্রদেশৰ পৰা কেইজন মান লোক আহি বিশ্বাসী ভাইসকলক এই শিক্ষা দিলে যে, “মোচিৰ বিধান অনুসাৰে চুন্নত কার্য নকৰিলে, আপোনালোকে উদ্ধাৰ নাপাব।"
\v 2 পৌল আৰু বার্ণব্বাই এই শিক্ষাৰ বিৰোধিতা কৰিলে আৰু তেওঁলোকৰ মাজত তর্ক-বিতর্ক হ’ল। পাছত ভাই সকলে সিদ্ধান্ত ললে যে, এই বিষয়ৰ মীমাংসাৰ কাৰণে পৌল, বার্ণব্বা আৰু আন কেইজনমান যিৰূচালেমত থকা পাঁচনি আৰু পৰিচাৰক সকলৰ ওচৰলৈ যাওঁক।
\s5
\v 3 এই সিদ্ধান্তৰে মণ্ডলীয়ে তেওঁলোকক যিৰূচালেমলৈ পঠাই দিলে। তেওঁলোকে ফৈনীকিয়া আৰু চমৰিয়া দেশৰ মাজেদি গ’ল আৰু অনা-ইহুদী সকল যে খ্রীষ্ট বিশ্বাসী হৈছে, সেই বিষয়ে ঘোষণা কৰিলে। এনেদৰে তেওঁলোকে বিশ্বাসী ভাইসকলক অতি আনন্দিত কৰিলে
\v 4 পাছত তেওঁলোক যেতিয়া যিৰূচালেম পায়হি, তেতিয়া মণ্ডলী, পাচঁনি আৰু পৰিচাৰক সকলে তেওঁলোকক আদৰণি জনালে। ঈশ্বৰে তেওঁলোকৰ লগত থাকি যি যি কৰিলে, সেই বিষয়ে তেওঁলোকে সকলো কথা জনালে।
\s5
\v 5 কিন্তু ফৰিচী সকলৰ মাজৰ পৰা অহা কেইগৰাকীমান বিশ্বাসী থিয় হ’ল আৰু ক’লে, “অনা-ইহুদী বিশ্বাসীসকলৰ চুন্নত কৰা আৱশ্যক আৰু মোচিৰ বিধান পালন কৰিবলৈ তেওঁলোকক আজ্ঞা দিয়া হওঁক।”
\p
\v 6 পাছত পাঁচনি আৰু পৰিচাৰক সকলে এই বিষয়ে আলোচনা কৰিবলৈ একগোট হ’ল।
\s5
\v 7 বহু সময় ধৰি হোৱা তর্ক-বিতর্কৰ পিছত পিতৰে উঠি তেওঁলোকক ক’লে, “ভাই সকল আপোনালোকে জানে যে, অনেক দিনৰ আগেয়ে ঈশ্বৰে আপোনালোকৰ মাজত মোক মনোনীত কৰিছিল যেন অনা-ইহুদী লোকে মোৰ মুখেৰে শুভবার্তাৰ বাক্য শুনি বিশ্বাস কৰে৷
\v 8 ঈশ্বৰে সকলোৰে হৃদয় জানে। তেওঁ আমাক যেনেকৈ পবিত্র আত্মা দান কৰিছিল, অনা-ইহুদী সকলকো সেইদৰে পবিত্র আত্মা দান কৰি তেওঁলোকলৈ সাক্ষ্য দিছিল।
\v 9 আমাৰ আৰু তেওঁলোকৰ মাজত ঈশ্বৰে একো প্রভেদ নাৰাখিলে, বৰঞ্চ বিশ্বাস কৰাৰ পাছত তেওঁলোকৰ হৃদয়ো ঈশ্বৰে শুচি কৰিলে।
\s5
\v 10 গতিকে, আমাৰ পিতৃ-পুৰুষ আৰু আমি যি যুৱঁলিৰ বোজা বব পৰা নাই, সেই বোজা অনা-ইহুদী বিশ্বাসীসকলৰ কান্ধত তুলি দি এতিয়া আপোনালোকে কিয় ঈশ্বৰৰ পৰীক্ষা কৰিছে?
\v 11 কিন্তু আমি বিশ্বাস কৰোঁ যে, তেওঁলোকেও আমাৰ দৰেই প্রভু যীচুৰ অনুগ্রহৰ দ্বাৰাই পৰিত্রাণ লাভ কৰিব।"
\p
\s5
\v 12 তেতিয়া সকলো মানুহ নীৰৱ হৈ গ’ল আৰু বার্ণব্বা আৰু পৌলৰ যোগেদি অনা-ইহুদী সকলৰ মাজত ঈশ্বৰে যি আচৰিত কর্ম আৰু চিন দেখুৱালে, সেই সকলো ঘটনা মানুহবোৰে তেওঁলোকৰ পৰা শুনিলে।
\s5
\v 13 তেওঁলোকে কথা কৈ শেষ কৰাৰ পাছত যাকোবে কবলৈ আৰম্ভ কৰিলে, “ভাই সকল, মোৰ কথা শুনক।
\v 14 চিমোন পিতৰে ক’লে, কেনেকৈ ঈশ্বৰে প্রথমবাৰৰ বাবে অনা-ইহুদী সকলক প্রেম কৰিলে আৰু নিজৰ নামৰ কাৰণে অনা-ইহুদী সকলৰ মাজৰ পৰা কিছুলোকক গ্রহণ কৰিলে।
\s5
\v 15 এই বিষয়ত ভাৱবাদী সকলৰ কথাৰো মিল আছে, যেনেকৈ লিখা আছে: *
\f +
\fr 15:15
\ft আমোচ 9:11-12
\f*
\q
\v 16 এইবোৰৰ পিছত মই উলটি আহিম,
\q দায়ুদৰ ভাঙি যোৱা পঁজা মই পুনৰায় গঢ়িম
\q মই তাৰ ভগ্নাৱশেষ পুনৰ নির্ম্মাণ কৰি থিক কৰিম,
\q
\v 17 যাতে মানৱ জাতিৰ অৱশিষ্ট অংশই প্রভুৰ অন্বেষণ কৰিব পাৰে;
\q মোৰ নামেৰে আমন্ত্রিত সকলো অনা-ইহুদীও ইয়াৰ অন্তর্ভুক্ত।
\q
\v 18 যি জন প্ৰভুৱে বহু পূর্বেই এই বিষয়বোৰ জনাইছিল, তেওঁ এই কথা কৈছে।”
\m
\s5
\v 19 এই কাৰণে মোৰ মতামত এই যে, যিসকল অনা-ইহুদী লোক ঈশ্বৰলৈ ঘূৰিছে; আমি তেওঁলোকক কষ্ট দিয়া উচিত নহয়।
\v 20 বৰং আমি তেওঁলোকলৈ এই কথা লিখি জনাওঁ যে, তেওঁলোকে যেন মূর্তি-পূজা বিষয়ক কোনো অশুচিতা*
\f +
\fr 15:20
\ft বলি দিয়া প্রাণীৰ মাংস খোৱা অনুচিত।
\f* , ব্যভিচাৰ আৰু টেঁটু চেপি মৰা প্রাণীৰ মাংস আৰু তেজ খোৱা, এই সকলোবোৰৰ পৰা পৃথকে থাকে।
\v 21 কিয়নো পূর্বকালৰে পৰা প্রত্যেক নগৰতে মোচিৰ বিধান প্রচাৰ কৰা লোক সকল আছে আৰু প্রত্যেক বিশ্রামবাৰে ইহুদী সকলৰ নাম-ঘৰত তেওঁলোকে সেইবোৰ পঢ়ে।
\p
\s5
\v 22 তেতিয়া গোটেই মণ্ডলীৰ সৈতে পাঁচনি আৰু পৰিচাৰক সকলে যাকোবৰ কথাত সমর্থন দিলে আৰু তেওঁলোকৰ মাজৰ পৰা যিহূদা আৰু চীল, নামৰ মণ্ডলীৰ দুজন নেতাক বাচি লৈ পৌল আৰু বার্ণব্বাৰ লগত আন্তিয়খিয়ালৈ পঠাবলৈ ঠিক কৰিলে। এই যিহূদাক বার্চব্বা বুলিও মতা হয়।
\v 23 তেওঁলোকৰ হাতত এইদৰে এখন পত্র লিখি পঠালে: "আন্তিয়খিয়া, চিৰিয়া আৰু কিলকিয়াৰ অনা-ইহুদী বিশ্বাসী ভাই সকলৰ সমীপলৈ-পাঁচনি, পৰিচাৰক আৰু বিশ্বাসী ভাই সকলৰ শুভেচ্ছা।
\s5
\v 24 আমি শুনিবলৈ পাইছো যে, আমাৰ মাজৰ পৰা গৈ কেইজনমান লোকে আমাৰ নির্দেশ অবিহনে আপোনালোকক শিক্ষা দি মন অস্থিৰ কৰিছে আৰু আপোনালোকক নানা সমস্যাৰ মাজত পেলাইছে।
\v 25 সেয়েহে আমি কেইজনমানক মনোনীত কৰিবলৈ একমত হ’লো আৰু তেওঁলোকক আমাৰ প্রিয় ভাই বার্ণব্বা আৰু পৌলৰ সৈতে আপোনালোকৰ ওচৰলৈ পঠালো।
\v 26 পৌল আৰু বার্ণব্বাই আমাৰ প্রভু যীচু খ্রীষ্টৰ নামৰ কাৰণে নিজৰ জীৱন বিপদাপন্ন কৰিছে;
\s5
\v 27 এই কাৰণে আমি যিহূদা আৰু চীলক পঠালো। তেওঁলোকে আপোনালোকক একেবোৰ কথাকে কব।
\v 28 কিয়নো পবিত্র আত্মা আৰু আমাৰ কাৰণে এইটোৱেই ভাল যেন দেখিলোঁ যে, প্রয়োজনীয় এই বিষয়বোৰৰ বাহিৰে অতিৰিক্ত কোনো বোজা আপোনালোকৰ ওপৰত জাপি দিয়া নহ’ব:
\v 29 আপোনালোকে মূর্তিৰ ওচৰত উৎসর্গ কৰা বস্তুবোৰৰ পৰা বিৰত থাকক। তেজ আৰু টেটু-চেপা দি মৰা কোনো প্রাণীৰ মাংস আৰু তেজ নাখাব; কোনো ব্যভিচাৰ নকৰিব। এই সকলোবোৰৰ পৰা নিজক আতৰাই ৰাখিলে, আপোনালোকৰ মঙ্গল হ’ব। ইতি।”
\p
\s5
\v 30 পৌল, বার্ণব্বা আৰু সেই লোক সকলক পঠাই দিয়াৰ পাছত তেওঁলোক আন্তিয়খিয়ালৈ গ’ল। তাতে তেওঁলোকে লোক সকলক একত্রিত কৰি চিঠি খন দিলে।
\v 31 পাছত লোক সকলে চিঠি খন পঢ়ি উৎসাহিত হৈ আনন্দ কৰিবলৈ ধৰিলে।
\v 32 যিহূদা আৰু চীল নিজেও ভাৱবাদী হোৱাত তেওঁলোকে বহুতো কথাৰে ভাই সকলক উৎসাহ দি শক্তি যোগালে।
\s5
\v 33 এইদৰে যিহূদা আৰু চীল কিছুদিন তাত থকাৰ পাছত, তেওঁলোকক পঠোৱা লোক সকলৰ ওচৰলৈ উলটি যাবৰ কাৰণে ভাই সকলৰ পৰা কুশলে বিদায় ললে।
\v 34
\f +
\fr 15:34*
\ft কিছুমান পুৰণি অনুলিপিত 34 পদত যুক্ত আছে - “কিন্তু চীলে তাতে থাকিবলৈ মন স্থিৰ কৰিলে।”
\f*
\v 35 কিন্তু পৌল আৰু বার্ণব্বা আন্তিয়খিয়াতে থাকিল। তেওঁলোকে আন আন লোকেৰে সৈতে প্রভুৰ বাক্যৰ পৰা উপদেশ দি প্রচাৰ কৰিবলৈ ধৰিলে।
\s শুভবার্তা প্রচাৰত পৌলৰ দ্বিতীয় যাত্রা আৰু বার্ণব্বাৰ সৈতে মতানৈক্য
\p
\s5
\v 36 কিছুদিনৰ পিছত পৌলে বার্ণব্বাক ক’লে, “ বলা, যিবোৰ নগৰত আমি প্রভুৰ বাক্য ঘোষণা কৰিছিলোঁ, সেই ঠাইবোৰলৈ আমি এতিয়া উভটি যাওঁ আৰু ভাই সকলক দেখা কৰো; তাতে তেওঁলোক কেনে আছে তাক চাওঁগৈ।
\v 37 তেতিয়া বার্ণব্বাই তেওঁলোকৰ লগত যোহনকো নিবলৈ ইচ্ছা কৰিলে। এই যোহনক মার্ক বুলিও মতা হয়।
\v 38 কিন্তু পৌলে ভাৱিলে, মার্কক লগত নিয়াটো ভাল নহ’ব, কাৰণ পাম্ফুলিয়াত মার্কে তেওঁলোকৰ লগ এৰি উভতি গৈছিল। পাছত তেওঁলোকৰ লগত কাম কৰিবলৈও নগ’ল।
\s5
\v 39 তাৰ ফলত তেওঁলোক দুয়োৰে মাজত মত বিৰোধ হ’ল। পাছত পৰস্পৰে পৃথক হৈ গ’ল। বার্ণব্বাই মার্কক লগত লৈ জাহাজেৰে কুপ্র দ্বীপলৈ যাত্রা কৰিলে।
\v 40 কিন্তু পৌলে চীলক মনোনীত কৰিলে আৰু ভাই সকলে তেওঁক প্রভুৰ অনুগ্রহৰ হাতত তুলি দিলে। পাছত তেওঁলোক তাৰ পৰা ওলাই গ’ল।
\v 41 পৌলে চিৰিয়া আৰু কিলকিয়া দেশৰ মাজেদি গৈ মণ্ডলী সমূহক অধিক শক্তিশালী কৰিলে।
\s5
\c 16
\cl ১৬ অধ্যায়
\s পৌল আৰু চীলৰ লগত তীমথিয়
\p
\v 1 তাৰ পাছত পৌল দর্বী আৰু লুস্ত্রা চহৰলৈ গ’ল। তাতে তীমথিয় নামৰ এজন খ্রীষ্টৰ শিষ্য আছিল। তীমথিয়ৰ মাতৃ আছিল এগৰাকী ইহুদী খ্রীষ্টীয় বিশ্বাসীনী মহিলা আৰু পিতৃ গ্রীক লোক আছিল।
\v 2 লুস্ত্রা আৰু ইকনিয় চহৰৰ ভাই সকলে তীমথিয়ক অতি প্রশংসা কৰিছিল।
\v 3 পৌলে যাত্রাত তীমথিয়কো নিজৰ লগত লৈ যাবলৈ বিচাৰিলে আৰু সেয়ে তেওঁক চুন্নৎ কৰালে; কাৰণ সেই অঞ্চলবোৰত ইহুদী লোক আছিল আৰু তেওঁলোকে তীমথিয়ৰ পিতৃ গ্রীক জাতিৰ বুলি জানিছিল।
\s5
\v 4 পাছত তেওঁলোক নগৰবোৰৰ মাজেদি যাওঁতে যিৰূচালেমত পাঁচনি আৰু পৰিচাৰক সকলে লিখি দিয়া নির্দেশনাবোৰ পালন কৰিবলৈ মণ্ডলীবোৰক জনালে।
\v 5 এইদৰে মণ্ডলীবোৰ বিশ্বাসত দৃঢ় হৈ দিনে দিনে লেখত বৃদ্ধি পাবলৈ ধৰিলে।
\s ইউৰোপত শুভবার্তা প্রচাৰ
\p
\s5
\v 6 পবিত্র আত্মাই পৌল আৰু তেওঁৰ সংগী সকলক এচিয়া দেশত বাক্য প্রচাৰ কৰিবলৈ বাধা দিলে, তেতিয়া তেওঁলোক ফৰুগিয়া আৰু গালাতীয়াৰ অঞ্চলবোৰৰ মাজেদি গ’ল।
\v 7 আৰু মূচিয়াৰ সীমান্ত অঞ্চলত আহি তেওঁলোকে বিথুনিয়ালৈ যাবৰ বাবে চেষ্টা কৰিলে, কিন্তু প্রভু যীচুৰ আত্মাই তেওঁলোকক যাবলৈ নিদিলে।
\v 8 সেয়েহে, তেওঁলোকে মূচিয়া পাৰ হৈ ত্রোৱা নগৰলৈ গুচি গ’ল।
\s5
\v 9 নিশা পৌলে এটা দর্শন দেখিলে যে, এজন মাকিদনিয়া মানুহে থিয় হৈ তেওঁক মিনতি কৰি কৈছে “মাকিদনিয়ালৈ আহি আমাক সহায় কৰা।”
\v 10 পৌলে এই দর্শন পোৱাৰ পাছত আমি শীঘ্রেই মাকিদনিয়ালৈ যাবৰ কাৰণে প্রস্তুত হ’লো। কাৰণ, আমি বুজি পালো যে মাকিদনিয়াৰ লোক সকলৰ আগত শুভবার্তা প্রচাৰ কৰিবৰ বাবে ঈশ্বৰে আমাক মাতিছে।
\s লুদিয়াৰ মন পৰিবর্তন
\p
\s5
\v 11 পাছত ত্রোৱা এৰি আমি জাহাজেৰে পোনে পোনে চামথাকীলৈ গলো আৰু পিছদিনা নিয়াপলি নগৰলৈ আহিলো।
\v 12 তাৰ পৰা আমি মাকিদনিয়াৰ ফিলিপী নগৰলৈ গলো। ফিলিপী নগৰ খন সেই এলেকাৰ এখন উল্লেখনীয় নগৰ আৰু ই এক ৰোমান উপনিৱেশ। আমি এই নগৰত বহু দিন থাকিলো।
\p
\v 13 বিশ্রাম বাৰে আমি নগৰৰ দুৱাৰৰ বাহিৰেদি নদীৰ কাষলৈ গলো; ভাৱিছিলো, তাত নিশ্চয় প্রার্থনা কৰিবৰ বাবে ঠাই আছে৷ তাতে যি মহিলা সকল আহি একেলগে মিলিত হৈছিল, পাছত আমি তেওঁলোকৰ কাষত বহি কথা কবলৈ ধৰিলো।
\s5
\v 14 সেই মহিলা সকলৰ মাজত থূয়াতীৰা চহৰৰ ঈশ্বৰৰ উপাসনা কৰা লুদীয়া নামৰ এগৰাকী মহিলাও আছিল আৰু তেওঁ বেঙুনীয়া কাপোৰৰ ব্যৱসায় কৰিছিল। তেওঁ আমাৰ কথা শুনি আছিল। তাতে পৌলে যি কথা কৈ আছিল, সেই কথা মন দি শুনিবলৈ প্রভুৱে লুদীয়াৰ হৃদয় মুকলি কৰিলে।
\v 15 তাতে লুদীয়া আৰু পৰিয়ালৰ সকলোৱে বাপ্তিস্ম
\f +
\fr 16:15
\ft বাপ্তিস্মৰ অর্থ জলদীক্ষা
\f* ললে আৰু আমাক অনুৰোধ কৰি ক’লে, “যদিহে মোক আপোনালোকে প্রভুৰ বিশ্বাসকাৰিণী বুলি বিবেচনা কৰে তেন্তে মোৰ ঘৰত আহি থাককহি।” এইদৰে তেওঁ আমাক বৰকৈ জোৰ কৰিলে।
\s ফিলিপী নগৰত পৌলৰ প্রচাৰ। বন্দীশালত পৌল আৰু চীল
\p
\s5
\v 16 এদিন আমি যেতিয়া প্রার্থনাৰ ঠাইলৈ গৈ আছিলো, তেতিয়া এক অশুভ আত্মা লম্ভা এজনী অল্পবয়সীয়া ছোৱলী আমাৰ আগত আহি উপস্থিত হ’ল। অশুভ আত্মাৰ প্রভাৱত তাই ভৱিষ্যতৰ কথা কব পাৰিছিল আৰু এনেদৰে তাই মালিকবোৰক বহু লাভৱান কৰিছিল ।
\v 17 এই ছোৱালীজনীয়ে পৌল আৰু আমাৰ পিছে পিছে চিঞঁৰি চিঞঁৰি কৈ গ’ল “এই মানুহবোৰ সর্বোপৰি ঈশ্বৰৰ দাস। তেওঁলোকে পৰিত্রাণৰ পথৰ বিষয়ে আপোনালোকৰ আগত ঘোষণা কৰিছে।”
\v 18 এইদৰে তাই ভালেমান দিনলৈকে কৈ আছিল। শেষত পৌলে বিৰক্ত হৈ, পিছলৈ ঘূৰি সেই আত্মাক ক’লে, “মই তোক যীচু খ্রীষ্টৰ নামত আজ্ঞা দিছো, তাইৰ পৰা বাহিৰ ওলা।” তেতিয়া লগে লগে সেই আত্মা বাহিৰ ওলাই গ’ল।
\p
\s5
\v 19 তাৰ পাছত তাইৰ মালিকবোৰে যেতিয়া দেখিলে যে, তেওঁলোকৰ লাভৰ আশা নোহোৱা হ’ল, তেতিয়া তেওঁলোকে পৌল আৰু চীলক ধৰি চোঁচৰাই বজাৰলৈকে আনি কর্ত্তৃপক্ষৰ ওচৰলৈ লৈ গ’ল।
\v 20 তাৰ পাছত তেওঁলোকক শাসনকর্তা সকলৰ ওচৰলৈ নি ক’লে, “এওঁলোক ইহুদী মানুহ আৰু আমাৰ নগৰত এওঁলোকে গণ্ডগোল আৰম্ভ কৰিছে।
\v 21 এওঁলোকে এনেবোৰ শিক্ষা দিছে, যিবোৰ ৰোমান নাগৰিক হিচাবে গ্রহণ কৰা বা পালন কৰা আমাৰ কাৰণে নীতি বিৰুদ্ধ।”
\s5
\v 22 তেতিয়া আন জনতাও একেলগে পৌল আৰু চীলৰ বিৰুদ্ধে থিয় হ’ল। শাসনকর্তা সকলে পৌল আৰু চীলৰ কাপোৰ ফালি সিহঁতক বেতেৰে কোবাবলৈ আদেশ দিলে।
\v 23 অতিকৈ মাৰধৰ কৰাৰ পাছত তেওঁলোকক বন্দীশালত সুমুৱাই থলে আৰু কাৰাগাৰৰ অধ্যক্ষক কঢ়া পহৰা দিবলৈ নির্দেশ দিলে।
\v 24 কাৰাগাৰৰ অধ্যক্ষই এই নির্দেশ পাই পৌল আৰু চীলক জেলৰ ভিতৰ কক্ষলৈ নি কাঠৰ বেৰিত তেওঁলোকৰ ভৰি আৱদ্ধ কৰি বান্ধি থলে।
\p
\s5
\v 25 তেতিয়া প্রায় মাজনিশা। পৌল আৰু চীলে ঈশ্বৰৰ উদ্দেশ্যে প্রার্থনা কৰি স্তুতি-গীত গাই আছিল। আন কয়দী সকলেও তেওঁলোকে গোৱা স্তুতি-গীত শুনি আছিল।
\v 26 এই সময়তে হঠাৎ এক বৰ ভূমিকম্প হ’ল আৰু বন্দীশালৰ ভেঁটি পর্য্যন্ত কঁপি উঠিল। তেতিয়া বন্দীশালৰ সকলো দুৱাৰ আৰু কয়দী সকলৰ শিকলিবোৰ খোল খাই গ’ল।
\s5
\v 27 কাৰাগাৰৰ অধ্যক্ষই টোপনিৰ পৰা সাৰ পাই কাৰাগাৰৰ দুৱাৰবোৰ মুকলি দেখি, নিজৰ তৰোৱাল উলিয়াই আত্মঘাতী হবলৈ বিচাৰিলে। কিয়নো তেওঁ ভাৱিলে যে, কয়দীবোৰ পলাই গ’ল।
\v 28 কিন্তু পৌলে চিঞঁৰি বৰ মাতেৰে ক’লে, “নিজৰ ক্ষতি নকৰিব৷ আমি সকলো ইয়াতে আছো।”
\s5
\v 29 তেতিয়া কাৰাগাৰৰ অধ্যক্ষই কাৰোবাক চাকি আনিবলৈ কৈ ভিতৰলৈ দৌৰি গ’ল আৰু ভয়তে কঁপি কঁপি পৌল আৰু চীলৰ আগত উবুৰি খাই পৰিল।
\v 30 তেওঁলোকক বাহিৰলৈ আনি সুধিলে, “মহাশয় সকল, পৰিত্রাণ পাবলৈ হ’লে মই কি কৰিব লাগিব?"
\v 31 তেওঁলোকে ক’লে, “প্রভু যীচুত বিশ্বাস কৰক, তেতিয়া আপুনি আৰু আপোনাৰ ঘৰৰ সকলোৱে পৰিত্রাণ লাভ কৰিব।"
\s5
\v 32 তেওঁলোকে তাৰ পাছত কাৰাগাৰৰ অধ্যক্ষৰ লগতে তেওঁৰ ঘৰৰ সকলোকে প্রভুৰ বাক্য ক’লে।
\v 33 কাৰাগাৰৰ অধ্যক্ষই সেই নিশাই পৌল আৰু চীলক লৈ গৈ তেওঁলোকৰ আঘাতৰ ঠাইবোৰ ধুই দিলে আৰু তেওঁ সপৰিয়ালে তেতিয়াই বাপ্তিস্ম গ্রহণ কৰিলে।
\v 34 তেওঁ পৌল আৰু চীলক নিজৰ ঘৰলৈ আনি খাবলৈ দিলে আৰু পৰিয়ালৰ আটায়ে ঈশ্বৰত বিশ্বাস কৰাত, তেওঁ সমস্ত পৰিয়ালে সৈতে অতিশয় আনন্দ কৰিলে।
\p
\s5
\v 35 পিছদিনা পুৱা শাসনকর্তা সকলে পৰীয়া সকললৈ এই বার্তা দি পঠালে, “সেই মানুহকেইজনক এৰি দিয়া।”
\v 36 কাৰাগাৰৰ অধ্যক্ষই সেই কথা পৌলক জনাই ক’লে, “শাসনকর্তা সকলে আপোনালোকক এৰি দিবৰ কাৰণে আমাৰ ওচৰলৈ বার্তা পঠাইছে; গতিকে আপোনালোক এতিয়া ওলাই আহক আৰু শান্তিৰে গুছি যাওঁক।"
\s5
\v 37 কিন্তু পৌলে তেওঁলোকক ক’লে, “আমি ৰোমান নাগৰিক; আমাক বিনা বিচাৰেৰে ৰাইজৰ আগত কোবাই কাৰাবন্দী কৰি থলে। এতিয়া তেওঁলোকে আমাক গোপনে এৰি দিব বিচাৰিছে নেকি? এইটো হ’ব নোৱাৰে। তেওঁলোক নিজে ইয়ালৈ আহি আমাক বাহিৰলৈ উলিয়াই নিব লাগিব।”
\v 38 পৰীয়া সকলে শাসনকর্তা সকলৰ ওচৰলৈ গৈ এই সম্বাদ দিলে। তেতিয়া এই সম্বাদ পাই তেওঁলোকে পৌল আৰু চীলক ৰোমান লোক বুলি জানিলে আৰু তেওঁলোকে ভয় খালে।
\v 39 পাছত শাসনকর্তা সকলে আহি তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিলে আৰু বন্দীশালৰ পৰা বাহিৰলৈ আনি নগৰ এৰি যাবলৈ তেওঁলোকক অনুৰোধ কৰিলে।
\s5
\v 40 পৌল আৰু চীল কাৰাগাৰৰ পৰা ওলাই লুদীয়াৰ ঘৰলৈ গ’ল। তাতে তেওঁলোক গৈ ভাই সকলৰ লগত দেখা হ’ল আৰু তেওঁলোকক উৎসাহ উদ্দীপনা দিলে। তাৰ পিছত পৌল আৰু চীলে নগৰ এৰি গুছি গ’ল।
\s5
\c 17
\cl ১৭ অধ্যায়
\s পৌল আৰু চীল থিচলনীকিত
\p
\v 1 ইয়াৰ পিছত তেওঁলোক আম্ফিপলি আৰু আপল্লোনিয়া নগৰৰ মাজেদি থিচলনীকি চহৰলৈ গ’ল। তাত ইহুদী সকলৰ এটা নামঘৰ আছিল।
\v 2 পৌলে তেওঁৰ নিয়ম অনুযায়ী ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল আৰু একেৰাহে তিনিটা বিশ্রাম বাৰত তেওঁলোকৰ সৈতে শাস্ত্রৰ পৰা যুক্তিৰে আলোচনা কৰিলে।
\s5
\v 3 তেওঁ শাস্ত্রীয় বচন মেলি ব্যাখ্যা কৰিলে যে, খ্রীষ্টই দুখভোগ কৰা আৰু মৃত্যুৰ পৰা পুণর্জীৱিত হোৱাৰ প্রয়োজন আছিল। তেওঁ আকৌ ক’লে, “এই যি যীচুক মই আপোনালোকৰ আগত প্রচাৰ কৰিছোঁ, সেই যীচুৱেই হৈছে খ্রীষ্ট।”
\v 4 তাতে কিছুমান ইহুদীয়ে এই কথাত সন্মতি জনাই পৌল আৰু চীলৰ লগত যোগ দিলে। তাৰোপৰি অনেক ঈশ্বৰ ভক্ত গ্রীক আৰু গণ্য-মান্য মহিলা সকলকে ধৰি এক বৃহৎ দলে তেওঁলোকৰ লগত যোগ দিলে।
\s5
\v 5 কিন্তু বিশ্বাস নকৰা ইহুদী সকলে হিংসা কৰি বজাৰ অঞ্চলৰ পৰা কিছুমান দুষ্ট লোকক মাতি আনি একগোট কৰিলে আৰু নগৰৰ মাজত গণ্ডগোল লগাই দিলে। পৌল আৰু চীলক বিচাৰি মানুহবোৰৰ মাজলৈ নিবৰ বাবে তেওঁলোকে যাচোনৰ ঘৰ আক্রমণ কৰিলে।
\v 6 কিন্তু তাত তেওঁলোকক নাপাই যাচোন আৰু কোনো কোনো ভাইক টানি আনি চহৰৰ শাসনকর্তাৰ আগলৈ লৈ গ’ল আৰু চিঞঁৰি কবলৈ ধৰিলে, “যি লোক সকলে সমগ্র পৃথিৱী উলট-পালট কৰিছে, তেওঁলোক এতিয়া ইয়াতো উপস্থিত হৈছে,
\v 7 আৰু যাচোনে তেওঁলোকক আলহী কৰি ৰাখিছে। এই লোক সকলে চীজাৰৰ আজ্ঞা অমান্য কৰি কৈ ফুৰিছে যে, যীচু নামৰ আন এজন ৰজা আছে।”
\s5
\v 8 এইবোৰ কথা শুনি সমবেত জনতা আৰু নগৰৰ শাসনকর্তা সকল উদ্বিগ্ন হৈ পৰিল।
\v 9 তেওঁলোকে যাচোন আৰু আন লোক সকলৰ পৰা জৰিমনা ললে আৰু জৰিমনা আদায় দিয়াৰ পাছত তেওঁলোকক যাবলৈ এৰি দিলে।
\p
\s5
\v 10 সেই ৰাতিয়েই ভাই সকলে পৌল আৰু চীলক বিৰয়ালৈ পঠাই দিলে। সেই ঠাই পাই তেওঁলোক ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল।
\v 11 থিচলনীকিৰ লোক সকলতকৈ বিৰয়াৰ লোক সকল উদাৰ মনোভাৱাপন্ন আছিল। তেওঁলোকে অতি আগ্রহেৰে বাক্য শুনি গ্রহণ কৰিলে আৰু সত্যতা জানিবলৈ প্রতিদিনে শাস্ত্রৰ বাক্য অনুসন্ধান কৰিলে।
\v 12 ইয়াৰ ফলত তেওঁলোকৰ মাজৰ অনেকে বিশ্বাস কৰিলে। এই বিশ্বাসী সকলৰ মাজত কেইজনমান প্রভাৱশালী গ্রীক মহিলা আৰু বহুত পুৰুষও আছিল।
\s5
\v 13 কিন্তু পৌলে বিৰয়াত ঈশ্বৰৰ বাক্য প্রচাৰ কৰি আছে বুলি শুনিবলৈ পাই থিচলনীকিৰ ইহুদী সকল সেই ঠাইলৈ আহি লোক সকলক উত্তেজিত কৰিলে।
\v 14 ভাই সকলে তেতিয়াই পলম নকৰি পৌলক সাগৰৰ তীৰলৈ পঠাই দিলে; কিন্তু চীল আৰু তীমথিয় বিৰয়াতে থাকিল।
\v 15 যিসকল লোকে পৌলক লগত লৈ গৈছিল, তেওঁলোকে তেওঁক আথিনী চহৰলৈ লৈ গ’ল আৰু পৌলক তাতে এৰিলে। পাছত তেওঁলোকে পৌলৰ পৰা চীল আৰু তীমথিয়ৰ কাৰণে এই আদেশ লৈ আহিল যে, তেওঁলোকে যেন অতি সোনকালে পৌলৰ লগ লয়।
\s পৌল আথিনী নগৰত
\p
\s5
\v 16 আথিনী চহৰত পৌলে চীল আৰু তীমথিয়ৰ কাৰণে অপেক্ষাত থাকোতে, সেই চহৰ প্রতিমাবোৰেৰে পূর্ণ হৈ থকা দেখিলে। তাতে তেওঁৰ অন্তৰ-আত্মা অতি ব্যথিত হৈ উঠিল।
\v 17 সেয়ে তেওঁ ইহুদী আৰু ঈশ্বৰক উপাসনা কৰা গ্রীক সকলৰ লগত নাম-ঘৰত যুক্তিৰে আলোচনা কৰিলে। বজাৰ অঞ্চলতো প্রতিদিনে লগ পোৱা লোক সকলৰ লগত আলোচনা কৰিলে।
\s5
\v 18 তাতে ইপিকূৰী আৰু স্তোয়িকী দর্শন-শাস্ত্রৰ দার্শনিক কেইজনমানে পৌলৰ লগত তর্ক-যুদ্ধত লিপ্ত হ’ল। কিছুমানে ক’লে, “এইজনে বকবকাই কি কবলৈ বিচাৰিছে?” আন কোনোবাই ক’লে, “ই দেখিছোঁ কোনোবা বিদেশী দেৱতাবোৰৰ কথা প্রচাৰ কৰিছে।” কাৰণ পৌলে যীচু আৰু তেওঁৰ পুনৰুত্থানৰ বিষয়ে কৈ আছিল।
\s5
\v 19 তেওঁলোকে পৌলক ধৰি আৰেয়পাগৰ সভালৈ নি সুধিলে, “আপুনি এই যি নতুন শিক্ষা দিছে, সেইটো কি, সেই বিষয়ে আমি জনিব পাৰোঁ নে?
\v 20 কিয়নো আপুনি কিছুমান অদ্ভুত কথা আমাক শুনাইছে। গতিকে এই কথাবোৰৰ অর্থ কি, সেই বিষয়ে আমি জানিব বিচাৰো।”
\v 21 আথিনীৰ লোক সকলে আৰু তাত থকা বিদেশী সকলেও মাত্র কিছুমান নিত্য নতুন বিষয় লৈ আলোচনা কৰি বা শুনি আজৰি সময় কটায়।
\p
\s5
\v 22 তেতিয়া পৌলে আৰেয়পাগৰ সভাৰ মাজত থিয় হৈ ক’লে,“হে আথিনীৰ জনগণ, মই দেখিছোঁ যে আপোনালোক সকলো ক্ষেত্রতে অতিশয় ধর্মপ্ৰাণ মানুহ।
\v 23 কিয়নো মই ঘূৰি ফুৰোতে আৰু আপোনালোকে উপাসনা কৰা বস্তুবোৰ লক্ষ্য কৰোতে, 'অবিদিত ঈশ্বৰলৈ বেদি' বুলি লিখা এটা বেদি দেখা পালো। এতেকে আপোনালোকে নাজানি যি জনৰ উপাসনা কৰিছে, তেওঁৰ সম্বন্ধে মই আপোনালোকৰ ওচৰত প্রচাৰ কৰিছোঁ।
\s5
\v 24 ঈশ্বৰ, যি জন পৃথিৱী আৰু তাত থকা সকলো বস্তুৰ সৃষ্টিকর্তা, তেওঁ স্বর্গ আৰু পৃথিবীৰ গৰাকী। তেওঁ মনুষ্যৰ হাতেৰে সজা মন্দিৰত নিবাস নকৰে।
\v 25 মনুষ্যৰ হাতৰ সেৱা কার্য তেওঁৰ প্রয়োজন নাই। তেওঁৰতো একোৰে অভাৱ নাই কাৰণ তেওঁ নিজেই সকলোকে জীৱন, নিশ্বাস আৰু আন সকলো দিয়ে।
\s5
\v 26 এজন মানুহৰ পৰা ঈশ্বৰে সমগ্র মানৱ জাতি সৃষ্টি কৰিলে যাতে তেওঁলোকে গোটেই পৃথিৱীতে বসবাস কৰিব পাৰে। ঈশ্বৰে, মানুহে বসবাস কৰা ঠাইৰ সীমা আৰু নির্দ্ধাৰিত কাল ঠিক কৰিলে।
\v 27 সেয়ে, মানুহে ঈশ্বৰক বিচাৰিব লাগে আৰু বিচাৰি যেন শেষত তেওঁক লগ পায়। আচলতে, তেওঁ আমাৰ কাৰো পৰা দূৰৈত নাই।
\s5
\v 28 কিয়নো আমি তেওঁতে জীয়াই আছো, চলা-ফুৰা কৰিছোঁ আৰু আছো, যেনেকৈ আপোনালোকৰ কবি সকলৰ এজনে কৈছে, ‘কাৰণ আমিও তেওঁৰ সন্তান।’
\v 29 আমি যদি ঈশ্বৰৰ সন্তান হওঁ, তেন্তে মানুহৰ শিল্পকলা আৰু চিন্তাৰে সজা সোণ, ৰূপ বা পাথৰৰ মূর্তিৰ দৰে ঈশ্বৰৰ ঐশ্বৰিকতাক আমি কল্পনা কৰিব নালাগে।
\s5
\v 30 এই কাৰণতে, মানুহৰ অজ্ঞানতাৰ এনে কালছোৱাক ঈশ্বৰে ক্ষমাৰ চকুৰে চাইছে কিন্তু এতিয়া তেওঁ সকলো ঠাইতে আটাই মানুহক মন পালটন কৰিবলৈ আজ্ঞা দিছে।
\v 31 কিয়নো তেওঁ এনে এটা দিন নিৰূপন কৰিছে যিদিনা তেওঁ মনোনীত কৰা লোক জনৰ দ্বাৰাই গোটেই পৃথিৱীক ধার্মিকতাত বিচাৰ কৰিব। ঈশ্বৰে সেই লোকক মৃতবোৰৰ মাজৰ পৰা তুলি সকলোৰে আগত তেওঁৰ প্রমাণ দিলে।
\p
\s5
\v 32 আথিনীৰ লোক সকলে যেতিয়া মৃত সকলৰ পুনৰুত্থানৰ কথা শুনিলে, কেইজনমানে পৌলক ঠাট্টা-মস্কৰা কৰিবলৈ ধৰিলে; কিন্তু আন কোনো কোনোৱে ক’লে, “এই বিষয়ে আমি আকৌ এবাৰ আপোনাৰ পৰা শুনিম।”
\v 33 ইয়াৰ পিছত পৌলে তেওঁলোকক এৰি গুছি গ’ল।
\v 34 কিন্তু কেইজনমানে আহি পৌলক লগ ধৰিলে আৰু বিশ্বাস কৰিলে। সেই বিশ্বাসী সকলৰ মাজত আৰেয়পাগৰ সদস্য দিয়নুচিয়, দামাৰী নামৰ এগৰাকী মহিলা আৰু তেওঁলোকৰ লগত আন কেইজনমান আছিল।
\s5
\c 18
\cl ১৮ অধ্যায়
\s কৰিন্থত পৌল
\p
\v 1 ইয়াৰ পিছত পৌলে আথিনী এৰি কৰিন্থলৈ গ’ল।
\v 2 তাতে তেওঁ পন্ত দেশত জন্মা আক্কিলা নামৰ এজন ইহুদীক দেখা পালে; সেই সময়ত তেওঁ, তেওঁৰ ভার্য্যা প্রিস্কিল্লাক লৈ ইটালী দেশৰ পৰা আহিছিল, কাৰণ ক্লৌদিয়ই সকলো ইহুদীকে ৰোম এৰি যাবলৈ নির্দেশ দিছিল। পৌল তেওঁলোকৰ ওচৰলৈ আহিল।
\v 3 তেওঁলোক যিহেতু ব্যৱসায়ত পৌলৰ দৰে তম্বু বনোৱা লোক আছিল, সেয়েহে পৌলে তেওঁলোকৰ লগতে থাকি কাম কৰিবলৈ ধৰিলে।
\s5
\v 4 প্রত্যেক বিশ্রামবাৰে পৌলে নামঘৰত যুক্তি-পৰামর্শৰে ইহুদী আৰু গ্রীক সকলক বিশ্ৱাস কৰিবলৈ প্রত্যয় জন্মায়।
\v 5 চীল আৰু তীমথিয় মাকিদনিয়া দেশৰ পৰা অহাৰ পাছত পৌলে আত্মাৰ দ্বাৰা অনুপ্রাণিত হৈ ইহুদী সকলৰ আগত যীচুৱেই যে খ্রীষ্ট হয়, সেই সাক্ষ্য দিলে
\v 6 যেতিয়া ইহুদী সকলে পৌলৰ বিৰুদ্ধাচৰণ কৰি তেওঁক অপমান কৰিবলৈ ধৰিলে, তেতিয়া পৌলে তেওঁলোকৰ ফালে নিজৰ কাপোৰ জোকাৰি ক’লে, “আপোনালোকৰ তেজৰ দায় আপোনালোকৰ মূৰৰ ওপৰতে থাকক; মোৰ কোনো দোষ নাই। এতিয়াৰ পৰা মই অনা-ইহুদী সকলৰ ওচৰলৈ যাওঁ।"
\s5
\v 7 পাছত, তেওঁ তাৰপৰা গৈ ঈশ্বৰৰ উপাসনা কৰা তীত-যুষ্ট নামেৰে এজনৰ ঘৰত উপস্থিত হ'ল৷ তেওঁৰ ঘৰ নাম-ঘৰৰ কাষতে আছিল ।
\v 8 পৌলৰ কথা শুনি নামঘৰৰ গৰাকী ক্ৰীষ্পে আৰু তেওঁৰ ঘৰৰ সকলোৱে প্ৰভুত বিশ্বাস কৰি বাপ্তিস্ম গ্ৰহণ কৰিলে৷ কৰিন্থীয়া সকলৰ মাজৰ বহু লোকে তেওঁৰ পৰা শুভবাৰ্তা শুনি বাপ্তিস্ম গ্ৰহণ কৰিলে।
\s5
\v 9 প্ৰভুৱে ৰাতি পৌলক দৰ্শন দি কলে “তুমি ভয় নকৰিবা, মনে মনে নাথাকি, প্ৰচাৰ কৰা;
\v 10 মই তোমাৰ লগত আছো, কোনেও তোমাক হানি কৰিব নোৱাৰে, মোৰ বহু লোক এই নগৰত আছে৷’'
\v 11 তাতে পৌলে এবছৰ ছয় মাহ তেওঁলোকৰ মাজত থাকি ঈশ্বৰৰ বাক্য শিকালে।
\s5
\v 12 তেতিয়া গাল্লিয়ো আখায়া দেশৰ অধিপতি হৈ থকা সময়ত ইহুদী সকলে,পৌলৰ বিপক্ষে উঠি, তেওঁক সোধ-বিচাৰৰ বাবে আনিলে;
\v 13 তেওঁলোকে কলে, “এই লোকজনে বিধানৰ বিৰুদ্ধে গৈ ঈশ্বৰৰ উপাসনা কৰিবলৈ মানুহবোৰক উচটনি দিছে।”
\s5
\v 14 পৌলে যেতিয়া কথা কবলৈ ইচ্ছা কৰিলে, তেতিয়া গাল্লিয়োৱে ইহুদী সকলৰ উদ্দেশ্যে কলে, “হে ইহুদী সকল, এয়ে অন্যায় বা আপত্তি জনক গোচৰ হোৱা হলে, মই তোমালোকৰ ওজৰ আপত্তি মানিলো হয়।
\v 15 কিন্তু এই সকলো প্ৰশ্ন তোমালোকৰ বাক্য, নাম বা বিধানৰ বাদ-বিচাৰৰ কাৰণেহে ব্যৱহাৰ হয়, তেনেহলে এই বিষয়ে তোমালোকে নিজে বিচাৰ কৰি চাবা, এই বিষয়ে বিচাৰ কৰিবলৈ মই উৎসাহিত নহওঁ৷"
\s5
\v 16 পাছত গেল্লিয়োৱে তেওঁলোকক বিচাৰকৰ আসনৰ পৰা আতৰ কৰিলে।
\v 17 তাতে তেওঁলোকে নামঘৰৰ গৰাকী চোস্থিনিক বলপূর্ব্বক ধৰি আনি বিচাৰকৰ আসনৰ ওচৰত মাৰধৰ কৰিলে, সিহতে কৰা কামবোৰত গেল্লিয়োৱে মনোযোগ নিদিলে।
\s5
\v 18 পৌলে, সেই ঠাইতে বহু দিনলৈকে থাকি, ভাই সকলৰ পৰা বিদায় লৈ সাগৰীয় পথেদি চিৰিয়া দেশলৈ যাত্ৰা কৰিলে; তেওঁৰ লগত প্ৰিষ্কিলা আৰু আক্কিলাও গ'ল৷ তেওঁ কিংক্ৰিয়াত নিজৰ মূৰ খুৰাইছিল; কিয়নো তেওঁৰ কোনো সংকল্প আছিল।
\v 19 ইয়াৰ পাছত তেওঁলোক যেতিয়া ইফিচ নগৰ পালে, প্ৰিষ্কিলা আৰু আক্কিলাক তাতে থাকিবলৈ দি পৌলে নিজে নাম-ঘৰত সোমাই ইহুদী সকলে সৈতে বাদ-বিচাৰ কৰিলে ।
\s5
\v 20 তাতে আৰু কিছুদিন থাকিবলৈ তেওঁলোকে পৌলক অনুৰোধ কৰিলে, কিন্তু তেওঁ অমান্তি হল।
\v 21 “ঈশ্বৰৰ ইচ্ছা হলে আপোনালোকৰ ওচৰলৈ আকৌ আহিম৷” এই বুলি কৈ, সাগৰীয়-পথেদি ইফিচলৈ যাবৰ বাবে জাহাজেৰে যাত্ৰা কৰিলে।
\s5
\v 22 পাছত চীজাৰিয়াত নামি, যিৰূচালেমলৈ গৈ মণ্ডলীক আন্তৰিক অভিনন্দন জনাই, তাৰ পৰা আন্তিয়খিয়ালৈ আহিল।
\v 23 তেওঁ কিছুদিন তাতে থাকি, তাৰ পৰা গালাতীয়া আৰু ফৰুগিয়া দেশেদি ফুৰি ফুৰি সকলো শিষ্যক উৎসাহিত কৰিলে।
\s5
\v 24 সেই সময়ত আপল্লো নামেৰে এজন ইহুদী মানুহ ইফিচলৈ আহিছিল৷ তেওঁ আলেকজেন্দ্ৰিয়া নিবাসী, এজন সুবক্তা আৰু ধর্মীয় বিষয়ত নিপূণ আছিল।
\v 25 তেওঁ যোহনৰ বাপ্তিস্মৰ বিষয়ে শিক্ষা পাইছিল আৰু আত্মাত উৎসাহিত হৈ ঈশ্বৰৰ বাক্য বিশদৰূপে ঘোষণা কৰিছিল; কিন্তু তেওঁ যোহনৰ বাপ্তিস্মৰ বিষয়েহে জানিছিল।
\v 26 পাছত তেওঁ নাম-ঘৰত সাহসেৰে প্ৰচাৰ কৰিবলৈ ধৰিলে; তেতিয়া প্ৰিষ্কিলা আৰু আক্কিলাই তেওঁৰ এই কথা শুনাত, তেওঁক তেওঁলোকৰ ওচৰলৈ লৈ আহিল আৰু ঈশ্বৰৰ পথৰ বিষয়ে বিশদভাবে বুজাই দিলে।
\p
\s5
\v 27 যেতিয়া তেওঁ আখায়া দেশলৈ যাব বিছাৰিলে; ভাই সকলে উৎসাহ দি তেওঁক আদৰি লবলৈ শিষ্য সকললৈ পত্ৰ লিখি প্ৰেৰণ কৰিলে; তাতে তেওঁ সেই ঠাই পোৱাত অনুগ্ৰহৰ দ্বাৰাই বিশ্বাস কৰা সকলক মহৎ উপকাৰ সাধন কৰিলে।
\v 28 কিয়নো যীচু যে খ্ৰীষ্ট হয়, তেওঁ শাস্ত্ৰৰ দ্বাৰাই এই বিষয়ে প্ৰমাণ কৰি দেখুৱালে, তাতে তেওঁ সবর্বসাধাৰণৰ আগত ইহুদী সকলৰ আপত্তি খণ্ডন কৰিলে।
\s5
\c 19
\cl ১৯ অধ্যায়।
\p
\v 1 আপল্লো কৰিন্থত থকা সময়ত পৌলে উচ্চভূমি অঞ্চলৰ মাজেদি আহি ইফিচ চহৰ পালেহি; তাতে তেওঁ কেইজনমান শিষ্যক লগ পালে৷
\v 2 পৌলে তেওঁলোকক সুধিলে, “আপোনালোকে যেতিয়া বিশ্বাস কৰিলে, তেতিয়া পবিত্ৰ আত্মা পালে নে"? তেওঁলোকে তেওঁক কলে, "পবিত্ৰ আত্মা দিয়া হৈছে নে নাই, সেই বিষয়ে আমি শুনিবলৈকে নাপালোঁ৷"
\p
\s5
\v 3 তেতিয়া তেওঁ কলে, “তেনেহলে আপোনালোকে কি কাৰণত বাপ্তাইজিত হ’ল?" তেওঁলোকে কলে, “যোহনৰ বাপ্তিস্ম লোৱা দেখি” ।
\v 4 তেতিয়া পৌলে কলে, “যোহনে লোক সকলক কৈছিল, "যি জন মোৰ পাছত আহিছে, তেওঁত অর্থাৎ যীচুত বিশ্বাস কৰা; এই বুলি তেওঁ তেওঁলোকক মন পালটনৰ বাপ্তিস্মৰে বাপ্তাইজ কৰিলে।"
\p
\s5
\v 5 এই কথা শুনি তেওঁলোকে প্ৰভু যীচুৰ নামেৰে বাপ্তাইজিত হ’ল।
\v 6 ইয়াৰ পাছত পৌলে যেতিয়া তেওঁলোকৰ গাত হাত দিলে, তেতিয়া তেওঁলোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিল; তাতে তেওঁলোকে নানা ভাষাৰে কথা কৈ ভাবোক্তি প্ৰচাৰ কৰিলে।
\v 7 তেওঁলোক প্ৰায় বাৰ জন মান মানুহ আছিল।
\p
\s5
\v 8 পাছত পৌল নামঘৰলৈ গ'ল আৰু সেই ঠাইত তিনি মাহ মান থাকি নিৰ্ভীক ভাবে প্ৰচাৰ কৰিলে; আৰু ঈশ্বৰৰ ৰাজ্য-বিষয়ক কথাৰে বাদ-বিচাৰ কৰি লোক সকলক মনোনিবেশ কৰিবলৈ তেওঁ বুজাই দিলে৷
\v 9 কিন্তু তেওঁলোকৰ মাজৰ কিছুমান লোকৰ মন কঠোৰ আৰু অবাধ্য হ'ল৷ তেওঁলোকে লোক সকলৰ আগত খ্ৰীষ্টীয় পথৰ নিন্দা কৰিবলৈ ধৰিলে৷ তেতিয়া তেওঁ তেওঁলোকক তাতে এৰি শিষ্য সকলক পৃথকে তুৰাণ্ণ নামেৰে এজনৰ
\x -
\x* পঢ়াশালীলৈ নি নিতৌ কথোপকথন কৰিব ধৰিলে।
\v 10 এইদৰে তেওঁ দুবছৰলৈ সেই ঠাইতে থাকিল, আৰু এছিয়াত বাস কৰা সকলো ইহুদী আৰু গ্ৰীক সকলে প্ৰভুৰ বাক্য শুনিবলৈ পালে।
\p
\s5
\v 11 ঈশ্বৰে পৌলৰ হতুৱাই এনে পৰাক্ৰম-কার্য কৰালে যে,
\v 12 তেওঁৰ গাৰ পৰা গামোচা বা কাপোৰ নৰিয়া মানুহৰ ওচৰলৈ লৈ যোৱাত, তেওঁলোকৰ ৰোগ আতৰিল আৰু দুষ্ট আত্মাবোৰো ওলাই যোৱাত তেওঁলোক মুক্ত হ'ল ।
\p
\s5
\v 13 কিন্তু দেশ ভ্ৰমি ফুৰা কেইজনমান ইহুদী ভূত খেদাওঁতাই, দুষ্ট আত্মাই ধৰাসকলৰ আগত প্ৰভু যীচুৰ নাম, নিজৰ কামত ব্যৱহাৰ কৰি কয়, "যি জনাৰ কথা পৌলে প্ৰচাৰ কৰিছে, সেই যীচুৰ শপত দি তোমালোকক আজ্ঞা দিছোঁ।"
\v 14 স্কিবা নামৰ ইহুদী প্ৰধান পুৰোহিত এজনৰ সাতজন পুতেকে এই কর্ম কৰিছিল ।
\p
\s5
\v 15 তাতে দুষ্ট আত্মাই উত্তৰ দি তেওঁলোকক ক’লে, "যীচুক জানো, পৌলকো চিনি পাওঁ ; কিন্তু তোমালোক নো কোন"?
\v 16 এই বুলি সেই দুষ্ট আত্মাই ধৰা মানুহজনে তেওঁলোকৰ ওপৰত জাঁপ মাৰি আটাইকে বশ কৰি বলেৰে পৰাজয় কৰিলে ; তেতিয়া তেওঁলোক উলঙ্গ আৰু আঘাত পাই, সেই ঘৰৰ পৰা পলাল।
\v 17 পাছত ইফিচত নিবাস কৰা ইহুদী আৰু গ্ৰীক সকলে এই কথা শুনি সকলোৱে ভয় পালে আৰু প্ৰভু যীচুৰ নাম মহিমান্বিত হ’ল ।
\p
\s5
\v 18 তেতিয়া বিশ্বাস কৰা সকলৰ বহু লোক আহি, নিজ নিজ কর্ম স্বীকাৰ কৰিলে
\v 19 আৰু মায়াকর্ম্ম কৰা সকলৰ ভালেমান লোকে নিজ নিজ পুস্তক গোটাই আনি সকলোৰে আগত পুৰি পেলালে। সেইবোৰৰ মূল্য গণনা কৰি পঞ্চাশ হাজাৰ ৰূপৰ মুদ্ৰা পালে।
\v 20 এইদৰে মহা-পৰাক্ৰমেৰে প্ৰভুৰ বাক্য চৌদিশে বিয়পি গল।
\p
\s5
\v 21 এই কার্য সম্পন্ন হোৱাত পৌলে মাকিদনিয়া আৰু আখায়া দেশেদি ফুৰি যিৰূচালেমলৈ যাবৰ বাবে মন কৰি ক’লে, ‘তালৈ যোৱাৰ পাছত মই ৰোম নগৰকো দেখা পাব লাগিব”।
\v 22 তাতে তেওঁৰ পৰিচর্য্যা কৰা সকলৰ মাজৰ তীমথিয় আৰু ইৰাস্তচ, এই দুজনক মাকিদনিয়ালৈ পঠিয়াই দি তেওঁ নিজে এচিয়া দেশত কিছু দিন থাকিল ।
\p
\s5
\v 23 সেই সময়ত ইফিচত এই পথৰ সজাগতাৰ বিষয়ে বৰ গোলমাল লাগিল ।
\v 24 কিয়নো আর্ত্তেমী দেৱীৰ ৰূপৰ মন্দিৰ
\f +
\fr 19.24
\ft বহু ধন খৰচ কৰি এই মন্দিৰ সজিছিল৷
\f* সজা দীমীত্ৰিয় নামেৰে এজন সোণাৰী আছিল ; তেওঁ শিল্পকাৰ সকলক বহুত কাম যোগাই দিছিল ;
\v 25 পাছত তেওঁ তেওঁলোকক আৰু একে ব্যৱসায়ৰ কাৰিকৰ সকলক একগোট কৰি কলে- “হে লোকসকল, এই ব্যৱসায়ৰ দ্বাৰাই আমাৰ সম্পত্তি হৈছে, ইয়াক আপোনালোকে জানে।
\s5
\v 26 কিন্তু 'যিবোৰ হাতেৰে সাজে, সেইবোৰ ঈশ্বৰ নহয়' পৌলে এই কথা কৈ, অকল ইফিচৰ নহয়, প্ৰায় গোটেই এচিয়াৰ বহু লোকক প্ৰভাম্বিত কৰি অপথে নিলে, ইয়াক আপোনালোকে দেখিছে আৰু শুনিও আছে ।
\v 27 ইয়াতে যে অকল আমাৰ ব্যৱসায়ৰ অপযশ হোৱাৰ শঙ্কা আছে, এনে নহয়; গোটেই এচিয়া, এনে কি গোটেই জগত খনে পূজা কৰা যি আর্ত্তেমী মহা-দেৱী, তেওঁৰ মন্দিৰক একো যেন গণ্য নকৰাৰ আৰু তেওঁক তেওঁৰ ঐশ্বর্য্যৰ পৰা আতৰোৱাৰ আশঙ্কা আছে।"
\p
\s5
\v 28 এই কথা শুনি,তেওঁলোকে খঙত জ্বলি উঠি ৰিঙিয়াই কলে, "ইফিচীয়া সকলৰ আর্ত্তেমী মহান।"
\v 29 তেতিয়া গোটেই নগৰত হুলস্থুল লাগিল৷ পৌলৰ লগত ফুৰা মাকিদনিয়াৰ গায় আৰু আৰিষ্টার্খ নামৰ লোক দুজনক তেওঁলোকে ধৰি নি একে মনেৰে মঞ্চলৈ উঠি গ’ল ।
\s5
\v 30 সেই সময়ত পৌলে লোক সকলৰ মাজত সোমাবলৈ মন কৰিলে কিন্তু শিষ্য সকলে তেওঁক যাবলৈ নিদিলে।
\v 31 এচিয়াৰ কেইজনমান খেলৰ অধিকাৰীয়ে পৌলৰ বন্ধু হৈ, তেওঁৰ ওচৰলৈ মানুহ পঠাই মঞ্চত দেখা নিদিবলৈ তেওঁক মিনতি কৰিলে।
\v 32 সভাত গণ্ডগোল হোৱাত বেলেগ বেলেগ কথাৰে চিঞঁৰি আছিল আৰু কি কাৰণে গোট খাইছিল, সেই বিষয়ে সৰহ ভাগ মানুহে নাজানিলে ।
\s5
\v 33 পাছত ইহুদী সকলে আলেকজেন্দাৰক আগলৈ ঠেলি লোক সকলৰ মাজৰ পৰা উলিয়াই আনিলে। তাতে আলেকজেন্দাৰে হাত চাপৰি দি, লোক সকলৰ আগত বহলাই কবলৈ বিচাৰিলে;
\v 34 কিন্তু তেওঁ ইহুদী মানুহ বুলি গম পাই , "ইফিচীয়া সকলৰ আর্ত্তেমী মহান"! এই কথা কৈ সকলোৱে দুঘণ্টা মানলৈকে একে মাতেৰে চিঞঁৰি থাকিল ।
\p
\s5
\v 35 পাছত নগৰৰ কেৰাণীয়ে লোক সকলক ক্ষান্ত কৰি কলে, “হে ইফিচৰ লোকসকল, কোনে ইফিচ নগৰত মহান-আর্ত্তেমীক আকাশৰ পৰা তললৈ পৰা মূর্ত্তিবোৰৰ মন্দিৰৰ-ৰক্ষক বুলি লোক সকলৰ মাজত নজনা কোন আছে?
\v 36 এইবোৰ কথা অখণ্ডনীয় হোৱাৰ কাৰণে, আপোনালোকে বিচাৰ নকৰাকৈ একো নকৰি ক্ষান্ত হৈ থকা উচিত।
\v 37 কিয়নো এই যি মানুহবোৰক আপোনালোকে ইয়ালৈ আনিলে, তেওঁলোক পবিত্ৰ বস্ত্তৰ অপহাৰক বা আমাৰ দেৱীৰ নিন্দক নহয় ।
\p
\s5
\v 38 এতেকে কোনো মানুহৰ ওপৰত দীমীত্ৰিয়ৰ আৰু তেওঁৰ লগৰ কাৰিকৰ সকলৰ যদি কোনো গোচৰ থাকে, তেন্তে আদালত খোলা আছে, তাতে গৈ ইজনে সিজনক উত্তৰ-প্ৰত্যুত্তৰ কৰিব পাৰে।
\v 39 কিন্তু যদি আপোনালোকৰ আন বিষয়ৰ কোনো সমস্যা থাকে, তেন্তে নিয়মিত সভাত সেই বিষয়ৰ নিস্পত্তি হব ।
\v 40 কিয়নো আজিৰ হুৰামূৰাৰ কোনো কাৰণ নথকাত, আমাৰ ওপৰত গোচৰ চলিবৰ শঙ্কা আছে আৰু এই জনতা গোট খোৱাৰ বিষয়ে আমি একো উত্তৰ দিব নোৱাৰিম।"
\v 41 এই বুলি তেওঁ সভা সামৰিলে ।
\s5
\c 20
\cl ২০ অধ্যায়।
\p
\v 1 পাছত সেই হাই-উৰুমি শান্ত হোৱাত, পৌলে শিষ্যসকলক পঠিয়াই লোকসমুহক উৎসাহিত কৰিলে আৰু বিদায় লৈ মাকিদনিয়ালৈ যাবৰ বাবে ওলাল।
\v 2 পাছত সেই অঞ্চলেদি ফুৰি, বিভিন্ন কথাৰে শিষ্যসকলক উদগণি দি, তেওঁ গ্ৰীচ দেশ পালেগৈ।
\v 3 তাত তিনি মাহ থাকি, সমুদ্ৰ-পথেদি চিৰিয়া দেশত যাবলৈ উদ্যত হোৱাত , ইহুদী সকলে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে৷ তেতিয়া তেওঁ মাকিদনিয়াইদি উলটি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে।
\p
\s5
\v 4 তাতে কিছুমান ব্যক্তিও তেওঁৰ লগত যাবলৈ ওলাল। বিৰয়া নগৰৰ পুৰ্হৰ পুতেক চোপাত্ৰ, থিচলনীকীয়াৰ আৰিষ্টাৰ্খ আৰু চিকুণ্ড, দৰ্বী নগৰৰ গায় আৰু তীমথিয়, এচিয়াৰ তুখিক আৰু ত্ৰফিম, এই কেইজন লোক এচিয়ালৈকে তেওঁৰ লগত গ'ল।
\v 5 কিন্তু এওঁলোকে আগবাঢ়ি যোৱাত, ত্ৰোৱাত আমালৈ ৰৈ আছিল।
\v 6 পাছত খমিৰ নোহোৱা পিঠাৰ দিন পাৰহৈ যোৱাত, আমি ফিলিপীৰ পৰা জাহাজেৰে যাত্রা কৰি গৈ, পাঁচ দিনত ত্ৰোৱাত তেওঁলোকক লগ পালো; তাত সাত দিন থাকিলোঁ ৷
\p
\s5
\v 7 আমি যেতিয়া সপ্তাহৰ প্ৰথম দিনটোত পিঠা ভাঙিবলৈ এক গোট হলো; পৌলে বিশ্বাসীসকলক উপদেশ দি আছিল, পাছদিনা তেওঁ যাবলৈ সিদ্ধান্ত লোৱাত, মাজৰাতিলৈকে বক্তৃতা দি আছিল।
\v 8 তেতিয়া আমি গোট খোৱা সেই ওপৰৰ কোঠালিত বহু চাকি জ্বলি আছিল।
\p
\s5
\v 9 তাতে খিড়িকীত বহি উতুখ নামেৰে এজন ডেকা ঘোৰ টোপনিত মগ্ন হোৱাত, তৃতীয় মহলাৰ পৰা তললৈ পৰিল; পাছত তেওঁক মৃত অৱস্থাত পালে।
\v 10 তেতিয়া পৌলে নামি গৈ তাৰ গাত পৰি আকোঁৱালি ধৰি কলে,“আপোনালোকে কন্দা-কটা নকৰিব; কিয়নো এওঁৰ শৰীৰত প্ৰাণ আছে।
\p
\s5
\v 11 ইয়াৰ পাছত তেওঁ ওপৰলৈ গৈ পিঠা ভাঙি খালে আৰু বহু সময়লৈকে, অৰ্থাৎ ৰাতিপুৱালৈকে কথোপকথন কৰি কৰি, তেওঁলোকৰ ওচৰৰ পৰা এইদৰে গলগৈ।
\v 12 পাছত তেওঁলোকে সেই লৰাক জীৱিত দেখি, বৰ শান্তনা পালে।
\p
\s5
\v 13 পাছত আমি আগবাঢ়ি গৈ পৌলক আ:চ নগৰত তুলি লোৱাৰ মনোভাবেৰে জাহাজত উঠি তালৈ যাত্ৰা কৰিলোঁ; কিয়নো পৌলে খোজকাঢ়ি যাবলৈ বিচৰাত আমি সেইদৰে থিৰাং কৰিলো।
\v 14 আঃচ নগৰত তেওঁ আমাক লগ ধৰিলে, ইয়াৰ পাছত আমি তেওঁক লগত লৈ মিতুলীনী দ্বীপলৈ যাত্ৰা কৰিলোঁ।
\p
\s5
\v 15 ইয়াৰ পৰা জাহাজেৰে যাত্ৰা কৰি পাছদিনা, খীয় দ্বীপৰ সন্মুখ পালোঁ আৰু দ্বিতীয় দিনা চামঃদ্বীপত লগাই ,আমি পাছদিনা মিলীত নগৰ পালোঁ।
\v 16 কাৰণ পৌলে আগতেই সিদ্ধান্ত কৰিছিল যে ইফিচত তেওঁ নাথাকিব, এচিয়াতো সময় অতিবাহিত নকৰিব; কিয়নো পঞ্চাশ-দিনীয়া পৰ্ব্বৰ সময়ত যিৰূচালেমত উপস্থিত থাকিবলৈ তেওঁ ইচ্ছা কৰিলে।
\p
\s5
\v 17 পাছত তেওঁ মিলীতৰ পৰা ইফিচলৈ মানুহ পঠাই, মণ্ডলীৰ বৃদ্ধলোকক মতাই আনিলে।
\v 18 তেওঁলোক তেওঁৰ ওচৰলৈ অহাত , তেওঁ কবলৈ ধৰিলে “মই এচিয়ালৈ অহাৰ প্ৰথম দিনাৰে পৰা আপোনালোকৰ লগত সকলো সময়ত থাকি, সম্পূৰ্ণ নম্ৰতা আৰু চকু-লোৰে,
\v 19 আৰু ইহুদী সকলৰ চক্ৰান্তৰ দ্বাৰাই মোলৈ ঘটা পৰীক্ষাতো কেনেকৈ প্ৰভুৰ দাস্যকৰ্ম কৰিলোঁ
\v 20 আৰু কেনেকৈ আপোনালোকৰ আগত, কোনো হিত কথা কবলৈ আৰু সৰ্ব্বসাধাৰণৰ আগত আৰু ঘৰে ঘৰে আপোনালোকক উপদেশ দিবলৈ পাছ নুহুঁহকিলোঁ,
\v 21 আৰু ঈশ্বৰলৈ মন-পালটন আৰু প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ বিষয়ে ইহুদী আৰু গ্ৰীক সকলৰ আগত সাক্ষ্য দিলোঁ; সেই সকলো বিষয় আপোনালোকে নিজে জানিছে।
\p
\s5
\v 22 আৰু এতিয়া চাওঁক, মই পবিত্ৰ আত্মাৰ নির্দেশত আৱদ্ধ হৈ যিৰূচালেমলৈ যাব ওলাইছো; তাতে মোলৈ কি কি ঘটিব, সেই বিষয়ে নাজানো;
\v 23 কেৱল ইয়াকে জানিছোঁ যে, বন্ধন আৰু ক্লেশে মোলৈ বাট চাই আছে বুলি পবিত্ৰ আত্মাই নগৰে নগৰে মোক সাক্ষ্য দিছে।
\v 24 কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্ত্তাৰ বিষয়ে সাক্ষ্য দিয়া আৰু মোৰ দৌৰ, অৰ্থাৎ প্ৰভু যীচুৰ পৰা পোৱা মোৰ যি পৰিচৰ্য্যাৰ কাৰ্য, সেই কার্য সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গলে, মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি একোতে গণ্য নকৰোঁ।
\s5
\v 25 এতিয়া চাওঁক, যিসকলৰ মাজত মই ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰি ফুৰিলোঁ, সেই সকলৰ মাজত, আপোনালোকে মোৰ মুখ ইয়াৰ পাছত যে দেখিবলৈ নাপাবা, ইয়াকো মই জানিছোঁ।
\v 26 এই হেতুকে মই যে আটাইৰে তেজৰ পৰা শুচি, ইয়াৰ সাক্ষ্য আজি দিছোঁ;
\v 27 কিয়নো আপোনালোকক ঈশ্বৰৰ আটাই পৰিকল্পনা জনাবলৈ পাছ নুহুঁহকিলোঁ।
\s5
\v 28 আপোনালোকে নিজৰ বাবে আৰু পবিত্ৰ আত্মাই যি সকলৰ মাজত আপোনালোকক অধ্যক্ষ পাতিলে, সেই সকলোৱে সাৱধান হৈ, ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে, সেই মণ্ডলীক প্ৰতিপালন কৰক।
\v 29 মই যোৱাৰ পাছত, দুৰ্জন ৰাংকুকুৰবোৰে আপোনালোকৰ মাজত সোমাই, জাকলৈ নিৰ্দ্দয় আচৰণ কৰিব;
\v 30 আৰু আপোনালোকৰ মাজৰ পৰাও কোনো কোনো মানুহ ওলাই, সিহঁতৰ পাছে পাছে শিষ্যবিলাকক আকৰ্ষণ কৰি বিপথে নিবলৈ বিচাৰিব , ইয়াক মই জানিছোঁ।
\p
\s5
\v 31 এতেকে আপোনালোকে পৰ দি থাকক৷ মই যে চকু-লোৰে তিনি বছৰলৈকে দিনে-ৰাতিয়ে প্ৰতিজনক সচেতন কৰিবলৈ নেৰিলোঁ, ইয়াকো সোঁৱৰণ কৰক।
\v 32 এতিয়া, যি ঈশ্বৰে আপোনালোকক বিশ্বাসত বৃদ্ধি কৰিব পাৰে আৰু পবিত্ৰীকৃত হোৱা সকলৰ মাজত উত্তৰাধীকাৰ দিব পাৰে, তেওঁলৈ আৰু তেওঁৰ অনুগ্ৰহৰ বাক্যলৈ আপোনালোকক সমৰ্পন কৰি দিলো।
\p
\s5
\v 33 মই কাৰো ৰূপ বা সোণ বা কাপোৰত লোভ কৰা নাই।
\v 34 মই আৰু মোৰ সঙ্গী সকলৰ প্ৰয়োজনলৈ মোৰ এই হাতেৰে উপার্জন কৰিলো, এই বিষয়ে আপোনালোকে নিজে জানে।
\v 35 সকলো বিষয়তে মই আপোনালোকক আৰ্হি দেখুৱালোঁ; আপোনালোকে সেইদৰে পৰিশ্ৰম কৰি, দুৰ্ব্বল সকলক উপকাৰ কৰা উচিত আৰু প্ৰভু যীচুৰ বাক্য সোঁৱৰা উচিত৷ তেওঁ নিজে কৈছিল- "গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।"
\p
\s5
\v 36 এইবোৰ কথা কোৱাৰ পাছত, তেওঁ আঁঠু লৈ সকলোৰে সৈতে প্ৰাৰ্থনা কৰিলে৷
\v 37 পাছত সকলোৱে বৰ ক্ৰন্দন কৰিলে আৰু পৌলৰ ডিঙিত ধৰি চুমা খালে৷
\v 38 "মোৰ মুখ আৰু দেখিবলৈ নাপাব" বিশেষকৈ এই কথাৰ কাৰণে তেওঁলোকে গভীৰ ভাৱে শোক কৰিলে; পাছত তেওঁক জাহাজলৈকে আগবঢ়াই থৈ আহিল।
\s5
\c 21
\cl ২১ অধ্যায়
\p
\v 1 সেই ঠাইত আমি তেওঁলোকৰ পৰা পৃথক হৈ জাহাজেৰে পোন বাটেদি কো দ্বীপলৈ গৈ পাছদিনা ৰোদঃ দ্বীপ পালো৷ তাৰ পৰা আমি পাতাৰা নগৰলৈ যাত্ৰা কৰিলো।
\v 2 পাতাৰাত ফৈনীকিয়া অঞ্চলেদি যোৱা এখন জাহাজ পোৱাত, আমি সেই জাহাজত উঠি যাত্ৰা কৰিলো।
\p
\s5
\v 3 পাছত কুপ্ৰ দ্বীপ দেখা পাই,তাক বাঁওহাতে এৰি, চিৰিয়া দেশলৈ গৈ, তূৰ নগৰত নামিলো; কিয়নো তাত জাহাজৰ মাল-বস্তু দিবলগীয়া আছিল।
\v 4 সেই ঠাইৰ শিষ্যসকলক বিচাৰি পোৱাত, আমি তাতে সাত দিন থাকিলো; তেওঁলোকে পবিত্র আত্মাৰ দ্বাৰাই পৌলক যিৰূচালেমলৈ যাবৰ বাবে মানা কৰিলে।
\p
\s5
\v 5 আমি সেই কেইদিন তাতে থাকি ওলাই যাওঁতে, তেওঁলোকে লৰা-তিৰোতাৰ সৈতে সকলোৱে নগৰৰ বাহিৰলৈকে আমাক আগবঢ়াই থলে আৰু সাগৰৰ তীৰত আঁঠু লৈ প্ৰার্থনা কৰি,পৰস্পৰে বিদায় ললো৷
\v 6 আমি জাহাজত উঠিলো কিন্তু তেওঁলোকে নিজ নিজ ঘৰলৈ উলটি গল।
\p
\s5
\v 7 পাছত আমি তূৰৰ পৰা গৈ, তলিমায়ি পাই, সমুদ্ৰ-যাত্ৰা শেষ কৰিলোঁ আৰু ভাইসকলক মঙ্গলবাদ জনাই তেওঁলোকৰ লগত এদিন থাকিলোঁ।
\v 8 পিছ দিনা আমি তাৰ পৰা ওলাই গৈ, চীজাৰিয়া পালো৷ তাতে সাত জনৰ মাজৰ শুভবার্ত্তা প্ৰচাৰক যি ফিলিপ, তেওঁৰ ঘৰত থাকিলোঁ।
\v 9 তাত তেওঁৰ ভাবোক্তি প্ৰচাৰ কৰা চাৰিজনী অবিবাহিতা জীয়েক আছিল।
\p
\s5
\v 10 তাত আমি কেইদিনমান থাকোঁতে, যিহূদীয়াৰ পৰা আগাব নামেৰে এজন ভাববাদী আহিল।
\v 11 তেওঁ আমাৰ ওচৰলৈ আহি পৌলৰ ককালৰ পৰা টঙালি লৈ নিজৰ হাত ভৰি বান্ধি কবলৈ ধৰিলে, “পবিত্ৰ আত্মাই এই কথা কৈছে যাৰ এই টঙালি, সেই মানুহক যিৰূচালে ইহুদী সকলে এইদৰে বান্ধি পৰজাতি লোকৰ হাতত শোধাই দিব।"
\p
\s5
\v 12 এই কথা শুনি তাত থকা লোকসকলে আৰু আমিও পৌলক এই ঠাই এৰি যিৰূচালেমলৈ নাযাবৰ বাবে মিনতি কৰিলোঁ।
\v 13 তেতিয়া পৌলে উত্তৰ দিলে, “আপোনালোকে কান্দি কান্দি মোৰ হৃদয় বিদাৰি, কি কৰিব বিছাৰিছে ? কিয়নো মই প্ৰভু যীচুৰ নামৰ কাৰণে, যিৰূচালেমত কেৱল বান্ধ খাবলৈ নহয়, মৰিবলৈকো যুগুত হৈ আছো।"
\v 14 তাতে পৌলে আমাৰ কথা গ্রহণ কৰিবলৈ নিবিচৰাত, আমি ক্ষান্ত হলো আৰু কলোঁ, “প্ৰভুৰ যি ইচ্ছা সেয়ে হওঁক।"
\p
\s5
\v 15 তাৰ পাছত আমাৰ সম্বল গোটাই প্রস্তুত হলো আৰু যিৰূচালেমলৈ যাত্ৰা কৰিলোঁ।
\v 16 তাতে চীজাৰিয়াৰ পৰাও কিছুমান শিষ্য আমাৰ লগত আহিল৷ ম্লাচোন নামেৰে কুপ্ৰ দ্বীপৰ তেওঁৰ যি পুৰণি শিষ্যৰ ঘৰত আমি আলহী হৈ থকাৰ কথা আছিল, তেওঁকো লগত লৈ অহা হ‘ল।
\p
\s5
\v 17 আমি যিৰূচালেম পোৱাত, ভাই সকলে আনন্দেৰে আমাক গ্ৰহণ কৰিলে।
\v 18 পাছদিনা পৌল আমাৰ সৈতে যাকোবৰ তাত সোমোৱাত পৰিচাৰকসকলো তাত উপস্থিত হ’ল।
\v 19 পাছত তেওঁ তেওঁলোকক মঙ্গলবাদ কৰিলে আৰু ঈশ্বৰে তেওঁৰ পৰিচর্য্যাৰ দ্বাৰাই পৰজাতি লোকৰ মাজত যি যি কৰিলে; সেই বিষয়ে এটা এটাকৈ বর্ণনা কৰিলে৷
\p
\s5
\v 20 এই কাৰ্যবোৰ শুনি তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰিলে আৰু তেওঁক কলে, “হে ভাই, তুমি জানা যে, ইহুদী লোকৰ মাজত বিশ্বাস কৰা সকলৰ যি লোক আছে আৰু তেওঁলোক সকলোৱে বিধানত উৎসাহী।
\v 21 কিন্তু তোমাৰ বিষয়ে তেওঁলোকে এই সম্বাদ পালে; তুমি বোলে, পৰজাতি সকলৰ মাজত থকা ইহুদী লোকক মোচিক ত্যাগ কৰিবলৈ শিকাইছা আৰু কৈছা বোলে, তেওঁলোকে লৰাৰ চুন্নৎ কৰিব নালাগে আৰু ৰীতি মতে আচৰণ কৰিব নালাগে।
\s5
\v 22 এতেকে কি হব ? তুমি আহিলা বুলিও তেওঁলোকে অৱশ্যে শুনিছে।
\v 23 এতেকে আমি তোমাক এটা কথা কওঁ, তুমি তাকে কৰা; সঙ্কল্প কৰা আমাৰ চাৰিজন মানুহ আছে;
\v 24 তেওঁলোকৰ লগত একেলগে নিজকে শুচি কৰা আৰু তেওঁলোকৰ মূৰ খূৰাবলৈ তুমি খৰচ দিয়া। এই বিষয়ে যি সম্বাদ পালে, সেয়ে যে একো নহয়, আৰু তুমি যে নিজে বিধান পালন কৰি নিয়মিতৰূপে চলিছা, সেই বিষয়ে সকলোৱে জানিব।
\p
\s5
\v 25 কিন্তু পৰজাতি সকলৰ মাজত বিশ্বাস কৰা সকলৰ বিষয়ে হলে, তেওঁলোকে মুৰ্তিক দিয়া প্ৰসাদ, টেটু-চেপা দি মৰা জন্তুৰ মাংস আৰু তেজ খোৱা আৰু ব্যভিচাৰৰ পৰা নিজকে ৰাখিবলৈ আমি নিশ্চয় কৰি লিখি পঠালোঁ।"
\v 26 তেতিয়া পৌলে সেই মানুহকেইজনক লৈ পাছদিনা মন্দিৰত সোমাল আৰু তেওঁলোকৰ প্ৰতিজনৰ কাৰণে নৈৱেদ্য উৎসর্গ হোৱালৈকে, শুচি কৰা কার্যত কিমান দিন লাগিব, সেই বিষয়ে জনালে।
\p
\s5
\v 27 কিন্তু সেই সাত দিন প্ৰায় শেষ হলত, এচিয়া দেশৰ ইহুদী সকলে তেওঁক মন্দিৰত দেখি, গোটেই লোকসমূহক উচতাই, তেওঁক ধৰি ৰিঙিয়াই কলে,
\v 28 "হে ইস্ৰায়েলৰ সন্তানসকল, সহায় কৰা; যি মানুহে আমাৰ জাতিৰ বিধানৰ আৰু এই ঠাইৰ বিৰুদ্ধে আটাই ঠাইতে সকলো লোকক শিক্ষা দিব লাগিছে, এইজনেই তেওঁ। ইয়াৰ বাহিৰেও গ্ৰীক মানুহকো মন্দিৰৰ ভিতৰলৈ আনি, এই পবিত্ৰ ঠাই অপবিত্ৰ কৰিলে"।
\v 29 কিয়নো তেওঁলোকে আগেয়ে ত্ৰফিম নামেৰে ইফিচীয়া এজনক নগৰৰ মাজত পৌলৰ লগত দেখিছিল; আৰু তেওঁ তাক মন্দিৰৰ ভিতৰলৈ আনিছিল বুলি তেওঁলোকে ভাবিছিল।
\p
\s5
\v 30 তাতে গোটেই নগৰ অস্থিৰ হোৱাত, মানুহবোৰ লৰি আহি পৌলক ধৰি মন্দিৰৰ পৰা বাহিৰলৈ টানি লৈ গল আৰু তেতিয়াই দুৱাৰবোৰ বন্ধ কৰা হল।
\v 31 এইদৰেই তেওঁলোকে তেওঁক বধ কৰিবলৈ যত্ন কৰোতেই, যিৰূচালেমৰ গোটেইখনত হুলুস্থল লগাৰ কথা সৈন্য দলৰ হাজাৰৰ সেনাপতিয়ে শুনিলে,
\p
\s5
\v 32 তেতিয়াই তেওঁ সেনাবোৰৰ সৈতে এশৰ সেনাপতিবিলাকক লগত লৈ তেওঁলোকৰ ওচৰলৈ বেগাই আহিল। তাতে তেওঁলোকে হাজাৰৰ সেনাপতি আৰু সেনাবোৰক দেখি, পৌলক কোবাবলৈ এৰিলে।
\v 33 পাছত হাজাৰৰ সেনাপতিয়ে ওচৰলৈ আহি, তেওঁক ধৰি, দুডাল শিকলিৰে বান্ধিবলৈ আজ্ঞা দিলে; পাছত সুধিলে- "এইটো কোন আৰু কি নো কৰিলে" ।
\p
\s5
\v 34 তাতে লোকসমূহৰ মাজত বেলেগ বেলেগ মানুহে বেলেগ বেলেগ কথাৰে ৰিঙিয়া-ৰিঙি কৰাত, কোলাহলৰ কাৰণে তেওঁ একো নিশ্চয় কৰিব নোৱাৰি, পৌলক দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে।
\v 35 পাছত জখলাত উঠোতে,লোকসমূহৰ উগ্ৰতাৰ কাৰণে, সেনাবোৰৰ দ্বাৰাই তেওঁক দাঙি নিয়া হল;
\v 36 কিয়নো লোকসমূহে পাছে পাছে গৈ ৰিঙিয়াই ৰিঙিয়াই কলে, “তাক দূৰ কৰক”।
\p
\s5
\v 37 পাছত পৌলক দুর্গৰ ভিতৰলৈ নিবলৈ ধৰোতেই, তেওঁ হাজাৰৰ সেনাপতিক কলে, "আপোনাৰ আগত মই কিছু কথা কবলৈ পাৰোঁ নে"?
\v 38 তাতে তেওঁ সুধিলে, "তুমি গ্ৰীক ভাষা কবজানা নে? যি জন মিচৰীয়াই ইয়াৰ আগেয়ে ঘাতক সকলৰ মাজৰ চাৰি হাজাৰ মানুহক উচতাই লগত লৈ অৰণ্যলৈ গৈছিল, তুমি সেইজন নোহোৱা নে"?
\p
\s5
\v 39 কিন্তু পৌলে কলে,“মই কিলিকিয়া দেশৰ তার্চ নগৰৰ ইহুদী মানুহ, সামান্য মানুহ নহওঁ। বিনয় কৰোঁ, মানুহবোৰৰ আগত কথা কবলৈ মোক অনুমতি দিয়ক"।
\v 40 পাছত তেওঁক অনুমতি দিয়াত, পৌলে জখলাৰ ওপৰত থিয় হৈ, মানুহবোৰৰ সমুখত হাত দাঙি সম্‍ভাষণ জনালে; তাৰ পাছত লোকসমুহ অতি নিজম দি থাকিল আৰু তেওঁ ইব্ৰী ভাষাৰে তেওঁলোকক কবলৈ আৰম্ভ কৰিলে,
\s5
\c 22
\cl ২২ অধ্যায়
\p
\v 1 হে ভাই আৰু পিতৃসকল, এতিয়া আপোনালোকৰ আগত মই নিজৰ পক্ষে যি উত্তৰ দিম, সেই বিষয়ে শুনকচোন৷
\p
\v 2 যেতিয়া লোকসকলে ইব্ৰী ভাষাৰে কথা কোৱা শুনিলে, তেতিয়া তেওঁলোক নিমাত হ'ল৷ তেওঁ কলে,
\p
\s5
\v 3 "মই ইহুদী মানুহ, কিলিকিয়া দেশৰ তাৰ্চ নগৰ মোৰ ওপজা ঠাই, কিন্তু এই নগৰত প্ৰতিপালিত হৈ, গমলীয়েলৰ চৰণত ঠিকমতে শিক্ষা পালোঁ; আৰু আজি আপোনালোক যেনে হৈ আছে, ময়ো সেইদৰে ঈশ্বৰলৈ উৎসাহী হৈ আছিলো
\f +
\fr 22.3
\ft পাঁচনিকৰ্ম ৮:৩; ২৬:৯-১১; ফিলিপীয়া ৩:-৬; ১ তীমথিয় ১:১৩
\f*
\v 4 আৰু এই পথৰ পুৰুষ আৰু মহিলা সকলক বান্ধি বন্দীশালত শোধাই দি, আনকি মৰণলৈকে তেওঁলোকৰ ওপৰত তাড়না কৰিছিলোঁ৷
\v 5 এই বিষয়ে মহাপুৰোহিত আৰু বৃদ্ধলোক সকলৰ সমাজখনো মোৰ সাক্ষী আছে৷ তেখেত সকলৰ পৰাই পত্ৰ লৈ, দম্মেচকত যি সকল এই পথৰ ভাই আছিল, সেই লোক সকলক দণ্ড দি বান্ধি যিৰূচালেমলৈ আনিবৰ কাৰণে তালৈ যাত্ৰাও কৰিছিলোঁ৷
\p
\s5
\v 6 কিন্তু মই যাত্ৰা কৰি দম্মেচকৰ ওচৰ পাওঁতে, দুপৰীয়া সময়ত অকস্মাতে আকাশৰ পৰা উজ্বল পোহৰ আহি মোৰ চাৰিওফালে প্ৰকাশিত হ'ল৷
\v 7 তাতে মই মাটিত বাগৰি পৰিলো আৰু "হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?" মোলৈ কোৱা এনে বাণী শুনিলোঁ৷
\v 8 মই উত্তৰ দিলোঁ, "হে প্ৰভু, আপুনি কোন?" তেওঁ মোক কলে, 'তুমি যিজনক তাড়না কৰিছা, মই সেই নাচৰতীয়া যীচু৷"
\p
\s5
\v 9 মোৰ সঙ্গী সকলেও সেই পোহৰ দেখিবলৈ পালে, কিন্তু মোক কথা কোৱা জনৰ মাত শুনা নাছিল৷
\v 10 পাছত মই সুধিলোঁ, 'প্ৰভু, মই কি কৰিব লাগিব?' প্ৰভুৱে মোক কলে, 'উঠা আৰু দম্মেচকলৈ যোৱা; তাতে তুমি কৰিবলগীয়া যি যি আছে, সেই সকলোবোৰৰ বিষয়ে তোমাক তাতে কোৱা হ'ব৷'
\v 11 সেই পোহৰৰ প্ৰতাপৰ কাৰণে মই দেখা পোৱা নাছিলোঁ, সেয়েহে সঙ্গী সকলৰ হাতত ধৰি দম্মেচকলৈ গ'লো৷
\p
\s5
\v 12 পাছে সেই নগৰ নিবাসী ইহুদী সকলৰ মাজত সুখ্যাতি পোৱা অননিয় নামেৰে বিধানৰ ভক্ত এজনক লগ পালো৷
\v 13 পাছত তেওঁ আহি মোৰ ওচৰত থিয় হৈ কলে, 'হে ভাই চৌল, দৃষ্টি পোৱা৷' সেই মূহূৰ্ত্ততে মই তেওঁক দেখা পালোঁ৷
\p
\s5
\v 14 পাছত তেওঁ মোক কলে, 'আমাৰ ওপৰ-পুৰুষ সকলৰ ঈশ্বৰে তোমাক মনোনীত কৰিলে, যাতে তুমি ঈশ্বৰৰ ইচ্ছা জানা আৰু ধাৰ্মিকজনক
\f +
\fr 22.14
\ft পাঁচনিকৰ্ম ৩:১৪; :৫২
\f* দেখা পোৱা৷ এতিয়া তেওঁৰ মুখৰ বাক্য শুনা;
\v 15 কাৰণ যি যি দেখিলা, শুনিলা, সকলো মানুহৰ আগত তেওঁলৈ তাৰ সাক্ষী হ'বা৷
\v 16 এতিয়া কিয় পলম কৰিছা? উঠা, তেওঁৰ নামত প্ৰাৰ্থনা কৰি বাপ্তাইজিত হৈ, নিজৰ পাপ ধুই পেলোৱা৷'
\p
\s5
\v 17 তাৰ পাছত মই যিৰূচালমলৈ উলটি আহি ধৰ্মধামত প্ৰাৰ্থনা কৰি থাকোঁতে মুৰ্চ্ছা গ'লো৷
\v 18 তাতে তেওঁ
\f +
\fr 22.18
\ft পাঁচনিকৰ্ম ৯:২৬
\f* মোক কোৱা শুনিলো, 'তুমি লৰালৰিকৈ যিৰূচালেমৰ পৰা বেগাই ওলাই যোৱা, কিয়নো এই মানুহবোৰে তুমি মোৰ বিষয়ে দিয়া সাক্ষ্য গ্ৰহণ নকৰিব৷'
\p
\s5
\v 19 মই ক'লো, 'হে প্ৰভু, মই যে প্ৰত্যেক নাম-ঘৰত সোমাই তোমাক বিশ্বাস কৰা সকলক কোবাই কোবাই বন্দীশালত থৈছিলোঁ
\v 20 আৰু তোমাৰ সাক্ষী স্তিফানৰ ৰক্তপাতৰ সময়ত, ময়ো নিজে ওচৰত থিয় হৈ সন্মতি দি, তেওঁক বধ কৰা সকলৰ কাপোৰ ৰাখিছিলোঁ৷'
\v 21 কিন্তু তেওঁ মোক কলে, 'যোৱা, কিয়নো মই তোমাক দুৰৈত থকা অনা-ইহুদী সকলৰ ওচৰলৈ পঠিয়াম৷'
\s ইহুদী সকলে যিৰূচালেমত পৌলক বধ কৰিবলৈ চেষ্টা কৰা
\p
\s5
\v 22 এইখিনিলৈকে তেওঁৰ কথা শুনি, তেওঁলোকে চিঞৰি কলে, "এনে মানুহক পৃথিৱীৰ পৰা দূৰ কৰক: কিয়নো সি জীয়াই থকাৰ যোগ্য নহয়৷"
\v 23 তেওঁলোকে ৰিঙিয়াই ৰিঙিয়াই, নিজৰ নিজৰ কাপোৰ পেলাই, ওপৰলৈ ধুলি উৰুৱাই থাকোঁতে,
\v 24 হাজাৰৰ সেনাপতিয়ে পৌলক দুৰ্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে আৰু তেওঁৰ অহিতে মানুহবোৰে কি কাৰণত এনেদৰে আটাহ পাৰিছে, সেই বিষয়ে জানিবলৈ তেওঁক চাবুকেৰে কোবাই সুধিবলৈ আজ্ঞা দিলে৷
\p
\s5
\v 25 পাছত তেওঁক চাবুকেৰে কোবাবলৈ চামৰাৰ জৰীৰে বন্ধা হ'ল, তেতিয়া পৌলে ওচৰত থিয় হৈ থকা এশৰ সেনাপতিক কলে, "বিনা দণ্ডাজ্ঞাৰে ৰোমীয়া মানুহক চাবুকেৰে কোবাবলৈ আইন মতে আপোনালোকৰ ক্ষমতা আছে নে?"
\v 26 এশৰ সেনাপতিয়ে এই কথা শুনি হাজাৰৰ সেনাপতিৰ ওচৰলৈ গৈ কলে, "আপুনি কি কৰিবলৈ উদ্যত হৈছে? কিয়নো এই মানুহজন এগৰাকী ৰোমীয় নাগৰিক৷"
\p
\s5
\v 27 তেতিয়া হাজাৰৰ সেনাপতিয়ে আহি তেওঁক কলে, "মোক কোৱাচোন, তুমি এগৰাকী ৰোমীয় নাগৰিক নে?" পৌলে কলে, "হয়"৷
\v 28 হাজাৰৰ সেনাপতিয়ে উত্তৰ দিলে, "মই ভালেমান ধন ভৰিহে নাগৰিকত্ব লাভ কৰিছিলোঁ৷" কিন্তু পৌলে কলে, "মই জন্মতেই এজন ৰোমীয় নাগৰিক৷"
\v 29 তেতিয়া যিসকলে তেওঁৰ সোধ-বিচাৰ কৰিবলৈ উদ্যত হৈছিল, তেওঁলোকে তেতিয়াই তেওঁৰ ওচৰৰ পৰা গুচি গ'ল আৰু হাজাৰৰ সেনাপতিয়ে পৌল এগৰাকী ৰোমীয় নাগৰিক বুলি জানি ভয় খালে, কাৰণ তেওঁ নিজে তেওঁক বন্ধাইছিল৷
\s মহা-সভাৰ আগত পৌলৰ বক্তৃতা আৰু তেওঁৰ উদ্ধাৰ
\p
\s5
\v 30 পাছদিনা ইহুদী সকলে পৌলক কি অপবাদ দিছিল, হাজাৰৰ সেনাপতিয়ে তাৰ নিশ্চয়তা জানিব বিচাৰিলে৷ গতিকে তেওঁক বান্ধোনৰ পৰা মুকলি কৰি দিলে আৰু প্ৰধান পুৰোহিত সকল আৰু মহা-সভাৰ সকলোকে গোট খাবলৈ আজ্ঞা দিলে৷ পাছত তেওঁ পৌলক নমাই আনি তেওঁলোকৰ মাজত উপস্থিত কৰালে৷
\s5
\c 23
\cl ২৩ অধ্যায়
\p
\v 1 পৌলে মহা-সভালৈ পোনপটীয়াকৈ চাই কলে, "হে ভাই সকল, মই সকলো বিষয়তে উত্তম বিবেকেৰে ঈশ্বৰৰ প্ৰজাৰ দৰে আজিলৈকে আচৰণ কৰি আছো৷"
\f +
\fr 23.1
\ft পাঁচনিকৰ্ম ২৪:১৬; ২ কৰিন্থীয়া ১:১২; ১পিতৰ ৩: ১৫,১৭
\f*
\v 2 এনেতে অননিয় নামেৰে মহা-পুৰোহিতে, ওচৰত থিয় হৈ থকাসকলক তেওঁৰ মুখত মাৰিবলৈ আজ্ঞা দিলে৷
\v 3 তেতিয়া পৌলে তেওঁক কলে, "হে বগাকৈ লিপা গড়, ঈশ্বৰে আপোনাকহে অাঘাত কৰিবলৈ উদ্যত হৈ আছে৷ আপুনি বিধানৰ মতে মোৰ সোধ-বিচাৰ কৰিবলৈ বহি আছে, নে সেই বিধান উলঙ্ঘন কৰি মোক মাৰিবলৈ আজ্ঞা দিছে?"
\p
\s5
\v 4 তাতে ওচৰত থিয় হৈ থকাসকলে কলে, "তই ঈশ্বৰৰ মহা-পুৰোহিতক অপমান কৰ নে?"
\v 5 পৌলে কলে, "হে ভাই সকল, এওঁ যে মহা-পুৰোহিত, সেই বিষয়ে মই জনা নাছিলোঁ৷ কিয়নো লিখা আছে,
\f +
\fr 23.5
\ft যাত্ৰাপুস্তক ২২:২৮
\f*
\q তুমি স্বজাতীয় লোকৰ শাসনকৰ্ত্তাক কু-বাক্য নুবুলিবা৷"
\p
\s5
\v 6 পাছত পৌলে তেওঁলোকৰ এভাগ ফৰীচী, এভাগ চদ্দূকী বুলি জানি, মহা-সভাত ৰিঙিয়াই কলে, "হে ভাই সকল, মই ফৰীচী, আৰু এজন ফৰীচীৰ পুতেক৷ কাৰণ মৃতসকলৰ পুনৰুত্থানৰ আশাৰ বিষয়ে মোৰ সোধ-বিচাৰ হৈছে৷"
\v 7 তেওঁ এই কথা কওঁতে, ফৰীচী আৰু চদ্দূকী সকলৰ মাজত বিবাদ হ'ল, আৰু লোকসমূহ দুভাগত ভাগ হ'ল৷
\v 8 কিয়নো চদ্দূকী সকলে পুনৰুত্থান, স্বৰ্গদূত আৰু আত্মা, এইবোৰ নাই বুলি কয়,
\f +
\fr 23.8
\ft লূক ২০:২৭
\f* কিন্তু ফৰীচী সকলে সেইবোৰ স্বীকাৰ কৰে৷
\p
\s5
\v 9 তাতে বৰকৈ হুলস্থুল হ'ল আৰু ফৰীচী সকলৰ ফলীয়া অধ্যাপক সকলৰ কেইজনমানে উঠি বাগ্‌যুদ্ধ কৰি কলে, "আমি এই মানুহজনত একো দোষ নাপাও৷ যদি কোনো আত্মা নাইবা দূতে দম্মেচকৰ পথত সচাঁকৈ তেওঁৰ সৈতে কথা কলে;"
\v 10 তেতিয়া অতিশয় বিবাদ হ'ল, তেওঁলোকে পৌলক ডোখৰ ডোখৰ কৰিব বুলি হাজাৰৰ সেনাপতিয়ে ভয় কৰি, সেনাবোৰক নামি গৈ তেওঁলোকৰ মাজৰ পৰা তেওঁক বলেৰে কাঢ়ি দুৰ্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে৷
\p
\s5
\v 11 তাতে সেই ৰাতি প্ৰভুৱে তেওঁৰ ওচৰত থিয় হৈ কলে,
\f +
\fr 23.11
\ft পাঁচনিকৰ্ম ১৮:৯; ২৭:২৩,২৪
\f* "নিৰ্ভয় হোৱা, কিয়নো যিৰূচালেমত যেনেকৈ মোৰ বিষয়ে সাক্ষ্য দিলা, ৰোম নগৰতো তেনেকৈ সাক্ষ্য দিব লাগিব৷"
\p
\s5
\v 12 পাছ দিন ৰাতিপুৱা হোৱাত ইহুদী সকলে এক পৰামৰ্শ হৈ, পৌলক বধ নকৰালৈকে আমি ভোজন-পান নকৰোঁ বুলি, শপতেৰে নিজকে বান্ধিলে৷
\v 13 সেই চক্ৰান্ত কৰা লোক চল্লিশ জনতকৈ অধিক আছিল৷
\p
\s5
\v 14 তেওঁলোকে প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলৰ ওচৰলৈ গৈ কলে, "পৌলক বধ নকৰালৈকে আমি একো নাখাওঁ, এই শপত খাই নিজকে বান্ধিলোঁ৷
\v 15 এই কাৰণে আপোনালোকৰ মহা-সভাৰ সৈতে এই বিষয়ে আৰু ভালকৈ জানিবৰ ছলেৰে আপোনালোকৰ ওচৰলৈ তাক আনিবলৈ হাজাৰৰ সেনাপতিৰ আগত আবেদন কৰিব, তেতিয়া সি আপোনালোকৰ ওচৰ আহি নাপাওঁতেই আমি তাক বধ কৰিবলৈ সাজু হৈ থাকিম৷"
\p
\s5
\v 16 কিন্তু পৌলৰ ভাগিনিয়েকে(ভনীয়েকৰ ল’ৰাই) তেওঁলোকৰ এই খাপ দিয়া কথা শুনি, দুৰ্গত সোমাই পৌলক কলেগৈ৷
\v 17 তেতিয়া পৌলে এজন এশৰ সেনাপতিক মাতি কলে, "এই ডেকাক হাজাৰৰ সেনাপতিৰ ওচৰলৈ লৈ যোৱা, কিয়নো তেওঁৰ আগত এই বিষয়ে কোনো সম্বাদ জনাবলৈ আছে৷"
\p
\s5
\v 18 তেতিয়া তেওঁ তাক লগত লৈ হাজাৰৰ সেনাপতিৰ ওচৰলৈ গৈ কলে, "আপোনাৰ আগত এই ডেকাৰ কিবা কথা কবলৈ আছে বুলি বন্দীয়াৰ পৌলে মোক মাতি আপোনাৰ ওচৰলৈ ইয়াক আনিবলৈ মিনতি কৰিলে৷"
\v 19 হাজাৰৰ সেনাপতিয়ে তাক হাতত ধৰি লৈ, এফলীয়া হৈ গুপুতে সুধিলে, "মোক কবলৈ তোমাৰ কি কথা আছে?"
\p
\s5
\v 20 ডেকাজনে কলে, "আপুনি পৌলৰ বিষয়ে সুধি জানিব খোজাৰ নিচিনাকৈ, তেওঁক কালিলৈ মহা-সভালৈ যেন লৈ যাব, আপোনাৰ আগত এনে নিবেদন কৰিবলৈ ইহুদী সকলে সিদ্ধান্ত কৰিছে৷
\v 21 এতেকে আপুনি তেওঁলোকৰ কথা নুশুনিব, কাৰণ তেওঁলোক চল্লিশ জনতকৈ অধিক মানুহে পৌলক বধ নকৰালৈকে ভোজন-পান নকৰো বুলি শপতেৰে নিজকে বান্ধি খাপ দি আছে৷ আনকি তেওঁলোক সাঁজু হৈ আপোনাৰ অনুমতিলৈ বাট চাই আছে৷
\p
\s5
\v 22 তেতিয়া হাজাৰৰ সেনাপতিয়ে সেই ডেকাক বিদায় দিয়াৰ পূর্বে এই আদেশ দিলে, "তুমি যে এইবোৰ কথা মোৰ আগত প্ৰকাশ কৰিলা, পুনৰ কাকো নকবা৷"
\v 23 তেতিয়া তেওঁ এশৰ সেনাপতি সকলৰ দুজনক ওচৰলৈ মাতি আনি আজ্ঞা দিলে, "ৰাতি ন বজাত চীজাৰিয়া যাবলৈ দুশজন সৈন্য, সত্তৰ জন অশ্বাৰোহী আৰু দুশ বৰছা-ধাৰী সৈন্য যুগুত কৰা৷"
\v 24 আৰু পৌলক নিৰাপদে ফীলিক্স দেশাধিপতিৰ ওচৰলৈ বহুৱাই লৈ যোৱা বাহনো যুগুত কৰিবলৈ তেওঁলোকক আজ্ঞা দিলে।
\p
\s5
\v 25 পাছত তেওঁ এইদৰে পত্ৰ লিখি দিলে,
\p
\v 26 "মহামহিম শ্ৰীযুক্ত ফীলিক্স দেশাধিপতিলৈ ক্লৌদিয় লুচিয়ৰ নমস্কাৰ৷
\v 27 এই মানুহজনক ইহুদী লোকে ধৰি বধ কৰিবলৈ উদ্যত হৈছে, সেনাবোৰে সৈতে গৈ, এওঁ এজন ৰোমীয় মানুহ বুলি জানি, মই এওঁক ৰক্ষা কৰিলোঁ৷
\p
\s5
\v 28 পাছত কি কাৰণে তেওঁলোকে এওঁক অপবাদ দিছে, তাক জানিবৰ মনেৰে তেওঁলোকৰ মহা-সভালৈ এওঁক নিয়াও হৈছিল৷
\v 29 তাতে প্ৰাণদণ্ডৰ বা কাৰাদণ্ডৰ যোগ্য এনে কোনো অপবাদ দিয়া নাই, কেৱল তেওঁলোকৰ বিধানৰ বাদ-বিচাৰত কোনো দোষ ধৰা যেন পালোঁ৷
\v 30 পাছত এওঁৰ বিৰুদ্ধে কৰা চক্ৰান্তৰ কথা মোক জনোৱা হ'ল আৰু সেয়ে সিদ্ধ হোৱাৰ আগন্তুক দেখি, মই তৎক্ষণাৎ এওঁক আপোনাৰ ওচৰলৈ পঠাই দিলো আৰু এওঁৰ গুচৰীয়া সকলকো আপোনাৰ আগত এওঁৰ বিৰুদ্ধে গোচৰ কৰিবলৈ আজ্ঞা দিলোঁ৷ ইতি
\p
\s5
\v 31 পাছত সেনা সকলে আজ্ঞা অনুসাৰে ৰাতিতে পৌলক তুলি, আন্তপাত্ৰি নগৰলৈ নিলে৷
\v 32 কিন্তু পাছদিনা অশ্বাৰোহী সকলক তেওঁৰ লগত যাবলৈ দি দুৰ্গলৈ উলটি আহিল৷
\v 33 পাছত তেওঁলোকে চিজাৰিয়া পাই, দেশাধিপতিক পত্ৰ খন দি, তেওঁৰ আগত পৌলকো হাজিৰ কৰালে৷
\p
\s5
\v 34 তেতিয়া তেওঁ সেই পত্ৰ পঢ়ি পৌল কোন প্ৰদেশৰ বুলি সুধিলে; পাছে কিলিকিয়াৰ বুলি জানি,
\v 35 তেওঁ কলে, "তোমাৰ গুচৰীয়াবোৰ আহিলেহে মই তোমাৰ কথা শুনিম৷" তেতিয়া তেওঁ হেৰোদৰ প্ৰিটৰিয়মত ৰাখিবলৈ তেওঁক আজ্ঞা দিলে৷
\s5
\c 24
\cl ২৪ অধ্যায়
\s দেশাধিপতিৰ আগত পৌলৰ বিচাৰ
\p
\v 1 পাঁচ দিনৰ মূৰত, মহা-পুৰোহিত অননিয়ই কেইজনমান বৃদ্ধলোক আৰু তৰ্ত্তুল্ল নামেৰে এজন উকীলে সৈতে আহি দেশাধিপতিৰ আগত পৌলৰ বিৰুদ্ধে অভিযোগ দিলে।
\v 2 তাৰ পাছত পৌল দেশাধিপতিৰ আগত অাহি থিয় হ'ল, তৰ্ত্তুল্লই তেওঁক দোষাৰোপ কৰিবলৈ ধৰিলে আৰু দেশাধিপতিক কলে, "হে মহামহিম ফীলিক্স, আপোনাৰ দ্বাৰাই আমি মহাশান্তি ভোগ কৰিছোঁ আৰু আপোনাৰ দুৰদর্শিতাই আমাৰ জাতিলৈ অনেক উন্নতি সাধন কৰিছে,
\v 3 সকলোৱে ইয়াক সম্পূৰ্ণ কৃতজ্ঞতাৰে স্বীকাৰ কৰিছোঁ।
\s5
\v 4 গতিকে আপোনাৰ অধিক সময় আমি যেন নলওঁ, এই কাৰণে নিবেদন কৰোঁ, আপুনি অনুগ্ৰহ কৰি আমাৰ অলপ কথা শুনক।
\v 5 কিয়নো আমি দেখিবলৈ পালোঁ, যে এই মানুহটো মহামাৰী স্বৰূপ আৰু গোটেই জগত নিবাসী ইহুদী সকলৰ মাজত ৰাজদ্ৰোহ কৰাওঁতা আৰু নাচৰতীয়া সকলৰ দলৰ অগ্ৰণী৷
\v 6 ইয়াৰ বাহিৰেও, ই ধৰ্ম্মধাম অশুচি কৰিবলৈ চেষ্টা কৰিছিল; সেই বাবে আমি তাক আটক কৰি ৰাখিলোঁ।
\p
\s5
\v 7 কিন্তু প্ৰধান সেনাপতি লুচিয় আহি বৰ বলেৰে আমাৰ হাতৰ পৰা পৌলক কাঢ়ি আনিলে৷
\v 8 আপুনি ইয়াৰ সোধ-বিচাৰ কৰিলে, আমি যি যি অপবাদ ইয়াক দিছোঁ, সেই বিষয়ে সকলো বুজিব পাৰিব৷"
\v 9 তাতে ইহুদী সকলেও একেলগ হৈ পৌলক দোষাৰোপ কৰিলে আৰু এইবোৰ কথা সচাঁ বুলি কলে।
\p
\s5
\v 10 পাছত দেশাধিপতিয়ে পৌলক কবলৈ সঙ্কেত দিয়াত, পৌলে কবলৈ আৰম্ভ কৰিলে, "আপুনি অনেক বছৰৰ পৰা এই জাতিৰ বিচাৰকৰ্ত্তা হৈ আছে, ইয়াকে জানি মই হৰ্ষিত মনেৰে নিজৰ পক্ষে উত্তৰ দিব খুজিছোঁ৷
\p
\v 11 কাৰণ অনুসন্ধান কৰিলে আপুনি জানিব পাৰিব যে, মই ভজনা কৰিবলৈ যিৰূচালেমলৈ যোৱা আজি বাৰ দিন মাথোন হৈছে;
\v 12 তাত এওঁলোকে মন্দিৰত বা নাম-ঘৰত বা নগৰতেই হওঁক, কোনো ব্যক্তিৰ সৈতে মোক বাদ-বিচাৰ বা লোক সকলক উচটাই উত্তেজিত কৰি অশান্তি সৃষ্টি কৰাও কোনেও দেখা নাই;
\v 13 আৰু এতিয়া যি যি অপবাদ মোক দিছে, এই বিষয়ে একো প্ৰমাণ আপোনাৰ আগত দিব নোৱাৰে।
\p
\s5
\v 14 কিন্তু আপোনাৰ আগত মই ইয়াকে স্বীকাৰ কৰোঁ যে, বিধানৰ সকলো কথা, যি পথক এখেত সকলে বিধৰ্ম্ম বোলে, সেই পথ অনুসাৰে মই ওপৰ-পুৰুষ সকলৰ ঈশ্বৰৰ আৰাধনা কৰোঁ আৰু ভাববাদী সকলৰ পুস্তকত যি যি লিখা আছে, সেই সকলোকে বিশ্বাস কৰোঁ৷
\v 15 আৰু ধার্মিক অধার্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব বুলি এখেত সকলে যি আশাৰে বাট চাই আছে, ঈশ্বৰত ময়ো সেই আশা কৰোঁ।
\v 16 এই কাৰণে ঈশ্বৰলৈ আৰু মনুহলৈ নির্ব্বিঘ্নে বিবেক ৰক্ষা কৰিবলৈ ময়ো সদায় যত্ন কৰি আছো।
\s5
\v 17 এতিয়া কিছু বছৰৰ মূৰত মই নিজৰ জাতিৰ মানুহক দান আনি দিবৰ বাবে আৰু নৈবেদ্য উৎসর্গ কৰিবলৈ আহিছিলো।
\v 18 এতিয়া সেই কার্যতেই এচিয়াৰ কিছুমান ইহুদী লোকেহে মোক যিৰূচালেম মন্দিৰত শুচীকৃত উৎসৱত পালে; মোৰ লগত আন কোনো ব্যক্তিও নাই, কিন্তু এখেত সকলেহে হুৰামূৰা লগালে।
\v 19 ইয়াৰ উপৰিও মোৰ অহিতে যদি এখেত সকলৰ কোনো কথা আছিল, তেনেহলে আপোনাৰ ওচৰত ব্যক্তিসমুহে নিজে আহি গোচৰ দিব লাগিছিল।
\p
\s5
\v 20 নতুবা, মই মহা-সভাৰ আগত থিয় হৈ থাকোঁতে, এই একেই লোক সমুহে মোৰ কি দোষ পালে, সেই বিষয়ে এখেত সকলে নিজেই কোৱা উচিত আছিল;
\v 21 নহলে এতিয়া যি বিষয়ৰ কথা মই আপোনালোকৰ আগত চিঞৰি কৈছোঁ, তেনেদৰে, 'মৃত বিলাকৰ পুনৰুত্থানৰ বিষয়ে আজি আপোনালোকৰ আগত মোৰ সোধবিচাৰ হৈছে'৷"
\p
\s5
\v 22 ফীলিক্সে সেই পথৰ বিষয়ে ভালকৈ জনাত, বিচাৰ স্থগিত ৰাখি তেওঁলোকক কলে, "লুচিয় হাজাৰৰ সেনাপতি যিৰূচালেমৰ পৰা আহিলে আপোনালোকৰ কথা সম্পূর্ণকৈ জানিব পাৰিম।"
\v 23 পাছত পৌলক পহৰা দিবলৈ, কিন্তু মৰমেৰে আৰু সেৱা-শুশ্ৰূষা কৰিবলৈ অহা তেওঁৰ আত্মীয় সকলক নিষেধ নকৰিবলৈ তেওঁ এশৰ সেনাপতিক আজ্ঞা দিলে৷
\p
\s5
\v 24 কিছু দিনৰ পাছত ফীলিক্সে, দ্ৰুচিলা নামৰ তেওঁৰ ইহুদী ভার্য্যাৰ সৈতে আহি, পৌলক মতাই আনি, খ্ৰীষ্ট যীচুত যি বিশ্বাস, সেই বিষয়ে তেওঁৰ পৰা শুনিলে।
\v 25 তেওঁ ধার্মিকতা, ইন্দ্ৰিয় দমন, আৰু ভবিষ্যত সোধ-বিচাৰৰ বিষয়ে যুক্তি দেখুৱাওঁতে, ফীলিক্সে ত্ৰাসযুক্ত হৈ উত্তৰ দিলে; "এতিয়া সম্প্ৰতি যোৱা; মই আজৰি পালে পাছত তোমাক মতাই আনিম৷"
\p
\s5
\v 26 আৰু পৌলে তেওঁক ধন দিব বুলি তেওঁ আশা কৰি, ঘনে ঘনে তেওঁক মতাই কথোপকথন কৰিলে।
\v 27 কিন্তু দুবছৰৰ মূৰত পৰ্কিয় ফীষ্টে ফীলিক্সৰ পদ পালে, তাতে ফীলিক্সে ইহুদী সকলৰ প্ৰিয় পাত্ৰ হবলৈ ইচ্ছা কৰি, তেওঁ পৌলক ৰখীয়াৰ অধিনত থৈ গ'ল৷
\s5
\c 25
\cl ২৫ অধ্যায়
\p
\v 1 ফীষ্ট সেই প্ৰদেশলৈ আহি, তিন দিনৰ পাছত চীজাৰিয়াৰ পৰা যিৰূচালেমলৈ গ'ল।
\v 2 তাতে প্ৰধান পুৰোহিত সকলে আৰু ইহুদী সকলৰ প্ৰধান লোকে তেওঁৰ আগত পৌলৰ বিৰুদ্ধে দৃঢ়ভাৱে জনালে৷
\v 3 এনে উদ্দেশ্যেৰে ফীষ্টক অনুগ্ৰহ যাচনা কৰি নিবেদন কৰিলে, যাতে তেওঁ মানুহ পঠাই পৌলক যিৰূচালেমলৈ লৈ আহে, আৰু তেওঁলোকে যেন বাটতে খাপ দি পৌলক বধ কৰিব পাৰে, সেই বিষয়ে পৰিকল্পনা কৰিব ধৰিলে।
\p
\s5
\v 4 কিন্তু ফিষ্টে তেওঁলোকক উত্তৰ দিলে, যে পৌলক চিজাৰিয়াত বন্দী কৰি ৰখা হৈছে আৰু সেয়েহে সোনকালে তেওঁ নিজে তালৈকে যাব।
\v 5 গতিকে, তেওঁ কলে, "যদি সেই মানুহৰ কোনো দোষ আছে, তেন্তে তোমালোকৰ মাজৰ কেইজনমান শক্তিমন্ত লোকে মোৰে সৈতে গৈ, তেওঁৰ ওপৰত গোচৰ কৰক৷"
\p
\s5
\v 6 পাছত তাত আঠ দহ দিনতকৈ বেচি দিন নাথাকি, তেওঁ চিজাৰিয়ালৈ গুচি গ'ল৷ পাছদিনা তেওঁ সোধৰ আসনত বহি, পৌলক আনিবলৈ আজ্ঞা দিলে।
\v 7 পাছত তেওঁ উপস্থিত হোৱাত যিৰূচালেমৰ পৰা অহা ইহুদী সকলে তেওঁৰ চাৰিওফালে থিয় হৈ, তেওঁক অনেক বিষয়ত গুৰুতৰ দোষ দিব ধৰিলে কিন্তু তেওঁলোকে একো প্ৰমাণ দেখুৱাব নোৱাৰিলে।
\v 8 তেতিয়া পৌলে নিজৰ পক্ষে উত্তৰ দি কব ধৰিলে, "ইহুদী সকলৰ বিধানৰ, বা ধৰ্ম্মধামৰ, বা চিজাৰৰ বিৰুদ্ধ মই একো অপৰাধ কৰা নাই।"
\p
\s5
\v 9 কিন্তু ফীষ্টে ইহুদী সকলৰ প্ৰিয় পাত্ৰ হোৱাৰ ইচ্ছা কৰিলে। তেওঁ উত্তৰ দি পৌলক কলে, "তুমি যিৰূচালেলৈ গৈ, তাতে মোৰ আগত এইবোৰৰ বিষয়ে, তোমাৰ সোধ-বিচাৰ হবলৈ ইচ্ছা কৰা নে?"
\v 10 পৌলে কলে, "মই চিজাৰৰ সোধৰ আসনৰ আগত থিয় হৈ আছো; ইয়াতে মোৰ সোধ-বিচাৰ হোৱা উচিত। মই যে ইহুদী সকলৰ একো অন্যায় কৰা নাই, ইয়াক আপুনিও ভালদৰে জানি আছে।
\p
\s5
\v 11 এতেকে মই যদি অন্যায়কাৰী হৈছোঁ, বা প্ৰাণদণ্ডৰ যোগ্য কোনো কৰ্ম কৰিলোঁ, তেন্তে মৰিবলৈকো অমান্তি নহওঁ। কিন্তু তেখেত সকলে মোক যিবোৰ অপবাদ দিছে, সেইবোৰ যদি সঁচা নহয়, তেন্তে তেখেত সকলৰ হাতত মোক শোধাই দিবলৈ কাৰো শক্তি নাই। মই চীজাৰক আপীল কৰোঁ।"
\v 12 তেতিয়া ফীষ্টে মন্ত্ৰী সকলৰ সৈতে পৰামৰ্শ কৰি পৌলক কলে, "তুমি চিজাৰত আপীল কৰিলা; এতিয়া তোমাক চিজাৰৰ আগলৈ লৈ যোৱা হব৷"
\s আগ্ৰিপ্প ৰজাৰ আগত পৌলৰ বক্তৃতা
\p
\s5
\v 13 কিছু দিনৰ পাছত আগ্ৰিপ্প ৰজা আৰু বৰ্ণীকীয়ে চিজাৰিয়ালৈ আহি, ফীষ্টক মঙ্গলবাদ কৰিলে।
\v 14 তেওঁ তাত বহু দিন থকাত, ফীষ্টে ৰজাৰ আগত পৌলৰ বিষয়ে জনালে; তেওঁ কলে, "ফীলিক্সে বন্দী কৰি ৰখা এজন বন্দীয়াৰ ইয়াত আছে।
\v 15 যেতিয়া মই যিৰূচালেমত আছিলো, তেতিয়া ইহুদী সকলৰ প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে তেওঁৰ বিষয়ে মোক জনাই, বিচাৰ আৰু দণ্ডাজ্ঞা যাচ্‌না কৰিছিল।
\v 16 তেতিয়া মই তেওঁলোকক উত্তৰ দিলো, যি জনৰ নামত অভিযোগ দিয়া হৈছে, তেওঁ যেতিয়ালৈকে অভিযোগকাৰীৰ সন্মুখত আত্মপক্ষ সমৰ্থন কৰিবলৈ নোৱাৰে, তেতিয়ালৈকে তেওঁক কোনো লোকৰ হাতত শোধাই দিয়া ৰোমীয় লোকৰ নিয়ম নাই;
\p
\s5
\v 17 তেতিয়া তেখেত সকলে আহি ইয়াতে গোট খোৱাত, অলপো পলম নকৰি, পাছ দিনাই মই সোধৰ আসনত বহি, বন্দী কৰি ৰাখি থোৱা মানুহজনক আনিবলৈ আজ্ঞা দিলোঁ।
\v 18 পাছত গুচৰীয়াবোৰে তেওঁৰ চাৰিওফালে থিয় হৈ, যি দুষ্কৰ্মৰ অপবাদ তেখেত সকলে দিব বুলি মই ভাবিছিলোঁ, এনে একো অপবাদ নিদিলে৷
\v 19 কিন্তু তেখেত সকলে নিজৰ ধৰ্ম্মৰ বিষয়ে আৰু পৌলে যিজনক জীৱিত বুলিছিল, এনে যীচু নামৰ কোনো মৃত এজনৰ বিষয়ৰ ওপৰতহে তেখেত সকলৰ মত-পাৰ্থক্য আছিল।
\p
\v 20 তাতে এনেকুৱা বাদ-বিচাৰৰ বিষয়বোৰত সংশয় কৰি মই তেওঁক সুধিলোঁ, তুমি যিৰূচালেমলৈ গৈ, এইবোৰৰ বিষয়ে তোমাৰ সোধ-বিচাৰ হবলৈ মন কৰা নে?
\p
\s5
\v 21 কিন্তু পৌলে ৰাজাধিৰাজৰ পৰা নিস্পত্তি পাবৰ কাৰণে ৰক্ষিত থাকিবলৈ আপীল কৰাত, মই চিজাৰিয়ালৈ নপঠিওঁৱালৈকে, তেওঁক ৰাখিবলৈ আজ্ঞা দিলোঁ"।
\v 22 তেতিয়া আগ্ৰিপ্পই ফীষ্টক কলে, “সেই মানুহ জনৰ কথা শুনিবলৈ মোৰ মন গৈছে৷" ফীষ্টে কলে, "কালিলৈ তেওঁৰ কথা শুনিবলৈ পাব৷"
\p
\s5
\v 23 পাছ দিনা আগ্ৰিপ্প আৰু বৰ্ণীকী বৰ প্ৰতাপেৰে আহি, হাজাৰৰ সেনাপতি সকলক আৰু নগৰৰ মানুহবোৰৰ সৈতে ৰাজদৰবাৰত সোমাল আৰু ফীষ্টৰ আজ্ঞাৰে পৌলক তেওঁলোকৰ আগলৈ নিয়া হল।
\v 24 তেতিয়া ফীষ্টে কলে, “হে ৰজা আগ্ৰিপ্প আৰু আমাৰ সৈতে ইয়াত উপস্থিত থকা লোক সমুহ৷ আপোনালোকে এই মানুহজনক যে দেখিছে, এইজনেই সেই ব্যক্তি; যি জনৰ বিষয়ে যিৰূচালেমৰ আৰু ইয়াত থকা ইহুদী লোক সকলেও মোৰ আগত আবেদন কৰি আটাহ পাৰি কৈছিল, "ই আৰু জীয়াই থকা উচিত নহয়।"
\f +
\fr 25.24 পাঁচনিৰ কৰ্ম ২২:২২; ১ম কৰিন্থীয়া :৯
\f*
\p
\s5
\v 25 কিন্তু মই জানিব পাৰিলোঁ, এওঁ প্ৰাণদণ্ডৰ যোগ্য একো কৰা নাই; আৰু এওঁ নিজে ৰাজাধিৰাজৰ ওচৰত আপীল কৰাৰ বাবে মই পঠাবলৈ নিশ্চয় কৰিলোঁ৷
\v 26 কিন্তু আমাৰ ৰাজাধিৰাজলৈ ইয়াৰ বিষয়ে লিখিবলৈ একো নিশ্চয়তা নাপালোঁ। এই কাৰণে এওঁক আপোনালোকৰ আগলৈ আনিলো৷ এতেকে বিচাৰ কৰাৰ পাছত, মই যাতে লিখিবৰ বাবে কোনো কথা পাওঁ, হে আগ্ৰিপ্প ৰজা, সেয়েহে বিশেষকৈ আপোনাৰ আগলৈ ইয়াক আনিলো।
\v 27 কিয়নো কোনো বন্দীয়াৰক পঠাওঁতে, তেওঁৰ অহিতে দিয়া অপবাদ নজনোৱাতো, মই অযুক্তিকৰ যেন দেখোঁ।
\s5
\c 26
\p
\v 1 যেতিয়া আগ্রিপ্পই পৌলক নিজৰ পক্ষত কথা কবলৈ অনুমতি দিলে, তেতিয়া পৌলে হাত মেলি নিজৰ পক্ষে উত্তৰ দিব ধৰিলে।
\p
\v 2 তেওঁ কলে, "হে ৰজা আগ্ৰিপ্প, ইহুদী সকলে মোৰ বিষয়ে যি অভিযোগ দিছে; সেই বিষয়ে আজি আপোনাৰ সন্মুখত আত্মপক্ষ সমর্থন কৰিবলৈ পাই নিজকে মই ধন্য মানিছো৷
\v 3 ইহুদী সকলৰ মাজত বিশেষকৈ যিবোৰ নীতি-নিয়ম আৰু বাদ-বিচাৰ আছে, সেই সকলোবোৰৰ বিষয়ে আপোনাৰ জ্ঞান আছে; সেইবাবেই বিনয় কৰোঁ আপুনি যেন ধৈর্য্য ধৰি মোৰ কথাবোৰ শুনে৷
\p
\s5
\v 4 মোৰ আচাৰ-ব্যৱহাৰৰ বিষয়ে ডেকা কালৰে পৰা নিজ জাতিৰ লোক সকলে আৰু যিৰূচালেমত থকা সকলো ইহুদী লোকে জানে৷
\v 5 ইয়াৰ উপৰিও তেখেত সকলে ইয়াকো জানে যে, মই ফৰীচী হৈয়ো কি দৰে আমাৰ ধর্মৰ সকলো কঠিন নিয়মবোৰ পালন কৰি প্ৰকৃত ফৰীচী এজনৰ দৰেই জীৱন-যাপন কৰিছিলোঁ৷ এই বিষয়ে তেখেত সকলে সাক্ষীও দিব পাৰে৷"
\p
\s5
\v 6 "ঈশ্ৱৰে আমাৰ পূর্ব পুৰুষ সকলৰ আগত যি প্ৰতিজ্ঞা কৰিছিল,
\f +
\fr 26:6
\ft যিচ :১৪ ; ৯:৬ ; যিৰি ২৩:৫ ; ৩৩:১৪-১৬ ; পাঁ ১৩:৩২,৩৩৷
\f* সেইবোৰ পূর্ণ হোৱাৰ বাবেহে মই এতিয়া সোধ-বিচাৰত পৰি, থিয় হৈ আছো ৷
\v 7 সেই অঙ্গীকাৰৰ ফল পাবলৈ আমাৰ বাৰটা জাতিয়ে, ৰাতিয়ে দিনে উৎসাহেৰে আৰাধনা কৰি, আশা কৰি আছে। সেই আশাৰ কাৰণে, হে মহাৰাজ, ইহুদী সকলে মোক অপবাদ দিছে ৷
\v 8 ঈশ্ৱৰে যদি মৃতলোকক পুনৰুত্থিত কৰে তেনেহলে আপোনালোকে কিয় অবিশ্ৱাস্য বোধ কৰিছে?
\p
\s5
\v 9 ময়ো সেইদৰে নাচৰতীয়া যীচুৰ নামৰ বিৰুদ্ধে অনেক বিপৰীত আচৰণ কৰিব লাগে বুলি নিজে ভাবিছিলোঁ,
\v 10 আৰু সেইদৰেই যিৰূচালেমত কৰিছিলোঁ৷ অর্থাৎ প্ৰধান পুৰোহিতৰ পৰা ক্ষমতা পাই, অনেক পবিত্ৰ লোকক বন্দীশালত থৈছিলোঁ আৰু তেখেত সকলক বধ কৰাৰ সময়ত, মই নিজে সন্মতিও প্ৰকাশ কৰিছিলোঁ৷
\v 11 এনেদৰে মই তেখেত সকলক শাস্তি দি যীচু খ্ৰীষ্টৰ নিন্দা কৰিবলৈ জোৰ কৰিছিলোঁ৷ তেখেত সকলৰ বিৰুদ্ধে ক্ষোভ ইমানেই তীব্ৰ হৈ উঠিছিল যে, তেখেত সকলক তাড়না কৰিবৰ বাবে মই বিদেশৰ চহৰ সমুহলৈকো যাত্ৰা কৰিছিলোঁ৷
\p
\s5
\v 12 এইদৰে প্ৰধান পুৰোহিতৰ সকলৰ পৰা ক্ষমতা আৰু আজ্ঞা-পত্ৰ পোৱাৰ পাছত, দম্মেচক নগৰলৈ যাত্ৰা কৰোঁতে,
\v 13 হে মহাৰাজ, দুপৰীয়া বাটৰ মাজত সূর্যৰ ৰশ্মিতকৈয়ো দীপ্তিমান এটি পোহৰ আকাশৰ পৰা আহি মোৰ আৰু মোৰ লগত যাত্ৰা কৰি থকা লোক সকলৰ চাৰিওফালে প্ৰকাশিত হ'ল৷
\v 14 তেতিয়া আমি সকলোৱে মাটিত বাগৰি পৰিলো আৰু এনেতে মই ইব্ৰী ভাষাৰে কোৱা এটি বাণী শুনিলোঁ, "হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা? জোঙত লাথি মৰা তোমালৈ টান";
\p
\s5
\v 15 তেতিয়া মই সুধিলোঁ, "হে প্ৰভু, আপুনি কোন"? তেতিয়া প্ৰভুৱে কলে, "যি জনক তুমি তাড়না কৰিছা, মই সেই যীচু৷
\v 16 এতিয়া উঠা, তোমাৰ ভৰিত ভৰ দি থিয় হোৱা; কিয়নো, তুমি যি দর্শনত মোক দেখা পালা আৰু ইয়াৰ পিছত এই মানুহবোৰৰ আৰু অনা-ইহুদী সকলৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰি যি দর্শনত মই তোমাক দেখা দিম, সেই সকলো বিষয়ৰ প্ৰচাৰক আৰু সাক্ষী হবলৈ তোমাক মনোনীত কৰিবৰ বাবে মই দর্শন দিলোঁ;
\v 17 আৰু তেওঁলোকে যেন মোক বিশ্ৱাস কৰাৰ দ্ৱাৰাই পাপ-মোচন আৰু পবিত্ৰীকৃত হোৱা লোক সকলৰ মাজত ভাগ পায়,
\v 18 এই মনোভাৱেৰে তেওঁলোকৰ চকু মুকলি হবলৈ
\f +
\fr 26:18
\ft যিচ ৪২:৬, ; যো ৮:১২ ; ২ কৰি :৩-৬৷
\f* আৰু অন্ধকাৰৰ পৰা পোহৰলৈ, চয়তানৰ অধিনৰ পৰা ঈশ্ৱৰলৈ ঘূৰিবৰ কাৰণে, তেওঁলোকৰ ওচৰলৈ মই তোমাক পঠাওঁ৷"
\p
\s5
\v 19 পৌলে এনেদৰে পুনৰ কবলৈ ধৰিলে- "হে ৰজা আগ্ৰিপ্প, মই সেই স্ৱর্গীয় দর্শনক অমান্য নকৰি
\v 20 দম্মেচক আৰু যিৰূচালেমত থকা লোক সকলৰ আগত, পাছত যিহুদীয়া আৰু তাৰ সকলো অঞ্চলৰ লগতে অনা-ইহুদী সকলৰ আগতো মই প্ৰচাৰ কৰিলো, যাতে তেখেত সকলে মন-পালটাই ঈশ্ৱৰলৈ ঘূৰে আৰু মন-পালটনৰ যোগ্য আচৰণ ঈশ্ৱৰৰ সাক্ষাতে কৰে৷
\v 21 সেই কাৰণে ইহুদী সকলে ধর্ম্মধামত মোক ধৰি বধ কৰিবলৈ চেষ্টা কৰিছিল ৷
\p
\s5
\v 22 এনেতে ঈশ্ৱৰৰ পৰা উপকাৰ পাই, আজিলৈ থিৰে আছো;
\v 23 আৰু খ্ৰীষ্ট‌ৰ দুখভোগৰ পাত্ৰ হয় বা নহয় আৰু মৃতলোকৰ পুনৰুত্থানত প্ৰথম হৈ নিজ জাতি আৰু অনা-ইহুদী সকললৈ পোহৰ প্ৰকাশ কৰিব বা নকৰিব, ইয়াৰ বিষয়ে মই সৰু বৰ সকলোৰে আগত সাক্ষ্য দিওঁতে, ভাৱবাদী সকলে আৰু মোচিয়ে যি যি ঘটিব বুলি কৈছিল, সেই বিষয়ৰ বাহিৰে অন্য একো কথা কোৱা নাই৷"
\p
\s5
\v 24 তেওঁ এইদৰে নিজৰ পক্ষে উত্তৰ দিওঁতে, ফীষ্টে বৰ মাতেৰে কলে," হে পৌল, তুমি বলীয়া হৈছা; সৰহ বিদ্যাই তোমাক বলীয়া কৰিছে৷"
\v 25 কিন্তু পৌলে কলে- "হে মহামহিম ফীষ্ট, মই বলীয়া হোৱা নাই; সত্য আৰু সুবোধৰ কথাহে কৈছোঁ৷ কিয়নো ৰজায়ো এই বিষয়ে জানে; এই কাৰণেহে মই তেওঁৰ আগত সাহসেৰে কৈছোঁ৷
\v 26 কিয়নো মই সুনিশ্চিত যে, এই বিষয়বোৰ প্ৰকাশ্যৰূপে ঘটিছে৷ এইবোৰ লুকুৱাই ৰাখিব নোৱাৰি কাৰণ ইয়াক গোপনে কৰা হোৱা নাই৷
\p
\s5
\v 27 হে ৰজা আগ্ৰীপ্প, আপুনি ভাৱবাদী সকলৰ কথা বিশ্ৱাস কৰে নে? মই জানো আপুনি বিশ্ৱাস কৰে" ৷
\v 28 তেতিয়া আগ্ৰীপ্পই পৌলক কলে, "তুমি মোক খ্ৰীষ্টিয়ান কৰিবলৈ অলপ কথাৰেই মোৰ প্ৰবৃত্তি জন্মাব খুজিছা৷"
\v 29 কিন্তু পৌলে কলে "অকল আপুনিয়েই নহয়, যি সকলে আজি মোৰ কথা শুনিছে, সেই সকলোৱে অলপ কথাৰে হওক, বা বহু কথাৰে হওক, এই শিকলিৰ বন্ধনৰ বাহিৰে, সকলো ভাৱে যেন মোৰ নিচিনা হয়, ঈশ্ৱৰৰ আগত এই প্ৰার্থনা মই কৰিছোঁ৷"
\p
\s5
\v 30 তেতিয়া ৰজা, দেশাধিপতি, বর্ণীকী আৰু তেওঁলোকৰ সৈতে বহা লোক সকলে উঠি,
\v 31 আতৰ হৈ গৈ পৰষ্পৰে কথা-বাৰ্ত্তা কৰি কলে, "এই মানুহ জনে বন্ধন বা প্ৰাণদণ্ডৰ যোগ্য একো কর্ম কৰা নাই৷"
\v 32 তেতিয়া আগ্ৰীপ্পই ফীষ্টক কলে, "এই মানুহ জনে চিজাৰৰ ওচৰত আপীল নকৰা হ'লে মুকলি হব পাৰিলেহেতেন৷"
\s5
\c 27
\cl ২৭ অধ্যায়
\s ৰোমলৈ পৌলৰ জল-যাত্ৰা, আৰু বাটত জাহাজ ভঙা
\p
\v 1 পাছত যেতিয়া আমাৰ ইটালী দেশলৈ জাহাজেৰে যোৱাৰ কথা নিশ্চিত হ'ল, তেওঁলোকে পৌল আৰু অন্য কিছুমান কাৰাবন্দীক ৰাজাধিৰাজৰ সৈন্য দলৰ যুলিয় নামৰ এজন এশৰ সেনাপতিৰ হাতত শোধাই দিলে৷
\v 2 আদ্ৰামুত্তিয়ৰ পৰা আহি থকা এখন জাহাজত আমি উঠিলোঁ৷ এই জাহাজ খন এচিয়া দেশৰ সমুদ্ৰ-পথৰ উপকূলৰ কাষে কাষে যাত্ৰা কৰাৰ কথা আছিল৷ তাতে আমাৰ লগত থিচলনীকী নগৰৰ মাকিদনিয়াৰ আৰিষ্টার্খ আছিল৷
\p
\s5
\v 3 পাছ দিনা আমি চীদোন নগৰৰ পাৰত নামিলো৷
\v 4 তাতে যুলিয়ই পৌলক দয়াৰে গণ্য কৰি বন্ধু-বান্ধৱ সকলৰ ওচৰলৈ গৈ প্ৰাণ জুৰাই আহিবলৈ দিলে৷ সেই ঠাইৰ পৰা আমি জলযাত্ৰা কৰি যাওঁতে সন্মুখত বতাহ পালো, সেই বাবে কুপ্ৰ দ্ৱীপৰ কাষেদি যাবলৈ ললো৷
\v 5 পাছত কিলিকিয়া আৰু পাম্ফুলিয়াৰ সন্মুখত থকা সাগৰ পাৰ হৈ, লুকিয়া দেশৰ মুৰা নগৰ পালোঁ৷
\v 6 সেই ঠাইতে এশৰ সেনাপতিয়ে, ইটালী দেশলৈ যোৱা আলেকজেন্দ্ৰিয়া নগৰৰ এখন জাহাজ লগ পোৱাত, আমাক তাতে তুলি দিলে৷
\p
\s5
\v 7 এনেদৰে বহু দিন লাহে লাহে গৈ, কোনো প্ৰকাৰে ক্লীদৰ ওচৰ পালো, তাতে বতাহে আমাক বাধা দিয়াত আগুৱাই যাব নোৱাৰি, ক্ৰীতী দ্ৱীপৰ সুৰক্ষিত এলেকাৰ কাষে কাষে চল্‌মোনীৰ সন্মুখেদি আহি,
\v 8 কোনো প্ৰকাৰে সুন্দৰ ঘুলি নামেৰে এখন ঠাই পালোঁ; এই ঠাইৰ ওচৰত লাচেয়া নগৰ আছিল৷
\p
\s5
\v 9 এইদৰে বহু সময় নষ্ট হ'ল আৰু আমাৰ সমুদ্ৰ-যাত্ৰাও অতি বিপদজ্জনক হৈ উঠিছিল; ইয়াৰ উপৰিও আমাৰ উপবাস পর্বৰ দিনো পাৰ হৈ গ'ল, সেয়েহে পৌলে তেওঁলোকক পৰামর্শ দিব ধৰিলে;
\v 10 তেওঁ কলে যে, "হে লোক সকল, মই দেখিছোঁ যে এই যাত্ৰাত আমাৰ বিপদ আৰু বহু ক্ষতি হব; ইয়াত আমাৰ অকল সামগ্ৰী আৰু জাহাজৰে নহয়; আনকি আমাৰ প্ৰাণো সংকটত পৰিব৷"
\v 11 কিন্তু এশৰ সেনাপতিয়ে পৌলে কোৱা কথাতকৈ জাহাজৰ পথ নির্মাণ কৰা লোক জনৰ আৰু জাহাজৰ গৰাকীৰ কথাতহে বেছি গুৰুত্ৱ দিলে৷
\p
\s5
\v 12 সেই বন্দৰটো শীতকালত থাকিবৰ বাবে বেছি সুবিধাজনক নোহোৱাত, দক্ষিণ-পশ্চিম আৰু উত্তৰ-পশ্চিম দিশে থকা ক্ৰীতীৰ ফৈনীক বন্দৰ যদি কোনো প্ৰকাৰে পাব পাৰে, তাতে শীত কালৰ সময়খিনি থাকিবৰ আশাৰে বেছি ভাগ নাবিকে তালৈ যাবলৈ ওলোৱা বিষয়টোত মত দিলে৷
\v 13 পাছত দক্ষিণৰ বতাহ অলপ বলিবলৈ ধৰাত, তেওঁলোকৰ অভিপ্ৰায় সিদ্ধ হোৱা বুলি ভাবি, জাহাজ মেলি ক্ৰীতীৰ ওচৰেদি যাবলৈ ধৰিলে৷
\p
\s5
\v 14 কিন্তু অলপ সময়ৰ পাছতে উৰাকুলো নামৰ বৰ ধুমুহা বতাহ দ্ৱীপটোৰ ইমূৰৰ পৰা সিমূৰলৈ বলিব ধৰিলে;
\v 15 তেতিয়া আমাৰ জাহাজ খন সেই ধুমুহাৰ মাজত সোমাই পৰিল৷ বাধা নেউচি আগবাঢ়িব নোৱাৰাত বতাহৰ গতিত চলি যাবৰ বাবে জাহাজ খনত পাল তৰি দিয়া হ'ল; তেতিয়া বতাহৰ বলতে জাহাজ খন চলি যাব ধৰিলে৷
\v 16 এনেদৰে আমি কৌদা নামেৰে এটা সৰু দ্ৱীপৰ আঁৰে আঁৰে গৈ থাকিলো; তাতে কোনো প্ৰকাৰে জাহাজৰ লগত থকা সৰু নাও খন তুলি লবলৈ সক্ষম হ'ল৷
\p
\s5
\v 17 তাৰ পাছত নাও খন তুলিলৈ, তাত থকা ৰছী ব্যৱহাৰ কৰি কোনো প্ৰকাৰেৰে জাহাজ খন তলেদি মেৰাই বান্ধিলে; কিন্তু চুর্ত্তি নামৰ বালিৰ বাধাটোত জাহাজ খন লাগিব বুলি ভাবি ভয় খালে আৰু পাল নমাই দি, আগবাঢ়ি যাব ধৰিলে৷
\v 18 তাতে ধুমুহাৰ প্ৰকোপ বাঢ়ি যোৱাত জাহাজ খন বেয়াকৈ ঢলং-পলং কৰিবলৈ ধৰাত, পাছ দিনা তেওঁলোকে জাহাজ খনৰ পৰা কিছুমান সামগ্ৰী পেলাবলৈ ধৰিলে৷
\p
\s5
\v 19 তিনি দিনৰ দিনা তেওঁলোকে নিজ হাতে জাহাজৰ সঁজুলিবোৰ পেলাই দিলে৷
\v 20 ধুমুহাৰ প্ৰকোপ ক্ৰমে বাঢ়ি থকাত আৰু কেইবাদিনলৈ সূর্য, তৰাও নোলোৱাকৈ থকাত আমাৰ প্ৰাণ-ৰক্ষাৰ সকলো আশা নোহোৱা হৈছিল৷
\p
\s5
\v 21 তাতে তেওঁলোকে কেইবাদিনো অনাহাৰে থকাত, পৌলে তেওঁলোকৰ মাজত থিয় হৈ কলে, "হে লোক সকল, আপোনালোকৰ এই বিপদ আৰু ক্ষতি নহলেহেতেন যদি মোৰ কথা শুনি ক্ৰীতীৰ পৰা জাহাজ এৰি নিদিলেহেতেন৷
\v 22 কিন্তু এতিয়াও মই পৰামর্শ দিওঁ, অাপোনালোকে সাহস কৰক; কিয়নো আপোনালোকৰ মাজৰ কোনো জীৱৰে প্ৰাণ হানি নহব, মাত্ৰ জাহাজ খনৰহে ক্ষতি হব৷
\p
\s5
\v 23 কিয়নো মই যিজন ঈশ্ৱৰৰ লোক আৰু যি জনৰ মই আৰাধনা কৰোঁ; তেওঁৰ দূতে যোৱাৰাতি মোৰ ওচৰত থিয় হৈ এই কথা কলে, 'হে পৌল ভয় নকৰিবা৷
\v 24 চিজাৰৰ আগত তুমি থিয় হব লাগিব আৰু চোৱা, তোমাৰ লগত যোৱা সকলো মানুহক ঈশ্ৱৰে তোমাক দিলে৷'
\v 25 এই কাৰণে, হে মোৰ প্রিয় সকল, আপোনালোকে সাহস কৰক; কিয়নো মোক যেনেকৈ কলে, তেনেকৈ নিশ্চয় ঘটিব৷ ঈশ্ৱৰত মোৰ এনে বিশ্ৱাস আছে৷
\v 26 কিন্তু আমি কোনো এটা দ্ৱীপত উঠিব লাগিব৷"
\p
\s5
\v 27 এনেদৰে ধুমুহাৰ মাজত ইফাল-সিফাল কৰি আন্দ্ৰিয়া সমুদ্ৰত প্ৰায় চৌদ্ধ ৰাতি পাৰ হৈ যোৱাত, মাজনিশা জাহাজৰ খালাচী সকলে বামৰ ওচৰ পালেহি বুলি ভাবিলে৷
\p
\v 28 তাতে তেওঁলোকে পানী জোখোতে প্ৰায় এক শ বিশ ফুট পালে আৰু অলপ সময়ৰ পাছত আকৌ জোখাত নব্বৈ ফুট পালে৷
\v 29 কোনো শিলাময় ঠাইত লাগিব বুলি ভয় কৰি, জাহাজৰ পাছ-ফালে লঙ্গৰ পেলালে আৰু ৰাতিপুৱাবৰ বাবে বাট চাই থাকিল৷
\p
\s5
\v 30 নাৱৰীয়া সকলে জাহাজ খনৰ আগফালে লঙ্গৰ পেলোৱাৰ ছলেৰে সাগৰত নাও খন নমাই পলোৱাৰ উপায় কৰি থাকোতে,
\v 31 চৌলে এশৰ সেনাপতি আৰু সেনাবোৰক কলে," যদিহে এইবোৰ মানুহ জাহাজত নাথাকে তেন্তে আপোনালোকেও নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিব৷"
\v 32 তেতিয়া পলাবলৈ খোজা লোকসকলে নাৱৰ লেজু কাতি তাক পানীত উটি যাবলৈ দিলে৷
\p
\s5
\v 33 পাছত ৰাতি পুৱাৰ সময়ত, পৌলে সকলোকে আহাৰ কৰিবলৈ অনুৰোধ কৰিলে৷ তেওঁ কলে" আজি চৌদ্ধ দিন আপোনালোকে বাট চাই একো নোখোৱাকৈ অনাহাৰে আছে,
\v 34 সেই বাবে আপোনালোকক মিনতি কৰিছোঁ, আপোনালোকে যেন অলপ আহাৰ গ্ৰহণ কৰে, কিয়নো সেয়ে আপোনালোকৰ জীয়াই থকাত উপকাৰ স্ৱৰূপ হব; কাৰণ আপোনালোকৰ কোনোজনৰে মূৰৰ এডাল চুলিও নষ্ট নহব৷"
\v 35 ইয়াকে কৈ তেওঁ পিঠা লৈ, সকলোৰে আগত ঈশ্ৱৰৰ স্তুতি কৰি পিঠাটো ভাঙি ভোজন কৰিলে৷
\p
\s5
\v 36 তেতিয়া সকলোৱে উৎসাহিত হৈ নিজ নিজ আহাৰ গ্ৰহন কৰিলে৷
\v 37 জাহাজত আমি দুই শ ছয়সওৰ জন লোক আছিলো৷
\v 38 সকলোৱে আহাৰ কৰি তৃপ্ত হোৱাত, তেওঁলোকে জাহাজ খনৰ ওজন কমাবলৈ ঘেহুঁবোৰ সাগৰত দলিয়াই দিলে৷
\p
\s5
\v 39 পাছত যেতিয়া দিন হ'ল, তেতিয়াও তেওঁলোকে সেই অঞ্চল চিনি নাপালে কিন্তু সমান তীৰেৰে এডোখৰ ঘুপীয়া ঠাই দেখি জাহাজ খন তাত সুমুৱাবলৈ চেষ্টা কৰিলে৷
\v 40 সেই বাবে লঙ্গৰবোৰ কাতি সাগৰত পেলাই দিলে আৰু একে সময়তে হালিৰ বান্ধ খুলি দি, বতাহত পাল তৰি সেই তীৰলৈ আগবাঢ়ি গল৷
\v 41 কিন্তু জাহাজ খন আহি আহি দুখন সাগৰৰ সঙ্গম স্থলতৰ এক অশান্ত অঞ্চলত সোমাই পৰিল; তাতে জাহাজৰ আগ অংশটো বালিত খুন্দা খোৱাত, জাহাজ খন নলৰাকৈ লাগি ধৰিল আৰু পাছ অংশটো ভাঙি যাব ধৰিলে৷
\p
\s5
\v 42 সেনা সকলে বন্দীবোৰ সাঁতুৰি পলায় বুলি ভাবি তেওঁলোকে সেই বন্দী সকলক বধ কৰাৰ আচনি কৰিছিল;
\v 43 কিন্তু এশৰ সেনাপতিয়ে পৌলক ৰক্ষা কৰাৰ মনেৰে নিজে সেনা সকলৰ উদ্দেশ্যৰ পৰা তেওঁলোকক নিষেধ কৰি, এই আজ্ঞা দিলে যে, "যিবোৰে সাঁতুৰিব জানে, সেইবোৰে যেন আগেয়ে জাঁপ মাৰি সাঁতুৰি বামলৈ যাওঁক";
\v 44 আৰু বাকিবোৰে জাহাজৰ কাঠৰ পাট বা আন কোনো জাহাজৰ বস্তুৰ সহায় লৈ পাছে পাছে যাবলৈ কোৱাত, আমি সকলোৱে বামত উঠি ৰক্ষা পালোঁ৷
\s5
\c 28
\cl ২৮ অধ্যায়
\p
\v 1 এনেদৰে সকলোৱে নিৰাপদে বামত উঠি ৰক্ষা পোৱাৰ পাছত, আমি সেই দ্ৱীপটোৰ নাম মিলিতা বুলি জানিলোঁ৷
\v 2 তাত থকা স্থানীয় লোক সকলে আমাক কেৱল মৰম দেখুৱাই নহয়, কিন্তু তেতিয়া ঘন বৰষুণ আৰু জাৰৰ কাৰণে তেওঁলোকে জুই জ্ৱলাই আমাক গ্ৰহন কৰিলে৷
\p
\s5
\v 3 কিন্তু পৌলে যেতিয়া এমুঠি খৰি গোটাই জুইত দিলে তেতিয়া জুইৰ তাপ পাই এটা ক'লা সাপ ওলাই আহি তেওঁৰ হাতত মেৰিয়াই ধৰিলে৷
\v 4 তাতে স্থানীয় লোক সকলে তেওঁৰ হাতত সাপ ওলমি থকা দেখি ইজনে সিজনক কবলৈ ধৰিলে, "এই মানুহজন নিশ্চয়কৈ এজন হত্যাকাৰী; সাগৰৰ পৰা ৰক্ষা পায়ো, ন্যায় দিওঁতাই ইয়াক জীয়াই থাকিব নিদিলে৷"
\p
\s5
\v 5 কিন্তু যেতিয়া তেওঁ জোকাৰ মাৰি সাপটোক জুইত পেলাই দিয়া দেখিলে; আনফালে তেওঁৰ একো ক্ষতিও নহ'ল,
\v 6 তেতিয়া তাত উপস্থিত থকা লোক সকলে তেওঁৰ গা জ্ৱৰ হৈ উখহি উঠিব বা অকস্মাতে পৰি মৰিব বুলি ভাবিছিল৷ কিন্তু বহু সময় তেওঁৰ একো হোৱা নেদেখি, সিহঁতে মত সলনি কৰি কলে যে, "তেওঁ এজন দেৱতা"৷
\p
\s5
\v 7 সেই ঠাইৰ ওচৰত পুব্লিয় নামেৰে দ্ৱীপটোৰ প্ৰধান লোক জনৰ মাটি আছিল৷ তেৱেঁই আমাক আদৰণি জনাই, প্ৰেম-ভাৱে তিন দিন আলহী কৰি ৰাখিলে;
\v 8 আৰু সেই সময়তে পুব্লিয়ৰ পিতৃৰ জ্ৱৰ আৰু গ্ৰহণী ৰোগ হৈ আছিল৷ পৌলে তাতে সোমাই গাত হাত দি প্ৰাৰ্থণা কৰি তেওঁক সুস্থ কৰিলে৷
\v 9 এনেদৰে সুস্থ কৰাৰ পাছত সেই দ্ৱীপত আন যিমান ৰোগী আছিল সেই সকলো আহি সুস্থ হ'ল৷
\v 10 তেতিয়া তেওঁলোকে আমাক অনেক আদৰ-সাদৰ কৰিলে আৰু আমাৰ যোৱাৰ সময়তো নানা প্ৰয়োজনীয় বস্তু আনি জাহাজত তুলি দিলে৷
\p
\s5
\v 11 তিনি মাহৰ পাছত আমি আলেকজেন্দ্ৰিয়া নগৰৰ পৰা দিয়স্কৰী, অর্থাৎ যজা লৰাৰ চিন থকা জাহাজ খনত উঠি যাত্ৰা কৰিলোঁ; এই জাহাজ খন জাৰকালি আহি এই দ্ৱীপটোত আছিল৷
\v 12 এনেদৰে আমি চুৰাকূচ নগৰলৈ আহিলো আৰু সেই ঠাইতে তিন দিন থাকিলোঁ৷
\p
\s5
\v 13 তাৰ পৰা যাত্ৰা কৰি আমি ৰীগিয়া নগৰ পালোঁ; এদিন পিছত দক্ষিণৰ বতাহ বলাত, দ্ৱিতীয় দিনা পুতিয়লী নগৰ পালোঁহি৷
\v 14 তাত কেইবাজনো ভাই পালোঁ, তেওঁলোকে আমাক সাত দিন থাকিবলৈ নিমন্ত্ৰণ দিলে; এইদৰে আমি ৰোমলৈ যাত্ৰা কৰিলোঁ৷
\v 15 তাৰ পৰা ভাই সকলে আমাৰ সম্বাদ শুনি আমাক আগবঢ়াই নিবলৈ অপ্পিয় হাট আৰু তিনি চৰাইলৈকে আহিছিল; পৌলে তেওঁলোকক দেখি ঈশ্ৱৰৰ স্তুতি কৰি সাহস পালে৷
\p
\s5
\v 16 ৰোম নগৰত সোমোৱাৰ পাছত, পৌলক তেওঁৰ পহৰা দিয়া সেনাৰ সৈতে নিজৰ মতে থাকিবলৈ অনুমতি দিলে৷
\s ৰোমত থকা ইহুদী সকলৰ আগত ঈশ্ৱৰৰ ৰাজ্যৰ কথা প্ৰচাৰ কৰা
\p
\v 17 পাছত তিন দিনৰ মূৰত পৌলে ইহুদী সকলৰ প্ৰধান লোক সকলক মতাই আনি গোট খুৱালে আৰু তেওঁলোক গোট খোৱাত, তেওঁ কলে, "হে ভাই সকল, মই মোৰ জাতিৰ নাইবা পূর্ব্ব পুৰুষৰ ৰীতিৰ বিৰুদ্ধে একো কৰা নাই; তথাপি যিৰূচালেমৰপৰা নিয়া হৈ ৰোমীয় লোক সকলৰ হাতত মই বন্দী হিচাপে সমর্পিত হৈছিলোঁ৷
\v 18 তেখেত সকলে মোৰ সোধ-বিচাৰ কৰি মোক মুক্ত কৰিবলৈ কামনা কৰিলে, কিয়নো মোক প্ৰাণদণ্ড দিয়াৰ একো কাৰণ নাছিল৷
\p
\s5
\v 19 কিন্তু যেতিয়া ইহুদী সকলে আপত্তি কৰিলে, মই চিজাৰৰ ওচৰত আপীল কৰিবলৈ বাধ্য হলো; কিন্তু এনে নহয় যে, মই মোৰ জাতিক কোনো অপবাদ দিছিলো৷
\v 20 এই কাৰণে আপোনালোকক চাবলৈ আৰু কথা-বার্ত্তা হবলৈ মাতিলোঁ, কিয়নো ইস্ৰায়েলৰ আশাৰ কাৰণেহে মই এই শিকলিৰ বান্ধনত আছো৷"
\p
\s5
\v 21 তেতিয়া তেওঁলোকে তেওঁক কলে," আমি তোমাৰ বিষয়ে যিহূদীয়াৰ পৰা কোনো পত্ৰকে পোৱা নাই আৰু ভাই সকলৰ মাজৰ পৰাও কোনো ইয়ালৈ আহি তোমাৰ বিষয়ে দুষ্কর্মৰ খবৰ দিয়া নাই বা কোৱা নাই৷
\v 22 কিন্তু তোমাৰ মত কি, সেই বিষয়ে আমি তোমাৰ পৰা শুনিবলৈ খোজো; কিয়নো এই মতৰ বিষয়ে আমি জানো যে, ই সকলো ঠাইতে নিন্দিত হৈছে৷"
\p
\s5
\v 23 পাছত তেওঁলোকে তেওঁলৈ এটা দিন নির্ধাৰণ কৰিলে আৰু বহুলোকে তেওঁক লগ পাবলৈ তেওঁ বসতি কৰা ঠাইলৈ আহিল৷ তেওঁ মানুহবোৰৰ আগত ঈশ্ৱৰৰ ৰাজ্যৰ কথাৰ সাক্ষ্য প্ৰদান কৰিলে আৰু ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে মোচিৰ
\f +
\fr 28:23
\ft লূক ২৪:২৭৷
\f* বিধান আৰু ভাববাদীৰ পুস্তকৰ পৰা কথা উলিয়াই তেওঁলোকক প্ৰবৃত্তি দিলে৷
\v 24 তেওঁৰ কথা কিছুমান লোকে বিশ্ৱাস কৰিলে আৰু কিছুমান লোকে বিশ্ৱাস নকৰিলে৷
\p
\s5
\v 25 তাৰ পাছত পৌলে যেতিয়া কলে," পবিত্ৰ আত্মাই যিচয়া ভাৱবাদীৰ দ্ৱাৰাই আমাৰ পূর্ব্ব- পুৰুষ সকলৰ বিষয়ে ভালদৰে কৈছিল," সেই কথাত পৰস্পৰৰ এক মত নোহোৱাত, তেওঁলোক বিদায় লবলৈ ধৰিলে৷
\f +
\fr 28:25
\ft যিচ ৬:৯,১০৷
\f*
\v 26 পৌলে কৈছিল, "এই মানুহবোৰৰ ওচৰলৈ গৈ কোৱা,
\q "তোমালোকে শুনাত শুনিবা কিন্তু নুবুজিবা;
\q দেখোঁতে দেখিবা কিন্তু নাজানিবা;
\q
\s5
\v 27 কিয়নো এই মানুহবোৰৰ অন্তৰ অনুজ্জ্ৱল হৈ পৰিছে,
\q তেওঁলোকৰ কাণো শুনিবলৈ গধূৰ,
\q তেওঁলোকে নিজ নিজ চকু বন্ধ কৰিলে;
\q নহ'লে তেওঁলোকে দেখিলেহেঁতেন,
\q আৰু কাণেৰে শুনিলেহেতেন,
\q আৰু অন্তৰেৰে বুজিলেহেতেন,
\q আৰু ঘূৰি আহিলেহেতেন,
\q আৰু মই তেওঁলোকক সুস্থ কৰিলোহেতেন৷"
\p
\s5
\v 28-29 সেইকাৰণে আপোনালোকে জানিব যে, ঈশ্ৱৰৰ এই ত্ৰাণকর্তা জনক অনা-ইহুদী সকলৰ মাজলৈ পঠোৱা হৈছে আৰু তেওঁলোকে তেওঁৰ বিষয়ে শুনিবও৷"
\p
\s5
\v 30 পাছত পৌলে দুবছৰলৈকে নিজে ভাড়া লোৱা ঘৰত থাকিলে আৰু যিমান মানুহ তেওঁৰ ওচৰলৈ আহিল, সেই আটাই লোককে তেওঁ গ্ৰহণ কৰিলে৷
\v 31 তাতে তেওঁ কোনো বাধা নোপোৱাকৈ ঈশ্ৱৰৰ ৰাজ্য আৰু যীচু খ্ৰীষ্টৰ বিষয়ে সাহসেৰে প্ৰচাৰ কৰি থাকিল৷