as_ulb/41-MAT.usfm

2313 lines
327 KiB
Plaintext
Raw Permalink Blame History

This file contains ambiguous Unicode characters

This file contains Unicode characters that might be confused with other characters. If you think that this is intentional, you can safely ignore this warning. Use the Escape button to reveal them.

\id MAT
\ide UTF-8
\sts Assamese Old Version Revision
\rem copyright Information: Creative commons Attribution- ShareAlike 4.0 License
\h মথি
\toc1 মথিয়ে লিখা শুভবাৰ্তা
\toc2 মথি
\toc3 mat
\mt1 মথিয়ে লিখা শুভবাৰ্তা
\s5
\c 1
\ms ১ অধ্যায়।
\s যীচুৰ বংশাৱলী
\p
\v 1 যীচু খ্রীষ্ট দায়ুদৰ বংশৰ আৰু দায়ুদ অব্ৰাহামৰ বংশৰ লোক। যীচু খ্ৰীষ্টৰ বংশৰ তালিকা এই:-
\p
\v 2 অব্ৰাহামৰ পুত্ৰ ইচহাক; ইচহাকৰ পুত্ৰ যাকোব; যাকোবৰ পুত্ৰ যিহূদা আৰু তেওঁৰ ভায়েক-ককায়েক সকল ;
\p
\v 3 যিহূদাৰ পুত্ৰ পেৰচ আৰু চেৰহৰ, তেওঁলোকৰ মাক আছিল তামাৰ৷ পেৰচৰ পুত্ৰ হিষ্‌ৰোণ; হিষৰোণৰ পুত্ৰ ৰাম৷
\s5
\v 4 ৰামৰ পুত্ৰ অম্মীনাদব; অম্মীনাদবৰ পুত্ৰ নহ্‌চোন; নহ্‌চোনৰ পুত্ৰ চলমোন৷
\v 5 চল্‌মোনৰ পুত্ৰ বোৱজ - তেওঁৰ মাক আছিল ৰাহব৷ বোৱজৰ পুত্ৰ ওবেদ- তেওঁৰ মাক আছিল ৰূথ৷ ওবেদৰ পুত্ৰ যিচয়;
\v 6 যিচয়ৰ পুত্ৰ দায়ুদ ৰজা। দায়ুদৰ পুত্র চলোমন, তেওঁৰ মাক আছিল উৰিয়াৰ ভাৰ্য্যা।
\p
\s5
\v 7 চলোমনৰ পুত্ৰ ৰহবিয়াম; ৰহবিয়ামৰ পুত্ৰ অবিয়৷ অবিয়ৰ পুত্ৰ আচা;
\v 8 আচাৰ পুত্ৰ যিহোচাফট৷ যিহোচাফটৰ পুত্ৰ যোৰাম; যোৰামৰ পুত্ৰ উচিয়৷
\s5
\v 9 উচিয়ৰ পুত্ৰ যোথম; যোথমৰ পুত্ৰ আহচ; আহচৰ পুত্ৰ হিস্কিয়া৷
\v 10 হিস্কিয়াৰ পুত্ৰ মনচি; মনচিৰ পুত্ৰ আমোন; আমোনৰ পুত্ৰ যোচিয়া৷
\v 11 যোচিয়াৰ পুত্র যেখনীয়া আৰু তেওঁৰ ভায়েক সকল। ইস্রায়েল জাতিক বাবিল দেশলৈ বন্দী হিচাবে লৈ যোৱাৰ সময়ত এওঁলোক আছিল।
\p
\s5
\v 12 বাবিললৈ নিয়াৰ পাছত যেখনীয়াৰ পুত্ৰ চল্টীয়েলৰ জন্ম হ’ল৷ চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল;
\v 13 জৰুব্বাবিলৰ পুত্ৰ আবীহূদ৷ আবীহূদৰ পুত্ৰ ইলীয়াকীম; ইলীয়াকীমৰ পুত্ৰ আচোৰ৷
\v 14 আচোৰৰ পুত্ৰ চাদোক; চাদোকৰ পুত্ৰ আখীম৷ আখীমৰ পুত্ৰ ইলীহূদ;
\s5
\v 15 ইলীহূদৰ পুত্ৰ ইলিয়াচৰ৷ ইলিয়াচৰৰ পুত্ৰ মত্তন; মত্তনৰ পুত্ৰ যাকোব৷
\v 16 যাকোবৰ পুত্ৰ যোচেফ; তেওঁ মৰিয়মৰ স্বামী আৰু এই মৰিয়মৰ গর্ভত যীচুৰ জন্ম হয়, যি জনক খ্ৰীষ্ট বোলা হয়।
\p
\v 17 এইদৰে অব্ৰাহামৰ পৰা দায়ুদ লৈ মুঠ চৌদ্ধ পুৰুষ; দায়ুদৰ পৰা বাবিললৈ বন্দী কৰি নিয়া পর্যন্ত মুঠ চৌদ্ধ পুৰুষ; পুণৰ বাবিললৈ বন্দী কৰি নিয়াৰ পিচৰ পৰা খ্ৰীষ্ট লৈ মুঠ চৌদ্ধ পুৰুষ।
\s যীচুৰ জন্ম
\p
\s5
\v 18 যীচু খ্ৰীষ্টৰ জন্ম এইদৰে হ'ল৷ যীচুৰ মাক মৰিয়মক যোচেফলৈ বাগ্দান কৰা হৈছিল, কিন্তু তেওঁলোক একে লগ হোৱাৰ পূৰ্ব্বেই মৰিয়মে পবিত্ৰ আত্মাৰ শক্তিত গৰ্ভৱতী হোৱা অনুভৱ কৰিলে।
\v 19 তেওঁৰ স্বামী যোচেফ এজন ধাৰ্ম্মিক লোক হোৱাত মৰিয়মক মানুহৰ আগত নিন্দাৰ পাত্ৰ কৰিবলৈ ইচ্ছা নকৰি, গুপুতে ত্যাগ কৰিবলৈ মন কৰিলে।
\p
\s5
\v 20 তেওঁ যেতিয়া এইবোৰ কথা চিন্তা কৰিলে, তেতিয়া এজন প্ৰভুৰ দূত আহি সপোনত তেওঁক দৰ্শন দি কলে, “হে দায়ুদৰ বংশৰ সন্তান যোচেফ, তোমাৰ ভাৰ্য্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা; কিয়নো তেওঁৰ গৰ্ভৰ সন্তান পবিত্ৰ আত্মাৰ পৰা হৈছে।
\v 21 তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীচু থবা। কাৰণ তেৱেঁই নিজৰ লোকক তেওঁলোকৰ পাপবোৰৰ পৰা মুক্ত কৰিব।”
\p
\s5
\v 22 এই সকলো ঘটিছিল যাতে ভাৱবাদীৰ দ্বাৰাই প্ৰভুৱে এই যি বচন কোৱাইছিল সেয়া পূর্ণ হয়:
\q
\v 23 "চোৱা, সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব,
\q1 আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানূৱেল থব;
\q1 এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ।
\p
\s5
\v 24 পাছত যোচেফে টোপনিৰ পৰা সাৰ পাই উঠি, প্ৰভুৰ দূতে তেওঁক আজ্ঞা দিয়াৰ দৰে নিজৰ ভাৰ্য্যাৰূপে মৰিয়মক গ্ৰহণ কৰিলে।
\v 25 কিন্তু পুত্ৰ প্ৰসৱ নকৰা পর্যন্ত যোচেফে তেওঁৰ সৈতে সহবাস নকৰিলে। পাছত যোচেফে সেই সন্তানৰ নাম যীচু থলে।
\s5
\c 2
\ms ২ অধ্যায়।
\s জ্যোতিষী পণ্ডিত সকল অহা
\p
\v 1 হেৰোদ যেতিয়া ৰজা আছিল, তেতিয়া যিহূদীয়াৰ বৈৎলেহমত যীচুৰ জন্ম হল৷ সেই সময়ত পূব দেশৰ পৰা কেইজনমান জ্যোতিষী পণ্ডিতে যিৰূচালেমলৈ আহি সুধিলে,
\v 2 "ইহুদী সকলৰ যি জন ৰজা জন্মিছে, তেওঁ ক’ত? কিয়নো পূব দিশত আমি তেওঁৰ তৰা দেখা পালো, আৰু তেওঁক প্ৰণিপাত কৰিবলৈ আহিছো।"
\p
\v 3 এই কথা শুনাত হেৰোদ ৰজাৰ লগতে গোটেই যিৰূচালেমত উগুল-থুগুল লাগিল।
\s5
\v 4 তেতিয়া হেৰোদে সকলো প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলক একেলগে মাতি সুধিলে, “খ্ৰীষ্টই কোন ঠাইত জন্ম গ্রহণ কৰিব?”
\v 5 তেওঁলোকে তেওঁক ক’লে, “যিহূদিয়া প্রদেশৰ বৈৎলেহমত; কিয়নো ভাববাদীৰ দ্বাৰাই এইদৰে লিখা আছে,
\q1
\v 6 আৰু তুমি, যিহূদা প্রদেশৰ বৈৎলেহম,
\q1 তুমি যিহূদাৰ অধিপতি সকলৰ মাজত কোনোমতে
\q1 নগণ্য নহয়।
\q1 কিয়নো তোমাৰ মাজৰ পৰাই এজন শাসনকর্তা
\q1 ওলাব, তেৱেঁ মোৰ লোক ইস্ৰায়েলক চৰাব।”
\f +
\fr 2:6
\ft মীখা 5:2
\f*
\p
\s5
\v 7 তেতিয়া হেৰোদে সেই জ্যোতিষী পণ্ডিত কেইজনক গুপুতে মাতি সেই তৰা সঠিকৰূপে কোন সময়ত দেখা গৈছিল সেই বিষয়ে তেওঁলোকৰ পৰা জানিবৰ বাবে সুধিলে।
\v 8 তাৰ পাছত তেওঁলোকক বৈৎলেহমলৈ যাব দি ক’লে, “আপোনালোকে গৈ সেই ল’ৰা জনৰ বিষয়ে ভালদৰে বিচাৰ লওঁক; আৰু বিচাৰি পালে, তেওঁৰ সম্বাদ আহি মোক দিব, তেতিয়া ময়ো গৈ তেওঁক প্ৰণিপাত কৰিব পাৰিম।"
\s5
\v 9 ৰজাৰ এই কথা শুনি তেওঁলোক গুচি গ’ল; তাতে যি তৰা তেওঁলোকে পূব দিশত দেখিছিল, সেই তৰা তেওঁলোকৰ আগে আগে গৈ ল’ৰা জন থকা ঠাই পাই, তাৰ ওপৰত ৰৈ থাকিল।
\v 10 তাতে সেই তৰা দেখি, তেওঁলোক আনন্দত আত্মহাৰা হ’ল।
\s5
\v 11 তাৰ পাছত তেওঁলোকে ঘৰৰ ভিতৰলৈ সোমাই গৈ মাতৃ মৰিয়মে সৈতে শিশুটিক দেখি নতশিৰে প্ৰণাম কৰি তেওঁৰ আৰাধনা কৰিলে। তাৰ পাছত নিজৰ নিজৰ বহুমূলীয়া বস্তুৰ টোপোলা মেলি, সোণ, ধূনাএঁঠা আৰু গন্ধৰস উপহাৰ দিলে।
\v 12 পাছত হেৰোদৰ ওচৰলৈ উলটি নাযাবৰ বাবে তেওঁলোকে সপোনত ঈশ্বৰৰ পৰা আদেশ পালে আৰু বেলেগ বাটেৰে নিজৰ নিজৰ দেশলৈ গুচি গ’ল।
\s বৈৎলেহমৰ শিশু পুত্র সকলক বধ কৰা
\p
\s5
\v 13 তেওঁলোক যোৱাৰ পাছত, প্ৰভুৰ এজন দূতে সপোনত যোচেফক দৰ্শন দি ক’লে, “উঠা, ল’ৰা জনক আৰু তেওঁৰ মাকক লৈ, মিচৰ দেশলৈ পলাই যোৱা আৰু মই তোমাক নোকোৱা পর্যন্ত তাতে থাকিবা; কিয়নো ল’ৰা জনক বিনাশ কৰিবৰ কাৰণে হেৰোদে তেওঁক বিচাৰি আছে।”
\v 14 সেই নিশাই যোচেফে উঠি, শিশু আৰু তেওঁৰ মাকক লৈ মিচৰ দেশলৈ গ’ল,
\v 15 আৰু হেৰোদৰ মৃত্যুলৈকে তেওঁলোক সেই ঠাইতে থাকিল। “মিচৰ দেশৰ পৰা মই মোৰ পুত্ৰক মাতিলো”
\f +
\fr 2:15
\ft হোচেয়া 11:1
\f* এই যি বচন ভাববাদীৰ দ্বাৰাই প্ৰভুৱে কোৱাইছিল, এই বচন সিদ্ধ হবলৈ এইদৰে ঘটিল।
\p
\s5
\v 16 জ্যোতিষী পণ্ডিত কেইজনৰ দ্বাৰাই নিজকে বঞ্চিত হোৱা দেখি হেৰোদ অতিশয় ক্রুদ্ধ হ’ল। তেওঁ জ্যোতিষী পণ্ডিত কেইজনৰ পৰা যি সময়ৰ কথা জানিছিল, সেই কাল অনুসাৰে দুবছৰ আৰু তাতকৈ কম বয়সৰ যিমান ল’ৰা শিশু বৈৎলেহম আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল সমূহত আছিল, সেই সকলোকে বধ কৰিবলৈ আদেশ দিলে।
\s5
\v 17 যিৰিমিয়া ভাববাদীৰ দ্বাৰাই যি কথা কোৱা হৈছিল, সেয়া পূর্ণ হ’ল:
\f +
\fr 2:17
\ft যিৰিমিয়া 31:15
\f*
\q1
\v 18 “ৰামাত এটা মাত শুনা গ’ল,
\q1 বিলাপৰ ৰোল আৰু মহা-শোক,
\q1 ৰাহেলে নিজৰ সন্তান সকলৰ কাৰণে ক্রন্দন কৰিছে আৰু
\q1 তেওঁ শান্ত্বনা পাবলৈও ইচ্ছা কৰা নাই, কাৰণ তেওঁলোকৰ কোনো পুনৰ জীয়াই থকা নাই।”
\s মিচৰৰ পৰা যোচেফ আৰু মৰিয়মৰ প্রত্যাৱর্তন
\p
\s5
\v 19 পাছত হেৰোদৰ মৃত্যু হোৱাত, প্ৰভুৰ এজন দূতে মিচৰ দেশত যোচেফক সপোনত দৰ্শন দি ক’লে,
\v 20 “উঠা, ল’ৰা জন আৰু তেওঁৰ মাকক লৈ ইস্ৰায়েল দেশলৈ উলটি যোৱা; কিয়নো যি সকলে এই ল’ৰা জনৰ প্ৰাণ নাশৰ চেষ্টা কৰিছিল, তেওঁলোকৰ মৃত্যু হ’ল।”
\v 21 তেতিয়া যোচেফে উঠি, ল’ৰা আৰু তেওঁৰ মাকক লৈ ইস্ৰায়েল দেশলৈ আহিল।
\s5
\v 22 কিন্তু যেতিয়া যোচেফে শুনিলে যে যিহূদিয়াত হেৰোদৰ স্থানত তেওঁৰ পুত্র আৰ্খিলায়ে ৰাজ্য শাসন কৰিছে, তেতিয়া তেওঁ তালৈ যাবৰ বাবে ভয় কৰিলে; পাছত ঈশ্বৰে এক সপোনত সাৱধান কৰি দিয়াত তেওঁ গালীল প্ৰদেশলৈ গ’ল,
\v 23 আৰু তাত নাচৰৎ নামৰ এখন নগৰত বসবাস কৰিব ধৰিলে। তেওঁক নাচৰতীয়া বোলা হ’ব, এই যি বচন ভাৱবাদী সকলৰ দ্বাৰাই কোৱা হৈছিল, এই বচন সিদ্ধ হবৰ বাবে এইদৰে ঘটিল।
\s5
\c 3
\ms ৩ অধ্যায়।
\s যোহন বাপ্তাইজকৰ প্ৰচাৰ কার্য
\f +
\fr 3:0
\ft মার্ক 1:1-8; লূক 3:1-9: 15:17, যোহন 1:19-28
\f*
\p
\v 1 সেই কালত যোহন বাপ্তাইজকে আহি, যিহূদীয়াৰ মৰুপ্রান্তত প্রচাৰ কৰিব ধৰিলে।
\v 2 তেওঁ ক’লে, “মন পালটন কৰক। কিয়নো স্বৰ্গৰাজ্য ওচৰ হ’ল।”
\p
\v 3 কাৰণ এৱেঁই সেই যোহন, যি জনৰ বিষয়ে যিচয়া ভাৱবাদীৰ দ্বাৰাই এই বুলি কোৱা হৈছিল যে,
\q1 "মৰুপ্রান্তত এজনৰ উচ্চস্বৰ শুনা গৈছে,
\q1 তোমালোকে প্ৰভুৰ পথ প্রস্তুত কৰা৷
\q1 তেওঁৰ বাট পোন কৰা।
\f +
\fr 3:3
\ft যিচয়া 40:3
\f*
\p
\s5
\v 4 যোহনে উটৰ নোমেৰে তৈয়াৰী কাপোৰ পিন্ধিছিল, কঁকালত চামৰাৰ টঙালি বান্ধিছিল। কচুৱা ফৰিং আৰু হাবিৰ মৌ তেওঁৰ আহাৰ আছিল।
\v 5 সেই সময়ত যিৰূচালেম, সমগ্র যিহূদিয়া আৰু যৰ্দ্দন নদীৰ দাতিকাষৰীয়া অঞ্চলৰ লোক সকল তেওঁৰ ওচৰলৈ আহিব ধৰিলে।
\v 6 লোক সকলে যেতিয়া নিজৰ নিজৰ পাপবোৰ স্বীকাৰ কৰিলে, তেতিয়া যোহনে তেওঁলোকক যৰ্দ্দন নদীত বাপ্তিস্ম দিলে।
\p
\s5
\v 7 যোহনে যেতিয়া দেখিলে যে অনেক ফৰীচী
\f +
\fr 3:7
\ft ফৰীচী: ইহুদী সকলৰ এক গোড়া ধর্মীয় সম্প্রদায়, যিসকলে নিজকে পুৰণি ইহুদী ধর্ম, মোচিৰ বিধান আৰু ৰীতি-নীতি কঠোৰভাৱে পালনকাৰী হিচাবে দাবী কৰে। এওঁলোক সমাজত অত্যন্ত পূজনীয় আৰু ধর্মীয় শিক্ষা দিছিল।
\f* আৰু চদ্দূকী সকল
\f +
\fr 3:7
\ft চদ্দূকী: ইহুদী ধর্মৱলম্বীসকলৰ এক বিশেষ সম্প্রদায়, যিসকলে পুৰণি ধর্ম নিয়মৰ কেৱল প্রথম পাচঁটা পুস্তকক স্বীকৃতি দিয়ে আৰু মৃত্যুৰ পাছত পুণৰুত্থান বিশ্বাস নকৰে।
\f* বাপ্তিস্মৰ কাৰণে তেওঁৰ ওচৰলৈ আহিছে, তেতিয়া তেওঁ তেওঁলোকক ক’লে, “সৰ্পৰ বংশধৰ সকল! আগলৈ যি ক্রোধ হব লগা আছে, তাৰ পৰা পলাবৰ বাবে আপোনালোকক কোনে চেতনা দিলে?
\v 8 মন পালটনৰ উপযুক্ত ফল ধৰি ফলৱান হওঁক।
\v 9 আপোনালোকে নিজৰ মনতে “আমাৰ পিতৃপুৰুষ অব্ৰাহাম আছে” বুলি চিন্তাও নকৰিব; কিয়নো মই আপোনালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাও অব্ৰাহামৰ বাবে বংশৰ সন্তান উৎপন্ন কৰিব পাৰে।
\s5
\v 10 গছবোৰৰ গুৰিত কুঠাৰ লাগি আছে; যি যি গছে ভাল গুটি নধৰে, তাক কাটি জুইত পেলোৱা হয়।
\p
\v 11 আপোনালোকে মন পালটন কৰা বাবে মই আপোনালোকক পানীত বাপ্তিস্ম দিছো, কিন্তু মোৰ পাছত যি জন আহি আছে, তেওঁ মোতকৈও শক্তিশালী; মই তেওঁৰ পাদুকা ববলৈকো যোগ্য নহওঁ; তেওঁ আপোনালোকক পবিত্ৰ আত্মা আৰু জুইত বাপ্তিস্ম দিব।
\v 12 তেওঁৰ কুলা তেওঁৰ হাততে আছে; তেওঁৰ শস্য মৰা চোতাল তেওঁ ভালকৈ পৰিষ্কাৰ কৰিব আৰু তেওঁ নিজৰ শস্য ভড়ালত চপাই থব; কিন্তু ঘুলা, সেই জুইত পুৰি পেলাব, যি জুই কেতিয়াও নুনুমায়।
\s যীচুৰ বাপ্তিস্ম
\p
\s5
\v 13 সেই সময়ত যীচুৱে বাপ্তিস্ম লবলৈ গালীলৰ পৰা যর্দ্দন নদীৰ পাৰত থকা যোহনৰ কাষলৈ আহিল।
\v 14 কিন্তু যোহনে তেওঁক বাধা দি ক’লে, “মইহে বৰং আপোনাৰ দ্বাৰা বাপ্তিস্ম লোৱা উচিত” এনে স্থলত আপুনি মোৰ ওচৰলৈ আহিছে?”
\v 15 কিন্তু যীচুৱে উত্তৰ দি তেওঁক ক’লে, “এতিয়া এনেকৈয়ে হবলৈ দিয়া; কিয়নো সকলো ধাৰ্ম্মিকতা আমি এইদৰে পূর্ণ কৰা উচিত।” তেতিয়া যোহন সন্মত হ’ল।
\p
\s5
\v 16 যীচুৱে বাপ্তিস্ম লৈ পানীৰ পৰা উঠাৰ লগে লগে তেওঁৰ সন্মুখত স্বৰ্গ মুকলি হ’ল আৰু ঈশ্বৰৰ আত্মা কপৌৰ দৰে নামি আহি তেওঁৰ ওপৰত পৰা দেখিলে।
\v 17 তেতিয়া এই আকাশ-বাণী হ’ল, “চোৱা, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট।”
\s5
\c 4
\cl অধ্যায়
\s যীচুৰ পৰীক্ষা
\p
\v 1 তাৰ পাছত চয়তানে যেন যীচুক পৰীক্ষা কৰিব পাৰে, সেয়ে
\f +
\fr 4:1
\ft আত্মা- পবিত্র আত্মা ঈশ্বৰ অর্থাৎ স্বয়ং ঈশ্বৰ
\f* আত্মাই তেওঁক মৰুপ্ৰান্তলৈ লৈ গ’ল।
\v 2 তাত চল্লিশ দিন আৰু চল্লিশ ৰাতি উপবাসে থকাৰ পিছত যীচুৰ ভোক লাগিল।
\v 3 তেতিয়া চয়তানে আহি তেওঁক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে এই শিলবোৰ পিঠা হবলৈ আজ্ঞা দিয়ক।”
\v 4 তাতে তেওঁ উত্তৰ দি ক’লে, “শাস্ত্রত লিখা আছে, ‘মানুহ কেৱল পিঠাৰে নিজীয়ে, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্রত্যেকটো বাক্যৰেহে জীয়ে।”
\f +
\fr 4:4
\ft দ্বি বি 8:3
\f*
\p
\s5
\v 5 তেতিয়া চয়তানে তেওঁক পবিত্ৰ নগৰ যিৰূচালেম মন্দিৰৰ কলচীৰ ওপৰলৈ লৈ গ’ল;
\v 6 আৰু যীচুক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে নিজকে তললৈ পেলাই দিয়ক; কিয়নো শাস্ত্রত এইদৰে লিখা আছে,
\q1 ‘তেওঁ নিজৰ দূত সকলক তোমাৰ অর্থে আজ্ঞা দিব আৰু
\q1 তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়,
\q1 এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব।”
\f +
\fr 4:6
\ft গীত 91:11-12
\f*
\p
\s5
\v 7 যীচুৱে তাক ক’লে, “তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এই বুলিও শাস্ত্রত লিখা আছে।”
\f +
\fr 4:7
\ft দ্বি বি 6:16
\f*
\p
\v 8 তাৰ পাছত আকৌ চয়তানে তেওঁক এক অতি ওখ ঠাইলৈ লৈ গ'ল আৰু জগতৰ সকলো ৰাজ্যৰ সৈতে সেইবোৰৰ ঐশ্বৰ্য্য দেখুৱালে।
\v 9 চয়তানে তেওঁক ক’লে, “আপুনি যদি মূৰ দোৱাই মোৰ উপাসনা কৰে, তেনেহলে এই সকলোকে মই আপোনাক দিম।”
\s5
\v 10 তেতিয়া যীচুৱে তাক ক’লে, “গুচি যা চয়তান! কিয়নো শাস্ত্রত এইবুলিও লিখা আছে, “তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু কেৱল তেওঁৰেই আৰাধনা কৰা।”
\v 11 তেতিয়া চয়তানে তেওঁক এৰি গুচি গ’ল আৰু স্বৰ্গদূত সকল আহি যীচুৰ শুশ্রূষা কৰিলে।
\s প্রভু যীচুৱে প্ৰকাশকৈ কাৰ্য আৰম্ভ কৰা
\p
\s5
\v 12 যীচুৱে যেতিয়া যোহনক বন্দী কৰি নিয়া বুলি শুনিলে, তেতিয়া তেওঁ গালীল প্রদেশলৈ গ’ল।
\v 13 তেওঁ নাচৰত এৰি জবূলূন আৰু নপ্তালী এলেকাৰ গালীল সাগৰৰ তীৰত থকা কফৰনাহূমলৈ গৈ, তাত বাস কৰিবলৈ ধৰিলে।
\p
\s5
\v 14 যিচয়া ভাৱবাদীৰ দ্বাৰাই এই যি বচন কোৱা হৈছিল তাক পূর্ণ কৰিবলৈ এই সকলো ঘটিল:
\q1
\v 15 “জবূলূন দেশ আৰু নপ্তালী দেশ,
\q1 সাগৰৰ তীৰত, যৰ্দ্দনৰ সিপাৰত
\q1 অনা-ইহুদী সকলৰ গালীল!
\q1
\v 16 যি সকল লোকে অন্ধকাৰত বাস কৰি আছিল
\q1 তেওঁলোকে মহা-জ্যোতি দেখিবলৈ পালে।
\q1 যি সকল লোকে মৃত্যুছাঁয়াৰ দেশত বাস কৰিছিল
\q1 তেওঁলোকৰ ওপৰত দিপ্তী প্রকাশিত হ’ল।”
\f +
\fr 4:16
\ft যিচয়া 9:1-2
\f*
\s যীচুৰ শিষ্য নির্বাচন
\p
\s5
\v 17 সেই সময়ৰে পৰা যীচুৱে এই বুলি প্রচাৰ কৰিবলৈ ধৰিলে, “তোমালোকে মন পালটন কৰা; কিয়নো স্বৰ্গৰাজ্য ওচৰ আহি পালে।”
\p
\s5
\v 18 পাছত যীচুৱে গালীল সাগৰৰ পাৰত খোজ কাঢ়ি ফুৰোঁতে দুজন ভাই-ককাই চিমোন, যাক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ক, সাগৰত জাল পেলোৱা দেখিলে। কিয়নো তেওঁলোক মাছমৰীয়া আছিল।
\v 19 যীচুৱে তেওঁলোকক ক’লে, “মোৰ পাছত আহা, মই তোমালোকক মানুহ ধৰা মাছমৰীয়া কৰিম।”
\v 20 তেতিয়াই তেওঁলোকে জাল এৰি তেওঁৰ পাছে পাছে গ’ল।
\p
\s5
\v 21 তাৰ পৰা আগুৱাই গৈ যীচুৱে যাকোব আৰু যোহন নামৰ আন দুজন ভাই-ককাইক দেখা পালে। তেওঁলোক চিবদিয়ৰ পুতেক আছিল। বাপেক চিবদিয়ৰ সৈতে তেওঁলোকে নাৱত বহি নিজৰ নিজৰ জালবোৰ ঠিক কৰি আছিল। যীচুৱে তেওঁলোকক মাতিলে।
\v 22 তেতিয়া তেওঁলোকে নিজৰ নাও আৰু বাপেককো এৰি যীচুৰ পাছে পাছে গ’ল।
\s গালীলত যীচুৰ পৰিচর্যা
\p
\s5
\v 23 যীচুৱে গালীল প্রদেশৰ সকলো ঠাইতে থকা নাম-ঘৰবোৰত গৈ উপদেশ দিবলৈ ধৰিলে৷ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে; অাৰু লোক সকলৰ মাজৰ পৰা নানা ধৰণৰ ৰোগ-ব্যাধিত থকা লোকক সুস্থ কৰিলে।
\v 24 সমগ্র চিৰিয়া দেশতে তেওঁৰ খ্যাতি বিয়পি পৰিল আৰু লোক সকলে নানা ধৰণৰ বেমাৰ আৰু যন্ত্রণাত আক্রান্ত লোক, ভূতে পোৱা লোক, মৃগী ৰোগী আৰু পক্ষাঘাতগ্রস্ত আদি নানা ধৰণৰ ৰোগী সকলক তেওঁৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
\v 25 তাতে গালীল, দিকাপলি, যিৰূচালেম, আৰু যিহূদিয়া আৰু যৰ্দ্দনৰ সিপাৰৰ পৰাও বহু মানুহ দল বান্ধি যীচুৰ পাছে পাছে আহিল।
\s5
\c 5
\cl ৫ অধ্যায়।
\ms পৰ্ব্বতত দিয়া যীচুৰ উপদেশ
\p
\v 1 যীচুৱে বহু লোকৰ ভিৰ দেখা পাই পাহাৰৰ ওপৰলৈ গ’ল আৰু তেওঁ তাত বহিল। তেতিয়া তেওঁৰ শিষ্য সকল তেওঁৰ ওচৰলৈ আহিল।
\v 2 তেওঁ মাত লগাই তেওঁলোকক এইবুলি উপদেশ দিবলৈ ধৰিলে,
\q1
\v 3 আত্মাত দৰিদ্ৰ সকল ধন্য; কিয়নো স্ৱৰ্গৰাজ্য
\q2 তেওঁলোকৰ।
\q1
\v 4 শোক কৰা সকল ধন্য; কিয়নো তেওঁলোকে
\q2 শান্ত্বনা পাব।
\q1
\s5
\v 5 নম্ৰ সকল ধন্য; কিয়নো তেওঁলোকে দেশ খন
\q2 অধিকাৰ কৰিব।
\q1
\v 6 ধাৰ্ম্মিকতালৈ ভোক আৰু পিয়াহ লগা সকল
\q2 ধন্য; কিয়নো তেওঁলোক তৃপ্ত হব।
\q1
\v 7 দয়ালু সকল ধন্য; কিয়নো তেওঁলোকে
\q2 দয়া পাব।
\q1
\v 8 নিৰ্ম্মল চিত্তৰ লোক সকল ধন্য; কিয়নো
\q2 তেওঁলোকে ঈশ্বৰৰ দৰ্শন পাব।
\q1
\s5
\v 9 মিলনকাৰী সকল ধন্য; কিয়নো তেওঁলোক
\q2 ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হব।
\q1
\v 10 ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱা সকল ধন্য;
\q2 কিয়নো স্বৰ্গৰাজ্য তেওঁলোকৰ।
\p
\s5
\v 11 যেতিয়া লোক সকলে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰৰ কু-কথা কব, তেতিয়া তোমালোক ধন্য।
\v 12 আনন্দ কৰা আৰু উল্লাসিত হোৱা; কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে। কাৰণ তোমালোকৰ পূৰ্ব্বে যি ভাববাদী সকল আছিল, তেওঁলোককো লোক সকলে সেইদৰে তাড়না কৰিছিল।
\s শিষ্য সকল লোণ আৰু পোহৰ সদৃশ
\p
\s5
\v 13 তোমালোক পৃথিবীৰ লোণ; কিন্তু লোণৰ সোৱাদ যদি হেৰাই যায়, তেনেহলে সেই লোণ কিহেৰে লুণীয়া কৰা যাব? তেতিয়া সেইবোৰ পুণৰ কোনো কামৰ নহব, কেৱল বাহিৰলৈ পেলোৱাৰ আৰু মানুহৰ গচকাৰ যোগ্যহে হ'ব।
\v 14 তোমালোক জগতৰ পোহৰ। পৰ্ব্বতৰ ওপৰত থকা নগৰ গুপ্ত হ’ব নোৱাৰে।
\s5
\v 15 মানু্হে চাকি লগাই পাত্রৰে ঢাকি নথয়, কিন্তু গছাৰ ওপৰত থয় আৰু ই ঘৰৰ সকলোকে পোহৰ দিয়ে।
\v 16 এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওঁক; তাতে তেওঁলোকে তোমালোকৰ ভাল কৰ্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।
\s পুৰণি নিয়ম সম্পর্কে যীচুৰ শিক্ষা
\p
\s5
\v 17 নাভাবিবা যে মই বিধান বা ভাববাদী সকলৰ বাক্য বিনষ্ট কৰিবলৈ আহিছো, কিন্তু সিদ্ধ কৰিবলৈহে আহিলো।
\v 18 কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, স্বৰ্গ আৰু পৃথিবী লুপ্ত নহয় মানে আৰু সকলো সিদ্ধ নোহোৱালৈকে, বিধানৰ এটি ইকাৰ বা এক বিন্দুও কোনোৰূপে লুপ্ত নহব।
\p
\s5
\v 19 এই হেতুকে যি কোনোৱে এই আজ্ঞাবোৰৰ মাজৰ সৰু এটিও উলঙ্ঘন কৰে আৰু আন লোকক সেইদৰে কৰিবলৈ শিকায়, তেওঁ স্বৰ্গৰাজ্যত সকলোতকৈ সৰু বুলি গণ্য হব; কিন্তু যি কোনোৱে সেইবোৰ পালন কৰে আৰু সেইদৰে শিকায়, তেওঁ স্বৰ্গৰাজ্যত মহান বুলি গণ্য হ’ব।
\v 20 কিয়নো মই তোমালোকক কওঁ, তোমালোকৰ ধার্মিকতা, ধর্মীয় অধ্যাপক আৰু ফৰীচী সকলতকৈ অধিক নহলে তোমালোকে কোনো প্ৰকাৰে স্বৰ্গৰাজ্যত প্রৱেশ কৰিব নোৱাৰিবা।
\s ক্রোধ সম্পর্কে যীচুৰ শিক্ষা
\p
\s5
\v 21 তোমালোকে শুনিছা, পূর্ব্বকালৰ লোক সকলৰ আগত ইয়াকে কোৱা হৈছিল যে ‘তুমি নৰবধ নকৰিবা
\f +
\fr 5:21
\ft তুমি…নকৰিবা। যাত্রা 20:13, দ্বি বি 5:17
\f* আৰু যি কোনোৱে নৰবধ কৰে, সি সোধ-বিচাৰত দণ্ডৰ পাত্ৰ হব’।
\v 22 কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে তেওঁৰ ভায়েকৰ
\f +
\fr 5:22
\ft ভায়েক - আক্ষৰিক অর্থৰ ভায়েক বা চুবুৰীয়াক নহয়, কিন্তু তেওঁৰ এজন সহভাগী বিশ্বাসীক বুজাইছে।
\f* ওপৰত খং কৰে, তেওঁ সোধ-বিচাৰত দণ্ডৰ পাত্ৰ হ’ব আৰু যি কোনোৱে তেওঁৰ ভায়েকক ‘তুমি অপদার্থ’ এইদৰে কয়, তেওঁ মহাসভাত দণ্ডৰ পাত্ৰ হ’ব আৰু যি কোনোৱে নিজ ভাইক ‘তুমি অবাধ্য’ বুলি কয়, তেওঁ অগ্নিময় নৰকৰ দণ্ডৰ পাত্ৰ হ’ব।
\p
\s5
\v 23 এই হেতুকে বেদিত তোমাৰ নৈবেদ্য উৎসৰ্গ কৰোঁতে, তোমাৰ বিৰুদ্ধে তোমাৰ ভায়েৰাৰ কোনো কথা আছে বুলি যদি তোমাৰ মনত পৰে,
\v 24 তেন্তে তুমি বেদিৰ আগত তোমাৰ নৈবেদ্য ৰাখি থৈ প্রথমে তোমাৰ ভাইৰ সৈতে মিলন হোৱা আৰু তাৰ পাছত পুণৰ আহি নৈবেদ্য উৎসৰ্গ কৰা।
\p
\s5
\v 25 তোমাৰ গুচৰিয়াৰ সৈতে তুমি আদালতলৈ গৈ থাকোতেই বেগাই মিলন হোৱা; অন্যথা জানোছা তোমাৰ গুচৰিয়াই তোমাক বিচাৰকৰ হাতত শোধাই দিয়ে; বিচাৰকেও তোমাক টেকেলাৰ হাতত শোধাই দিয়ে আৰু তেতিয়া তোমাক কাৰাগাৰত ভৰাই থোৱা হব।
\v 26 মই তোমালোকক স্বৰূপকৈ কওঁ, যেতিয়ালৈকে দিবলগীয়া ধনৰ শেষ পইচাটি পর্যন্ত আদায় নিদিয়া, তেতিয়ালৈকে তোমালোকে তাৰ পৰা কোনোমতে ওলাব নোৱাৰিবা ।
\s ব্যভিচাৰৰ বিষয়ে শিক্ষা
\p
\s5
\v 27 “তোমালোকে এই বুলি কোৱা শুনিছা, ‘ব্যভিচাৰ নকৰিবা’।
\v 28 কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে মহিলাৰ ফালে কাম ভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে।
\s5
\v 29 যদি তোমাৰ সোঁ চকুৱে তোমাৰ বিঘিনি জন্মায়, তেন্তে তাক কাঢ়ি তোমাৰ পৰা উলিয়াই পেলাই দিয়া; কিয়নো তোমাৰ গোটেই শৰীৰ নৰকত পেলোৱা হোৱাতকৈ, এটা অঙ্গ নষ্ট হোৱাই তোমাৰ পক্ষে ভাল।
\v 30 যদি তোমাৰ সোঁ হাতে তোমাৰ বিঘিনি জন্মায়, তেন্তে তাকো কাটি তোমাৰ পৰা পেলাই দিয়া; কিয়নো তোমাৰ গোটেই শৰীৰ নৰকলৈ যোৱাতকৈ এটা অঙ্গ নষ্ট হোৱাই তোমাৰ ভাল।
\s বিবাহ বিচ্ছেদৰ বিষয়ে যীচুৰ শিক্ষা
\p
\s5
\v 31 এইদৰেও কোৱা হৈছিল, ‘যি কোনোৱে নিজৰ ভার্য্যাক ত্যাগ কৰে, তেনেহলে তেওঁ ভার্য্যাক ত্যাগ-পত্ৰ দিয়ক।’
\v 32 কিম্তু মই তোমালোকক কওঁ যে, একমাত্র ব্যভিচাৰৰ দোষত বাহিৰে কোনোৱে যদি আন কাৰণত নিজৰ ভার্য্যাক ত্যাগ কৰে, তেন্তে তেওঁ তেওঁক ব্যভিচাৰিণী কৰায় আৰু যি কোনোৱে সেই ত্যাগ কৰা মহিলাক বিয়া কৰে তেৱোঁ ব্যভিচাৰ কৰে।
\s শপতৰ বিষয়ে যীচুৰ শিক্ষা
\p
\s5
\v 33 পুনৰায় তোমালোকে শুনিছা, পূর্ব্বকালত এই কথা কোৱা হৈছিল যে ‘তুমি মিছা শপত নাখাবা, বৰং প্ৰভুৰ উদ্দেশ্যে কৰা তোমাৰ শপত পালন কৰিবা'।
\v 34 কিন্তু মই কওঁ, তোমালোকে কোনো শপতেই নাখাবা; স্বৰ্গৰ নামত শপত নাখাবা, কাৰণ সেয়ে ঈশ্বৰৰ সিংহাসন,
\v 35 আৰু পৃথিবীৰ নামতো শপত নাখাবা, কিয়নো সেয়ে তেওঁৰ ভৰিৰ পীৰা;
\s5
\v 36 যিৰূচালেমৰ নামেৰেও নহয়, কিয়নো সেয়ে মহান ৰজাৰ নগৰ। এনেকি নিজৰ মূৰত ধৰিও শপত নাখাবা, কিয়নো এডাল চুলিকো তোমালোকে বগা বা ক’লা কৰিব নোৱাৰা।
\v 37 কিন্তু তোমালোকৰ কথা ‘হয়’ যদি হয় বা ‘নহয়’ যদি নহয় হওঁক। ইয়াতকৈ অধিক যি, সেয়া চয়তানৰ পৰাহে হয়।
\s প্রতিশোধ লোৱা বিষয়ত শিক্ষা
\p
\s5
\v 38 তোমালোকে ‘চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত’ এই যি কথা কোৱা হৈছিল, সেই বিষয়ে শুনিছা।
\v 39 কিন্তু মই তোমালোকক কওঁ, তোমালোকে দুষ্ট লোক সকলৰ প্ৰতিৰোধ নকৰিবা; বৰং কোনোৱে যদি তোমাৰ সোঁ গালত চৰ মাৰে, তেন্তে তেওঁলৈ আন খন গালো পাতি দিবা।
\s5
\v 40 কোনোৱে যদি আদালতত তোমাৰ ওপৰত গোচৰ তৰি তোমাৰ চোলা ল’ব খোজে, তেন্তে তেওঁক তোমাৰ চাদৰখনো এৰি দিবা।
\v 41 যি কোনোৱে তোমাক এমাইল বাট বলেৰে নিয়ে, তেওঁৰ লগত দুমাইল যাবা।
\v 42 যি জনে তোমাক খোজে, সেইজনক দিবা আৰু কোনোৱে তোমাৰ পৰা ধাৰ বিচাৰিলে, তেওঁক বিমুখ নকৰিবা।
\s শত্রুক প্রেম কৰাৰ বিষয়ে শিক্ষা
\p
\s5
\v 43 তোমালোকে কোৱা শুনিছা, ‘তোমাৰ চুবুৰীয়াক প্ৰেম কৰিবা আৰু শত্ৰুক ঘিণ কৰিবা’।
\v 44 কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুক প্ৰেম কৰিবা আৰু তোমালোকক তাড়না কৰা সকলৰ বাবে প্ৰাৰ্থনা কৰিবা,
\v 45 তেতিয়াহে তোমালোক স্বৰ্গত থকা পিতৃৰ সন্তান হ’ব পাৰিবা। কিয়নো তেওঁ দুষ্ট আৰু সন্ত দুয়োৰো ওপৰত সূৰ্য উদয় হ’বলৈ দিয়ে আৰু ধাৰ্মিক-অধাৰ্মিক এই দুয়োৰো ওপৰত বৰষুণ বৰষায়।
\s5
\v 46 কিয়নো যি মানুহে তোমালোকক প্ৰেম কৰে, তোমালোকে যদি কেৱল তেওঁলোককে প্ৰেম কৰা, তেনেহলে কি পুৰস্কাৰ পাবা? কৰ সংগ্রহকাৰী সকলেও জানো তাকে নকৰে?
\v 47 তোমালোকে যদি কেৱল তোমালোকৰ ভাই সকলকে শুভেচ্ছা জনোৱা, তেনেহলে আনতকৈ অধিক বেচি কি কৰিলা? অনা-ইহুদী সকলেও জানো তাকে নকৰে?
\v 48 এই হেতুকে তোমালোকৰ স্বৰ্গীয় পিতৃ যেনে সিদ্ধ, তোমালোকো তেনে সিদ্ধ হোৱা।
\s5
\c 6
\cl ৬ অধ্যায়।
\s দান দিয়াৰ বিষয়ে যীচুৰ শিক্ষা
\p
\v 1 সাৱধান! মানুহক দেখুৱাবলৈ তেওঁলোকৰ আগত তোমালোকে নিজ নিজ ধৰ্ম্ম কৰ্ম নকৰিবা; তেনেকুৱা কৰিলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰৰ পৰা তোমালোকে একো পুৰস্কাৰ নাপাবা।
\v 2 এই হেতুকে, তুমি যেতিয়া দান কৰা, তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়া সকলৰ নিচিনাকৈ নকৰিবা। তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু বাটে-পথে নিজৰ আগে আগে ঢাক-ঢোল কোবাই দান দিয়ে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজৰ নিজৰ পুৰস্কাৰ পালেই।
\s5
\v 3 কিন্তু তোমালোকে যেতিয়া দান দিবা, তেতিয়া তোমালোকৰ সোঁ হাতে কি কৰে বাঁও হাতক সেই বিষয়ে জানিবলৈ নিদিবা;
\v 4 কিয়নো তেতিয়াহে তোমালোকৰ দান গোপন হ’ব আৰু গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব।
\s প্রার্থনাৰ বিষয়ে যীচুৰ শিক্ষা
\p
\s5
\v 5 তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া কপটীয়া সকলৰ নিচিনা নহবা; কিয়নো মানুহক দেখুৱাবৰ কাৰণে তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু আলিবাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভাল পায়। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।
\v 6 কিন্তু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া ভিতৰ কোঠালিলৈ গৈ দুৱাৰ বন্ধ কৰিবা আৰু যি জনক দেখা পোৱা নাযায়, তোমালোকৰ সেই পিতৃৰ আগত প্ৰাৰ্থনা কৰিবা; তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব।
\p
\v 7 প্ৰাৰ্থনা কৰা সময়ত অনা-ইহুদী সকলৰ নিচিনাকৈ তোমালোকে অনৰ্থক পুণৰুক্তি নকৰিবা; কিয়নো তেওঁলোকে ভাৱে, তেওঁলোকৰ বেচি কথাৰ কাৰণে প্রার্থনা শুনা যাব।
\s5
\v 8 এতেকে তোমালোক তেওঁলোকৰ নিচিনা নহবা; কিয়নো তোমালোকৰ কি কি প্ৰয়োজন আছে, সেই বিষয়ে তোমালোকে পিতৃৰ পৰা খোজাৰ আগেয়ে, তোমালোকৰ পিতৃয়ে জানে।
\v 9 এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰিবা;
\q ‘হে আমাৰ স্বৰ্গত থকা পিতৃ,
\q1 তোমাৰ নাম পূজনীয় হওঁক;
\q1
\v 10 তোমাৰ ৰাজ্য হওঁক;
\q1 যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওঁক।
\q1
\s5
\v 11 আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া।
\q1
\v 12 আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা।
\q1
\v 13 আমাক পৰীক্ষালৈ নিনিবা,
\q1 কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা৷'
\f +
\fr 6.13
\ft কিছুমান পুৰণি অনুলিপিত পোৱা যায়, "কিয়নো ৰজ্য, মহিমা আৰু পৰাক্ৰম সদা-সৰ্বদায় তোমাৰেই হওঁক৷ আমেন৷"
\f*
\p
\s5
\v 14 কিয়নো তোমালোকে যদি আনৰ অপৰাধ ক্ষমা কৰা, তেনেহলে তোমালোকৰ স্বর্গীয় পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা কৰিব;
\v 15 কিন্তু তোমালোকে যদি লোকৰ অপৰাধ ক্ষমা নকৰা, তেনেহলে তোমালোকৰ পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা নকৰিব।
\s লঘোনৰ বিষয়ে যীচুৰ শিক্ষা
\p
\s5
\v 16 যেতিয়া তোমালোকে লঘোন দিয়া, তেতিয়া কপটীয়া সকলৰ নিচিনাকৈ মুখ মলিন নকৰিবা; কিয়নো তেওঁলোকে লঘোনীয়া বুলি মানুহক দেখুৱাবলৈ মুখ বিবৰ্ণ কৰে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।
\v 17 কিন্তু তোমালোকে যেতিয়া লঘোন দিয়া, তেতিয়া তোমাৰ মূৰত তেল সানিবা আৰু মুখ ধুই ল'বা;
\v 18 যাতে আনে জানিব নোৱাৰে যে, তোমালোকে লঘোন দিছা। কিন্তু তোমালোকৰ পিতৃ, যি জনক তোমালোকে দেখা নোপোৱা, কেৱল তেৱেঁই ইয়াক দেখা পাব। তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক পুৰস্কাৰ দিব।
\s সাংসাৰিক আৰু পৰমাৰ্থিক চিন্তা
\p
\s5
\v 19 যি ঠাইত পোকে আৰু মামৰে ক্ষয় কৰে আৰু চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিবীত নিজলৈ ধন নাসাঁচিবা;
\v 20 কিন্তু য’ত পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি নিদিয়ে, এনে স্বৰ্গত নিজৰ বাবে ধন সাঁচা।
\v 21 কিয়নো য’তে তোমালোকৰ ধন, ত’তে তোমালোকৰ মনো হ’ব।
\p
\s5
\v 22 চকুৱেই শৰীৰৰ প্ৰদীপ; এই হেতুকে তোমালোকৰ চকু যদি ভালে থাকে, তেনেহলে তোমালোকৰ গোটেই শৰীৰ দীপ্তিময় হ’ব;
\v 23 কিন্তু তোমালোকৰ চকু যদি বেয়া হয়, তেনেহলে তোমালোকৰ গোটেই শৰীৰ অন্ধকাৰময় হ’ব। এতেকে তোমালোকৰ তাত থকা পোহৰ যদি আচলতে অন্ধকাৰময় হয়, তেনেহলে সেই আন্ধাৰ কিমান গভীৰ হব!
\v 24 কোনেও দুজন গৰাকীৰ ওচৰত খাটিব নোৱাৰে; কিয়নো তেওঁ এজনক ঘিণ কৰি আন জনক ভাল পাব; নাইবা এজনত আসক্ত হৈ, আন জনক হেয়জ্ঞান কৰিব৷ তোমালোকে ঈশ্বৰ আৰু ধন, এই উভয়তে খাটিব নোৱাৰা।
\p
\s5
\v 25 এই হেতুকে মই তোমালোকক কওঁ, ‘কি ভোজন কৰিম বা কি পান কৰিম’- এই বুলি প্ৰাণৰ কাৰণে, নাইবা ‘কি পিন্ধিম'- এই বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা। আহাৰতকৈ প্ৰাণ, আৰু বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয় নে?
\v 26 আকাশৰ চৰাইবোৰলৈ চোৱা; সেইবোৰে নবয়, নাদায়, আৰু ভঁড়ালতো নচপায়; তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মূল্যৱান নোহোৱা নে?
\s5
\v 27 আৰু তোমালোকৰ মাজৰ কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে?
\v 28 বস্ত্ৰৰ বাবেও কিয় চিন্তা কৰা? পথাৰৰ লিলি ফুলবোৰ কেনেকৈ বাঢ়ে, সেই বিষয়ে ভাবি চোৱা; সেইবোৰে শ্ৰম নকৰে, সূতাও নাকাটে;
\v 29 তথাপি মই তোমালোকক কওঁ, চলোমন ৰজা ইমান ঐশ্বৰ্য্যৰ মাজত থাকিও এইবোৰৰ এটাৰো নিচিনা নিজক বিভূষিত কৰিব পৰা নাছিল।
\s5
\v 30 এতেকে, পথাৰৰ যি বন আজি আছে, কাইলৈ জুইশালত পেলোৱা হ’ব, সেই বনকো যদি ঈশ্বৰে এনেকৈ ভূষিত কৰে, তেন্তে হে অল্পবিশ্বাসী সকল, তেওঁ তাতকৈ তোমালোকক অধিক ভূষিত নকৰিব নে?
\v 31 এই হেতুকে কি খাম? কি পান কৰিম? বা কি পিন্ধিম? এই বুলি চিন্তা নকৰিবা।
\s5
\v 32 কিয়নো অনা-ইহুদী সকলেও এইবোৰ বিচাৰে আৰু এইবোৰ যে তোমালোকৰো প্ৰয়োজন, এই বিষয়ে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে।
\v 33 কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।
\p
\v 34 এতেকে কাইলৈৰ কাৰণে চিন্তা নকৰিবা; কিয়নো কাইলৈয়ে নিজে নিজৰ বাবে চিন্তা কৰিব। দিনৰ যি কষ্ট, দিনটোলৈ সেয়ে যথেষ্ট।
\s5
\c 7
\cl অধ্যায়।
\s লোকৰ বিচাৰ কৰাৰ বিষয়ে যীচুৰ শিক্ষা
\p
\v 1 তোমালোকে পৰৰ বিচাৰ নকৰিবা, তেতিয়াহে তোমালোকৰো বিচাৰ কৰা নহ’ব।
\v 2 কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হ’ব, আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।
\s5
\v 3 তুমি নিজৰ চকুত থকা চতি ডাললৈ মন নকৰি, ভায়েৰাৰ চকুত থকা সৰু কুটা ডাললৈ কিয় চাইছা?
\v 4 তোমাৰ নিজৰ চকুত এডাল চতি লাগি থাকোতেই, তোমাৰ ভাইক “আহা, তোমাৰ চকুৰ পৰা কুটা ডাল উলিয়াবলৈ দিয়া” এই কথা কেনেকৈ কব পাৰা?
\v 5 হে কপটীয়া, প্ৰথমতে নিজৰ চকুৰ পৰা সেই চতি ডাল উলিয়াই পেলোৱা, তেতিয়াহে তোমাৰ ভাইৰ চকুৰ পৰা কুটা ডাল উলিয়াবলৈ ভালকৈ দেখিবা।
\p
\s5
\v 6 কোনো পবিত্র বস্তু কুকুৰবোৰক নিদিবা আৰু গাহৰিৰ আগত তোমালোকৰ মুকুতা নেপেলাবা; হয়তো সিহঁতে সেইবোৰ ভৰিৰ তলত লৈ গচকি নষ্ট কৰিব আৰু তোমাৰ ফালে ঘূৰি আহি তোমাকো টুকুৰা-টুকুৰ কৰি ছিৰি পেলাব।
\s প্ৰাৰ্থনাৰ বিষয়ে যীচুৰ শিক্ষা
\p
\s5
\v 7 খোজা, তেতিয়াহে তোমালোকক দিয়া হ’ব; বিচাৰা, তেতিয়াহে পাবা; টুকুৰিওৱা, তেতিয়াহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ’ব।
\v 8 কিয়নো যি জনে খোজে, সেই জনে পায়; যি জনে বিচাৰে, সেই জনে দেখা পায় আৰু যি জনে টুকুৰিয়ায়, সেই জনলৈকে দুৱাৰ মুকলি কৰা হয়।
\v 9 তোমালোকৰ মাজত এনে কোনো মানুহ আছে নেকি যে, তেওঁৰ ল’ৰাই পিঠা খুজিলে তাক শিল দিব?
\v 10 নাইবা মাছ খুজিলে সাপ দিব?
\s5
\v 11 তোমালোক দুষ্ট হৈয়ো যদি নিজৰ সন্তানক ভাল ভাল বস্তু দিব জানা, তেনেহলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰত যি সকলে বিচাৰে, সেই সকলক জানো তেওঁ অধিকৰূপে ভাল বস্তু নিদিব?
\p
\v 12 এতেকে, লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনেদৰে ব্যৱহাৰ কৰিবা; কিয়নো এয়ে বিধান আৰু ভাৱবাদী সকলৰ শিক্ষা।
\s স্বৰ্গীয় পথৰ বিষয়ে যীচুৰ শিক্ষা
\p
\s5
\v 13 ঠেক দুৱাৰেদি সোমোৱা; কিয়নো যি বাটে সৰ্ব্বনাশলৈ নিয়ে, সেই দুৱাৰ ডাঙৰ আৰু বাটো বহল। তাৰ মাজেদি সোমোৱা লোকো অনেক।
\v 14 কিন্তু যি বাটে জীৱনলৈ নিয়ে, সেই দুৱাৰ সৰু আৰু বাটো ঠেক। অতি কম লোকেহে ইয়াক বিচাৰি পায়।
\s আনৰ কার্যক লক্ষ্য কৰা
\p
\s5
\v 15 ভুৱা ভাৱবাদী সকলৰ বিষয়ে সাৱধান হোৱা। সিহঁতে তোমালোকৰ ওচৰলৈ ভেড়াৰ বেশ লৈ আহে, অথচ ভিতৰি সিহঁত হিংস্র ৰাংকুকুৰ।
\v 16 সিহঁতৰ জীৱনৰ ফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনি পাবা। মানুহে জানো কাঁইটীয়া জোপোহাৰ মাজৰ পৰা আঙুৰ বা কাঁইট গছৰ পৰা ডিমৰু পাব পাৰে?
\v 17 ঠিক তেনেদৰে প্রত্যেক ভাল গছত ভাল ফল ধৰে আৰু বেয়া গছত বেয়া ফল ধৰে।
\s5
\v 18 ভাল গছত বেয়া ফল আৰু বেয়া গছত ভাল ফল ধৰিব নোৱাৰে।
\v 19 যি গছত ভাল ফল নধৰে, সেই গছ কাটি জুইত পেলোৱা হয়।
\v 20 এতেকে সিহঁতৰ ফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনি পাবা।
\s5
\v 21 যি সকলে মোক ‘প্ৰভু প্ৰভু’ বোলে, তেওঁলোক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব, এনে নহয়; কিন্তু যি জনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, সেইজনেহে সোমাব।
\v 22 সেই দিনা বহু লোকে মোক ক’ব, ‘হে প্ৰভু, হে প্ৰভু’ আমি আপোনাৰ নামেৰে ভাবোক্তি প্ৰচাৰ কৰা নাই নে? আপোনাৰ নামেৰে ভূতবোৰক খেদোৱা নাই নে? আপোনাৰ নামেৰে অনেক পৰাক্ৰম কাৰ্য কৰা নাই নে?
\v 23 তেতিয়া মই সিহঁতক স্পষ্টকৈ ক’ম, ‘মই তহঁতক কেতিয়াও চিনি নাপাও, দুৰাচাৰীবোৰ। মোৰ ওচৰৰ পৰা দূৰ হ’।
\s দুই ধৰণৰ লোকৰ বিষয়ে যীচুৰ শিক্ষা
\p
\s5
\v 24 সেই কাৰণে কওঁ, যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন কৰে, তেওঁ এনেকুৱা এজন বুদ্ধিমান লোকৰ নিচিনা যি জনে শিলৰ ওপৰত তেওঁৰ ঘৰ সাজিলে।
\v 25 পাছত বৰষুণ পৰিল, ধল আহিল আৰু প্রচণ্ড বতাহ বলাত সেই ঘৰত আহি খুন্দা লাগিল; কিন্তু সেই ঘৰটো নপৰিল, কাৰণ ইয়াক শিলৰ ওপৰত নিৰ্মাণ কৰা হৈছিল।
\s5
\v 26 পুনৰ যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন নকৰে, তেওঁ এনেকুৱা এজন মূর্খ লোকৰ নিচিনা, যি জনে বালিৰ ওপৰত তেওঁৰ ঘৰ সাজিছিল।
\v 27 পাছত বৰষুণ পৰিল, ধল আহিল আৰু প্রচণ্ড বতাহ বলাত সেই ঘৰতো আহি খুন্দা লাগিল; তাতে সেই ঘৰটো পৰি গ’ল আৰু সম্পূর্ণকৈ ঘৰটোৰ পতন হ’ল।
\p
\s5
\v 28 যীচুৱে যেতিয়া কথা কৈ শেষ কৰিলে, তেতিয়া লোক সকলে তেওঁৰ শিক্ষাত বিস্মিত হৈ গ’ল;
\v 29 কিয়নো তেওঁ তেওঁলোকৰ বিধানৰ অধ্যাপক সকলৰ দৰে উপদেশ দিয়া নাছিল, বৰঞ্চ এজন অধিকাৰ থকা লোকৰ নিচিনাকৈ তেওঁলোকক উপদেশ দিছিল।
\s5
\c 8
\cl ৮ অধ্যায়।
\s যীচুৱে এজন কুষ্ঠ ৰোগীক সুস্থ কৰা
\p
\v 1 যীচু যেতিয়া পৰ্ব্বতৰ পৰা নামি আহিল, তেতিয়া মানুহৰ বৃহৎ দল এটাও তেওঁৰ পাছে পাছে আহিবলৈ ধৰিলে।
\v 2 সেই সময়ত এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহি প্ৰণিপাত কৰি তেওঁক ক’লে, “হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক ভাল কৰিব পাৰে।”
\v 3 যীচুৱে হাত খন আগবঢ়াই তেওঁক চুই ক’লে, “মই ইচ্ছা কৰিছোঁ; তুমি শুচি হোৱা।” লগে লগে মানুহ জনৰ কুষ্ঠৰোগ ভাল হৈ গ’ল।
\s5
\v 4 তেতিয়া যীচুৱে মানুহ জনক ক’লে, ‘সাৱধান, তুমি এই কথা কাকো নকবা; বৰং যোৱা, পুৰোহিতৰ আগত গৈ নিজকে দেখুওৱা আৰু মোচিৰ আদেশ অনুসাৰে নৈবেদ্য উৎসর্গ কৰা। তেতিয়া লোক সকলৰ আগত তুমি সাক্ষ্য হবা যে, তুমি সুস্থ হ’লা।’
\s যীচুৱে এশৰ সেনাপতিৰ দাসক সুস্থ কৰা
\p
\s5
\v 5 ইয়াৰ পাছত যীচু কফৰনাহূম নগৰলৈ গ'ল। তাত এজন এশৰ সেনাপতিয়ে তেওঁৰ ওচৰলৈ আহি বিনয় কৰি ক’লে,
\v 6 “হে প্ৰভু, মোৰ এজন দাস ঘৰত বিচনাত পৰি আছে। সি পক্ষাঘাত ৰোগত অতিশয় যাতনা পাই আছে।
\v 7 যীচুৱে তেওঁক ক’লে, “মই আহিম আৰু তেওঁক সুস্থ কৰিম।”
\s5
\v 8 সেই সেনাপতিয়ে উত্তৰ দি ক’লে, “হে প্ৰভু, মই এনে যোগ্য নহও যে আপুনি মোৰ ঘৰত সোমাব; কিন্তু মুখেৰে মাথোন কৈ দিয়ক, তাতে মোৰ দাস সুস্থ হ’ব।
\v 9 মই নিজেও আনৰ কর্তৃত্বৰ অধিন আৰু মোৰ অধিনতো সৈন্য সকল আছে। মই এজনক ‘যা’ বুলিলে, সি যায়; আনজনক ‘আহ’ বুলিলে, সি ‘আহে’ আৰু ‘এইটো কৰ’ বুলিলে সি সেই কাম কৰে।
\v 10 যীচুৱে এই কথা শুনি বিস্মিত হ’ল আৰু যি সকল লোক তেওঁৰ পাছে পাছে গৈ আছিল, সেই লোক সকলক উদ্দেশ্য কৰি তেওঁ ক’লে, “মই আপোনালোকক সচাঁকৈয়ে কৈছো, ইস্ৰায়েলত ইমান বেচি বিশ্বাস মই কাৰো মাজত দেখা পোৱা নাই।
\p
\s5
\v 11 মই আপোনালোকক কওঁ, পূব আৰু পশ্চিম সকলো দিশৰ পৰা অনেক আহিব আৰু অব্ৰাহাম, ইচহাক আৰু যাকোবৰ লগত স্বৰ্গৰাজ্যত ভোজন কৰিবলৈ বহিব;
\v 12 কিন্তু যি সকল এই ৰাজ্যৰ সন্তান, তেওঁলোকক বাহিৰৰ আন্ধাৰত পেলোৱা হ’ব। তাতে লোক সকলে ক্ৰন্দন কৰিব আৰু যন্ত্রণাত দাত কৰচিব।
\v 13 তাৰ পাছত যীচুৱে সেই এশৰ সেনাপতিক কলে, “তুমি যোৱা; তুমি যি দৰে বিশ্বাস কৰিলা, সেইদৰেই হওঁক।” সেই সময়তেই তেওঁৰ দাস জন সুস্থ হ’ল।
\s পিতৰৰ শাহুৱেকৰ জ্বৰ ভাল কৰা
\p
\s5
\v 14 পাছত যীচু পিতৰৰ ঘৰত সোমাল আৰু তাতে পিতৰৰ শাহুৱেকক জ্বৰত পৰি থকা দেখিলে।
\v 15 যীচুৱে তেওঁৰ হাত খন স্পর্শ কৰিলে আৰু লগে লগে তেওঁৰ জ্বৰ নাইকিয়া হ’ল। তেতিয়া তেওঁ বিচনাৰ পৰা উঠি যীচুৰ সেৱা-শুশ্ৰূষা কৰিবলৈ ধৰিলে।
\s5
\v 16 সন্ধ্যা হোৱাত লোক সকলে ভূতে ধৰা অনেক মানুহক তেওঁৰ ওচৰলৈ আনিলে। তেওঁ মুখৰ কথাৰেই সেই আত্মাবোৰ খেদালে আৰু যি সকল অসুস্থ আছিল, সেই সকলো ৰোগীকে সুস্থ কৰিলে।
\v 17 ইয়াৰ দ্বাৰা যিচয়া ভাৱবাদীয়ে কোৱা এই বচন পূর্ণ হ’ল, “তেৱেঁই আমাৰ দুৰ্ব্বলতা ল’লে আৰু আমাৰ ৰোগৰ ভাৰ বলে।”
\f +
\fr 8:17
\ft যিচয়া 53:4
\f*
\p
\s5
\v 18 যীচুৱে নিজৰ চাৰিওফালে বহু মানুহৰ দল দেখি শিষ্য সকলক গালীল সাগৰৰ সিপাৰলৈ যাবৰ বাবে আজ্ঞা দিলে।
\v 19 সেই সময়ত বিধানৰ এজন অধ্যাপকে যীচুৰ ওচৰলৈ আহি ক’লে, “হে গুৰু, আপুনি য’লৈকে যাব, ময়ো আপোনাৰ পাছে পাছে তালৈ যাম।”
\v 20 যীচুৱে তেওঁক ক’লে, “শিয়ালৰ গাঁত আৰু আকাশৰ চৰাইৰো বাহ আছে; কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থবলৈ ঠাই নাই।”
\s5
\v 21 শিষ্য সকলৰ মাজৰ আন এজনে আহি তেওঁক ক’লে, “হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক মৈদাম দি আহিবলৈ অনুমতি দিয়ক"।
\v 22 যীচুৱে তেওঁক কলে, “যি সকল মৃত, তেওঁলোকেই মৃত সকলক মৈদাম দিয়ক, কিন্তু তুমি মোৰ পাছে পাছে আহা।”
\s ধুমুহা বতাহ শান্ত কৰা
\p
\s5
\v 23 তাৰ পাছত যীচু নাৱত উঠিল আৰু তেওঁৰ শিষ্য সকলেও তেওঁক অনুসৰণ কৰিলে।
\v 24 হঠাৎ সাগৰত প্রবল ধুমুহা আহিল আৰু নাও খনৰ ওপৰলৈকে ঢৌৰ লহৰবোৰ ওফন্দি উঠিবলৈ ধৰিলে; তেতিয়া যীচু টোপনিত আছিল।
\v 25 শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি তেওঁক জগাই ক’লে, “হে প্ৰভু, আমাক বচাওঁক; আমি এতিয়া মৰিম।”
\s5
\v 26 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “অল্পবিশ্বাসীৰ দল! তোমালোকে কিয় ইমান ভয় খাইছা?” পাছত তেওঁ উঠি, বতাহ আৰু সাগৰক ডবিয়ালে; তেতিয়া সকলোবোৰ অতি শান্ত হ’ল।
\v 27 ইয়াকে দেখি লোক সকলে বিস্ময় মানি ক’লে, “এওঁ কেনে ধৰণৰ মানুহ যে বতাহ আৰু সাগৰেও এওঁৰ কথা মানে।”
\s দুজন মানুহৰ পৰা ভূত খেদোৱা
\p
\s5
\v 28 যীচু যেতিয়া সাগৰৰ সিপাৰে থকা গাদাৰীয়া সকলৰ দেশলৈ আহিল, তেতিয়া ভূতে পোৱা দুজন মানুহ মৈদামনিৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু তেওঁৰ আগত উপস্থিত হ’ল। সিহঁত ইমানেই ভয়ানক আছিল যে, কোনোৱে সেই বাটেদি যাব নোৱাৰিছিল।
\v 29 সিহঁতে চিঞঁৰি ক’লে, “হে ঈশ্বৰৰ পুত্ৰ, আপোনাৰ লগত আমাৰনো কি কাম আছে? নির্দ্দিষ্ট সময়ৰ পূৰ্ব্বেই আমাক যাতনা দিবলৈ ইয়ালৈ আহিছে নেকি?”
\p
\s5
\v 30 সেই সময়ত সিহঁতৰ পৰা নাতিদূৰৈত এজাক গাহৰি চৰি আছিল।
\v 31 ভূতবোৰে যীচুক কাকুতি কৰি ক’লে, “আপুনি যদি আমাক খেদাবলৈকে বিচাৰে, তেন্তে সেই গাহৰি জাকৰ মাজত সোমাবলৈ আমাক পঠিয়াই দিয়ক।
\v 32 তেওঁ সিহঁতক ক’লে,“তেনেহলে যা!” তেতিয়া মানুহ দুজনৰ পৰা ভূতবোৰ বাহিৰ ওলাই আহি গাহৰিবোৰত সোমাল। তাতে সেই গাহৰিৰ জাকটো পাহাৰৰ গৰায়েদি নামি দৌৰি গ’ল আৰু সাগৰত পৰি পানীত ডুবি মৰিল।
\s5
\v 33 তেতিয়া গাহৰি চৰোৱা ৰখীয়াবোৰে দৌৰি পলাই গৈ নগৰত থকা মানুহবোৰক সকলোবোৰ কথা জনালে; বিশেষকৈ ভূতে পোৱা লোক দুজনৰ বিষয়েও সম্বাদ দিলে।
\v 34 তেতিয়া যীচুক সাক্ষাৎ কৰিবলৈ নগৰৰ সকলো মানুহ ওলাই আহিল; তেওঁলোকে যীচুক দেখা পাই তেওঁক অনুৰোধ কৰি ক’লে, তেওঁ যেন তেওঁলোকৰ অঞ্চলৰ পৰা গুচি যায়।
\s5
\c 9
\cl ৯ অধ্যায়।
\s এজন পক্ষাঘাত ৰোগীক যীচুৱে সুস্থ কৰা
\p
\v 1 পাছত যীচুৱে নাৱত উঠি সাগৰ পাৰ হৈ নিজৰ নগৰলৈ আহিল।
\v 2 এনেতে কেইজনমান লোকে বিচনাত পৰি থকা এজন পক্ষাঘাতত আক্রান্ত অৱশ ৰোগীক তেওঁৰ ওচৰলৈ আনিলে। সেই লোক সকলৰ বিশ্বাস দেখি যীচুৱে ৰোগী জনক ক’লে, “বোপা, নিৰ্ভয় হোৱা; তোমাৰ পাপবোৰ ক্ষমা কৰা হ’ল।”
\s5
\v 3 তেতিয়া বিধানৰ কেইজনমান অধ্যাপকে নিজৰ মাজতে মনে মনে কবলৈ ধৰিলে, “এই মানুহ জনে ঈশ্বৰৰ নিন্দা কৰিছে।”
\v 4 যীচুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই ক’লে, ‘আপোনালোকে মনে মনে বেয়া চিন্তা কৰিছে কিয়?
\v 5 কোনটো কোৱা সহজ- ‘তোমাৰ পাপ সমূহ ক্ষমা কৰা হ’ল’ নে ‘তুমি উঠি খোজ কাঢ়ি ফুৰা’?
\v 6 কিন্তু আপোনালোকে যেন জানিব পাৰে যে, এই পৃথিবীত পাপ ক্ষমা কৰাৰ ক্ষমতা মানুহৰ পুত্ৰৰ আছে’; ইয়াকে কৈ যীচুৱে সেই ৰোগী জনক কলে, ‘উঠা, তোমাৰ শয্যা তুলি লোৱা আৰু নিজৰ ঘৰলৈ যোৱা।”
\s5
\v 7 তাতে তেওঁ উঠি নিজৰ ঘৰলৈ গ’ল।
\v 8 ইয়াকে দেখি লোক সমূহৰ ভয় লাগিল আৰু ঈশ্বৰে মানুহক এনে ক্ষমতা দিয়াৰ কাৰণে ঈশ্বৰৰ প্রশংসা কৰিবলৈ ধৰিলে।
\s মথিক আহ্বান কৰা
\p
\v 9 যীচু যেতিয়া সেই ঠাইৰ পৰা গৈ আছিল, তেতিয়া মথি নামেৰে এজন মানুহক কৰ সংগ্ৰহ কৰা ঠাইত বহি থকা দেখা পালে। যীচুৱে তেওঁক ক’লে, “মোৰ পাছত আহা।" মথিয়ে তেতিয়াই উঠি তেওঁৰ পাছে পাছে গ’ল।
\s5
\v 10 ইয়াৰ পাছত যীচুৱে মথিৰ ঘৰত ভোজন কৰিবলৈ বহিল। তাত
\f +
\fr 9:10
\ft কৰ সংগ্রহকৰী: ইহুদী সকলৰ পৰা কৰ তুলিবলৈ নিযুক্ত ৰোমৰ চৰকাৰী কর্মচাৰী। ইহুদী সকলে তেওঁলোকক বিশ্বাসঘাতক আৰু পাপী বুলি ঘৃণা কৰিছিল।
\f* কৰ সংগ্রহকৰী আৰু পাপী লোক সকল আহি যীচু আৰু তেওঁৰ শিষ্য সকলৰ লগত ভোজনত বহিল।
\v 11 ফৰীচী সকলে ইয়াকে দেখি যীচুৰ শিষ্য সকলক সুধিলে, “তোমালোকৰ গুৰুৱে কৰ সংগ্রহকৰী আৰু পাপী সকলৰ সৈতে কিয় ভোজন কৰে?”
\s5
\v 12 এই কথা শুনি যীচুৱে ক’লে, “সুস্থ মানুহৰ কাৰণে চিকিৎসকৰ প্রয়োজন নাই; কিন্তু ৰোগী সকলৰ কাৰণেহে প্রয়োজন আছে।
\v 13 “মই বলিদান নোখোজো, দয়াহে বিচাৰো,”
\f +
\fr 9:13
\ft হোচেয়া 6:6
\f* শাস্ত্রৰ এই কথাষাৰৰ অৰ্থ কি সেই বিষয়ে শিকি আহাগৈ। কিয়নো মই ধাৰ্ম্মিক লোকক মনপালটন কৰিবৰ বাবে নিমন্ত্রণ কৰা নাই, কিন্তু পাপী লোকক নিমন্ত্ৰণ কৰিবৰ বাবেহে মই আহিছো।”
\s লঘোনৰ বিষয়ে শিক্ষা
\p
\s5
\v 14 তাৰ পাছত যোহনৰ শিষ্য সকলে যীচুৰ ওচৰলৈ আহি ক’লে,“আমি আৰু ফৰীচী সকলে প্রায়েই লঘোন দিওঁ, কিন্তু আপোনাৰ শিষ্য সকলে কিয় লঘোন নিদিয়ে?”
\v 15 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “দৰা লগত থাকোতে জানো দৰাৰ সখি সকলে শোক কৰিব পাৰে? কিন্তু এনে দিন আহিব, যেতিয়া দৰাক তেওঁলোকৰ ওচৰৰ পৰা লৈ যোৱা হ’ব; তেতিয়া তেওঁলোকেও লঘোন দিব।”
\p
\s5
\v 16 “কোনেও পুৰণি বস্ত্ৰত নতুন কাপোৰৰ টাপলি নামাৰে; কিয়নো টাপলি মাৰা নতুন কাপোৰ ডোখৰে সেই বস্ত্ৰক ফালি নিয়ে; তাতে ফটা ডোখৰ বেচিকৈহে ফাটে।”
\p
\s5
\v 17 মানুহে নতুন দ্ৰাক্ষাৰস
\f +
\fr 9:17
\ft দ্রাক্ষাৰস - আঙুৰৰ ৰস
\f* পুৰণি পশুৰ ছালৰ মোটত
\f +
\fr 9:17
\ft মোট্ - পনীয়া দ্রৱ্য সংৰক্ষণৰ বাবে পশুৰ ছালেৰে বনোৱা মোনা।
\f* নথয়; যদি থয়, মোটবোৰ ফাটি গৈ সেই দ্রাক্ষাৰস পৰি যায় আৰু মোটবোৰো নষ্ট হয়। বৰং মানুহে নতুন দ্ৰাক্ষাৰস নতুন মোটতহে থয়, আৰু তেতিয়াহে দুয়ো সুৰক্ষিত থাকে।”
\s এগৰাকী অসুস্থ মহিলাৰ আৰোগ্য লাভ আৰু যায়ীৰৰ জীয়েকৰ জীৱন দান
\p
\s5
\v 18 যীচুৱে লোক সকলক যেতিয়া এইবোৰ কথা কৈ আছিল, তেতিয়া এজন শাসনকর্তাই আহি তেওঁক প্ৰণিপাত কৰি ক’লে, “মোৰ ছোৱালী জনীৰ এইমাত্র মৃত্যু হ’ল; আপুনি আহি তাইৰ ওপৰত হাত ৰাখক, তাতে তাই জীয়াই উঠিব।”
\v 19 তেতিয়া যীচু আৰু তেওঁৰ শিষ্য সকলে উঠি তেওঁৰ পাছে পাছে গ'ল।
\p
\s5
\v 20 সেই সময়তে এগৰাকী মহিলাই পাছফালৰ পৰা যীচুৰ ওচৰলৈ আহি তেওঁৰ কাপোৰৰ দহি চুলে; সেই মহিলা গৰাকী বাৰ বছৰ ধৰি ৰক্তস্রাৱ
\f +
\fr 9.20
\ft মহিলা সকলৰ প্ৰসাৱৰ দ্বাৰেৰে তেজ যোৱা ৰোগ৷
\f* ৰোগত ভুগি আছিল।
\v 21 তেওঁ মনে মনে ভাৱিছিল, “যদি মই যীচুৰ কাপোৰ খনকে অকল চুব পাৰো, তেনেহলেও মই ভাল হৈ যাম।”
\v 22 যীচুৱে মুখ ঘূৰাই তেওঁক দেখি ক’লে, “ভনী, নিৰ্ভয় হোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে। সেই সময়ৰে পৰা সেই মহিলা গৰাকী সুস্থ হ’ল।
\p
\s5
\v 23 তাৰ পাছত যীচু সেই শাসনকৰ্ত্তাৰ ঘৰলৈ গ’ল। তাত তেওঁ বাঁহীবাদক সকলক দেখিলে আৰু লোক সকলে হূলস্থূল কৰি থকা দেখা পালে।
\v 24 যীচুৱে ক’লে, “চাওঁ, তোমালোক আতৰ হোৱা। ছোৱালী জনী মৰা নাই, টোপনি গৈছে।” এই কথা শুনি তেওঁলোকে হাঁহিবলৈ ধৰিলে।
\s5
\v 25 পাছত লোক সকলক ঘৰৰ পৰা বাহিৰ কৰি দিয়াত যীচু ভিতৰলৈ গ’ল আৰু ছোৱালী জনীৰ হাতত ধৰিলে; তেতিয়া তাই উঠিল।
\v 26 পাছত সেই অঞ্চলৰ সকলো ঠাইতে এই ঘটনাৰ বিষয়ে বিয়পি পৰিল।
\s দুজন অন্ধ আৰু এজন বোবাক সুস্থ কৰা
\p
\s5
\v 27 যীচু তাৰ পৰা যাওঁতে দুজন অন্ধ লোক তেওঁৰ পাছে পাছে গ’ল। তেওঁলোকে চিঞঁৰি চিঞঁৰি কবলৈ ধৰিলে, “হে দায়ুদৰ বংশৰ সন্তান, আমাক দয়া কৰক।”
\v 28 পাছত যীচু যেতিয়া ঘৰ আহি পালে, সেই অন্ধ দুজন তেওঁৰ ওচৰলৈ আহিল। তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “মই এই কম কৰিব পাৰো বুলি তোমালোকে বিশ্বাস কৰা নে?” তেওঁলোকে তেওঁক ক’লে, “হয় প্ৰভু, কৰোঁ।”
\s5
\v 29 তেতিয়া তেওঁ তেওঁলোকৰ চকু চুই ক’লে, “তোমালোকে যেনেদৰে বিশ্বাস কৰিছা, তোমালোকৰ প্রতি সেইদৰেই হওঁক।”
\v 30 সেই মুহুর্ততে তেওঁলোকৰ চকু মুকলি হ’ল। তাৰ পাছত যীচুৱে তেওঁলোকক কঠোৰভাৱে সাৱধান কৰি দি ক’লে, “চাবা, এই বিষয়ে যেন কোনেও নাজানে।”
\v 31 কিন্তু তেওঁলোকে ওলাই গৈ সেই এলেকাৰ সকলো ঠাইতে এই বিষয়ে কৈ ফুৰিলে।
\p
\s5
\v 32 সেই দুজন মানুহ যেতিয়া ওলাই গ’ল, সেই সময়তে কিছুমান মানুহে ভূতে পোৱা এজন বোবা লোকক যীচুৰ ওচৰলৈ আনিলে।
\v 33 যীচুৱে সেই ভূতক খেদোৱাৰ পাছত বোবা মানুহ জনে কথা কবলৈ ধৰিলে। ইয়াকে দেখি সকলো মানুহে আচৰিত হৈ ক’লে, “ইস্রায়েল দেশত আগেয়ে কেতিয়াও এনেকুৱা দেখা পোৱা নাই!”
\v 34 কিন্তু ফৰীচী সকলে ক’লে, “সি ভূতবোৰৰ ৰজাৰ সহায়ত ভূতক খেদায়।”
\s বাৰ জন পাঁচনিক আদেশ দি পঠিওৱা
\p
\s5
\v 35 যীচুৱে সকলো নগৰ আৰু গাওঁবোৰত গৈ ইহুদী সকলৰ নাম-ঘৰবোৰত উপদেশ দিলে আৰু স্বর্গৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ ধৰিলে। ইয়াৰ বাহিৰেও তেওঁ সকলো ধৰণৰ ৰোগ-ব্যাধিত পৰি থকা লোক সকলক সুস্থতা দান কৰিলে ।
\v 36 তাতে লোক সকলৰ ভিৰ দেখা পাই, তেওঁলোকৰ প্রতি যীচুৰ মৰম লাগিল; কাৰণ তেওঁলোক ৰখীয়া নোহোৱা ভেড়াৰ নিচিনা ক্লান্ত আৰু অসহায় আছিল।
\s5
\v 37 তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “শস্য সৰহ, কিন্তু বনুৱা তাকৰ।
\v 38 এই হেতুকে শস্যৰ গৰাকীৰ ওচৰত প্রার্থনা কৰা, যাতে তেওঁ নিজৰ শস্যক্ষেত্ৰলৈ বনুৱা সকলক পঠাই দিয়ে।”
\s5
\c 10
\cl ১০ অধ্যায়।
\s যীচুৱে প্রচাৰৰ বাবে পাঁচনি সকলক পঠোৱা
\p
\v 1 যীচুৱে তেওঁৰ বাৰ জন শিষ্যক একেলগে ওচৰলৈ মাতি তেওঁলোকক অশুচি আত্মাক খেদাবলৈ আৰু সকলো ধৰণৰ ৰোগ-ব্যাধি আৰু অসুস্থ জনক সুস্থ কৰিবলৈ ক্ষমতা দিলে।
\s5
\v 2 সেই বাৰ জন পাঁচনিৰ নাম এই, প্ৰথম চিমোন, যি জনক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহন,
\v 3 ফিলিপ আৰু বাৰ্থলময়, থোমা আৰু কৰ সংগ্রহকাৰী মথি, আল্‌ফয়ৰ পুতেক যাকোব আৰু থদ্দেয়,
\v 4 জাতীয়তাবাদী
\f +
\fr 10:4
\ft জাতীয়তাবাদী- ৰোমান শাসনৰ পৰা ইহুদী সকলক মুক্ত কৰিবলৈ বিচৰা এক দল।
\f* চিমোন আৰু যীচুক যি জনে শত্রুৰ হাতত শোধাই দিছিল, সেই ইস্কৰিয়োতীয়া যিহূদা।
\p
\s5
\v 5 এই বাৰ জনক যীচুৱে এই নির্দেশ দি পঠালে, “তোমালোকে অনা-ইহুদী সকলৰ কোনো ঠাইলৈ নাযাবা আৰু চমৰিয়া সকলৰ কোনো নগৰত নোসোমাবা।
\v 6 কিন্তু ইস্ৰায়েল জাতিৰ হেৰোৱা মেৰবোৰৰ ওচৰলৈ যোৱা।
\v 7 বাটত যাওঁতে যাওঁতে এই কথা প্রচাৰ কৰিবা যে ‘স্বৰ্গৰাজ্য ওচৰ হ’ল।’
\s5
\v 8 অসুস্থ লোকক সুস্থ কৰিবা, মৃত লোকক তুলিবা, কুষ্ঠ ৰোগী সকলক শুচি কৰিবা, ভূতবোৰক খেদাবা। তোমালোকে বিনামূল্যে পাইছা, বিনামূল্যেই দিবা।
\v 9 তোমালোকৰ কঁকালৰ পেটিত তোমালোকে সোণ, ৰূপ বা তাম নাইবা পইচাও নিনিবা।
\v 10 বাটত যোৱাৰ কাৰণে কোনো জোলোঙা, দুটা চোলা, জোতা বা লাখুটি এইবোৰও নলবা; কিয়নো বনুৱা নিজৰ পাৰিশ্রমিক পোৱাৰ যোগ্য।
\p
\s5
\v 11 তোমালোকে যেতিয়া কোনো নগৰ বা গাৱঁত সোমাবা, তাত এজন উপযুক্ত মানুহ বিচাৰি ল’বা আৰু আন ঠাইলৈ নোযোৱা পর্যন্ত সেই ঘৰতে থাকিবা।
\v 12 যেতিয়া তোমালোকে কোনো এঘৰত সোমাবা, তেতিয়া সেই ঘৰৰ লোকক শুভেচ্ছা জনাই মঙ্গলবাদ দিবা।
\v 13 সেই ঘৰ যদি উপযুক্ত হয়, তেন্তে তোমালোকৰ শান্তি সেই ঘৰৰ ওপৰলৈ নামি আহক; কিন্তু সেই ঘৰ যদি উপযুক্ত নহয়, তেন্তে তোমালোকৰ শান্তি তোমালোকৰ ওচৰলৈ উলটি আহক।
\s5
\v 14 যদি কোনোৱে তোমালোকক গ্রহণ নকৰে বা তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঘৰ বা নগৰৰ পৰা ওলাই যাওঁতে তোমালোকৰ ভৰিৰ ধূলি জোকাৰি পেলাবা।
\v 15 মই তোমালোকক সচাঁকৈ কওঁ, মহা-বিচাৰৰ দিনা সেই নগৰতকৈ বৰং চদোম আৰু ঘমোৰা নগৰৰ দশা অধিক সহিব পৰা হ’ব।
\s শিষ্য সকললৈ যীচুৰ সতর্ক বাণী
\p
\s5
\v 16 শুনা! মই ৰাংকুকুৰবোৰৰ মাজলৈ তোমালোকক মেৰ পোৱালিৰ
\f +
\fr 10.16
\ft মেৰ ছাগ বা ভেড়া পোৱালি ৰূপে প্ৰভুৱে নিজৰ শিষ্য সকলক কৈছে৷
\f* নিচিনাকৈ পঠিয়াইছো; এই হেতুকে তোমালোক সাপৰদৰে টেঙৰ আৰু কপৌৰ নিচিনা অমায়িক হোৱা।
\v 17 সতর্কভাৱে চলিবা; কিয়নো লোক সকলে তোমালোকক বিচাৰ সভাত শোধাই দিব আৰু তেওঁলোকৰ নাম-ঘৰবোৰত তোমালোকক কোবাব।
\v 18 মোৰ কাৰণেই তোমালোকক ৰাজ্যপাল আৰু ৰজা সকলৰ সন্মুখলৈ লৈ যোৱা হ'বা, যাতে তোমালোকে তাত তেওঁলোকৰ আৰু অনা-ইহুদী সকলৰ ওচৰত সাক্ষ্য দিব পাৰা।
\s5
\v 19 লোক সকলে যেতিয়া তোমালোকক ধৰাই দিব, তেতিয়া কেনেকৈ, কি কথা ক’ব লাগে, সেই বিষয় লৈ চিন্তা নকৰিবা; কিয়নো তেতিয়া যি কথা ক’ব লাগে, সেই বিষয়বোৰ সেই মুহূৰ্ত্ততে তোমালোকক দিয়া হ’ব।
\v 20 কিয়নো সেই কথা তোমালোকে নহয়, কিন্তু তোমালোকৰ পিতৃৰ আত্মাইহে
\f +
\fr 10:20
\ft পিতৃৰ আত্মা - পবিত্র আত্মা ঈশ্বৰক বুজাইছে।
\f* তোমালোকৰ ভিতৰৰ পৰা কব।
\s5
\v 21 ককায়েকে ভায়েকক আৰু বাপেকে পুতেকক মৃত্যুদণ্ডলৈ শোধাই দিব। সন্তান সকলে মাক-বাপেকৰ বিৰুদ্ধে উঠি তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিব।
\v 22 মোৰ নামৰ কাৰণে, তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা; কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব।
\v 23 যেতিয়া কোনো নগৰৰ লোকে তোমালোকক তাড়না কৰে, তেতিয়া আন এখন নগৰলৈ পলাই যাবা; মই তোমালোকক সচাঁকৈ কৈছো, ইস্রায়েল দেশৰ সকলো নগৰলৈ তোমালোকে গৈ শেষ কৰাৰ আগেয়ে মানুহৰ পুত্ৰ আহিব।
\s5
\v 24 শিষ্য কেতিয়াও গুৰুতকৈ উর্দ্ধত নহয়, দাসো প্ৰভুতকৈ উর্দ্ধত নহয়।
\v 25 শিষ্য যদি গুৰুৰদৰে আৰু দাস যদি নিজৰ প্ৰভুৰদৰে হ’ব পাৰে, সেয়ে যথেষ্ট। ঘৰৰ গৰাকীকে যেতিয়া তেওঁলোকে বেলচবূব বুলিলে, তেন্তে তেওঁৰ পৰিয়ালৰ আন সকলোকে কিমান অধিক বুলিব!
\p
\s5
\v 26 গতিকে তোমালোকে তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো লুকুৱাই ৰখা সকলো বিষয়েই প্রকাশ পাব আৰু গোপনে ৰখা সকলো বিষয়েই জনোৱা হ’ব।
\v 27 মই তোমালোকক আন্ধাৰত যি কওঁ, সেইবোৰ তোমালোকে পোহৰত প্ৰকাশ কৰিবা আৰু তোমালোকে কাণেৰে যি শুনিছা, সেইবোৰ ঘৰৰ চালৰ ওপৰৰ পৰা ঘোষণা কৰিবা।
\s5
\v 28 যি সকলে কেৱল শৰীৰকহে বধ কৰে, কিন্তু আত্মাক বধ কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা; কিন্তু যি জনে আত্মা আৰু শৰীৰ, এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁকেহে ভয় কৰিবা।
\v 29 দুটা ঘৰ-চিৰিকা ক্ষুদ্র পইচালৈ নেবেচে নে? তথাপিও তোমালোকৰ পিতৃৰ অনুমতি অবিহনে সেইবোৰৰ এটিও মাটিত নপৰে।
\v 30 তোমালোকৰ মূৰৰ আটাইবোৰ চুলিৰো হিচাব ৰখা আছে।
\v 31 এই হেতুকে ভয় নকৰিবা; তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া।
\s5
\v 32 এতেকে যি কোনোৱে মানুহৰ আগত মোক স্বীকাৰ কৰে, ময়ো স্বৰ্গত থকা মোৰ পিতৃৰ আগত তেওঁক স্বীকাৰ কৰিম;
\v 33 কিন্তু মানুহৰ আগত যি কোনোৱে মোক অস্বীকাৰ কৰে, স্বৰ্গত থকা মোৰ পিতৃৰ আগত ময়ো তেওঁক অস্বীকাৰ কৰিম।
\p
\s5
\v 34 মই পৃথিবীত শান্তি দিবলৈ আহিলো বুলি নাভাবিবা; শান্তি দিবলৈ নহয়, কিন্তু তৰোৱাল দিবলৈহে আহিলো।
\v 35 বাপেকৰ বিৰুদ্ধে পুতেকৰ, মাকৰ বিৰুদ্ধে জীয়েকৰ, শাহুৱেকৰ বিৰুদ্ধে বোৱাৰীয়েকৰ ভেদ জন্মাবলৈহে আহিলো;
\v 36 নিজৰ পৰিয়ালৰ লোক সকলেই মানুহৰ শত্ৰু হ’ব।
\s5
\v 37 যি কোনোৱে মোতকৈয়ো নিজৰ পিতৃ বা মাতৃক অধিক প্রেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়; আৰু যি কোনোৱে মোতকৈ নিজৰ পুতেক বা জীয়েকক অধিক প্রেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়।
\v 38 যি কোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছে পাছে নাহে; তেৱোঁ মোৰ উপযুক্ত নহয়।
\v 39 যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব বিচাৰে, তেওঁ জীৱন হেৰুৱাব; আৰু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন উৎসর্গ কৰে, তেওঁ জীৱন পাব।
\p
\s5
\v 40 যি কোনোৱে তোমালোকক গ্ৰহণ কৰে; তেওঁ মোকে গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে।
\v 41 এজন ভাৱবাদীক যদি কোনোৱে ভাৱবাদী বুলি গ্ৰহণ কৰে, তেওঁ ভাববাদীৰ পুৰস্কাৰ পাব আৰু এজন ধাৰ্ম্মিকক যদি কোনোৱে ধাৰ্ম্মিক বুলি গ্ৰহণ কৰে, তেওঁ ধাৰ্ম্মিকৰ পুৰস্কাৰ পাব।
\s5
\v 42 যি কোনোৱে এই সাধাৰণ লোক সকলৰ মাজৰ এজনক মোৰ শিষ্য বুলি এবাটি চেঁচা পানী মাথোন খুৱায়, মই তোমালোকক সচাঁকৈ কওঁ, তেওঁ কোনোমতেই নিজৰ পুৰস্কাৰ নেহেৰুৱাব।
\s5
\c 11
\cl ১১ অধ্যায়।
\p
\v 1 যীচুৱে তেওঁৰ বাৰ জন শিষ্যক এইদৰে আদেশ দি শেষ কৰিলে। তাৰ পাছত তেওঁ নগৰে নগৰে শিক্ষা দিবৰ বাবে আৰু প্রচাৰ কৰিবৰ কাৰণে সেই ঠাইৰ পৰা গুচি গ’ল।
\s যোহন বাপ্তাইজকৰ প্ৰশ্ন; যীচুৰ উত্তৰ
\p
\v 2 যোহনে
\f +
\fr 11:2
\ft এওঁ বাপ্তিস্ম দিওঁতা যোহন।
\f* কাৰাগাৰৰ পৰা যেতিয়া খ্ৰীষ্টৰ কৰ্মৰ কথা শুনিলে, তেতিয়া নিজৰ শিষ্য সকলৰ দ্বাৰাই যীচুক সুধি পঠালে,
\v 3 “আহিব লগা জন আপুনিয়ে হয়নে, নে আমি অন্য কোনোবা এজনলৈ অপেক্ষা কৰিম?
\s5
\v 4 যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “যোৱা, তোমালোকে যি শুনিছা আৰু দেখিছা, সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ।
\v 5 অন্ধই দৃষ্টিশক্তি পাইছে, খোৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই পুণৰ শুনিছে, মৃত সকলক জীৱনলৈ পুণৰুত্থিত কৰা হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰা হৈছে।
\v 6 ধন্য সেই লোক, যি জনে মোক লৈ কোনো বাধা নাপায়।
\p
\s5
\v 7 যোহনৰ শিষ্য সকল যেতিয়া উলটি গ’ল, সেই সময়ত যীচুৱে যোহনৰ বিষয়ে লোক সকলৰ আগত এই কথা কবলৈ ধৰিলে, “আপোনালোকে কি চাবৰ বাবে মৰুপ্ৰান্তলৈ গৈছিল- বতাহে লৰোৱা এক নল-খাগৰি?
\v 8 তেনেহলে কি চাবলৈ ওলাই গৈছিল- মিহি কাপোৰ পিন্ধা মানুহ নে? বাস্তৱিকতে, যি সকলে মিহি কাপোৰ পিন্ধে, তেওঁলোক ৰাজকাৰেঙত থাকে।
\s5
\v 9 তেন্তে কি চাবলৈ ওলাই গৈছিল - এজন ভাৱবাদীক নে? হয়, মই আপোনালোকক কওঁ, ‘তেওঁ ভাৱবাদীতকৈয়ো মহান।
\v 10 এইজন তেৱেঁই, যি জনৰ বিষয়ে শাস্ত্রত লিখা আছে,
\q ‘চোৱা, মই তোমাৰ আগত
\q1 মোৰ বার্তাবাহকক পঠাম,
\q1 তেওঁ তোমাৰ আগত
\q1 তোমাৰ পথ প্রস্তুত কৰিব।’
\p
\s5
\v 11 মই আপোনালোকক সচাঁকৈয়ে কওঁ, মহিলাৰ গর্ভত যিমান মানুহৰ জন্ম হৈছে, তেওঁলোকৰ মাজত যোহন বাপ্তাইজকতকৈ মহান কোনো নাই; কিন্তু স্বৰ্গৰাজ্যত আটাইতকৈ গুৰুত্বহীন সৰু ব্যক্তিও যোহনতকৈ মহান।
\v 12 যোহন বাপ্তাইজকৰ দিনৰ পৰা এতিয়ালৈকে স্বৰ্গৰাজ্য ভীষনভাৱে আক্ৰান্ত হৈছে আৰু বলৱান লোকে বলেৰে তাক নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰিছে।
\s5
\v 13 যোহনৰ সময়লৈকে সকলো ভাৱবাদীয়ে আৰু বিধান-শাস্ত্ৰই ভাবোক্তি প্ৰকাশ কৰিছে।
\v 14 অাপোনালোকে যদি এই কথা গ্ৰহণ কৰিব খোজে, তেন্তে আহিব লগা যি এলিয়া
\f +
\fr 11:14
\ft এলিয়া - মলাখী 4:5,6
\f* , এই যোহনেই সেই জন।
\v 15 যাৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক।
\p
\s5
\v 16 এই যুগৰ লোক সকলক কাৰ লগত তুলনা কৰিম? এওঁলোক এনেকুৱা ল’ৰা-ছোৱালীৰ নিচিনা যি সকলে বজাৰত বহি সঙ্গী সকলক মাতি কয়,
\v 17 ‘আমি তোমালোকৰ কাৰণে বাঁহী বজালো, তোমালোকে নানাচিলা; আমি শোকৰ গান গালো, তোমালোকে বিলাপ নকৰিলা।’
\s5
\v 18 যোহনে আহি ভোজন গ্রহণ বা দ্রাক্ষাৰস পান একো নকৰাৰ কাৰণে লোকে কয়, ‘তেওঁক ভূতে পাইছে’।
\v 19 মানুহৰ পুত্ৰই আহি ভোজন-পান কৰিলে কাৰণে লোকে কয়, ‘এই চোৱা, এইজন এজন খকুৱা আৰু মদাহী মানুহ; কৰ সংগ্রহকাৰী আৰু পাপীবোৰৰ বন্ধু! কিন্তু জ্ঞান যে সত্য, নিজৰ কৰ্মৰ দ্বাৰাই প্রমাণিত হয়।”
\s অবিশ্বাসী সকলৰ উদ্দেশ্যে যীচুৰ সতর্ক বাণী
\p
\s5
\v 20 যীচুৱে যিবোৰ নগৰত বেচি ভাগ পৰক্রম কাৰ্য কৰিছিল, সেইবোৰ ঠাইৰ নিবাসী সকলক তেওঁ গৰিহণা দিলে, কাৰণ তেওঁলোকে মন পালটন নকৰিলে।
\v 21 হায় কোৰাচীন! হায় বৈৎ-চৈদা! কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম-কাৰ্য কৰা হ’ল, সেইবোৰ কাৰ্য যদি তূৰ আৰু চীদোন নগৰত কৰিলো হয়, তেনেহলে বহুদিনৰ আগেয়ে তাৰ নিবাসী সকলে চট পিন্ধিলেহেতেন আৰু ছাইত বহি মন পালটন কৰিলেহেঁতেন।
\v 22 কিন্তু মই আপোনালোকক কওঁ, বিচাৰৰ দিনা আপোনালোকতকৈ তূৰ আৰু চীদোনৰ
\f +
\fr 11:22
\ft তুৰ আৰু চীদোন - লেবাননৰ দুখন চহৰ, য’ত দুষ্ট লোকসকল বাস কৰিছিল।
\f* দশা সহিব পৰা হ’ব।
\s5
\v 23 তুমি, কফৰনাহূম! তুমি ভাৱা নেকি যে তোমাক স্বৰ্গলৈ তোলা হ’ব? কেতিয়াও নহয়, তোমাক তললৈ, অৰ্থাৎ নৰকলৈহে অনা হ’ব। কিয়নো তোমাৰ মাজত যিবোৰ পৰাক্ৰম-কাৰ্য কৰা হ’ল, সেইবোৰ কৰ্ম যদি চদোমত কৰা হ'লহেতেন, তেনেহলে চদোম আজিও থাকিলেহেতেন।
\v 24 কিন্তু মই তোমালোকক কওঁ, বিচাৰৰ দিনা তোমালোকতকৈ চদোমৰ দশা সহিবৰ বাবে অধিক সহজ হ’ব।
\s যীচুৰ প্ৰাৰ্থনা; পৰিশ্ৰান্ত সকলক নিমন্ত্ৰণ কৰা
\p
\s5
\v 25 সেই সময়ত যীচুৱে মাত লগাই ক’লে, "হে পিতৃ, তুমি স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, মই তোমাৰ প্রশংসা কৰো, কাৰণ তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখিছা, কিন্তু শিশু সকলৰ দৰে সৰল লোক সকলৰ আগত প্ৰকাশ কৰিলা।
\v 26 হয় পিতৃ, এইদৰে তোমাৰ দৃষ্টিত ই সন্তোষজনক হৈছে।'
\v 27 কিয়নো মোৰ পিতৃয়ে সকলোকে মোৰ হাতত সমৰ্পন কৰিছে; পিতৃৰ বাহিৰে পুত্রক কোনেও নাজানে: পুত্ৰৰ বাহিৰে পিতৃক কোনেও নাজানে। পুত্ৰই যি জনৰ আগত পিতৃক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেৱেঁই তেওঁক জানে।
\s5
\v 28 হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহা; মই তোমালোকক জিৰণি দিম।
\v 29 মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, তোমালোকৰ ওপৰত মোৰ যুৱঁলি লোৱা আৰু মোৰ শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা।
\v 30 কিয়নো মোৰ যুৱঁলি বৈ নিয়া সহজ আৰু মোৰ বোজাও লঘু।
\s5
\c 12
\cl ১২ অধ্যায়।
\s বিশ্ৰামবাৰৰ বিষয়ে শিক্ষা
\p
\v 1 এদিন বিশ্ৰাম বাৰে শিষ্য সকলৰ সৈতে যীচু শস্যক্ষেত্ৰৰ মাজেদি গৈ আছিল। সেই সময়ত তেওঁৰ শিষ্য সকলৰ ভোক লাগিছিল বাবে তেওঁলোকে শস্যৰ থোক ছিঙি ছিঙি খাব ধৰিলে।
\v 2 ইয়াকে দেখি ফৰীচী সকলে তেওঁক কলে, “চাওঁক, বিধানৰ মতে বিশ্ৰাম বাৰে যি কৰ্ম কৰিব নাপায়, সেই কৰ্ম আপোনাৰ শিষ্য সকলে কৰিছে।”
\s5
\v 3 তেতিয়া যীচুৱে তেওঁলোকক কলে, “দায়ুদ আৰু তেওঁৰ সঙ্গী সকলৰ যেতিয়া ভোক লাগিছিল, তেতিয়া তেওঁ যি কৰিছিল সেই বিষয়ে জানো আপোনালোকে পঢ়া নাই?
\v 4 কেনেকৈ, তেওঁ ঈশ্বৰৰ গৃহত সোমাই উৎসর্গৰ পিঠা খাইছিল; সেই দর্শন পিঠা বিধান মতে তেওঁ আৰু তেওঁৰ লগত থকা সকলে অৱশ্যেই খোৱা উচিত নাছিল৷ সেই পিঠা কেৱল পুৰোহিত সকলেহে খাব পাৰে।
\s5
\v 5 তাৰোপৰি আপোনালোকে মোচিৰ বিধানত পঢ়া নাই নে, বিশ্রাম বাৰে যে পুৰোহিত সকলে মন্দিৰত বিশ্ৰাম বাৰৰ নিয়ম উলঙ্ঘন কৰিলেও নিৰ্দ্দোষী হয়?
\v 6 কিন্তু মই আপোনালোকক কওঁ, মন্দিৰতকৈয়ো মহান এজন ইয়াত আছে।
\s5
\v 7 ‘মই বলিদান নোখোজো, দয়াহে খোজো’
\f +
\fr 12:7
\ft মই…খোজো হোচেয়া 6:6
\f* শাস্ত্রৰ এই কথাৰ অৰ্থ আপোনালোকে জনা হ’লে, নিৰ্দ্দোষী সকলক দোষী নকৰিলেহেঁতেন।
\v 8 কিয়নো মানুহৰ পুত্ৰই বিশ্ৰাম বাৰৰ অধিপতি।"
\s যীচুৱে এজন পঙ্গুক সুস্থ কৰা
\p
\s5
\v 9 তাৰ পাছত যীচু সেই ঠাইৰ পৰা গ’ল আৰু তেওঁলোকৰ নাম-ঘৰত সোমাল।
\v 10 তাত এজন মানুহ আছিল, আৰু সেই মানুহ জনৰ এখন হাত শুকাই গৈছিল। যীচুক পাপ কৰাৰ অপৰাধত দোষ দিবৰ উদ্দেশ্যে ফৰীচী সকলে তেওঁক সুধিলে, “বিধান অনুসাৰে বিশ্ৰাম বাৰে সুস্থ কৰিব পায় নে?
\s5
\v 11 তাতে তেওঁ তেওঁলোকক ক’লে, “আপোনালোকৰ মাজৰ কাৰোবাৰ যদি কেৱল এটা মেৰ
\f +
\fr 12.11
\ft মেৰ ছাগ বা এক শ্ৰেণীৰ ভেড়া ছাগলী
\f* থাকে আৰু সেই মেৰ
\f +
\fr 12.11
\ft মেৰ-ছাগ বা ভেড়া প্ৰজাতিৰ ছাগলী
\f* টো যদি বিশ্ৰাম বাৰে গাতত পৰে, তেনেহলে তাক ধৰি তুলি আনিবলৈ নোযোৱা কোনোবা আছে নে?
\v 12 তেন্তে মেৰ
\f +
\fr 12.12
\ft মেৰ-ছাগ বা ভেড়া প্ৰজাতিৰ ছাগলী
\f* তকৈ মানুহ কিমান বহুমূলীয়া! এই হেতুকে, বিশ্ৰামবাৰে ভাল কৰ্ম কৰা উচিত।"
\s5
\v 13 তাৰ পাছত যীচুৱে সেই মানুহ জনক ক’লে, “তোমাৰ হাত খন মেলি দিয়া।” তাতে মানুহ জনে নিজৰ হাত খন মেলি দিয়াত, সেই হাত খন সম্পূর্ণ সুস্থ হৈ আন খন হাতৰ নিচিনা হ’ল।
\v 14 তেতিয়া ফৰীচী সকল বাহিৰলৈ ওলাই গ’ল আৰু যীচুক বধ কৰিবৰ কাৰণে তেওঁৰ বিৰুদ্ধে চক্রান্ত কৰিবলৈ ধৰিলে।
\s যীচু ঈশ্বৰৰ মনোনীত দাস
\p
\s5
\v 15 যীচুৱে সেই বিষয়ে বুজি পোৱাত, তেওঁ তাৰ পৰা আতৰি গ’ল৷ তেতিয়া বহু মানুহ তেওঁৰ পাছে পাছে গ’ল আৰু সেই লোক সকলক তেওঁ সুস্থ কৰিলে।
\v 16 যীচুৱে তেওঁলোকক তেওঁৰ বিষয়ে আনৰ আগত কৈ নুফুৰিবলৈ সাৱধান কৰি দিলে।
\v 17 এইদৰে যিচয়া ভাৱবাদীৰ যোগেদি কোৱা এই কথা পূর্ণ হ’ল;
\f +
\fr 12:17
\ft যিচয়া 42:1-4
\f* বোলে-
\q
\s5
\v 18 চোৱা, তেওঁ মোৰ সেৱক,
\q1 তেওঁক মই মনোনীত কৰিলো।
\q1 তেৱেঁই মোৰ প্ৰিয়জন,
\q1 মোৰ প্রাণ তেওঁতেই পৰম সন্তুষ্ট হয়।
\q1 মই তেওঁৰ ওপৰত মোৰ আত্মা দিম,
\q1 তাতে তেওঁ অনা-ইহুদী সকলক
\q1 ন্যায়-বিচাৰ ঘোষণা কৰিব।
\p
\s5
\v 19 তেওঁ দ্বন্দ্ব নকৰিব বা আটাহ নাপাৰিব;
\q1 আলিবাটত কোনেও তেওঁৰ মাত নুশুনিব!
\q1
\v 20 ন্যায়-বিচাৰ জয়যুক্তলৈ প্রচাৰ নকৰে মানে,
\q1 তেওঁ থেতেলি যোৱা নল নাভাঙিব,
\q1 ধোৱাঁই থকা শলিতাও নুনুমাব;
\q1
\v 21 আৰু অনা-ইহুদী সকলে তেওঁৰ নামত আশা ৰাখিব।"
\s ভূতে পোৱা এজন লোকক সুস্থ কৰা; ফৰীচী সকলে যীচুক নিন্দা কৰা আৰু ক্ষমা নোহোৱা পাপ
\p
\s5
\v 22 সেই সময়ত মানুহ কিছুমানে ভূতে পোৱা মানুহ এজনক যীচুৰ ওচৰলৈ লৈ আহিল। মানুহ জন অন্ধ আৰু বোবা আছিল। যীচুৱে তেওঁক সুস্থ কৰাত সেই বোবাই কথা ক’লে আৰু দৃষ্টিও পালে।
\v 23 তাতে সকলো লোকে বিস্ময় মানি ক’লে, “এই মানুহ দায়ুদৰ বংশধৰ হ’ব পাৰে নে?
\p
\s5
\v 24 ফৰীচী সকলে যীচুৰ এই আচৰিত কার্যৰ কথা শুনি ক’লে, “এই মানুহে ভূতবোৰৰ ৰজা বেলচবূবৰ সহায় অবিহনে ভূতক নেখেদায়।”
\v 25 কিন্তু যীচুৱে ফৰীচী সকলৰ মনৰ ভাৱ বুজিব পাৰি তেওঁলোকক ক’লে, “যি ৰাজ্য নিজৰ মাজতে বিবাদ কৰি ভাগ ভাগ হয়, সেই ৰাজ্য ধ্বংস হয় আৰু যি নগৰ বা পৰিয়াল নিজৰ মাজতে বিবাদত লিপ্ত হৈ বিভক্ত হয়, সেই নগৰ বা পৰিয়াল বর্তি নাথাকিব।
\p
\s5
\v 26 চয়তানে যদি চয়তানকে খেদায়, তেন্তে সি নিজৰ মাজতে ভাগ ভাগ হয়; তেতিয়া তাৰ ৰাজ্য কেনেকৈ বর্তি থাকিব?
\v 27 মই যদি বেলচবূবৰ শক্তিৰ সহায়ত ভূতৰ আত্মা খেদাও, তেন্তে আপোনালোকৰ অনুগামী সকলে কি শক্তিৰ সহায়ত সিহতক খেদায়? গতিকে আপোনালোকৰ অনুগামী সকলে আপোনালোকক সঠিক কথা কৈছে নে নাই বিচাৰ কৰিব।
\p
\s5
\v 28 কিন্তু মই যদি ঈশ্বৰৰ আত্মাৰ দ্বাৰাই ভূতবোৰক খেদাও, তেন্তে ঈশ্বৰৰ ৰাজ্য অৱশ্যেই আপোনালোকৰ ওচৰ আহি পালে।
\v 29 বলৱান জনক প্ৰথমে নাবান্ধিলে কোনোবাই জানো তেওঁৰ ঘৰত সোমাই বস্তু লুট কৰিব পাৰে? বলৱান জনক বন্দী কৰাৰ পাছতহে তেওঁৰ ঘৰৰ সকলো বস্তু তেওঁ লুট কৰিব পাৰিব।
\v 30 যি জন মোৰ পক্ষত নহয়, তেওঁ মোৰ বিপক্ষ; আৰু যি জনে মোৰ সৈতে নচপায়, তেওঁ সিচি পেলায়।
\s5
\v 31 এই হেতুকে মই আপোনালোকক কওঁ, মানুহৰ সকলো পাপ আৰু ঈশ্বৰ-নিন্দাৰ ক্ষমা হ’ব, কিন্তু পবিত্ৰ আত্মাৰ বিৰুদ্ধে কোৱা কোনো নিন্দাজনক কথা ক্ষমা কৰা নহ’ব।
\v 32 মানুহৰ পুত্ৰৰ বিৰুদ্ধে কোনোৱে কথা ক’লে, তেওঁক ক্ষমা কৰা হ’ব, কিন্তু কোনোৱে পবিত্ৰ আত্মাৰ বিৰুদ্ধে কথা ক’লে তেওঁক ইহলোকত বা পৰলোকতো ক্ষমা কৰা নহব।
\s ফলৰ দ্বাৰা গছ চিনিব পাৰি
\p
\s5
\v 33 গছ ভাল হ’লে ফল ভাল হয় আৰু গছ বেয়া হ’লে ফল বেয়া হয়। কিয়নো এজোপা গছক তাৰ ফল দেখি চিনিব পাৰি।
\v 34 সৰ্পৰ বংশধৰ সকল! নিজে বেয়া হৈ কেনেকৈ আপোনালোকে ভাল কথা ক’ব পাৰিব? মানুহৰ অন্তৰ যি কথাৰে পূর্ণ থাকে, মুখে সেই কথাকে কয়।
\v 35 ভাল মানুহে তেওঁৰ অন্তৰত ভৰি থকা ভাল সঞ্চয়ৰ পৰা ভাল কথা উলিয়ায় আৰু বেয়া মানুহে তেওঁৰ অন্তৰত ভৰি থকা বেয়া সঞ্চয়ৰ পৰা বেয়া কথা উলিয়ায়।
\s5
\v 36 কিন্তু মই আপোনালোকক কওঁ, লোক সকলে যি সকলো অনৰ্থক কথা কয়, বিচাৰৰ দিনা প্রত্যেকটো কথাৰ হিচাব তেওঁলোকে দিব লাগিব।
\v 37 কিয়নো আপোনাৰ নিজৰ কথাৰ দ্বাৰাই আপোনাক নিৰ্দ্দোষী বুলি কোৱা হব আৰু আপোনাৰ নিজৰ কথাৰ দ্বাৰাই আপোনাক দোষী বুলি কোৱা হব।
\s ফৰীচী সকলে যীচুৰ ওচৰত চিন বিচৰা
\p
\s5
\v 38 তাৰ পিছত কেইজনমান বিধানৰ অধ্যাপক আৰু ফৰীচীয়ে যীচুক উত্তৰ দি ক’লে, “হে গুৰু, আমি আপোনাৰ পৰা চিন হিচাবে এটা আচৰিত কাম চাবলৈ ইচ্ছা কৰো।”
\v 39 কিন্তু যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “এই যুগৰ দুষ্ট আৰু ব্যভিচাৰী মানুহে চিন বিচাৰে; কিন্তু যোনা ভাববাদীৰ চিনৰ বাহিৰে আন কোনো চিন তেওঁলোকক দেখুওৱা নহব।
\v 40 যোনা যেনেকৈ তিনি দিন তিনি ৰাতি ডাঙৰ মাছৰ পেটৰ ভিতৰত আছিল, তেনেকৈ মানুহৰ পুত্ৰও তিনি দিন তিনি ৰাতি মাটিৰ তলত থাকিব।
\p
\s5
\v 41 বিচাৰৰ দিনা এই কালৰ মানুহৰে সৈতে নীনবি নগৰৰ লোক সমূহ উঠি তেওঁলোকক দোষী কৰিব, কিয়নো নীনবিৰ লোক সকলে যোনাৰ প্রচাৰৰ ফলত মন পালটন কৰিছিল। চাওঁক, ইয়াত যোনাতকৈয়ো অধিক মহান এজন আছে।
\p
\s5
\v 42 বিচাৰৰ দিনা এই কালৰ মানুহেৰে সৈতে দক্ষিণ দেশৰ ৰাণীয়ে উঠি তেওঁলোকক দোষী কৰিব, কিয়নো চলোমন ৰজাৰ জ্ঞানৰ কথা শুনিবলৈ তেওঁ পৃথিবীৰ শেষ সীমাৰ পৰা আহিছিল। চাওঁক, ইয়াত চলোমনতকৈয়ো অধিক মহান এজন আছে।
\p
\s5
\v 43 যেতিয়া কোনো অশুচি আত্মা কোনো মানুহৰ পৰা বাহিৰ ওলায়, তেতিয়া সি জিৰণি বিচাৰি পানী নথকা শুকান ঠাইবোৰত ঘুৰি ফুৰে। কিন্তু সি যেতিয়া সেই ঠাই নাপায়;
\v 44 তেতিয়া সি কয়, ‘যি ঘৰৰ পৰা ওলাই আহিলো, পুনৰ মই সেই ঘৰলৈকে উলটি যাম।’ পাছত সি যেতিয়া ঘূৰি আহি দেখে, কোনোবাই সেই ঘৰ সৰাপোঁচা কৰি সকলো সজাই-পৰাই পৰিস্কাৰ কৰি থৈছে;
\v 45 তেতিয়া সেই অশুচি আত্মাই গৈ নিজতকৈয়ো দুষ্ট আন সাতোটা দুষ্ট আত্মাক লগত লৈ আনে আৰু তাতে সোমাই বাস কৰে। তাতে সেই মানুহৰ প্ৰথম অৱস্থাতকৈ শেষ অৱস্থা অধিক বেয়া হৈ যায়। এই কালৰ দুষ্ট লোক সকলৰ অৱস্থাও তেনে হ’ব।
\s যীচুৰ অনুকাৰী সকলেই তেওঁৰ পৰিয়াল
\p
\s5
\v 46 যীচুৱে যেতিয়া লোক সকলৰ আগত কথা কৈ আছিল, তেতিয়া তেওঁৰ মাক আৰু ভায়েক সকলে আহি তেওঁৰ সৈতে কথা পাতিবৰ বাবে বাহিৰত থিয় হৈ অপেক্ষা কৰি আছিল।
\v 47 তেনেতে কোনো এজন লোকে তেওঁক ক’লে, “চাওঁক, আপোনাৰ মা আৰু ভাই সকলে আপোনাৰ লগত কথা পাতিবৰ কাৰণে বাহিৰত থিয় হৈ আছে।”
\s5
\v 48 যীচুৱে তেতিয়া সেই লোক জনক ক’লে, “কোন মোৰ মা নাইবা মোৰ ভাই সকলেই বা কোন?”
\v 49 তাৰ পাছত তেওঁ নিজৰ হাত খন মেলি শিষ্য সকলৰ ফালে দেখুৱাই ক’লে, “এয়া চাওঁক, এওঁলোকেই মোৰ মা আৰু মোৰ ভাই সকল!
\v 50 কাৰণ, যি কোনোৱে মোৰ স্বৰ্গত থকা পিতৃৰ ইচ্ছা পালন কৰে, তেওঁলোকেই মোৰ ভাই-ভনী আৰু মা।
\s5
\c 13
\cl ১৩ অধ্যায়।
\s এজন খেতিয়কৰ দৃষ্টান্ত
\p
\v 1 সেই দিনা যীচুৱে ঘৰৰ পৰা ওলাই গৈ সাগৰৰ তীৰত বহিছিল।
\v 2 তাতে তেওঁৰ চাৰিওফালে বহুতো লোক আহি গোট খোৱাত, তেওঁ এখন নাৱত উঠি বহিল আৰু সেই গোট খোৱা সকলো মানুহ বামতে থিয় হৈ থাকিল।
\s5
\v 3 তেতিয়া যীচুৱে তেওঁলোকক দৃষ্টান্তৰ মাধ্যমেদি বহুত বিষয়ৰ ওপৰত কথা কবলৈ ধৰিলে। তেওঁ ক’লে, “এজন খেতিয়কে কঠিয়া সিচিবলৈ গ’ল।
\v 4 তেওঁ সিচোঁতে সিচোঁতে, কিছুমান কঠিয়া বাটৰ কাষত পৰিল; তাতে চৰাইবোৰে আহি সেইবোৰ খুটি খালে।
\v 5 কিছুমান কঠিয়া শিলাময় মাটিত পৰিল। তাত মাটি বেছি নথকাত আৰু মাটিও গভীৰ নোহোৱা কাৰণে যদিও সোনকালে গজালি ওলাল,
\v 6 তথাপি সূৰ্য উদয় হোৱাৰ পাছত, শিপা গভীৰ নোহোৱা কাৰণে তাপ লাগি সেইবোৰ লেৰেলি শুকাই গ’ল।
\s5
\v 7 আন কিছুমান কাঁইটনিত পৰিল; তাতে কাঁইটীয়া বনবোৰ বাঢ়ি উঠাত, সেইবোৰ হেচি ধৰি মাৰিলে।
\v 8 আনবোৰ কঠিয়া ভাল মাটিত পৰিল আৰু শস্য উৎপন্ন কৰিলে। তাতে কিছুমানত এশ গুণ, কিছুমানত ষাঠি গুণ আৰু কিছুমানত ত্রিশ গুণকৈ শস্য উৎপন্ন হ’ল।
\v 9 যাৰ কাণ আছে, তেওঁ শুনক।”
\s দৃষ্টান্ত কোৱাৰ উদ্দেশ্য
\p
\s5
\v 10 যীচুৰ শিষ্য সকলে আহি তেওঁক সুধিলে, “আপুনি কিয় দৃষ্টান্তৰ মাধ্যমেৰে লোক সকলৰ আগত কথা কয়?”
\v 11 উত্তৰত তেওঁ শিষ্য সকলক ক’লে, “স্বৰ্গৰাজ্য বিষয়ৰ নিগূঢ়-তত্ত্ববোৰ তোমালোকক জানিবলৈ সুযোগ দিয়া হৈছে; কিন্তু তেওঁলোকক দিয়া হোৱা নাই।
\v 12 কিয়নো যাৰ আছে, তেওঁক অধিক দিয়া হ’ব, তাতে তেওঁৰ প্রচুৰ হব। কিন্তু যাৰ নাই, তেওঁৰ যি আছে সেইখিনিও তেওঁৰ পৰা নিয়া হ’ব।
\s5
\v 13 সেই বাবেই মই তেওঁলোকৰ আগত দৃষ্টান্ত দি কওঁ। কিয়নো, তেওঁলোকে দেখিও নেদেখে, শুনিও নুশুনে আৰু নুবুজেও।
\v 14 এইদৰে যিচয়া ভাৱবাদীয়ে কোৱা এই ভাৱবাণী তেওঁলোকলৈ পূর্ণ হৈছে,
\q1 তোমালোকে শুনোতে শুনিবা, কিন্তু কোনোমতে নুবুজিবা;
\q1 দেখোঁতে দেখিবা, কিন্তু কোনোমতে নাজানিবা;
\q1
\s5
\v 15 কিয়নো এই লোক সকলৰ হৃদয় অসাৰ হৈছে,
\q1 আৰু কাণ গধুৰ হৈ গৈছে,
\q1 তেওঁলোকে চকুও বন্ধ কৰি ৰাখিছে
\q1 তাতে তেওঁলোকে চকুৰে নেদেখে,
\q1 কাণেৰে নুশুনে, হৃদয়েৰে নুবুজে,
\q1 আৰু তেওঁলোক যেন পুণৰ ঘূৰি নাহে,
\q1 আৰু মই তেওঁলোকক যেন সুস্থ নকৰোঁ।
\f +
\fr 13:15
\ft যিচয়া 6:9-10
\f*
\p
\s5
\v 16 কিন্তু তোমালোকৰ চকু ধন্য, কিয়নো সেইবোৰে দেখে; তোমালোকৰ কাণো ধন্য, কিয়নো সেইবোৰে শুনে।
\v 17 তোমালোকক মই সচাঁকৈ কওঁ, তোমালোকে যিবোৰ দেখিছা, সেইবোৰ অনেক ভাৱবাদী আৰু ধাৰ্ম্মিক লোকে চাবলৈ ইচ্ছা কৰিও দেখা নাপালে, আৰু তোমালোকে যিবোৰ শুনিছা, এইবোৰ শুনিবলৈ নাপালে।”
\s খেতিয়কৰ দৃষ্টান্তৰ অর্থ
\p
\s5
\v 18 “এতিয়া তোমালোকে সেই কঠিয়া সিঁচা খেতিয়কৰ দৃষ্টান্তৰ অর্থ শুনা।
\v 19 যেতিয়া কোনোৱে ঈশ্বৰৰ ৰাজ্যৰ কথা শুনিও নুবুজে, তেতিয়া দুষ্ট আত্মাই আহি, তেওঁৰ অন্তৰত যিবোৰ সিঁচা হ’ল, সেইবোৰ কাঢ়ি নিয়ে; এইজন লোক বাটৰ কাষত পৰা কঠিয়া স্বৰূপ।
\p
\s5
\v 20 শিলাময় মাটিত যি কঠিয়া পৰিছিল, তেওঁ এনে এজন লোক যি জনে বাক্য শুনে আৰু লগে লগে আনন্দেৰে সেই বাক্য গ্ৰহণো কৰে।
\v 21 কিন্তু তেওঁৰ ভিতৰত সেই বাক্যৰ শিপা গভীৰ নোহোৱাত, তেওঁ অলপ দিনৰ বাবে মাথোন স্থিৰ হৈ থাকে। যেতিয়া সেই বাক্যৰ কাৰণে দুখ-কষ্ট বা তাড়না আহে, তেতিয়াই তেওঁ বাক্য ত্যাগ কৰে।
\p
\s5
\v 22 কাইটঁনিত পৰা কঠিয়াবোৰ এনেধৰণৰ লোক, তেওঁলোকে বাক্য শুনে কিন্তু সংসাৰৰ চিন্তা-ভাৱনা আৰু ধন-সম্পত্তিৰ মায়াই সেই বাক্যক হেচি ধৰে; তাতে তেওঁ বিফল হয়।
\v 23 ভাল মাটিত যি কঠিয়া পৰিছিল, তেওঁ এনে লোক যি জনে বাক্য শুনে, বাক্য বুজে আৰু প্রকৃতার্থত উন্নত কৰি ফল উৎপন্ন কৰে। তাতে কোনোৱে এশ গুণ, কোনোৱে ষাঠি গুণ, কোনোৱে ত্রিশ গুণ ফল দিয়ে।”
\s বিনৈ বনৰ গুটিৰ দৃষ্টান্ত
\p
\s5
\v 24 এবাৰ যীচুৱে লোক সকলৰ আগত আৰু এটা দৃষ্টান্ত দিলে। “স্বর্গৰাজ্য এনেকুৱা এজন মানুহৰ নিচিনা, যি জনে নিজৰ পথাৰত ভাল কঠিয়া সিঁচিলে।
\v 25 পাছত যেতিয়া সকলো মানুহ টোপনি গ’ল, তেতিয়া সেই মানুহ জনৰ শত্রুৱে আহি ধানৰ মাজত বিনৈ বনৰ গুটি সিঁচি গুচি গ’ল।
\v 26 শেষত যেতিয়া সেই ধান গছ বাঢ়ি থোক ওলাল, তেতিয়া তাৰ মাজত বিনৈ বনো গজালি মেলি দেখা দিলে।
\s5
\v 27 পাছত সেইবোৰ দেখি গৃহস্থৰ দাস সকলে আহি তেওঁক ক’লে, ‘মহাশয়, আপুনি জানো পথাৰত ভাল কঠিয়া সিঁচা নাছিল? তেন্তে এতিয়া বিনৈ বন ক’ৰ পৰা হ’ল?
\v 28 তেওঁ সিহতক ক’লে, ‘কোনোবা শত্ৰুৱে এইটো কৰিছে।’ দাস সকলে তেওঁক ক’লে, ‘তেনেহলে আপুনি বিচাৰে যদি আমি গৈ সেইবোৰ তুলি পেলাম?
\s5
\v 29 গৃহস্থই ক’লে, ‘নহয়, বনবোৰ উভালিবলৈ যাওঁতে তোমালোকে কিজানি ধানকো তাৰ লগতে উভালি পেলাবা!
\v 30 গতিকে শস্য দোৱাৰ সময়লৈকে সেইবোৰক একেলগে বাঢ়িবলৈ দিয়া। শস্য চপোৱাৰ সময়ত মই দাৱনী সকলক ক’ম, ‘প্ৰথমতে বিনৈ বনবোৰ উভালিবা আৰু পুৰিবৰ বাবে মুঠি মুঠিকৈ বান্ধিবা। তাৰ পাছত মোৰ ভৰালত ধান চপাই থবা।”
\s সৰিয়হ গুটি আৰু খমিৰৰ দৃষ্টান্ত
\p
\s5
\v 31 যীচুৱে তেওঁলোকক আন এটা দৃষ্টান্ত দিলে। তেওঁ ক’লে, “স্বৰ্গৰাজ্য এটি সৰিয়হ গুটিৰ নিচিনা; সেই গুটি কোনো এজন মানুহে লৈ নিজৰ পথাৰত সিঁচিলে।
\v 32 সকলো বীজৰ মাজত ই অৱশ্যে আটাইতকৈ সৰু; কিন্তু বৃদ্ধি পোৱাৰ পাছত ই শাক-পাচলিৰ গছবোৰৰ মাজত সকলোতকৈ ডাঙৰ হৈ এজোপা গছ হয় আৰু আকাশৰ চৰায়ে আহি তাৰ ডালত বাস কৰে।”
\p
\s5
\v 33 যীচুৱে তেওঁলোকক পুনৰ এটা দৃষ্টান্ত দি ক’লে, “স্বর্গৰাজ্য খমিৰৰ নিচিনা। এগৰাকী মহিলাই তাকে লৈ প্রায় তিনি দোণ পিঠা গুড়িৰ লগত মিহলালে। তাৰ ফলত আটাইখিনি পিঠা গুড়ি ফুলি উঠিল।”
\s5
\v 34 যীচুৱে দৃষ্টান্তৰ দ্বাৰাই লোক সকলৰ আগত এইবোৰ কথা ক’লে। তেওঁ দৃষ্টান্ত নিদিয়াকৈ তেওঁলোকক একো কথা নক’লে।
\v 35 ভাৱবাদীৰ দ্বাৰাই যি কথা কোৱা হৈছিল সেয়া যেন পূৰণ হয়, তাৰবাবেই এইদৰে ঘটিল -
\q1 মই দৃষ্টান্তৰে মোৰ মুখ মেলিম,
\q1 জগত স্থাপনৰ আৰম্ভণিৰে পৰা যি গুপ্ত আছিল, সেইবোৰ প্ৰকাশ কৰিম।
\f +
\fr 13:35
\ft গীতমালা 78:21
\f*
\s বিনৈ বনৰ দৃষ্টান্তৰ অৰ্থ
\p
\s5
\v 36 পাছত যীচুৱে লোক সকলক বিদায় দি ঘৰলৈ আহিল। তেতিয়া তেওঁৰ শিষ্য সকলে ওচৰলৈ আহি তেওঁক সুধিলে,“পথাৰৰ বিনৈ বনৰ দৃষ্টান্তটো আমাক বুজাই দিয়ক।”
\v 37 তেওঁ উত্তৰ দি ক’লে, “যি জনে ভাল কঠিয়া সিঁচে, তেওঁ মানুহৰ পুত্ৰ।
\v 38 পথাৰ খন এই জগত আৰু ভাল কঠিয়া হৈছে স্বর্গৰাজ্যৰ সন্তান সকল। দুষ্ট অাত্মাৰ সন্তান সকল হৈছে সেই বিনৈ বন।
\v 39 যি শত্ৰুৱে সেইবোৰ সিঁচিলে, সি চয়তান; শস্য দোৱাৰ সময়েই এই জগতৰ শেষ সময় আৰু দাৱনী সকল স্বৰ্গৰ দূত।
\s5
\v 40 এতেকে যেনেকৈ বনবোৰ গোটাই জুইত পোৰা যায়, সেইদৰে জগতৰ শেষতো হ’ব।
\v 41 মানুহৰ পুত্ৰই তেওঁৰ দূত সকলক পঠাই দিব আৰু সেই দূত সকলে পাপলৈ নিয়া সকলো বিঘ্নজনক বিষয়বোৰ আৰু দুষ্ট লোক সকলক, মানুহৰ পুত্রৰ ৰাজ্যৰ মাজৰ পৰা গোটাই অগ্নিকুণ্ডত পেলাই দিব।
\v 42 তেতিয়া তাত ক্রন্দন আৰু দাঁত কৰচনি হব।
\v 43 সেই সময়ত ধাৰ্ম্মিক সকল তেওঁলোকৰ পিতৃৰ ৰাজ্যত সূৰ্যৰ নিচিনাকৈ উজ্জ্বল হ’ব। যাৰ কাণ আছে, তেওঁ শুনক।
\s গুপ্ত ধন আৰু মুকুতাৰ দৃষ্টান্ত
\p
\s5
\v 44 “স্বৰ্গৰাজ্য, পথাৰৰ মাজত লুকুৱাই থোৱা ধনৰ নিচিনা; এজন মানুহে সেইবোৰ বিচাৰি পোৱাৰ পাছত পুনৰ লুকুৱাই থলে। তাৰ পাছত তেওঁ আনন্দ মনেৰে গুছি গ’ল আৰু তেওঁৰ যি যি আছিল, সৰ্ব্বস্ব বেচি সেই পথাৰ কিনি ল’লে।”
\v 45 “পুণৰ স্বৰ্গৰাজ্য এনে এজন সদাগৰৰ নিচিনা, যি জনে উত্তম মুকুতা বিচাৰিছিল।
\v 46 যেতিয়া তেওঁ এটা বহুমূলীয়া মুকুতা বিচাৰি পালে, তেওঁ গৈ নিজৰ যি যি আছিল, সৰ্ব্বস্ব বেচি সেই মুকুতাটো কিনি ল’লে।”
\s মাছ ধৰা জালৰ দৃষ্টান্ত
\p
\s5
\v 47 “আকৌ স্বৰ্গৰাজ্য এখন জালৰ নিচিনা। সেই জাল সাগৰত পেলোৱা হ’ল আৰু সকলো বিধৰ মাছ সেই জালত উঠিল
\v 48 জাল পৰিপূর্ণ হোৱাত মাছমৰীয়া সকলে তাক টানি বামলৈ তুলিলে। তাৰ পাছত তেওঁলোকে বহি ভাল মাছবোৰ বাছি খালৈত ৰাখিলে আৰু বেয়াবোৰ পেলাই দিলে।
\s5
\v 49 জগতৰ শেষ কালতো এইদৰেই হ’ব। স্বৰ্গৰদূত সকলে আহি ধাৰ্ম্মিক সকলৰ মাজৰ পৰা দুষ্টবোৰক পৃথক কৰিব আৰু জ্বলন্ত অগ্নিত সিহতক পেলাব;
\v 50 তাত ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব।”
\p
\s5
\v 51 তাৰ পাছত যীচুৱে শিষ্য সকলক সুধিলে, “তোমালোকে এই সকলো কথা বুজি পালা নে?” তেওঁলোকে কলে, “হয়, পালো।”
\v 52 তেতিয়া যীচুৱে তেওঁলোকক কলে, "গতিকে, স্বর্গৰাজ্যৰ বিষয়ে শিক্ষা পোৱা প্রত্যেক জন বিধানৰ অধ্যাপক এনে এজন গৃহস্থৰ নিচিনা যি জনে নিজৰ ভড়ালৰ পৰা নতুন আৰু পুৰণি উভয় বস্তু বাহিৰ কৰে।”
\s যীচু নিজ নগৰত অগ্ৰাহ্য হোৱা
\p
\v 53 যীচুৱে এই দৃষ্টান্তবোৰ কোৱাৰ পাছত তাৰ পৰা গুচি গ’ল।
\p
\s5
\v 54 তাৰ পাছত যীচু নিজৰ নগৰলৈ আহিল আৰু লোক সকলক তেওঁলোকৰ নাম-ঘৰত শিক্ষা দিবলৈ ধৰিলে। তাতে তেওঁৰ কথা শুনি তেওঁলোক বিস্মিত হৈ গ’ল। তেওঁলোকে ক’লে, “এই মানুহ জনে এনে জ্ঞান আৰু পৰাক্ৰম-কাৰ্য্যবোৰ কৰাৰ ক্ষমতা ক’ৰ পৰা পালে?
\v 55 ই জানো সেই বাঢ়ৈৰ পুতেক নহয়? ইয়াৰ মাকৰ নাম মৰিয়ম আৰু ভায়েকহঁতৰ নাম যাকোব, যোচেফ, চিমোন, আৰু যিহূদা নহয় নে?
\v 56 ইয়াৰ সকলো ভনীয়েকো ইয়াত আমাৰ মাজতে নাই জানো? তেন্তে ই এইবোৰ ক’ৰ পৰা পালে?"
\p
\s5
\v 57 এইদৰে যীচুক লৈ লোক সকলে বিঘিনি পালে। তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “ভাৱবাদী নিজৰ দেশ আৰু নিজৰ ঘৰৰ বাহিৰে আন কোনো ঠাইতে অসন্মানিত নহয়।”
\v 58 লোক সকলৰ অবিশ্বাসৰ কাৰণে তেওঁ তাত বিশেষ বেছি পৰাক্ৰম-কাৰ্য্য নকৰিলে।
\s5
\c 14
\cl ১৪ অধ্যায়।
\s বাপ্তিস্ম দিয়া যোহনক বধ কৰা
\p
\v 1 সেই সময়ত গালীলৰ শাসনকর্তা হেৰোদে যীচুৰ সুখ্যাতিৰ বিষয়ে শুনিলে।
\v 2 তেওঁ নিজৰ দাস সকলক ক’লে, “এই লোক জন নিশ্চয় যোহন বাপ্তাইজক; তেওঁ মৃত সকলৰ মাজৰ পৰা উঠিল আৰু সেইবাবে এই সকলো পৰাক্ৰম কাৰ্য সাধন কৰিছে।
\s5
\v 3 কিয়নো হেৰোদে লোক সকলৰ দ্বাৰাই যোহনক বান্ধি কাৰাগাৰত বন্দী কৰি ৰাখিছিল। নিজৰ ভায়েক ফিলিপৰ ভার্য্যা হেৰোদিয়াৰ কাৰণে তেওঁ এইদৰে কৰিছিল।
\v 4 কাৰণ যোহনে হেৰোদক কৈছিল, “হেৰোদিয়াক আপুনি ভার্য্যা হিচাবে ৰখা বৈধ নহয়।"
\v 5 সেয়ে হেৰোদে যোহনক বধ কৰিবলৈ চল বিচাৰি আছিল, কিন্তু তেওঁ লোক সকললৈ ভয় কৰিছিল, কাৰণ তেওঁলোকে যোহনক এজন ভাৱবাদীৰূপে মান্য কৰিছিল।
\p
\s5
\v 6 পাছত হেৰোদৰ জন্ম দিনৰ দিনা, হেৰোদিয়াৰ জীয়েকে সভাৰ মাজত নাচি হেৰোদক সন্তুষ্ট কৰিলে।
\v 7 সেয়েহে, হেৰোদে তাইক শপত খাই প্রতিজ্ঞা কৰিলে যে, তাই যিহকে বিচাৰিব তাকে তেওঁ তাইক দিব।
\s5
\v 8 ছোৱালী জনীয়ে মাকৰ পৰা পৰামর্শ পাই ক’লে, “এখন থালত যোহন বাপ্তাইজকৰ মূৰটো আনি মোক দিয়ক।”
\v 9 তাতে ৰজা অতিশয় দুঃখিত হ’ল; কিন্তু নিজৰ শপতৰ কাৰণে আৰু তেওঁৰে সৈতে একেলগে ভোজনত বহা সকলৰ কাৰণেও, তেওঁ সেই মতে কৰিবলৈ আজ্ঞা দিলে।
\s5
\v 10 তেওঁ মানুহ পঠাই কাৰাগাৰত যোহনৰ শিৰচ্ছেদ কৰালে।
\v 11 পাছত মূৰটো এখন থালত আনি ছোৱালী জনীক দিলে আৰু তাই সেইটো মাকৰ ওচৰলৈ লৈ গ’ল।
\v 12 তাৰ পাছত যোহনৰ শিষ্য সকলে আহি মৃতদেহটো লৈ গৈ মৈদাম দিলে আৰু পাছত তেওঁলোকে গৈ সেই সকলো কথা যীচুক জনালে।
\s পাঁচ হাজাৰ মানুহক খুউৱা
\p
\s5
\v 13 যোহনৰ মৃত্যুৰ কথা শুনি যীচু অকলে এখন নাৱত উঠি সেই ঠাইৰ পৰা কোনো এক নিৰ্জন ঠাইলৈ গ’ল। কিন্তু লোক সকলে ইয়াকে জানিব পাৰি বিভিন্ন নগৰৰ পৰা ওলাই বামেদি খোজকাঢ়ি তেওঁৰ পাছ ল’লে।
\v 14 তেওঁ নাৱৰ পৰা নামি মানুহৰ বৃহৎ দলটো দেখা পাই তেওঁলোকৰ আগলৈ আহিল। তাতে সেই লোক সকললৈ যীচুৰ মৰম লগাত তেওঁলোকৰ ৰোগবোৰ সুস্থ কৰিলে।
\s5
\v 15 তেতিয়া গধূলি হওঁ হওঁ হৈছিল, শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি ক’লে, “এই ঠাই নিৰ্জন আৰু দিনৰ সময়ো প্ৰায় শেষ হ’ল; লোক সকলক বিদায় দিয়ক, তেতিয়া তেওঁলোকে গাওঁবোৰলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰিব।”
\s5
\v 16 যীচুৱে তেওঁলোকক ক’লে, “তেওঁলোক যোৱাৰ প্ৰয়োজন নাই। তোমালোকেই তেওঁলোকক খাবলৈ দিয়া।”
\v 17 শিষ্য সকলে তেওঁক কলে, “আমাৰ ইয়াত কেৱল পাঁচটা পিঠা আৰু দুটা মাছহে আছে।”
\v 18 যীচুৱে ক’লে, “সেইখিনিয়ে মোৰ ওচৰলৈ আনা।”
\s5
\v 19 পাছত তেওঁ লোক সকলক ঘাঁহৰ ওপৰত বহিবলৈ আদেশ দিলে। তাৰ পাছত সেই পাঁচোটা পিঠা আৰু দুটা মাছ লৈ তেওঁ স্বৰ্গলৈ চাই আশীৰ্ব্বাদ কৰিলে। তাৰ পাছত পিঠা খিনি ভাঙি শিষ্য সকলক দিলে আৰু শিষ্য সকলে সেইবোৰ লোক সকলক খাবলৈ দিলে।
\v 20 তাতে সকলোৱে খাই তৃপ্ত হ’ল; খোৱাৰ পাছত শিষ্য সকলে ৰৈ যোৱা সেই ভঙা টুকুৰাবোৰৰ বাৰটা পাচি তুলি ল’লে।
\v 21 তাত ভোজন কৰা মানুহৰ মাজত মহিলা আৰু সৰু ল’ৰা-ছোৱালীক বাদ দি পুৰুষ মানুহ প্ৰায় পাঁচ হাজাৰ মান আছিল।
\s পানীৰ ওপৰত খোজ কঢ়া
\p
\s5
\v 22 ইয়াৰ পাছতে, যীচুৱে শিষ্য সকলক আদেশ দিলে, তেওঁলোকে যেন নাৱত উঠি তেওঁৰ আগেয়ে সিপাৰলৈ যায় আৰু লোক সকলক তেওঁ নিজে বিদায় দিলে।
\v 23 লোক সকলক বিদায় দি তেওঁ প্ৰাৰ্থনা কৰিবৰ কাৰণে পাহাৰৰ ওপৰলৈ অকলে উঠি গ’ল; আৰু যদিও তেতিয়া অন্ধকাৰ হৈ আহিছিল, তথাপিও তেওঁ অকলশৰে তাতে আছিল।
\v 24 ইতিমধ্যে নাও খন সাগৰৰ মাজ পালে আৰু বিপৰীত দিশৰ পৰা বতাহ বলাত নাও খনে প্রায় নিয়ন্ত্রণ হেৰুৱাই ঢৌৰ কোবত ঢলং-পলং হবলৈ ধৰিলে।
\s5
\v 25 শেষ নিশা যীচু সাগৰৰ ওপৰত খোজ কাঢ়ি শিষ্য সকলৰ ওচৰলৈ আহি আছিল।
\v 26 শিষ্য সকলে যীচুক সাগৰৰ ওপৰত খোজ কাঢ়ি আহি থকা দেখি ভীষণভাৱে ভয় খাই “ভূত, ভূত” বুলি চিঞঁৰিবলৈ ধৰিলে।
\v 27 যীচুৱে তেতিয়াই তেওঁলোকক ক’লে, "এয়া মইহে; ভয় নকৰিবা, সাহসী হোৱা।”
\p
\s5
\v 28 পিতৰে তেওঁক উত্তৰ দি ক’লে, “হে প্ৰভু, যদি আপুনিয়ে হয়, তেনেহলে পানীৰ ওপৰেদি আপোনাৰ ওচৰলৈ যাবৰ বাবে মোক আজ্ঞা দিয়ক।”
\v 29 যীচুৱে কলে, “আহা।” পিতৰে তেতিয়া নাৱৰ পৰা নামি পানীৰ ওপৰেদি খোজ কাঢ়ি যীচুৰ কাষলৈ আগবাঢ়ি গ’ল।
\v 30 কিন্তু বতাহ দেখা পাই তেওঁ ভয় খোৱাত ডুবিবলৈ ধৰিলে। তেতিয়া তেওঁ চিঞৰি মাতিলে, “প্ৰভু, মোক বচাওঁক।”
\s5
\v 31 যীচুৱে তেতিয়াই নিজে হাত মেলি তেওঁক ধৰি ক’লে, “অল্পবিশ্বাসী, কিয় সন্দেহ কৰিলা?”
\v 32 পাছত যেতিয়া যীচু আৰু পিতৰ নাৱত উঠিল, বতাহ নাইকিয়া হ’ল।
\v 33 তেতিয়া নাৱত থকা শিষ্য সকলে যীচুক প্ৰণিপাত কৰি ক’লে, “আপুনি সচাঁকৈয়ে ঈশ্বৰৰ পুত্ৰ।”
\p
\s5
\v 34 তাৰ পাছত তেওঁলোক পাৰ হৈ, গিনেচৰৎ প্ৰদেশ পালেহি।
\v 35 তেতিয়া সেই ঠাইৰ মানুহবোৰে যীচুক চিনি পাই, সেই অঞ্চলৰ সকলো ঠাইতে তেওঁ অহাৰ বার্তা পঠালে। তাতে লোক সকলে ৰোগী সকলক যীচুৰ ওচৰলৈ আনিলে।
\v 36 তেওঁলোকে যীচুক মিনতি কৰিলে যেন সেই ৰোগী সকলে তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়। তাতে যিমান লোকে চুলে, তেওঁলোক সকলোৱে সুস্থ হ’ল।
\s5
\c 15
\cl ১৫ অধ্যায়।
\s অশুচিতাৰ বিষয়ে শিক্ষা
\p
\v 1 সেই সময়ত যিৰূচালেমৰ পৰা কেইজনমান ফৰীচী আৰু ব্যৱস্থাৰ অধ্যাপক যীচুৰ ওচৰলৈ আহি সুধিলে,
\v 2 "আমাৰ পৰিচাৰক সকলৰ দিনৰ পৰা চলি অহা বিধি, আপোনাৰ শিষ্য সকলে কিয় মানি নচলে? কিয়নো তেওঁলোকে ভোজন কৰাৰ আগত হাতো নোধোৱে।"
\v 3 যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “আপোনালোকৰ পৰম্পৰাগত বিধি পালনৰ কাৰণে আপোনালোকে কিয় ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰে?”
\p
\s5
\v 4 কাৰণ ঈশ্বৰে কৈছে, ‘তোমাৰ পিতৃ-মাতৃক সন্মান কৰা’;
\f +
\fr 15.4
\ft তোমাৰ…কৰা যাত্রা 20:12, দ্বি বি 5:16
\f* আৰু ‘যি কোনোৱে নিজৰ পিতৃ-মাতৃক কুবচন কয়, তেওঁৰ মৃত্যুদণ্ড হব।'
\f +
\fr 15.4
\ft যি…হব যাত্রা 21:17
\f*
\v 5 কিন্তু আপোনালোকে কয়, ‘যি কোনোৱে নিজৰ পিতৃ বা মাতৃক কয়, “মোৰ যি যি বস্তু আপোনালোকৰ সহায় হব পাৰে, সেইবোৰ মই ঈশ্বৰক উপহাৰ দিলো।”
\v 6 তেন্তে পিতৃ-মাতৃৰ প্ৰতি তেওঁ কোনো সন্মান কৰাৰ প্ৰয়োজন নাই। সেয়েহে আপোনালোকৰ এনেকুৱা পুৰুষে পুৰুষে চলি অহা বিধিৰ কাৰণেই আপোনালোকে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছে।
\pi
\s5
\v 7 আপোনালোক ভণ্ড! যিচয়া ভাৱবাদীয়ে আপোনালোকৰ বিষয়ে ঠিকেই ভাৱবাণী কৰিলে,
\q1
\v 8 “এই মানুহবোৰে ওঠেৰে মোক সন্মান কৰে,
\q1 কিন্তু তেওঁলোকৰ হৃদয় মোৰ পৰা দূৰৈত থাকে;
\q1
\v 9 তেওঁলোকে অনর্থকৰূপে মোৰ আৰাধনা কৰে।
\q1 কাৰণ তেওঁলোকে মানুহৰ বিধিবোৰ নিজৰ‍ শিক্ষাৰদৰে শিকায়।”
\m
\s5
\v 10 তাৰ পাছত যীচুৱে লোক সকলক ওচৰলৈ মাতি ক’লে, “মোৰ কথা শুনক আৰু বুজক।
\v 11 মুখত যি সোমায়, সেয়ে মানুহক অশুচি নকৰে, কিন্তু মুখৰ পৰা যি ওলায়, সেয়েহে মানুহক অশুচি কৰে।”
\p
\s5
\v 12 তেতিয়া শিষ্য সকলে আহি যীচুক ক’লে, “ফৰীচী সকলে যে আপোনাৰ এই কথা শুনি অপমান বোধ কৰিছে, ইয়াক আপুনি জানে নে?”
\v 13 যীচুৱে উত্তৰ দি ক’লে, “যিবোৰ গছপুলি মোৰ স্বৰ্গীয় পিতৃয়ে ৰোৱা নাই, তাক উভালি পেলোৱা যাব।
\v 14 তেওঁলোকৰ কথা এৰি দিয়া; তেওঁলোক অন্ধ পথ প্ৰদৰ্শক। অন্ধই অন্ধক বাট দেখুৱালে, দুয়ো খাৱৈত পৰিব।”
\p
\s5
\v 15 তেতিয়া পিতৰে যীচুক ক’লে, “এই দৃষ্টান্তটিৰ অৰ্থ আমাক বুজাই দিয়ক।”
\v 16 তেওঁ ক’লে, “তোমালোকে এতিয়াও বুজি পোৱা নাই নে?
\v 17 তোমালোকে এই কথাও নুবুজা নে- মুখত যি সোমায়, সেয়ে পেটৰ ভিতৰলৈ যায় আৰু শৌচৰ দ্বাৰেদি বাহিৰলৈ ওলায়।
\p
\s5
\v 18 কিন্তু মুখৰ পৰা যি বোৰ ওলায়, সেইবোৰ মানুহৰ অন্তৰৰ পৰা বাহিৰলৈ ওলায় আৰু সেইবোৰেই মানুহক অশুচি কৰে।
\v 19 কিয়নো মানুহৰ অন্তৰৰ পৰাই সকলো কুচিন্তা, নৰবধ, ব্যভিচাৰ, যৌনপাপ, চুৰি, মিছা সাক্ষ্য আৰু নিন্দা এইবোৰ ওলায়।
\v 20 এইবোৰেহে মানুহক অশুচি কৰে; কিন্তু নোধোৱা হাতেৰে ভোজন কৰিলে মানুহ অশুচি নহয়।
\s এগৰাকী কনানীয়া মহিলাৰ জীয়েকক সুস্থ কৰা
\p
\s5
\v 21 তাৰ পাছত যীচুৱে সেই ঠাই এৰি তুৰ আৰু চীদোন অঞ্চললৈ গ’ল।
\v 22 সেই ঠাইৰ এগৰাকী কনান দেশীয় মহিলাই আহি চিঞৰি চিঞৰি কবলৈ ধৰিলে “হে প্ৰভু, দায়ুদৰ বংশৰ সন্তান, মোলৈ দয়া কৰক। ভূতে ধৰাৰ বাবে মোৰ ছোৱালী জনীয়ে অতিশয় যন্ত্রণা পাইছে।”
\v 23 কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে। শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি নিবেদন কৰি ক’লে, “তাইক বিদায় দিয়ক; কিয়নো তাই চিঞৰি চিঞৰি আমাৰ পাছে পাছে আহি আছে।”
\p
\s5
\v 24 কিন্তু যীচুৱে উত্তৰ দি ক’লে, “মোক আন কোনো মানুহৰ ওচৰলৈ পঠোৱা নাই, কেৱল ইস্ৰায়েল-বংশৰ হেৰোৱা মেৰ
\f +
\fr 15.24
\ft মেৰ-ছাগ বা মেৰ হ'ল এটা ভেড়া প্ৰজাতিৰ ছাগলী৷
\f* ৰ ওচৰলৈহে পঠোৱা হৈছে।”
\v 25 তাতে মহিলা গৰাকীয়ে আহি যীচুক প্ৰণিপাত কৰি ক’লে, “হে প্ৰভু, মোলৈ দয়া কৰক।”
\v 26 কিন্তু যীচুৱে উত্তৰ দি ক’লে, “ল’ৰা-ছোৱালীৰ খোৱা বস্তুবোৰ কুকুৰৰ আগত পেলাই দিয়া ভাল নহয়।”
\p
\s5
\v 27 তাই ক’লে, “হয় প্ৰভু, কিন্তু গৰাকীৰ মেজৰ পৰা উফৰি পৰাবোৰ কুকুৰে খাবলৈ পায়।”
\v 28 তেতিয়া যীচুৱে উত্তৰ দিলে, “হে নাৰী, তোমাৰ বিশ্বাস মহৎ; তোমাৰ ইচ্ছাৰ দৰেই তোমালৈ হওঁক।” তাতে সেই মুহূৰ্ত্তৰে পৰা মহিলা গৰাকীৰ জীয়েক সুস্থ হ’ল।
\p
\s5
\v 29 তাৰ পাছত যীচুৱে সেই ঠাইৰ পৰা গালীল সাগৰৰ ওচৰলৈ গ'ল। তাতে তেওঁ গৈ এটা পাহাৰৰ ওপৰত উঠি বহিল।
\v 30 তেতিয়া বহু মানুহৰ দল এটা তেওঁৰ ওচৰলৈ আহিল; তেওঁলোকে খোৰা, অন্ধ, বোবা, কোঙা আৰু অনেক ৰোগীক যীচুৰ চৰণলৈ আনিলে আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
\v 31 তাতে সেই লোক সকলে বোবাক কথা কোৱা, কোঙাক সুস্থ হোৱা, খোৰাক খোজ কঢ়া আৰু অন্ধক দৃষ্টি পোৱা দেখি বিস্ময় মানি ইস্ৰায়েলৰ ঈশ্বৰৰ স্তুতি কৰিলে।
\s চাৰি হাজাৰ মানুহক খুউৱা
\p
\s5
\v 32 পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ওচৰলৈ মাতি ক’লে, “এই লোক সকললৈ মোৰ মৰম লাগিছে; কিয়নো তেওঁলোক মোৰ লগত তিনি দিন ধৰি আছে আৰু তেওঁলোকৰ লগত একো খোৱা-বস্তু নাই। তেওঁলোকক লঘোনে বিদায় দিবলৈ মোৰ ইচ্ছা নাই; হয়তো বাটত অসুস্থ হৈ পৰিব পাৰে।”
\v 33 তেতিয়া শিষ্য সকলে তেওঁক ক’লে, “এনেকুৱা এক নির্জন ঠাইত ইমানবোৰ মানুহক খুৱাবৰ বাবে আমি ইমান ৰুটি ক’ত পাম?”
\v 34 যীচুৱে তেওঁলোকক সুধিলে, “তোমালোকৰ ওচৰত কেইটা পিঠা আছে?” তেওঁলোকে কলে, “সাতটা পিঠা আৰু কেইটামান সৰু মাছ আছে।”
\v 35 তেতিয়া যীচুৱে লোক সকলক মাটিত বহিবলৈ আজ্ঞা দিলে।
\p
\s5
\v 36 তেওঁ সেই সাতোটা পিঠা আৰু মাছকেইটা ললে। তাৰ পাছত ঈশ্বৰক ধন্যবাদ দি সেইবোৰ ভাঙি শিষ্য সকলক দিলে আৰু শিষ্য সকলে খাবৰ বাবে লোক সকলক ভগাই দিলে।
\v 37 তাতে সকলোৱে খাই তৃপ্ত হ’ল আৰু যি টুকুৰাবোৰ পৰি থাকিল শিষ্য সকলে সেইবোৰ গোটাই সাতটা পাচি পূৰ কৰিলে।
\v 38 যি সকলে খাইছিল সেই সকলৰ মাজত মহিলা আৰু সৰু ল’ৰা-ছোৱালীৰ উপৰিও চাৰি হাজাৰ পুৰুষ আছিল।
\v 39 তাৰ পাছত যীচুৱে লোক সকলক বিদায় দি নাৱত উঠি মগদনৰ অঞ্চললৈ গ'ল।
\s5
\c 16
\cl ১৬ অধ্যায়।
\s ফৰীচী আৰু চদ্দূকী সকলে যীচুক পৰীক্ষা কৰা
\p
\v 1 ফৰীচী আৰু চদ্দূকী সকলে যীচুক পৰীক্ষা কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ আহিল আৰু আকাশৰ পৰা কোনো এটা চিন তেওঁলোকক দেখুৱাবলৈ ক'লে।
\v 2 যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, "সন্ধ্যা হলে আপোনালোকে কয়, 'বতৰ ফৰকাল হব, কিয়নো আকাশ খন ৰঙা হৈছে।'
\p
\s5
\v 3 ৰাতিপুৱা কয়, 'আজি ডাৱঁৰীয়া হব; কিয়নো আকাশ ৰঙা ও অন্ধকাৰ হৈছে।' আপোনালোকে আকাশৰ অৱস্থা ঠিকেই বিচাৰ কৰিব জানে, অথচ সময়ৰ চিহ্ন বুজিব নোৱাৰে।
\v 4 এই যুগৰ পাপী আৰু ব্যাভিচাৰী লোক সকলে চিন বিচাৰে৷ কিন্তু যোনাৰ চিনৰ বাহিৰে তেওঁলোকক আন একো চিন দেখুওৱা নহ’ব।" তাৰ পাছত যীচুৱে তেওঁলোকক এৰি গুচি গ’ল।
\s ফৰীচী আৰু চদ্দূকী সকলৰ শিক্ষালৈ সাৱধান
\p
\s5
\v 5 পাছত তেওঁৰ শিষ্য সকল সিপাৰলৈ আহিল, কিন্তু লগত ৰুটি আনিবলৈ পাহৰি গ’ল।
\v 6 যীচুৱে তেওঁলোকক ক’লে, "তোমালোকে শুনা! ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধানে থাকিবা।"
\v 7 শিষ্য সকলে নিজৰ মাজত কোৱা-কুই কৰিলে, "আমি পিঠা অনা নাই কাৰণে তেওঁ এইদৰে ক'লে নেকি৷"
\v 8 এই কথা বুজিব পাৰি যীচুৱে ক’লে, "অল্পবিশ্বাসী সকল, তোমালোকে নিজৰ মাজত পিঠা লৈ নহাৰ কাৰণে এই কথা কৈছো বুলি কিয় আলোচনা কৰিছা?
\p
\s5
\v 9 তোমালোকে এতিয়াও বুজা নাই নে বা তোমালোকৰ মনতো পৰা নাই নে সেই পাঁচ হাজাৰ মানুহৰ কাৰণে পাঁচটা পিঠাৰ কথা আৰু তাৰ পিছত কেইটা পাচি তোমালোকে তুলি লৈছিলা?
\v 10 নাইবা সেই চাৰি হাজাৰ মানুহৰ কাৰণে সাতটা পিঠাৰ কথা আৰু কেইটা পাচি তোমালোকে তুলি লৈছিলা?
\p
\s5
\v 11 মই যে তোমালোকক পিঠাৰ কথা কোৱা নাই, সেই বিষয়ে তোমালোকে কিয় বুজি পোৱা নাই? কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধান হবলৈহে কৈছো।
\v 12 তেতিয়া শিষ্য সকলে বুজি পালে যে, তেওঁ পিঠাৰ খমিৰৰ পৰা তেওঁলোকক সাৱধান হবলৈ কোৱা নাই, কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ শিক্ষাৰ পৰাহে সাৱধান হ'বৰ বাবে কৈছে।
\s যীচু অভিষিক্ত জন বুলি প্ৰকাশিত হোৱা
\p
\s5
\v 13 তাৰ পাছত যীচু যেতিয়া চীজাৰীয়া-ফিলিপীৰ অঞ্চললৈ গ'ল, তেতিয়া শিষ্য সকলক তেওঁ সুধিলে "মানুহৰ পুত্ৰ কোন"
\f +
\fr 16.13
\ft মানুহৰ পুত্ৰ: যীচুৱে নিজৰ কাৰণে এই নাম ব্যৱহাৰ কৰিছিল৷ দানিয়েল : ১৩-১৪: মচীহ অর্থাৎ অভিষিক্ত জনাৰ কাৰণে এই নাম ব্যৱহাৰ কৰা হৈছে যি নাম ঈশ্বৰে তেওঁৰ মনোনীত সকলক উদ্ধাৰ কৰাৰ কাৰণে ব্যৱহাৰ কৰিছিল৷
\f* এই বিষয়ে লোক সকলে কি বুলি কয়?
\v 14 তেওঁলোকে কলে, "কোনো কোনোৱে কয় বাপ্তিস্ম দিওঁতা যোহন; কোনোৱে এলিয়া, আন কোনোৱে যিৰিমিয়া বা ভাৱবাদী সকলৰ এজন বুলি কয়৷
\v 15 তেতিয়া তেওঁ তেওঁলোকক সুধিলে, "কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?"
\v 16 তেতিয়া চিমোন পিতৰে উত্তৰ দি কলে, "আপুনি সেই অভিষিক্ত জন, জীৱন্ত ঈশ্বৰৰ পুত্ৰ।"
\p
\s5
\v 17 তেতিয়া যীচুৱে উত্তৰ দি তেওঁক ক’লে, 'বাৰ যোনাৰ পুত্ৰ চিমোন, তুমি ধন্য; কিয়নো তেজ আৰু মাংসই তোমাৰ আগত এই কথা প্ৰকাশ কৰা নাই, কিন্তু স্বৰ্গত থকা মোৰ পিতৃয়েহে প্ৰকাশ কৰিলে।
\v 18 ময়ো তোমাক কওঁ যে "তুমি পিতৰ অৰ্থাৎ শিল, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, মৃত্যুৰ কোনো শক্তিয়ে ইয়াক পৰাজয় কৰিব নোৱাৰিব ।
\p
\s5
\v 19 মই তোমাক স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম, তাতে তুমি এই পৃথিবীত যিহকে বান্ধিবা, সেয়ে স্বৰ্গতো বান্ধি ৰখা হ’ব; আৰু তুমি পৃথিবীত যিহকে মুকলি কৰিবা, সেয়ে স্বৰ্গতো মুকলি হবলৈ দিয়া হ’ব।"
\v 20 তেতিয়া যীচুৱে শিষ্য সকলক এই আজ্ঞা দিলে, তেওঁলোকে যাতে কাকো নকয় যে তেৱেঁই "খ্রীষ্ট, অৰ্থাৎ অভিষিক্ত জন"।
\s যীচুৱে নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে জনোৱা
\p
\s5
\v 21 সেই সময়ৰ পৰা যীচুৱে তেওঁৰ শিষ্য সকলক জনাবলৈ ধৰিলে যে, তেওঁ অৱশ্যেই যিৰূচালেমলৈ যাব লাগিব, আৰু তাত পৰিচাৰক, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ পৰা অনেক দুখভোগ পাই মৃত্যুভোগ কৰি তিন দিনৰ দিনা পুনৰায় উঠিব লাগিব।
\v 22 তেতিয়া পিতৰে তেওঁক একাষলৈ নি অনুযোগ কৰি ক'লে "হে প্ৰভু, ই আপোনাৰ পৰা দূৰ হওঁক! আপোনাৰ প্ৰতি কেতিয়াও এনে নঘটক।"
\v 23 কিন্তু যীচুৱে পিতৰৰ ফালে ঘূৰি চাই তেওঁ ক’লে, "মোৰ আগৰ পৰা দূৰ হ চয়তান; তই মোৰ পথৰ বিঘিনি স্বৰূপ, তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।"
\p
\s5
\v 24 তাৰ পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, "কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেন্তে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু নিজৰ ক্ৰুচ তুলি লৈ, মোক অনুসৰণ কৰক।
\v 25 কিয়নো যি কোনোৱে নিজৰ প্ৰাণ ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ কাৰণে নিজৰ প্ৰাণ হেৰুৱায়, তেওঁ সেই প্ৰাণ পাব।
\v 26 কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো যদি নিজৰ প্ৰাণকে হানি কৰে, তেন্তে তেওঁৰ কি লাভ? মনুহে নিজৰ প্ৰাণৰ সলনি কি দিব পাৰে?
\p
\s5
\v 27 কিয়নো মানুহৰ পুত্ৰই নিজৰ পিতৃৰ মহিমাৰে স্বর্গদূত সকলক লগত লৈ আহিব৷ তেতিয়া তেওঁ প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে ফল দিব।"
\v 28 মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকৰ মাজত এনে কিছুমান লোক ইয়াত থিয় হৈ আছে যি সকলে মানুহৰ পুত্ৰক নিজৰ ৰাজ্যলৈ অহা নেদেখা পর্যন্ত মৃত্যুভোগ নকৰিব।"
\s5
\c 17
\cl ১৭ অধ্যায়।
\s যীচুৱে অন্য ৰূপ ধৰা
\p
\v 1 ছদিনৰ পাছত যীচুৱে পিতৰ, যাকোব আৰু তেওঁৰ ভায়েক যোহনক লগত লৈ এটা ওখ পাহাৰৰ ওপৰলৈ উঠি গ'ল।
\v 2 যীচুৱে তেওঁলোকৰ সন্মুখত অন্য ৰূপ ধৰিলে; তেওঁৰ মুখ সূৰ্যৰ দৰে দীপ্তিমান আৰু বস্ত্ৰ পোহৰৰ নিচিনা শুক্ল হৈ গ'ল।
\p
\s5
\v 3 তেতিয়া হঠাৎ মোচি আৰু এলিয়াই তেওঁলোকৰ কাষত উপস্থিত হৈ যীচুৰ লগত কথোপকথন কৰিলে।
\v 4 তাতে পিতৰে মাত লগাই যীচুক ক’লে, " প্ৰভু, ভালেই হৈছে যে, আমি ইয়াত আছো৷ আপোনাৰ ইচ্ছা হ’লে, মই ইয়াত তিনিটা পজাঁ সাজিম - এটা আপোনাৰ, এটা মোচিৰ আৰু এটা এলিয়াৰ কাৰণে।
\p
\s5
\v 5 তেওঁ যেতিয়া কথা কৈ আছিল, সেই সময়ত এচপৰা উজ্জ্বল মেঘে তেওঁলোকক ঢাকি ধৰিলে৷ সেই মেঘৰ পৰা এই বাণী শুনা গ'ল, "এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট, এওঁৰ কথা শুনা।"
\v 6 এই কথা শুনি শিষ্য সকলে অতিশয় ভয় পাই মাটিত উবুৰি খাই পৰিল।
\v 7 তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক র্স্পশ কৰি ক’লে, "উঠা, ভয় নকৰিবা।"
\v 8 তাৰ পাছত তেওঁলোকে চকু তুলি চাই যীচুৰ বাহিৰে আন কাকো দেখা নাপালে।
\p
\s5
\v 9 পাছত তেওঁলোক পৰ্ব্বতৰ পৰা নামি আহি থাকোতে, যীচুৱে তেওঁলোকক আজ্ঞা দি ক’লে, "মানুহৰ পুত্ৰ মৃত লোকৰ মাজৰ পৰা উত্থান নোহোৱা পর্যন্ত তোমালোকে এই দৰ্শনৰ কথা কাকো নকবা।"
\v 10 তেওঁৰ শিষ্য সকলে তেওঁক সুধিলে, "তেন্তে এলিয়া প্ৰথমে আহিব লাগে বুলি বিধানৰ অধ্যাপক সকলে কিয় কয়?"
\s5
\v 11 তেওঁ উত্তৰ দি ক’লে, "এলিয়া অৱশ্যেই আহিব আৰু তেওঁ সকলো পুনঃস্থাপন কৰিব৷
\v 12 কিন্তু মই তোমালোকক কওঁ, এলিয়া ইতিমধ্যেই আহি গ'ল আৰু লোক সকলে তেওঁক চিনি নাপালে; লোক সকলে তেওঁৰ প্ৰতি যি ইচ্ছা তাকে কৰিলে। এইদৰে মানুহৰ পুত্ৰয়ো তেওঁলোকৰ হাতত দুখ-ভোগ কৰিব লাগিব।"
\v 13 তেতিয়া শিষ্যনসকলে বুজি পালে যে, তেওঁ তেওঁলোকক বাপ্তিস্ম দিয়া যোহন
\f +
\fr 17.13
\ft অৰ্থাৎ যোহন বাপ্তাইজক
\f* ৰ বিষয়ে কৈছে।
\s যীচুৱে এজন অসুস্থ লৰাক সুস্থ কৰা
\p
\s5
\v 14 যীচু আৰু তেওঁৰ শিষ্য সকল যেতিয়া লোক সকলৰ ওচৰলৈ ঘূৰি আহিল, তেতিয়া এজন মানুহ যীচুৰ ওচৰলৈ আহিল আৰু তেওঁৰ আগত আঁঠু কাঢ়ি ক’লে,
\v 15 "হে প্ৰভু, আপুনি মোৰ পুত্ৰলৈ দয়া কৰক৷ সি মৃগী ৰোগত আক্ৰান্ত হৈ বৰ কষ্ট পাই আছে৷ সি বাৰে বাৰে হয় জুই অথবা পানীত পৰি যায়৷
\v 16 মই আপোনাৰ শিষ্য সকলৰ ওচৰলৈ আনিছিলো, কিন্তু তেওঁলোকে তেওঁক সুস্থ কৰিব নোৱাৰিলে।"
\p
\s5
\v 17 তেতিয়া যীচুৱে উত্তৰ দি ক’লে, "তোমালোক অবিশ্বাসী আৰু অপথে যোৱা বংশ; আৰু কিমান কাল মই তোমালোকৰ লগে লগে থাকিম? কিমান দিন নো মই তোমালোকক সহিম? লৰাটিক মোৰ ওচৰলৈ আনা।"
\v 18 তেতিয়া যীচুৱে সেই দুষ্ট আত্মাক ধমক দিয়াত সি লৰাটোৰ পৰা ওলাই গ’ল আৰু সেই মুহুৰ্ত্তৰে পৰা ল’ৰাটো সুস্থ হ’ল।
\p
\s5
\v 19 তাৰ পাছত শিষ্য সকলে নিৰলে যীচুৰ ওচৰলৈ আহি সুধিলে, "আমি নো তাক কিয় খেদাব নোৱাৰিলো?"
\v 20 যীচুৱে তেওঁলোকক ক’লে, "তোমালোকৰ অল্প-বিশ্বাসৰ কাৰণে; কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, এটি সৰিয়হ গুটিৰ সমানো যদি তোমালোকৰ বিশ্বাস থাকে, তেন্তে এই পৰ্ব্বতটোক যদি তোমালোকে কোৱা 'ইয়াৰ পৰা তালৈ যা' তেতিয়া ই যাব৷ তোমালোকৰ বাবে একোৱেই অসাধ্য নহব।
\p
\v 21 প্ৰাৰ্থনা আৰু লঘোনৰ বিনে এই ধৰণৰ দুষ্ট আত্মা কোনোমতে বাহিৰ নহয়।
\s নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে দ্বিতীয় বাৰ জনোৱা
\p
\s5
\v 22 পাছত যীচু আৰু তেওঁৰ শিষ্য সকল গালীল প্ৰদেশত থাকোতে যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, "মানুহৰ পুত্ৰক লোক সকলৰ হাতত শোধাই দিয়া হব৷
\v 23 লোক সকলে তেওঁক বধ কৰিব আৰু তিন দিনৰ দিনা তেওঁ পুনৰাই জীয়াই উঠিব৷" এই কথা শুনি শিষ্য সকল অতি দুঃখিত হল৷
\s কৰ দিয়াৰ বিষয়ে যীচুৰ শিক্ষা
\p
\s5
\v 24 যীচু আৰু তেওঁৰ শিষ্য সকল কফৰনাহূমলৈ গ'ল৷ যি সকল কৰ সংগ্ৰহকাৰীয়ে আধলি তোলে, তেওঁলোকে পিতৰৰ ওচৰলৈ আহি কলে, "তোমালোকৰ গুৰুৱে আধলিটো নিদিয়ে নে?"
\v 25 তেওঁ ক'লে "দিয়ে৷" ইয়াৰ পাছত পিতৰে ঘৰলৈ আহি কিবা কোৱাৰ আগেয়ে যীচুৱে তেওঁক কলে, "চিমোন, তোমাৰ মনত কি ভাৱ হয়? পৃথিবীৰ ৰজা সকলে কোন লোকৰ পৰা কৰ বা মাচুল আদায় কৰে? নিজৰ দেশৰ লোক সকলৰ পৰা নে আন বিদেশী সকলৰ পৰা?"
\p
\s5
\v 26 পিতৰে ক'লে "বিদেশী সকলৰ পৰা," যীচুৱে তেওঁক ক’লে, "তেনেহ’লে নিজৰ দেশৰ লোক সকল কৰ দিয়াৰ পৰা মুক্ত।
\v 27 তথাপি আমি যেন কৰ সংগ্ৰহকাৰী সকলৰ বিঘিনি নজন্মাও, এই কাৰণে তুমি সাগৰলৈ গৈ বৰশী বোৱা আৰু প্ৰথমে যি মাছ উঠিব সেইটোকে ধৰি মুখ মেলিলে এটকা ৰূপ পাবা; সেইটো আনি মোৰ আৰু তোমাৰ কাৰণে তেওঁলোকক কৰ দিয়াগৈ।"
\s5
\c 18
\cl ১৮ অধ্যায়।
\s স্বৰ্গৰাজ্যত শ্ৰেষ্ঠ কোন
\p
\v 1 সেই সময়ত শিষ্য সকলে যীচুৰ ওচৰলৈ আহি সুধিলে, " প্ৰভু, স্বৰ্গৰাজ্যত শ্ৰেষ্ঠ কোন?"
\v 2 তেতিয়া যীচুৱে এটি শিশুক ওচৰলৈ মাতি আনি তেওঁলোকৰ মাজত থিয় কৰাই কলে,
\v 3 "মই তোমালোকক সঁচাকৈ কওঁ, যদি তোমালোকে মন পৰিবর্তন কৰি শিশু সকলৰ দৰে হব নোৱাৰা, তেন্তে কোনোমতেই স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰিবা৷
\p
\s5
\v 4 এতেকে যি কোনোৱে এই শিশুটিৰ দৰে নিজকে নম্ৰ কৰে, তেৱেঁই স্বৰ্গৰাজ্যত সর্ব্বশ্ৰেষ্ঠ৷
\v 5 আকৌ যি কোনোৱে এনে এটি শিশুক মোৰ নামেৰে গ্ৰহণ কৰে, তেওঁ মোকেই গ্ৰহণ কৰে।
\v 6 মোক বিশ্বাস কৰা এই নম্ৰ সকলৰ মাজৰ কোনোবা এজনক যদি কোনোৱে পাপৰ পথত লৈ যায়, তেন্তে ডিঙিত এটা ডাঙৰ জাঁত বান্ধি তেওঁক বৰং সমুদ্ৰৰ গভীৰ পানীত ডুবাই দিয়াই তেওঁৰ পক্ষে ভাল হব।
\p
\s5
\v 7 হায়! বিঘিনিৰ সময়ৰ কাৰণে এই জগত; কিয়নো বিঘিনিৰ সময় অৱশ্যেই আহিব৷ কিন্তু যি মানুহৰ দ্বাৰাই বিঘিনি হয়, তেওঁৰ সন্তাপ হ’ব৷
\v 8 তোমালোকক পাপলৈ নিয়াৰ কাৰণ যদি তোমালোকৰ হাত বা ভৰি হয়, তেন্তে তাক কাটি দূৰলৈ দলিয়াই পেলোৱা; দুই হাত বা দুই ভৰি লৈ চিৰকাল জুইত পেলোৱা হোৱাতকৈ, কোঙা বা খোৰা হৈ জীৱনত প্ৰৱেশ কৰাই তোমালোকৰ পক্ষে ভাল।
\p
\s5
\v 9 তোমালোকৰ চকুৱে যদি তোমালোকক পাপৰ পথলৈ নিয়ে, তেন্তে তাকো কাঢ়ি তোমালোকৰ পৰা দূৰলৈ দলিয়াই পেলোৱা; দুই চকু লৈ অনন্ত জুইত পেলোৱা হোৱাতকৈ, বৰং কণা হৈ জীৱনত সোমোৱাই তোমালোকৰ পক্ষে ভাল।
\p
\s5
\v 10 সেয়ে সাৱধানে চলিবা; তোমালোকে এই সৰু সকলৰ মাজৰ এজনকো হেয়জ্ঞান নকৰিবা; কিয়নো মই তোমালোকক কওঁ, স্ৱৰ্গত তেওঁলোকৰ দূত সকলে মোৰ স্বর্গীয় পিতৃৰ মুখ সদায় যেন দেখা পায়।
\v 11 কাৰণ যি হেৰাল, তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল।
\p
\s5
\v 12 তোমালোকে কি ভাবা? যদি কোনো এজন মানুহৰ এশটা ভেড়া থাকে অাৰু তাৰ মাজৰ পৰা যদি এটা ভুল পথে গৈ হেৰাই যায়, তেতিয়া তেওঁ জানো নিৰানব্বৈটা ভেড়া পাহাৰৰ দাঁতিত এৰি থৈ হেৰোৱা ভেড়াটোক বিচাৰি নাযাব?
\v 13 আৰু যদি হেৰোৱাটোক কেনেবাকৈ পায়, তেন্তে মই তোমালোকক সঁচাকৈ কওঁ যে, ভুল পথে নোযোৱা সেই নিৰানব্বৈটা ভেড়াতকৈ যিটো হেৰাই গৈছিল সেই ভেৰাটোক ঘূৰাই পোৱাত তেওঁ অধিক আনন্দ কৰিব।
\v 14 এইদৰে এই সৰু সকলৰ মাজৰ এটিও নষ্ট হোৱাটো স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে ইচ্ছা নকৰে।
\s ক্ষমাৰ বিষয়ে শিক্ষা
\p
\s5
\v 15 কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ বিৰুদ্ধে অন্যায় কৰে, তেন্তে তেওঁ অকলে থাকোতেই ওচৰলৈ গৈ তেওঁৰ দোষ দেখুৱাই দিয়া। তেওঁ যদি তোমাৰ কথা শুনে, তেন্তে তুমি তোমাৰ ভায়েৰাক ঘূৰাই পালা।
\v 16 কিন্তু যদি নুশুনে, তেন্তে দুই এজন ভাইক তোমাৰ লগত লৈ যোৱা, যাতে দুই বা তিনি জন সাক্ষীৰ কথাত প্ৰত্যেকটো বিষয় সত্য বুলি প্ৰমাণিত হয়।
\p
\s5
\v 17 যদি তেওঁ তেওঁলোকৰ কথাও নুশুনে, তেন্তে মণ্ডলীক জনাবা; মণ্ডলীৰ কথাও যদি নুশুনে, তেন্তে তেওঁ তোমাৰ ওচৰত অনা-ইহুদী আৰু কৰ-সংগ্ৰহকাৰীৰ দৰে হওঁক।
\p
\s5
\v 18 মই তোমালোকক সঁচাকৈয়ে কওঁ, তোমালোকে পৃথিবীত যিহকে বান্ধিবা, সেয়ে স্বৰ্গতো বন্ধ কৰা হ’ব আৰু পৃথিবীত যিহকে মুকলি কৰিবা, সেয়ে স্ৱৰ্গতো মুকলি কৰা হব।
\v 19 পুনৰায় মই তোমালোকক কওঁ, পৃথিবীত তোমালোকৰ দুজনৰ যদি প্ৰাৰ্থনীয় কোনো বিষয়ত এক মন হয়, তেন্তে স্বৰ্গত থকা মোৰ পিতৃৰ দ্বাৰাই তেওঁলোকলৈ সেই বিষয় সিদ্ধ কৰা হ’ব
\v 20 কিয়নো যি ঠাইত দুই বা তিনি জন মোৰ নামেৰে গোট খায়, সেই ঠাইত ময়ো তেওঁলোকৰ মাজত থাকোঁ।"
\p
\s5
\v 21 তেতিয়া পিতৰে যীচুৰ ওচৰলৈ আহি তেওঁক ক’লে, "হে প্ৰভু, মোৰ ভায়ে মোৰ অহিতে কিমান বাৰ অন্যায় কৰিলে মই তেওঁক ক্ষমা কৰিম? সাত বাৰলৈকে নে?"
\v 22 যীচুৱে তেওঁক ক’লে, "সাত বাৰলৈকে বুলি মই তোমাক নকওঁ; কিন্তু সাত সত্তৰ গুণ বাৰ বুলিহে কওঁ।
\p
\s5
\v 23 স্বর্গৰাজ্যক এনেদৰে তুলনা দিয়া হয়; যেনেকৈ, এজন ৰজাই নিজৰ দাস সকলৰ ওচৰত হিচাব বিচাৰিলে৷
\v 24 যেতিয়া তেওঁ হিচাব লবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁৰ আগলৈ এনে এজন দাসক অনা হ'ল যি জনৰ ৰজাৰ ওচৰত দহ হাজাৰ ৰূপৰ ঋণ আছিল।
\v 25 কিন্তু পৰিশোধ কৰিবলৈও তেওঁৰ ক্ষমতা নাছিল৷ তেতিয়া হিচাব ৰক্ষক জনে এই আদেশ দিলে যে, সেই লোক জনৰ সৈতে তেওঁৰ স্ত্ৰী, ল’ৰা-ছোৱালী আৰু তেওঁৰ সৰ্ব্বস্ব বিক্ৰী কৰি যেন ঋণ পৰিশোধ কৰা হয়।
\p
\s5
\v 26 সেই দাসে মাটিত পৰি হিচাব ৰক্ষকৰ ভৰিত ধৰি ক’লে, "হে প্ৰভু, ধৈর্য ধৰক, মই আপোনাৰ আটাইখিনি ঋণ পৰিশোধ কৰিম।"
\v 27 তেতিয়া হিচাব ৰক্ষকে মৰম কৰি সেই দাসক এৰি দিলে আৰু তাৰ ঋণও ক্ষমা কৰি দিলে।
\p
\s5
\v 28 পাছত সেই দাসে বাহিৰলৈ গৈ তেওঁৰ এজন সহকর্ম্মীক দেখা পালে৷ তাৰ ওচৰত সেই সহকর্ম্মী জনৰ প্ৰায় এশ ৰূপ ঋণ আছিল৷ দাস জনে তাৰ সঙ্গীৰ ডিঙি চেপি ক’লে, 'তই যে টকা ধাৰে লৈছিলি, সেই টকা এতিয়া পৰিশোধ কৰ।'
\v 29 তেতিয়া তাৰ সহকর্ম্মী জনে মাটিত পৰি কাকুতি-মিনতি কৰি ক’লে, 'ধৈর্য ধৰছোন, মই তোৰ সকলো ধাৰ পৰিশোধ কৰিম।'
\p
\s5
\v 30 কিন্তু তেওঁ সন্মত নহ'ল৷ বৰং পৰিশোধ নকৰা পর্যন্ত তেওঁক বন্দীশালত বন্দী কৰি থলে।
\v 31 তেওঁৰ সহদাসবোৰে এই ঘটনা দেখি অতিশয় দুঃখিত হ'ল৷ সিহঁতে হিচাব-ৰক্ষকৰ ওচৰলৈ গৈ যি যি ঘটিল, সেই সকলো বিষয় তেওঁক জনালে।
\p
\s5
\v 32 তেতিয়া হিচাব-ৰক্ষকে সেই দাসক মাতি কলে, 'দুষ্ট দাস! তই মোক কাকুতি-মিনতি কৰাত মই তোৰ সকলো ধাৰ ক্ষমা কৰিলোঁ
\v 33 তেন্তে মই যেনেকৈ তোক দয়া কৰিছিলোঁ, তয়ো তেনেকৈ তোৰ সহদাসক দয়া কৰা উচিত নাছিল নে?'
\p
\s5
\v 34 তেতিয়া হিচাব-ৰক্ষকৰ খং উঠিল আৰু দিবলগীয়া আটাইখিনি ঋণ পৰিশোধ নকৰা পর্যন্ত দাস জনক যাতনাকাৰীৰ হাতত শোধাই দিলে।
\p
\v 35 ঠিক সেইদৰে তোমালোক প্ৰতিজনে যদি তোমালোকৰ ভাইক অন্তৰেৰে সৈতে ক্ষমা নকৰা, তেন্তে মোৰ স্বৰ্গীয় পিতৃয়েও তোমালোকক এইদৰে কৰিব।
\s5
\c 19
\cl ১৯ অধ্যায়।
\r ত্যাগ-পত্ৰৰ বিষয়ে শিক্ষা
\p
\v 1 এইবোৰ কথা কোৱাৰ অন্তত যীচু গালীলৰ পৰা যর্দনৰ সিপাৰে থকা যিহূদিয়া দেশৰ সীমালৈ আহিল৷
\v 2 মানুহৰ বৃহৎ দল এটাও তেওঁৰ পাছে পাছে আহিবলৈ ধৰিলে আৰু তেওঁ সেই লোক সকলক সুস্থ কৰিলে।
\p
\s5
\v 3 সেই সময়ত কেইজনমান ফৰীচীয়ে আহি যীচুক পৰীক্ষা কৰিবৰ কাৰণে সুধিলে, "কোনো লোকৰ পক্ষে যি কোনো কাৰণত পত্নীক ত্যাগ কৰাটো বিধি-সন্মত হয় নে?"
\v 4 তাতে যীচুৱে উত্তৰ দি ক’লে, "আৰম্ভণিতে সৃষ্টিকৰ্তাই যে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি স্ৰজন কৰিলে, সেই বিষয়ে অাপোনালোকে জানো পঢ়া নাই?
\f +
\fr 19.4
\ft আদি 1:27, 5:2
\f*
\s5
\v 5 তাৰ পাছত ঈশ্বৰে আকৌ কৈছিল, 'এই হেতুকে মানুহে নিজৰ পিতৃ মাতৃক এৰি, নিজৰ স্ত্ৰীত আসক্ত হৈ এক দেহ হ’ব?'
\f +
\fr 19.5
\ft আদি2: 24
\f*
\v 6 তেওঁলোক এতিয়া দুজন নহয়, কিন্তু দুয়ো এক-দেহ হ'ল। এতেকে ঈশ্বৰে যি জনক একেলগে যোগ কৰিছে, মানুহে তেওঁক বিয়োগ নকৰক।"
\p
\s5
\v 7 তেতিয়া ফৰীচী সকলে তেওঁক সুধিলে, "তেন্তে মোচিয়ে কিয় ত্যাগ পত্ৰ দি ভার্য্যাক এৰিবলৈ আদেশ দিছে ?"
\v 8 যীচুৱে তেওঁলোকক ক’লে, "অাপোনালোকৰ কঠোৰ মনৰ কাৰণে মোচিয়ে নিজৰ ভার্য্যাক ত্যাগ কৰিবলৈ আপোনালোকক অনুমতি দিছে; অাৰম্ভণীতে কিন্তু এনেকুৱা নাছিল।
\v 9 সেয়ে, মই অাপোনালোকক কওঁ, যদি কোনো মানুহে ব্যভিচাৰৰ বাহিৰে আন কোনো কাৰণত ভার্য্যাক ত্যাগ কৰি অন্যক বিয়া কৰায়, তেন্তে সেই জনে ব্যভিচাৰ কৰে আৰু কোনোৱে যদি পৰিত্যক্ত হোৱা সেই ভার্য্যাক বিয়া কৰায়, তেন্তে তেৱোঁ ব্যভিচাৰ কৰে।"
\p
\s5
\v 10 তেতিয়া শিষ্য সকলে যীচুক ক’লে," যদি নিজৰ ভার্য্যাৰ সৈতে এজন পুৰুষৰ সম্পর্ক এনেকুৱাই হয়, তেন্তে বিয়া নকৰোৱাই ভাল।"
\v 11 যীচুৱে তেওঁলোকক ক’লে, “সকলোৱে এই শিক্ষা মানি লব নোৱাৰে, কেৱল যি সকলক সেই ক্ষমতা দিয়া হৈছে, তেওঁলোকেহে এই বিষয় মানি লব পাৰে।
\v 12 কোনোৱে মাকৰ গৰ্ভৰ পৰাই নপুংসক হৈ জন্ম পাইছে; আন কাৰোবাক মানুহেই নপুংসক কৰিছে; পুণৰ এনে কোনো কোনো লোক আছে যি সকলে স্ৱৰ্গৰাজ্যৰ কাৰণে নিজকে নিজে নপুংসক কৰিছে। যি জনে এই শিক্ষা গ্রহণ কৰিব পাৰে, তেওঁ গ্ৰহণ কৰক।"
\s শিশু সকলক আশীৰ্ব্বাদ কৰা
\p
\s5
\v 13 তাৰ পাছত লোক সকলে সৰু সৰু ল’ৰা-ছোৱালীবোৰক যীচুৰ কাষলৈ লৈ আহিল যাতে শিশু সকলৰ ওপৰত হাত ৰাখি তেওঁ প্ৰাৰ্থনা কৰে; কিন্তু যীচুৰ শিষ্য সকলে তেওঁলোকক দাবি-ধমকি দিবলৈ ধৰিলে।
\v 14 তেতিয়া যীচুৱে কলে, "শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা; কিয়নো স্বৰ্গৰাজ্য এওঁলোকৰ নিচিনা লোক সকলৰ বাবেহে।"
\v 15 ইয়াৰ পিছত তেওঁ শিশু সকলৰ ওপৰত নিজৰ হাত ৰাখিলে৷ পাছত সেই ঠাইৰ পৰা তেওঁ আতৰি গ’ল।
\s ধন-সম্পত্তি আৰু অনন্ত জীৱনৰ বিষয়ে শিক্ষা
\p
\s5
\v 16 এদিন এজন যুৱকে যীচুৰ ওচৰলৈ আহি সুধিলে, "হে গুৰু, অনন্ত জীৱন পাবৰ কাৰণে মই কি সৎকৰ্ম্ম কৰিব লাগিব?"
\v 17 যীচুৱে তেওঁক ক’লে, “ সৎ কৰ্ম কি, এই বিষয়ে তুমি মোক কিয় সুধিছা? সৎ মাত্ৰ এজনেই আছে। যদি তুমি সেই অনন্ত জীৱনত সোমাবলৈ ইচ্ছা কৰা, তেন্তে তেওঁৰ আজ্ঞাবোৰ পালন কৰা।"
\p
\s5
\v 18 মানুহ জনে তেওঁক সুধিলে,"কোনবোৰ আজ্ঞা?" যীচুৱে ক‘লে, “নৰ-বধ নকৰিবা; ব্যভিচাৰ নকৰিবা; চুৰ নকৰিবা;
\v 19 মিছা সাক্ষ্য নিদিবা; নিজৰ পিতৃ-মাতৃক সন্মান কৰা; আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।"
\p
\s5
\v 20 সেই যুৱক জনে তেতিয়া তেওঁক ক’লে, "মইতো এই সকলোবোৰ পালন কৰি আহিছো; এতিয়া মোৰ কি কৰিবলৈ বাকী আছে?"
\v 21 যীচুৱে তেওঁক ক’লে, "যদি তুমি নিখুঁত হবলৈ ইচ্ছা কৰা, তেন্তে যোৱা; তোমাৰ সৰ্ব্বস্ব বেচা আৰু দৰিদ্ৰ সকলক দান কৰা, তাতে স্বৰ্গত তোমাৰ ধন হব৷ তাৰ পাছত আহা, মোৰ অনুকাৰী হোৱা।
\v 22 এই কথা শুনি যুৱক জন অতি দুঃখিত হৈ গুচি গ’ল; কিয়নো তেওঁৰ বহুত ধন-সম্পত্তি আছিল।
\p
\s5
\v 23 তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, "মই তোমালোকক সচাঁকৈ কওঁ, ধনী লোকৰ বাবে স্বৰ্গৰাজ্যত প্রৱেশ কৰা কঠিন।
\v 24 পুনৰায় মই তোমালোকক কওঁ, ধনী ব্যক্তিৰ কাৰণে ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বৰং বেজীৰ বিন্ধায়েদি উট সোমোৱা উজু।"
\p
\s5
\v 25 এই কথা শুনি শিষ্য সকলে অতিশয় বিস্মিত হৈ ক’লে, “তেনেহলে পৰিত্ৰাণ পোৱা কাৰ সম্ভৱ?"
\v 26 যীচুৱে তেওঁলোকলৈ চাই ক’লে, “ই মানুহৰ পক্ষে অসম্ভৱ ঠিকেই, কিন্তু ঈশ্বৰৰ পক্ষে সকলো সম্ভৱ।”
\v 27 তেতিয়া পিতৰে উত্তৰ দি তেওঁক ক’লে, “চাওঁক, আমি সকলোকে এৰি আপোনাৰ পাছত আহিছো, তেনেহলে আমি পাম নে?”
\s5
\v 28 যীচুৱে তেওঁলোকক ক’লে, "মই সচাঁকৈ তোমালোকক কওঁ, তোমালোক যি সকল মোৰ অনুগামী হ’লা, নতুন সৃষ্টিৰ সময়ত যেতিয়া মানুহৰ পুত্ৰ নিজৰ প্ৰভাৱেৰে সিংহাসনত বহিব, তেতিয়া তোমালোকেও বাৰ খন সিংহাসনত বহিবা আৰু ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা।
\p
\s5
\v 29 যি কোনোৱে মোৰ নামৰ কাৰণে নিজৰ ঘৰ, ভাই-ভনী, পিতৃ-মাতৃ, সন্তান, বা মাটিকে এৰে, তেওঁ তাৰ এশ গুণ বেচি পাব আৰু অনন্ত জীৱনৰো অধিকাৰী হব।
\v 30 যি সকল এতিয়া প্রথমত আছে, তেওঁলোকৰ মাজৰ অনেক পাছ হ‘ব, আৰু যি সকল শেষত আছে, তেওঁলোকৰ মাজৰ বহু লোক আগ হ’ব।
\s5
\c 20
\cl ২০ অধ্যায়।
\s বনুৱা সকলৰ দৃষ্টান্ত
\p
\v 1 স্বৰ্গৰাজ্য এজন গৰাকীৰ নিচিনা৷ তেওঁ এদিন নিজৰ দ্ৰাক্ষাবাৰীৰ কামৰ বাবে অতি ৰাতিপুৱাতে বনুৱা সকলক বিচাৰি ওলাই গ'ল।
\v 2 তেওঁ এক এক
\f +
\fr 20.2 ,
\ft এক দীনা - এদিনৰ মজুৰি
\f* দীনাৰ দিবলৈ বনুৱা সকলৰ সৈতে বন্দৱস্ত কৰি সিহঁতক দ্ৰাক্ষাবাৰীলৈ পঠাই দিলে।
\p
\s5
\v 3 প্রায় নটা বজাত তেওঁ আকৌ ওলাই গ’ল আৰু আন কিছুমান বনুৱাক বজাৰত তেতিয়াও থিয় হৈ থকা দেখি তেওঁ সিহঁতক ক’লে,
\v 4 'তোমালোকেও মোৰ দ্ৰাক্ষাবাৰীলৈ কাম কৰিবলৈ যোৱা। মই তোমালোকক উপযুক্ত মজুৰি দিম।’ তেতিয়া সিহঁতেও কাম কৰিবলৈ গ’ল।
\p
\s5
\v 5 আকৌ প্রায় বাৰটা আৰু তাৰ পাছত তিনিটা বজাত তেওঁ ওলাই গৈ, সেই একেদৰেই কৰিলে।
\v 6 পুণৰ প্রায় পাঁচমান বজাত তেওঁ ওলাই গৈ আন কেইজনমানক থিয় হৈ থকা দেখি সিহঁতক সুধিলে, ‘তোমালোকে একো কাম নকৰাকৈ গোটেই দিনতো ইয়াত কিয় থিয় হৈ আছা?
\v 7 সিহঁতে তেওঁক ক’লে, ‘কোনেও আমাক কামত লগোৱা নাই।’ তেতিয়া তেওঁ সিহঁতক ক’লে, ‘তোমালোকো মোৰ দ্ৰাক্ষাবাৰীৰ কামলৈ যোৱা।’
\p
\s5
\v 8 পাছত গধূলি সময়ত, সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে নিজৰ কর্মচাৰীক ক’লে, ‘বনুৱা সকলক মাতি শেষৰ জনৰ পৰা আৰম্ভ কৰি, প্ৰথম জনলৈকে প্রত্যেককে মজুৰী দিয়া।’
\v 9 পাঁচ মান বজাত যি সকলক বনুৱাক কামত লগোৱা হৈছিল, সিহঁতে আহি এক দীনাকৈ পালে।
\v 10 তাতে যি সকল বনুৱাক প্ৰথমে কামত লগোৱা হৈছিল, সিহঁতে বেচিকৈ মজুৰী পাব বুলি মনে মনে ভাবিলে; কিন্তু সিহঁতেও এক এক
\f +
\fr 20.10
\ft এদিনৰ মজুৰি
\f* দীনাৰহে পালে।
\p
\s5
\v 11 সিহঁতে নিজৰ মজুৰী পোৱাৰ পাছত গৰাকীৰ বিৰুদ্ধে অভিযোগ কৰি ক’লে,
\v 12 “আমি গোটেই দিনটো ৰ'দৰ তাপত কাম কৰিলো; কিন্তু এই শেষত অহা বনুৱা সকলে মাত্ৰ এঘন্টা কাম কৰিছে, তথাপিও আপুনি সিহঁতক আমাৰ সমানেই দিলে।
\p
\s5
\v 13 তেতিয়া গৰাকীয়ে সিহঁতৰ মাজৰ এজনক উত্তৰ দিলে, ‘বন্ধু, মই তোমালোকৰ ওপৰত একো অন্যায় কৰা নাই; তোমালোকে জানো মোৰ লগত এক দীনাৰত কাম কৰিবলৈ বন্দৱস্ত কৰা নাছিলা?
\v 14 তোমালোকক যিমান দিছো, এই শেষৰ কেইজনকো সিমান দিবলৈ মোৰ ইচ্ছা; নিজৰ পাবলগীয়াখিনি লৈ তোমালোক গুচি যোৱা৷
\p
\s5
\v 15 যিবোৰ মোৰ নিজৰ বস্তু, সেইবোৰ মই নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰাৰ অধিকাৰ জানো মোৰ নাই? নে মই দয়ালু হোৱাৰ বাবে তোমালোকৰ চকু পুৰিছে ?
\v 16 এইদৰে পাছ হোৱা সকল আগ হ’ব আৰু আগ হোৱা সকল পাছ হ’ব।"
\s নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে তৃতীয় বাৰ জনোৱা
\p
\s5
\v 17 তাৰ পাছত যীচু যিৰূচালেমলৈ যোৱাৰ পথত, বাৰ জন শিষ্যক একাষৰীয়া কৰি মাতি নি ক’লে,
\v 18 "চোৱা, আমি যিৰূচালেমলৈ গৈ আছো; তাত মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ হাতত শোধাই দিয়া হ’ব; তাতে তেওঁলোকে তেওঁক প্ৰাণদণ্ডৰ আজ্ঞা দিব;
\v 19 তেওঁলোকে তেওঁক বিদ্রূপ কৰিবৰ কাৰণে চাবুকেৰে কোবাবলৈ আৰু ক্রুচত দিবলৈ অনা-ইহুদী সকলৰ হাতত শোধাই দিব; কিন্তু তিন দিনৰ দিনা তেওঁক তোলা হ’ব।"
\s চিবদিয়ৰ দুজন পুত্ৰৰ মাকৰ নিবেদন
\p
\s5
\v 20 তাৰ পাছত চিবদিয়ৰ পুতেক দুজনক সিহঁতৰ মাকে লগত লৈ যীচুৰ ওচৰলৈ আহিল আৰু প্ৰণিপাত কৰি তেওঁৰ ওচৰত যাচ্‌না কৰিলে।
\v 21 তেতিয়া যীচুৱে তেওঁক সুধিলে "তুমি কি বিচাৰি আহিছা?" তেওঁ যীচুক ক’লে, "আপুনি এই আদেশ দিয়ক যেন আপোনাৰ ৰাজ্যত মোৰ এই দুটা পুত্ৰৰ এটাই আপোনাৰ সোঁহাতে, আনটোৱে বাওঁহাতে বহিবলৈ পায়।"
\p
\s5
\v 22 যীচুৱে উত্তৰ দি ক’লে, "তোমালোকে কি খুজিছা, সেই বিষয়ে নাজানা। মই যি পাত্ৰত পান কৰিবলৈ গৈছোঁ, তোমোলোকে সেই পাত্ৰত পান কৰিব পাৰিবা নে?" তেওঁলোকে তেওঁক ক’লে 'পাৰিম।'
\v 23 তেওঁ তেওঁলোকক ক’লে, "তোমালোকে মোৰ পান-পাত্ৰত পান কৰিবা হয়, কিন্তু মোৰ সোঁহাতে আৰু বাওঁ হাতে বহিবলৈ দিবৰ বাবে মোৰ ক্ষমতা নাই৷ মোৰ পিতৃয়ে যি লোক সকলৰ কাৰণে ইয়াক যুগুত কৰি ৰাখিছে, তেওঁলোককহে দিয়া হ’ব।"
\v 24 এই কথা শুনি আন দহ জন শিষ্যই এই দুজন ভাই-ককায়েকৰ প্ৰতি অসন্তুষ্ট হ’ল।
\p
\s5
\v 25 তেতিয়া যীচুৱে শিষ্য সকলক মাতি ক’লে, " তোমালোকে এই কথা জানা যে, অনা-ইহুদী সকলৰ শাসনকৰ্ত্তা সকলে তেওঁলোকৰ ওপৰত প্ৰভুত্ত্ব কৰে, আৰু নেতা সকলে তেওঁলোকৰ ওপৰত ক্ষমতা চলায়।
\v 26 তোমালোকৰ মাজত তেনে হোৱা উচিত নহ’য়; তোমালোকৰ মাজত যি কোনোৱে মহান হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ সেৱাকাৰী হওঁক৷
\v 27 যি কোনোৱে তোমালোকৰ মাজত প্ৰথম হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ দাস হওঁক,
\v 28 মানুহৰ পুত্ৰই সেৱা-শুশ্ৰুষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল৷"
\s দুজন অন্ধক চকু দিয়া
\p
\s5
\v 29 পাছত যীচু আৰু তেওঁৰ শিষ্য সকল যিৰীহোৰ পৰা ওলাই যাওঁতে, অনেক লোক যীচুৰ পাছে পাছে গ’ল।
\v 30 তাতে বাটৰ কাষত দুজন অন্ধ বহি আছিল; যীচু সেই বাটেদি যোৱা শুনি সিহঁতে চিঞৰি চিঞৰি কবলৈ ধৰিলে, "হে দায়ুদৰ বংশধৰ আমাক দয়া কৰক।"
\v 31 কিন্তু সিহঁতে যেন মনে মনে থাকে, তাৰ বাবে লোক সকলে ধমকি দিলে; কিন্তু সিহঁতে তেতিয়া পুনৰ বৰকৈ চিঞৰিহে ক’লে, "হে প্ৰভু, দায়ুদৰ বংশৰ সন্তান, আমাক দয়া কৰক।"
\p
\s5
\v 32 তেতিয়া যীচু থমকি ৰ'ল আৰু সিহঁতক মাতি সুধিলে, "তোমালোকে কি বিচাৰা? মই তোমালোকৰ কাৰণে কি কৰিম ?"
\v 33 সিহঁতে যীচুক ক’লে, "হে প্ৰভু, আমাৰ চকু মুকলি কৰক।"
\v 34 তেতিয়া সিহঁতলৈ মৰম লাগি যীচুৱে সিহঁতৰ চকু চুলে; তেতিয়াই সিহঁতে দেখা পালে আৰু তেওঁৰ পাছে পাছে গ’ল।
\s5
\c 21
\cl ২১ অধ্যায়।
\s যীচুৰ যিৰূচালেমলৈ জয়-যাত্ৰা
\p
\v 1 যীচু আৰু তেওঁৰ শিষ্য সকল যিৰূচালেমৰ ওচৰৰ জৈতুন পৰ্ব্বতৰ বৈৎফগীলৈ আহিল, তেতিয়া যীচুৱে দুজন শিষ্যক এই কথা কৈ পঠিয়ালে,
\v 2 "তোমালোক সন্মুখৰ গাওঁখনলৈ যোৱা; তাতে বান্ধি থোৱা গাধ এজনী পোৱালীয়ে সৈতে পাবা; সেই দুটা মোৰ বাবে খুলি আনাগৈ।
\v 3 যদি তোমালোকক কোনোবাই কিবা কয়, তেন্তে তোমালোকে কবা,"প্ৰভুৰ এই দুটাৰ প্ৰয়োজন আছে, তাতে তেওঁ লগে লগেই তোমাক দি পঠাব।"
\q1
\s5
\v 4 যি বচন ভাববাদীৰ দ্বাৰাই কোৱা হৈছিল, এইটো সম্পূর্ণ হওঁক,
\q1
\v 5 "তোমালোকে চিয়োন-জীয়ৰীক কোৱা,
\q1 চোৱা, তোমাৰ ৰজা তোমাৰ ওচৰলৈ আহিছে,
\q1 তেওঁ নম্ৰ হৈ, গাধৰ ওপৰত বহি,
\q1 অৰ্থাৎ গাধ পোৱালিৰ ওপৰত উঠি৷"
\p
\s5
\v 6 সেই বচন সিদ্ধ হবলৈ এয়ে ঘটিল; তেতিয়া শিষ্য সকলে গৈ যীচুৱে দিয়া আদেশ অনুসৰি আদেশ দিয়াৰ দৰেই কৰি,
\v 7 গাধজনী আৰু পোৱালিটো আনিলে, সিহঁতৰ পিঠিত তেওঁলোকৰ কাপোৰ পাৰি দিলে, তেওঁ তাৰ ওপৰত বহিল।
\v 8 আৰু লোকসমূহৰ অধিক ভাগে নিজৰ নিজৰ কাপোৰ বাটত পাৰি দিলে; আনসকলে গছৰ ডালকে কাটি কাটি, বাটত পাৰি দিলে;
\p
\s5
\v 9 আৰু তেওঁৰ আগে-পাছে যোৱা লোকসমূহে ৰিঙিয়াই ক’লে
\q1 ,"জয়! জয়! দায়ুদৰ বংশৰ সন্তান৷"
\q1 যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য;
\q1 উৰ্দ্ধলোকত জয়ধ্বনি হওঁক!"
\m
\v 10 যেতিয়া যীচু যিৰূচালেমত প্ৰৱেশ কৰিলে, লোকসকল উৎফুল্লিত হৈ কবলৈ ধৰিলে "এই জন কোন?"
\v 11 তাতে লোক সকলে ক’লে, "এওঁ গালীলৰ নাচৰতৰ পৰা অহা ভাৱবাদী যীচু।"
\p
\s5
\v 12 পাছত যীচু ঈশ্বৰৰ মন্দিৰত সোমাল, তাত যি সকলে মন্দিৰৰ ভিতৰত বেচা-কিনা কৰে, তেওঁলোকক বাহিৰ কৰিলে আৰু ধন সলোৱা সকলৰ মেজ আৰু কপৌ বেচাবোৰৰ আসন লুটিয়াই পেলালে।
\v 13 যীচুৱে তেওঁলোকক ক’লে, "এইটো লিখা আছে, 'মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ কোৱা হ’ব, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিছা।"
\v 14 তেতিয়া অন্ধ আৰু খোৰা সকল ধৰ্ম্মধামলৈ আহিল আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
\p
\s5
\v 15 কিন্তু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁ কৰা আচৰিত কৰ্মবোৰ দেখি আৰু যেতিয়া ল'ৰাবোৰে মন্দিৰত চিঞৰি "জয়! জয়! দা্য়ূদৰ বংশৰ সন্তান", এই বুলি কোৱা শুনি তেওঁলোক ক্ষোভিত হ'ল৷
\v 16 তেতিয়া তেওঁলোকে যীচুক ক’লে, "লোক সকলে কি কৈছে তুমি শুনিছা নে?" যীচুৱে তেওঁলোকক ক'লে, "হয়! তোমালোকে কেতিয়াও পঢ়া নাই নে, 'তুমি শিশু আৰু কেচুৱাবোৰৰ মুখৰ পৰা স্তুতি সস্পূৰ্ণ কৰিলা?'
\v 17 পাছত তেওঁ তেওঁলোকক এৰি নগৰৰ পৰা ওলাই বৈথনিয়া গাঁৱলৈ গ'ল আৰু ৰাতিতো তাতেই থাকিল।
\s ফলহীন ডিমৰু গছক শাও দিয়া
\p
\s5
\v 18 ৰাতিপুৱা নগৰলৈ ঘূৰি আহোতে তেওঁৰ ভোক লাগিল৷
\v 19 এনেতে বাটৰ কাষত এজোপা ডিমৰু গছ দেখা পালে আৰু তেওঁ ওচৰলৈ গ'ল, কিন্তু পাতৰ বাহিৰে একো নোপোৱাত, তেওঁ ক’লে, "এতিয়াৰ পৰা এই গছত কেতিয়াও ফল নধৰক"। লগে লগেই সেই ডিমৰু জোপা শুকাই গ'ল৷
\p
\s5
\v 20 যেতিয়া শিষ্য সকলে সেই গছ জোপাৰ অৱস্থা দেখা পালে, তেতিয়া তেওঁলোকে বিস্ময় মানি ক’লে, "এই ডিমৰু গছ জোপা অকস্মাৎ কেনেকৈ শুকাই গ’ল?"
\v 21 যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, "মই তোমালোকক সচাঁকৈ কওঁ, তোমালোকে যদি ভয় নকৰি বিশ্বাস কৰা তেন্তে কেৱল ডিমৰু গছকে এইদৰে কৰিব পাৰিবা এনে নহয় কিন্তু এই পৰ্ব্বতটোক যদি কোৱা, ইয়াৰ পৰা উঠি সাগৰত পৰ গৈ, তেতিয়া সিওঁ হ’ব।
\v 22 তোমালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি যি খোজা সকলোকে পাবা।"
\s যীচুৰ ক্ষমতাৰ বিষয়ে প্ৰশ্ন
\p
\s5
\v 23 যীচু মন্দিৰলৈ আহি উপদেশ দি থকাৰ সময়ত, প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকল তেওঁৰ ওচৰলৈ আহি সুধিলে, "তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা? এই ক্ষমতা তোমাক কোনে দিলে?"
\v 24 যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, "ময়ো তোমালোকক এই কথা সোধোঁ; যদি তোমালোকে মোক কোৱা, তেন্তে ময়ো, কি ক্ষমতাৰে এইবোৰ কৰিছোঁ, তাক তোমালোকক কম।
\p
\s5
\v 25 বাপ্তিস্ম দিওঁতা যোহন- তেওঁ কৰ পৰা আহিছে? স্বৰ্গৰ পৰা নে মানুহৰ পৰা?" তাতে তেওঁলোকে পৰস্পৰে আলোচনা কৰি ক'লে, আমি যদি কওঁ স্বৰ্গৰ পৰা, তেওঁ আমাক ক'ব, তেন্তে কিয় তেওঁত বিশ্বাস নকৰিলা?
\v 26 কিন্তু আমি যদি কওঁ 'মানুহৰ পৰা', তেন্তে লোক সকললৈ আমাৰ ভয় লাগে; কিয়নো সকলোৱে যোহনক ভাৱবাদী বুলি মানে।"
\v 27 পাছত তেওঁলোকে যীচুক উত্তৰ দি ক’লে, "আমি নাজানো।" তেতিয়া তেৱোঁ তেওঁলোকক ক’লে, "তেন্তে কি ক্ষমতাৰে এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো তোমালোকক নকওঁ।"
\s দুজন পুত্ৰৰ দৃষ্টান্ত
\p
\s5
\v 28 কিন্তু তোমালোকে কি ভাবা? এজন মানুহৰ দুজন পুতেক আছিল; তেওঁ প্ৰথমজনৰ ওচৰলৈ গৈ ক’লে, 'বোপা তুমি আজি দ্ৰাক্ষাবাৰীত কাম কৰাগৈ।'
\v 29 তাতে সি পিতাকক উত্তৰ দিলে, মই নাযাওঁ; কিন্তু পাছত মনত অনুশোচনা কৰি গ’ল।
\v 30 দ্বিতীয়জনৰ ওচৰলৈকো গৈ, সেই একে কথাকে ক’লে। তাতে তেওঁ উত্তৰ দিলে, "মই যাম পিতা; পিতা তেওঁ নগ'ল।
\p
\s5
\v 31 এই দুয়োৰো মাজত পিতাকৰ ইচ্ছা কোনজনে পালন কৰিলে? তেওঁলোকে ক’লে, প্ৰথমজনে। "যীচুৱে তেওঁলোকক ক’লে, "মই তোমালোকক সঁচাকৈ কওঁ, কৰ সংগ্রহকৰী আৰু বেশ্যাবোৰে তোমালোকৰ আগেয়ে ঈশ্বৰৰ ৰাজ্যত সোমাব।
\v 32 কিয়নো যোহন ধৰ্ম্মপথে তোমালোকৰ ওচৰলৈ আহিল, তথাপি তোমালোকে তেওঁত বিশ্বাস নকৰিলা; কিন্তু কৰ সংগ্রহকৰী আৰু বেশ্যাবোৰে তেওঁত বিশ্বাস কৰিলে; তোমালোকে তাক দেখিও, পাছত বিশ্বাস কৰিবলৈকো অনুতাপ নকৰিলা।
\s কেইজনমান বিশ্বাসঘাতক খেতিয়কৰ দৃষ্টান্ত
\p
\s5
\v 33 আৰু এটা দৃষ্টান্ত শুনা। এজন মানুহ আছিল; তেওঁ দ্ৰাক্ষাবাৰী পাতি, তাৰ চাৰিওফালে বেৰা দি, মাজত পেৰাশাল পাতি, টঙিও সাজিলে; পাছত তেওঁ খেতিয়ক সকলৰ হাতত গতাই দি, আন দেশলৈ গ’ল।
\v 34 যেতিয়া দ্ৰাক্ষাগুটি চপোৱাৰ বতৰ ওচৰ হ’ল, তেওঁ নিজৰ গুটি পাবলৈ, খেতিয়ক সকলৰ ওচৰলৈ তেওঁৰ দাসবোৰক পঠাই দিলে।
\p
\s5
\v 35 কিন্তু দ্ৰাক্ষাবাৰীৰ খেতিয়ক সকলে তেওঁৰ দাসবোৰক ধৰি, এজনক কোবালে, এজনক বধ কৰিলে, এজনক শিল দলিয়াই মাৰিলে।
\v 36 পুনৰায় তেওঁ আগতকৈ অধিক দাস পঠালে; তাতে সিহতকো সেই একেদৰে ব্যৱহাৰ কৰিলে।
\v 37 পাছত দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে 'পুত্ৰক আদৰ কৰিব বুলি', সিহঁতৰ ওচৰলৈ পঠালে।
\p
\s5
\v 38 কিন্তু খেতিয়ক সকলে পুত্ৰক দেখি, পৰস্পৰে ক’লে, এওঁৱেই উত্তৰাধিকাৰী; আহা, আমি এওঁক বধ কৰোহঁক, তাতে তেওঁৰ উত্তৰাধিকাৰ আমাৰ হ’ব।
\v 39 এই বুলি সিহতে তেওঁক ধৰি, দ্ৰাক্ষাবাৰীৰ বাহিৰলৈ নি বধ কৰিলে।
\p
\s5
\v 40 এনে স্থলত সেই দ্ৰাক্ষাবাৰীৰ গৰাকী জন আহিলে, সেই খেতিয়ক সকলক কি কৰিব?"
\v 41 লোক সকলে তেওঁক ক’লে, "তেওঁ সেই দুৰ্জনবোৰক নিষ্ঠুৰভাবে সংহাৰ কৰিব, আৰু যি সকলে বতৰত ফলবোৰ শোধাই দিব, এনে আন খেতিয়ক সকলৰ হাতত সেই দ্ৰাক্ষাবাৰী গতাই দিব।"
\p
\s5
\v 42 যীচুৱে তেওঁলোকক ক’লে,"এই বচন তোমালোকে ধর্ম্মশাস্ত্ৰত পঢ়া নাই নে,
\q1 ঘৰ-সজা সকলে যি শিল অগ্ৰাহ্য কৰিলে,
\q1 সেয়ে চুকৰ প্ৰধান শিল হ’ল;
\q1 এয়ে প্ৰভুৰ পৰা হ’ল,
\q1 আৰু আমাৰ দেখাত আচৰিত?'
\m
\s5
\v 43 এই হেতুকে মই তোমালোকক কওঁ, তোমালোকৰ পৰা ঈশ্বৰৰ ৰাজ্য নিয়া হ'ব, আৰু তাৰ ফল উৎপন্ন কৰা জাতিক দিয়া হ’ব।
\v 44 এই শিলৰ ওপৰত যি কোনো পৰিব. তেওঁ ডোখৰ ডোখৰকৈ ভাগি যাব; কিন্তু যাৰ ওপৰত এই শিল পৰিব, তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব।"
\p
\s5
\v 45 তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে তেওঁৰ এই দৃষ্টান্তবোৰ শুনি, তেওঁ যে তেওঁলোকৰ বিষয়ে কৈছে এই কথা বুজি পালে।
\v 46 কিন্তু তেওঁলোকে তেওঁক ধৰিবলৈ ছল বিচাৰোতে, লোক সকললৈ ভয় কৰিলে; কিয়নো লোক সকলে তেওঁক ভাববাদী বুলি মানিছিল।
\s5
\c 22
\cl ২২ অধ্যায়।
\s বিয়াৰ ভোজৰ দৃষ্টান্ত
\p
\v 1 যীচুৱে উত্তৰ দিলে, আৰু দৃ্ষ্টান্তৰে তেওঁলোকৰ লগত কথা পাতি ক’লে যে,
\v 2 "স্বৰ্গৰাজ্যৰ তুলনা এনে এজন ৰজাৰ লগত দিয়া যায়, যি জনে তেওঁৰ পুতেকৰ বিয়াৰ ভোজ পাতি,
\v 3 এই ভোজলৈ নিমন্ত্ৰণ কৰিবলৈ তেওঁৰ দাসবোৰক পঠাই দিলে, কিন্তু নিমন্ত্ৰিত সকল আহিবলৈ মন নকৰিলে।
\p
\s5
\v 4 পুনৰায় তেওঁ আন দাসবোৰক এই আদেশ দি পঠালে, "যি সকলক নিমন্ত্ৰণ কৰা হৈছে তেওঁলোকক কোৱা গৈ, "চোৱা, মই ভোজ যুগুত কৰিলোঁ; মোৰ বলধ আদি হৃষ্টপুষ্ট পশু মৰা হৈছে, আৰু সকলো সম্পূর্ণ হ’ল; তোমালোকে বিয়াৰ ভোজলৈ আহা।"
\s5
\v 5 কিন্তু তেওঁলোকে অৱহেলা কৰি কোনোৱে নিজৰ খেতিলৈ আৰু কোনোৱে নিজৰ বেহা-বেপাৰলৈ ওলাই গ’ল।
\v 6 আৰু অৱশিষ্টবোৰে তেওঁৰ সেই দাসবোৰক ধৰি, অপমান কৰি বধ কৰিলে।
\v 7 তাতে ৰজাৰ খং উঠি, তেওঁৰ সৈন্য সকলক পঠিয়াই, সেই নৰবধীবোৰক সংহাৰ কৰি, সিহঁতৰ নগৰ খন পুৰি পেলালে।
\s5
\v 8 তেতিয়া তেওঁৰ দাসবোৰক ক’লে, বিয়াৰ ভোজ যুগুত হৈ আছে, কিন্তু নিমন্ত্ৰিত সকল যোগ্য নাছিল;
\v 9 এই কাৰণে তোমালোকে ৰাজপথৰ চাৰিআালিলৈ গৈ যিমান মানুহ পোৱা, সেই আটাই লোককে বিয়াৰ উৎসৱলৈ নিমন্ত্ৰণ কৰাগৈ।
\v 10 তেতিয়া সেই দাসবোৰে বাটলৈ ওলাই গৈ, ভাল বেয়া যিমান মানুহ পালে, সেই সকলোকে গোটাই আনিলে; তাতে আলহী সকলৰ বিয়া-ঘৰ ভৰি পৰিল।
\p
\s5
\v 11 কিন্তু ৰজাই আলহী সকলক চাবলৈ ভিতৰলৈ আহোতে বিয়া কাপোৰ নিপিন্ধা এজন মানুহ দেখি সুধিলে,
\v 12 "হে মিত্ৰ, বিয়াৰ কাপোৰ নোহোৱাকৈ তুমি নো ইয়াত কেনেকৈ সোমালা?
\p তেতিয়া তেওঁ অবাক হ’ল;
\s5
\v 13 তেতিয়া ৰজাই তেওঁৰ দাস সকলক ক’লে, 'ইয়াক হাত-ভৰি বান্ধি, বাহিৰৰ আন্ধাৰত পেলাই দিয়া; তাতে ক্ৰন্দন আৰু দাত কৰচনি হ’ব'।
\v 14 কিয়নো নিমন্ত্ৰিত লোক অনেক, কিন্তু মনোনিত লোক তাকৰ।"
\s চীজাৰক কৰ দিয়াৰ বিষয়ে প্ৰশ্ন
\p
\s5
\v 15 তাৰ পাছত ফৰীচী সকল গ'ল, আৰু কেনেকৈ যীচুক তেওঁ নিজে কোৱা কথাত বন্দী কৰিব পাৰে, সেই বিষয়ত পৰিকল্পনা কৰিব ধৰিলে৷
\v 16 এনে মন্ত্ৰণা কৰি, তেওঁলোকে হেৰোদিয়া মানুহৰ সৈতে তেওঁলোকৰ শিষ্য সকলক তেওঁৰ ওচৰলৈ পঠিয়ালে৷ তেওঁলোকে যীচুক ক'লে, "হে গুৰু, আপুনি সত্য, আৰু সত্যৰূপে ঈশ্বৰৰ পথ দেখুৱাইছে, কোনো ব্যক্তিৰ সৈতে পক্ষপাতিত্বও নকৰে ।
\v 17 গতিকে আমাক কওঁকচোন, 'চীজাৰক কৰ দিয়া ন্যায় সঙ্গত হয় নে নহয়'? এই বিষয়ে আপুনি কি ভাৱে, চীজাৰক কৰ দিব পায় নে নাপায়?"
\p
\s5
\v 18 যীচুৱে তেওঁলোকৰ দুষ্টতা বুজি পাই ক’লে, "হে কপটীয়া সকল, কিয় মোক পৰীক্ষা কৰিছা?
\v 19 কৰ দিয়া ধন মোক দেখুওৱা৷" তেতিয়া তেওঁলোকে তেওঁৰ আগলৈ আধলি এটা আনিলে।
\p
\s5
\v 20 যীচুৱে তেওঁলোকক সুধিলে, "এই প্ৰতিমূৰ্ত্তি আৰু নাম কাৰ?"
\v 21 তেতিয়া তেওঁলোকে তেওঁক ক’লে, "চীজাৰৰ"৷ তেতিয়া যীচুৱে তেওঁলোকক ক'লে, "তেন্তে যি চীজাৰৰ, সেয়া চীজাৰক দিয়া আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়া।"
\v 22 এই কথা শুনি তেওঁলোকে বিস্ময় মানিলে৷ পাছত তেওঁলোকে তেওঁক
\f +
\f* এৰি গুচি গ’ল।
\s মৃত লোকৰ পুনৰুত্থানৰ বিষয়ে প্ৰশ্ন
\p
\s5
\v 23 সেইদিনা পুনৰুত্থান বিশ্বাস নকৰা চদ্দূকী সকল তেওঁৰ ওচৰলৈ আহিল৷ তেওঁলোকে তেওঁক সুধিলে,
\v 24 "হে গুৰু মোচিয়ে ক'লে, কোনো মানুহ যদি সন্তান নোহোৱাকৈ মৰে, তেন্তে ভায়েকে তেওঁৰ পত্নীক বিয়া কৰাই ককায়েকলৈ বংশ উৎপন্ন কৰিব।
\p
\s5
\v 25 আমাৰ ইয়াত সাত জন ভাই-ককাই আছিল; প্ৰথম জনে বিয়া কৰালে আৰু সন্তান নোহোৱাকৈ মৰি, তেওঁৰ তিৰোতাক ভায়েকলৈ এৰি গ’ল।
\v 26 পাছত দ্বিতীয়, তৃতীয় আদি কৰি সাতো জন ভাই একেদৰে কৰিলে আৰু মৰিল।
\v 27 সকলোৰে পাছত সেই তিৰোতা জনী মৰিল।
\v 28 তেন্তে পুনৰুত্থানত তেওঁ সেই সাত জনৰ ভিতৰত কোন জনৰ পত্নী হব? কিয়নো সকলোৱে তেওঁক বিয়া কৰাইছিল।"
\p
\s5
\v 29 যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, "তোমালোকে ধৰ্ম্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰম নাজানি ভুল কৰিছা।
\v 30 কিয়নো পুনৰুত্থানত বিয়া নকৰাই, বিয়া দিয়াও নহয়; কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।
\p
\s5
\v 31 মৃত সকলৰ পুনৰুত্থানৰ বিষয়ে যি বাক্য ঈশ্বৰৰ দ্বাৰাই তোমালোকক কোৱা হৈছিল বোলে,
\v 32 'মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ; তেওঁ মৃত সকলৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত সকলৰহে ঈশ্বৰ।"
\v 33 ইয়াকে শুনি, লোক সকলে তেওঁৰ উপদেশত বিস্ময় মানিলে।
\s প্ৰধান আজ্ঞাৰ বিষয়ে প্ৰশ্ন
\p
\s5
\v 34 যেতিয়া ফৰীচী সকলে শুনিলে যে, যীচুৱে চদ্দূকী সকলক নিৰুত্তৰ কৰিছে, তেতিয়া তেওঁলোক এক গোট হ'ল;
\v 35 তেওঁলোকৰ মাজৰ এজন বিধান পণ্ডিতে তেওঁক পৰীক্ষা কৰি সুধিলে-
\v 36 "হে গুৰু, বিধানৰ কোনটো আজ্ঞা প্ৰধান?"
\p
\s5
\v 37 যীচুৱে তেওঁক ক’লে, ''তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা৷'
\v 38 এইটোৱেই প্ৰধান আৰু প্ৰথম আজ্ঞা।
\p
\s5
\v 39 এইদৰে দ্বিতীয়টো আজ্ঞা হ'ল- 'তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা।'
\v 40 এই দুটা আজ্ঞাকে গোটেই বিধান আৰু ভাৱবাদী সকলে নির্ভৰ কৰে।"
\s দায়ুদৰ সন্তানৰ বিষয়ে প্ৰশ্ন
\p
\s5
\v 41 ফৰীচী সকল গোট খাই থাকোঁতে, যীচুৱে তেওঁলোকক এটা প্ৰশ্ন সুধিলে,
\v 42 তেওঁ সুধিলে , "খ্ৰীষ্টৰ বিষয়ে তোমালোকৰ মনে কি ধৰে? তেওঁ কাৰ সন্তান?" তেওঁলোকে তেওঁক ক’লে, "দায়ুদৰ সন্তান।"
\p
\s5
\v 43 যীচুৱে তেওঁলোকক ক’লে, "তেনেহলে দায়ুদে কেনেকৈ আত্মাৰ দ্বাৰাই প্ৰভু বুলিলে আৰু ক'লে,
\q1
\v 44 প্ৰভুৱে মোৰ প্ৰভুক ক’লে, মই
\q1 তোমাৰ শত্ৰুবোৰক তোমাৰ চৰণৰ অধিন নকৰালৈকে,
\q1 মোৰ সোঁহাতে বহি থাকা৷
\p
\s5
\v 45 এতেকে দায়ুদে যদি খ্ৰীষ্টক প্ৰভু বোলে, 'তেন্তে তেওঁ কেনেকৈ তেওঁৰ সন্তান হ’ব পাৰে?"
\v 46 কোনেও তেওঁক একো উত্তৰ দিব নোৱাৰিলে; আৰু সেই দিনাৰে পৰা তেওঁক কোনো কথা সুধিবলৈকো কাৰো সাহস নহ’ল।
\s5
\c 23
\cl ২৩ অধ্যায়।
\s যীচুৱে ফৰীচী আৰু অধ্যাপক সকলৰ দোষ দেখুওৱা
\p
\v 1 তেতিয়া যীচুৱে লোক সকলক আৰু তেওঁৰ শিষ্য সকলক ক’লে,
\v 2 তেওঁ ক'লে "অধ্যাপক আৰু ফৰীচী সকল মোচিৰ' আসনত বহি আছে৷
\v 3 এই কাৰণে তেওঁলোকে তোমালোকক যি আজ্ঞা দিয়ে, সেই সকলোকে পালন আৰু মান্য কৰিবা; কিন্তু তেওঁলোকৰ কৰ্মৰ দৰে নকৰিবা; কিয়নো তেওঁলোকে কয়, কিন্তু নকৰে।
\p
\s5
\v 4 হয়, তেওঁলোকে গধূৰ আৰু অসহনীয় ভাৰ বান্ধি মানুহবোৰৰ কান্ধত দিয়ে, কিন্তু নিজে এটা আঙুলিৰেও সেই ভাৰ লৰাবলৈ ইচ্ছা নকৰে।
\v 5 তেওঁলোকে মানুহক দেখুৱাবলৈ নিজৰ সকলো কৰ্ম কৰে; কিয়নো তেওঁলোকে নিজৰ নিজৰ তাবিজ ডাঙৰকৈ লয়, আৰু কাপোৰৰ দহি দীঘলকৈ ৰাখে৷
\p
\s5
\v 6 ভোজত প্ৰধান ঠাই, আৰু নাম-ঘৰত প্ৰধান আসন,
\v 7 হাট-বজাৰত নমস্কাৰ আৰু লোক সকলে 'ৰব্বি' সম্বোধন কৰা, তেওঁলোকে এইবোৰ ভালপায়।
\p
\s5
\v 8 কিন্তু তোমালোকে হ’লে, "ৰব্বি' বুলি মতা নহ’বা; কিয়নো এজন তোমালোকৰ গুৰু আছে, আৰু তোমালোক সকলো ভাই ভাই।
\v 9 পৃথিবীত কাকো পিতৃ বুলি নামাতিবা; কিয়নো এজন, অৰ্থাৎ স্বৰ্গত থকা জনাই তোমালোকৰ পিতৃ।
\v 10 আৰু তোমালোক আচাৰ্য্য বুলি মতা নহ’বা; কিয়নো এজন, অৰ্থাৎ খ্ৰীষ্টই তোমালোকৰ আচাৰ্য্য।
\p
\s5
\v 11 কিন্তু তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ তোমালোকৰ পৰিচাৰক হ’ব।
\v 12 যি কোনোৱে নিজকে নিজে বৰ বুলি মানিব, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে নিজে সৰু বুলি মানিব, তেওঁক বৰ কৰা হ’ব।
\p
\s5
\v 13 কিন্তু হায় হায় কপটীয়া অধ্যাপক আৰু ফৰীচী সকল! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো মানুহবোৰৰ আগত তোমালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছা; কাৰণ তোমালোকে নিজেও নোসোমোৱা, আৰু সোমাবলৈ ধৰা সকলকো সোমাবলৈ নিদিয়া।
\v 14 হায় হায় কপটীয়া, অধ্যাপক আৰু ফৰীচী সকল! তোমালোকে বাৰী-বিধৱা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰা আৰু দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰা, এই হেতুকে তোমালোকে অধিক দণ্ড পাবা।
\v 15 হায় হায় কপটীয়া, অধ্যাপক আৰু ফৰীচী সকল! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকে এজনক ইহুদী ধৰ্ম্ম লোৱাবলৈ, সাগৰ আৰু পৃথিৱী ঘূৰি ফুৰা; আৰু যেয়ে লয়, সেই জনক নিজতকৈয়ো দুগুণ নৰকী কৰা।
\p
\s5
\v 16 হায় হায় অন্ধ পথ প্ৰর্দশক! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকে কোৱা যে, মন্দিৰত ধৰি শপত খালে একো নহয়; কিন্তু যি জনে মন্দিৰৰ সোণত ধৰি শপত খায়, তেওঁহে ধৰুৱা হয়।
\v 17 হে নিৰ্ব্বোধ আৰু অন্ধ সকল, সোণ আৰু সোণক পবিত্ৰ কৰা যি মন্দিৰ, এই দুয়োৰো মাজত কোনটো শ্ৰেষ্ঠ?
\p
\s5
\v 18 তোমালোকে কোৱা যে, বেদিত ধৰি শপত খালে, একো নহয়; কিন্তু যি জনে তাৰ ওপৰৰ নৈবেদ্যত ধৰি শপত খায়, তেওঁহে ধৰুৱা।
\v 19 হে অন্ধ সকল, নৈবেদ্য আৰু নৈবেদ্যক পবিত্ৰ কৰা যি বেদি, এই দুয়োৰো মাজত কোনটো শ্ৰেষ্ঠ?
\p
\s5
\v 20 এতেকে যি কোনোৱে বেদিত ধৰি শপত খায়, তেওঁ বেদিত আৰু তাৰ ওপৰৰ সকলোতে ধৰি শপত খোৱা হয়;
\v 21 আৰু যি কোনোৱে মন্দিৰত ধৰি শপত খায়, তেওঁ মন্দিৰ আৰু তাত বাস কৰা জনতো ধৰি শপত খোৱা হয়।
\v 22 যি কোনোৱে স্বৰ্গৰ নামে শপত খায়, তেওঁ ঈশ্বৰৰ সিংহাসন আৰু তাৰ ওপৰত বহা জনৰ নামেৰেও শপত খায়।
\p
\s5
\v 23 হায় হায় কপটীয়া, অধ্যাপক আৰু ফৰীচী সকল! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকে পদিনা, গুৱামুৰি, আৰু জীৰাৰ দশম ভাগ দান কৰা, কিন্তু বিধানৰ মাজৰ গুৰুত্বপূৰ্ণ যি ভাগ, ন্যায়-বিচাৰ, দয়া আৰু বিশ্বাস, এইবোৰৰ ভাগ এৰিলাহঁক। কিন্তু এইবোৰ পালন কৰা, আৰু সেইবোৰক ত্যাগ নকৰা তোমালোকৰ উচিত আছিল।
\v 24 হে অন্ধ পথদৰ্শক সকল, তোমালোকে পোক এটাকে ছেকি পেলাই, উটকে গিলাহঁক!
\p
\s5
\v 25 হায় হায় কপটীয়া, অধ্যাপক আৰু ফৰীচী সকল! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকে বাটি-কাঁহীৰ বাহিৰ ফাল নিকা কৰা, কিন্তু ভিতৰ ফাল অপহৰণ আৰু অতিশয্যৰে পৰিপূৰ্ণ।
\v 26 হে অন্ধ ফৰীচী সকল, আগেয়ে বাটি-কাহীঁৰ ভিতৰ ফাল নিকা কৰা, তেতিয়াহে তাৰ বাহিৰ ফালো নিকা হ’ব।
\p
\s5
\v 27 হায় হায় কপটীয়া, অধ্যাপক আৰু ফৰীচী সকল! তোমালোক সন্তাপৰ পাত্ৰ৷ তোমালোক বগাকৈ লিপা মৈদামৰ নিচিনা; সেইবোৰৰ বাহিৰফালে দেখিবলৈ সুন্দৰ, কিন্তু ভিতৰফালে মৰা মানুহৰ হাড় আৰু সকলো প্ৰকাৰ মলিৰে পৰিপূৰ্ণ৷
\v 28 সেইদৰে তোমালোকো বাহিৰ ফালে মানুহে দেখাত ধাৰ্মিক; কিন্তু ভিতৰত, কপট আৰু অধৰ্মেৰে পূৰ হৈ আছা।
\p
\s5
\v 29 হায় হায় কপটীয়া, অধ্যাপক আৰু ফৰীচী সকল। তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকে ভাববাদী সকলৰ মৈদাম বান্ধিছা, আৰু ধাৰ্ম্মিক সকলৰ মৈদাম শোভিত কৰিছা৷
\v 30 তোমালোকে কোৱা যে, 'আমাৰ পূৰ্ব্বপুৰুষ সকলৰ দিনত আমি থকা হ’লে, ভাৱবাদী সকলৰ ৰক্তপাতত তেওঁলোকৰ সহভাগী নহলোহেঁতেন।'
\v 31 এইদৰে, তোমালোক যে ভাববাদী সকলক বধ কৰোতা সকলৰ সন্তান, এই বিষয়ে তোমালোকে নিজেই নিজৰ পক্ষে সাক্ষ্য দিছা।
\p
\s5
\v 32 এই হেতুকে চোৱা, তোমালোকেও নিজৰ পূৰ্ব্ব-পুৰুষ সকলৰ জোখৰ পাত্ৰ পূৰ কৰা।
\v 33 হে সৰ্পগণ, কালসৰ্পৰ বংশ, তোমালোকে নো কেনেকৈ নৰকৰ দণ্ডৰ পৰা সাৰিবা?
\p
\s5
\v 34 এই কাৰণে চোৱা, মই তোমালোকৰ ওচৰলৈ ভাৱবাদী, জ্ঞানী আৰু অধ্যাপক সকলক পঠাওঁ; তেওঁলোকক তোমালোকে বধ কৰিবা, ক্ৰুচত দিবা; কিছুমানক তোমালোকে নাম-ঘৰত কোবাবা, আৰু নগৰে নগৰে তাড়না কৰিবা।
\v 35 তাতে ধাৰ্ম্মিক হেবলৰ ৰক্তপাতৰ পৰা, বৰখিয়াৰ পুতেক যি জখৰিয়াক তোমালোকে মন্দিৰ আৰু বেদিৰ মাজত বধ কৰিলা, তেওঁৰ ৰক্তপাতলৈকে পৃথিবীৰ ওপৰত সকলো ধাৰ্ম্মিকৰ ৰক্তপাতৰ দোষ তোমালোকৰ ওপৰত পৰিব।
\v 36 মই তোমালোকক সঁচাকৈ কওঁ, এইবোৰ এই কালৰ লোক সকললৈ হ'ব ।
\s যিৰূচালেমৰ কাৰণে বিলাপ
\p
\s5
\v 37 যিৰূচালেম, যিৰূচালেম, যি জনে ভাববাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলক শিল দলিয়াই মাৰে, কিমান বাৰ মই তোমালোকৰ সন্তান সকলক একলগ কৰিবলৈ যত্ন কৰিলো, কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোমাৰ সন্তানবোৰক চপাই লবলৈ ইচ্ছা কৰিছিলোঁ, কিন্তু তুমি সন্মত নহলা।
\v 38 চোৱা, তোমাৰ ঘৰ তোমাৰ বাবে পৰিত্যক্ত হৈছে;
\v 39 কিয়নো মই তোমাক কওঁ, প্ৰভুৰ নামেৰে যি জন আহিছে তেওঁ ধন্য, এই কথা নোকোৱালৈকে তোমালোকে এতিয়াৰ পৰা পুনৰ মোক দেখিবলৈ নাপাবা।"
\s5
\c 24
\cl ২৪ অধ্যায়।
\s যিৰূচালেমৰ বিনাশ; যীচুৰ পুনৰাগমনৰ বিষয়ে জনোৱা
\p
\v 1 যীচু ধৰ্ম্মধামৰ পৰা ওলাই যাওঁতে, তেওঁৰ শিষ্য সকলে তেওঁক ধৰ্ম্মধামৰ গাঁথনিবোৰ দেখুৱাবলৈ ওচৰলৈ আহিল।
\v 2 কিন্তু তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, "তোমালোকে এই সকলোকে নেদেখিছা নে? মই তোমালোকক স্বৰূপকৈ কওঁ, যি শিল পেলোৱা নহব, ইয়াত এনে এটা শিলো আন এটা শিলৰ ওপৰত ৰখা নহ’ব।"
\p
\s5
\v 3 পাছত তেওঁ যেতিয়া জৈতুন পৰ্ব্বতৰ ওপৰত বহিল, তেতিয়া শিষ্য সকলে গুপুতে তেওঁৰ ওচৰলৈ আহি সেই বিষয়ে সুধিলে, "এইবোৰ কেতিয়া হ’ব? আপোনাৰ আগমণ আৰু এই জগতৰ শেষ হোৱাৰ চিন কি? সেই বিষয়েও আমাক কওঁক।"
\v 4 তেতিয়া যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, "কোনেও যেন তোমালোকক নুভুলায়, এই বিষয়ে সাৱধান হোৱা।
\v 5 কিয়নো অনেকে মোৰ নামেৰে আহি, 'মই খ্ৰীষ্ট' বুলি অনেকক ভুলাব।
\p
\s5
\v 6 তোমালোকে ৰণৰ কথা আৰু যুদ্ধৰ সম্ভাৱনাৰ বাতৰি শুনিবা৷ সাৱধান হোৱা, ব্যাকুল নহ’বা; কিয়নো এইদৰে ঘটিব লাগে; কিন্তু তেতিয়াও শেষ নহব।
\v 7 জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্যৰ উঠিব, ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হ’ব৷
\v 8 এই সকলো মাথোন প্ৰসৱ যাতনাৰ আৰম্ভণিহে।
\p
\s5
\v 9 সেই কালত ক্লেশভোগ কৰিবলৈ মানুহবোৰে তোমালোকক শত্ৰুৰ হাতত শোধাই দিব, বধো কৰিব৷ মোৰ নামৰ কাৰণে তোমালোকে সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হ’বা।
\v 10 তেতিয়া অনেকে বিঘিনি পাব, ইজনে সিজনক শত্ৰুৰ হাতত শোধাই দিব আৰু ইজনে সিজনক ঘিণ কৰিব।
\v 11 বহুতো মিছা-কোৱা ভাববাদী ওলাই অনেকক ভুলাব৷
\p
\s5
\v 12 কাৰণ অধৰ্ম অধিক হোৱাত, অনেকৰ প্ৰেম চেঁচা হৈ যাব।
\v 13 কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব।
\v 14 সকলো জাতিলৈ সাক্ষ্য হবলৈ শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হ’ব; তেতিয়াহে শেষ সময় ওচৰ হ’ব।
\p
\s5
\v 15 এই হেতুকে যি অৱহেলিত ঘিণলগীয়া বস্তুৰ কথা দানিয়েল ভাৱবাদীৰ দ্ৱাৰাই কোৱা হৈছিল, তাক তেতিয়া পবিত্ৰ ঠাইত থকা দেখিবা৷ এই বিষয়ে যি জনে পঢ়ে, তেওঁ বুজক৷
\v 16 তেতিয়া যিহুদিয়াত থকা মানুহবোৰ পৰ্ব্বতলৈ পলাই যাওঁক;
\v 17 ঘৰৰ ওপৰত থকা জনে, তেওঁৰ ঘৰৰ পৰা বস্তুবোৰ উলিয়াই নিবলৈ নানামক;
\v 18 পথাৰত থকাজনে, তেওঁৰ কাপোৰ খন লবলৈ উলটি নাযাওঁক।
\s5
\v 19 কিন্তু সেই কালত গৰ্ভৱতী আৰু নিজৰ কেচুৱাক প্ৰতিপালন কৰি থকা তিৰোতা সকলৰ সন্তাপ হ’ব।
\v 20 তোমালোকৰ পলোৱা সেই দিন যেন জাৰকালি বা বিশ্ৰাম-বাৰে নহয়, ইয়াৰ কাৰণে প্ৰাৰ্থনা কৰা।
\v 21 কিয়নো সেই কালত মহা-ক্লেশ হ’ব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই আৰু নহবও।
\p
\v 22 সেই দিনৰ সংখ্যা কম নকৰা হ’লে কোনো প্ৰাণীৰে ৰক্ষা নহলহেঁতেন; কিন্তু মনোনীত লোকৰ কাৰণে সেই দিনৰ সংখ্যা কম কৰা হ’ব।
\p
\s5
\v 23 তেতিয়া যদিও তোমালোকক কোনোৱে কয়, 'চোৱা, খ্ৰীষ্ট ইয়াত আছে' বা 'তাত আছে!' তথাপি বিশ্বাস নকৰিবা।
\v 24 কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে, সাধ্য হ’লে, মনোনীত লোক সকলকো ভুলাব।
\v 25 চোৱা, এই কথা মই আগেয়ে তোমালোকক কলোঁ।
\p
\s5
\v 26 এই হেতুকে কোনো মানুহে আহি যদি তোমালোকক কয়, "চোৱা খ্ৰীষ্ট অৰণ্যত আছে; তেন্তে ওলাই নাযাবা; নাইবা, চোৱা, তেওঁ ভিতৰ-কোঠালীত আছে বুলিলেও বিশ্বাস নকৰিবা।
\v 27 কিয়নো বিজুলীয়ে যেনেকৈ পুবৰ পৰা ওলাই পশ্চিমলৈ চমকনি মাৰে, তেনেকৈ মানুহৰ পুত্ৰৰো আগমণ হ’ব।
\v 28 য’ত মৰা শ থাকে, সেই ঠাইত শগুনো গোট খায়।
\p
\s5
\v 29 কিন্তু সেই কালৰ ক্লেশৰ পাছতেই সূৰ্য অন্ধকাৰময় হ’ব, চন্দ্ৰয়ো পোহৰ নিদিব; আকাশৰ পৰা তৰাবোৰ খহি পৰিব আৰু আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হ’ব।
\p
\s5
\v 30 যেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ’ব; তেতিয়া পৃথিবীৰ সকলো ফৈদে হিয়া ভুকুৱাব৷ আকাশত মেঘৰ ওপৰত মানুহৰ পুত্ৰক পৰাক্ৰম আৰু মহাপ্ৰতাপেৰে অহা দেখিব।
\v 31 তেতিয়া তুৰীৰ মহাশব্দেৰে তেওঁ নিজৰ দূত সকলক পঠাব; তাতে তেওঁলোকে আকাশৰ এক সীমাৰ পৰা আন সীমালৈকে চাৰিওফালৰ পৰা তেওঁৰ মনোনীত লোক সকলক আনি গোটাব।
\p
\s5
\v 32 ডিমৰু গছৰ পৰা এটা দৃষ্টান্ত শিকা৷ যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহি পাত মেলে, তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে জানা।
\v 33 সেইদৰে যেতিয়া এই সকলোকে দেখিবা, তেতিয়া তেওঁ ওচৰ চাপি দুৱাৰমুখ পালেহি বুলি তোমালোকে জানিবা।
\s5
\v 34 মই তোমালোকক সচাঁকৈ কওঁ, এই সকলো নঘটে মানে এই কালৰ মানুহবোৰ লুপ্ত নহ’ব।
\v 35 আকাশ আৰু পৃথিবী লুপ্ত হ’ব, কিন্তু মোৰ বাক্য হলে কেতিয়াও লুপ্ত নহ’ব।
\p
\s5
\v 36 কিন্তু অকল পিতৃৰ বাহিৰে স্বৰ্গৰ দূতবোৰ বা পুত্ৰ বা আন কোনেও সেই দিন আৰু সময় নাজানে।
\p
\s5
\v 37 নোহৰ দিনৰদৰে সেইদিনা মানুহৰ পুত্ৰৰ আগমণ হ’ব।
\v 38 কিয়নো জলপ্লাৱনৰ আগেয়ে নোহ জাহাজত সোমাৱা দিনলৈকে যেনেকৈ মানুহবোৰে ভোজন-পান কৰি বিয়া কৰাই, বিয়া দি আছিল,
\v 39 আৰু জল-প্লাৱন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে, সেইদৰেই মানুহৰ পুত্ৰৰ আগমণ হ’ব।
\p
\s5
\v 40 তেতিয়া দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হ’ব আৰু এজনক ত্যাগ কৰা হ’ব।
\v 41 দুজনী তিৰোতাই জাঁতেৰে ডলি থাকোতে এজনীক গ্ৰহণ কৰা হব আৰু এজনীক ত্যাগ কৰা হ’ব।
\v 42 এই হেতুকে পৰ দি থাকা; কিয়নো তোমালোকৰ প্ৰভু কোন মুহুৰ্ত্তত আহিব, সেই বিষয়ে তোমালোকে নাজানা।
\p
\s5
\v 43 কোন পৰত চোৰ আহিব, সেই বিষয়ে গৃহস্থ জনে আগেয়ে জনা হ’লে পৰ দি থাকি নিজৰ ঘৰত সিন্ধি দিব নিদিলেহেঁতেন; ইয়াক তোমালোকে জানা।
\v 44 এতেকে তোমালোকো যুগুত হৈ থাকা; কিয়নো যি সময় তোমালোকে নাভাবা, সেই সয়তে মানুহৰ পুত্ৰ আহিব।
\p
\s5
\v 45 এইকাৰণে বুদ্ধিমান আৰু বিশ্বাসী দাস কোন জন হয়, উচিত সময়ত আহাৰ দিবলৈ যি জন দাসক প্ৰভুৱে সিহঁতৰ ওপৰত গৰাকী পাতিলে সেই জন নহয় নে ?
\v 46 প্ৰভু অহা কালত, যি দাসক এইদৰে কৰা দেখে, সেই দাস ধন্য।
\v 47 মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ নিজৰ সৰ্ব্বস্বৰ ওপৰত সেই জনক ঘৰগিৰী পাতিব।
\p
\s5
\v 48 কিন্তু মোৰ প্ৰভুৱে পলম কৰিছে, এই বুলি সেই দুষ্ট দাসে মনতে কৈ,
\v 49 যদি তাৰ সহদাস সকলক কোবাবলৈ ধৰে আৰু মতলীয়াবোৰৰ লগত ভোজন-পান কৰে,
\v 50 তেনেহলে যিদিনা সেই দাসে অপেক্ষা নকৰে আৰু যি সময়ৰ বিষয়ে সি নাজানে, সেই সময়তে তাৰ প্ৰভু আহি,
\v 51 তাক দুডোখৰ কৰি কপটীয়াবোৰৰ লগত তাৰ পাবলগীয়া ভাগ নিৰূপন কৰিব; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব।
\s5
\c 25
\cl ২৫ অধ্যায়।
\s দহ জনী কন্যা আৰু গাগৰিৰ দৃষ্টান্ত
\p
\v 1 তেতিয়া চাকি লৈ, দৰাক আগবঢ়াবলৈ ওলাই যোৱা দহ জনী কন্যাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হ’ব।
\v 2 তেওঁলোকৰ মাজত পাঁচ জনী নিৰ্ব্বুদ্ধি আৰু পাঁচ জনী সুবুদ্ধি আছিল।
\v 3 কিয়নো নিৰ্ব্বুদ্ধি কেইজনীয়ে নিজৰ নিজৰ চাকি লওঁতে লগত তেল নল’লে;
\v 4 কিন্তু সুবুদ্ধি কেইজনীয়ে তেওঁলোকৰ চাকিৰ লগত নিজৰ নিজৰ পাত্ৰত তেলো ল’লে।
\p
\s5
\v 5 পাছত দৰা আহোতে পলম হোৱাত, সকলোৱে কলমটীয়াই টোপনি গ’ল।
\v 6 কিন্তু মাজনিশা যেতিয়া; 'চোৱা, সৌৱা দৰা! তেওঁক আগবঢ়াই আনিবলৈ ওলোৱাহঁক', এই বুলি চিঞৰিলে।
\p
\s5
\v 7 তেতিয়া সেই আটাই কেইজনী কন্যাই উঠি, তেওঁলোকৰ জ্বলোৱা চাকি সাজু কৰি ললে।
\v 8 এনেতে নিৰ্ব্বুদ্ধি কেইজনীয়ে সুবুদ্ধি কেইজনীক ক’লে, তোমালোকৰ পৰা অলপ মান তেল আমাক দিয়া; কিয়নো আমাৰ চাকি নুমাওঁ নুমাওঁ হৈছে।
\v 9 কিন্তু সুবুদ্ধি কেইজনীয়ে উত্তৰ দি ক’লে, 'কিজানি তোমালোকক দিলে আমালৈ নুজুৰিব; তাতকৈ তেল-বেচোঁতাৰ ওচৰলৈ গৈ, তোমালোকৰ কাৰণে কিনি আনা গৈ।
\p
\s5
\v 10 কিন্তু তেওঁলোকে কিনিবলৈ যাওঁতেই, দৰা আহিল আৰু সাজু হৈ থকা কেইগৰাকীয়ে তেওঁৰ লগত বিয়াৰ ভোজলৈ গ'ল আৰু দুৱাৰ বন্ধ কৰা হ’ল৷
\v 11 পাছত আন কেইজনী কন্যাই আহি ক’লে, 'হে প্ৰভু, হে প্ৰভু, আমালৈ দুৱাৰ মেলি দিয়ক'।
\v 12 কিন্তু তেওঁ উত্তৰ দি ক’লে, 'মই সঁচাকৈ কওঁ তোমালোকক মই চিনি নাপাও'।
\v 13 এতেকে পৰ দি থাকা; কিয়নো সেই দিন বা সময় তোমালোকে নাজানা।
\p
\s5
\v 14 কিয়নো স্বৰ্গৰাজ্য এনে এজন মানুহৰ নিচিনা, যি নিজৰ দাসবোৰক মাতি আনি নিজ সম্পত্তি সিহঁতৰ হাতত শোধাই দি দূৰ দেশলৈ যায়।
\v 15 তেওঁ এজনক পাঁচ গাগৰি, এজনক দুই গাগৰি,এজনক এক গাগৰি, এইদৰে প্ৰতিজনক শক্তি অনুসাৰে ধন দি যাত্ৰা কৰিলে।
\v 16 তাতে যি জনে পাঁচ গাগৰি পাইছিল, তেওঁ তেতিয়াই গৈ বেপাৰ কৰি পুনৰ পাঁচ গাগৰি লাভ উলিয়ালে।
\p
\s5
\v 17 সেইদৰে যি জনে দুই গাগৰি পাইছিল, তেৱোঁ পুনৰ দুই গাগৰি লাভ উলিয়ালে।
\v 18 কিন্তু যি জনে এক গাগৰি পাইছিল, সি গৈ মাটিত গাঁত খান্দি প্ৰভুৰ ধন লুকাই থ’লে।
\s5
\v 19 বহু দিনৰ পাছত সেই দাসবোৰৰ প্ৰভু আহিল আৰু সিহঁতৰ সৈতে হিচাব কৰিলে।
\v 20 তেতিয়া যি জনে পাঁচ গাগৰি পাইছিল, সি আকৌ পাঁচ গাগৰি আনি ক’লে, 'হে প্ৰভু আপুনি মোক পাঁচ গাগৰি গতাই দিছিল; চাওঁক মই পুনৰ পাঁচ গাগৰি লাভ কৰিলোঁ'।
\v 21 প্ৰভুৱে তেওঁক ক'লে, 'চাবাইচ উত্তম বিশ্বাসী দাস ! অলপ বিষয়তে তুমি বিশ্বাসী আছিলা, তোমাক বহু বিষয়ত গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা৷'
\p
\s5
\v 22 পাছত যি জনে দুই গাগৰি পাইছিল, তেওঁ আহি ক’লে, হে প্ৰভু, আপুনি মোক দুই গাগৰি গতাই দিছিল; চাওঁক মই আৰু দুই গাগৰি লাভ কৰিলোঁ।
\v 23 তেতিয়া প্ৰভুৱে তেওঁক ক’লে, চাবাইচ উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা।'
\p
\s5
\v 24 পাছত যি জনে এক গাগৰি পাইছিল, তেওঁ আহি ক’লে, 'হে প্ৰভু, আপুনি কঠিন মানুহ, ইয়াক মই জানিছিলোঁ; আপুনি যি ঠাইত বোৱা নাই তাতে দায় আৰু যি ঠাইত সিঁচা নাই তাতে চপায়;
\v 25 সেয়েহে ভয় লাগি, মই গৈ আপোনাৰ ধনৰ গাগৰি মাটিত লুকাই থৈছিলো৷ চাওঁক, আপুনি যি দিছিল সেয়া ঘূৰাই পাইছে।'
\p
\s5
\v 26 কিন্তু তেওঁৰ প্ৰভুৱে উত্তৰ দি তেওঁক ক’লে, 'হেৰ দুষ্ট এলেহুৱা দাস, মই যি ঠাইত নবওঁ তাতে দাওঁ আৰু যি ঠাইত নিসিচোঁ তাতে চপাঁও, ইয়াকে যদি তুমি জানিছিলা;
\v 27 তেনেহলে ধন ভৰালীৰ ওচৰত মোৰ ধন থব লাগিছিল, তেতিয়া মই আহি সুতে সৈতে মোৰ ধন পালোঁহেতেন।
\p
\s5
\v 28 এই কাৰণে এওঁৰ পৰা এই গাগৰি লৈ যাৰ দহ গাগৰি আছে, তেওঁক দিয়া।
\v 29 কিয়নো যাৰ আছে, তেওঁকেই দিয়া হব, তাতে তেওঁৰ অধিক হ’ব; কিন্তু যাৰ নাই, তেওঁৰ যি আছে, সেয়া তেওঁৰ পৰা নিয়া হ’ব।
\v 30 এই অনুপযুক্ত দাসক বাহিৰৰ আন্ধাৰত পেলোৱাগৈ; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব।
\s শেষকালৰ মহাবিচাৰৰ দিনৰ বৰ্ণনা
\p
\s5
\v 31 যেতিয়া মানুহৰ পুত্ৰ সকলো দূতক লগত লৈ নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব৷
\v 32 সকলো জাতিৰ মানুহক তেওঁৰ আগলৈ গোটাই অনা হ’ব আৰু ৰখীয়াই যেনেকৈ ছাগলীৰ পৰা মেৰবোৰক
\f +
\fr 25.32
\ft বা ভেড়াবোৰক
\f* পৃথক কৰে, তেনেকৈ তেওঁ তেওঁলোকৰ এজনৰ পৰা আন জনক পৃথক কৰি,
\v 33 মেৰবোৰক সোঁফালে আৰু ছাগলীবোৰক বাওঁফালে থ’ব।
\p
\s5
\v 34 তেতিয়া ৰজাই তেওঁৰ সোঁফালে থকা সকলক ক’ব, 'আহা, মোৰ পিতৃৰ আশীৰ্ব্বাদ পোৱা সকল, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ কাৰণে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা।
\v 35 কিয়নো মোৰ ভোক লাগিছিল, তাতে তোমালোকে মোক খাবলৈ দিছিলা; মোৰ পিয়াহ লাগিছিল, মোক পান কৰিবলৈ দিছিলা; অতিথি হৈছিলোঁ, মোক আশ্ৰয় দিছিলা:
\v 36 উদঙে আছিলো, মোক কাপোৰ পিন্ধাইছিলা; নৰিয়া পৰিছিলো, মোক চাবলৈ গৈছিলা; আৰু বন্দীশালত আছিলো, তাতো মোৰ ওচৰলৈ গৈছিলা।'
\p
\s5
\v 37 তেতিয়া ধাৰ্ম্মিক সকলে তেওঁক উত্তৰ দি ক’ব," হে প্ৰভু আমি কেতিয়া আপোনাৰ ভোক লগা দেখি, খাবলৈ দিছিলো? পিয়াহ লাগোতে পান কৰাইছিলো?
\v 38 আমি কেতিয়া আপোনাক অচিন-অতিথি হোৱা দেখি আশ্ৰয় দিছিলোঁ? নাইবা উদঙে থকা দেখি, কাপোৰ পিন্ধাইছিলো?
\v 39 আমি কেতিয়া আপোনাক নৰিয়া পৰা, বা বন্দীশালত থকা দেখি, আপোনাৰ ওচৰলৈ গৈছিলোঁ?
\v 40 তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক ক’ব, মই তোমালোকক সচাঁকৈ কওঁ, মোৰ ভাইবোৰৰ মাজত সৰু এটিলৈকো যি কৰিছিলা, সেয়া মোলৈহে কৰিছিলা।'
\p
\s5
\v 41 তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক কব, 'হেৰ মোৰ পৰা আতৰি থকা সকল, চয়তান আৰু তাৰ দূতবোৰৰ কাৰণে যুগুত কৰি থোৱা অনন্ত জুইলৈ তোমালোক গুচি যোৱা।
\v 42 কিয়নো মোৰ ভোক লাগিছিল, তোমালোকে মোক খাবলৈ নিদিলা; পিয়াহ লাগিছিল, মোক পান কৰিবলৈ নিদিলা;
\v 43 অতিথি হৈছিলো, মোক আশ্ৰয় নিদিলা; উদঙে আছিলো, মোক কাপোৰ নিপিন্ধালা; নৰিয়া আৰু বন্দীশালত পৰিছিলোঁ; মোক চাবলৈ নগ'লা।'
\p
\s5
\v 44 তেতিয়া সিহতে উত্তৰ দি ক’ব, 'হে 'প্ৰভু, আমি নো কেতিয়া আপোনাক ভোক বা পিয়াহ লগা, অতিথি হোৱা, উদঙে থকা, নৰিয়াত পৰা, বন্দীশালত থকা দেখি আপোনাৰ সেৱা-শুশ্ৰুষা কৰা নাছিলোঁ?
\v 45 তেতিয়া যীচুৱে তেওঁলোকক উত্তৰ দি ক’ব, 'মই তোমালোকক সচাঁকৈ কওঁ, এইবোৰৰ সৰু এটিলৈকো যি নকৰিলা, সেয়া মোলৈহে নকৰিলা।
\v 46 এই কাৰণে সিহঁত অনন্ত দণ্ডলৈ, কিন্তু ধাৰ্ম্মিক সকল অনন্ত জীৱনলৈ যাব।"
\s5
\c 26
\cl ২৬ অধ্যায়
\s সমৰ্পিত হোৱাৰ বিষয়ে জনোৱা আৰু সুগন্ধি তেল ঘঁহা
\p
\v 1 যীচুৱে এই সকলো কথা কৈ শেষ কৰোতে, তেওঁৰ শিষ্য সকলক ক’লে,
\v 2 "তোমালোকে জানানে দুদিনৰ পাছত নিস্তাৰ-পৰ্ব্ব হ’ব, মানুহৰ পুত্ৰক ক্ৰুচত দিবলৈ শত্ৰুৰ হাতত শোধাই দিয়া হ’ব।"
\p
\s5
\v 3 তেতিয়া প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল কায়াফা নামেৰে মহা-পুৰোহিতৰ চোতালত গোট খালে;
\v 4 তেওঁলোকে যীচুক ছলেৰে ধৰি বধ কৰিবলৈ আলোচনা কৰিলে৷
\v 5 তেওঁলোকে ক'লে, 'ভোজৰ সময়ত নহয়, কিয়নো লোক সকলৰ মাজত হুৰামুৰা লাগিব৷"
\p
\s5
\v 6 পাছত যীচু বৈথনিয়া গাঁৱত চিমোন নামৰ কুষ্ঠৰোগীৰ ঘৰত থকা সময়ত
\v 7 এগৰাকী মহিলাই বহুমুলীয়া সুগন্ধি ভৰা এটা বগা তেলৰ বটল লৈ যীচু ভোজনত বহি থাকোঁতে, তেওঁৰ মুৰত বাকি দিলেহি।
\v 8 শিষ্য সকলে তাকে দেখি ক্ৰুদ্ধ হৈ ক’লে, কি কাৰণে এইদৰে অপচয় কৰিছা?
\v 9 কিয়নো ইয়াক বেছি ধনত বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰিব পৰা গ'লহেঁতেন।"
\p
\s5
\v 10 কিন্তু যীচুৱে, ইয়াকে জানি, তেওঁলোকক ক’লে, "এই মহিলা জনীক কিয় অসুবিধা দিছা? কাৰণ তেওঁ মোলৈ উত্তম কৰ্ম কৰিলে।
\v 11 কিয়নো দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় আছে; কিন্তু তোমালোকৰ লগত মই সদায় নাথাকোঁ৷
\p
\s5
\v 12 কিয়নো তেওঁ এই সুগন্ধি তেল যে মোৰ শৰীৰত বাকি দিলে; এয়া মোক মৈদামত থবৰ অৰ্থেহে কৰিলে।
\v 13 মই তোমাক সঁচাকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্ত্তা ঘোষণা কৰা হ’ব, সেই ঠাইতে এই যি কৰ্ম মহিলা গৰাকীয়ে কৰিলে, তেওঁক সুঁৱৰিবলৈ, ইয়াকো কোৱা হ’ব।"
\s ঈষ্কৰিয়োতীয়া যিহুদাৰ বন্দৱস্ত
\p
\s5
\v 14 তেতিয়া বাৰ জনৰ মাজৰ, ঈষ্কৰিয়োতীয়া যিহুদা নামেৰে এজনে প্ৰধান পুৰোহিত সকলৰ ওচৰলৈ গ'ল,
\v 15 আৰু ক'লে "মই আপোনালোকৰ হাতত তেওঁক শোধাই দিলে, মোক কি দিবলৈ ইচ্ছা কৰে ?" তাতে তেওঁলোকে তেওঁক ত্ৰিশ টা ৰূপৰ মুদ্ৰা দিম বুলি ক'লে৷
\v 16 তেতিয়াৰে পৰা তেওঁ যীচুক শোধাই দিবলৈ সুযোগ বিচাৰি থাকিল।
\s নিস্তাৰ-পৰ্ব্বৰ ভোজ খোৱা আৰু প্ৰভু-ভোজ স্থাপন কৰা
\p
\s5
\v 17 পাছত খমিৰ নোহোৱা পিঠাৰ পৰ্ব্বৰ প্ৰথম দিনা শিষ্য সকলে যীচুৰ ওচৰলৈ আহি সুধিলে, "নিস্তাৰ-পৰ্ব্বৰ ভোজ আপোনাৰ কাৰণে আমি ক’ত যুগুত কৰাটো বিচাৰে?"
\v 18 তেওঁ ক’লে, ''নগৰলৈ গৈ নিৰ্দিষ্ট এজনক কোৱাগৈ, গুৰুৱে কৈছে, মোৰ কাল ওচৰ হৈছে; মোৰ শিষ্য সকলে সৈতে মই তোমাৰ ঘৰত নিস্তাৰ-পৰ্ব্বৰ ভোজ পালন কৰিম।"
\v 19 তেতিয়া শিষ্য সকলে যীচুৱে আদেশ দিয়াৰদৰে নিস্তাৰ-পৰ্ব্বৰ ভোজ যুুগুত কৰিলেগৈ।
\p
\s5
\v 20 পাছত সন্ধ্যা হোৱা সময়ত তেওঁ বাৰ জন শিষ্যৰ সৈতে ভোজনত বহিল;
\v 21 এনেতে তেওঁলোকে ভোজন কৰোঁতে, তেওঁ ক’লে, 'মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনে মোক শোধাই দিব'।
\v 22 তেতিয়া তেওঁলোকে অতি দুখিত হৈ, প্ৰতিজনে যীচুক সুধিবলৈ ধৰিলে, 'হে প্ৰভু, সেই জন মই নে'?
\p
\s5
\v 23 যীচুৱে উত্তৰ দি ক’লে, 'মোৰে সৈতে যি জনে ভোজন-পাত্ৰত হাত জুবুৰিয়ালে, তেৱেঁই মোক শোধাই দিব।
\v 24 মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁৰ গতি হ’ব; কিন্তু যি মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক শোধাই দিয়া হয়, তেওঁ সন্তাপৰ পাত্ৰ; সেই মানুহৰ জন্ম নোহোৱা হ’লেই ভাল আছিল'।
\v 25 তেতিয়া তেওঁক শোধাই দিয়া যিহুদাই মাত লগাই ক’লে, 'ৰব্বি, সেই জন মই নে'? তেওঁ তেওঁক ক’লে, "তুমি নিজকে নিজেই ক’লা।"
\p
\s5
\v 26 পাছত তেওঁলোকে ভোজন কৰোঁতে, যীচুৱে পিঠা লৈ আশীৰ্ব্বাদ কৰি ভাঙি শিষ্য সকলক দি ক’লে, "লোৱা, খোৱা এয়ে মোৰ শৰীৰ।"
\p
\s5
\v 27 পাছত তেওঁ পান পাত্ৰকো লৈ স্তুতি কৰি, তেওঁলোকক দি ক’লে, 'লোৱা, তোমালোকে সকলোৱে পান কৰা;
\v 28 কিয়নো মোৰ যি তেজ, অৰ্থাৎ নিয়মৰ তেজ, অনেকৰ পাপ-মোচনৰ কাৰণে অনেকৰ উলিওৱা হৈছে, সেয়ে এই।
\v 29 কিন্তু মই তোমালোকক কওঁ, তোমালোকে সৈতে মই মোৰ পিতৃৰ ৰাজ্যত ন ৰস পান নকৰা দিনলৈকে, এতিয়াৰ পৰা এই দ্ৰাক্ষাগুটিৰ ৰস পান নকৰোঁ।"
\p
\s5
\v 30 পাছত তেওঁলোকে বাহিৰ ওলাই গীত গাই গাই জৈতুন পৰ্ব্বতলৈ গ’ল।
\s পিতৰে যীচুক অস্বীকাৰ কৰা
\p
\v 31 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, "এই ৰাতি তোমালোক সকলোৱে মোক এৰি যাবা; কিয়নো লিখা আছে,
\q1 'মই মেৰৰখীয়াক আঘাত কৰিম
\q2 তাতে জাকৰ মেৰবোৰ ছিন্ন-ভিন্ন হৈ যাব'৷
\p
\v 32 কিন্তু মোৰ উত্থানৰ পাছত মই তোমালোকৰ আগে আগে গালীললৈ যাম।"
\s5
\v 33 তেতিয়া পিতৰে তেওঁক ক’লে, "সকলোৱে আপোনাত বিঘিনি পালেও, মই কেতিয়াও বিঘিনি নাপাম"।
\v 34 যীচুৱে তেওঁক ক’লে, "মই তোমাক স্বৰূপকৈ কওঁ, এই ৰাতি কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্বীকাৰ কৰিবা"।
\v 35 পিতৰে তেওঁক ক’লে, "যদি আপোনাৰ লগত মই মৰিবও লাগে, তথাপি আপোনাক অস্বীকাৰ নকৰিম"। সেইদৰে সকলো শিষ্যয়ো ক’লে।
\s গেৎচিমানী বাৰীত যীচুৰ আন্তৰিক যাতনা
\p
\s5
\v 36 তেতিয়া যীচুৱে তেওঁলোকৰ সৈতে গেৎচিমানী নামেৰে এখন ঠাইলৈ গৈ, তেওঁৰ শিষ্য সকলক ক’লে, "মই সৌখিনিলৈ গৈ প্ৰাৰ্থনা কৰি অহালৈকে তোমালোক ইয়াতে বহি থাকা।"
\v 37 পাছত তেওঁ পিতৰক আৰু চিবদিয়ৰ পুতেক দুজনক লগত লৈ শোকাকুল আৰু ব্যাকুল হ’বলৈ ধৰিলে।
\v 38 তেতিয়া তেওঁ তেওঁলোকক ক’লে, "মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে; তোমালোক ইয়াতে থাকি মোৰ লগত পৰ দিয়া"।
\p
\s5
\v 39 পাছত তেওঁ অলপ আগুৱাই গৈ উবুৰি হৈ পৰি প্ৰাৰ্থনা কৰি ক’লে "হে মোৰ পিতৃ, যদি সম্ভব হয়, তেন্তে এই পান-পাত্ৰ মোৰ পৰা দুৰ হওঁক; তথাপি মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওঁক।"
\v 40 পাছত শিষ্য সকলৰ ওচৰলৈ আহি, তেওঁলোকক টোপনি যোৱা দেখি, তেওঁ পিতৰক ক’লে, "তোমালোকে মোৰ লগত এঘণ্টাও পৰ দি থাকিব নোৱাৰিলা নে?
\v 41 পৰীক্ষাত যেন নপৰা, এই কাৰণে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক, কিন্তু শৰীৰ দুৰ্ব্বল।"
\s5
\v 42 পুনৰায় তেওঁ দ্বিতীয়বাৰ গৈ, প্ৰাৰ্থনা কৰি ক’লে, "হে মোৰ পিতৃ, মই পান নকৰাকৈ যদি ই দুৰ হ’ব নোৱাৰে, তেন্তে তোমাৰ ইচ্ছা পুৰ হওঁক।"
\v 43 পাছত তেওঁ পুনৰায় আহি তেওঁলোকক টোপনি যোৱা দেখিলে; কিয়নো তেওঁলোকৰ চকু টোপনিত জাপ খাই গৈছিল।
\v 44 পুনৰায় তেওঁ তেওঁলোকক এৰি থৈ, তৃতীয়বাৰো একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে।
\s5
\v 45 তেতিয়া তেওঁ শিষ্য সকলৰ ওচৰলৈ আহি, তেওঁলোকক ক’লে, "বাৰু, এতিয়া টোপনিত থাকি বিশ্ৰাম কৰা? চোৱা, সময় ওচৰ হ’ল আৰু মানুহৰ পুত্ৰক পাপীবোৰৰ হাতত শোধাই দিয়া হৈছে।
\v 46 উঠা, আমি যাওঁহক; চোৱা, মোক শোধাই দিয়া জন ওচৰ পালেহি।"
\s শত্ৰুৰ হাতত সমৰ্পিত হোৱা
\p
\s5
\v 47 যীচুৱে কথা কৈ থাকোতেই, চোৱা, বাৰ জনৰ মাজৰ যিহুদা আৰু তেওঁৰে সৈতে প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল আৰু তৰোৱাল-টাঙোন ধৰা মানুহৰ ডাঙৰ দল এটা সেই ঠাইলৈ আহিল।
\v 48 তেওঁক শোধাই দিয়া জনে তেওঁলোকক এই সঙ্কেত দিছিল, বোলে, "মই যি জনক চুমা খাম, তেৱেঁই সেই জন; তেওঁকে ধৰিবা।"
\s5
\v 49 তেতিয়াই তেওঁ যীচুৰ ওচৰলৈ গৈ, "ৰব্বি প্ৰণাম" এই বুলি, তেওঁক চুমা খালে।
\v 50 যীচুৱে তেওঁক ক’লে, "বন্ধু, তুমি যি কৰিবলৈ আহিলা তাকে কৰা"। তেতিয়া তেওঁলোকে ওচৰলৈ আহি, যীচুৰ গাত হাত দি তেওঁক ধৰিলে।
\s5
\v 51 চোৱা, যীচুৰ লগৰ এজনে হাত মেলি, নিজৰ তৰোৱাল উলিয়াই মহা-পুৰোহিতৰ দাসক আঘাত কৰি তাৰ কাণ এখন কাটি পেলালে।
\v 52 তেতিয়া যীচুৱে তেওঁক ক’লে, "তোমাৰ তৰোৱাল পুনৰায় খাপত সোমাই থোৱা; কিয়নো যি জনে তৰোৱাল ধৰে, সেই জন তৰোৱালৰ দ্বাৰাই বিনষ্ট হ’ব।
\v 53 'মোৰ পিতৃয়ে এতিয়াই মোলৈ বাৰ বাহিনীতকৈয়ো অধিক স্বৰ্গদূত পঠাই দিয়ক', মই এনে নিবেদন কৰিব নোৱাৰোঁ বুলি তুমি ভাবিছা নে?
\v 54 কিন্তু শাস্ত্ৰীয় বচনত যিহেতু কোৱা হৈছে, সেয়েহে এইদৰে সিদ্ধ হ’বলৈ নঘটিব নে"?
\s5
\v 55 সেই সময়ত যীচুৱে লোক সকলক ক’লে, "তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাইত ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ ওলাই আহিছা যে; যেতিয়া মই নিতৌ ধৰ্মধামত বহি উপদেশ দি আছিলো, তেতিয়া তোমালোকে মোক নধৰিলা,
\v 56 কিন্তু ভাববাদী সকলৰ শাস্ত্ৰীয় বচন সিদ্ধ হ’বলৈ এই সকলো ঘটিল। তেতিয়া সকলো শিষ্যই তেওঁক এৰি পলাই গ’ল।
\s মহা-সভাৰ আগত সোধ-বিচাৰ
\p
\s5
\v 57 পাছত অধ্যাপক আৰু বৃদ্ধ সকল যি ঠাইত গোট খাই আছিল, সেই ঠাইলৈকে যীচুক ধৰা সকলে লৈ গৈ কায়াফা নামেৰে মহা-পুৰোহিতৰ ওচৰলৈ তেওঁক আনিলে।
\v 58 কিন্তু পিতৰে মহা-পুৰোহিতৰ চোতাললৈকে আতৰে আতৰে তেওঁৰ পাছে পাছে গৈ, তাত সোমাই শেষত কি হয়, তাকে চাবলৈ টেকেলাবোৰৰ লগত বহিল।
\s5
\v 59 তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰিলে৷
\v 60 অনেক মিছা সাক্ষী আগুৱাই আহিছিল, তথাপি তেওঁলোকে এজনকো বিচাৰি নাপালে। কিন্তু শেষত দুজন আগুৱাই আহিল আৰু ক’লে,
\v 61 "এওঁ কৈছিল- 'মই ঈশ্বৰৰ এই মন্দিৰ ধ্বংস কৰি, তিন দিনৰ ভিতৰতে তাক সাজিব পাৰোঁ'।"
\s5
\v 62 তেতিয়া মহা-পুৰোহিতে উঠি যীচুক ক’লে, "তুমি একো উত্তৰ নিদিয়া নে? তোমাৰ অহিতে এওঁলোকে কি সাক্ষ্য দিছে?"
\v 63 কিন্তু যীচুৱে নিজম দি থাকিল। তেতিয়া মহা-পুৰোহিতে তেওঁক ক’লে, "তোমাক জীৱনময় ঈশ্বৰৰ শপত দিছো, তুমি ঈশ্বৰৰ পুত্ৰ হোৱা নে নোহোৱা", আমাক কোৱা।
\v 64 যীচুৱে তেওঁক ক’লে, "তুমি সঁচাকৈ ক’লা; তথাপি মই তোমালোকক কওঁ, এতিয়াৰ পৰা তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁহাতে বহি থকা আৰু আকাশৰ মেঘত অহা দেখিবা।"
\s5
\v 65 তেতিয়া মহা-পুৰোহিতে নিজৰ কাপোৰ ফালি ক’লে, "এওঁ ঈশ্বৰক নিন্দা কৰিলে; এতিয়া আমাৰ সাক্ষীৰ কি প্ৰয়োজন আছে? চোৱা, এতিয়া তোমালোকে ঈশ্বৰ নিন্দা শুনিলা।
\v 66 তোমালোকে কি ভাবা?" তেওঁলোকে উত্তৰ দি ক’লে, "এওঁ প্ৰাণদণ্ডৰ যোগ্য।"
\s5
\v 67 তেতিয়া তেওঁলোকে যীচুৰ মুখত থুই পেলাই ভুকুৱালে;
\v 68 আৰু কেতবোৰে ঢকিয়াই সুধিলে, "হে’ৰা খ্ৰীষ্ট, ভাবোক্তিৰ দ্বাৰাই আমাক কোৱাচোন, তোমাক কোনে মাৰিলে?"
\s পিতৰে যীচুক অস্বীকাৰ কৰা
\p
\s5
\v 69 সেই সময়ত পিতৰ বাহিৰফালে চোতালত বহি আছিল; তাতে এজনী চাকৰনী তেওঁৰ ওচৰলৈ আহিল আৰু ক’লে, "তুমিও গালীলীয়া যীচুৰ লগত আছিলা"।
\v 70 কিন্তু তেওঁ আটাইৰে আগতে অস্বীকাৰ কৰি ক’লে, "তুমি কি কৈছা, মই বুজা নাই"।
\s5
\v 71 পাছত তেওঁ বাট-চ’ৰালৈ ওলাই গ'ল, তাতো আন এজনী চাকৰনীয়ে তেওঁক দেখিলে আৰু তাত থকা লোক সকলৰ আগত ক’লে, "এওঁ নাচৰতীয়া যীচুৰ লগত আছিল"।
\v 72 তাতে তেওঁ শপত খাই আকৌ অস্বীকাৰ কৰি ক’লে, "মই সেই মানুহ জনক চিনি নাপাও"।
\s5
\v 73 অলপ পাছত তাত থকা সকলে ওচৰলৈ আহি পিতৰক ক’লে, "অৱশ্যে তুমিও তেওঁলোকৰ মাজৰ এজন; কিয়নো তোমাৰ মাতেই তোমাৰ চিনাকি দিছে"।
\v 74 তাতে তেওঁ শাও দি আৰু শপত খাই ক’লে, "মই সেই মানুহক চিনিয়ে নাপাও" আৰু তেতিয়াই কুকুৰাই ডাক দিলে ।
\v 75 তেতিয়া যীচুৱে কোৱা সেই কথালৈ পিতৰৰ মনত পৰিল৷ যীচুৱে যে কৈছিল, 'কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনিবাৰ অস্বীকাৰ কৰিবা', এই কথা মনত পৰাত পিতৰে বাহিৰলৈ গৈ অতি শোকেৰে ক্ৰন্দন কৰিলে।
\s5
\c 27
\cl ২৭ অধ্যায়
\s পিলাতৰ আগত যীচুৰ সোধ-বিচাৰ আৰু প্ৰাণদণ্ডৰ আজ্ঞা
\p
\v 1 পাছত ৰাতি পুৱালত সকলো প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকলে যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰিলে;
\v 2 তেওঁক বান্ধিলে আৰু পীলাত নামেৰে দেশাধিপতিৰ হাতত শোধাই দিলে।
\s5
\v 3 তেতিয়া তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া যিহুদাই তেওঁৰ দণ্ডাজ্ঞা হোৱা দেখি মনত খেদ পাই প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলক সেই ডেৰকুৰি ৰূপ ওভোতাই দিলে; আৰু ক’লে, 'নিৰ্দ্দোষীৰ তেজ শোধাই দিয়াত, মই পাপ কৰিলোঁ'।
\v 4 কিন্তু তেওঁলোকে ক’লে, 'তাতনো আমাৰ কি কাম? তুমিয়েই তোমাৰ বিষয়ে চাবা'।
\v 5 তেতিয়া তেওঁ মন্দিৰত সেই ৰূপ পেলাই দি তাৰ পৰা গুচি গৈ নিজকে নিজে ফাঁচি ল'লে।
\s5
\v 6 পাছত প্ৰধান পুৰোহিত সকলে সেই ৰূপ লৈ ক’লে, "এই ৰূপ তেজৰ মুল্য হোৱা হেতুকে ভৰালত থব নাপায়"।
\v 7 তাতে তেওঁলোক একত্ৰিত হৈ পৰামৰ্শ কৰিলে আৰু বিদেশী সকলক মৈদাম দিবলৈ সেই ৰূপেৰে কুমাৰৰ পথাৰ কিনিলে।
\v 8 এই কাৰণে আজিলৈকে সেই পথাৰ 'তেজৰ মাটি' বুলি জনাজাত।
\s5
\v 9 তেতিয়া যিৰিমিয়া ভাববাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল, বোলে "ইস্ৰায়েলৰ সন্তানৰ কোনো কোনোৱে যি জনৰ মুল্য নিৰূপণ কৰিলে, সেই মুল্য নিৰূপণ কৰা জনৰ ডেৰকুৰি ৰূপ সিহঁতে ললে,
\v 10 অাৰু প্ৰভুৱে মোক আদেশ দিয়াৰ দৰে কুমাৰৰ মাটিৰ কাৰণে দিলে", এই বচন সিদ্ধ হ’ল।
\p
\s5
\v 11 পাছত যীচুক সেই দেশাধিপতিৰ সন্মুখত থিয় কৰোৱাত, দেশাধিপতিয়ে তেওঁক সুধিলে, "তুমি ইহুদী সকলৰ ৰজা নে"? যীচুৱে তেওঁক ক’লে, "ঠিক তুমিয়েই কৈছা"।
\v 12 কিন্তু প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে তেওঁক অপবাদ দিয়াতো, তেওঁ একো উত্তৰ নিদিলে।
\v 13 তেতিয়া পীলাতে তেওঁক ক’লে, ''এওঁলোকে তোমাৰ বিৰুদ্ধে কিমান সাক্ষ্য দিছে, সেই বিষয়ে তুমি শুনা নাই নে''?
\v 14 কিন্তু তেওঁ এষাৰো উত্তৰ নিদিয়াত দেশাধিপতিয়ে অতিশয় বিস্ময় মানিলে।
\p
\s5
\v 15 সেই পৰ্ব্বৰ সময়ত লোক সকলে যি বন্দীক মুকলি কৰি দিয়াটো ইচ্ছা কৰে, দেশাধিপতিয়ে তেওঁকে তেওঁলোকলৈ মুকলি কৰি দিয়ে, তেওঁৰ এনে দস্তুৰ আছিল।
\v 16 সেই সময়ত বাৰাব্বা নামেৰে এজন কুখ্যাত কাৰাবন্দী আছিল।
\s5
\v 17 তাতে তেওঁলোক গোট খোৱাত, পীলাতে তেওঁলোকক সুধিলে, "মই তোমালোকলৈ কোন জনক মুকলি কৰাটো তোমালোকে ইচ্ছা কৰা, বাৰাব্বাক নে খ্ৰীষ্ট বোলা যীচুক"?
\v 18 কিয়নো তেওঁলোকে যে অসুয়া কৰি যীচুক শোধাই দিছিল, সেই কথা তেওঁ জানিছিল।
\v 19 পাছত তেওঁ বিচাৰৰ আসনত বহি থাকোঁতে তেওঁৰ ভাৰ্য্যাই তেওঁলৈ কৈ পঠালে, বোলে, "সেই ধাৰ্ম্মিক জনৰ কথাত তুমি একো হাত নিদিবা; কিয়নো তেওঁৰ কাৰণে, মই আজি সপোনত যি দেখিলোঁ বহুত দুখ পালো।"
\s5
\v 20 কিন্তু প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে বাৰাব্বাক মুকলি কৰি দিবলৈ আৰু যীচুক বিনষ্ট কৰাবলৈ লোক সকলক উচটালে।
\v 21 তাতে দেশাধিপতিয়ে উত্তৰ দি তেওঁলোকক ক’লে, "এই দুই জনৰ মাজত মই কোন জনক মুকলি কৰাটো তোমালোকৰ ইচ্ছা"? তেওঁলোকে ক’লে, "বাৰাব্বাক''।
\v 22 পীলাতে তেওঁলোকক ক’লে, ''তেনেহ’লে খ্ৰীষ্ট বোলা যীচুক মই কি কৰিম?" সকলোৱে ক’লে, ''তাক ক্ৰুচত দিয়ক।"
\s5
\v 23 তাতে তেওঁ ক’লে, ''কিয়? তেওঁ কি দোষ কৰিলে''? কিন্তু তেওঁলোকে বৰকৈ আটাহ পাৰি ক’লে, ''তাক ক্ৰুচত দিয়ক''।
\p
\v 24 তেতিয়া পীলাতে দেখিলে যে তেওঁ একো কৰিব নোৱাৰিব, কিন্তু মানুহবোৰৰ মাজত সাম্প্ৰদায়িক সংৰ্ঘষ আৰম্ভ হৈ বাঢ়িবহে ধৰিলে, ইয়াকে দেখি পীলাতে লোক সকলৰ আগত পানী লৈ হাত ধুই ক’লে, ''এই ধাৰ্ম্মিক জনৰ ৰক্তপাতত মই নিৰ্দ্দোষী; এওঁক তোমালোকেই চাবা''।
\s5
\v 25 তাতে সকলোৱে উত্তৰ দি ক’লে, ''তেওঁৰ তেজে আমাক আৰু আমাৰ সন্তানবোৰক পাওঁক''।
\v 26 তেতিয়া তেওঁ তেওঁলোকলৈ বাৰাব্বাক মুকলি কৰিলে। কিন্তু যীচুক চাবুকেৰে কোবাই ক্ৰুচত দিবলৈ শোধাই দিলে।
\p
\s5
\v 27 তেতিয়া দেশাধিপতিৰ সেনাবোৰে যীচুক প্ৰিট’ৰিয়মৰ ভিতৰলৈ নি তেওঁৰ ওচৰত গোটেই সৈন্য দলক গোটালে;
\v 28 আৰু তেওঁৰ গাৰ কাপোৰ গুচাই, উজ্বল বৰণৰ
\f +
\fr 27.28
\ft মুল গ্ৰীক ভাষাৰ পৰা ইংৰাজী অনুবাদত scarlet.
\f* ৰাজবস্ত্ৰ পিন্ধাই দিলে৷
\v 29 কাঁইটেৰে কিৰীটি সাঁজি তেওঁৰ মুৰত দিলে আৰু সোঁ হাতত এডাল নিৰ্দেশক দণ্ড দি তেওঁৰ আগত আঁঠু ললে আৰু তেওঁক বিদ্ৰূপ কৰি কলে- "হে, ইহুদী সকলৰ ৰজা, জয় হওক!"
\s5
\v 30 তাতে তেওঁলোকে যীচুৰ গাত থুই পেলালে আৰু দণ্ড ডাল লৈ মুৰত কোবালে।
\v 31 এইদৰে তেওঁক বিদ্ৰূপ কৰি তেওঁৰ পৰা ৰাজবস্ত্ৰ খুলি পেলালে আৰু তেওঁক নিজৰ কাপোৰ পিন্ধাই ক্ৰুচত দিবলৈ লৈ গ’ল।
\s যীচুৰ ক্ৰুচত মৃত্যু
\p
\s5
\v 32 পাছত তেওঁলোক ওলাই যাওঁতে কুৰীণীৰ পৰা অহা চিমোন নামেৰে এজন মানুহক বিচাৰি পালে, তেওঁলোকে তেওঁক যীচুৰ ক্ৰুচ বৈ নিবলৈ ধৰি নিলে।
\v 33 তেওঁলোকে তেতিয়া গলগথা, অৰ্থাৎ "মুৰৰ লাওখোলা" নামেৰে এখন ঠাই পালে.
\v 34 তেওঁলোকে তেওঁক তিতাৰে মিহলি দ্ৰাক্ষাৰস পান কৰিবলৈ দিলে; কিন্তু তেওঁ তাক চেকি চাই পান কৰিবলৈ ইচ্ছা নকৰিলে।
\s5
\v 35 পাছত তেওঁলোকে যীচুক ক্ৰুচত দি তেওঁৰ কাপোৰ চিঠি খেলি ভাগ-বাঁটি ল’লে;
\v 36 আৰু তাতে বহি তেওঁলোকে যীচুক পহৰা দি থাকিল।
\v 37 তেওঁৰ এই অপবাদ লিখি, মুৰত এখন ফলক আৰি দিলে, "এই জন ইহুদী সকলৰ ৰজা যীচু"৷
\p
\s5
\v 38 সেই সময়ত তেওঁৰ সোঁফালে এটা, বাওঁফালে এটা, এইদৰে দুটা ডকাইতক তেওঁৰ লগত ক্ৰুচত দিয়া হ’ল।
\v 39 সেই সময়ত বাটেদি অহা-যোৱা কৰা বাটৰুৱাবোৰে মুৰ জোকাৰি জোকাৰি, নিন্দা কৰি ক’লে,
\v 40 "হে’ৰা মন্দিৰ নষ্ট কৰোঁতা আৰু তিন দিনৰ ভিতৰত সাজোঁতা, নিজকে ৰক্ষা কৰা৷ তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা, তেন্তে ক্ৰুচৰ পৰা নামি আহা।'
\s5
\v 41 সেইদৰে প্ৰধান পুৰোহিত, পৰিচাৰক সকলে বিদ্ৰূপ কৰি ক'লে,
\v 42 ''তেওঁ আন লোকক ৰক্ষা কৰিলে, কিন্তু নিজকে ৰক্ষা নকৰে কিয়৷ তেওঁ বোলে ইস্ৰায়েলৰ ৰজা; এতিয়া ক্ৰুচৰ পৰা নামকচোন; তেতিয়াহে আমি তেওঁক বিশ্বাস কৰিম।
\p
\s5
\v 43 তেওঁ ঈশ্বৰত ভাৰসা কৰিছে; ঈশ্বৰে যদি তেওঁক ভাল পায়, তেন্তে এতিয়া তেওঁক নিস্তাৰ কৰকচোন; কিয়নো নিজকে কৈছিল "ময়েই ঈশ্বৰৰ পুত্ৰ।"
\v 44 তেতিয়া তেওঁৰ লগত ক্ৰুচত দিয়া সেই দুটা ডকাইতেও তেওঁক একেদৰেই নিন্দা কৰিলে।
\p
\s5
\v 45 পাছত বাৰ বজাৰ পৰা তিনি বজালৈকে, গোটেইখন দেশৰ ওপৰত আন্ধাৰ হ’ল;
\v 46 আৰু তিনি মান বজাত যীচুৱে বৰ মাতেৰে ৰিঙিয়াই ক’লে, "এলী, এলী, লামা চবক্তানী?" অৰ্থাৎ, ''হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ; কিয় মোক পৰিত্যাগ কৰিলা?
\v 47 তেতিয়া তাতে থিয় হৈ থকা কোনো কোনোৱে ইয়াকে শুনি ক’লে, "তেওঁ এলিয়াক মাতিছে।"
\s5
\v 48 তেতিয়াই তেওঁলোকৰ মাজৰ এজনে ল’ৰি গৈ, স্পঞ্জ এটুকুৰা লৈ চিৰকাৰে পুৰ কৰি, তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দিলে।
\v 49 কিন্তু আনবোৰে ক’লে, "অকলে থকিবলৈ দিয়া; এলিয়াই তেওঁক ৰক্ষা কৰিবলৈ আহে নে নাহে তাকে চাওঁ।"
\v 50 তেতিয়া যীচুৱে বৰ মাতেৰে ৰিঙিয়ালে আৰু প্ৰাণত্যাগ কৰিলে।
\p
\s5
\v 51 চোৱা, তেতিয়াই মন্দিৰৰ আৰঁ-কাপোৰ ওপৰৰ পৰা তললৈকে ফাটি দুছিটা হ’ল৷ ভুমিকম্প হ’ল; শিলবোৰ ফাটিল;
\v 52 তেতিয়া মৈদামবোৰ মুকলি হৈ গ'ল আৰু বহু নিদ্ৰিত পবিত্ৰ লোকৰ দেহ উত্থিত হ’ল।
\v 53 তেওঁৰ উত্থানৰ পাছত তেওঁলোকে মৈদামৰ পৰা ওলাই পবিত্ৰ নগৰলৈ গ'ল আৰু বহু ব্যক্তিক দেখা দিলে।
\s5
\v 54 পাছত এশৰ সেনাপতি আৰু তেওঁৰ লগত যীচুক পহৰা দি থকা সকলে, এইদৰে ভুমিকম্প আদি ঘটনা হোৱা দেখি বৰ ভয় পাই ক’লে, "এওঁ সচাঁকৈয়ে ঈশ্বৰৰ পুত্ৰ।"
\v 55 গালীলৰ পৰা তেওঁৰ পাছে পাছে বহুতো মহিলা আহিছিল, তেওঁলোকে দূৰৰ পৰা সকলো চাই আছিল৷
\v 56 তেওঁলোকৰ ভিতৰত মগ্দলিনি মৰিয়ম, যাকোব আৰু যোচেফৰ মাক মৰিয়ম আৰু চিবদিয়ৰ পুতেক দুজনৰ মাক, আদি কৰি যীচুৰ সেৱা-শুশ্ৰষা কৰিবলৈ যীচুৰ লগত অহা মহিলা সকল আছিল৷
\s যীচুক মৈদাম দিয়া
\p
\s5
\v 57 তেতিয়া গধূলি হৈ আহিছিল, তালৈ অৰিমাথিয়া নগৰৰ পৰা এজন ধনী মানুহ অাহিল, তেওঁৰ নাম যোচেফ, তেওঁ যীচুৰ শিষ্য আছিল৷
\v 58 তেওঁ পীলাতৰ ওচৰলৈ গৈ, যীচুৰ দেহ খুজিলে; তেতিয়া পীলাতে দেহ দিবলৈ আজ্ঞা দিলে।
\s5
\v 59 পাছত যোচেফে দেহ লৈ, শণ-সুতাৰ মিহি চাফা কাপোৰেৰে দেহটো মেৰিয়ালে,
\v 60 আৰু নিজৰ বাবে শিলত খান্দি থোৱা যি মৈদাম আছিল, তাৰ ভিতৰত দেহটো শুৱাই থলে৷ এচটা ডাঙৰ শিল বগৰাই আনি মৈদামৰ দুৱাৰত থলে আৰু তেওঁলোক তাৰ পৰা গুচি গ’ল।
\v 61 কিন্তু মগ্দলীনী মৰিয়ম আৰু আন মৰিয়ম তাত উপস্থিত হৈ, মৈদামৰ বিপৰীত দিশত বহি আছিল।
\s5
\v 62 পাছ দিনা অৰ্থাৎ আয়োজন দিনৰ পাছ দিনা, প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে পীলাতৰ ওচৰত গোট খাই ক’লে,
\v 63 "হে মহাশয়, এই প্ৰবঞ্চকে জীয়াই থাকোঁতে কৈছিল, 'তিন দিনৰ মুৰত মই পুনৰাই উঠিম', এতিয়া এই কথা আমাৰ মনত পৰিছে।
\v 64 এই হেতুকে, তৃতীয় দিনলৈকে তেওঁৰ মৈদাম ৰাখিবলৈ আজ্ঞা দিয়ক; কিজানি তেওঁৰ শিষ্যবোৰে আহি তেওঁৰ দেহ চুৰ কৰি নিব আৰু মানুহবোৰক ক’ব, 'তেওঁ মৃত লোকৰ মাজৰ পৰা উঠিল'; যদি সেয়ে হয় তেনেহ’লে ই প্ৰথম ভ্ৰান্তিতকৈয়ো শেষ ভ্ৰান্তি অধিক হানি জনক হ’ব।"
\s5
\v 65 পীলাতে তেওঁলোকক ক’লে, 'তোমালোকে এদল চন্তৰী লোৱা; এতিয়া যোৱা আৰু তোমালোকে যেনেকৈ পাৰা ৰাখাগৈ।"
\v 66 তাৰ পাছত তেওঁলোকে গৈ শিলচটাত মোহৰ মাৰিলে আৰু এদল চন্তৰীক মৈদাম ৰখিবলৈ দায়িত্ব দিলে।
\s5
\c 28
\cl ২৮ অধ্যায়
\s যীচুৰ পুনৰূত্থান
\p
\v 1 তেতিয়া বিশ্ৰাম-বাৰ পাৰ হৈ, সপ্তাহৰ প্ৰথম দিন ওচৰ চাপিল, মগ্দলীনী মৰিয়ম আৰু আন মৰিয়মে মৈদাম চাবলৈ গ’ল।
\v 2 চোৱা, তাতে বৰ ভুমিকম্প হ’ল; কিয়নো প্ৰভুৰ দূতে স্বৰ্গৰ পৰা নামি আহি শিলচটা বগৰালে আৰু তাৰ ওপৰতে বহিল।
\s5
\v 3 তেওঁৰ শৰীৰ বিজুলীৰ নিচিনা আৰু বস্ত্ৰ হিমৰদৰে শুক্ল আৰু তেওঁৰ ভয়তে প্ৰহৰী সকল কঁপি কঁপি মৰাৰ নিচিনা হ’ল।
\v 4 কিন্তু সেই মহিলা কেইজনীক,
\s5
\v 5 দূতে মাত লগাই ক'লে, "তোমালোকে ভয় নকৰিবা; কিয়নো ক্ৰুচত হত হোৱা যীচুক তোমালোকে বিচাৰিছা বুলি মই জানিছোঁ।
\v 6 তেওঁ ইয়াত নাই; কিন্তু যেনেকৈ তেওঁ কৈছিল, তেনেকৈ তেওঁ উঠিল৷ আহা, তেওঁ শয়ন কৰা ঠাই চোৱাহি।।
\v 7 এতিয়া তোমালোকে বেগাই যোৱা আৰু তেওঁৰ শিষ্য সকলক এই কথা কোৱাগৈ যে, তেওঁ মৃত লোকৰ মাজৰ পৰা উঠিল৷ চোৱা, তোমালোকৰ আগেয়ে তেওঁ গালীললৈ গৈছে; তোমালোকে তাতে তেওঁক দৰ্শন পাবা; চোৱা, এই কথা মই তোমালোকক ক’লো।''
\s5
\v 8 তাতে তেওঁলোকে ভয় আৰু মহা-আনন্দেৰে মৈদামৰ পৰা ততাতৈয়াকৈ গুচি গ'ল আৰু তেওঁৰ শিষ্য সকলক সম্বাদ দিবলৈ ল’ৰি গ’ল।
\v 9 তাতে চোৱা যীচুৱে তেওঁলোক সাক্ষাৎ হৈ ক’লে, তোমালোকৰ "মঙ্গল হওঁক"। তাতে মহিলা সকল ওচৰলৈ আহি তেওঁৰ চৰণত ধৰি প্ৰণিপাত কৰিলে।
\v 10 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, ''ভয় নকৰিবা; তোমালোক যোৱা, মোৰ ভাই সকলক গালীললৈ যাবৰ বাবে সম্বাদ দিয়াগৈ; তেওঁলোকে তাতে মোক দেখা পাব।"
\p
\s5
\v 11 পাছত মহিলা সকল যাওঁতে, চোৱা, চন্তৰীবোৰৰ কোনো কোনোৱে নগৰলৈ আহি, যি যি ঘটিছিল, সেই সকলোৰ সম্বাদ প্ৰধান পুৰোহিত সকলৰ আগত দিলেহি।
\v 12 তেতিয়া তেওঁলোকে পৰিচাৰক সকলৰ সৈতে একত্ৰিত হৈ আলোচনা কৰিলে আৰু সেনাবোৰক ভালেমান ধন দি ক’লে,
\v 13 ''আমি টোপনিত থাকোঁতে, যীচুৰ শিষ্যবোৰে ৰাতি আহি, তাক চুৰ কৰি নিলে, এই বুলি ক’বা''।
\s5
\v 14 এই কথা যদি দেশাধিপতিয়ে শুনে, তেতিয়া আমি তেওঁক বুজাই-বঢ়াই লম আৰু তোমালোকক এই বিষয়তোৰ পৰা দুৰত ৰাখিম ।"
\v 15 তেতিয়া সিহঁতে ধন ললে আৰু সিহতে শিকোৱাৰ দৰেই কৰিলে; এইদৰে এই কথা ইহুদী সকলৰ মাজত বিয়পি গ'ল আৰু আজিলৈকে এই কথা, এইদৰে প্ৰচলিত হৈ আছে।
\s শিষ্যবোৰৰ প্ৰতি যীচুৰ শেষ আজ্ঞা
\p
\s5
\v 16 পাছত গালীলৰ যি পৰ্ব্বত যীচুৱে নিৰূপণ কৰি থৈছিল তালৈকে তেওঁৰ এঘাৰ জন শিষ্য গ’ল;
\v 17 আৰু তেওঁক দেখা পাই প্ৰণিপাত কৰিলে; কিন্তু কোনো কোনোৱে সংশয় কৰিলে।
\s5
\v 18 তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক ক’লে, ''বোলে, স্বৰ্গত আৰু পৃথিবীত সকলো ক্ষমতা মোক দিয়া হ’ল।
\v 19 এই হেতুকে, তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা;
\s5
\v 20 মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছো।'