as_ulb/24-JER.usfm

3243 lines
543 KiB
Plaintext
Raw Permalink Blame History

This file contains ambiguous Unicode characters

This file contains Unicode characters that might be confused with other characters. If you think that this is intentional, you can safely ignore this warning. Use the Escape button to reveal them.

\id JER
\ide UTF-8
\sts Book of Jeremiah
\h যিৰিমিয়া ভাববাদীৰ পুস্তক।
\toc1 যিৰিমিয়া ভাববাদীৰ পুস্তক।
\toc2 যিৰিমিয়া ভাববাদীৰ পুস্তক।
\toc3 jer
\mt1 যিৰিমিয়া ভাববাদীৰ পুস্তক।
\s5
\c 1
\p
\v 1 এয়েই আছিল হিল্কিয়াৰ পুত্র যিৰিমিয়াৰ বাক্য, যিজনে লিখিছিল। তেওঁ বিন্যামীন জনগোষ্ঠীৰ প্ৰদেশত থকা অনাথোৎ-নিবাসীৰ এজন পুৰোহিত আছিল।
\v 2 যিহূদা দেশৰ ৰজা আমোনৰ পুত্ৰ যোচিয়াৰ ৰাজত্বৰ ত্ৰয়োদশ বছৰ ধৰি যিহোৱাই তেওঁৰ এই বাক্যবোৰ যিৰিমিয়ালৈ দিবলৈ আৰম্ভ কৰিছিল।
\v 3 যোচিয়াৰ পুত্ৰ যিহূদাৰ যিহোয়াকিম ৰজাৰ দিনত আৰু যোচিয়াৰ পুত্ৰ যিহূদাৰ চিদিকিয়া ৰজাৰ ৰাজত্বৰ একাদশ বছৰৰ শেষলৈকে, তেওঁৰ ওচৰলৈ যিহোৱাৰ বাক্য আহি আছিল। এয়েই বছৰৰ পঞ্চম মাহ আছিল যেতিয়া যিৰূচালেমৰ লোকসকলক বাবিলনলৈ দেশান্ততৰ কৰি নিয়া হৈছিল।
\s যিৰিমিয়াক আক্ৰমণ কৰা। বাদামৰ আৰু কেৰাহীৰ দৰ্শন।
\p
\s5
\v 4 এদিনাখন যিহোৱাই এই বাক্য মোলৈ দিছিল:
\v 5 বোলে, “তোমাৰ মাতৃৰ গৰ্ভত তোমাক নিৰ্ম্মাণ কৰাৰ পূৰ্ব্বেই মই তোমাক জানিলোঁ।
\q আৰু তুমি গৰ্ভৰ পৰা বাহিৰ হোৱা পূৰ্ব্বেই মোৰ গৌৰৱৰ অৰ্থেই মই তোমাক পৃথক কৰিলোঁ; আৰু মই তোমাক মোৰ ভাববাদী হবলৈ নিযুক্ত কৰিলোঁ
\q গোটেই জাতিবোৰৰ বাবে।”
\v 6 তেতিয়া মই ক’লোঁ, “হায় হায় মোৰ প্ৰভু যিহোৱা, আপুনি বুজা নাই নে, যে আপোনাৰ কাৰণে কথা কবলৈ মই যোগ্য নহওঁ? কিয়নো মই নিচেই ডেকা!”
\p
\s5
\v 7 যিহোৱাই উত্তৰ দি ক’লে, “তুমি এনে কথা নকবা, কিয়নো, মই তোমাক যিসকলৰ ওচৰলৈ পঠিয়াম, তেওঁলোকৰ প্রত্যেকজনৰ গুৰিলৈ তুমি যাবই লাগিব, আৰু তোমাক যি যি আজ্ঞা কৰিম, সেই সকলোকে তুমি তেওঁলোকক কবই লাগিব।
\v 8 তুমি যিসকলক কথা ক’বা, তেওঁলোকলৈ ভয় নকৰিবা, কিয়নো তেওঁলোকৰ দ্বাৰাই অনিষ্ট হোৱাৰ পৰা মই তোমাক সুৰক্ষা দিম। আৰু এইয়া নিশ্চয়কে ঘটিব, কিয়নো মই যিহোৱাই ইয়াকে ক’লো।
\p
\s5
\v 9 তেতিয়া যিহোৱাই নিজ হাত মেলি মোৰ মুখ স্পৰ্শ কৰিলে আৰু মোক ক’লে, চোৱা, মই মোৰ বাক্য তোমাৰ মুখত দিলোঁ;
\v 10 চোৱা, উঘালিবলৈ আৰু ভাঙিবলৈ, বিনষ্ট কৰিবলৈ আৰু উৎপাত কৰিবলৈ, সাজিবলৈ আৰু ৰোবলৈ, জাতিবোৰৰ আৰু ৰজাসকলৰ ওপৰত মই আজি তোমাক নিযুক্ত কৰিলোঁ।
\nb
\s5
\v 11 তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, “হে যিৰিমিয়া, তুমি কি দেখিছা?” তাতে মই ক’লোঁ, “বাদাম গছৰ এডাল ডাল দেখিছো।”
\v 12 যিহোৱাই ক’লে, “ঠিকেই দেখিছা। কিয়নো ‘বাদাম’ শব্দটো ‘সজাগতা’ শব্দটোৰ লগত মিল আছে, অৰ্থাৎ যি ঘটিবলৈ আছে মই তালৈ সজাগ হৈ আছোঁ, আৰু জাতিবোৰ ধ্বংশ হোৱাৰ বাবে মোৰ বাক্য সিদ্ধ কৰিবলৈ সজাগে আছোঁ।”
\p
\s5
\v 13 তেতিয়া পুনৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, “এতিয়া তুমি কি দেখিছা?” মই উত্তৰ দি ক’লোঁ, “মই এটা ঘূৰণীয়া পাত্র দেখিছোঁ য’ত উতলি থকা পানীৰে পৰিপূৰ্ণ হৈ আছে। দক্ষিণ ফালৰ পৰা তাৰ মুখ ফালে কাতি হৈ আছে।”
\v 14 যিহোৱাই উত্তৰ দি ক’লে, “হয়! ইয়াৰ অৰ্থ হ’ল, ঘূৰণীয়া পাত্রৰ পৰা উতলা পানী ঢলাৰ দৰে, উত্তৰ দিশৰ পৰা এই আটায় দেশ-নিবাসীলৈ অমঙ্গলৰে বিয়পি পৰিব।
\p
\s5
\v 15 মই কি কৈ আছো, তাক শুনা: যিহূদাৰ উত্তৰ দিশত থকা ৰাজ্যবোৰৰ পৰা যিৰূচালমলৈ আহিবলৈ মাতি পঠিয়াম। তেওঁলোকৰ ৰজাসকলে আহি যিৰূচালেমৰ দুৱাৰবোৰৰ সোমোৱা ঠাইত আৰু তাৰ চাৰিওফালে থকা গড়বোৰৰ সন্মূখত, আৰু আটাই নগৰবোৰৰ সন্মূখত নিজ নিজ সিংহাসন স্থাপন কৰি, এতিয়া তেওঁলোক যিহূদাৰ ৰজা বুলি, নিৰ্দেশ দিব।
\v 16 তেতিয়া মই তেওঁলোকৰ আটাই দুষ্টতাৰ কাৰণে মোৰ লোকসকলৰ বিৰুদ্ধে মোৰ দণ্ডাজ্ঞা প্ৰচাৰ কৰিম; কিয়নো তেওঁলোকে মোক পৰিত্যাগ কৰি ইতৰ দেৱতাবোৰৰ আগত ধূপ জ্বলাইছে। আৰু তেওঁলোকে নিজ নিজ হাতেৰে কৰা বস্তুৰ আগত প্ৰণিপাত কৰিছে!
\p
\s5
\v 17 এই হেতুকে তুমি কঁকাল বান্ধি কামলৈ বুলি সাজো হোৱা! মই তোমাক যি যি আজ্ঞা কৰোঁ, সেই সকলোকে যিহূদাৰ লোকসকলক কোৱা। তেওঁলোকৰ আগত ব্যাকুল নহ’বা, যদি হোৱা, মই তেওঁলোকৰ আগত উদাহৰণ ৰূপে তোমালৈকো দণ্ডাজ্ঞা দিম!
\v 18 কিয়নো শুনা! মই আজি সমুদায় দেশৰ, যিহূদাৰ ৰজাসকলৰ, ইয়াৰ অধ্যক্ষসকলৰ, পুৰোহিতসকলৰ আৰু দেশৰ সাধাৰণ লোকসকলৰ বিৰুদ্ধে তোমাক দৃঢ় নগৰ, লোহাৰ স্তম্ভ আৰু পিতলৰ গড়স্বৰূপ কৰিলোঁ।
\v 19 তেওঁলোকে তোমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, কিন্তু তোমাক ঘটোৱাব নোৱাৰিব, কিয়নো মই তোমাৰ লগত থাকিম আৰু তোমালোকক উদ্ধাৰ কৰিম। আৰু ই নিশ্চয়কৈ ঘটিব কিয়নো মই, যিহোৱাই ইয়াকে ক’লো!”
\s5
\c 2
\s ইস্ৰায়েলৰ বিশ্বাস-ঘাতকতা আৰু তাৰ ফল।
\p
\v 1 যিহোৱাই আৰু এটি বাক্য মোক দিলে,
\v 2 যেন, কাণে শুনাকৈ যিৰূচালেমৰ প্রতিজনলৈ এই কথা প্ৰচাৰ কৰা হয়। আৰু তেওঁ কৈছিল যে, মই যেন এই কথা তেওঁলোকক কওঁ:
\q “মই, যিহোৱাৰ, অতি পুৰ্বে তুমি মোক মানি চলা আৰু আমাৰ অংগীকাৰত বিশ্বাস কৰা সেই সকলো কথা মোৰ মনত আছে। বাগ্দান কৰা কালত কন্যাই দৰাক কৰাৰ দৰে মোক আনন্দিত কৰিছিলা;
\q তুমি মোক প্রেম কৰিছিলা, আৰু মৰুভূমিৰ মাজেৰে মোৰ পাছে পাছে তুমি গমন কৰিছিলা;
\q
\v 3 সেই কালত তুমি ইস্রায়েল মোলৈ নিলগে আছিলা; শস্যৰ প্ৰথমে পকা ফলৰ গৰাকি হোৱাৰ দৰে তোমালোক মোৰ আছিলা।
\q যিসকলে মোৰ লোকসকলক অনিষ্ট কৰিছিল, তেওঁলোকৰ প্রতি দণ্ডাজ্ঞা দিবলৈ আৰু দুৰ্যোগ পঠিয়াবলৈ মই প্রতিজ্ঞা কৰিছিলো। মই, যিহোৱাই কৈছিলো যে, এইবোৰ ঘটিব, ঠিক তেনেদৰেই এইবোৰ অমঙ্গল ঘটিব।”
\q
\s5
\v 4 হে যাকোবৰ বংশ, হে ইস্রায়েলৰ আটাই লোকসকল,
\q
\v 5 যিহোৱাই কি কৈছে, সেই বাক্য শুনা: “যিহোৱাই তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলে কি অন্যায় পালে, যে, তেওঁলোক মোৰ পৰা আঁতৰ হৈ গৈ,
\q অসাৰৰ পাছত চলি অসাৰ হল?
\q
\v 6 তেওঁলোকে নকলে, যে, যি জনাই মিচৰ দেশৰ পৰা আমাক উলিয়াই আনিছিল, যি জনাই মৰুভূমিৰ মাজেদি, বালুকাময় আৰু গুহাময় দেশৰ মাজেদি,
\q খৰাং আৰু মৃত্যুচ্ছায়াস্বৰূপ দেশৰ মাজেদি পথিক নচলা আৰু নিবাসী নথকা দেশৰ মাজেদি আমাক লৈ আহিছিল, সেই যিহোৱা ক’ত?
\q1
\s5
\v 7 মই তোমালোকক এখন উদ্যানময় দেশলৈ, তাৰ ফল আৰু উত্তম উত্তম বস্তু ভোজন কৰিবলৈ আনিছিলোঁ,
\q কিন্তু যেতিয়া তোমালোকে সোমালা, তেতিয়া তোমালোকে মোৰ দেশ অশুচি কৰিলা আৰু মোৰ আধিপত্য ঘিণলগীয়া কৰিলা।
\q
\v 8 ‘এতিয়া যিহোৱা ক’ত’ বুলি তোমালোকৰ পুৰোহিতসকলে নক’লে, আৰু ব্যৱস্থাত পাৰ্গতলোকে মোক নাজানিলে,
\q আৰু তোমালোককৰ পালকসকলেও মোৰ বিৰুদ্ধে অধৰ্ম্ম-আচৰণ কৰিলে, আৰু ভাববাদীসকলেও বালৰ নামেৰে ভাববাণী প্ৰচাৰ কৰিলে আৰু অনুপকাৰী বস্তুৰ (প্রতিমাৰ) পাছত চলিলে।”
\q
\s5
\v 9 এই হেতুকে, যিহোৱাই কৈছে, মই তোমালোকৰ লগত আৰু প্ৰতিবাদ কৰিম, আৰু তোমালোকৰ পো-নাতিসকলৰ সৈতেও প্ৰতিবাদ কৰিম।
\q
\v 10 কিয়নো, তোমালোকে কিত্তীম দ্বীপবোৰলৈ পাৰ হৈ গৈ চোৱা, আৰু কেদৰলৈ মানুহ পঠোৱা, তাত এনেকুৱা কথা কৈছে নে নাই তাক চোৱা
\q ভালকৈ বিবেচনা কৰা, তেওঁলোকৰ দেশৰ কোনো লোকে এনে কাম কৰা নাই, যিবিলাক তোমালোকৰ লোকসকলে কৰিলে!
\q
\v 11 যিবোৰ ঈশ্বৰ নহয়, এনে দেৱতাবোৰক কোনো এক জাতিয়ে জানো সলনি কৰিছিল?
\q কিন্তু মোৰ প্ৰজাসকলে উপকাৰ নকৰা বস্তুৰ লগত নিজৰ গৌৰৱ সলনি কৰিলে।
\q
\s5
\v 12 যিহোৱাই কৈছে, হে আকাশ-মণ্ডল, ইয়াত বিস্ময় মানা, ভয়ত নোম শিয়ৰোৱা, অতিশয় তধা লগা।
\q
\v 13 কিয়নো মোৰ প্ৰজাসকলে দুটা দোষ কৰিলে; তেওঁলোকে জীৱন্ত জলৰ ভুমুকস্বৰূপ মোক ত্যাগ কৰিলে,
\q আৰু তেওঁলোকে নিজৰ কাৰণে জলাধাৰ, পানী ৰাখিব নোৱাৰা ভগা জলাধাৰ খানিলে।
\q
\s5
\v 14 ইস্ৰায়েল জানো বন্দী? বা তেওঁলোক জানো ঘৰ-ওপজা বন্দী?
\q
\v 15 তেন্তে তেওঁলোকে কিয় লুটদ্ৰব্য হৈছে? ডেকা সিংহবোৰে তাৰ ওপৰত গৰ্জ্জিছে, গৰ্জ্জন কৰিছে; সিহঁতে তাৰ দেশ উচ্ছন্ন কৰিলে।
\q তাৰ নগৰবোৰ দগ্ধ হৈ নিবাসীহীন হৈছে।
\q
\v 16 নোফৰ আৰু তহ্পন্হেচৰ সন্তানসকলেও তোমালোকৰ মূৰৰ তালু টকলা কৰিলে।
\q
\v 17 তোমাৰ ঈশ্বৰে তোমাক পথেদি লৈ যোৱা সময়ত তোমাৰ ঈশ্বৰ যিহোৱাক তুমি পৰিত্যাগ কৰাত, তুমি জানো নিজে নিজক ইয়াক ঘটোৱা নাই?
\q
\s5
\v 18 আৰু এতিয়া চীহোৰৰ জল পান কৰিবলৈ মিচৰৰ বাটত তোমাৰ কি কাম আছে?
\q আৰু ফৰাৎ নদীৰ জল পান কৰিবলৈ অচুৰৰ বাটত তোমাৰ কি কাম আছে?
\q
\v 19 তোমাৰ নিজ দুষ্টতাই তোমাক শাস্তি দিব, আৰু তোমাৰ অপথে যোৱাই তোমাক ধম্কি দিব।
\q এই হেতুকে তুমি ঈশ্বৰ যিহোৱাক ত্যাগ কৰা আৰু অন্তৰত মোৰ ভয় নৰখা যে বেয়া আৰু তিতা,
\q ইয়াক জ্ঞাত হৈ বুজা, এয়ে প্ৰভু বাহিনীসকলৰ যিহোৱাৰ বচন।
\q
\s5
\v 20 কিয়নো বহুকাল হ’ল, তুমি তোমাৰ যুৱলি ভাঙিলা;
\q আৰু যোঁত-জৰী চিঙি ক’লা, “মই পৰাধিন নহম,” কাৰণ তুমি প্ৰত্যেক ওখ পৰ্ব্বতত, আৰু কেঁচাপতীয়া গছৰ তলত মূৰ দোৱাই বেশ্যাকৰ্ম্ম কৰিলা।
\q
\v 21 তথাপি মই তোমাক উত্তম দ্ৰাক্ষালতা বুলি, সকলোভাবে প্ৰকৃত গুটি বুলি ৰোইছিলোঁ;
\q তেন্তে তুমি কেনেকৈ মোৰ গুৰিত বিজাতীয় দ্ৰাক্ষালতাৰ নৰম ডালত পৰিবৰ্ত্তন হলা?
\q
\v 22 কিয়নো যদিও খাৰেৰে নিজৰ গা ধোৱা, আৰু অনেক চাবোন লগোৱা, তথাপি মোৰ দৃষ্টিত তোমাৰ অপৰাধ দাগস্বৰূপ হৈ থাকিব,
\q এয়েই সত্য, কিয়নো ইয়াক প্ৰভু যিহোৱাই কৈছে।
\q
\s5
\v 23 তুমি কেনেকৈ কব পৰা, যে, মই অশুচি নহওঁ, বালদেৱতাবোৰৰ পাছত চলা নাই?
\q উপত্যকাত কৰা তোমাৰ আচাৰ-ব্যৱহাৰ চোৱা, তুমি কি কৰিলা, তাক জ্ঞাত হোৱা; তুমি তোমাৰ পথত পকোৱা-পকিকৈ ভ্ৰমি ফুৰোঁতা এজনী বেগীউটৰ নিচিনা।
\q
\v 24 তুমি নিজ অভিলাষত বায়ু সুঙি ফুৰা অৰণ্যত অভ্যাস হোৱা এজনী বনৰীয়া গাধৰ নিচিনা; তাই কামাতুৰ হোৱা সময়ত কোনে তাইক ওলোটাব পাৰে?
\q তাইলৈ অভিলাষ কৰি বিচৰাবোৰে ভাগৰ নাপাব, তাইৰ নিয়মিত মাহত তাইক পাব।
\q
\v 25 তুমি তোমাৰ ভৰি পইজাৰ নোহোৱা হবলৈ, আৰু ডিঙিৰ নলী শুকান হবলৈ নিদিবা।
\q কিন্তু তুমি কৈছা, “ইয়াত আশা নাই, সমূলি নাই; কিয়নো মই বিদেশীসকলক প্ৰেম কৰোঁ, তেওঁলোকৰেই পাছত চলিম!”
\q
\s5
\v 26 চোৰ ধৰা পৰিলে যেনেকৈ সি লাজত পৰে, তেনেকৈ ইস্ৰায়েল বংশই লাজ পাইছে। তেওঁলোক, তেওঁলোকৰ ৰজা, অধ্যক্ষ, পুৰোহিত আৰু ভাবাদীসকলে লাজ পাইছে।
\q
\v 27 তেওঁবিলাক প্ৰতিজনে এডোখৰ কাঠক, ‘তুমি মোৰ পিতৃ! এইবুলি, আৰু এটা শিলক, তুমি মোক উৎপন্ন কৰিলা ‘তুমি মোৰ মাতৃ! এইবুলি কয়;
\q কিয়নো তেওঁলোকে মোৰ ফালে মূৰ নকৰি পিঠিহে দিলে; কিন্তু আপদৰ দিনত তেওঁলোকে কব, তুমি উঠি আমাক উদ্ধাৰ কৰা!
\q
\v 28 তুমি নিজৰ কাৰণে যি দেৱতাবোৰ সাজিলা, তোমাৰ সেই দেৱতাবোৰ ক’ত? সেইবোৰেই উঠি, যদি পাৰে, তেন্তে আপদৰ সময়ত তোমাক নিস্তাৰ কৰক;
\q কিয়নো হে যিহূদা, তোমাৰ যিমান নগৰ, সিমান তোমাৰ দেৱতা আছে।
\q
\s5
\v 29 যিহোৱাই কৈছে, তোমালোকে কিয় মোৰ লগত প্ৰতিবাদ কৰিছা? তোমালোক সকলোৱেই মোলৈ বিদ্ৰোহ-আচৰণ কৰিছা?
\q
\v 30 মই তোমালোকৰ সন্তানসকলক বৃথা প্ৰহাৰ কৰিলোঁ; তেওঁলোকে শাস্তি নুবুজিলে;
\q বৰং তোমালোকৰ নিজৰ তৰোৱালেই বিনাশক সিংহৰ দৰেই তোমালোকৰ ভাবাদীসকলক গ্ৰাস কৰিলে।
\q
\v 31 তেন্তে হে বৰ্ত্তমান কালৰ লোকসকল, তোমালোকে যিহোৱাৰ বাক্য আলোচনা কৰা।
\q ইস্ৰায়েলৰ পক্ষে মই জানো অৰণ্য বা অন্ধকাৰময় দেশস্বৰূপ? তেন্তে মোৰ প্ৰজাসকলে কিয় কয় যে, আমি মুকলি হ’লোঁ, আমি তোমাৰ ওচৰলৈ আৰু নাযাওঁ?
\q
\s5
\v 32 যুৱতিয়ে জানো নিজৰ অলঙ্কাৰ বা কন্যাই জানো নিজৰ পিন্ধা সাজ পাহৰিব পাৰে?
\q কিন্তু মোৰ প্ৰজাসকলে অসংখ্য দিন মোক পাহৰি আছে।
\q
\v 33 তুমি প্ৰেম বিচাৰিবলৈ কেনে সুন্দৰৰূপে নিজ পথ যুগুত কৰিছা।
\q এই কাৰণে দুষ্ট স্ত্রীসকলকো তুমি নিজ পথ শিকালা।
\q
\v 34 তোমাৰ বস্ত্ৰৰ আঁচলতে নিৰ্দ্দোষী দৰিদ্ৰ প্ৰাণীবোৰৰ তেজ পোৱা গৈছে;
\q মই বৰকৈ বিচাৰি বিচাৰি যে তাক পালোঁ, এনে নহয়, কিন্তু সেই সকলোৰে ওপৰত তাক পালোঁ।
\q
\s5
\v 35 তথপি তুমি কৈছা, মই নিৰ্দ্দোষী, অৱশ্যে মোৰ পৰা তেওঁৰ ক্ৰোধ ঘূৰিল।
\q চোৱা, মই পাপ কৰা নাই, তুমি এই কথা কোৱাৰ কাৰণে, মই তোমাৰে সৈতে বিচাৰস্থানত সোমাম।
\q
\v 36 তুমি তোমাৰ পথ সলনি কৰিবৰ মনেৰে কিয় ইমানকৈ ভ্ৰমণ কৰিছা?
\q তুমি অচুৰৰ পৰা যেনেকৈ লাজ পাইছিলা, তেনেকৈ মিচৰৰ পৰাও লাজ পাবা।
\q
\v 37 অৱশ্যে তাৰ ওচৰৰ পৰাও মূৰত হাত দি গুচি যাবা;
\q কিয়নো যিহোৱাই তোমাৰ আশ্ৰয়স্থানবোৰ অগ্ৰাহ্য কৰিলে; সেইবোৰত তোমাৰ কুশল নহব।”
\s5
\c 3
\q
\v 1 মোচিয়ে এইদৰে লিখিছিল যে, কোনোৱে নিজ স্ত্রীক ত্যাগ কৰাৰ পাছত, সেই স্ত্রীয়ে তেওঁৰ স্বামীৰ লগ এৰি, যদি আন পুৰুষৰ সৈতে বিবাহ হয়, তেতিয়া তাইৰ প্রথম স্বামীয়ে পুনৰায় তাইক নিজৰ পত্নীৰূপে ঘূৰাই নল’ব,
\q যদি যায়, তেন্তে সেই গোটেই দেশ নিচেইকৈ মোলৈ গ্রহণীয় নহ’বলৈ সেয়ে এক কাৰণ হ’ব।
\q কিন্তু তুমি অনেক প্ৰিয়ই সৈতে বেশ্যাকৰ্ম্ম কৰিলা আৰু সেইবোৰে সৈতে শয়ন কৰিলা! গতিকে মোৰ ওচৰলৈ যদি তুমি ওলটিও আহাঁ, মই জানো তোমাক গ্রহণ কৰিম?” এইবুলি যিহোৱাই কৈছে।
\q
\v 2 “চকু তুলি গছশূন্য পাহাৰ টিলাবোৰলৈ চোৱা। তুমি আৰাধ্য কৰা প্রতিমাবোৰ প্রত্যেক পাহাৰ টিলাবোৰতেই আছে।
\q তুমি অৰণ্যত থকা আৰবীয়াৰ দৰে মানুবোৰলৈ বাট চাই ৰাজ-আলিত আক্রমণ কৰি লুটপাত কৰিবলৈ বহি থকাৰ দৰে যেন তেওঁলোক সকলোৱে প্রেমিকহে যাৰে সৈতে বেশ্যাকৰ্ম্ম কৰিলা।
\q কিয়নো প্রতিমাবোৰক আৰাধনা কৰি আৰু বেশ্যাকৰ্ম্ম আৰু কুকৰ্ম্মৰ দ্বাৰাই তুমি দেশখন মোলৈ অগ্রহণীয় কৰিলা।
\q
\s5
\v 3 সেইবাবেই বছৰৰ নিৰূপিত সময়ত হ’ব লগীয়া বৃষ্টি মই আটক কৰিলো, যেতিয়া তোমালোকে ইয়াৰ প্রয়োজন বোধ কৰিছিলা।
\q তথাপি তুমি বেশ্যাৰ মুখ ধাৰণ কৰি, লজ্জিত হবলৈ অস্বীকাৰ কৰিলা।
\q
\v 4 তুমি আজিৰ পৰা মোৰ আগত প্ৰাৰ্থনা কৰি নকবা নে, যে, ‘হে মোৰ পিতৃ! তুমি মোৰ যৌৱনকালৰ পথদৰ্শক!
\q
\v 5 তুমি জানো চিৰকাললৈকে তোমাৰ ক্ৰোধ মোৰ ওপৰত ৰাখিবা!
\q চোৱা, তুমি মন্দ কথা ক’লা, আৰু কুকৰ্ম্মও কৰি আছা আৰু নিজ ইচ্ছামতে তাক সিদ্ধও কৰি আছা!”
\s ইস্ৰায়েল আৰু যিহূদাৰ পাপৰ ক্ষমা।
\p
\s5
\v 6 যিহূদাৰ ৰজা, ৰজা যোচিয়াই ৰাজত্ব কৰি থকা কালত এদিনাখন যিহোৱাই মোক ক’লে, “বিপথগামিনী ইস্ৰায়েলে যি কৰিলে, তাক তুমি দেখিবলৈ পালা নে? নিজৰ স্বামীক ত্যাগ কৰি আন লোকৰ সৈতে শয়ন কৰাৰ দৰে তেওঁলোক মোৰ পৰা বিমুখ হ’ল। তেওঁলোকে প্ৰত্যেক ওখ পৰ্ব্বতৰ ওপৰত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত গৈ, সেই সেই ঠাইত বেশ্যা কৰ্ম্ম কৰিলে।
\v 7 মই ভাবিছিলোঁ যে এইবোৰ কাম কৰাৰ পাছত তেওঁলোক মোৰ ওচৰলৈ উলটি আহিব, গতিকে মই ক’লোঁ, ‘মোলৈ ঘূৰি আহাঁ! কিন্তু তেওঁলোকে উলটি নাহিল। আৰু তেওঁলোকৰ বিশ্বাস-ঘাতকিনী যিহূদাই তাক দেখিলে।
\p
\s5
\v 8 আৰু মই দেখিলোঁ, যে, বিপদগামিনী ইস্ৰায়েলে ব্যভিচাৰ কৰিলে, এই কাৰণে মই পত্নীক ত্যাগ-পত্ৰ দি এৰি দিয়াৰ দৰে, অন্য দেশলৈ পঠিয়াই দিলো। মই তেওঁলোকক কি কৰিলো, বিশ্বাস-ঘাতকিনী বায়েক যিহূদাই সেই সকলো দেখিও ইস্রায়েলৰ দৰেই বেশ্যাকৰ্ম্ম কৰিলে। মই তেওঁলোকলৈ কি কৰিব পাৰো, তালৈ যিহূদাই ভয় নকৰিলে, কিন্তু স্ত্রীসকলে নিজৰ স্বামীক এৰি আন পুৰুষলৈ যোৱাৰ দৰে দেৱ-দেৱীৰ উপাসক হৈ মোৰ পৰা নিজলে বিমূখ কৰিলে।
\v 9 তেওঁলোকে বেশ্যাকৰ্ম্ম লঘু জ্ঞান কৰি তেওঁলোকে শিল আৰু কাঠেৰে সজা দেৱ-দেৱীৰ উপাসক হৈ দেশখন অশুচি কৰিলে।
\v 10 ইস্রায়েলৰ বিশ্বাস-ঘাতকিনী বায়েক যিহূদাই সম্পূৰ্ণ মনেৰে সৈতে নহয়, কেৱল কপটভাৱেৰে মোলৈ উলটিল। এয়েই সত্য হোৱাৰ বাবে মই, যিহোৱাই ইয়াকে ক’লো।”
\p
\s5
\v 11 তেতিয়া যিহোৱাই মোক ক’লে, “ইস্ৰায়েলৰ লোকসকলে মোৰ পৰা ঘূৰি গ’ল, কিন্তু বিশ্বাস-ঘাতকিনী যিহূদাই বিপদ-ঘামিনী ইস্ৰায়েলতকৈ নিকৃষ্টতৰভাৱে বিপথে গ’ল।
\v 12 গতিকে তুমি গৈ ইস্রায়েলৰ লোকসকলক কোৱাগৈ: ‘তেওঁৰ পৰা উলটি যোৱা হে ইস্রায়েলৰ লোকসকল, যিহোৱাই এই কথা তোমালোকক কৈছে: মই তোমালৈ আৰু ক্ৰোধ-দৃষ্টি নকৰিম। কিয়নো যিহোৱাই কৈছে, মই দয়ালু আৰু মই চিৰকাললৈকে ক্ৰোধ নাৰাখো। গতিকে তোমালোক মোলৈ উলটি আহাঁ।
\q
\s5
\v 13 তোমাৰ সেই দোষ স্বীকাৰ কৰা যে, তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে তুমি অপৰাধ কৰিলা,
\q আৰু পৰজাতিসকলক বিচাৰি ইফালে সিফালে ফুৰি প্ৰত্যেক কেঁচাপতিয়া গছৰ তলত তেওঁলোকৰ সৈতে শয়ন কৰিলা অৰ্থাৎ সেই দেৱ-দেৱীৰ উপাসনা কৰিলা,
\q তোমালোকে মোৰ বাক্য পালন নকৰি মোৰ পৰা আতঁৰি গ’লা।
\q
\v 14 যিহোৱাই কৈছে, হে বিপদ-ঘামিনী সন্তানসকল, মোলৈ উলটি আহাঁ; কিয়নো ময়েই তোমালোকৰ স্বামী!
\q তোমালোক উলটি আহিলে, মই এখন নগৰৰ পৰা এজন আৰু এক গোষ্ঠীৰ পৰা দুজনকৈ লৈ চিয়োনলৈ অৰ্থাৎ যিৰূচালেমলৈ তোমালোকক আনিম।
\q
\v 15 তোমালোকে এইদৰে কৰিলে, মই তোমালোকক মোৰ মনৰ দৰে এজন ৰখীয়া দিম; তেওঁলোকে জ্ঞান আৰু বুদ্ধিৰে তোমালোকক চৰাব, কাৰণ তেওঁলোকে মোক সন্তুষ্ট কৰিবলৈ জানে আৰু বুজে।
\p
\s5
\v 16 যিহোৱাই কৈছে, সেই দিনত, যেতিয়া তোমালোক বাঢ়ি বহুপ্ৰজা হ’বা, তেতিয়া, “যিহোৱাৰ নিয়ম চন্দুক” এই কথা মানুহে আৰু নকব, আৰু সেয়ে মনত নপৰিব, লোকে তাক সোঁৱৰণ নকৰিব, সেয়ে নোহোৱাত লোকে বেজাৰ নাপাব আৰু তাক পুনৰায় সজা নাযাব।
\p
\s5
\v 17 সেই সময়ত লোকসকলে ক’ব, “যিৰূচালেম যিহোৱাৰ সিংহাসন বুলি প্ৰখ্যাত হব, আৰু সকলো জাতিয়ে তাৰ ওচৰত যিৰূচালেমত যিহোৱাৰ নামেৰে গোট খাব আৰু তেওঁলোকে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে আৰু নচলিব।
\v 18 সেই কালত যিহূদা বংশই ইস্ৰায়েল বংশই সৈতে সমভাবে চলিব, আৰু তেওঁলোক একে লগে উত্তৰ দেশৰ পৰা ওলাই, তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক আধিপত্যৰ অৰ্থে মই দিয়া দেশলৈ আনিম।
\q
\s5
\v 19 আৰু ময়েই কৈছিলোঁ, তোমালোক ইস্রায়েলৰ লোকসকল, মই তোমালোকক গ্রহণ কৰিবলৈ তোমালোক মোৰ সন্তান হোৱা। কাৰণ মই তোমালোকক এক মনোহৰ দেশ দিম।
\q আন জাতিৰ দেশতকৈ এই দেশ অধিককৈ মনোহৰ! মই ইচ্ছা কৰিছোঁ যেন তোমালোকে মোক ‘পিতৃ’ বুলি সন্বোধন কৰা,
\q আৰু মোৰ পাছত চলাৰ পৰা কেতিয়াও উলটি নাযাবা।
\q
\v 20 কিন্তু তোমালোকে পত্নীয়ে যেনেকৈ নিজ স্বামীক বিশ্বাস-ঘাতকতা কৰি এৰে, তেনেকৈ তোমালোকেও স্বৰূপেই মোৰ অহিতে বিশ্বা-ঘাতকতা কৰিলা।
\q সেইবাবেই যিহোৱাই কৈছে, আৰু মই ইস্ৰায়েল বংশক এই কথা ক’লো।
\q
\s5
\v 21 “গছশূল্য পৰ্ব্বতত ইস্ৰায়েলৰ সন্তানসকলৰ কান্দোন আৰু কাকোতি-মিনতি শুনা গৈছে;
\q কাৰণ, তেওঁলোক বিপদগামী হৈছিল আৰু তেওঁলোকে নিজৰ ঈশ্বৰ যিহোৱাক পাহৰি গৈছিল বুলি স্বীকাৰ কৰিছে।
\q
\v 22 যিহোৱাই তেওঁলোকক ক’ব, “হে বিপথগামী ইস্রায়েলৰ সন্তানসকল, মোলৈ উলটি আহাঁ! তেনে কৰিলে মই তোমালোকৰ বিপথগমনস্বৰূপ ৰোগ সুস্থ কৰিম।”
\p তেতিয়া লোকসকলে উত্তৰ দি ক’ব, “চোৱা, আমি তোমাৰ ওচৰলৈ আহিছোঁ; কিয়নো তুমিয়েই আমাৰ ঈশ্বৰ যিহোৱা।
\q
\s5
\v 23 স্বৰূপেই গিৰিবোৰৰ পৰা আশা কৰা সহায় আৰু পৰ্ব্বতবোৰৰ ওপৰত দেৱ-দেৱীৰ আগত কৰা কোৰাল মিছা।
\q স্বৰূপেই উপলদ্ধি কৰিছোঁ যে, আমাৰ ঈশ্বৰ যিহোৱাইহে ইস্ৰায়েলৰ পৰিত্ৰাণ!
\q
\v 24 কিন্তু সেই লজ্জাজনক বাল দেৱতাই, আমাৰ লৰা কালৰে পৰা আমাৰ পিতৃসকলৰ শ্ৰমেৰে অৰ্জ্জা সম্পত্তি, তেওঁলোকৰ গৰু, মেৰ আদি জাক আৰু তেওঁলোকৰ লৰা-ছোৱালী সকলক গ্ৰাস কৰিলে।
\q
\v 25 সেয়েহে আমি আমাৰ লাজস্বৰূপ বিছনাত শোওঁ আৰু আমাৰ অপমানে আমাক ঢাকক; কিয়নো আমাৰ পূৰ্ব্ব-পুৰুষসকলে, আৰু আমিও লৰা কালৰে পৰা আজিলৈকে নিজৰ ঈশ্বৰ যিহোৱাৰ অহিতে পাপ কৰিলোঁ,
\q আৰু নিজৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন নকৰিলো।”
\s5
\c 4
\s যিৰূচালেমৰ ভৱিষ্যতে হ’বলগীয়া বিনাশ।
\q
\v 1 যিহোৱাই কৈছে: হে ইস্ৰায়েল লোকসকল, এই আন আন দেৱ-দেৱীবোৰক এৰা আৰু মোলৈ উলটি আহাঁ!
\q তুমি যদি এই জঘন্য দেৱ-দেৱীবোৰৰ পৰা আতঁৰি আহিব খোজা, তেন্তে তোমাক অগ্রাহ্য কৰা নহ’ব।
\q
\v 2 আৰু যদি তুমি ঘোষণা কৰা, যে ‘নিশ্চয়কৈ যিহোৱা জীৱিত, তেওঁ যিটো কয়, সেয়ে সত্য, ন্যায় আৰু ধাৰ্ম্মিকতাৰ জীৱনৰ কথা কয়’,
\q যিহোৱাৰ জীৱনৰ শপত কৰিবা আৰু জাতিবোৰে তেওঁতেই নিজক আশীৰ্ব্বাদপ্ৰাপ্ত বুলি জ্ঞাত কৰিব, আৰু তেওঁতেই তেওঁলোকে গৌৰৱ কৰিব।
\q
\v 3 সেই বাবেই যিহোৱাই যিহূদা আৰু যিৰূচালেমৰ লোকসকলক এই কথা কৈছে,
\q “খেতিয়কে নিজৰ কঠিন মাটি চহাই গুটি ৰুবলৈ প্রস্তুত কৰাৰ দৰে মোৰ বাক্য তোমালোকৰ গুপ্ত স্থানত গ্রহণ কৰিবলৈ যুগুত থাকিবা।
\q কিন্তু যিহেতু খেতিয়কে কাঁইটীয়া বন থকা মাটিত নষ্ট হ’বলৈ ভাল গুটি নিসিঁচে, তেনেকৈ তোমালোকৰ কঠিন মনত সেই বাক্য দি, নষ্ট কৰিবলৈ মই নোখোজো।
\p
\s5
\v 4 হে যিহূদাৰ লোক, হে যিৰূচালেম-নিবাসীসকল, তোমালোকে যিহোৱাৰ উদ্দেশ্যে চুন্নৎ হোৱা, নিজ নিজ হৃদয়ৰ অগ্ৰচৰ্ম্ম গুচাই পেলোৱা, নতুবা তোমালোকৰ কাৰ্য্যৰ দুষ্টতাৰ বাবে মোৰ ক্ৰোধাগ্নি জ্বলি উঠি কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব।
\v 5 যিহূদাত বাকি ঠাইবোৰত প্ৰচাৰ কৰা আৰু যিৰূচালেমৰ সকলো লোকসকলৰ আগত ঘোষণা কৰা। আৰু চোৱা, “দেশত তোমালোকে শিঙা বজোৱা;” আৰু ৰিঙিয়াই কোৱা, “গোট খোৱা, আহাঁ, আমি গড়েৰে আবৃত হোৱা নগৰবোৰত সোমাওঁগৈ।“
\v 6 যিৰূচালেমৰ লোকসকলক চিঞঁৰি কোৱা, ‘ৰক্ষা পাবলৈ পলোৱা! পলম নকৰিবা, কিয়নো মই উত্তৰ দিশৰ পৰা তোমালোকৰ ওপৰত ভয়ানক অমঙ্গল আৰু মহাসংহাৰ আনি আছোঁ।’
\p
\s5
\v 7 এটা সিংহই নিজ গাঁতৰ পৰা ওলাই আন আন জন্তুবোৰক সংহাৰ কৰাৰ দৰে বহু জাতিক সংহাৰ কৰা সৈন্যই তোমালোকক আক্রমণ কৰিব। সৈন্যসকলে ইতিমধ্যে তোমালোকৰ দেশৰ অভিমুখে কুচকাৱাজ কৰি খোজ কাঢ়িবলৈ ধৰিছে। তেওঁলোকে তোমালোকৰ নগৰবোৰ ধ্বংশ কৰিব আৰু তাত থকা সকলোকে উচ্ছন্ন কৰি মানুহশূন্য কৰি এৰি থৈ যাব।
\v 8 এই হেতুকে তোমালোকে কঁকালত চট বান্ধা, বুকুত ভুকুৱাই হাহাঁকাৰ কৰি ক্রন্দন কৰা আৰু দেখুউৱা যে তোমালোকে যি যি কৰিলা তাৰ বাবে তোমালোক অতি দুখিত কিয়নো যিহোৱাৰ জলন্ত ক্ৰোধ আমাৰ পৰা এতিয়াও ঘূৰি যোৱা নাই।
\p
\s5
\v 9 যিহোৱাই ঘোষণা কৰিছে যে, যেতিয়া তেওঁ শাস্তি দিয়ে, সেই কালত ৰজাৰ মন আৰু অধ্যক্ষসকলৰ মন ব্যাকুল হব, পুৰোহিতসকলে বিস্ময় মানিব, আৰু ভাববাদীসকল আতংকিত হ’ব।
\v 10 তেতিয়া মই উত্তৰ দি ক’লোঁ, “হায় হায়, হে মোৰ প্ৰভু যিহোৱা, স্বৰূপেই তুমি এই জাতিক আৰু যিৰূচালেমক অত্যন্ত প্ৰবঞ্চনা কৰিলা, কাৰণ তুমি কৈছিলা, ‘তোমালোকৰ শান্তি হব’ অথচ তৰোৱালে মৰ্ম ভেদিছে!”
\p
\s5
\v 11 সেই কালত এই জাতিক আৰু যিৰূচালেমক এই কথা কোৱা যাব, “ঘেঁহুৰ পৰা তুঁহ আঁতৰোৱা কোমল বতাহৰ দৰে নহয়, কিন্তু অৰণ্যত থকা গছ-শূন্য পৰ্ব্বতবোৰৰ পৰা গৰম বতাহৰ দৰে এক বৃহৎ সৈন্যৰ দলে তোমালোকক আক্রমণ কৰিব।
\v 12 সেয়ে এক প্ৰবল বা-মাৰলি মোৰ আজ্ঞাত আহিব। গতিকে এতিয়া মইও তেওঁলোকৰ বিৰুদ্ধে দণ্ডাজ্ঞা প্ৰচাৰ কৰিম।”
\p
\s5
\v 13 চোৱা, আমাৰ শত্রুবোৰ আমালৈ বেগেৰে আহি আছে; সি মেঘবোৰৰ দৰে উঠি আহিব; তাৰ ৰথবোৰ বা-মাৰলী বতাহস্বৰূপ; তাৰ ঘোঁৰাবোৰ কুৰৰ পক্ষীতকৈয়ো বেগী। হায় হায়, আমাৰ সৰ্ব্বনাশ! কিয়নো আমি নষ্ট হলোঁ।
\v 14 হে যিৰূচালেমৰ লোকসকল, যিহোৱাই ৰক্ষা কৰিবলৈ, তোমালোকৰ হৃদয় ধুই দুষ্টতা দূৰ কৰা। তোমালোকৰ অন্তৰত কু-ভাবনা আৰু কিমান দিন ৰাখিবা?
\v 15 কিয়নো দানৰ নগৰৰ পৰা ইফ্ৰয়িম পৰ্ব্বতৰ উত্তৰ ফালে অতি দুৰৈত কোনো প্ৰচাৰ কৰোঁতাৰ দ্বাৰাই অমঙ্গলৰ বাৰ্ত্তা শব্দ শুনা গৈছে।
\p
\s5
\v 16 ইয়ক তোমালোকে আন আন জাতিবোৰৰ আগত কোৱাগৈ আৰু যিৰূচালেমতো ঘোষণা কৰা: যিহোৱাই কৈছে, চোৱা, অৱৰোধকাৰীবোৰ যে দূৰ দেশৰ পৰা আহিব লাগিছে, আৰু যিহূদাৰ নগৰবোৰৰ বিৰুদ্ধে যে তেওঁলোকে ৰণ-ধ্বনি কৰিব।
\v 17 খেতিৰ সময়ত খেতি-ৰখীয়াবোৰৰ দৰে তেওঁলোকে যিৰূচালেমৰ চাৰিওফালে অস্থায়ীভাৱে ছাউনি পাতি থাকিব। যিহোৱাই কৈছে, এইদৰেই ঘটিব, কিয়নো তেওঁলোকে মোৰ অহিতে বিদ্ৰোহ-আচৰণ কৰিলে।
\v 18 তোমালোকলৈ সেই শাস্তি অতি কঠোৰ হ’ব; তোমালোকৰ কলিজাবোৰত তৰোৱালে খোচঁ মাৰি আঘাত কৰাৰ দৰে হ’ব। তোমালোকৰ নিজ আচৰণ আৰু কাৰ্য্যবোৰেই তোমালোকলৈ ইয়াক ঘটাইছে; সেয়ে তোমালোকৰ দুষ্টতাৰ ফল।
\p
\s5
\v 19 হায় হায় মোৰ নাড়ী ! মোৰ নাড়ী ! মই অতিশয় শোক-পীড়িত হৈছো; মোৰ অন্তৰত মই অতি বেদনা পাইছোঁ। মোৰ কলিজাৰ ধপধপনি অধিক হৈছে! কিন্তু মই নিৰৱে থাকিব নোৱাৰোঁ, কিয়নো যিহূদাৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ যে হ’ব, শত্রুৰ শিঙাৰ শব্দ আৰু যুদ্ধৰ ধ্বনি মই শুনিলো!
\v 20 গোটেই দেশ উচ্ছন্ন নোহোৱালৈকে বিনাশৰ উপৰি বিনাশ হ’ব। অকস্মাতে আমাৰ তম্বুবোৰ, মুহূৰ্ত্ততে ধ্বংশ হ’ব; আনকি মোৰ তম্বুৰ কাপোৰবোৰ ফালি চিৰাচিৰ হ’ব।
\p
\s5
\v 21 কিমান কাল এই যুদ্ধ চলিব? কিমান কালনো শত্রুৰ এই যুদ্ধৰ নিচান দেখিম আৰু তেওঁলোকৰ শিঙাৰ শব্দ শুনিম?
\v 22 যিহোৱাই কৈছে: কিয়নো মোৰ প্ৰজাসকল অজ্ঞানী! মোৰ সৈতে তেওঁলোকৰ কোনো সম্পর্ক নাই। তেওঁলোক মূৰ্খ, অজলা লৰা-ছোৱালিৰ দৰে কোনো বিষয় বুজি নাপায়। তেওঁলোক কদাচাৰত পটু, কিন্তু সদাচৰণত অজ্ঞান।
\p
\s5
\v 23 ঈশ্বৰে মোক এক দৰ্শন দিলে য’ত মই পৃথীৱীলৈ চাই দেখিলোঁ, চোৱা, সেয়ে ধ্বংস হ’ল আৰু উদং; আৰু আকাশ-মণ্ডললৈ চালোঁ, তাত কোনো দীপ্তি নাছিল।
\v 24 মই পৰ্ব্বতবোৰলৈ দৃষ্টি কৰিলোঁ, চোৱা, সেইবোৰ এফালৰ পৰা আনফাললৈ কঁপিছে, আৰু আটাই গিৰিবোৰ লৰিছে।
\v 25 মই চাই দেখিলোঁ, কোনো মানুহ যেন নাই আৰু আকাশৰ পক্ষীবোৰো পলাই গ’ল।
\v 26 মই চাই দেখিলোঁ, ফলৱতী পথাৰবোৰ মৰুভুমি হৈ পৰিল যিবোৰ আগতে ফলৱতী বাৰী আছিল। আটাই নগৰ ভগ্ন হ’ল; সেই সকলো যিহোৱাৰ সাক্ষাতে আৰু তেওঁৰ অতি জ্বলন্ত ক্ৰোধৰ প্ৰভাৱত ধ্বংশ কৰা হ’ল।
\p
\s5
\v 27 কিয়নো যিহোৱাই এই কথাই কৈছে: গোটেই যিহূদাৰ দেশ ধ্বংসৰ ঠাই হ’ব, তথাপি মই নিঃশেষে সংহাৰ নকৰিম।
\v 28 এই হেতুকে মই যি ক’লো, মোৰ লোকসকললৈ এইদৰেই কৰিম, আৰু মোৰ মন মই সলনি নকৰিম। গতিকে যেতিয়া এইবোৰ ঘটিব, পৃথিৱীয়ে শোক কৰা যেন হ’ব আৰু ওপৰত থকা আকাশ-মণ্ডল অন্ধকাৰময় যেন হ’ব।”
\v 29 অশ্বাৰোহী আৰু ধনুৰ্দ্ধসকলৰ শব্দত নগৰখনেই পলাব। কোনো কোনোৱে ডাঠ হাবিত সোমাব, আৰু কোনো কোনোৱে শত্রুৰ হাতত নিহত হোৱাৰ পৰা ৰক্ষা পাবলৈ শিলত উঠিব। যিহূদাৰ গোটেই নগৰ ত্যাগ কৰা হ’ব; তাৰ মাজত বাস কৰোঁতা মানুহ কোনো নাথাকিব।
\p
\s5
\v 30 এতেকে তোমালোক নিশ্চয়ে ধ্বংশ হ’বা, হে বিনষ্টা, তেতিয়া তোমালোকে কি কৰিবা? যদিও তুমি কাপোৰ পিন্ধা, সোণৰ অলঙ্কাৰেৰে নিজকে ভুষিত কৰা আৰু কাজলেৰে চকু দুটা ডাঙৰ কৰা, তথাপিও তুমি নিজকে সুন্দৰী কৰা বৃথা; উপপতিবোৰে তোমাক ঘৃণাব, তেওঁলোকে তোমাৰ প্ৰাণ নষ্ট কৰিবলৈ বিচাৰিব।
\v 31 কিয়নো মই ইতিমধ্যেই যিৰূচালেমৰ লোকসকলৰ মাত শুনিবলৈ পালো যেন এগৰাকি প্ৰসৱকাৰিণী স্ত্রীৰ কান্দোন, প্ৰথম লৰা ওপজোৱা জনীৰ বেদনাৰ শব্দ যেন শুনিছোঁ; কোনোজনৰ পৰা সহায় পাবলৈ কান্দি কান্দি কাতৰোক্তি কৰি কোৱাৰ দৰেহে যেন কৈছে, “মোৰ সৰ্ব্বনাশ! কিয়নো বধকাৰীবোৰৰ আগত মোৰ প্ৰাণ অচেতন হৈছে,” এই বুলি কৈ দীঘল নিশ্বাস পেলোৱা; হাত বিস্তাৰ কৰা চিয়োন জীয়াৰীৰ শব্দ শুনিছোঁ!”
\s5
\c 5
\s ইস্ৰায়েলৰ শত্রুৰ আগমণ আৰু তাৰ কাৰণ।
\q
\v 1 “তোমালোকে যিৰূচালেমৰ বাটে বাটে ইফালে সিফালে লৰি ফুৰা আৰু মন দি চোৱা, আৰু তাৰ চুকে চুকে বিচাৰা,
\q ন্যায় কাৰ্য্যকাৰী আৰু সত্যৰ অনুগামী এজনকো যদি পোৱা,
\q তেন্তে মই লগৰখনক ক্ষমা কৰিম।
\q
\v 2 যদিও তেওঁলোকে ‘যিহোৱাৰ জীৱনৰ শপত, এই বুলি ক’য়, তথাপি তেওঁলোকে মিছা শপতহে খায়।
\q
\v 3 হে যিহোৱা, তোমাৰ দৃষ্টি সত্যলৈ নহয় নে? তুমি তেওঁলোকক প্ৰহাৰ কৰিলা; তথাপি তেওঁলোক দুখিত নহ’ল।
\q তুমি তেওঁলোকলৈ বিনাশ আনিলা, তথাপি তেওলোক শাস্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে, তেওঁলোকে নিজ নিজ মুখ শিলতকৈয়ো টান কৰি উভটি আহিবলৈ অমান্তি হ’ল।
\q
\s5
\v 4 তেতিয়া মই ক’লোঁ, “স্বৰূপেই এইসকল দৰিদ্ৰ লোক।
\q তেওঁলোক অজ্ঞানী, কাৰণ তেওঁলোকে যিহোৱাৰ পথ, আৰু নিজৰ ঈশ্বৰৰ পথ নাজানে।
\q
\v 5 মই ডাঙৰীয়াসকলৰ ওচৰলৈ গৈ তেওঁলোকৰ আগত কথা কম; কিয়নো তেওঁলোকে ক’লে, যিহোৱাৰ পথ আৰু তেওঁলোকৰ ঈশ্বৰৰ শাসন জানে,
\q কিন্তু তেওঁলোকে এক মত হৈ যুৱলি ভাঙিলে আৰু যোঁত-জৰী চিঙি পেলালে।
\q
\v 6 এই কাৰণে কাঠনিৰ পৰা সিংহ আহি তেওঁলোকক বধ কৰিব। সন্ধ্যাবেলাত ওলোৱা ৰাংকুকুৰে তেওঁলোকক বিনষ্ট কৰিব।
\q নাহৰফুটুকী বাঘে তেওঁলোকৰ নগৰৰ ওচৰত খাপ দি থাকিব। যেয়ে নগৰৰ পৰা বাহিৰ ওলাব, তাক চিৰাচিৰ কৰা হ’ব।
\q কাৰণ তেওঁলোকৰ অধৰ্ম্ম অধিক আৰু তেওঁলোকৰ বিপথগমন সৰহ।
\q
\s5
\v 7 ইয়াৰ বাবে মই এই লোকসকলক কেনেকৈ ক্ষমা কৰিব পাৰোঁ?
\q তোমাৰ সন্তানসকলে মোক ত্যাগ কৰি অনীশ্বৰবোৰৰ নামেৰে শপত খালে।
\q মই যেতিয়া তেওঁলোকক সম্পূৰ্ণকৈ খুৱাইছিলোঁ, তেতিয়া তেওঁলোকে পৰস্ত্ৰীগমন কৰিছিল আৰু বেশ্যাৰ ঘৰত জুমে জুমে গোট খাইছিল।
\q
\v 8 তেওঁলোকে ৰাতিপোৱাতে উঠি, দানা খুউৱা মতা ঘোঁৰাৰ নিচিনাকৈ প্ৰতিজনে নিজৰ ওচৰ-চুবুৰীয়াৰ পত্নীলৈ ঢেকঢেকায়।
\q
\v 9 গতিকে মই জানো এই কাৰ্য্যবোৰৰ বাবে দণ্ড নিদিম? এইয়েই যিহোৱাৰ ঘোষণা।
\q নাইবা মোৰ প্ৰাণে জানো এনে জাতিৰ প্ৰতিকাৰ নাসাধিব?
\q
\s5
\v 10 তোমালোকে তাইৰ দ্রাক্ষাবাৰীৰ গড়বোৰ পাৰ হৈ তাক নষ্ট কৰা।
\q কিন্তু নিঃশেষে সংহাৰ নকৰিবা।
\q তাৰ ডালবোৰ দূৰ কৰা, কাৰণ সেইবোৰ যিহোৱাৰ নহয়।
\q
\v 11 কিয়নো এয়েই যিহোৱাৰ ঘোষণা, কাৰণ ইস্ৰায়েল বংশ আৰু যিহূদা বংশই মোৰ অহিতে অতিশয় বিশ্বাস-ঘাতকতা কৰিলে।
\q
\v 12 তেওঁলোকে মোক অস্বীকাৰ কৰিলে। আৰু ক’লে, ‘এওঁ আচল নহয়।
\q আমালৈ অমঙ্গল নঘটিব, আমি তৰোৱাল কি আকাল নেদেখিম।
\q
\v 13 ভাববাদীসকল বায়ুস্বৰূপ হ’ল, তেওঁলোকৰ মাজত যিহোৱাৰ বাক্য ঘোষণা কৰিবলৈ কোনো নাই। তেওঁলোকৰ আশংকা তেওঁলোকতেই হওঁক’।”
\q
\s5
\v 14 এই কাৰণে বাহিনীসকলৰ ঈশ্বৰ যিহোৱাই কৈছে, চোৱা এই কথা কোৱা বাবে, মই তোমাৰ মুখত মোৰ বাক্য অগ্নিস্বৰূপ, আৰু এই জাতিক খৰিস্বৰূপ কৰিম; সেয়ে তেওঁলোকক গ্ৰাস কৰিব।
\q
\v 15 যিহোৱাই এই কথা ঘোষণা কৰিলে, হে ইস্ৰায়েল বংশ, চোৱা! মই তোমালোকৰ বিৰুদ্ধে দূৰৰ পৰা এক জাতি আনিম।
\q তেওঁলোক বলৱান জাতি! তুমি সেই জাতিৰ ভাষা নাজানা,
\q বা তেওঁলোকৰ কথাও নুবুজা!
\q
\s5
\v 16 তেওঁলোকৰ টোণ মুকলি মৈদামৰ নিচিনা, আৰু তেওঁলোকৰ আটাই লোক বীৰ।
\q
\v 17 তেওঁলোকে তোমাৰ পো-জীসকলে খাব লগীয়া শস্য আৰু আহাৰ খাব।
\q তেওঁলোকে তোমাৰ মেৰ আৰু গৰুৰ জাকবোৰ খাব; তেওঁলোকে তোমাৰ দ্ৰাক্ষালতা আৰু ডিমৰু ফলবোৰ খাব।
\q গড়েৰে আবৃত যি নগৰবোৰত তুমি বিশ্বাস কৰিছা, তেওঁলোকে সেইসকলক তৰোৱালেৰে গুড়ি কৰিব।
\p
\s5
\v 18 যিহোৱাই এইদৰে কৈছে, কিন্তু সেই কালতো মই তোমালোকক নিঃশেষে সংহাৰ নকৰিম।
\v 19 আৰু আমাৰ ঈশ্বৰ যিহোৱা আমালৈ এইবোৰ কিয় কৰিলে? এইবুলি যেতিয়া তোমালোকে সোধিবা, তেতিয়া তুমি, যিৰিমিয়া, তেওঁলোকক ক’বা, “তোমালোকে যেতিয়া মোক ত্যাগ কৰি তোমালোকৰ নিজ দেশত বিজাতীয় দেৱতাবোৰৰ বন্দীকাম কৰোৱালা, তেনেকৈ বিদেশত বিদেশীবোৰৰো বন্দীকাম কৰিবা।
\q
\s5
\v 20 তোমালোকে যাকোবৰ বংশক এই কথা জনোৱা, আৰু যিহূদাৰ মাজত এই কথা প্ৰচাৰ কৰা,
\q
\v 21 যে, ‘হে অজ্ঞান আৰু নিৰ্ব্বোধ জাতি! কাৰণ এই মুৰ্ত্তিবোৰত কোনো ইন্দ্রিয়ানুভূতি নাই;
\q চকু থকাতো অন্ধ। আৰু কাণ থকাতো কলা।
\v 22 এনে জনা যি মই, মোকেই তোমালোকে ভয় নকৰিবা নে? মোৰেই আগত তোমালোকে কম্পিত নহ’বা নে?
\q তোমালোকে এই কথা শুনা, যিহোৱাই কৈছে, যি জনাই চিৰস্থায়ী আদেশেৰে সাগৰৰ সীমা বালিৰে এনেকৈ স্থিৰ কৰিলে, যে, সি তাক পাৰ হব নোৱাৰে,
\q আৰু তেওঁৰ ঢৌবোৰে আস্ফালন কৰিলেও, সেইবোৰে পৰাজয় কৰিব নোৱাৰে, আৰু গৰ্জ্জন কৰিলেও, তাক অতিক্ৰম কৰিব নোৱাৰে।
\q
\s5
\v 23 কিন্তু এই জাতি অতিশয় আঁকোৰগোজ আৰু বিদ্ৰোহীমনা, তেওঁলোকে বিদ্ৰোহ কৰি অবাটে গ’ল।
\q
\v 24 কাৰণ তেওঁলোকে এইবুলি নকয়, “আহাঁ, আমাৰ ঈশ্বৰ সেই যিহোৱাক আমি ভয় কৰোহঁক, যি জনাই বতৰত আগতীয়া আৰু শেষতীয়া এই দুয়ো বৰষুন দিয়ে,
\q যি জনাই শস্য দোৱা নিৰূপিত সপ্তাস কেইটা আমাৰ নিমিত্তে ৰক্ষা কৰে,” এইবুলি তেওঁলোকৰ মনত তেওঁলোকে নকয়।
\q
\v 25 তোমালোকৰ অপৰাধে এইবোৰ ঘটাল। আৰু তোমালোকৰ পাপবোৰে তোমালোকৰ পৰা মঙ্গল আটক কৰিলে।
\q
\s5
\v 26 কিয়নো মোৰ প্ৰজাসকলৰ মাজত দুষ্টলোক পোৱা যায়; চৰাই-মৰিয়াই খাপ দি থকাৰ দৰে,
\q তেওঁলোকে খাপ দি থাকে, তেওঁলোকে ফান্দ পাতি মানুহকেই ধৰে।
\q
\v 27 সজা যেনেকৈ চৰাইৰে পূৰ, তেওঁলোকৰ ঘৰ তেনেকৈ ছলেৰে পৰিপূৰ্ণ। এই কাৰণে তেওঁলোক বৰ লোক আৰু ধনী হ’ল।
\q
\v 28 তেওঁলোক ৰিষ্ট-পুষ্ট আৰু চিক্চিকীয়া, এনে কি, তেওঁলোকে দুষ্কৰ্ম্মত অতিৰিক্ত কৰে। তেওঁলোকে বিচাৰত প্ৰতিবাদ নকৰে,
\q পিতৃহীনৰ কুশলৰ অৰ্থে তেওঁলোকে বিচাৰত প্ৰতিবাদ নকৰে, আৰু দৰিদ্ৰসকলৰ বিচাৰ নিস্পত্তি নকৰে।
\q
\v 29 যিহোৱাই এইদৰে ঘোষনা কৰিছে, যে এইবোৰ কাৰ্য্যৰ বাবে মই জানো তেওঁলোকক দণ্ড নিদিম?
\q মোৰ প্ৰাণে জানো এনে জাতিৰ প্ৰতিকাৰ নাসাধিব?
\q
\s5
\v 30 দেশৰ মাজত এক আচৰিত আৰু নোম শিয়ৰি উঠা ঘটনাবোৰ ঘটিছে।
\q
\v 31 ভাববাদীসকলে মিছা ভাববাণী প্ৰচাৰ কৰে, আৰু পুৰোহিতসকলে তেওঁলোকৰ দ্বাৰাই চালিত হৈ শাসন কৰে।
\q আৰু মোৰ প্ৰজাসকলে এনেকুৱাবোৰ হোৱাতোহে ভাল পায়; কিন্তু ইয়াৰ অন্তত তোমালোকৰ পৰিণাম কি হ’ব?
\s5
\c 6
\s যিৰূচালেমৰ দুষ্টতাৰ কাৰণে তাৰ অৱৰোধ।
\p
\v 1 “হে বিন্যামীনৰ সন্তানসকল, তোমালোকে যিৰূচালেমৰ মাজৰ পৰা ৰক্ষাৰ পাবৰ বাবে পলোৱা, আৰু তকোৱাত শিঙা বজোৱা।
\q আৰু বৈত-হক্কেমত এক নিচান তোলা; কিয়নো উত্তৰ ফালৰ পৰা এক অমঙ্গল আৰু মহাসংহাৰে দেখা দিছে।
\q
\v 2 সুন্দৰী আৰু আলসুৱা চিয়োন জীয়াৰীক মই সংহাৰ কৰিম।
\q
\v 3 ভেড়া-ৰখীয়াসকলে নিজ নিজ জাক লগত লৈ তাইৰ ওচৰলৈ আহিব;
\q তেওঁলোকে তাইৰ বিৰুদ্ধে চাৰিওফালে নিজ নিজ তম্বু তৰিব, আৰু প্ৰতিজনে নিজ নিজ ঠাইত চৰিব।
\q
\s5
\v 4 তোমালোকে তাইৰ বিৰুদ্ধে যুদ্ধৰ আয়োজন কৰা। “আমি উঠি দুপৰীয়া যাত্ৰা কৰোহঁক।
\q কি দুখৰ বিষয়! চোৱা, দিনৰ শেষ হৈছে, এনে কি, সন্ধ্যা বেলাৰ ছাঁ দীঘলীয়া হৈছে।
\q
\v 5 আমি উঠি ৰাতি যাত্ৰা কৰি তাইৰ অট্ৰালিকাবোৰ নষ্ট কৰোহঁক।”
\q
\s5
\v 6 কিয়নো বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: তোমালোকে কাঠ কাটি যিৰূচালেমৰ অহিতে দ’ম বান্ধা।
\q সেয়ে দণ্ড পাবলগীয়া নগৰী; তাৰ মাজত সম্পূৰ্ণ অত্যাচাৰ আছে।
\q
\v 7 যেনকৈ ভুমুকে নিজৰ শীতল পানী উলিয়াই থাকে, তেনেকৈ তাই নিজৰ দুষ্টতা উলিয়াই থাকে।
\q তাইৰ মাজত অত্যাচাৰ আৰু লুটৰ কথা শুনা যায়; নৰিয়া পৰা আৰু ঘা লগা সদায় মোৰ চকুত পৰে।
\q
\v 8 হে যিৰূচালেম, সতৰ্ক হোৱা, নহ’লে মোৰ মন তোমাৰ পৰা নিলগত হব;
\q নহ’লে মই তোমাক উচ্ছন্ন ঠাই আৰু নিবাসীহীন দেশ কৰিম।
\q
\s5
\v 9 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: যে তেওঁলোকে দ্ৰাক্ষাফলৰ দৰে ইস্ৰায়েলৰ অৱশিষ্টখিনি সম্পূৰ্ণকৈ গোটাব।
\q দ্ৰাক্ষাগুটি চপাওতা জনৰ নিচিনা তুমি বাৰে বাৰে পাচিলৈ হাত নিয়া।
\q
\v 10 তোমালোকে শুনিবৰ কাৰণে মই কাৰ আগত কম, আৰু সাক্ষ্য দিম? চোৱা, তেওঁলোকৰ কাণ অচুন্নৎ, তেওঁলোকে শুনিব নোৱাৰে;
\q চোৱা! যিহোৱাৰ বাক্য তেওঁলোকৰ ধিক্কাৰৰ বিষয় হৈছে; তেওঁলোকে তাত একো সন্তুষ নাপায়।
\q
\s5
\v 11 এই হেতুকে মই যিহোৱাৰ ক্ৰোধেৰে পৰিপূৰ্ণ হৈছোঁ; মই তাক আটক কৰি ৰাখিবলৈ ক্লান্ত হৈছোঁ। আলিত শিশুসকলৰ ওপৰত,
\q আৰু ডেকাসকলৰ সভাৰ ওপৰত তাক একেবাৰে ঢালি দিয়া। কিয়নো ভাৰ্য্যাৰে সৈতে স্বামী, সম্পূৰ্ণ আয়ুসপ্ৰাপ্ত লোকৰ সৈতে বৃদ্ধ, সকলোকে ধৰা যাব।
\q
\v 12 তেওঁলোকৰ ঘৰবোৰ, পথাৰবোৰ আৰু তেওঁলোকৰ মহিলাসকলক অন্যক দিয়া যাব।
\q কাৰণ যিহোৱাই কৈছে, মই দেশনিবাসীসকলৰ বিৰুদ্ধে মোৰ হাত মেলিম।
\q
\s5
\v 13 কিয়নো তেওঁলোকৰ সৰুৰ পৰা বৰলৈকে প্ৰতিজন লোভত আসক্ত,
\q আৰু ভাববাদীৰ পৰা পুৰোহিতলৈকে প্ৰতিজনে প্ৰবঞ্চনা কাৰ্য্য কৰে।
\q
\v 14 যেতিয়া কোনো ‘শান্তি! নাই, তেতিয়া তেওঁলোকে শান্তি! বুলি কৈ মোৰ প্ৰজাসকলৰ ঘা সামান্যৰূপে সুস্থ কৰিলে।
\q
\v 15 তেওঁলোক ঘিণলগীয়া কাৰ্য্য কৰাত তেওঁলোকে লাজ পাওক ছাৰি মুখ বিবৰ্ণ কৰিবলৈ জনা নাই;
\q সেই কাৰণে তেওঁলোকে পতিত হোৱা লোকসকলৰ মাজত পতিত হব। যিহোৱাই কৈছে, মই তেওঁলোকক দণ্ড দিয়াৰ সময়ত তেওঁলোকে উজুটি খাই পৰিব।”
\q
\s5
\v 16 যিহোৱাই এই কথা কৈছে: যে, তোমালোকে চাৰিআলিৰ মূৰত থিয় হৈ চোৱা; আৰু প্ৰাচীন পথবোৰৰ বিষয়ে সোধা,
\q ‘উত্তম পথ কোনটো? আৰু তাত চলা; তাতে তোমালোকৰ প্ৰাণত বিশ্ৰাম পাবলৈ এটি ঠাই বিচাৰি লোৱা;
\q কিন্তু তেওঁলোকে ক’লে, আমি তাত নচলোঁ।
\q
\v 17 শিঙাৰ শব্দলৈ কাণ পাতিবা বুলি কৈ, মই তোমালোকৰ ওপৰত প্ৰহৰীবোৰ নিযুক্ত কৰিলোঁ;
\q কিন্তু তেওঁলোকে ক’লে, “আমি কাণ নাপাতিম।”
\q
\v 18 এই হেতুকে হে জাতিসকল, শুনা! হে মণ্ডলী, তেওঁলোকৰ অন্তৰত কি আছে, তাক বুজা।
\q
\v 19 শুনা, হে পৃথিৱী! চোৱা, মই এই জাতিৰ ওপৰত অমঙ্গল ঘটাম, তেওঁলোকৰ কল্পনাবোৰৰ ফল দিম।
\q কিয়নো তেওঁলোকে মোৰ বাক্যলৈ কাণ দিয়া নাই, আৰু মোৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে।
\q
\s5
\v 20 চিবাৰ পৰা মোৰ ওচৰলৈ কুন্দুৰু, আৰু দূৰ দেশৰ পৰা সুগন্ধি বচ কি অভিপ্ৰায়েৰে আহিছে?
\q তোমালোকৰ হোম-বলিবোৰ গ্ৰহনীয় নহয়, নাইবা তোমালোকৰ মঙ্গলাৰ্থক বলি মোৰ সন্তোষজনক নহয়।
\q
\v 21 এই হেতুকে যিহোৱাই এই কথা কৈছে: চোৱা, মই এই জাতিৰ আগত উজুটি খোৱা মূঢ়া থম;
\q তেতিয়া বাপেক আৰু পুতেকহঁতে একে সময়ত তাত উজুটি খাই পৰিব। ওচৰ-চুবুৰীয়া আৰু তাৰ বন্ধু বিনষ্ট হ’ব।
\q
\v 22 যিহোৱাই এই কথা কৈছে: চোৱা, উত্তৰ দেশৰ পৰা এক জাতি আহিছে,
\q পৃথিৱীৰ অন্তভাগৰ পৰা এক মহাজাতি উত্তেজিত হৈছে।
\q
\s5
\v 23 তেওঁলোকে ধনু আৰু বৰছা ধৰিব। তেওঁলোক নিষ্ঠূৰ আৰু দয়াহীন; তেওঁলোকৰ শব্দ সমুদ্ৰৰ গৰ্জ্জনৰ নিচিনা,
\q আৰু তেওঁলোক ঘোঁৰাত উঠে; হে চিয়োন-জীয়াৰী, তোমাৰ বিৰুদ্ধে তেওঁলোক প্ৰতিজনে যুদ্ধাৰুৰ দৰে সাজু হৈ আছে।
\q
\v 24 আমি তেওঁলোকৰ যশস্যা শুনিছোঁ। আমাৰ হাত দুৰ্ব্বল হ’ল। যাতনাই, প্ৰসৱকাৰীণীৰ বেদনাৰ দৰে বেদনাই আমাক ধৰিছে।
\q
\s5
\v 25 পথাৰলৈ নাযাবা, আৰু ৰাজআলিত অহা-যোৱা নকৰিবা,
\q কিয়নো শত্ৰূ তৰোৱাল, চাৰিওফালে ত্ৰাসৰ সৃষ্টি কৰি আছে।
\q
\v 26 হে মোৰ জাতিস্বৰূপা জীয়াৰী, কঁকালত চট বান্ধা, আৰু ছাইত বাগৰা; একেটি পুত্ৰৰ মৃত্যুৰ বাবে শোক কৰাৰ দৰে শোক কৰা।
\q আৰু অত্যন্ত বিলাপ কৰা, কিয়নো বিনষ্ট কৰোঁতাই অকস্মাতে আমাৰ ওপৰত আক্ৰমণ চলাব।
\q
\s5
\v 27 মোৰ প্ৰজাসকলৰ পথ পৰীক্ষা কৰি জানিবৰ বাবে, মই তেওঁলোকৰ মাজত তোমাক পৰীক্ষক কৰি দুৰ্গস্বৰূপে স্থাপন কৰিলোঁ।
\q
\v 28 তেওঁলোক সকলোৱেই অতিশয় বিদ্ৰোহী আৰু পৰচৰ্চ্চাকাৰী।
\q তেওঁলোক পিতল আৰু লোহাস্বৰূপ; তেওঁলোক সকলো দুৰাচাৰী।
\q
\v 29 ভাতীয়ে বৰকৈ তাও দিছে; সীহ জুইত নষ্ট হৈছে;
\q লোকে মিছাকয়ে খপি থাকিছে; কিয়নো ভাঁজস্বৰূপ দুষ্টবোৰক বাহিৰ কৰা নাযায়।
\q
\v 30 যিহোৱাই তেওঁলোকক অগ্ৰাহ্য কৰা বাবে, মানুহে তেওঁলোকক “পেলনীয়া ৰূপ” বুলিব’!”
\s5
\c 7
\s লোকসকলৰ কু-আচৰণৰ কাৰণে কোৱা যিহোৱাৰ ক্ৰোধ-বাক্য।
\p
\v 1 যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল আৰু ক’লে:
\v 2 বোলে, তুমি যিহোৱাৰ গৃহৰ বাহিৰৰ দুৱাৰ মুখত থিয় হৈ, তাত এই বাক্য প্ৰচাৰ কৰা আৰু কোৱা, ‘যিহোৱাক প্ৰণিপাত কৰিবলৈ এই দুৱাৰবোৰত সোমোৱা হে যিহূদাৰ লোকসকল, যিহোৱাৰ বাক্য শুনা।
\p
\s5
\v 3 ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে তোমালোকৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য্য শুধৰোৱা; তেতিয়া মই তোমালোকক এই ঠাইত বাস কৰোৱাম।
\v 4 এইবোৰ “যিহোৱাৰ মন্দিৰ! যিহোৱাৰ মন্দিৰ! যিহোৱাৰ মন্দিৰ!”এই বুলি কোৱা কথাত তোমালোকে বিশ্বাস নকৰিবা।
\p
\s5
\v 5 কিয়নো যদি তোমালোকে নিজ নিজ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য্য সম্পূৰ্ণকৈ শুধৰোঁৱা, যদি কোনো মানুহ আৰু তাৰ ওচৰ-চুবুৰীয়াৰ মাজত তোমালোকে ন্যায় বিচাৰ সম্পূৰ্ণকৈ সিদ্ধ কৰা,
\v 6 বিদেশী, মাউৰা আৰু বিধৱাক উপদ্ৰৱ নকৰা, আৰু এই ঠাইত নিৰ্দ্দোষীৰ ৰক্তপাত নকৰা, নাইবা তোমালোকৰ অপৰাধৰ কাৰণে ইতৰ দেৱতাবোৰৰ পাছত নচলা,
\v 7 তেন্তে মই এই ঠাইত তোমালোকৰ পূৰ্ব্ব–পুৰুষসকলক দিয়া এই দেশত তোমালোকক অনন্ত কাললৈকে বাস কৰোৱাম।
\p
\s5
\v 8 চোৱা! উপকাৰ কৰিব নোৱাৰা মিছা কথাত তোমালোকে বিশ্বাস কৰিছা।
\v 9 তোমালোকে চুৰ, নৰ-বধ, পৰস্ত্ৰীগমন আৰু মিছা শপত খোৱা, বাল দেৱতাৰ উদ্দেশ্যে ধূপ জ্বলাই, তোমালোকে নজনা ইতৰ দেৱতাবোৰৰ পাছত চলি, সেই সকলো ঘিণলগীয়া কাৰ্য্য কৰা?
\v 10 মোৰ নামেৰে প্ৰখ্যাত এই গৃহত সোমাই মোৰ আগত থিয় হৈ, ‘আমি মুক্তি পালোঁ’ এইবুলি কবা নে?
\v 11 মোৰ নামেৰে প্ৰখ্যাত এই গৃহ তোমালোকৰ দৃষ্টিত ডকাইতৰ গুহা হল নে? যিহোৱাই ইয়াকেই ঘোষণা কৰিছে, চোৱা! মই, মইয়ো ইয়াকেই দেখিলোঁ।
\p
\s5
\v 12 কিন্তু, পূৰ্ব্বে মই য’ত মোৰ নাম স্থাপন কৰিছিলোঁ, চীলোত থকা মোৰ সেই ঠাইলৈ তোমালোক যোৱা, আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ দুষ্টতাৰ কাৰণে মই তাক যি কৰিছিলোঁ, তাক চোৱা।
\v 13 আৰু যিহোৱাই কৈছে, তোমালোকে এইবোৰ কাৰ্য্য কৰিলা, আৰু মই অতি ৰাতিপোৱাতে উঠি তোমালোকক এই কথা কওঁতেও তোমালোকে নুশুনিলা আৰু মই মাতোতে তোমালোকে উত্তৰ নিদিলা।
\v 14 এই হেতুকে, মোৰ নামেৰে প্ৰখ্যাত, তোমালোকে বিশ্বাস কৰা এই গৃহক, তোমালোকক আৰু তোমালোকৰ পূৰ্ব্ব–পুৰুষসকলক মই দিয়া এই ঠাইক, মই চীলোক কৰাৰ দৰে কৰিম।
\v 15 আৰু তোমালোকৰ ভাইসকলক, এনে কি, ইফ্ৰয়িমৰ গোটেই বংশক যেনেকৈ দূৰ কৰি পেলালোঁ, তেনেকৈ তোমালোককো মোৰ সম্মুখৰ পৰা দূৰ কৰি পেলাম।
\p
\s5
\v 16 এই হেতুকে, তুমি এই জাতিৰ কাৰণে প্ৰাৰ্থনা নকৰিবা, বা তেওঁলোকৰ কাৰণে নিবেদন কি, প্ৰাৰ্থনা উৎসৰ্গ নকৰিবা, বা অনুৰোধ নকৰিবা; কিয়নো মই তোমাৰ কথা নুশুনিম।
\v 17 তেওঁলোকে যিহূদাৰ নগৰবোৰত আৰু যিৰূচালেমৰ আলিবোৰত যি কৰিছে, তাক জানো তুমি দেখা নাই?
\v 18 মোক বেজাৰ দি আকাশৰ ৰাণীৰ উদ্দেশ্যে পিঠা বনাবলৈ আৰু ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে পেয়-নৈবেদ্য উৎসৰ্গ কৰিবলৈ লৰা-ছোৱালীসকলে খৰি বোটলে, বাপেকহঁতে জুই জ্বলাই, আৰু মহিলাসকলে মৈদা খচে।
\p
\s5
\v 19 যিহোৱাই কৈছে, তেওঁলোকে জানো মোকহে দুখ দিব? কিন্তু নিজৰ মুখ বিবৰ্ণ কৰিবলৈ জানো নিজৰ মনকেই বেজাৰ নিদিব?
\v 20 এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা, এই ঠাইৰ ওপৰত মানুহ, পশু, বাৰীৰ গছ, আৰু ভুমিৰ ফল, এই সকলোৰে মোৰ ক্ৰোধ আৰু ক্রোধাগ্নি ঢলা যাব আৰু সেয়ে দগ্ধ কৰিব, নুমাই নাযাব।
\p
\s5
\v 21 ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে তোমালোকৰ মঙ্গলাৰ্থক বলিৰ লগত হোম-বলি যোগ কৰা, আৰু মাংস খোৱা।
\v 22 কিয়নো যি দিনা মই তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিছিলোঁ, সেই দিনা মই হোম-বলি কি মঙ্গলাৰ্থক বলিৰ বিষয়ে কোৱা বা আজ্ঞা দিয়া নাছিলোঁ।
\v 23 কিন্তু তেওঁলোকক এই আজ্ঞাহে দিছিলোঁ! যে, তোমালোকে মোৰ বাক্য শুনা, তেতিয়া মই তোমালোকৰ ঈশ্বৰ হ’ম, আৰু তোমালোক মোৰ প্ৰজা হ’বা; আৰু যি পথত চলিবলৈ মই তোমালোকক আজ্ঞা কৰোঁ, তোমালোকৰ ভালৰ অৰ্থে তোমালোকে সেই পথত চলা।
\p
\s5
\v 24 কিন্তু তেওঁলোকে নুশুনি কাণ নাপাতি নিজৰ মন্ত্ৰণা আৰু দুষ্ট মনৰ কঠিনতা অনুসাৰে চলিলে আৰু আগ নাবাঢ়ি পাছ হুহঁকিল।
\v 25 তোমালোকৰ পূৰ্ব্ব-পুৰুষসকল মিচৰ দেশৰ পৰা ওলাই অহা দিনৰে পৰা আজিলৈকে, মই প্ৰতি প্ৰভাতে উঠি, সদায় মোৰ সকলো দাস ভাববাদিসকলক তোমালোকৰ ওচৰলৈ পঠাই আছোঁ।
\v 26 তথাপি তেওঁলোকে মোৰ বাক্যলৈ মন নিদিলে, আনকি কাণো নাপাতিলে; কিন্তু নিজ নিজ ডিঙি ঠৰ কৰিলে, নিজৰ পূৰ্ব্ব–পুৰুষসকলতকৈয়ো অধিক কু-আচৰণ কৰিলে।
\p
\s5
\v 27 তুমি তেওঁলোকক এই আটাইবোৰ কথা ক’বা, কিন্তু তেওঁলোকে তোমাৰ কথা নুশুনিব; আৰু তুমি তেওঁলোকক মাতিব, কিন্তু তেওঁলোকে তোমাক উত্তৰ নিদিব।
\v 28 তেতিয়া তুমি তেওঁলোকক ক’বা, ‘এয়ে নিজ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনা বা শাস্তি গ্ৰহণ নকৰা জাতি; বিশ্বস্ততা নষ্ট হ’ল, আৰু এওলোকৰ মুখৰ পৰা তাক দূৰ কৰা হ’ল!
\q
\s5
\v 29 হে যিৰূচালেম তোমাৰ চুলি কাটি পেলাই দিয়া; আৰু গছ-শূন্য পৰ্ব্বতবোৰত উঠি বিলাপ কৰা।
\q কিয়নো যিহোৱাই নিজ ক্ৰোধৰ পাত্ৰ এই বংশক অগ্ৰাহ্য কৰিলে, পৰিত্যাগ কৰিলে।
\v 30 কিয়নো, যিহোৱাই কৈছে, মোৰ সাক্ষাতে যি কুচ্ছিত, যিহূদাৰ সন্তানসকলে তাকেই কৰিলে। মোৰ নামেৰে প্ৰখ্যাত হোৱা গৃহটি অশুচি কৰিবৰ অৰ্থে তেওঁলোকে তাৰ ভিতৰত নিজৰ ঘিণলগীয়া বস্তুবোৰ ৰাখিলে।
\p
\s5
\v 31 আৰু তেওঁলোকৰ পো-জীসকলক জুইত পুৰিবলৈ হিন্নোমৰ পুতেকৰ উপত্যকাত থকা তোফতৰ ওখ ঠাইবোৰ সাজিলে, ইয়াক মই আজ্ঞা কৰা নাছিলোঁ। আৰু এই বিষয় মোৰ মনত উদয়ো হোৱা নাছিল।
\v 32 যিহোৱাই কৈছে, এই হেতুকে চোৱা, যি দিনা সেই ঠাই তোফত বা হিন্নোমৰ পুতেকৰ উপত্যকা বুলি প্ৰখ্যাত নহব, কিন্তু হত্যাৰ উপত্যকা বুলি প্ৰখ্যাত হব, এনে দিন আহিছে; কাৰণ সেইদিনা তোমালোকে তোফতত পুতিবলৈ ঠাই নোহোৱালৈকে তাত মৰা শৱ পুতি থাকিব।
\p
\s5
\v 33 তেতিয়া এই জাতিৰ শৱ আকাশৰ চৰাইৰ আৰু পৃথিৱীৰ জন্তুবোৰৰ আহাৰ হ’ব, সেইবোৰক কোনেও ভয় দেখুৱাই বাধা দিব নোৱাৰিব।
\v 34 তেতিয়া মই যিহূদাৰ নগৰবোৰৰ পৰা আৰু যিৰূচালেমৰ আলিবোৰৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি আৰু দৰা-কন্যাৰ ধ্বনি লুপ্ত কৰিম; কিয়নো এই দেশ উচ্ছন্ন ঠাই হ’ব।’
\s5
\c 8
\p
\v 1 যিহোৱাই কৈছে, সেই দিনা শত্ৰূ যিহূদাৰ ৰজাসকলৰ, তাৰ অধ্যক্ষসকলৰ, পুৰোহিতসকলৰ, ভাববাদীসকলৰ, আৰু যিৰূচালেম-নিবাসীসকলৰ হাড়বোৰ তেওঁলোকৰ মৈদামৰ পৰা উলিয়াব।
\v 2 তেওঁলোকে ভালপোৱা, সেৱা কৰা, পাছত চলা, বিচৰা আৰু প্ৰণিপাত কৰা সূৰ্য্য চন্দ্ৰ আদি আকাশ-মণ্ডলৰ আটাই বাহিনীৰ আগত তেওঁলোকে সেই হাড়বোৰ মেলিব; সেইবোৰক গোটোৱা বা পাতা নহ’ব, সেইবোৰ মাটিৰ ওপৰত সাৰস্বৰূপ হৈ থাকিব।
\v 3 বাহিনীসকলৰ যিহোৱাই কৈছে, মই যি যি ঠাইলৈ এই দুষ্ট গোষ্ঠীৰ অৱশিষ্ট ভাগ কৰি খেদিলোঁ, সেই সেই ঠাইত অৱশিষ্ট গোষ্ঠীৰ পক্ষে জীৱনতকৈ মৃত্যু বাঞ্ছনীয় হ’ব।
\p
\s5
\v 4 তুমি তেওঁলোকক আৰু এই কথা ক’বা, যিহোৱাই এই কথা কৈছে: মানুহ পৰি জানো পুনৰায় নুঠিব? বা অপথে গৈ জানো আকৌ উলটি নাহিব?
\q
\v 5 তেন্তে কিয় যিৰূচালেমৰ এই জাতিয়ে বাট এৰি নিত্যে বিপথগামী হৈ থাকে?
\q তেওঁলোকে প্ৰতাৰণাত লাগি থাকি উলটি আহিবলৈ অমান্তি হয়।
\q
\s5
\v 6 মই কাণ পাতি শুনিলোঁ; তেওঁলোকে যথাৰ্থ কথা নক’লে;
\q “মই কি কৰিলোঁ?” এই বুলি কৈ কোনো মানুহে নিজ দুষ্টতাৰ নিমিত্তে খেদ নকৰে,
\q যুদ্ধলৈ অতি বেগেৰে লৰ মাৰি যোৱা
\q ঘোঁৰাৰ দৰে, তেওঁলোক প্ৰতিজনে নিজ নিজ পথলৈ ঘুৰে।
\q
\v 7 আকাশত ফুৰা হাড়গিলাই নিজৰ নিৰূপিত সময় বুজে, আৰু কপৌ, তেলটুপি আৰু বগলীয়ে নিজ নিজ অহাৰ কাল পালন কৰে;
\q কিন্তু মোৰ প্ৰজাসকলে যিহোৱাৰ শাসন নাজানে।
\q
\s5
\v 8 “আমি জ্ঞানী, আৰু যিহোৱাৰ ব্যৱস্থা আমাৰ লগত আছে”, এই বুলি তোমালোকে কেনেকৈ ক’ব পাৰা?
\q কিন্তু চোৱা! লিখকসকলৰ মিছাকৈ লিখা লিখনীয়ে তাক মিছা কৰি পেলালে।
\q
\v 9 জ্ঞানীসকলে লাজ পাইছে, তেওঁলোক ব্যাকুল হৈ ধৰা পৰিল; চোৱা, তেওঁলোকে যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলে, তেন্তে তেওঁলোকৰ জ্ঞান কেনে ধৰণৰ?
\q
\v 10 সেই কাৰণে মই তেওঁলোকৰ পত্নিসকলক আনৰ হাতত সোধাই দিম, আৰু আন আন অধিকাৰীসকলক তেওঁবলোকৰ খেতিবোৰ দিম,
\q কিয়নো সৰুৰ পৰা বৰলৈকে প্ৰতিজন অতি লোভীয়া! ভাববাদীৰ পৰা পুৰোহিতলৈকে প্ৰতিজনে প্ৰবঞ্ছনা কাৰ্য্য কৰে।
\q
\s5
\v 11 যেতিয়া কোনো শান্তি নাই, তেতিয়া তেওঁলোকে শান্তি শান্তি বুলি কৈ মোৰ প্ৰজাসকলৰ ঘা সামান্যৰূপে সুস্থ কৰিলে।
\q
\v 12 তেওঁলোকে ঘিণলগীয়া কাৰ্য্য কৰাত লাজ পাওঁক ছাৰি তেওঁলোকে মুখ বিবৰ্ণ কৰিবলৈকে জনা নাই? এই কাৰণে তেওঁলোক পতিত হোৱা লোকসকলৰ মাজত পতিত হ’ব; যিহোৱাই কৈছে, মই তেওঁলোকক দণ্ড দিয়া সময়ত তেওঁলোকে উজুটি খায় পৰিব।
\v 13 যিহোৱাই কৈছে, মই তেওঁলোকক নিঃশেষে উচ্ছন্ন কৰিম। দ্ৰাক্ষালতাত দ্ৰাক্ষাগুটি বা ডিমৰু গছত গুটি নাথাকিব, আৰু পাত জঁয় পৰিব, আৰু মই তেওঁলোকৰ কাৰণে আক্ৰমণকাৰীসকলক নিৰূপণ কৰিম।
\q
\s5
\v 14 “আমি কিয় বহি থাকোঁ? আহাঁ, আমি একে লগ হৈ গড়েৰে আবৃত নগৰত সোমাওঁ, আৰু তাত নিজম দি থাকোঁ,
\q কিয়নো আমাৰ ঈশ্বৰে আমাৰ মুখ বন্ধ কৰিলে, আৰু বিহ গছৰ ৰস পান কৰালে, কাৰণ আমি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
\q
\v 15 আমি শান্তিৰ আশা কৰিছিলোঁ, কিন্তু মঙ্গল নহ’ল;
\q আৰু সুস্থৰ সময়লৈ বাট চাইছিলোঁ, কিন্তু চোৱা, ত্ৰাস উপস্থিত।”
\p
\s5
\v 16 দানৰ পৰা শত্ৰূ ঘোঁৰাবোৰৰ নাকৰ শব্দ শুনা গৈছে? তাৰ বলৱান ঘোঁৰাবোৰৰ ঢেক্ঢেকনিত গোটেই দেশ কঁপিছে;
\q কিয়নো সিহঁতে আহি দেশ আৰু তাৰ মাজত থকা সকলো বস্তু, নগৰ আৰু তাৰ নিবাসীসকলক গ্ৰাস কৰিছে।
\q
\v 17 কিয়নো চোৱা, মই তোমালোকৰ মাজলৈ মন্ত্ৰ নমনা সৰ্প, কালসৰ্পবোৰ পঠিয়াম; যিহোৱাই কৈছে, সেইবোৰে তোমালোকক দংশিব।
\s যিৰিমিয়াৰ বিলাপ-গীত।
\q
\s5
\v 18 অহ, মই দুখ-নিবাৰক শান্তনা পোৱা হ’লে, কেনে ভাল আছিল! মোৰ হৃদয় মোৰ অন্তৰত অতি দুৰ্ব্বল হৈছে।
\q
\v 19 চোৱা! অতি দূৰ দেশৰ পৰা মোৰ জাতিস্বৰূপা জীয়াৰীৰ কাতৰোক্তিৰ স্বৰ শুনা গৈছে। যিহোৱা চিয়োনত নাই নে?
\q তাৰ ৰজা তাৰ ভিতৰত নাই নে? তেওঁলোকে কটা প্ৰতিমা আৰু বিজাতীয় অসাৰ বস্তুবোৰৰ দ্বাৰাই মোক কিয় বেজাৰ দিছে?
\q
\s5
\v 20 শস্য দোৱাৰ সময় অতীত হল; গুটি পৰিবৰ সময় শেষ হল, কিন্তু আমি পৰিত্ৰাণ পোৱা নাই।
\q
\v 21 মোৰ জাতিস্বৰূপা জীয়াৰীৰ আঘাতৰ কাৰণে মই অতিশয় আঘাতিত হৈছোঁ, মই শোক কৰিছোঁ, বিচুৰ্ত্তি খাইছোঁ।
\q
\v 22 গিলিয়দত জানো ঘা সুস্থ কৰা গছৰস নাই? বা তাত জানো চিকিৎসক নাই?
\q তেন্তে মোৰ জাতিস্বৰূপা জীয়াৰীৰ ঘা কিয় সুস্থ হোৱা নাই?
\s5
\c 9
\q
\v 1 মোৰ মূৰ জলময়, আৰু মোৰ চকু দুটা চকু-লোৰ ভুমুকস্বৰূপ হোৱা হ’লে!
\q কেনে ভাল আছিল, অহ, মোৰ জাতিস্বৰূপা জীয়াৰীৰ হত হোৱাসকলৰ বাবে দিনে ৰাতিয়ে ক্রন্দন কৰিব পাৰিলোহেতেন।
\q
\v 2 অহ, মোৰ জাতি এৰি তেওঁলোকৰ পৰা আঁতৰি যাবৰ বাবে, অৰণ্যত পথিকসকলৰৰ ৰাতি থকা ঠাই মোৰ হোৱা হ’লে কেনে ভাল আছিল!
\q কিয়নো তেওঁলোক সকলোৱেই ব্যভিচাৰী, বিশ্বাস-ঘাতক লোকৰ সমাজ।
\q
\v 3 আৰু তেওঁলোকে নিজৰ জিভাৰূপ ধনুত নিজৰ মিছা কথাস্বৰূপ বাণ জোৰে, আৰু দেশত পৰাক্ৰমী হয়, কিন্তু সত্যৰ বাবে নহয়।
\q কিয়নো তেওঁলোকে এক দুষ্টতাৰ পৰা আন দুষ্টতালৈ আগ বাঢ়ি যায় আৰু যিহোৱাই কৈছে, তেওঁলোকে মোক হ’লে নাজানে।
\q
\s5
\v 4 তোমালোক প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ বিষয়ে সাৱধান হোৱা, আৰু কোনো ভাইক বিশ্বাস নকৰিবা;
\q কিয়নো প্ৰতিজন ভায়ে সম্পূৰ্ণকৈ ঠগায় আৰু প্ৰতিজন চুবুৰীয়াই কথা চৰ্চ্চি ফুৰে।
\q
\v 5 আৰু প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক প্ৰবঞ্চনা কৰে, সত্য নহয়;
\q তেওঁলোকে মিছা কথা কবলৈ নিজ নিজ জিভাক শিকালে; তেওঁলোকে অপৰাধ কৰি নিজকে নিজে ভাগৰ লগায়।
\q
\v 6 তোমাৰ বসতিৰ ঠাই ছলৰ মাজত আছে; যিহোৱাই কৈছে, তেওঁলোকে ছলৰ কাৰণে মোক জানিবলৈ অমান্তি হয়।
\q
\s5
\v 7 এই হেতুকে বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মই তেওঁলোকক গলাই পৰীক্ষা কৰিম আৰু নিৰীক্ষণ কৰিম;
\q কিয়নো মোৰ জাতিস্বৰূপা জীয়াৰীৰ কাৰণে মই আন কি কৰিব পাৰোঁ?
\q
\v 8 তেওঁলোকৰ জিভা প্ৰাণনাশক বাণস্বৰূপ, সেয়ে ছলৰ কথা কয়;
\q তেওঁলোক প্ৰতিজনে মুখেৰে ওচৰ-চুবুৰীয়াৰ লগত শান্তিৰ কথা কয়, কিন্তু অন্তৰত তাৰ বাবে খাপ দি থাকে।
\q
\v 9 যিহোৱাই কৈছে, মই তেওঁলোকক এইবোৰৰ কাৰণে দণ্ড নিদিম নে?
\q মোৰ প্ৰাণে এনে জাতিৰ প্ৰতিকাৰ নাসাধিব নে?
\q
\s5
\v 10 মই পৰ্ব্বতবোৰৰ কাৰণে ক্ৰন্দন আৰু হাহাঁকাৰ কৰিম, আৰু অৰণ্যৰ চৰণীয়া ঠাইৰ কাৰণে বিলাপ কৰিম।
\q কিয়নো সেইবোৰৰ মাজেদি কোনেও যাব নোৱাৰাকৈ সেইবোৰ দগ্ধ হ’ল, পশুৰ মাত তাত শুনা নাযায়, আকাশৰ চৰাইবোৰ আৰু পশুবোৰো পলাই গুচি গ’ল।
\q
\v 11 মই যিৰূচালেমক ভগ্নৰাশি, শিয়ালৰ বাসস্থান কৰিম।
\q আৰু মই যিহূদাৰ নগৰবোৰ নিবাসী-শূন্য ধ্বংসস্থান কৰিম।
\q
\v 12 সেই সকলো বুজিব পৰা কোন জ্ঞানী লোক আছে? আৰু তাক প্ৰকাশ কৰিবৰ বাবে যিহোৱাই যাৰ আগত নিজ মুখে কৈছিল?
\q এনে কোন মানুহ আছে? এই দেশৰ মাজেদি কোনেও যাব নোৱাৰাকৈ এয়ে কিয় বিনষ্ট আৰু মৰুভুমিৰ নিচিনা দগ্ধ হল?
\p
\s5
\v 13 যিহোৱাই কৈছে, ‘কাৰণ এই, মই তেওঁলোকৰ আগত স্থাপৰ কৰা মোৰ ব্যৱস্থা তেওঁলোকে ত্যাগ কৰিলে, আৰু মোৰ বাক্যলৈ কাণ নিদিলে, বা তাত নচলিলে।
\v 14 কিন্তু নিজ মনৰ কঠিনতা অনুসাৰে আৰু তেওঁলোকৰ পূৰ্ব্ব–পুৰুষসকলে তেওঁলোকক শিকোৱা বাল দেৱতাবোৰৰ পাছত চলিলে।
\p
\s5
\v 15 এই হেতুকে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মই এই লোকসকলক নাগ্দানা ভোজন কৰোৱাম, আৰু বিহ গছৰ ৰস পান কৰোৱাম।
\v 16 তেওঁলোকে বা তেওঁলোকৰ পূৰ্ব্ব-পুৰুষসকলে নজনা জাতিসকলৰ মাজত মই তেওঁলোকক ছিন্ন-ভিন্ন কৰিম; আৰু মই তেওঁলোকক সংহাৰ নকৰোঁমানলৈকে, তেওঁলোকৰ পাছে পাছে তৰোৱাল পঠিয়াম।
\q
\s5
\v 17 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে বিবেচনা কৰা;
\q বিলাপ-কাৰিণীহঁতক মাতা, তেওঁলোক আহক; বিলাপ কৰাত নিপুণ মহিলাসকলৰ ওচৰলৈ মানুহ পঠিওৱা, তেওঁলোক আহক।
\q
\v 18 তেওঁলোকে খৰকৈ আহি আমাৰ কাৰণে হাহাঁকাৰ কৰ’ক,
\q যাতে চকু-লোত আমাৰ চকু উটি যাবৰ বাবে, আৰু আমাৰ চকুৰ পিৰঠিয়েদি বেগেৰে পানী ওলাই যায়।
\q
\s5
\v 19 কিয়নো চিয়োনৰ পৰা হাহাঁকাৰ শব্দ শুনা গৈছে, আমি কেনে বিনষ্ট হ’লোঁ!
\q আমি দেশ ত্যগ কৰা বাবে, তেওঁলোকে আমাৰ নিবাসবোৰ ভাঙি পেলোৱাৰ কাৰণে আমি অতি ব্যাকুল হ’লোঁ।
\q
\v 20 তথাপি হে মহিলাসকল, যিহোৱাৰ বাক্য শুনা: আৰু তোমালোকৰ কাৰণে তেওঁৰ মুখৰ বাক্য মনোযোগেৰে গ্ৰহণ কৰা।
\q আৰু তোমালোকে নিজ নিজ জীয়েৰাসকলক হাহাঁকাৰ কৰিবলৈ শিক্ষা দিয়া, আৰু তোমালোক প্ৰত্যেকে নিজ নিজ ওচৰ-চুবুৰীয়াক বিলাপ কৰিবলৈ শিকোৱা।
\q
\s5
\v 21 কিয়নো মৃত্যুৱে বাহিৰত লৰাহঁত আৰু চকত ডেকাসকল উচ্চন্ন কৰিলে।
\q খিড়িকীয়েদি উঠি আমাৰ অট্ৰালিকাবোৰত সোমাল।
\q
\v 22 তুমি কোৱা, যিহোৱাই এইদৰে কৈছে: লোকসকলৰ শৱ সাৰৰ দৰে পৰি থাকিব,
\q আৰু দাওঁতাৰ পাছত এৰি যোৱা মুঠিৰ দৰেই পথাৰত পৰি থাকিব; কোনেও সেইবোৰ নোগোটাব।
\s যিহোৱা-বিষয়ক জ্ঞানৰ প্রাধান্যতা আৰু দেৱপূজাঁৰ মূৰ্খতা।
\q
\s5
\v 23 যিহোৱাই এই কথা কৈছে: জ্ঞানীয়ে নিজ জ্ঞানত গৌৰৱ নকৰক,
\q বীৰে নিজ পৰাক্ৰমত, আৰু ধনীয়ে নিজ ধনত গৌৰৱ নকৰক।
\q
\v 24 কিন্তু যি জনে গৌৰৱ কৰে, তেওঁ ইয়াতহে গৌৰৱ কৰে, যে, তেওঁ মোৰ বিষয়ে বুজে আৰু জানে,
\q যে মই পৃথিৱীত দয়া, বিচাৰ আৰু ধাৰ্ম্মিকতা সিদ্ধ কৰোঁতা যিহোৱা; কিয়নো এইবোৰত মই সন্তুক পাওঁ, ইয়াক যিহোৱাই কৈছে।
\p
\s5
\v 25 যিহোৱাই কৈছে, চোৱা, এনে দিন আহিছে, যে, সেই দিনা মই চুন্নৎ হোৱাসকলক অচুন্নৎ বুলি দণ্ড দিম।
\v 26 মই মিচৰ, যিহূদা, ইদোম, অম্মোনৰ সন্তানসকল, মোৱাৱ আৰু কুমৰ গুড়িত ডাঢ়ি-চুলি কটা অৰণ্য-নিবাসী লোকসকলক দণ্ড দিম। কিয়নো সেই আটাই জাতিসকল অচুন্নৎ, আৰু ইস্ৰায়েলৰ গোটেই বংশ হৃদয়ত অচুন্নৎ’।”
\s5
\c 10
\q
\v 1 হে ইস্ৰায়েল বংশ, যিহোৱাই তোমালোকক যি কথা ঘোষণা কৰিছে, তাক শুনা।
\q
\v 2 যিহোৱাই এইদৰে কৈছে: তোমালোকে বিভিন্ন জাতিৰ ব্যৱহাৰ নিশিকিবা,
\q আৰু আকাশ-মণ্ডলৰ নানা অদ্ভত লক্ষণ দেখি ব্যাকুল নহবা; কাৰণ বিভিন্ন জাতিয়েহে সেইবোৰ দেখি ব্যাকুল হয়।
\q
\s5
\v 3 কিয়নো জাতিবোৰৰ ৰীতি-নীতিবোৰ অসাৰ। কাৰণ এজন মানুহে কাঠনিৰ পৰা এডাল গছ কাটি উলিয়ায়; সেয়ে কুঠাৰেৰে কৰা মানুহৰ হাতৰ কাৰ্য্য হৈ উঠে।
\q
\v 4 তেতিয়া তেওঁলোকে তাক ৰূপ আৰু সোণেৰে অলংকৃত কৰে। আৰু সেয়ে নপৰিবৰ বাবে হাতুৰীৰে গজাল মাৰি তাক মজবুত কৰে।
\q
\v 5 সেইবোৰ শিল্পকাৰে খাজুৰ গছৰ আকৃতিৰে কুন্দত কটা কাঠৰ নিচিনা, আৰু কথা কব নোৱাৰে। সেইবোৰক বৈ নিব লগীয়া হয়, কাৰণ সেইবোৰে খোজ কাঢ়িব নোৱাৰে।
\q তোমালোকে সেইবোৰলৈ ভয় নকৰিবা; কাৰণ সেইবোৰে কোনো পাপ কৰিব নোৱাৰে আৰু হিত কৰিবলৈকো সেইবোৰৰ সাধ্য নাই।
\q
\s5
\v 6 হে যিহোৱা, তোমাৰ তুল্য কোনো নাই। তুমি মহান, আৰু তোমাৰ নাম পৰাক্ৰমত মহৎ।
\q
\v 7 হে জাতিবোৰৰ মহাৰাজ, তোমাক কোনে ভয় নকৰিব? কিয়নো সেয়ে তোমাৰে বাবে উপযুক্ত,
\q কাৰণ জাতিবোৰৰ সকলো জ্ঞানী লোকৰ মাজত আৰু তেওঁলোকৰ সকলো ৰাজ্যৰ মাজত তোমাৰ তুল্য কোনো নাই।
\q
\s5
\v 8 কিন্তু তেওঁলোক সম্পূৰ্ণকৈ পশুতুল্য আৰু নিৰ্ব্বোধ; মূৰ্ত্তিবোৰৰ শিক্ষা লোৱা এডোখৰ কাঠ মাথোন।
\q
\v 9 তৰ্চীচৰ পৰা শিল্পকাৰৰ আৰু সুণাৰিৰ হাতে কৰা পতা-ৰূপ আৰু উফজৰ পৰা সোণ তেওঁলোকে আনে,
\q সেইবোৰৰ পৰিধান-বস্ত্ৰ নীল আৰু বেঙেনা বৰনীয়া সুতাৰে কৰা; সেই আটাইবোৰ নিপুণ মানুহৰ কাৰ্য্য।
\q
\v 10 কিন্তু যিহোৱা সত্য ঈশ্বৰ। তেওঁ জীৱন্ত ঈশ্বৰ, আৰু অনন্তকাল স্থায়ী ৰজা।
\q তেওঁৰ ক্ৰোধত পৃথিৱী কঁপে, আৰু জাতিবোৰে তেওঁৰ কোপ সহিব নোৱাৰে।
\q
\s5
\v 11 তোমালোকে তেওঁলোকক এই কথা কোৱা, ‘যি দেৱতাবোৰে আকাশ-মণ্ডল স্ৰজন কৰা নাই,
\q সেইবোৰ পৃথিৱীৰ পৰা, আকাশ-মণ্ডলৰ তলৰ পৰা উচ্ছন্ন হব।’
\q
\v 12 তেওঁ নিজ শক্তিৰে, পৃথিৱী স্ৰজন কৰিলে, নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে, আৰু নিজ বুদ্ধিৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলে।
\q
\v 13 তেওঁ মাত লগালে আকাশ-মণ্ডলৰ জলসমুহৰ কোলাহল হয়, আৰু তেওঁ পৃথিৱীৰ অন্ত ভাগৰ পৰা ভাপবোৰ তোলে।
\q তেওঁ বৃষ্টিৰ কাৰণে বিজুলি স্ৰজে আৰু নিজ ভঁৰালৰ পৰা বতাহ বাহিৰ কৰি আনে।
\q
\s5
\v 14 প্ৰতিজন মানুহ পশুতুল্য আৰু জ্ঞান-শূন্য, প্ৰতিজন সোণাৰী আৰু কটা-প্ৰতিমাৰ দ্বাৰাই লজ্জিত হয়।
\q কাৰণ তাৰ সাচত ঢলা মূৰ্ত্তিবোৰ মিছা; সেইবোৰৰ ভিতৰত কোনো নিশ্বাস-প্ৰশ্বাস নাই।
\q
\v 15 সেইবোৰ ভাপ আৰু প্ৰবঞ্চনাৰ কাৰ্য্য মাথোন; দণ্ড দিয়াৰ সময়ত সেইবোৰ বিনষ্ট হব।
\q
\v 16 যাকোবৰ অংশ সেইবোৰৰ দৰে নহয়; কাৰণ তেওঁ সকলোৰে নিৰ্মাণকৰ্ত্তা।
\q আৰু ইস্ৰায়েল তেওঁৰ আধিপত্যৰ ফৈদ; বাহিনীসকলৰ যিহোৱা তেওঁৰ নাম।
\s যিৰূচালেম-নিবাসীসকললৈ ঘটিব লগা আপদ।
\q
\s5
\v 17 হে অৱৰুদ্ধ নগৰ-নিবাসিনী, তোমাৰ বস্তু-বাহানি গোটাই লৈ এই ঠাইৰ পৰা আঁতৰি যোৱা।
\q
\v 18 কিয়নো যিহোৱাই এই কথা কৈছে: চোৱা, মই এইবাৰ দেশ নিবাসীসকলক ফিঙ্গাৰ শিলৰ নিচিনাকৈ দলিয়াই পেলাম, আৰু তেওঁলোকৰ মনত লগাকৈ তেওঁলোকক দুখ দিম।’
\q
\s5
\v 19 হায় হায়, মই কেনে ভগ্ন হলোঁ! মোৰ ঘা অতি কষ্টদায়ক।
\q তথাপি মই ক’লোঁ, ‘এয়ে মোৰ ৰোগ (যাতনা), মই তাক সহিবই লাগিব।
\q
\v 20 মোৰ তম্বু নষ্ট হ’ল, মোৰ সকলো ৰছী ছিগি গ’ল।
\q তেওঁলোকে মোৰ পোঁহতক মোৰ পৰা আঁতৰাই নিলে, তেওঁলোক আৰু জীয়াই নাথাকিব। মোৰ তম্বু আকৌ তৰিবলৈ, আৰু মোৰ তম্বুৰ কাপোৰ তুলিবলৈ আৰু কোনো নাই।
\q
\s5
\v 21 কিয়নো ৰখীয়াসকল পশু-তুল্য হ’ল। আৰু তেওঁলোকে যিহোৱাক নিবিচাৰিলে।
\q এই কাৰণে তেওঁলোকে মঙ্গল পোৱা নাই; তেওঁলোকৰ আটাই জাক গোট গোট হৈ গ’ল।
\q
\v 22 চোৱা! খবৰৰ গোচৰবোৰ আহি পৰিছে: উত্তৰ দিশৰ পৰা এক ভয়ানক ভূমিকম্প আহি আছে!
\q যিহূদাৰ নগৰবোৰক ধ্বংসস্থান আৰু শিয়ালৰ বাসস্থান কৰিবলৈ।
\q
\s5
\v 23 হে যিহোৱা, মই জানো যে, মানুহৰ গতি নিজ অধিকাৰত নাথাকে। নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতা জনাৰ শক্তি নাই।
\q
\v 24 হে যিহোৱা, মোক কেৱল ন্যায়েৰে শুধৰোৱা, কিন্তু ক্ৰোধেৰে নহয়; নহলে, মোক গ্ৰাস কৰিব।
\q
\v 25 যি জাতিবোৰে তোমাক নাজানে, আৰু যি গোষ্টিবোৰে তোমাৰ নামত প্ৰাৰ্থনা নকৰে, তেওঁলোকৰ ওপৰত তোমাৰ ক্ৰোধ ঢালা।
\q কিয়নো তেওঁলোকে যাকোবক গ্ৰাস কৰিলে, আৰু তাৰ বাসস্থান ধ্বংস কৰিলে।”
\s5
\c 11
\s লোকসকলে নিয়মটি ভঙা আৰু ভাববাদীলৈ কু-ব্যৱহাৰ কৰা।
\p
\v 1 যিৰিমিয়ালৈ যিহোৱাৰ পৰা এই বাক্য আহিল, বোলে,
\v 2 “তোমালোকে এই নিয়মটিৰ বাক্য শুনা, যিহূদাৰ লোকসকলক ও যিৰূচালেম-নিবাসীসকলক কোৱা।
\p
\s5
\v 3 তুমি তেওঁলোকক কোৱা, ‘ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: যি কোনোৱে এই নিয়মটিৰ প্রতি কাণ নিদিয়ে, সেই প্রতিজনেই অভিশপ্ত।
\v 4 তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক আজ্ঞা কৰা এই নিয়মটিৰ বাক্য, যি দিনাখন অগ্নি-কুণ্ডস্বৰূপ মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিছিলো। মই ক’লো, “শুনা, মোৰ বাক্য পালন কৰা আৰু মই তোমালোকক দিয়া সকলো আজ্ঞা অনুসাৰে কাৰ্য্য কৰা, তেতিয়া তোমালোকে মোৰ প্ৰজা হ’বা আৰু মই তোমালোকৰ ঈশ্বৰ হ’ম।”
\v 5 , মোৰ বাক্য শুনা যাতে আজি-কালি তোমালোকে বাস কৰা গাখীৰ, মৌজোল বোৱা এই দেশ তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক দিবলৈ যি শপত কৰিছিলোঁ।’ তেতিয়া মই উত্তৰ দি ক’লো, ‘হয়, যিহোৱা!
\p
\s5
\v 6 আৰু যিহোৱাই মোক ক’লে, ‘যিহূদাৰ নগৰবোৰত, আৰু যিৰূচালেমৰ আলিবোৰত এই সকলো বাক্য ঘোষণা কৰি কোৱা, “তোমালোকে এই নিয়মটিৰ বাক্যলৈ কাণ দিয়া, আৰু ইয়াক পালন কৰা।”
\v 7 কিয়নো ‘মোৰ বাক্যলৈ কাণ দিয়া’ বুলি কৈ, মিচৰ দেশৰ পৰা তোমালোকৰ পূৰ্ব্ব–পুৰুষসকলক উলিয়াই আনিবৰ দিনা মই অতি যত্নেৰে সাক্ষ্য দিছিলোঁ, আৰু আজিলৈকে প্ৰত্যেকে উঠি সাক্ষ্য দি আছোঁ।
\v 8 তথাপি তেওঁলোকে পালন নকৰিলে, বা কাণ নাপাতিলে। কিন্তু তেওঁবিলাক প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে চলিলে; এই হেতুকে এই নিয়মটিৰ যিবোৰ বাক্য পালন কৰিবলৈ মই তেওঁলোকক আজ্ঞা দিছিলোঁ, কিন্তু তেওঁলোকে নকৰিলে, সেই আটাইবোৰ অভিশপ্ত বাক্য মই তেওঁলোকৰ ওপৰত ঘটালোঁ’।”
\p
\s5
\v 9 পাছে যিহোৱাই মোক ক’লে, “যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলরৰ ভিতৰত চক্ৰান্ত পোৱা গৈছে।
\v 10 তেওঁলোকে মোৰ বাক্য শুনিবলৈ অস্বীকাৰ কৰা তেওঁলোকৰ পূৰ্ব্ব–পুৰুষসকলৰ অপৰাধবোৰলৈ ঘূৰিল, আৰু দেৱপূজা কৰিবলৈ ইতৰ দেৱতাবোৰৰ পাছত গল; ইস্ৰায়েল আৰু যিহূদা বংশই তেওঁলোকৰ পূৰ্ব্ব–পুৰুষসকলৰ লগত মই স্থাপন কৰা নিয়মটি ভাঙিলে।”
\p
\s5
\v 11 এই হেতুকে যিহোৱাই এইদৰে কৈছে: “চোৱা, তেওঁলোকে সাৰিব নোৱাৰা অমঙ্গল মই তেওঁলোকলৈ ঘটাম। তেতিয়া তেওঁলোকে মোৰ আগত কাতৰোক্তি কৰিব, কিন্তু মই তেওঁলোকৰ কথা নুশুনিম।
\v 12 তেতিয়া যিহূদাৰ নগৰবোৰৰ লোকে আৰু যিৰোচালেম-নিবাসীসকলে গৈ, তেওঁলোকে ধূপ জ্বলোৱা দেৱতাবোৰৰ আগত কাতৰোক্তি কৰিব, কিন্তু সেইবোৰে তেওঁলোকৰ আপদৰ সময়ত তেওঁলোকক সমূলি ত্ৰাণ কৰিব নোৱাৰিব।
\v 13 কিয়নো হে যিহূদা, তোমাৰ নগৰ যিমান, তোমাৰ দেৱতা সিমানেই বাঢ়িল। আৰু যিৰূচালেমৰ আলি যিমান, লজ্জাজনক বস্তুৰ উদ্দেশ্যে, এনে কি, বালৰ কাৰণে ধূপ জ্বলাবলৈ তোমালোকে সিমান যজ্ঞ-বোদি স্থাপন কৰিলা।
\p
\s5
\v 14 এই হেতুকে যিৰিমিয়া, তুমি নিজে এই জাতিৰ বাবে প্ৰাৰ্থনা নকৰিবা। তেওঁলোকৰ বাবে নিবেদন কি প্ৰাৰ্থনা উৎসৰ্গ নকৰিবা। কিয়নো তেওঁলোকে নিজৰ আপদৰ কাৰণে মোৰ আগত কাতৰোক্তি কৰা সময়তো মই নুশুনিম।
\q
\v 15 মোৰ গৃহত মোৰ প্রিয়াৰ কি কাৰ্য্য, কিয়নো তাই অনেক লোকে সৈতে ব্যভিচাৰ কৰিলে?
\q আৰু তোমাৰ পৰা পৱিত্ৰ মাংস গ’ল; যেতিয়া তুমি দুষ্কৰ্ম্ম কৰা, তেতিয়া তুমি উল্লাস কৰি থাকা।
\q
\v 16 পূৰ্বতে যিহোৱাই তোমাক ‘উত্তম ফলেৰে শোভিত কেঁচাপতীয়া জিতগছ” এই নাম দিলে।’
\q তেওঁ মহা-কোলাহলৰ শব্দেৰে সৈতে তোমাৰ ওপৰত জুই জ্বলালে, আৰু তাৰ ডালবোৰ ভগ্ন হ’ল।
\p
\s5
\v 17 কিয়নো বালৰ উদ্দেশ্যে ধূপ জ্বলাই মোক বেজাৰ দিবৰ অৰ্থে যিহূদা আৰু ইস্ৰায়েল বংশই নিজৰ বিৰুদ্ধে যি দুষ্কৰ্ম্ম কৰিছিল, তাৰ কাৰণে তোমাক ৰোপণ কৰা বাহিনীসকলৰ যিহোৱাই তোমাৰ বিৰুদ্ধে অমঙ্গল প্ৰকাশ কৰিলে।
\p
\s5
\v 18 আৰু যিহোৱাই মোক তাৰ বিষয়ে জ্ঞান দিয়াত মই তাক জানিবলৈ পালোঁ। সেই সময়ত তুমি মোক তেওঁলোকৰ কাৰ্য্য দেখুৱালা।
\v 19 কিন্তু মই, বধ কৰিবলৈ নিয়া মৰমৰ ভেড়া পোৱালিৰ দৰে আছিলোঁ; আৰু ‘ফলে সৈতে গছডাল কাটোহঁক’, তেওঁৰ নাম সোঁৱৰণ আৰু নহবৰ কাৰণে আমি জাতিবোৰৰ দেশৰ পৰা তাক উচ্ছন্ন কৰোহঁক বুলি কৈ তেওঁলোকে যে মোৰ বিৰুদ্ধে কু-আলচ পাতিছিল, তাক মই জনা নাছিলোঁ।
\q
\v 20 কিন্তু ধাৰ্ম্মিকতাৰে বিচাৰ কৰোঁতা, অন্তৰ আৰু হৃদয় পৰীক্ষা কৰোঁতা হে বাহিনীসকলৰ যিহোৱা, তেওঁলোকৰ ওপৰত তুমি সাধা প্ৰতিকাৰ মোক দেখিবলৈ দিয়া।
\q কিয়নো মই তোমাৰ আগতেই মোৰ গোচৰ সোধালোঁ।
\p
\s5
\v 21 এই হেতুকে অনাথোতৰ লোকসকলৰ বিষয়ে যিহোৱাই এই কথা কৈছে, তেওঁলোকে তোমাৰ প্ৰাণ বিচাৰি কয়, যে, যিহোৱাৰ নামেৰে ভববাণী প্ৰচাৰ নকৰিবা, কৰিলে তুমি আমাৰ হাতত মৰা পৰিবা।’
\v 22 এই হেতুকে বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে, চোৱা, মই তেওঁলোকক দণ্ড দিম। ডেকাবোৰ তৰোৱালত আঘাতিত হৈ মৰিব। তেওঁলোকৰ পো-জীসকল আকালত মৃত্যু হ’ব।
\v 23 আৰু তেওঁলোকৰ কোনো অৱশিষ্ট নাথাকিব। কিয়নো মই অনাথোতৰ লোকসকললৈ অমঙ্গল ঘটাম, এনে কি, তেওঁলোকক দণ্ড দিয়াৰ বছৰ উপস্থিত কৰিম।”
\s5
\c 12
\s দুষ্টৰ উন্নতি। যিৰিমিয়াৰ দুখভোগ। দেশৰ বিনাশ। ইস্ৰায়েলৰ শত্ৰূৰ শেষ গতি।
\q
\v 1 “হে যিহোৱা, তুমি ধাৰ্ম্মিক, তথাপি তোমাৰ লগত মোক প্ৰতিবাদ কৰিবলৈ দিয়া,
\q বিচাৰৰ সম্পৰ্কে মোক তোমাৰ লগত কেৱল কথা কবলৈ দিয়া। “দুষ্টবোৰৰ পথ কিয় উন্নত হয়? অতি বিশ্বাস-ঘাতকবোৰ কিয় শান্তিৰে থাকে?
\q
\v 2 তুমি তেওঁলোকক ৰোপন কৰিলা, এনে কি, তেওঁলোক শিপালে। তেওঁলোক বাঢ়িছে, এনে কি, ফলো ধৰিছে; তুমি তেওঁলোকৰ মুখৰ বাক্যত ওচৰ, কিন্তু তেওঁলোকৰ হৃদয়ৰ পৰা দূৰ।
\p
\s5
\v 3 কিন্তু হে যিহোৱা, তুমি হ’লে মোক জানি আছা। মোক দেখিও আছা, আৰু তোমালৈ মোৰ মন কেনে, তাক পৰীক্ষাও কৰিছা।
\q বধ কৰিবৰ কাৰণে উলিওৱা ভেড়াৰ দৰে তেওঁলোকক টানি উলিওৱা, আৰু হত্যা দিনৰ কাৰণে তেওঁলোকক পৃথক কৰি ৰাখা।
\q
\v 4 কিমান দিন দেশে শোক কৰিব, আৰু সমস্ত দেশৰ তৃণ শুকাই থাকিব? নিবাসীসকলৰ দুষ্টতাৰ বাবে
\q পশু আৰু পক্ষীবোৰ সংহাৰ হৈছে; কাৰণ, আমাৰ অন্তিম কাল কোনেও নেদেখিব বুলি তেওঁলোকে কৈছে।
\q2
\s5
\v 5 তুমি পদাতিকসকলকৰ লগত লৰ মাৰিলে, তেওঁলোকে যদি তোমাক ক্লান্ত কৰে, তেন্তে ঘোঁৰাৰ লগত লৰ মাৰি কেনেকৈ জিকিবা?
\q আৰু যদিও তুমি শান্তিৰ দেশত নিৰাপদে থাকা, তথাপি যৰ্দ্দনৰ শোভাস্বৰূপ অৰণ্যত কি কৰিবা?
\q2
\v 6 কিয়নো তোমাৰ ভাইসকলে, তোমাৰ পিতৃ-বংশয়েই তোমালৈ বিশ্বাস-ঘাতকতা কৰিছে, এনে কি, তেওঁলোকে তোমাক ধৰ ধৰ বুলি বৰকৈ চিঞৰিছে।
\q তেওঁলোকে তোমাক ভাল কথা ক’লেও, তেওঁলোকৰ কথাত প্ৰত্যয় নকৰিবা।
\q
\s5
\v 7 মই মোৰ গৃহ ত্যাগ কৰিলোঁ; মোৰ আধিপত্য এৰি দিলোঁ।
\q মই মোৰ প্ৰাণৰ প্ৰিয়াক শত্ৰূ হাতত শোধাই দিলোঁ।
\q
\v 8 মোৰ পক্ষে মোৰ আধিপত্য কাঠনিত থকা সিংহৰ দৰে হ’ল;
\q সি মোৰ বিৰুদ্ধে গুজৰিছে, সেই কাৰণে মই তাক ঘিণ কৰিলোঁ।
\q
\v 9 মোৰ আধিপত্য মোৰ কাৰণে ফুটুকা-ফুটুকী চৰাইৰ নিচিনা নহয় নে? তাৰ চাৰিওফালে সিংহক চৰাইবোৰ নাই নে?
\q তোমালোকে যোৱা, মোৰ আদিপত্য ভোজন কৰিবলৈ বনৰীয়া পশু আটাইবোৰ গোটাই আনাগৈ।
\q
\s5
\v 10 অনেক ভেড়া-ৰখীয়াই মোৰ দ্ৰাক্ষাবাৰী নষ্ট কৰিলে, মোৰ ভাগ ভৰিৰ তলত মোহাৰিলে;
\q মোৰ সন্তোষজনক ভাগ ধ্বংস-অৰণ্য কৰিলে।
\q
\v 11 তেওঁলোকে তাক উচ্ছন্ন ঠাই কৰিলে, সেয়ে ধ্বংস হৈ মোৰ আগত বিলাপ কৰিছে; সমুদায় দেশ উচ্ছন্ন হল, কাৰণ কোনেও মনোযোগ কৰা নাই।
\q2
\s5
\v 12 অৰণ্যত থকা গছশূন্য পৰ্ব্বতবোৰৰ ওপৰলৈকে ধ্বংসকাৰীসকল গ’ল;
\q কিয়নো যিহোৱাৰ তৰোৱালে এক সীমাৰ পৰা আন সীমালৈকে সকলোকে গ্ৰাস কৰিছে, কোনো প্ৰাণীৰ শান্তি নাই।
\q2
\v 13 তেওঁবিলাকে ঘেঁহু বৈ কাঁইট দালে। তেওঁলোকে দুখ কৰিও একো উপকাৰ নাপালে;
\q2 তোমালোকে যিহোৱা প্ৰচণ্ড ক্ৰোধৰ কাৰণে নিজ নিজ ফলৰ বিষয়ে লজ্জিত হোৱা।
\p
\s5
\v 14 মই মোৰ প্ৰজা ইস্ৰায়েলক অধিকাৰ কৰোৱা অধিপত্যক স্পৰ্শ কৰা মোৰ আটাই দুষ্ট ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে যিহোৱাই এইদৰে কৈছে: চোৱা, মই তেওঁলোকৰ মাটিৰ পৰা তেওঁলোকক উঘালিম, আৰু তেওঁলোকৰ মাজৰ পৰা যিহূদা বংশকো উঘালিম।
\v 15 কিন্তু উঘলাৰ পাছত, মই পুনৰায় দয়া কৰিম; আৰু প্ৰতিজনক তাৰ আধিপত্যলৈ, আৰু তাৰ মাটিলৈ আনিম।
\p
\s5
\v 16 এনেকৈ তেওঁলোকে মোৰ প্ৰজাসকলক বালৰ নামেৰে শপত খাবলৈ শিকাইছিল, তেনেকৈ “যিহোৱাৰ জীৱনৰ শপত!” বুলি মোৰ নামেৰে শপত কৰিবলৈ মোৰ প্ৰজাসকলৰ পথ যদি তেওঁলোকে যত্নেৰে শিকে, তেন্তে মোৰ প্ৰজাসকলৰ মাজত তেওঁলোকক স্থাপন কৰা হ’ব।
\v 17 যদি তেওঁলোকে নুশুনে, তেন্তে মই সেই জাতিক উঘালি পেলাম। আৰু নিশ্চয়কৈ উঘালি পেলাই তাক নষ্ট কৰিম। এইয়েই যিহোৱাৰ ঘোষণা।”
\s5
\c 13
\s পোতা টঙালিৰ উপমা। যিহূদীসকলৰ অদম্য দুষ্টতা।
\p
\v 1 যিহোৱাই মোক এইদৰে ক’লে, “তুমি গৈ শণ সূতাৰে বোৱা কাপোৰৰ এগছ টঙালি কিনি তোমাৰ কঁকালত বান্ধা, তাক প্রথমে পানীত নিতিয়াবা।”
\v 2 সেয়ে মই যিহোৱাৰ বাক্য অনুসাৰে এগছ টঙালি কিনি মোৰ কঁকালত বান্ধি ল’লোঁ।
\v 3 তেতিয়া দ্ধিতীয়বাৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
\v 4 বোলে, “তুমি যি টঙালি কিনিলা, আৰু তোমাৰ কঁকালত আছে, তাক লোৱা, আৰু উঠি ফৰাতলৈ যাত্রা কৰা আৰু শিলৰ ফাটত তাক লুকুৱাই ৰাখা।”
\p
\s5
\v 5 এইদৰে মই যিহোৱাৰ আজ্ঞা অনুসাৰে গৈ ফৰাতৰ কাষত তাক লুকুৱাই ৰাখিলোঁ।
\v 6 বহু দিনৰ পাছত যিহোৱাই মোক ক’লে, “তুমি উঠি ফৰাতলৈ যোৱা। মই তাত লুকুৱাই ৰাখিবলৈ তোমাক আজ্ঞা দিয়া টঙালিগছ তাৰ পৰা আনাগৈ।”
\v 7 তেতিয়া মই ফৰাতলৈ গৈ, মই লুকুৱাই থোৱা ঠাইৰ পৰা টঙালিগছ খানি উলিয়ালোঁ। কিন্তু চোৱা! সেই টঙালিগছ নষ্ট হ’ল; কোনো কাৰ্য্যৰ যোগ্য নাছিল।
\p
\s5
\v 8 তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ পুনৰ আহিল, বোলে,
\v 9 “যিহোৱাই কৈছে: ‘এনেদৰেই মই যিহূদাৰ অহঙ্কাৰ আৰু যিৰূচালেমৰ মহা অহঙ্কাৰ নষ্ট কৰিম।
\v 10 এই যি দুচৰিত্ৰৰ লোকসকলে মোৰ কথা শুনিবলৈ অমান্তি হৈ নিজ হৃদয়ৰ কঠিনতা অনুসাৰে চলে, আৰু ইতৰ দেৱতাবোৰক সেৱাপূজা আৰু সেইবোৰৰ আগত প্রণিপাত কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যায়, তেওঁলোক কোনো কাৰ্য্যৰ যোগ্য নোহোৱা এই টঙালি গছৰ নিচিনা হব।
\v 11 কিয়নো যিহোৱাই কৈছে, মানুহৰ কঁকালত যেনেকৈ টঙালি লাগি থাকে, তেনেকৈ মই গোটেই ইস্ৰায়েল বংশক আৰু গোটেই যিহূদা বংশক মোৰ প্ৰজা, আৰু মোৰ কীৰ্ত্তি, প্ৰশংসা, আৰু ভুষণস্বৰূপ কৰিবৰ অৰ্থে নিজতে লগাই ৰাখিছিলোঁ; কিন্তু তেওঁলোকে মোৰ কথা নুশুনিলে।’
\p
\s5
\v 12 এই হেতুকে তুমি তেওঁলোকক এই কথা ক’বই লাগিব: যে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: “আটাইবোৰ মোট দ্ৰাক্ষাৰসেৰে পূৰ কৰা যাব।” তেওঁলোকে তোমাক ক’ব, ‘প্ৰত্যেক মোট যে দ্ৰাক্ষাৰসেৰে পূৰ কৰা যাব, তাক জানো আমি ভালকৈ নাজানো?
\v 13 তেতিয়া তুমি তেওঁলোকক ক’বা, ‘যিহোৱাই এই কথা কৈছে: চোৱা, মই এই দেশ-নিবাসী আটাইকে, এনে কি, দায়ুদৰ সিংহাসনত বহোঁতা ৰজাসকলক, পুৰোহিতসকলক, ভাববাদীসকলক, আৰু যিৰূচালেম নিবাসী সকলোকে দ্ৰাক্ষাৰসেৰে পূৰ কৰি মতোৱাল কৰিম।
\v 14 মই পৰস্পৰক, এনে কি, বাপেক-পুতেকহঁতক লগ লগাই খুন্দিয়া-খুন্দি কৰোৱাম; যিহোৱাৰ এইয়েই ঘোষণা যে - মই যে তেওঁলোকক নষ্ট নকৰিবৰ মনেৰে তেওঁলোকক মৰম, দয়া, কি অনুগ্ৰহ কৰিম, এনে নহ’ব।
\q
\s5
\v 15 তোমালোকে শুনা, কাণ দিয়া, অহঙ্কাৰ নকৰিবা, কিয়নো যিহোৱাই কথা কৈছে।
\q
\v 16 তোমালোকৰ ঈশ্বৰ যিহোৱাই অন্ধকাৰ নৌ আনোতেই,
\q অন্ধকাৰময় পৰ্ব্বতত তোমাৰ ভৰি উজুটি নৌ খাওঁতেই,
\q আৰু তোমালোকে পোহৰলৈ বাট চোৱাত তেওঁ তাক মৃত্যুচ্ছায়াত পৰিবৰ্ত্তন নৌ কৰোঁতেই, আৰু তাক ঘোৰ অন্ধকাৰ নৌ কৰোঁতেই তেওঁক গৌৰৱাম্বিত কৰা।
\q
\v 17 কিন্তু তোমালোকে যদি তাক নুশুনা, তোমালোকৰ গৰ্ব্বৰ কাৰণে মোৰ মনে নিৰলে ক্ৰন্দ কৰিব।
\q আৰু যিহোৱাৰ জাকক বন্দী কৰি নিয়াৰ বাবে মোৰ চকুৰ পৰা বহু অশ্রু ওলাব, আৰু পানীৰে ধাৰ বব।
\q
\s5
\v 18 তুমি ৰজা আৰু ৰাজমাক কোৱা, “নিজকে নম্র কৰা আৰু তোমালোক চাপৰত বহা,
\q কিয়নো তোমালোকৰ শিৰোভুষণ, এনে কি, সুন্দৰ মুকুট খহি পৰিল।
\q
\v 19 দক্ষিণ অঞ্চলৰ নগৰবোৰ বন্ধ হ’ল, সেইবোৰ মেলি দিওঁতা কোনো নাই; গোটেই যিহূদাক দেশান্তৰলৈ নিয়া হ’ল, তাৰ সকলো লোককে নিয়া হ’ল।
\q
\s5
\v 20 তোমালোকে উত্তৰ দিশৰ পৰা অহা এই লোকসকলক চোৱা।
\q তোমাক দিয়া সেই মেৰৰ জাকটি, তোমাৰ সুন্দৰ জাকটি ক’ত?
\q
\v 21 তুমি নিজে নিজৰ বিপক্ষে তোমাৰ বন্ধুসকলক শিক্ষা দিয়াত, যেতিয়া তেওঁ তোমাৰ ওপৰত সেই বন্ধুসকলক মূৰব্বী পাতিব?
\q তেতিয়া তুমি কি কবা? প্ৰসৱকাৰিণীৰ বেদনাৰ দৰে বেদনাই তোমাক নধৰিব নে?
\q
\s5
\v 22 তেতিয়া হয়তো তুমি মনতে ক’বা, যে, “মোৰ এনে দশা কিয় ঘটিল?”
\q তেন্তে শুনা, তোমাৰ অপৰাধ অধিক হোৱাত তোমাৰ বস্ত্ৰৰ আঁচল ওপৰলৈ তোলা হ’ল, আৰু তোমাক বলাৎকাৰ কৰা হ’ল।
\q
\v 23 কূচীয়া লোকে জানো নিজৰ ছাল, বা নাহৰফুটুকী বাঘে জানো নিজ গাৰ ফুটুকা-ফুটুকীবোৰ, সলনি কৰিব পাৰে?
\q যদি পাৰে, তেন্তে কু-কৰ্ম্মত অভ্যাস থকা যি তোমালোক, তোমালোকেও সৎকৰ্ম্ম কৰা সম্ভৱ।
\q
\v 24 এই হেতুকে মই অৰণ্যৰ বতাহত উৰি যোৱা খেৰৰ নিচিনাকৈ তেওঁলোকক উৰুৱাই দিম।
\q
\s5
\v 25 যিহোৱাই কৈছে, এয়ে তোমাৰ নিৰূপিত ভাগ, মই তোমাক জুখি দিয়া অংশ;
\q কিয়নো তুমি মোক পাহৰিলা, আৰু মিছাত বিশ্বাস কৰিলা।
\q
\v 26 সেই কাৰণে মইয়ো তুমি পিন্ধা কাপোৰৰ আঁচল মুখৰ ওপৰলৈকে দাঙিম; আৰু তোমাৰ লাজৰ ঠাই দেখা যাব।
\q
\v 27 চহৰৰ বাহিৰৰ পৰ্ব্বতত মই তোমাৰ ঘিণলগীয়া কাম, এনে কি, তোমাৰ ব্যভিচাৰকৰ্ম্ম, তোমাৰ ঢেকঢেকনি, আৰু বেশ্যাবৃত্তিৰ কু-কৰ্ম্ম দেখিলোঁ,
\q হে যিৰূচালেম তুমি সন্তাপৰ পাত্ৰী! তুমি শুচি হবলৈ ইচ্ছা নকৰা। তুমি এনে অৱস্থাত আৰু কিমান কাল থাকিবা?
\s5
\c 14
\s অনাবৃষ্টিৰ বিষয়ে যিহোৱাৰ বাক্য আৰু ভাববাদীৰ নিবেদন।
\p
\v 1 অনাবৃষ্টিৰ বিষয়ে যিৰিমিয়ালৈ অহা এয়েই যিহোৱাৰ বাক্য।
\q
\v 2 “যিহূদাক শোক কৰিবলৈ দিয়া; আৰু তাৰ বৰদুৱাৰ কেইখনে বিলাপ কৰ’ক। তেওঁলোকে ক’লা কাপোৰ পিন্ধি মাটিত বহিছে;
\q আৰু যিৰূচালেমৰ চিঞৰ ওপৰলৈ উঠিছে।
\q
\v 3 তেওঁলোকৰ বৰ লোকসকলে নিজ নিজ অধিনৰ দাসসকলক পানীৰ বাবে পঠাইছে।
\q তেওঁলোকে জলাধাৰবোৰৰ ওচৰলৈ গৈ পানী নাপাই শুদা পাত্ৰ লৈ উলটি আহিছে;
\q তেওঁলোকে লাজ পাই মুখ বিবৰ্ণ কৰিছে,
\q আৰু তেওঁলোকৰ মূৰ ঢাকিছে।
\q
\s5
\v 4 দেশত বৃষ্টি নোহোৱাত মাটি টান হ’ল, কাৰণ খেতিয়কসকলে লাজ পাই নিজ নিজ মূৰ ঢাকি ৰাখিছে।
\q
\v 5 এনে কি, ঘাঁ নোহোৱাতে হৰিণীয়েও পথাৰত পোৱালি জগাই এৰি থৈ গৈছে।
\q
\v 6 আৰু বনৰীয়া গাধবোৰে গছশূন্য পৰ্ব্বতত থিয় হৈ শিয়ালৰ দৰে বায়ুৰ কাৰণে হেঁপাই-ফোঁপাই ফুৰিছে।
\q তৃণ নথকাত তেওঁলোকৰ চকু ক্ষীণাই গৈছে।”
\q2
\s5
\v 7 হে যিহোৱা, যদিও আমাৰ অপৰাধবোৰে আমাৰ অহিতে সাক্ষ্য দিছে, তথাপি তুমি নিজ নামলৈ চাই কাৰ্য্য কৰা।
\q2 কিয়নো আমাৰ বিপথগমন অনেক; আমি তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
\q2
\v 8 হে ইস্ৰায়েলৰ আশাভুমি, তাৰ সঙ্কটৰ কালৰ ত্ৰাণকৰ্ত্তা,
\q2 তুমি কিয় দেশত প্ৰবাস কৰা লোকৰ দৰে, আৰু ৰাতি থকা পথিকৰ নিচিনা?
\q2
\v 9 তুমি কিয় তধা লগা মানুহৰ দৰে, আৰু ত্ৰাণ কৰিবলৈ সমৰ্থ নথকা বীৰৰ নিচিনা?
\q2 তথাপি হে যিহোৱা, তুমি আমাৰ মাজত আছা! আৰু আমি তোমাৰ নামেৰে প্ৰখ্যাত। আমাক ত্যাগ নকৰিবা।
\q
\s5
\v 10 যিহোৱাই এই জাতিৰ বিষয়ে এই কথা কৈছে: “তেওঁলোকে সিমানকৈ ভ্ৰমণ কৰিবলৈ ভাল পায়, তেওঁলোকে নিজ নিজ ভৰি নাৰাখিলে।”
\q এই কাৰণে যিহোৱাই তেওঁলোকক গ্ৰহণ নকৰে। তেওঁ এটিয়া তেওঁলোকৰ অপৰাধ সোঁৱৰণ কৰিব আৰু তেওঁলোকৰ পাপবোৰৰ কাৰণে তেওঁলোকক দণ্ড দিব।
\v 11 যিহোৱাই মোক আৰু ক’লে, তুমি এই জাতিৰ মঙ্গলৰ অৰ্থে প্ৰাৰ্থনা নকৰিবা।
\v 12 তেওঁলোকে লঘোন দিলেও মই তেওঁলোকৰ কাৰোক্তি নুশুনিম আৰু তেওঁলোকে হোম ও নৈবদ্য উৎসৰ্গ কৰিলেও তেওঁলোকক গ্ৰহণ নকৰিম; কিন্তু তৰোৱাল, আকাল, আৰু মহামাৰীৰ দ্বাৰাই মই তেওঁলোকক সংহাৰ কৰিম।”
\p
\s5
\v 13 তেতিয়া মই ক’লোঁ,“হায় হায়, প্ৰভু যিহোৱা! চোৱা! ভাববাদীসকলে তেওঁলোকক কয়, “তোমালোকে তৰোৱাল নেদেখিবা; বা তোমালোকলৈ আকাৰ নঘটিব, কিন্তু মই এই ঠাইত তোমালোকক প্ৰকৃত শান্তি দিম’।”
\v 14 তেতিয়া যিহোৱাই মোক ক’লে, ‘সেই ভাববাদীবোৰে মিছাকৈয়ে মোৰ নাম কৰি ভাববাণী প্ৰচাৰ কৰে। মই তেওঁলোকক পঠোৱা, কি কোনো আজ্ঞা দিয়া নাই, নাইবা তেওঁলোকক কোনো কথা কোৱা নাই। তেওঁঁলোকক তোমালোকৰ আগত মিছা দৰ্শন, মঙ্গল চোৱা কথা, অসাৰ কথা, আৰু নিজ নিজ মনৰ প্ৰবঞ্চনামূলক ভাববাণী প্ৰচাৰ কৰে।
\p
\s5
\v 15 এই হেতুকে “যি ভাববাদীবোৰক মই পঠোৱা নাই, তথাপি তৰোৱাল আৰু আকাল এই দেশত নহব বুলি কৈ তেওঁলোকে মোৰ নামেৰে ভাববাণী প্ৰচাৰ কৰে: সেই ভাববাদীসকলৰ বিষয়ে যিহোৱাই এই কথা কৈছে, তৰোৱাল আৰু আকালৰ দ্বাৰাই সেই ভাববাদীসকলক সংহাৰ কৰা যাব।
\v 16 আৰু তেওঁলোকে যি জাতিৰ আগত ভাববাণী প্ৰচাৰ কৰে, আকাল আৰু তৰোৱালৰ কাৰণে যিৰূচালেমৰ আলিত তেওঁলোকক পেলাই দিয়া যাব, আৰু তেওঁলোকক, তেওঁলোকৰ স্ত্রীসকলক, লৰা-ছোৱাৰীসকলক মৈদাম দিওঁতা কোনো নহ’ব, কিয়নো মই তেওঁলোকৰ দুষ্টতাৰ ফল তেওঁলোকৰ ওপৰত ঢালি দিম।
\q
\s5
\v 17 তুমি তেওঁলোকক এই কথা কোৱা, দিনে-ৰাতিয়ে মোৰ চকুৰ পৰা ধাৰেৰে পানী বৈ থাওক, নাথামক।
\q কিয়নো মোৰ জাতিস্বৰূপা কুমাৰী জীয়াৰী মহা-আঘাতত,
\q আৰু অত্যন্ত কষ্টদায়ক প্ৰহাৰত ভগ্ন হ’ল।
\q
\v 18 মই যদি ওলাই পথাৰলৈ যাওঁ, তেতিয়া তাত তৰোৱালেৰে হত হোৱা লোক দেখোঁ, আৰু যদি নগৰত সোমাওঁ, আৰু তাতো আকালত পীড়িত হোৱা মানুহ দেখোঁ; কিয়নো ভাববাদী আৰু পুৰোহিত দুয়ো দেশত ভ্ৰমি ফুৰে, একো নাজানে।
\q
\s5
\v 19 তুমি যিহূদাক নিচেইকৈ অগ্ৰাহ্য কৰিলা নে? তোমাৰ মনে চিয়োনক ঘিণ কৰিলে নে?
\q তুমি আমাক সুস্থ হ’ব নোৱাৰাকৈ কিয় প্ৰহাৰ কৰিলা? আমি শান্তিলৈ বাট চালোঁ, কিন্তু কোনো মঙ্গল নাহিল,
\q আৰু সুস্থ হবৰ সময়লৈ বাট চালোঁ, কিন্তু চোৱা, কেৱল ত্ৰাসহে।
\q
\v 20 হে যিহোৱা, আমাৰ দুষ্টতা, আৰু আমাৰ পিতৃসকলৰ অপৰাধ আমি স্বীকাৰ কৰোঁ, কিয়নো আমি তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
\q
\s5
\v 21 তুমি নিজ নামলৈ চাই আমাক ঘিণ নকৰিবা! নিজ গৌৰৱযুক্ত সিংহাসন অপমানিত নকৰিবা।
\q সোঁৱৰণ কৰা, আমাৰ সৈতে স্থাপন কৰা তোমাৰ নিয়মটি নাভাঙিবা।
\q
\v 22 জাতিবোৰৰ অসাৰ দেৱতাবোৰৰ মাজত বৃষ্টি দিব পৰা এনে কোন আছে? বা আকাশে জানো নিজ জল বৰ্ষাব পাৰে?
\q হে আমাৰ ঈশ্বৰ যিহোৱা, তুমিয়েই জানো এই জনা নোহোৱা? এই হেতুকে আমি তোমালৈ বাট চাই থাকিম; কিয়নো তুমিয়েই এই সকলো কৰিলা।
\s5
\c 15
\s আহিব লগা আপদ। ভাববাদীৰ বিলাপ আৰু যিহোৱাৰ উত্তৰ।
\p
\v 1 তেতিয়া যিহোৱাই মোক ক’লে, “যদিও মোচি আৰু চমূৱেল মোৰ আগত থিয় হয়, তথাপি মোৰ মন এই জাতিলৈ সদয় নহ’ব; তুমি মোৰ আগৰ পৰা তেওঁলোকক বিদায় কৰা, তেওঁলোক ওলাই গুচি যাওঁক।
\v 2 আৰু আমি ক’লৈ ওলাই যাম বুলি যেতিয়া তেওঁলোকে ক’ব, তেতিয়া তুমি তেওঁলোকক ক’বা, যিহোৱাই এই কথা কৈছে:
\q মৃত্যুলৈ নিৰূপিত লোক মৃত্যুলৈ; তৰোৱাললৈ নিৰূপিত লোক তৰোৱাললৈ।
\q আকাললৈ নিৰূপিত লোক আকাললৈ, বন্দী-অৱস্থালৈ নিৰূপিত লোক বন্দী-অৱস্থালৈ ওলাই যাওঁক।’
\p
\s5
\v 3 আৰু যিহোৱাই কৈছে, মই তেওঁলোকক বধ কৰিবলৈ তৰোৱাল, ছিৰিবলৈ কুকুৰ, খাবলৈ আৰু বিনষ্ট কৰিবলৈ আকাশৰ পক্ষী আৰু পৃথিৱীৰ জন্তু, এই চাৰি বিধক মই তেওঁলোকৰ ওপৰত নিযুক্ত কৰিম।
\v 4 আৰু হিষ্কিয়াৰ পুত্ৰ যিহূদাৰ ৰজা মনচিয়ে যিৰূচালেমত কৰা কাৰ্য্যৰ কাৰণে, পৃথিৱীৰ আটাই ৰাজ্যৰ মাজত মই তেওঁলোকক ত্ৰাসৰ বিষয় কৰিম।
\q
\s5
\v 5 কিয়নো হে যিৰূচালেম, কোনে তোমাক দয়া কৰিব, আৰু তোমাৰ বাবে বিলাপ কৰিব?
\q বা তোমাৰ মঙ্গল সুধিবলৈ কোনে এফলীয়া হৈ যাব?
\q
\v 6 যিহোৱাই কৈছে, তুমি মোক ত্যাগ কৰিলা, তুমি পাছ হুঁহকি গ’লা।
\q এই কাৰণে মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক নষ্ট কৰিলোঁ; মই ক্ষমা কৰি কৰি আমনি পাইছোঁ।
\q
\v 7 মই তেওঁলোকক দেশৰ দুৱাৰবোৰত কুলাৰে জাৰিলোঁ।
\q তেওঁলোকক সন্তানহীন কৰিলোঁ। মোৰ জাতিক বিনষ্ট কৰিলোঁ; তেওঁলোক নিজৰ পথৰ পৰা নুলটিল।
\q
\s5
\v 8 মোৰ আগত তেওঁলোকৰ বিধৱাসকল সমুদ্ৰৰ বালিত্কৈয়ো অধিক হৈছে;
\q মই তেওঁলোকৰ মাজৰ ডেকাসকলৰ মাকৰ বিৰুদ্ধে দুপৰবেলাত এজন সংহাৰক আনিলোঁ, তাইলৈ অকস্মাতে দুখ আৰু ত্ৰাস উপস্থিত কৰিলোঁ।
\q
\v 9 সাত পুত্ৰ প্ৰসৱ কৰা মাতৃয়ে ক্ষীণাই প্ৰাণত্যাগ কৰিলে। দিন থাকোঁতেই তাইৰ বেলি মাৰ গ’ল।
\q তাই লাজ পাই বিবৰ্ণ হ’ল, মই তেওঁলোকৰ অৱশিষ্ট ভাগক শত্ৰূ আগত তৰোৱালত সমৰ্পণ কৰিম
\q এইয়েই যিহোৱাৰ ঘোষণা।
\q
\s5
\v 10 হায় হায়, হে মোৰ মাতৃ! সমস্ত পৃথিৱীত বিবাদ আৰু কন্দল কৰাকৈ তুমি মোক প্ৰসৱ কৰিলা।
\q মই কাকো সুতলৈ ধাৰ দিয়া নাই, বা মোকো কোনেও সুতলৈ ধাৰ দিয়া নাই; তথাপি সকলোৱে মোক শাও দিয়ে।
\p
\v 11 যিহোৱাই ক’লে: “মই নিশ্চয়ে তোমাক মঙ্গলৰ কাৰণে সবল নকৰিম নে?
\q নিশ্চয়ে সঙ্কটৰ কালত আৰু দুৰ্দ্দশাৰ সময়ত মই শত্ৰূ তোমাৰ আগত নিবেদন কৰাম।
\q
\v 12 কোনো মানুহে জানো লোহাক গুড়ি কৰিব পাৰে? এনে কি, উত্তৰ দেশীয় লোহা, আৰু পিতল ভাঙিব পাৰে?
\q
\s5
\v 13 মই তোমাৰ সম্পত্তি আৰু তোমাৰ বহুমুল্য বস্তু বিনামূল্যে লুটদ্ৰব্যস্বৰূপে দিম।
\q এনে কি, তোমাৰ পাপ সমুহৰ কাৰণে তোমাৰ সীমাৰ সকলো ফালে তাক কৰিম।
\q
\v 14 তেতিয়া শত্রুৱে সৈতে তুমি নজনা দেশলৈ সেইবোৰ নিয়াম,
\q কিয়নো মোৰ ক্ৰোধাগ্নি জ্বলিছে, সেয়ে তোমালোকৰ ওপৰত জ্বলি থাকিব।
\q
\s5
\v 15 হে যিহোৱা, তুমিয়েই জানি আছা! মোক সোঁৱৰণ কৰা, মোলৈ কৃপা দৃষ্টি কৰা। আৰু মোৰ অৰ্থে মোৰ তাড়ণাকাৰীৰ প্ৰতিকাৰ সাধা।
\q তোমাৰ দীৰ্ঘ সহিষ্ণুতাত মোক বিনষ্ট হব নিদিবা। মই যে তোমাৰ কাৰণে অপমান সহন কৰিলোঁ, তাক তুমি মনত পেলোৱা।
\q
\v 16 মই তোমাৰ বাক্যবোৰ পোৱা মাত্ৰকে অতি আগ্ৰহেৰে গ্ৰহণ কৰিলোঁ, আৰু তোমাৰ বাক্যবোৰ মোৰ পক্ষে মোৰ মনৰ আনন্দ আৰু উল্লাসজনক হল,
\q কিয়নো হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, মই তোমাৰ নামেৰে প্ৰখ্যাত।
\q
\s5
\v 17 মই আমোদকাৰী সকলৰ সভাত বহি উল্লাস কৰা নাই।
\q তোমাৰ হাতৰ কাৰণে মই অকলেই বহোঁ, কিয়নো তুমি মোক ক্ৰোধেৰে পৰিপূৰ্ণ কৰিলা।
\q
\v 18 মোৰ বেদনা কিয় চিৰকলীয়া? আৰু মোৰ ঘা কিয় সুস্থ হব নোৱাৰে? সেয়ে ভাল হব নোখোজে?
\q তুমি জানো সচাকৈয়ে মোৰ আগত মিছা জুৰি আৰু অস্থায়ী জলস্বৰূপ হবা?
\q
\s5
\v 19 এই হেতুকে যিহোৱাই এইদৰে কৈছে: তুমি যদি উলটি আহাঁ, তেন্তে মোৰ আগত থিয় হব পৰাকৈ মই তোমাক আকৌ আনিম।
\q আৰু যদি অধম বস্তুৰ মাজৰ পৰা ৰত্ন বাহিৰ কৰি লোৱা, তেন্তে মোৰ মুখস্বৰূপ হ’বা; তেওঁলোক তোমালৈ ঘুৰি আহিব,
\q কিন্তু তুমি তেওঁলোকলৈ নুঘুৰিবা।
\q
\v 20 মই এই জাতিৰ আগত তোমাক পিতলৰ দৃঢ় গড়স্বৰূপ কৰিম; তেওঁলোকে তোমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, কিন্তু তোমাক পৰাজয় কৰিব নোৱাৰিব।
\q কিয়নো, যিহোৱাই কৈছে, তোমাৰ ত্ৰাণ আৰু উদ্ধাৰৰ অৰ্থে মই তোমাৰ লগত আছোঁ।
\q
\v 21 আৰু দুষ্টবোৰৰ হাতৰ পৰা মই তোমাক উদ্ধাৰ কৰিম, আৰু ভয়ানকবোৰৰ হাতৰ পৰা তোমাক মুক্ত কৰিম।”
\s5
\c 16
\s যিহূদীসকলৰ পাপ আৰু ভাবী দুৰৱস্থা।
\p
\v 1 এয়েই যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
\v 2 বোলে, “তুমি বিবাহ নকৰিবা, এই ঠাইত তোমাৰ পো-জী হবলৈ নিদিবা।”
\v 3 কিয়নো, এই ঠাইত ওপজা পো-জীৰ বিষয়ে আৰু এই দেশত তেওঁলোকক প্ৰসৱ কৰা মাতৃসকলৰ, আৰু তেওঁলোকক জন্ম দিয়া পিতৃসকলৰ বিষয়ে যিহোৱাই এইদৰে কৈছে:
\v 4 “তেওঁলোকে কষ্টদায়ক মৃত্যুত প্ৰাণত্যাগ কৰিব। আৰু তেওঁলোকৰ কাৰণে কোনেও বিলাপ নকৰিব। তেওঁলোক মাটিৰ ওপৰত সাৰৰ নিচিনাকৈ পৰি থাকিব। আৰু তেওঁলোকক মৈদাম দিয়া নাযাব; ‘তেওঁলোক তৰোৱাল ও আকালৰ দ্বাৰাই হত হ’ব আৰু তেওঁলোকৰ শৱ আকাশৰ চৰাইৰ আৰু পৃথিৱীৰ জন্তুৰ আহাৰ হ’ব।
\p
\s5
\v 5 কিয়নো যিহোৱাই এইদৰে কৈছে: “তুমি শোকৰ কোনো ঘৰত নোসোমাবা। তুমি বুকু ভুকুৱাবলৈ নাযাবা, আৰু তেওঁলোকৰ কাৰণে বিলাপ নকৰিবা। কাৰণ, মই এই জাতিৰ পৰা মোৰ শান্তি, এনে কি, দয়া আৰু অনুগ্ৰহ দূৰ কৰিলোঁ!” যিহোৱাই এইদৰেই কৈছে।
\v 6 “এই দেশত থকা বৰ আৰু সৰু লোক মৰিব। তেওঁলোকক মৈদাম দিয়া নাযাব আৰু তেওঁলোকৰ কাৰণে কোনেও বুকু নুভুকুৱাব। আৰু তেওঁলোকৰ কাৰণে কোনেও নিজ ঘা কাট-কুট নকৰিব, বা মূৰ নুখুৰাব।
\p
\s5
\v 7 লোকসমূহে মৃত লোকৰ কাৰণে তেওঁলোকক শান্তনা দিবলৈ শোক কৰোতে তেওঁলোকক পিঠা নিবিলাব, নাইবা তেওঁলোকৰ পিতৃ কি মাতৃৰ কাৰণে পান কৰিবলৈ লোকসমূহে তেওঁলোকক শান্তনাদায়ক পান-পাত্ৰ নিদিব।
\v 8 তুমি তেওঁলোকৰ লগত ভোজন-পান কৰিবৰ অৰ্থে, তেওঁলোকৰ লগত বহিবলৈ ভোজৰ ঘৰত নোসোমাবা।”
\v 9 কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: “চোৱা, মই তোমালোকৰ চকুৰ আগতে আৰু তোমালোকৰ দিনতে এই ঠাইৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি, আৰু দৰা-কন্যাৰ ধ্বনি লুপ্ত কৰিম।
\p
\s5
\v 10 আৰু তেতিয়া তুমি এই জাতিৰ আগত এই সকলো কথা প্ৰচাৰ কৰিবা, আৰু তেওঁলোকে তোমাক ক’ব, যে, ‘যিহোৱাই আমাৰ বিৰুদ্ধে এই মহা বিপদৰ কথা কিয় ক’লে? বা আমাৰ অপৰাধ কি? আমি আমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে কৰা আমাৰ পাপ কি?
\v 11 তেতিয়া তুমি তেওঁলোকক ক’বা, ‘যিহোৱাই কৈছে, তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলে মোক ত্যাগ কৰিলে, ইতৰ দেৱতাবোৰৰ পাছত চলিলে, সেইবোৰক সেৱাপূজাও কৰিলে আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰিলে। কিন্তু মোক হ’লে ত্যাগ কৰিলে, মোৰ ব্যৱস্থা পালন নকৰিলে।
\p
\s5
\v 12 আৰু তোমালোক হ’লে তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলতকৈয়ো অধিক কদাচৰণ কৰিছা, কিয়নো চোৱা! তোমালোক প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে চলি মোৰ কথাত কাণ নিদিয়া।
\v 13 এই হেতুকে তোমালোকৰ পূৰ্ব্ব–পুৰুষসকলে আৰু তোমালোকেও যি দেশ জনা নাই, এনে এক দেশলৈ মই এই দেশৰ পৰা তোমালোকক দূৰ কৰি দিম; সেই ঠাইত তোমালোকে দিনে-ৰাতিয়ে ইতৰ দেৱতাবোৰক সেৱাপূজা কৰিবা; কিয়নো মই তোমালোকক অনুগ্ৰহ নকৰিম।
\p
\s5
\v 14 এই হেতুকে চোৱা! এনে কোনো দিনবোৰ আহিছে “যিহোৱাই কৈছে”, সেই দিনা লোকসকলে আৰু নক’ব, যে, যি জনাই ইস্ৰায়েলৰ সন্তানসকলক মিচৰ দেশৰ পৰা আনিলে, সেই যিহোৱাৰ জীৱনৰ শপত।’
\v 15 কিন্তু এনেকৈ কব, যে, যি জনাই ইস্ৰায়েলৰ সন্তানসকলক উত্তৰ দেশৰ পৰা, আৰু যি যি দেশলৈ তেওঁলোকক খেদিছিল, সেই সকলো দেশৰ পৰা আনিলে, সেই যিহোৱাৰ জীৱনৰ শপত। মই তেওঁলোকৰ পূৰ্ব্ব-পুৰুষসকলক যি দেশ দিছিলোঁ, সেই দেশলৈ পুনৰায় তেওঁলোকক আনিম।
\p
\s5
\v 16 চোৱা! মই অনেক মাছ-মৰিয়া অনাম, “যিহোৱাই কৈছে”, তেওঁলোকে মাছ ধৰাদি তেওঁলোকক ধৰিব। পাছে মই অনেক ব্যাধ অনাম, তেওঁলোকে চিকাৰিৰ দৰে চিকাৰ কৰি প্ৰত্যেক পৰ্ব্বত, প্ৰত্যেক গিৰি আৰু শিলবোৰৰ খোৰোঙৰ পৰা তেওঁলোকক উলিয়াব।
\v 17 কিয়নো তেওঁলোকৰ সকলো পথত মোৰ চকু আছে, তেওঁলোক মোৰ পৰা গুপুতে নাথাকিব বা তেওঁলোকৰ অপৰাধ মোৰ দৃষ্টিত অগোচৰ নহ’ব।
\v 18 মই প্ৰথমে তেওঁলোকৰ অপৰাধ আৰু পাপৰ দুগুন প্ৰতিফল দিম; কিয়নো তেওঁলোকে নিজৰ ঘিণ লগীয়া বস্তুৰ শৱেৰে মোৰ দেশ অশুচি কৰিলে, আৰু তেওঁলোকৰ ঘৃণনীয় পদাৰ্থৰে মোৰ আধিপত্য পৰিপূৰ্ণ কৰিলে।
\q
\s5
\v 19 হে মোৰ বল, হে মোৰ কোঁঠ, আৰু সঙ্কটৰ কালৰ মোৰ আশ্ৰয় হে যিহোৱা,
\q পৃথিৱীৰ অন্তৰ পৰা জাতিবোৰে তোমাৰ ওচৰলৈ আহি ক’ব, “আমাৰ পূৰ্ব্ব-পুৰুষসকলে মিছা,
\q এনে কি অসাৰ আৰু অনুপকাৰী বস্তুৰ বাহিৰে একো অধিকাৰ কৰা নাই।
\q
\v 20 যি ঈশ্বৰ নহয়, মানুহে নিজলৈ জানো এনে দেৱতাবোৰ সাজিব?
\q
\v 21 এই হেতুকে চোৱা! মই তেওঁলোকক জনাম, মোৰ হাত আৰু মোৰ পৰাক্ৰম তেওঁলোকক একেৰাহে জ্ঞাত কৰাম,
\q তাতে মোৰ নাম যে যিহোৱা, ইয়াকে তেওঁলোকে জানিবলৈ পাব।
\s5
\c 17
\q
\v 1 যিহূদাৰ পাপ লোহাৰ লিখনী আৰু হীৰাৰ কাঁইটেৰে লিখা হৈছে।
\q তাক তেওঁলোকৰ হৃদয়ৰূপ ফলিত আৰু তোমালোকৰ যজ্ঞ-বেদিৰ শিঙাত কটা হৈছে।
\q
\v 2 সেই সময়ত যিহূদাৰ সন্তানসকলে কেঁচাপতীয়া গছবোৰৰ গুৰিত তেওঁলোকৰ নিজ নিজ যজ্ঞ-বেদি,
\q আৰু নিজ নিজ অচেৰা মূৰ্ত্তিক ওখ পৰ্ব্বতবোৰৰ ওপৰত সোঁৱৰণ কৰে।
\q
\s5
\v 3 দেশৰ মাজত থকা তেওঁলোকৰ লোকসকলে ওখ পৰ্ব্বতবোৰৰ ওপৰত তেওঁলোকৰ যজ্ঞ-বেদিবোৰ সোঁৱৰণ কৰে। মই তোমাৰ সম্পত্তি আৰু সকলো বহুমুল্য বস্তু লুটদ্ৰব্যস্বৰূপে আনক দিম।
\q মোৰ পাপৰ কাৰণে তোমাৰ সীমাৰ সকলো ফালে, তোমাৰ ওখ ঠাইবোৰকো লুটদ্ৰব্য কৰিম।
\q
\v 4 আৰু তুমি নিজেই মই তোমাক দিয়া আধিপত্য হেৰুৱাবা।
\q আৰু মই তোমাক, তুমি নজনা দেশত তোমাৰ শত্ৰূবোৰৰ বন্দীকাম কৰোৱাম,
\q কাৰণ তুমি মোৰ ক্ৰোধাগ্নি জ্বলালা, সেয়ে চিৰকাল জ্বলি থাকিব।
\q
\s5
\v 5 যিহোৱাই এইদৰে কৈছে: “যি মানুহে মানুহত ভাৰসা ৰাখে, তেওঁ সাপগ্ৰস্ত;
\q তেওঁ মৰ্ত্ত্যক নিজৰ বাহু জ্ঞান কৰে, আৰু তেওঁৰ মন যিহোৱাৰ পৰা আঁতৰ হয়।
\q
\v 6 কিয়নো তেওঁ অৰণ্যত থকা জাঁও গছৰ দৰে হ’ব, আৰু মঙ্গল আহিলে তেওঁ গম নাপাব।
\q কিন্তু তেওঁ মৰুভূমিৰ খৰাং ঠাইত নিবাসী-শূন্য লোণা দেশত থাকিব।
\q
\s5
\v 7 যি পুৰুষে যিহোৱাত নিৰ্ভৰ কৰে, আৰু যি জনাৰ বিশ্বাস-ভুমি যিহোৱা, সেই পুৰুষ ধন্য।
\q
\v 8 কিয়নো তেওঁ জলৰ দাঁতিত ৰোৱা, আৰু নদীৰ পাৰত বহু শিপা মেলা গছৰ নিচিনা হ’ব।
\q খৰ মাৰিলে সি ভয় নকৰিব, কিন্তু তাৰ পাত কেঁচাই থাকিব।
\q আৰু তেতিয়া অনা বৃষ্টিৰ বছৰতো তাৰ চিন্তা নহ’ব, আৰু গুটি নলগাকৈ নাথাকিব।
\q
\s5
\v 9 মন সকলোতকৈ কপটময়। তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি; কোনে তাক বুজিব পাৰে?
\q
\v 10 মই যিহোৱা, মনৰ বিচাৰ আৰু মৰ্ম্ম পৰীক্ষা কৰোঁতা।
\q প্ৰতিজন মানুহক তেওঁৰ নিজ নিজ আচাৰ-ব্যৱহাৰ অনুসাৰে, তেওঁৰ কাৰ্য্যৰ ফল অনুসাৰে প্ৰতিফল দিওঁ।
\q
\v 11 ন্যায়ৰূপে ধন নোগোটোৱা মানুহ, নিজে নজগোৱা আন পোৱালী গোটোৱা কইৰা চৰাইৰ নিচিনা;
\q তাৰ আধা বয়সতে সেয়ে তাক এৰি যাব, আৰু শেষ কালত সি মূৰ্খ হৈ পৰিব।
\q
\s5
\v 12 আদিৰে পৰা উচ্চস্থানত স্থাপিত গৌৰৱাম্বিত সিংহাসন আমাৰ ধৰ্ম্মধাম-স্থান।
\q
\v 13 যিহোৱাই ইস্ৰায়েলৰ আশা-ভুমি। যিসকলে তোমাক ত্যাগ কৰে, তেওঁলোক সকলোৱেই লজ্জিত হব; যিসকলে সেই ঠাইত তোমাৰ পৰা আঁতৰি যায় তেওঁলোক বঞ্চিত হ’ব।
\q কিয়নো তেওঁলোকে জীৱিত জলৰ ভুমুকস্বৰূপ যিহোৱাক ত্যাগ কৰিলে।
\q
\v 14 হে যিহোৱা, মোক সুস্থ কৰা, তাতে মই সুস্থ হম! মোক ৰক্ষা কৰা, তেতিয়া মই পৰিত্ৰাণ পাম। কিয়নো তুমি মোৰ প্ৰশংসাৰ স্থল।
\q
\s5
\v 15 চোৱা, তেওঁলোকে মোক কৈছে, “যিহোৱাৰ বাক্য ক’ত? সেয়ে এতিয়া ঘটক।”
\q
\v 16 মই হ’লে তোমাৰ পাছে পাছে ভেড়া-ৰখীয়া হ’বলৈ সততে বিমুখ হোৱা নাই, নাইবা দুখপূৰ্ণ দিনলৈ মই ইচ্ছা কৰা নাই।
\q তাক তুমি জানি আছা; মোৰ ওঁঠৰ পৰা যি ওলাইছিল, সেয়ে তোমাৰ আগত আছিল।
\q
\s5
\v 17 মোলৈ ত্ৰাসস্বৰূপ নহ’বা। বিপদৰ দিনত তুমিয়েই মোৰ আশ্ৰয়।
\q
\v 18 মোৰ তাড়নাকাৰীসকলে লাজ পাওঁক, কিন্তু মোক হ’লে লাজ পাবলৈ নিদিবা। তেওঁলোক হ’লে ব্যাকুল হওঁক, কিন্তু মোক হ’লে ব্যাকুল হবলৈ নিদিবা।
\q তেওঁলোকৰেই ওপৰত বিপদৰ দিন ঘটোৱা, আৰু দুগুণ সংহাৰেৰে তেওঁলোকক সংহাৰ কৰা।”
\s বিশ্ৰাম-বাৰ বিষয়ক যিহোৱাৰ বাক্য।
\p
\s5
\v 19 যিহোৱাই মোক এই কথা ক’লে: “যিহূদাৰ ৰজাসকল যি দুৱাৰেদি সোমায় আৰু ওলায়, তুমি গৈ সৰ্ব্বসাধাৰণ লোকসকলৰ সেই দুৱাৰত, আৰু যিৰূচালেমৰ সকলো দুৱাৰত থিয় হোৱা।
\v 20 আৰু তেওঁলোকক কোৱা, ‘সেই দুৱাৰবোৰেদি সোমোৱা হে যিহূদাৰ ৰজাসকল, সমুদায় যিহূদা, আৰু যিৰূচালেম-নিবাসী সকলো লোকসকল, তোমালোকে যিহোৱাৰ বাক্য শুনা।
\p
\s5
\v 21 যিহোৱাই এইদৰে কৈছে: “তোমালোক সাৱধান হোৱা, বিশ্ৰাম-বাৰে কোনো বোজা বৈ নানিবা, বা যিৰূচালেমৰ দুৱাৰেদি তাক ভিতৰলৈ নানিবা।
\v 22 আৰু বিশ্ৰাম-বাৰে নিজ নিজ ঘৰৰ পৰা কোনো বোজা বাহিৰ নকৰিবা, আৰু কোনো কাম নকৰিবা; কিন্তু মই তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক আজ্ঞা দিয়াৰ দৰে বিশ্ৰাম-বাৰ পৱিত্ৰ কৰা।
\v 23 তেওঁলোকে সেই আজ্ঞা শুনিবলৈ খোজ নাছিল, আৰু তালৈ কাণ দিয়া নাছিল, কিন্তু নুশুনিবলৈ আৰু শিক্ষা গ্ৰহণ নকৰিবলৈ নিজ নিজ ডিঙি ঠৰ কৰিছিল।
\p
\s5
\v 24 আৰু যিহোৱাই কৈছে, এইদৰে নিশ্চয় ঘটিব, যদিহে তোমালোকে যত্নেৰে মোৰ বাক্যত যদি মন দিয়া। তোমালোকে বিশ্ৰাম-বাৰে এই নগৰৰ দুৱাৰেদি কোনো বোজা ভিতৰলৈ নানিবা, আৰু সেইদিনা কোনো কাম নকৰিবা বৰং বিশ্ৰাম-দিন পৱিত্ৰ কৰা।
\v 25 তেন্তে দায়ুদৰ সিংহাসনৰ ওপৰত বহোঁতা ৰজাসকল, আৰু প্ৰধান লোকসকল ৰথত আৰু ঘোঁৰাত উঠি এই নগৰৰ দুৱাৰেদি সোমাব, তেওঁলোকৰ প্ৰধান লোকসকল, যিহূদাৰ লোক আৰু যিৰূচালেম-নিবাসীসকল সোমাব; আৰু এই নগৰ চিৰকাললৈকে থাকিব।
\p
\s5
\v 26 আৰু তেওঁলোকে যিহূদাৰ নগৰবোৰৰ পৰা, যিৰূচালেমৰ চাৰিওফালৰ অঞ্চল, বিন্যামীন প্ৰদেশ, নিম্ন-ভুমি, পৰ্ব্বতীয়া অঞ্চল আৰু দক্ষিণ অঞ্চলৰ পৰা হোম আদি বলি, নৈবেদ্য আৰু ধুপ লৈ আহিব আৰু তেওঁলোকে যিহোৱাৰ গৃহলৈ ধন্যবাদাৰ্থক বলি আনিব।
\v 27 কিন্তু যদি তোমালোকে বিশ্ৰাম-দিন পৱিত্ৰ কৰিবলৈ আৰু বিশ্ৰাম-বাৰে বোজা বৈ যিৰূচালেমৰ দুৱাৰেদি লোকসকলক সোমাবলৈ দিয়া আৰু মোৰ আজ্ঞালৈ কাণ নিদিয়া, তেন্তে মই তাৰ দুৱাৰবোৰত অগ্নিৰে প্রজ্বলিত কৰিম, সেয়ে যিৰূচালেমৰ অট্ৰালিকাবোৰ গ্ৰাস কৰিব, সেইবোৰ নুনুমাব’।”
\s5
\c 18
\s কুমাৰে নতুনকৈ কৰা পাত্ৰৰ উপমা।
\p
\v 1 যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল,
\v 2 বোলে, “তুমি উঠি কুমাৰৰ ঘৰলৈ নামি যোৱা, আৰু তাতেই মই তোমাক মোৰ বাক্য শুনাম।”
\v 3 তেতিয়া মই কুমাৰৰ ঘৰলৈ নামি গ’লো, আৰু চোৱা! কুমাৰে তাৰ চাকত নিজৰ কাম কৰি আছে।
\v 4 আৰু তেওঁ মাটিৰে তৈয়াৰ কৰা পাত্ৰ তেওঁৰ হাতত বেয়া হোৱা দেখি, তেওঁ তাক লৈ পুনৰায় নিজ ইচ্ছামতে আন এটা পাত্ৰ বনালে।
\p
\s5
\v 5 তেতিয়া যিহেৱাৰ পৰা মোলৈ বাক্য আহিল আৰু ক’লে,
\v 6 যিহোৱাই কৈছে, “হে ইস্ৰায়েল বংশ, এই কুমাৰৰ দৰে তোমালোকৰ লগত মই জানো ব্যৱহাৰ কৰিব নোৱাৰোঁ?” “হে ইস্ৰায়েল-বংশ, চোৱা! যেনেকৈ কুমাৰৰ হাতত মাটি, তেনেকৈ মোৰ হাতত তোমালোক আছা।
\v 7 যি মুহুৰ্ত্ততে তুমি কোনো এক জাতি আৰু কোনো এক ৰাজ্যৰ বিষয়ে উঘলা, ভঙা আৰু তাক বিনষ্ট কৰা কথা কওঁ,
\v 8 মই কোৱা সেই জাতি যদি সেই মুহুৰ্ত্ততে তেওঁলোকৰ দুষ্টতাৰ পৰা ঘূৰে, তেন্তে মই তেওঁলোকলৈ কৰিব খোজা মঙ্গলৰ পৰা মন পালটাম।
\p
\s5
\v 9 আৰু যি মুহুৰ্ত্ততে কোনো এক জাতি আৰু কোনো এক ৰাজ্যৰ বিষয়ে সজা আৰু ৰোৱা কথা কওঁ,
\v 10 সেই মুহুৰ্ত্ততে যদি সেই জাতিয়ে মোৰ বাক্য পালন নকৰি মোৰ সাক্ষাতে কু-আচৰণ কৰে, তেন্তে মই তেওঁলোকলৈ কৰিব খোজা মঙ্গলৰ পৰা মন পালটাম।
\p
\s5
\v 11 এই হেতুকে এতিয়া তুমি যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলক কোৱাগৈ, যিহোৱাই এইদৰে কৈছে, “চোৱা, মই তোমালোকৰ বিৰুদ্ধে মঙ্গল-চিন্তা কৰিছোঁ। আৰু তোমালোকৰ অহিতে কল্পনা কৰিছোঁ; তোমালোক প্ৰতিজনে নিজ নিজ কু-পথৰ পৰা উলটা, নিজ নিজ পথ আৰু কাৰ্য্য শুধৰোৱা।”
\v 12 কিন্তু তেওঁলোকে কয়, ‘কি কাম আছে? কিয়নো আমি নিজ নিজ কল্পনা অনুসাৰে চলিম, আৰু প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে কাৰ্য্য কৰিম’।”
\q
\s5
\v 13 এই হেতুকে যিহোৱাই এইদৰে কৈছে: “তোমালোকে এতিয়া জাতিসকলৰ মাজত সোধা, এনে কথা কোনে শুনিলে?
\q কুমাৰী ইস্ৰায়েলে অতিশয় নোম শিয়ৰি যোৱা কাৰ্য্য কৰিলে।
\q
\v 14 লিবানোনৰ হিমে জানো দেশৰ মাজত থকা এই পৰ্ব্বতকেইটাক ত্যাগ কৰে?
\q বা দূৰৰ পৰা বৈ অহা শীতল জলৰ জুৰি জানো শুকায়?
\q
\s5
\v 15 কিয়নো মোৰ প্ৰজাসকলে মোক পাহৰিলে, তেওঁলোকে অসাৰ দেৱতাবোৰৰ উদ্দেশ্যে ধুপ জ্বলালে; আৰু তেওঁলোকৰ দেশ আচৰিতৰ আৰু সদায় ইচ্ ইচ্ কৰাৰ বিষয় কৰিবৰ বাবে,
\q
\v 16 নবন্ধা পথ সৰু সৰু বাটত ফুৰাবলৈ সেইবোৰে তেওঁলোকৰ বাটত, প্ৰাচীন পথত উজুটি খুৱালে।
\q যি কোনোৱে সেই দেশেদি যাব, তেওঁ আচৰিত হৈ নিজৰ মূৰ জুকাৰিব।
\q
\v 17 মই পূব ফালৰ বতাহৰ দৰে শত্ৰূবোৰৰ আগত তেওঁলোকক চিন্ন-ভিন্ন কৰিম; তেওঁলোকৰ সঙ্কটৰ কালত মই তেওঁলোকক মুখ নেদেখুৱাই পিঠি দেখুৱাম।
\p
\s5
\v 18 তেতিয়া তেওঁলোকে ক’লে, ‘আহাঁ, আমি যিৰিমিয়াৰ অহিতে কু-মন্ত্ৰণা কৰোঁহক; কিয়নো পুৰোহিতৰ পৰা ব্যৱস্থা, জ্ঞানীসকলৰ পৰা মন্ত্ৰণা আৰু ভাববাদীৰ পৰা বাক্য লুপ্ত নহ’ব; আহাঁ, আমি জিভাৰে তাক প্ৰহাৰ কৰোঁ, তাৰ কোনো বাক্যত মন নিদিওঁ।
\q
\v 19 হে যিহোৱা! মোলৈ মন দিয়া, আৰু মোৰ বিপক্ষবোৰৰ কথা শুনা।
\q
\v 20 উপকাৰৰ সলনি জানো অপকাৰ কৰা যাব? কিয়নো তেওঁলোকে মোৰ প্ৰানলৈ গাঁত খানিলে;
\q মই তেওঁলোকৰ পক্ষে হিত কথা কৈ তেওঁলোকৰ পৰা তোমাৰ ক্ৰোধ থমাবলৈ, তোমাৰ আগত কেনেকৈ থিয় হৈছিলোঁ, তাক সোঁৱৰণ কৰা।
\q
\s5
\v 21 এই হেতুকে তুমি তেওঁলোকৰ সন্তানসকলক দুৰ্ভিক্ষত সমৰ্পণ কৰা, আৰু তেওঁলোকক তৰোৱালৰ হাতত শোধাই দিয়া; তেওঁলোকৰ স্ত্রীসকল পুত্ৰহীনা আৰু বিধৱা হওঁক, তেওঁলোকৰ পুৰুষবোৰ মহামাৰীত মৰক, আৰু তেওঁলোকৰ ডেকাবোৰ যুদ্ধত তৰোৱালৰ দ্বাৰাই হত হওঁক।
\v 22 তুমি তেওঁলোকলৈ অকস্মাতে সৈন্য এদল আনিলে তেওঁলোকৰ ঘৰবোৰৰ পৰা এটি চিঞৰ শুনা যাওঁক; কিয়নো তেওঁলোকে মোক ধৰিবলৈ এটা গাঁত খানিলে, আৰু মোৰ ভৰিলৈ ফান্দ পাতিলে!
\q
\v 23 তথাপি হে যিহোৱা, মোক বধ কৰাবলৈ মোৰ অহিতে কৰা তেওঁলোকৰ সকলো মন্ত্ৰণা তুমি জানি আছা।
\q তুমি তেওঁলোকৰ অপৰাধ ক্ষমা নকৰিবা, নাইবা তেওঁলোকৰ পাপ তোমাৰ দৃষ্টিৰ পৰা মচি নেপেলাবা;
\q কিন্তু তেওঁলোকক তোমাৰ আগত উজুটি খুৱাই পেলোৱা হওঁক, তুমি নিজ ক্ৰোধৰ সময়ত তেওঁলোকলৈ কাৰ্য্য কৰা।
\s5
\c 19
\s ভগা পাত্ৰৰ উপমা। যিৰিমিয়াৰ দুখ-ভোগ।
\p
\v 1 যিহোৱাই এই কথা ক’লে, “তুমি গৈ কুমাৰৰ এটা টেকেলি কিনা, আৰু প্ৰজাসকলৰ জনচাৰেক ও পুৰোহিতসকলৰ জনচাৰেক বৃদ্ধ লোকসকল
\v 2 খোলা-কটি পৰি থকা দুৱাৰৰ সোমোৱা ঠাইৰ ওচৰত থকা হিন্নোমৰ পুতেকৰ উপত্যকালৈ ওলাই যোৱা, আৰু মই তোমাক বাক্য কম, তাত এই বাক্য প্ৰচাৰ কৰিবা;
\v 3 আৰু ক’বা, ‘হে যিহূদাৰ ৰজাসকল, হে যিৰূচালেম-নিবাসীসকল! যিহোৱাৰ বাক্য শুনা, ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: চোৱা! মই ঠাইলৈ অমঙ্গল ঘটাম; যেয়ে তাক শুনিব, তাৰেই নোম শিয়ৰি উঠিব।
\p
\s5
\v 4 তেওঁলোকে মোক ত্যাগ কৰিলে, এই ঠাই বিজাতীয় ঠাই কৰিলে, আৰু তেওঁলোক, তেওঁলোকৰ পূৰ্ব্ব–পুৰুষসকল আৰু যিহূদাৰ ৰজাসকলে নজনা ইতৰ দোৱতাবোৰৰ উদ্দেশ্যে এই ঠাইত ধূপ জ্বলালে আৰু নিৰ্দ্দোষী লোকসকলৰ তেজেৰে এই ঠাই পৰিপূৰ্ণ কৰিলে।
\v 5 তেওঁলোকে বালৰ উদ্দেশ্যে হোম-বলিস্বৰূপে নিজ নিজ পুতেকসকলক জুইত পুৰিবলৈ, বালৰ কাৰণে ওখ ঠাইবোৰ সাজিলে, ইয়াক মই আজ্ঞা কৰা নাছিলোঁ, কোৱা নাছিলোঁ, বা মোৰ মনত উদয়ো হোৱা নাছিল।
\p
\s5
\v 6 এই কাৰণে যিহোৱাই কৈছে, চোৱা, “যি দিনা এই ঠাই তোফৎ, বা হিন্নোমৰ পুতেকৰ উপত্যকা বুলি আৰু প্ৰখ্যাত হ’ব, এনে দিন আহিছে।
\v 7 আৰু মই এই ঠাইত যিহূদাৰ আৰু যিৰূচালেমৰ মন্ত্ৰণা ব্যৰ্থ কৰিম আৰু শত্ৰূবোৰৰ আগত তৰোৱালৰ দ্বাৰাই, আৰু তেওঁলোকৰ প্ৰাণ লবলৈ বিচাৰি ফুৰাবোৰৰ হাতৰ দ্বাৰাই তেওঁলোকক পতিত কৰোৱাম, আৰু তেওঁলোকৰ শৱ আকাশৰ চৰাইবোৰক আৰু পৃথিৱীত ফুৰা জন্তুবোৰক খাবলৈ দিম।
\v 8 আৰু তেতিয়া মই এই নগৰ বিস্ময় মনাৰ আৰু ইচ্ ইচ্ কৰাৰ বিষয় কৰিম; যি কোনোৱে তাৰ ওচৰেদি যাব, তেওঁ বিস্ময় মানিব, আৰু তালৈ ঘটা আটাই মহামাৰীৰ উৎপাত দেখি ইচ্ ইচ্ কৰিব।
\v 9 আৰু নগৰ অৱৰোধ কৰা সময়ত, শত্ৰূবোৰৰ আৰু প্ৰাণ লবলৈ বিচাৰি ফুৰাবোৰৰ দ্বাৰাই ঘটা সঙ্কটৰ কালত, মই তেওঁলোকক নিজ নিজ পো-জীৰ মাংস ভোজন কৰিব আৰু তেওঁলোকে নিজ নিজ বন্ধুৰ মাংস খাব’।”
\p
\s5
\v 10 পাছে তোমাৰ লগত যোৱা পুৰুষসকলৰ আগতে তুমি সেই টেকেলিতো ভাঙি পেলাবা,
\v 11 আৰু তেওঁলোকক ক’বা, বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে, “কুমাৰৰ যি পাত্ৰ ভাঙিলে পুনৰায় বনাব নোৱাৰে, এনে পাত্ৰ ভঙাৰ দৰে মই এই জাতি আৰু এই নগৰ ভাঙি পেলাম; তাতে তোফতত পুতিবলৈ ঠাই নোহোৱালৈকে তেওঁলোকে তাত মৰা শৱ পুতি থাকিব।
\p
\s5
\v 12 যিহোৱাই কৈছে, মই এই ঠাইলৈ, আৰু ইয়াৰ নিবাসীসকললৈ এইদৰেই কৰিম, এনে কি, মই এই নগৰ তোফতৰ নিচিনা কৰিম।
\v 13 গতিকে যিৰূচালেমৰ আৰু যিহূদাৰ ৰজাসকলৰ অশুচি কৰা ঘৰবোৰ, এনে কি, যি ঘৰবোৰৰ চালত তেওঁলোকে আকাশ-মণ্ডলৰ বাহিনীসকলৰ উদ্দেশ্যে ধূপ জ্বলায়, আৰু ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালে, সেই ঘৰবোৰ তোফতৰ ঠাইৰ নিচিনা হ’ব’।”
\p
\s5
\v 14 পাছে যিহোৱাই যিৰিমিয়াক ভাববাণী প্ৰচাৰ কৰিবৰ অৰ্থে যি তোফতলৈ পঠাইছিল, তাৰ পৰা তেওঁ আহি যিহোৱাৰ গৃহৰ চোতালত থিয় হৈ আটাই লোকসকলক ক’লে:
\v 15 “ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই এই নগৰ আৰু তাৰ সকলো উপনগৰৰ ওপৰত, তাৰ বিৰুদ্ধে মই কোৱা সকলো অমঙ্গল ঘটাম; কাৰণ, মোৰ বাক্য নুশুনিবৰ বাবে তেওঁলোকে নিজ নিজ ডিঙি ঠৰ কৰিলে’।”
\s5
\c 20
\p
\v 1 যিহোৱাৰ গৃহৰ প্ৰধান অধ্যক্ষ ইম্মেৰৰ পুতেক পুৰোহিত পচহুৰে যিৰিমিয়াৰ এইবোৰ ভাববাণী প্ৰচাৰ কৰা শুনি,
\v 2 তেওঁ যিৰিমিয়া ভাববাদীক প্ৰহাৰ কৰি, যিহোৱাৰ গৃহত থকা ওপৰ-দুৱাৰৰ কুন্দাত বন্ধ কৰি ৰাখিলে।
\p
\s5
\v 3 পাছদিনা পচহুৰে যিৰিমিয়াক কুন্দৰ পৰা মুকলি কৰি উলিয়াই আনিলত, যিৰিমিয়াই তেওঁক ক’লে, “যিহোৱাই তোমাৰ নাম পচহুৰ ৰখা নাই, কিন্তু মাগোৰ-মিছাবীব (চাৰিএফালে ত্ৰাস) ৰাখিলে।
\v 4 কিয়নো যিহোৱাই এই কথা কৈছে: ‘চোৱা!, মই তোমাৰ পক্ষে, আৰু তোমাৰ আটাই বন্ধুৰ পক্ষে তোমাক ত্ৰাসৰ বিষয় কৰিম; কিয়নো তেওঁলোক শত্ৰূবোৰৰ তৰোৱালত পতিত হ’ব, আৰু তুমি তাক নিজ চকুৰে দেখিবলৈ পাবা। আৰু মই গোটেই যিহূদাক বাবিলৰ ৰজাৰ হাতত সমৰ্পণ কৰিম। তেওঁ তেওঁলোকক বন্দী কৰি বাবিললৈ নিব, বা তৰোৱালেৰে আক্রমণ কৰিব।
\p
\s5
\v 5 ইয়াত বাজে মই এই নগৰৰ সকলো সম্পত্তি আৰু তাৰ আটাই পৰিশ্ৰমৰ ফল, আৰু আটাই বহুমুল্য বস্তু, এনে কি, যিহূদাৰ ৰজাসকলৰ সমস্থ ভঁৰালৰ উত্তম দ্ৰব্য তেওঁলোকৰ শত্ৰূবোৰৰ হাতত সমৰ্পণ কৰিম; তেওঁলোকে সেইবোৰ লুট কৰি বাবিললৈ লৈ যাব।
\v 6 আৰু হে পচহুৰ, তুমি আৰু তোমাৰ গৃহবাসী সকলোৱেই বন্দী-অৱস্থালৈ যাব, আৰু তুমি বাবিললৈ গৈ তাত মৰিবা; আৰু তাত তোমাক, আৰু তুমি যিসকলৰ আগত মিছাকৈ ভাববাণী প্ৰচাৰ কৰিছিলা, তোমাৰ সেই সকলো বন্ধুক পোতা যাব।
\q
\s5
\v 7 হে যিহোৱা, তুমি মোৰ প্ৰবৃত্তি জন্মোৱাতহে মোৰ প্ৰবৃত্তি জন্মিল; তুমি মোতকৈ বলৱান, এই কাৰণে তুমি মোক বলে পাৰিলা।
\q মই ওৰে দিনটো হাঁহিয়াতৰ বিষয় হৈছোঁ, সকলোৱে মোক ঠাট্ৰা কৰে।
\q
\v 8 কিয়নো মই যিমানবাৰ কথা কওঁ, সিমানবাৰ মই চিঞৰোঁ, ‘মই অত্যাচাৰ আৰু অপহৰণ’ বুলি চিঞৰোঁ।
\q কাৰণে যিহোৱা বাক্য মোৰ পক্ষে ওৰে দিনটো নিন্দা আৰু উপহাসৰ কাৰণ হৈছে।
\q
\v 9 আৰু যদি মই কওঁ, যে, ‘মই যিহোৱাক আৰু উল্লেখ নকৰোঁ; বা তেওঁৰ নামেৰে আৰু নকওঁ’,
\q তেনেহ’লে মোৰ হাড়বোৰত বন্ধ কৰা জ্বলি থকা জুই যেন মোৰ অন্তৰত লাগে; মই সহি সহি ক্লান্ত হ’লোঁ, সহি আৰু থকিব নোৱাৰোঁ।
\q
\s5
\v 10 কিয়নো অনেকে দুৰ্ণাম কৰা মই শুনিলোঁ; চাৰিওফালে ত্ৰাস: ‘তোমালোকে তাৰ বিৰুদ্ধে কথা কোৱা, আৰু আমিও তাৰ বিৰুদ্ধে কথা কম,
\q মই উজুটি খাবলৈ বাট চাই থকা মোৰ সকলো বন্ধু কয়, “কিজানি তাক ভুলুৱা যাব,
\q তাতে আমি তাক বলে পাৰিম, আমি তাৰ ওপৰত প্ৰতিকাৰ সাধিম।’
\q
\v 11 কিন্তু যিহোৱা ভয়ানক বীৰৰ নিচিনাকৈ মোৰ সঙ্গত থাকে, সেইবাবে মোৰ তাড়নাকাৰীসকলে উজুটি খাব।
\q আৰু তেওঁলোক কৃতকাৰ্য্য নহ’ব।
\q তেওঁলোকে জ্ঞানেৰে সৈতে ব্যৱহাৰ নকৰাত অতিশয় লাজ পাব; সেই অপমান কেতিয়াও পাহৰা নাযাব, চিৰকাললৈকে থাকিব।
\q
\s5
\v 12 কিন্তু ধাৰ্ম্মিকক পৰীক্ষা কৰোঁতা, মৰ্ম্ম আৰু হৃদয় দেখোঁতা হে বাহিনীসকলৰ যিহোৱা,
\q তেওঁলোকৰ ওপৰত তেওঁলোকে সধা প্ৰতিকাৰ তুমি মোক দেখিবলৈ দিয়া; কিয়নো তোমাৰ আগতহে মোৰ গোচৰ সমৰ্পণ কৰিলোঁ।
\q
\v 13 তোমালোকে যিহোৱাৰ উদ্দেশ্যে গান কৰা! যিহোৱাৰ প্ৰশংসা কৰা!
\q কাৰণ তেওঁ দুৰাচাৰীবোৰৰ হাতৰ পৰা দৰিদ্ৰ লোকৰ প্ৰাণ উদ্ধাৰ কৰিলে।
\q
\s5
\v 14 মই যি দিনা জন্মিছিলোঁ, সেই দিন অভিশপ্ত হওঁক।
\q মোৰ মাতৃয়ে যি দিনা মোক প্ৰসৱ কৰিছিল, সেই দিন আশীৰ্ব্বাদহীন হওঁক।
\q
\v 15 তোমাৰ পুত্ৰ সন্তান জন্মিল বুলি যি মানুহে মোৰ পিতৃক সম্বাদ দি আনন্দ কৰিছিল, তেৱোঁ অভিশপ্ত হওঁক।
\q
\s5
\v 16 সেই মানুহ, যিহোৱাই ক্ষমা নকৰি উৎপাত কৰা নগৰ কেইখনৰ নিচিনা হওঁক।
\q তেওঁ ৰাতিপোৱা চিঞৰ আৰু দুপৰ বেলা উচ্চ-ধ্বনি শুনক।
\q
\v 17 কাৰণ সি গৰ্ভতে মোক মাৰি নেপেলালে; তাকে কৰা হ’লে, মোৰ মাতৃয়েই মোৰ মৈদাম হ’লহেতেন,
\q আৰু তেওঁৰ গৰ্ভ সদায় ভাৰী হৈ থাকিলহেতেন।
\q
\v 18 মোৰ দিন লাজেৰে অন্ত হবৰ বাবে, পৰিশ্ৰম আৰু শোক দেখিবলৈ মই কিয় গৰ্ভৰ পৰা বাহিৰ হলোঁ?”
\s5
\c 21
\s চিদিকিয়াৰ নিবেদন আৰু যিহোৱাই তেওঁক উত্তৰ দিয়া।
\p
\v 1 চিদিকিয়া ৰজাই মল্কিয়াৰ পুত্ৰ পচহুৰক, আৰু মাচেয়া পুত্ৰ চফনিয়া পুৰোহিতক যিৰিমিয়াৰ ওচৰলৈ পঠোৱা সময়ত যিহোৱাৰ পৰা যিৰিমিয়াৰ গুৰিলৈ অহা বাক্য আহিল আৰু এইবুলি ক’লে,
\v 2 “মিনতি কৰোঁ, তুমি আমাৰ কাৰণে যিহোৱাৰ আগত সোধা; কিয়নো বাবিলৰ ৰজা নবুখদৰেচৰে আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছে; তেওঁ আমাৰ ওচৰৰ পৰা গুচি যাবৰ কাৰণে কিজানি যিহোৱাই নিজৰ সকলো আচৰিত কাৰ্য্য অনুসাৰে আমালৈ ব্যৱহাৰ কৰিব।”
\p
\s5
\v 3 সেই সময়ত যিৰিমিয়াই তেওঁলোকক ক’লে, “তোমালোক চিদিকিয়াক এইদৰে ক’বাগৈ:
\v 4 ‘ইস্ৰায়েলৰ ঈশ্বৰ যিহেৱাই এই কথা কৈছে: “চোৱা, বাবিলৰ ৰজাৰ বিৰুদ্ধে, আৰু গড়ৰ বাহিৰে তোমালোকক অৱৰোধ কৰোঁতা কলদীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰা তোমালোকৰ হাতৰ যুদ্ধাস্ত্ৰৰ মুখ ঘূৰাম আৰু তেওঁলোকক আনি এই নগৰৰ মাজ ঠাইত গোটাম।
\v 5 আৰু মই নিজেও, মেলি থকা হাত আৰু বলৱান বাহুৰে, এনে কি, খং-ৰাগ আৰু মহাকোপেৰে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিম।
\p
\s5
\v 6 মই এই নগৰ নিবাসী মানুহ, পশু, সকলোকে সংহাৰ কৰিম; সেই সকলোৱে ঘোৰ মহামাৰীত প্ৰাণত্যগ কৰিব।
\v 7 যিহোৱাই আৰু কৈছে, “তাৰ পাছত মই যিহূদাৰ ৰজা চিদিকিয়াক, তেওঁৰ পাত্ৰমন্ত্ৰীসকলক, আৰু প্ৰজাসকলক, এনে কি, মহামাৰী, তৰোৱাল আৰু আকালৰ পৰা এই নগৰত অৱশিষ্ট থকাসকলক বাবিলৰ ৰজা নবুখদনেচৰৰ, তেওঁলোকৰ শত্ৰূ, তেওঁলোকৰ প্ৰাণ বিচৰাবোৰৰ হাতত শোধাই দিম; তেওঁ তৰোৱালৰ ধাৰেৰে তাক বধ কৰিব, তেওঁলোকক কৃপা, ক্ষমা কি দয়া নকৰিব’।”
\p
\s5
\v 8 তেতিয়া তুমি এই লোকসকলক কোৱা, ‘যিহোৱাই এইদৰে কৈছে, “চোৱা, মই তোমালোকৰ আগত জীৱনৰ পথ আৰু মৃত্যুৰ পথ ৰাখিছোঁ।
\v 9 যি মানুহ এই নগৰত থাকিব, তেওঁ তৰোৱাল, আকাল, বা মহামাৰীত মৰা পৰিব; কিন্তু যি মানুহে বাহিৰলৈ গৈ, তোমালোকক অৱৰোধ কৰোঁতা কলদীয়াসকলৰ ফলিয়া হ’বলৈ ওলাই যাব, তেওঁ জীৱ, আৰু তেওঁৰ প্ৰাণ তেওঁলৈ লুটদ্ৰব্য যেন হ’ব।
\v 10 কিয়নো যিহোৱাই কৈছে, মই মঙ্গলৰ বাবে নহয়, কিন্তু অমঙ্গলৰ বাবেহে এই নগৰৰ অহিতে মুখ কৰিছোঁ; ইয়াক বাবিলৰ ৰজাৰ হাতত দিয়া যাব, আৰু তেওঁ ইয়াক অগ্নিৰে দগ্ধ কৰিব’।”
\p
\s5
\v 11 আৰু যিহুদাৰ ৰাজ-বংশৰ বিষয়ে তোমালোকে যিহেৱাৰ বাক্য শুনা।
\q
\v 12 হে দায়ুদৰ বংশ, যিহোৱাই এইদৰে কৈছে: ‘তোমালোকে প্ৰতি ৰাতিপোৱা বিচাৰ নিস্পত্তি কৰা।
\q আৰু অপহাৰিত জনাক উপদ্ৰৱকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা।
\q নতুবা তোমালোকৰ দুষ্টতাৰ কাৰণে মোৰ ক্ৰোধ অগ্নি দৰে ওলাই কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব।
\q
\s5
\v 13 যিহেৱাই কৈছে, চোৱা, হে উপত্যকাত থকা লোক! হে সমথলৰ পৰ্ব্বত-নিবাসীনী, চোৱা, মই তোমাৰ বিপক্ষ
\q “আমাৰ বিৰুদ্ধে কোন নামি আহিব? ‘আমাৰ বাসস্থানবোৰত কোন সোমাব?” এই বুলি কোৱা যি তোমালোক, মই তোমালোকৰ বিপক্ষ?
\q
\v 14 যিহোৱাই কৈছে, মই তোমালোকৰ কাৰ্য্যফল অনুসাৰে তোমালোকক দণ্ড দিম।
\q “মই যিৰূচালেমৰ কাঠনিত জুই লগাম, তেতিয়া সেয়ে তাৰ চাৰিওফালে থকা সকলোকে গ্ৰাস কৰিব।”
\s5
\c 22
\s যিহোয়াকীমৰ, চল্লুমৰ আৰু কনিয়াৰ বিষয়ে কোৱা বাক্য।
\p
\v 1 যিহোৱাই এইদৰে ক’লে: “তুমি যিহূদাৰ ৰাজগৃহলৈ গৈ সেই ঠাইত এই কথা ঘোষণা কৰা।
\v 2 কোৱা, ‘হে দায়ুদৰ সিংহাসনত বহোঁতা যিহূদাৰ ৰজা, তুমি, তোমাৰ মন্ত্ৰী আৰু এই দুৱাৰবোৰত সোমোৱা তোমাৰ প্ৰজা, এই আটাইয়ে যিহোৱাৰ বাক্য শুনা।”
\v 3 যিহোৱাই এইদৰে কৈছে: “তোমালোকে ন্যায় বিচাৰ আৰু ধাৰ্ম্মিকতা সিদ্ধ কৰা আৰু অপহাৰিত জনাক উপদ্ৰৱকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা; বিদেশী, পিতৃহীন বা বিধৱাক অপকাৰ আৰু অত্যাচাৰ নকৰিবা নাইবা এই ঠাইত নিৰ্দ্দোষীৰ ৰক্তপাত নকৰিবা।
\p
\s5
\v 4 কিয়নো, তোমালোকে যদি এই কথা যত্নেৰে পালন কৰা, তেন্তে দায়ুদৰ সিংহাসনত বহোঁতা ৰজাসকলে ৰথত আৰু ঘোঁৰাত উঠি প্ৰতিজনে মন্ত্ৰী আৰু প্ৰজাৰে সৈতে এই গৃহৰ দুৱাৰবোৰেদি সোমাব!
\v 5 কিন্তু তোমালোকে যদি এইবোৰ বাক্য নুশুনা,” তেন্তে যিহোৱাই কৈছে, “মই মোৰ নামেৰে শপত খাই কৈছোঁ, তেনেহ’লে এই গৃহ উচ্ছন্ন ঠাই হব।
\p
\s5
\v 6 কিয়নো যিহোৱাই যিহূদাৰ ৰাজগৃহৰ বিষয়ে এই কথা কৈছে:
\q ‘তুমি মোৰ বিবেচনাত গিলিয়দ আৰু লিবানোনৰ ওখ ভাগৰ দৰে হলেও, নিশ্চয়ে মই তোমাক মৰুভূমিত,
\q আৰু নিবাসী নোহোৱা নগৰবোৰৰ দৰে কৰিম।
\q
\v 7 আৰু মই তোমাৰ অহিতে নিজ নিজ অস্ত্ৰেৰে সৈতে বিনাশক লোকসকল যুগুত কৰিম
\q তেওঁ লোকে তোমাৰ উত্তম উত্তম গছবোৰ কাটি জুইত পেলাই দিব।
\p
\s5
\v 8 আৰু অনেক জাতিয়ে এই নগৰৰ ওচৰেদি যাওঁতে ইজনে সিজনক কব, “যিহোৱাই এই মহানগৰলৈ কিয় এনে ব্যৱহাৰ কৰিলে?”
\v 9 তেতিয়া তেওঁলোকে উত্তৰ কৰিব, “কাৰণ ইয়াৰ লোকসকলে ঈশ্বৰ যিহোৱাৰ নিয়মটি ত্যাগ কৰি ইতৰ দেৱতাবোৰৰ আগত প্ৰণিপাত কৰিছিল, আৰু সেইবোৰক সেৱাপূজা কৰিছিল।”
\q
\s5
\v 10 তোমালোকে মৃত জনৰ বাবে নাকান্দিবা, আৰু সেইজনৰ বাবে বিলাপ নকৰিবা; কিন্তু দূৰলৈ যোৱা মানুহজনৰ নিমিত্তে বৰকৈ ক্ৰন্দন কৰা,
\q কিয়নো তেওঁ আৰু উলটি নাহিব, বা নিজৰ জন্ম দেশ আৰু নেদেখিব’”।”
\p
\s5
\v 11 কাৰণ, যিহূদাৰ যোচিয়া ৰজাৰ পুতেক যি চল্লুম তেওঁৰ পিতৃ যোচিয়াৰ পদত ৰজা হৈছিল, আৰু এই ঠাইৰ পৰা গল, তেওঁৰ বিষয়ে যিহোৱাই এইদৰে কৈছে, তেওঁ এই ঠাইলৈ আৰু উলটি নাহিব;
\v 12 কিন্তু তেওঁলোকে যি ঠাইলৈ তেওঁক বন্দী কৰি নিলে, সেই ঠাইতে মৰিব, এই দেশ আৰু নেদেখিব।”
\q
\s5
\v 13 যি জনে অধৰ্ম্মৰ দ্বাৰাই নিজ গৃহ, আৰু অন্যায়ৰ দ্বাৰাই নিজৰ ওপৰ-কোঁঠালি সাজে,
\q যি জনে বেচ নিদিয়াকৈ নিজৰ ওচৰ-চুবুৰীয়াক বন্দী-কাম কৰোৱায়, আৰু তাৰ শ্ৰমৰ ফল তাক নিদিয়ে।
\q
\v 14 যিজনে নিজৰ বাবে এটা ডাঙৰ ঘৰ, আৰু বহল ওপৰ-কোঁঠালি সাজোঁ বুলি কয়, আৰু নিজৰ বাবে খিড়িকী দুৱাৰ কাটে,
\q আৰু ভিতৰ ফালে ওপৰত এৰচ কাঠ লগায়, আৰু সিন্দুৰ বৰণীয়া ৰং দিয়ে, তাৰ সন্তাপ হব।”
\p
\s5
\v 15 এৰচ কাঠৰ কথাত জিকিবলৈ চেষ্টা কৰাৰ কাৰণে জানো তুমি ৰাজত্ব কৰি থাকিবা?
\q তোমাৰ পিতৃয়ে জানো ভোজন-পান কৰা আৰু বিচাৰ ও ন্যায় সিদ্ধ কৰা নাছিল? তাতে তেওঁৰ মঙ্গল হৈছিল।
\q
\v 16 তেওঁ দুখী-দৰিদ্ৰৰ বিচাৰ কৰাতে তেওঁৰ মঙ্গল হৈছিল; যিহোৱাই কৈছে, মোক জনাৰ প্ৰমাণ এয়ে নাছিল নে?
\p
\s5
\v 17 কিন্তু তোমাৰ চকু আৰু মন; নিজৰ লাভ বিচৰাত বাজে, আৰু নিৰ্দ্দোষীত ৰক্তপাত কৰাত,
\q আৰু আনক উপদ্ৰৱ ও অত্যাচাৰ কৰাত বাজে আন একোতো নালাগে।
\v 18 এই হেতুকে যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকিমৰ বিষয়ে যিহোৱাই এইদৰে কৈছে: “হায় হায় মোৰ ভাই! বা হায় হায় মোৰ ভগ্নী!” এই বুলি লোকে তেওঁৰ বিষয়ে বিলাপ নকৰিব; আৰু হায় হায় মোৰ প্ৰভু, বা “হায় হায় তেওঁৰ গৌৰৱ, এনে বুলি বিলাপ নকৰিব!”
\q
\v 19 লোকে তেওঁক টানি নি যিৰূচালেমৰ দুৱাৰৰ বাহিৰে দূৰত পেলাই দি গাধ পোতাৰ দৰে পুতিব।
\q
\s5
\v 20 তুমি লিবানোনত উঠি চিঞৰা; আৰু বাচানত বৰকৈ মাতা,
\q আৰু অবাৰিমৰ পৰা চিঞৰা, কিয়নো তোমাক প্ৰেম কৰোঁতা আটাইবিলাক বিনষ্ট হল।
\q
\v 21 তোমাৰ মঙ্গলৰ সময়ত মই তোমাক কৈছিলোঁ; কিন্তু তুমি, “মই নুশুনো” বুলি ক’লা।
\q তুমি যে মোৰ বাক্য পালন নকৰা, এয়ে লৰা কালৰে পৰা তোমাৰ দস্তুৰ।
\q
\s5
\v 22 বতাহে তোমাৰ ভেড়া-ৰখীয়াসকলক চলাই নিব, তোমাক প্ৰেম কৰা সকলোৱে বন্দী-অৱস্থালৈ যাব।
\q তেতিয়া অৱশ্যে তুমি তোমাৰ দুষ্টতাৰ বাবে লাজ পাবা আৰু বিবৰ্ণ হবা।
\q
\v 23 এৰচ কাঠৰ মাজত নিজৰ বাহ সজা হে লিবানোন-বাসিনী,
\q তেতিয়া যাতনাই, প্ৰসৱকাৰিণীৰ বেদনাৰ দৰে বেদনাই তোমাক আক্ৰমণ কৰিব, তেতিয়া তুমি কিমান বেছিকৈ কৃপাৰ যোগ্য হবা।”
\p
\s5
\v 24 যিহোৱাই কৈছে, “মোৰ জীৱনৰ শপত”, “যিহূদাৰ ৰজা যিহোয়াকিমৰ পুত্ৰ কনিয়া মোৰ সোঁ হাতত থকা মোহৰৰ দৰে হলেও, মই তোমাক তাৰ পৰা খহাই পেলাম।
\v 25 আৰু মই তোমাক তোমাৰ প্ৰাণ বিচৰাবোৰৰ হাতত, আৰু তুমি ভয় কৰাবোৰৰ হাতত, এনে কি, বাবিলৰ ৰজা নবুখদৰেচৰৰ আৰু কলদীয়াসকলৰ হাতত শোধাই দিম।
\v 26 তোমাক আৰু তোমাক জন্মোৱা মাতৃক, তোমালোক নজনা আন দেশত পেলাই দিম। সেই ঠাইতে তোমালোক মৰিবা।
\p
\s5
\v 27 তেওঁলোকৰ মনে যি দেশলৈ আহিবলৈ হাবিয়াহ কৰে, সেই দেশলৈ তেওঁলোক উলটি নাহিব।
\q
\v 28 এই পুৰুষ কনিয়া ঘৃনিত ভগ্ন পাত্ৰ নে? ইয়াক আৰু ইয়াৰ বংশক কিয় বাহিৰলৈ পেলোৱা হৈছে?
\q তেওঁলোকে নজনা দেশত এওঁলোকক কিয় পেলোৱা হৈছে?
\q
\s5
\v 29 হে পৃথিৱী, হে পৃথিৱী, হে পৃথিৱী! যিহোৱাৰ বাক্য শুনা।
\q যিহোৱাই এইদৰে কৈছে, “তোমালোকে এই মানুহ সন্তানহীন বুলি, ইয়াৰ দিনত উন্নতি কৰিব নোৱাৰা মানুহ বুলি লিখা।
\q
\v 30 কিয়নো ইয়াৰ বংশৰ কোনো মানুহ দায়ুদৰ সিংহাসনত বহিবলৈ,
\q আৰু যিহূদাত শাসন কৰিবলৈ, কৃতকাৰ্য্য নহব।”
\s5
\c 23
\s শাসনকৰ্ত্তা, ভাববাদী আৰু পুৰোহিতসকলৰ বিৰুদ্ধে কোৱা বাক্য।
\p
\v 1 “যি ৰখীয়াবোৰে চৰণীয়া ঠাইৰ জাকৰ ভেড়াবোৰক নষ্ট আৰু ছিন্ন-ভিন্ন কৰে, সিহঁতৰ সন্তাপ হব” এয়ে যিহোৱাৰ বচন।
\v 2 এই হেতুকে মোৰ প্ৰজাসকলক চৰাওঁতা ভেড়া-ৰখীয়াসকলৰ বিৰুদ্ধে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: “তোমালোকে মোৰ ভেড়া-জাকক গোট গোট কৰিলা, সেইবোৰক খেদাই দিলা, আৰু সেইবোৰৰ বিচাৰ নললা; যিহোৱাই কৈছে, চোৱা! মই তোমালোকৰ কাৰ্য্যৰ দুষ্টতাৰ ফল তোমালোকক দিম।
\p
\s5
\v 3 আৰু যি যি দেশলৈ মই মোৰ জাকক খেদিলোঁ, তাৰ পৰা তেওঁলোকৰ অৱশিষ্ট ভাগ গোটাম, আৰু পুনৰায় তেওঁলোকৰ গঁৰাললৈ তেওঁলোকক আনিম; তাতে তেওঁলোক প্ৰজাবন্ত হৈ বহুবংশ হব।
\v 4 যি ভেড়া-ৰখিয়াসকলে তেওঁলোকক চৰাব, মই তেওঁলোকৰ ওপৰত এনে ৰখীয়াসকলক নিযুক্তি কৰিম; তেতিয়া তেওঁলোকে আৰু ভয় নকৰিব আৰু বিহবল নহব; আৰু তেওঁলোকৰ মাজৰ কোনো নাইকিয়া নহব”, ইয়াকে যিহোৱাই কৈছে।
\q
\s5
\v 5 যিহোৱাই কৈছে, “চোৱা, যি সময়ত মই দায়ুদৰ বংশত এক ধাৰ্ম্মিক গজালি উৎপন্ন কৰিম এনে কাল আহিছে।
\q তেওঁ ৰজা হৈ ৰাজত্ব কৰিব, জ্ঞানেৰে সৈতে কাৰ্য্য কৰিব, আৰু দেশত বিচাৰ ও ন্যায় সিদ্ধ কৰিব।
\q
\v 6 তেওঁৰ কালত যিহূদাই পৰিত্ৰাণ পাব, ইস্ৰায়েলে নিৰাপদে বাস কৰিব।
\q আৰু “যিহোৱাই আমাৰ ধাৰ্ম্মিকতা,” এই নামেৰে তেওঁ প্ৰখ্যাত হব।
\p
\s5
\v 7 এই হেতুকে যিহোৱাই কৈছে, “চোৱা, এনে কোনো দিন আহিছে,” যে, ‘সেই দিনা তেওঁলোকে আৰু নকব, যি জনাই ইস্ৰায়েলৰ সন্তানসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, সেই ‘যিহোৱাৰ জীৱনৰ শপত’;
\v 8 কিন্তু এনেকৈ কব, যে, “যি জনাই ইস্ৰায়েল বংশত জন্মা সন্তানসকলক উত্তৰ দেশৰ পৰা; আৰু যি যি দেশলৈ মই তেওঁলোকক খেদিছিলোঁ, সেই সকল দেশৰ পৰা উলিয়াই চলাই লৈ আহিলে সেই যিহেৱাৰ জীৱনৰ শপত।’ তথাপি তেওঁলোকে নিজৰ দেশত নিবাস কৰিব।
\q
\s5
\v 9 ভাববাদীবোৰৰ বিষয়। মোৰ অন্তৰত মোৰ হৃদয় ভগ্ন হ’ল, আৰু মোৰ আটাই হাড়বোৰ কঁপিছে;
\q যিহোৱাৰ কাৰণে আৰু তেওঁৰ পৱিত্ৰ বাক্যৰ কাৰণে মই মতলীয়া লোকৰ দৰে, এনে কি, দ্ৰাক্ষাৰসে পৰাজয় কৰা মানুহৰ দৰে হলোঁ।
\q
\v 10 কিয়নো দেশ ব্যভিচাৰী লোকেৰে পৰিপূৰ্ণ; কাৰণ শাওৰ প্ৰভাৱত দেশে শোক কৰিছে।
\q অৰণ্যত থকা চৰণীয়া ঠাইবোৰ শুকাইছে; তেওঁলোকৰ গতি মন্দ, আৰু তেওঁলোকৰ পৰাক্ৰম ন্যায়সঙ্গত নহয়।
\q
\s5
\v 11 কিয়নো ভাববাদী আৰু পুৰোহিত দুয়ো অপৱিত্ৰ; যিহোৱাই কৈছে, মোৰ গৃহতেই মই সিহঁতৰ দুষ্টতা পালোঁ।
\q
\v 12 এই কাৰণে তেওঁলোকৰ পথ তেওঁলোকৰ কাৰণে অন্ধকাৰত থকা পিছল ঠাইৰ নিচিনা হব;
\q তেওঁলোকে খেদা খাই তাৰ পৰা পতিত হব; কিয়নো যিহোৱাই কৈছে, মই তেওঁলোকৰ ওপৰতে অমঙ্গল ঘটাম, এনে কি, তেওঁলোকক দণ্ড দিয়াৰ বছৰ উপস্থিত কৰোৱাম।
\q
\s5
\v 13 মই চমৰিয়াৰ মাজৰ ভাববাদীসকলৰ মাজত অজ্ঞানতাৰ কাৰ্য্য দেখিলোঁ; তেওঁলোকে বালৰ নামেৰে ভাববাণী প্ৰচাৰ কৰি
\q মোৰ প্ৰজা ইস্রায়েল লোকক ভুলালে।
\q
\v 14 মই যিৰূচালেমৰ ভাববাদীসকলৰ মাজতো নোম শিয়ৰি যোৱা এটা কাৰ্য্য দেখিলোঁ; তেওঁলোকে পৰস্ত্ৰীগমন কৰে, মিছাত চলে,
\q আৰু তেওঁলোকে কু-কৰ্ম্মিসকলৰ হাত এনেকৈ সবল কৰে, যে, তেওঁলোকৰ কোনেও নিজ দুষ্টতাৰ পৰা উলটি নাহে; তেওঁলোক সকলোৱেই মোৰ আগত চদোমৰ দৰে আৰু তাৰ নিবাসীসকল ঘমোৰাৰ সদৃশ।”
\q
\v 15 এই হেতুকে বাহিনীসকলৰ যিহোৱাই সেই ভাববাদীসকলৰ বিষয়ে এই কথা কৈছে, “
\q “চোৱা, মই তেওঁলোকক নাগদানা ভোজন কৰাম, আৰু বিহ গছৰ ৰস পান কৰাম,
\q কিয়নো যিৰূচালেমৰ ভাববাদীসকলৰ পৰা অপৱিত্ৰতা ওলাই গোটেই দেশত ব্যাপিল।”
\q
\s5
\v 16 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীবোৰৰ বাক্য নুশুনিবা।
\q তেওঁলোকে তোমালোকক অসাৰতা শিকায়! আৰু যিহোৱাৰ মুখৰ পৰা নোহোৱা নিজ নিজ মনৰ দৰ্শনৰ কথা কয়।’
\q
\v 17 মোক হেয়জ্ঞান কৰোতাসকলৰ আগত তেওঁলোকে সদায় কৈ থাকে, যে, ‘যিহোৱাই কৈছে, তোমালোকে শান্তি পাবা।’
\q আৰু তেওঁলোকে নিজ নিজ মনৰ কঠিনতা অনুসাৰে চলোঁতা সকলোৰে আগত কয়, ‘তোমালোকলৈ অমঙ্গল নঘটিব।’
\q
\v 18 কাৰণ কোনে যিহোৱাৰ সভাত থিয় হৈছে, যে, তেওঁ নিজ চকুৰে চাই তেওঁৰ বাক্য শুনিব?
\q কোনে তেওঁৰ বাক্যত কাণ পাতি তাক শুনিবলৈ পালে?
\q
\s5
\v 19 সৌৱা, চোৱা, যিহোৱাৰ প্ৰচণ্ড ক্ৰোধৰূপ ধুমুহা! এনে কি, প্ৰবল বা’মৰলি বতাহ আহিছে।
\q সেয়ে দুষ্টবোৰৰ মূৰত কোবেৰে লাগিব।
\q
\v 20 যিহোৱাই কাৰ্য্য সমাপ্ত নকৰালৈকে, আৰু তেওঁৰ মনৰ অভিপ্ৰায় সিদ্ধ নকৰালৈকে তেওঁৰ ক্ৰোধ নাথামিব।
\q তোমালোকে শেষকালত তাক সম্পুৰ্ণকৈ বুজিবা।
\q
\s5
\v 21 মই এই ভাববাদীসকলক পঠোৱা নাই, তথাপি তেওঁলোকে নিজে নিজেই লৰিলে;
\q মই তেওঁলোকক কোৱা নাই, তথপি তেওঁলোকে নিজে নিজেই ভাববাণী প্ৰচাৰ কৰিলে।
\q
\v 22 কিন্তু তেওঁলোকে মোৰ সভাত থিয় হোৱা হ’লে, মোৰ প্ৰজাসকলক মোৰ বাক্য শুনোৱালেহেঁতেন,
\q আৰু তেওঁলোকৰ কু-পথ ও কু-কৰ্ম্মৰ পৰা তেওঁলোকক ওভটাই আনিলেহেঁতেন।
\q
\s5
\v 23 যিহোৱাই কৈছে, মই জানো ওচৰত থকাহে ঈশ্বৰ? দূৰত থকাও ঈশ্বৰ নহওঁ জানো?
\q
\v 24 যিহোৱাই কৈছে, মই দেখা নোপোৱাকৈ কোনো মানুহ জানো গুপুতে লুকাই থাকিব পাৰে?
\q যিহোৱাই কৈছে, মই জানো স্বৰ্গ আৰু পৃথিৱী ব্যাপি নাথাকোঁ?
\p
\s5
\v 25 ‘মই সপোন দেখিলোঁ! মই সপোন দেখিলোঁ! এই বুলি কৈ মোৰ নামেৰে মিছা ভাববাণী প্ৰচাৰ কৰোঁতা ভাবাবদীসকলে কোৱা কথা মই শুনিলোঁ।
\v 26 মিছা ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীসকলৰ, এনে কি, নিজ নিজ মনৰ কপটতা প্ৰকাশ কৰোঁতা ভাববাদীসকলৰ অন্তৰত এয়ে কিমান কাল থাকিব?
\v 27 তেওঁলোকৰ পূৰ্ব্ব-পুৰুষসকলে বালত আসক্ত হৈ মোৰ নাম পাহৰা দৰে তেওঁলোকে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত কোৱা সপোনৰ দ্বাৰাই মোৰ প্ৰজাসকলক মোৰ নাম পাহৰাবলৈ খুজিছে।
\p
\s5
\v 28 সপোন দেখা ভাববাদীয়ে সপোনৰ কথা কওঁক, আৰু মোৰ বাক্য পোৱা জনে মোৰ বাক্য বিশ্বাসেৰে কওঁক;
\q যিহোৱাই কৈছে, ধানৰ মাজত খেৰ কি?
\v 29 যিহোৱাই কৈছে, “মোৰ বাক্য অগ্নিস্বৰূপ নহয় নে?” “আৰু শিল টুকুৰা-টুকুৰী কৰা হাতুৰীৰ নিচিনা নহয় নে?
\v 30 এই হেতুকে, যিহোৱাই কৈছে, চোৱা, নিজ নিজ ওচৰ-চুবুৰীয়াৰ পৰা মোৰ বাক্য চুৰ কৰা ভাববাদীসকলৰ প্রতি মই বিপক্ষ।”
\p
\s5
\v 31 যিহোৱাই কৈছে, “চোৱা, যি ভাববাদীবোৰে নিজ নিজ জিভা ব্যৱহাৰ কৰি, তেওঁ কৈছে বুলি কয়, মই সেই ভাববাদীবোৰৰ বিপক্ষ।
\v 32 যিহোৱাই কৈছে, চোৱা, যি ভাববাদীবোৰে নানা মিছা সপোন প্ৰচাৰ কৰে, আৰু সেইবোৰ কৈ তেওঁলোকৰ মিছা কথা আৰু অনৰ্থক অহঙ্কাৰৰ দ্বাৰাই মোৰ প্ৰজাসকলক ভ্ৰান্ত কৰে, সেই ভাববাদীসকলৰ মই বিপক্ষ।” কিয়নো মই তেওঁলোকক পঠোৱা কি আজ্ঞা দিয়া নাছিলোঁ; এই হেতুকে তেওঁলোকে এই প্ৰজাসকলক সমুলি উপকাৰ নকৰিব, ইয়াক যিহোৱাই কৈছে।
\p
\s5
\v 33 “আৰু যেতিয়া এই জাতিবোৰে, বা ভাববাদীয়ে বা পুৰোহিতে তোমাক সুধিব, ‘যিহোৱাৰ ভাৰ-বাক্য কি? তেতিয়া তুমি তেওঁলোকক কবা, ভাৰ-বাক্য কি? যিহোৱাই কৈছে মই তোমালোকক দূৰ কৰি দিম।
\v 34 যি ভাববাদী, পুৰোহিত, কি প্ৰজাই “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি ক’ব, মই সেই মানুহক আৰু তাৰ বংশক দণ্ড দিম।
\p
\s5
\v 35 তোমালোক প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক আৰু নিজ নিজ ভাইক এই কথা ক’বা, ‘যিহোৱাই কি উত্তৰ দিলে? বা ‘যিহোৱাই কি ক’লে?
\v 36 “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি তোমালোকে আৰু উল্লেখ নকৰিবা; কাৰণ প্ৰতিজনৰ বাক্যেই তালৈ ভাৰস্বৰূপ হ’ব, কিয়নো তোমালোকে জীৱন্ত ঈশ্বৰৰ, আমাৰ ঈশ্বৰ বাহিনীসকলৰ যিহেৱাৰ বাক্য বিপৰীত কৰিছা।
\p
\s5
\v 37 তুমি ভাববাদীক এইদৰে ক’বা, ‘যিহোৱাই তোমাক কি উত্তৰ দিলে? বা যিহোৱাই কি কলে?
\v 38 কিন্তু “যিহোৱাৰ ভাৰ-বাক্য”এই বুলি যদি তোমালোকে কোৱা, তেন্তে অৱশ্যে যিহোৱাই এইদৰে কব, “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি নকবলৈ কৈ পঠোৱাতো “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি কোৱা বাবে, চোৱা, মই তোমালোকক নিচেইকৈ পাহৰিম,
\v 39 আৰু মই তোমালোকক আৰু তোমালোকৰ পূৰ্ব্ব–পুৰুষসকলক দিয়া এই নগৰখন মোৰ দৃষ্টিৰ পৰা দলিয়াই পেলাম, আৰু পাহৰিব নোৱাৰা চিৰকলীয়া দুৰ্ণাম আৰু সৰ্ব্বদায় থকা লাজ তোমালোকলৈ ঘটাম।
\v 40 আৰু পাহৰিব নোৱাৰা চিৰকলীয়া দুৰ্নাম আৰু সৰ্ব্বদায় থকা লাজ তোমালোকলৈ ঘটাম।”
\s5
\c 24
\s ডিমৰুৰে ভৰা দুটা পাচিৰ উপমা।
\p
\v 1 যিহোৱাই মোক কিবা এটা দেখুৱাইছিল। যিহোৱাৰ মন্দিৰৰ সন্মুখত ৰাখি থোৱা ডিমৰু গুটিৰ দুটা পাচি মোক দেখুৱাইছিল। বাবিলৰ ৰজা নবুখদনেচৰে যিৰূচালেমৰ পৰা কমাৰ, বাঢ়ৈ আদি শিল্পকাৰীয়ে সৈতে যিহোয়াকীমৰ পুত্ৰ যিহূদাৰ ৰজা যকনিয়াক, আৰু যিহূদাৰ প্ৰধান লোকসকলক বাবিললৈ বন্দী কৰি নিয়াৰ পাছত এই দৰ্শন ঘটিছিল।
\v 2 এটা পাচিত প্ৰথমে পকা ডিমৰু গুটিৰ নিচিনা অতি উত্তম ডিমৰু গুটি আছিল, আৰু আন পাচিত বেয়াৰ বাবে খাব নোৱাৰা অতি বেয়া ডিমৰু গুটি আছিল।
\v 3 তেতিয়া যিহোৱাই মোক সুধিলে, “হে যিৰিমিয়া, তুমি কি দেখিছা?” তেতিয়া মই ক’লোঁ, “ডিমৰু গুটি; তাৰ মাজত ভাল অতি উত্তম, আৰু বেয়া ইমান বেয়া, যে, বেয়াৰ নিমিত্তে খাব নোৱাৰে।
\p
\s5
\v 4 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল:
\v 5 বোলে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: এই ঠাইৰ পৰা কলদীয়াসকলৰ দেশলৈ মই বন্দী কৰি পঠোৱা যিহূদাৰ লোকসকলক মই এই উত্তম ডিমৰু গুটিৰ দৰে মঙ্গলৰ অৰ্থে সুদৃষ্টি কৰিম।
\v 6 কিয়নো মই তেওঁলোকৰ মঙ্গলৰ অৰ্থে তেওঁলোকৰ ওপৰত মোৰ চকু ৰাখিম, আৰু মই তেওঁলোকক পুনৰায় এই দেশলৈ আনিম আৰু তেওঁলোকক স্থাপন কৰিম, নাভাঙিম; ৰোপণ কৰিম, নুঘালিম।
\v 7 আৰু মই যে যিহোৱা, ইয়াক জানিবৰ মন মই তেওঁলোকক দিম; আৰু তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম; কিয়নো তেওঁলোকে সমস্ত মনেৰে মোলৈ উলটি আহিব।
\p
\s5
\v 8 আৰু যিহূদাৰ ৰজা চিদিকিয়াক, তেওঁৰ প্ৰধান লোকসকলক, আৰু এই দেশত বাকী থকা যিৰূচালেমৰ অৱশিষ্ট ভাগক, আৰু মিচৰ দেশত প্ৰবাস কৰা লোকসকলক, বেয়াৰ বাবে খাব নোৱাৰা সেই বেয়া ডিমৰু গুটিৰ দৰে মই ত্যাগ কৰিম, ইয়াক যিহোৱাই নিশ্চয়কৈ কৈছে।
\v 9 এনে কি, অমঙ্গলৰ অৰ্থে মই তেওঁলোকক পৃথিৱীৰ সকলো ৰাজ্যত ত্ৰাসৰ বিষয় হ’বলৈ, আৰু যি যি ঠাইলৈ তেওঁলোকক খেদিম, সেই সকলো ঠাইত তেওঁলোকক অপমান, দৃষ্টান্ত, বিদ্ৰূপ, আৰু শাওৰ বিষয় হ’বলৈ দিম।
\v 10 আৰু মই তেওঁলোকক আৰু তেওঁলোকৰ পূৰ্ব্ব–পুৰুষসকলক দিয়া দেশৰ পৰা তেওঁলোক উচ্ছন্ন নোহোৱালৈকে, তেওঁলোকৰ মাজলৈ তৰোৱাল, আকাল, আৰু মহামাৰী পঠাই থাকিম।
\s5
\c 25
\s যিহূদীসকলৰ বন্দীত্ব আৰু জাতিবোৰৰ দণ্ড।
\p
\v 1 যিহূদাৰ আটাই লোকৰ বিষয়ে যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিছিল। যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ চতুৰ্থ বছৰত বাবিলৰ নবুখদৰেচৰ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰত এই বাক্য আহিছিল।
\v 2 যিৰিমিয়া ভাববাদীয়ে যিহূদাৰ সকলো লোকৰ, আৰু যিৰূচালেম-নিবাসী সকলোৰে আগত সেই বাক্য প্ৰচাৰ কৰি ক’লে।
\p
\s5
\v 3 তেওঁ ক’লে, “আমোনৰ পুত্ৰ যিহূদাৰ ৰজা যোচিয়াৰ ৰাজত্বৰ ত্ৰয়োদশ বছৰৰে পৰা আজিলৈকে এই তেইশ বছৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহি আছে আৰু মই প্ৰতি প্ৰভাতে উঠি তোমালোকক তাক কৈ আছোঁ। মই তোমালোকক ক’বলৈ অতি ইচ্ছুক আছিলো, কিন্তু তোমালোকে কাণ দিয়া নাই।
\v 4 যিহোৱাই প্ৰতি প্ৰভাতে উঠি তেওঁৰ সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠাই আছে, কিন্তু তোমালোকে শুনা নাই, আৰু শুনিবলৈ কাণো পতা নাই।
\p
\s5
\v 5 এই ভাববাদীসকলে কৈছিল, ‘বিনয় কৰোঁ, তোমালোক প্ৰতিজনে নিজ নিজ কু-পথৰ পৰা আৰু নিজ নিজ দুষ্টতাৰ পৰা ঘূৰা, আৰু যিহোৱাই তোমালোকক আৰু তোমালোকৰ পূৰ্ব্ব–পুৰুষসকলক দিয়া দেশত যুগে যুগে অনন্ত কালৈকে বাস কৰা।
\v 6 আৰু ইতৰ দেৱতাবোৰক সেৱাপূজা আৰু সেইবোৰ আগত প্ৰণিপাত কৰিবলৈ সেইবোৰৰ অনুগামি নহ’বা, আৰু তেওঁলোকৰ হাতে কৰা কাৰ্য্যৰ দ্বাৰাই মোক বেজাৰ নিদিবা; তেতিয়া মই তোমালোকৰ কোনো অপকাৰ নকৰিম।’
\p
\s5
\v 7 তথাপি, যিহোৱাই কৈছে, “তোমালোকে নিজৰ নিজৰ অপকাৰৰ অৰ্থে তোমালোকৰ হাতে কৰা কাৰ্য্যৰ দ্বাৰাই মোক বেজাৰ দিবলৈ মোলৈ কাণ দিয়া নাই।”
\v 8 এই হেতুকে বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: “তোমালোকে মোৰ বাক্য নুশুনা, এইবাবে,
\v 9 চোৱা, মই মানুহ পঠাই উত্তৰ দিশত থকা আটাই গোষ্ঠীক আনিম, ইয়াক যিহোৱা কৈছে: মই মোৰ দাস বাবিলৰ ৰজা নবুখদনেচৰৰ ওচৰলৈ মানুহ পঠাই, এই দেশৰ, ইয়াৰ নিবাসীসকলৰ, আৰু চাৰিওফালে থকা এই আটাইবোৰ জাতিৰ বিৰুদ্ধে তেওঁলোকক আনিম; আৰু মই তেওঁলোকক নিঃশেষে বিনষ্ট কৰিম, আৰু মই এওঁলোকক আচৰিতৰ ও ইচ্ ইচ্ কৰাৰ বিষয় আৰু এওঁলোকৰ ঠাই চিৰকলীয়া ধ্বংসস্থান কৰিম।
\p
\s5
\v 10 ইয়াৰ বাহিৰে মই এওঁলোকৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি, দৰা-কন্যাৰ ধ্বনি, জাঁতৰ শব্দ আৰু চাকিৰ পোহৰ নাইকিয়া কৰিম।
\v 11 তেতিয়া এই গোটেই দেশ ধ্বংস আৰু আচৰিতৰ ঠাই হ’ব, আৰু এই জাতিবোৰে সত্তৰ বছৰলৈকে বাবিলৰ ৰজাৰ বন্দী-কাম কৰিব।
\p
\s5
\v 12 যিহোৱাই আৰু কৈছে: এই সত্তৰ বছৰ পূৰ হ’লে, মই বাবিলৰ ৰজাক, আৰু সেই জাতিক, আৰু কলদীয়াসকলৰ দেশক তেওঁলোকৰ অপৰাধৰ বাবে দণ্ড দিম; আৰু মই তাক চিৰকালৰ বাবে ধ্বংসস্থান কৰিম।
\v 13 আৰু মই সেই দেশৰ বিৰুদ্ধে কোৱা মোৰ সকলো বাক্য, এনে কি, যিৰিমিয়াই সকলো জাতিৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা, এই পুথিখনিত লিখা সকলোকে সেই দেশলৈ ঘটাম।
\v 14 কিয়নো অনেক জাতি আৰু মহান ৰজাসকলে তেওঁলোকক বন্দী-কাম কৰোৱাব; আৰু মই তেওঁলোকৰ কৰ্ম্ম আৰু তেওঁলোকৰ হাতৰ কাৰ্য্য অনুসাৰে তেওঁলোকক প্ৰতিফল দিম।
\p
\s5
\v 15 কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই মোক এইদৰে কৈছে: “তুমি মোৰ ক্ৰোধস্বৰূপ সেই দ্ৰাক্ষাৰসৰ পান-পাত্ৰ মোৰ হাতৰ পৰা লোৱা, আৰু যি যি জাতিৰ ওচৰলৈ মই তোমাক পঠাওঁ, তুমি গৈ সেই সেই জাতিক ইয়াক পান কৰোৱাবা।
\v 16 তেওঁলোকে পান কৰি ঢলং-পলং কৰিব আৰু মই তেওঁলোকৰ মাজলৈ যি তৰোৱাল পঠিয়াম, তাৰ কাৰণে তেওঁলোক পগলা যেন হ’ব।
\p
\s5
\v 17 তেতিয়া মই যিহোৱাৰ হাতৰ পৰা সেই পান-পাত্ৰ লৈ, যিহোৱাই যিবোৰ জাতিৰ ওচৰলৈ মোক পঠিয়ালে, তেওঁলোকক পান কৰোৱালোঁ,
\v 18 অৰ্থাৎ আজিৰ দৰেই, তেওঁলোকক ধ্বংসস্থান, আচৰিত, ইচ্ ইচ্, আৰু শাওৰ বিষয় কৰিবলৈ যিৰূচালেমক, যিহূদাৰ নগৰবোৰক তাৰ ৰজাসকলক, আৰু তাৰ প্ৰধান লোকসকলক পান কৰোৱালোঁ।
\p
\s5
\v 19 আন জাতিসমূহেও ইয়াক পান কৰিব লগীয়া হৈছিল: আৰু মিচৰৰ ৰজা ফৰৌণক আৰু তেওঁৰ মন্ত্ৰীসকলক, তেওঁৰ প্ৰধান লোকসকলক,
\v 20 তেওঁৰ সকলো প্ৰজাক, মিশ্ৰিত জাতিসমুহক, উচ দেশৰ সকলো ৰজাক, পেলেষ্টিয়াসকলৰ আটাই ৰজাক বিশেষকৈ অস্কিলোন, ঘচা, ইক্ৰোণ, আৰু অচদোদৰ অৱশিষ্ট ভাগক,
\v 21 ইদোম, মোৱাব, আৰু অম্মোনৰ সন্তানসকলক, তূৰৰ সকলো ৰজাক;
\p
\s5
\v 22 চিদোনৰ সকলো ৰজাক, সমুদ্ৰৰ সিপাৰে থকা দ্বীপৰ সকলো ৰজাক,
\v 23 দদান, তেমা, বুজ, আৰু কুমৰ গুৰিত ডাঢ়ি-চুলি কটা সকলোৱে পান কৰিবলগীয়া হৈছিল।
\p
\s5
\v 24 আৰবৰ সকলো ৰজাক, মৰুভূমি-নিবাসী মিশ্ৰিত জাতিৰ সকলো ৰজাক,
\v 25 যিম্ৰীৰ সকলো ৰজাক, এলমৰ সকলো ৰজাক, মাদীয়াসকলৰ সকলো ৰজাক,
\v 26 প্ৰভেদ নৰখাকৈ উত্তৰ দেশৰ ওচৰত কি দূৰত থকা সকলো ৰজাক, পৃথিৱীৰ ওপৰত থকা জগতৰ সকলো ৰাজ্যক পান কৰোৱালোঁ; আৰু চেচকৰ ৰজাই তেওঁলোকৰ পাছত পান কৰিব।”
\p
\s5
\v 27 ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “আৰু তুমি তেওঁলোকক এই কথা ক’বা, তোমালোকে পান কৰি মতলীয়া হৈ বঁতিওৱা, আৰু তোমালোকৰ মাজলৈ মই যি তৰোৱাল পঠিয়াম, তাৰ কাৰণে পতিত হোৱা, আৰু নুঠিবা’।”
\v 28 আৰু তেতিয়া যদি তেওঁলোকে পান কৰিবলৈ তোমাৰ হাতৰ পৰা পান-পাত্ৰটি লবলৈ অস্বীকাৰ কৰে, তোতিয়া তেওঁলোকক ক’বা, বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে, তোমালোকে অৱশ্যে পান কৰিবই লাগে।
\v 29 কাৰণ, চোৱা, মোৰ নামেৰে প্ৰখ্যাত হোৱা নগৰখনতেই অমঙ্গল আনিবলৈ ধৰিছোঁ, এনে স্থলত, তোমালোকে একেবাৰে দণ্ড নোপোৱাকৈ থাকিবা নে? তোমালোকে দণ্ড নোপোৱাকৈ নাথাকিবা; কিয়নো বাহিনীসকলৰ যিহোৱাই কৈছে, মই পৃথিৱী-নিবাসী সকলোৰে অহিতে তৰোৱাল মাতিম।
\p
\s5
\v 30 এই হেতুকে তুমি তেওঁলোকৰ বিৰুদ্ধে এই সকলো ভাববাণী প্ৰচাৰ কৰা, আৰু তেওঁলোকক কোৱা,
\q ‘যিহোৱাই উচ্চস্থানৰ পৰা গৰ্জ্জন কৰিব, আৰু তেওঁ নিজৰ পৱিত্ৰ নিবাসৰ পৰা উচ্চ-ধ্বনি শুনাব,
\q তেওঁৰ ভেড়া চৰোৱা ঠাইৰ বিৰুদ্ধে বৰকৈ গৰ্জ্জিব, আৰু পৃথিৱী-নিবাসী সকলোৰে বিৰুদ্ধে দ্ৰাক্ষাগুটি গচকোঁতাসকলৰ দৰেই উচ্চ-ধ্বনি কৰিব।
\q
\v 31 পৃথিৱীৰ সীমালৈকে ধ্বনিয়ে ব্যাপিব; কিয়নো জাতিসমূহে সৈতে যিহোৱাৰ বিবাদ আছে, তেওঁ মৰ্ত্ত্যসকলে সৈতে প্ৰতিবাদ কৰিব; দুষ্টহঁতক হ’লে, তেওঁ তৰোৱালত শোধাই দিব।” এয়ে যিহোৱাৰ বচন।
\q
\s5
\v 32 বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: “চোৱা, এক জাতিৰ পৰা আন জাতিলৈ অমঙ্গল ওলাব,
\q আৰু পৃথিৱীৰ অন্ত ভাগৰ পৰা বৰ ধুমুহা আহিব।
\v 33 সেই দিনা পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ যিহোৱাৰ হত লোক হ’ব; কোনেও তেওঁলোকৰ বাবে বিলাপ নকৰিব, আৰু তেওঁলোকক গোটোৱা কি পোতা নহ’ব, তেওঁলোক মাটিৰ ওপৰত সাৰস্বৰূপ হ’ব।
\q
\s5
\v 34 হে ভেড়া-ৰখীয়াসকল, তোমালোকে হাহাঁকাৰ আৰু কাতৰোক্তি কৰা; আৰু হে ভেড়াৰ জাকৰ প্ৰধান লোকসকল, তোমালোক ছাইত বাগৰা।
\q কিয়োনো তোমালোকৰ হত্যাৰ দিন আহি পৰিল; মই তোমালোকক ছিন্ন-ভিন্ন কৰিম, তাতে তোমালোক মনোহৰ পাত্ৰৰ দৰে পতিত হবা।
\q
\v 35 ভেড়া-ৰখীয়াসকলে পলাবলৈ, বা ভেড়াৰ জাকৰ প্ৰধান লোকসকলে ৰক্ষা পাবলৈ বাট নাপাব।
\q
\v 36 ভেড়া-ৰখীয়াসকলৰ কাতৰোক্তি আৰু ভেড়াৰ জাকৰ প্ৰধান লোকসকলৰ হাহাঁকাৰৰ শব্দ শুনা গৈছে;
\q কিয়নো যিহোৱাই তেওঁলোকৰ চৰণীয়া ঠাই উচ্ছন্ন কৰিছে।
\q
\s5
\v 37 আৰু যিহোৱাৰ ক্ৰোধৰ কাৰণে শান্তিপূৰ্ণ ভেড়াৰ গঁৰালবোৰ নিস্তব্ধ হ’ল।
\q
\v 38 তেওঁ সিংহৰ নিচিনাকৈ নিজৰ গহবৰ এৰি আহিছে; কিয়নো অত্যাচাৰকাৰী তৰোৱালৰ ভয়ানকতা আৰু তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ কাৰণে তেওঁলোকৰ দেশ আচৰিতৰ বিষয় হৈছে,
\q কাৰণ তেওঁৰ খয়াল ক্রোধৰ বাবে।”
\s5
\c 26
\s যিৰিমিয়াই সঙ্কটত পৰা।
\p
\v 1 যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ আৰম্ভণীত যিহোৱাৰ পৰা এই বাক্য আহিল আৰু ক’লে,
\v 2 বোলে, “যিহোৱাই এইদৰে কৈছে: তুমি যিহোৱাৰ গৃহৰ চোতালত থিয় হোৱা, আৰু যিহোৱাৰ গৃহত প্ৰণিপাত কৰিবলৈ অহা যিহূদাৰ সকলো নগৰৰ লোকসকলক, মই তোওঁলোকক ক’বলৈ তোমাক আজ্ঞা দিয়া সকলো বাক্য কোৱা, এটি কথাও নোকোৱাকৈ নাথাকিবা।
\v 3 কিজানি তেওঁলোকে শুনি নিজ নিজ কু-পথৰ পৰা উলটিব; সেয়ে হ’লে, তেওঁলোকৰ দুষ্টতাৰ বাবে মই তেওঁলোকলৈ কৰিব খোজা অমঙ্গলৰ পৰা থামিম।
\p
\s5
\v 4 তুমি তেওঁলোকক কোৱা, ‘যিহোৱাই এই কথা কৈছে, যি ভাববাদীসকলক মই প্ৰভাতে উঠি তোমালোকৰ ওচৰলৈ পঠিয়াই থাকোঁ, কিন্তু তোমালোকে যদি নুশুনা,
\v 5 মোৰ দাস সেই ভাববাদীসকলৰ বাক্য শুনিবলৈ, তোমালোকৰ আগত মই স্থাপন কৰা মোৰ ব্যৱস্থামতে চলিবলৈ, যদি তোমালোকে মোলৈ কাণ নিদিয়া,
\v 6 তেনেহ’লে মই এই গৃহক চীলোৰ দৰে কৰিম, আৰু এই নগৰক পৃথিৱীৰ আটাই জাতিৰ শাওৰ বিষয় কৰিম।
\p
\s5
\v 7 যেতিয়া যিৰিমিয়াই যিহোৱাৰ গৃহত এই সকলো বাক্য কোৱাত ভাববাদী আৰু আটাই প্ৰজাসকলে শুনিলে।
\v 8 আৰু যিৰিমিয়াই সকলো লোকৰ আগত, যিহোৱাই আজ্ঞা কৰা সকলো কথা কৈ এঁটোৱাৰ পাছত, পুৰোহিত, ভাববাদী আৰু আটাই প্ৰজাসকলে তেওঁক ধৰি ক’লে, “তুমি নিশ্চয়ে মৰিবা!
\v 9 এই গৃহ চীলোৰ দৰে হ’ব আৰু এই নগৰ উচ্ছন্ন হৈ নিবাসী-শূন্য হ’ব বুলি কৈ, তুমি যিহোৱাৰ নামেৰে কিয় ভাববাণী প্ৰচাৰ কৰিছা?” সেই কাৰণে সকলো প্ৰজাই যিহোৱাৰ গৃহত যিৰিমিয়াৰ আগত গোট খালে।
\p
\s5
\v 10 তেতিয়া যিহূদাৰ প্ৰধান লোকসকলে এই কথা শুনি ৰাজ গৃহৰ পৰা যিহোৱাৰ গৃহলৈ আহিল, আৰু তেওঁলোক যিহোৱাৰ গৃহত নতুন দুৱাৰৰ সোমোৱা ঠাইত বহিল।
\v 11 পাছে পুৰোহিত আৰু ভাববাদীসকলে প্ৰধান লোকসকলক আৰু আটাই প্ৰজাসকলৰ আগত ক’লে, “এই মানুহ প্রাণদণ্ডৰ যোগ্য; কিয়নো তেওঁ এই নগৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰিলে, তাক তোমালোকে নিজ কাণে শুনিলা!”
\v 12 তেতিয়া যিৰিমিয়াই সকলো প্ৰধান লোক আৰু আটাই প্ৰজাৰ আগত ক’লে, “এই গৃহ আৰু নগৰৰ বিৰুদ্ধে তোমালোকে শুনা আটাইবোৰ ভাববাণী প্ৰচাৰ কৰিবলৈ যিহোৱাই মোক পঠিয়ালে।
\s5
\v 13 এই হেতুকে এতিয়া তোমালোকে নিজ নিজ আচৰণ আৰু কৰ্ম্ম শুদ্ধ কৰা, আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য পালন কৰা; তাতে যিহোৱাই তোমালোকৰ অহিতে কৰিব খোজা অমঙ্গলৰ পৰা থামিব।
\v 14 কিন্তু চোৱা! মই হ’লে তোমালোকৰ হাততে আছোঁ। তোমালোকৰ দৃষ্টিত যি ভাল আৰু ন্যায়, তাকে মোলৈ কৰা।
\v 15 কিন্তু তোমালোকে নিশ্চয়ে জানিবা, যে, যদি তোমালোকে মোক বধ কৰা, তেন্তে তোমালোকৰ নিজৰ নিজৰ, এই নগৰৰ, আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত নিৰ্দ্দোষীৰ ৰক্তপাতৰ দোষ ঘটোৱাব। কিয়নো সঁচাকৈ সেই সকলো কথা তোমালোকৰ কাণত ক’বলৈ যিহোৱাই মোক তোমালোকৰ গুৰিলৈ পঠিয়ালে।”
\p
\s5
\v 16 তেতিয়া প্ৰধান লোকসকল আৰু আটাই প্ৰজাই পুৰোহিত আৰু ভাববাদীসকলক ক’লে, “এই মানুহ প্ৰাণদণ্ডৰ যোগ্য নহয়; কিয়নো এওঁ আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰে আমাক কথা ক’লে।”
\v 17 তাৰ পাছত দেশৰ বৃদ্ধসকলৰ মাজৰ কিছু লোকে উঠি প্ৰজাসকলৰ গোটেই সমাজক ক’লে।
\p
\s5
\v 18 তেওঁলোকে ক’লে, “যিহূদাৰ হিষ্কিয়া ৰজাৰ ৰাজত্বৰ কালত মোৰেষ্টিয়া মীখায়াই ভাববাণী প্ৰচাৰ কৰিছিল। তেওঁ যিহূদাৰ আটাই লোকক কৈছিল, ‘বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছিল: “চিয়োনক পথাৰৰ দৰে চহোৱা হ’ব, যিৰূচালেম ভগ্নৰাশি হ’ব আৰু গৃহটি থকা পৰ্ব্বতটো কাঠনিৰ ওখ ঠাইৰ দৰে হ’ব।”
\v 19 কোৱাচোন, যিহূদাৰ হিস্কিয়া ৰজাই আৰু গোটেই যিহূদাই জানো তেওঁক বধ কৰিছিল? হিস্কিয়াই জানো যিহোৱালৈ ভয় কৰা নাছিল? আৰু তেওঁ জানো যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰা নাছিল? তাতে যিহোৱাই তেওঁলোকলৈ কৰিব খোজা অমঙ্গলৰ পৰা জানো নাথামিল? তোমালোকে কোৱাৰ দৰে কৰিলে আৰু নিজ নিজ প্ৰাণৰ অহিতে মহা-অমঙ্গল ঘটাম।
\p
\s5
\v 20 যিহোৱাৰ নামেৰে ভাববাণী প্ৰচাৰ কৰা আৰু এজন লোক আছিল, তেওঁ কিৰিয়ত-যিয়াৰীম-নিবাসী চমৰিয়াৰ পুত্ৰ ঊৰিয়া; তেওঁ যিৰিমিয়াৰ সকলো বাক্যৰ দৰে এই নগৰ আৰু এই দেশৰ অহিতে ভাববাণী প্ৰচাৰ কৰিছিল।
\v 21 কিন্তু যিহোয়াকীম ৰজা, তেওঁৰ বীৰসকলক আৰু সকলো প্ৰধান লোক তেওঁৰ কথা শুনিবলৈ পোৱাত, ৰজাই তেওঁক বধ কৰিবলৈ পুৰুষাৰ্থ কৰিলে; কিন্তু ঊৰিয়াই তাকে শুনি ভয় পাই পলাই মিচৰলৈ গ’ল।
\p
\s5
\v 22 তেতিয়া যিহোয়াকীম ৰজাই মিচৰলৈ মানুহ পঠিয়ালে, অৰ্থাৎ অকবোৰৰ পুত্ৰ ইলনাথনক আৰু তেওঁৰ লগত কেইজনমান লোকক মিচৰলৈ পঠিয়ালে।
\v 23 পাছত তেওঁলোকে ঊৰিয়াক মিচৰৰ পৰা উলিয়াই যিহোয়াকীম ৰজাৰ গুৰিলৈ আনিলত, ৰজাই তৰোৱালৰ দ্বাৰাই তেওঁক বধ কৰি সামান্য লোকৰ মৈদামত তেওঁৰ শৱ পেলাই দিলে।
\v 24 কিন্তু চাফনৰ পুত্ৰ অহীকামৰ হাত যিৰিমিয়াৰ পক্ষে থকাত, বধ কৰিবৰ অৰ্থে লোকসকলৰ হাতত তেওঁক শোধাই দিয়া নহ’ল।
\s5
\c 27
\s যোঁত-জৰী আৰু যুঁৱলি পঠোৱাৰ উপমা।
\p
\v 1 যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ আৰম্ভণিত যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল, বোলে,
\v 2 “যিহোৱাই মোক ক’লে, তুমি যুত-জৰী আৰু যুৱলি সাজি তোমাৰ ডিঙিত লগোৱা।
\v 3 আৰু যিৰূচালেমলৈ যিহূদাৰ চিদিকিয়া ৰজাৰ গুৰিলৈ দুতবোৰৰ হাতত, ইদোমৰ ৰজা, মোৱাবৰ ৰজা, অম্মোলৰ সন্তানসকলৰ ৰজা, তূৰৰ ৰজা, আৰু চীদোনৰ ৰজাৰ ওচৰলৈ সেইবোৰ পঠিয়াই দিয়া।
\v 4 আৰু নিজ নিজ প্ৰভুক ক’বৰ বাবে তেওঁলোকক এই আদেশ দিয়া, ‘ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহেৱাই কৈছে: “তোমালোকে নিজ নিজ প্ৰভুক এই এই কথা ক’বা,
\s5
\v 5 ‘ময়েই নিজ মহাশক্তিৰে আৰু মেলা বাহুৰে পৃথিৱীক আৰু পৃথিৱীৰ ওপৰত থকা মানুহ আৰু পশুবোৰক সৃষ্ট কৰিলোঁ, আৰু মোৰ দৃষ্টিত যাক ভাল দেখোঁ, তাকে তাক দিওঁ।
\v 6 এই হেতুকে এতিয়া মই এই সকলো দেশ মোৰ দাস বাবিলৰ ৰজা নবুখদৰেচৰৰ হাতত দিলোঁ, আৰু তেওঁৰ বন্দীকাম কৰিবৰ অৰ্থে বনৰ জন্তুবোৰকো মই তেওঁক দিলোঁ।
\v 7 আৰু তেওঁৰ নিজ দেশৰ সময় শেষ নোহোৱালৈকে সকলো জাতিয়ে তেওঁৰ, তেওঁৰ পুতেকৰ আৰু তেওঁৰ নাতিয়েকৰ বন্দী-কাম কৰিব; সেই সময় হ’লে অনেক জাতি আৰু মহান ৰজাসকলে তেওঁক তেওঁলোকৰ বন্দী-কাম কৰোৱাব।
\p
\s5
\v 8 যি জাতি আৰু ৰজাই সেই বাবিলৰ ৰজা নবুখদৰেচৰৰ বন্দী-কাম নকৰিব, আৰু বাবিলৰ ৰজাৰ যুৱলিত নিজৰ ডিঙি নাৰাখিব, যিহোৱাই কৈছে, মই তেওঁৰ হাতেৰে এই জাতিক সংহাৰ নকৰালৈকে তৰোৱাল আৰু মহামাৰীৰ দ্বাৰাই দণ্ড দিম।
\p
\s5
\v 9 কিন্তু তোমালোকে হ’লে! তোমালোকে বাবিলৰ ৰজাৰ বন্দী-কাম কৰিবলৈ নাপাবা, ‘এই বুলি তোমালোকক কোৱা তোমালোকৰ ভাববাদী, মঙ্গলতী, স্বপ্নদৰ্শক, গণক, কি মায়াবীৰ কথা নুশুনিবা।’
\v 10 কিয়নো তোমালোকৰ দেশৰ পৰা তোমালোকক দূৰ কৰিবৰ কাৰণে আৰু মই তোমালোকক খেদাই দিলে তোমালোক নষ্ট হবলৈ তোমালোকৰ আগত তেওঁলোকে মিছা ভাববাণী প্ৰচাৰ কৰে।
\v 11 কিন্তু যি জাতিয়ে বাবিলৰ ৰজাৰ যুৱলিৰ তলত নিজৰ ডিঙি ৰাখিব, আৰু তেওঁৰ বন্দীকাম কৰিব, যিহোৱাই কৈছে, ‘মই সেই জাতিক নিজ দেশত থাকিবলৈ দিম; তেওঁলোকে তাত কৃষিকাৰ্য্য কৰিব, আৰু তাত বাস কৰিব”’।”
\p
\s5
\v 12 পাছত মই সেই সকলো বাক্য অনুসাৰে যিহূদাৰ ৰজা চিদিকিয়াক ক’লোঁ: “তোমালোকে নিজ নিজ ডিঙি বাবিলৰ ৰজাৰ যুৱলিৰ তলত ৰাখি, তেওঁৰ আৰু তেওঁৰ লোকসকলৰ বন্দী-কাম কৰি জীয়াই থাকা।
\v 13 যি জাতিয়ে বাবিলৰ ৰজাৰ বন্দী-কাম নকৰিব, সেই জাতিৰ বিষয়ে যিহোৱাই কোৱাৰ দৰে, তুমি আৰু তোমাৰ প্ৰজাসকল তৰোৱাল, আকাল আৰু মহামাৰীত কিয় মৰিবা?
\p
\s5
\v 14 ‘বাবিলৰ ৰজাৰ বন্দী-কাম কৰিব নাপাবা’ বুলি তোমালোকক কোৱা ভাববাদীসকলৰ কথা নুশুনিবা; কিয়নো তেওঁলোকে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰে।
\v 15 কাৰণ, যিহোৱাই কৈছে, মই তেওঁলোকক পঠোৱা নাই” কিন্তু মই তোমালোকক খেদাই দিলে তোমালোক আৰু তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা ভাববাদীসকল বিনষ্ট হবৰ কাৰণে, তেওঁলোকে মিছাকৈয়ে মোৰ নামেৰে ভাববাণী প্ৰচাৰ কৰে।
\p
\s5
\v 16 পাছে মই পুৰোহিতসকলক আৰু এই সকলো প্ৰজাক ক‘লোঁ, “যিহোৱাই এই কথা কৈছে: চোৱা, যিহোৱাৰ গৃহৰ বস্তুবোৰ অলপতে পুনৰায় বাবিলৰ পৰা অনা যাব বুলি তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা তোমালোকৰ ভাববাদীসকলৰ কথালৈ কাণ নিদিবা; কিয়নো সিহঁতে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰে।
\v 17 তেওঁলোকৰ কথালৈ কাণ নিদিবা, কিন্তু বাবিলৰ ৰজাৰ বন্দী-কাম কৰি জীয়াই থাকা; এই নগৰ কিয় ধ্বংসস্থান হব?
\v 18 কিন্তু যদি তেওঁলোক ভাববাদী হয়, আৰু যদি যিহোৱাৰ বাক্য তেওঁলোকৰ লগত আছে, তেন্তে যিহোৱাৰ গৃহত, যিহূদাৰ ৰাজগৃহত আৰু যিৰূচালেমত অৱশিষ্ট থকা বস্তুবোৰ বাবিললৈ নাযাবলৈ বাহিনীসকলৰ যিহোৱাৰ আগত তেওঁলোকে প্ৰাৰ্থনা কৰক।
\p
\s5
\v 19 কিয়নো বাবিলৰ ৰজা নবূখদনেচৰে যিহোয়াকীমৰ পুতেক যিহূদাৰ ৰজা যকনিয়ক, আৰু যিহূদাৰ ও যিৰূচালেমৰ প্ৰধান লোকসকলক আৰু যিৰূচালেমৰ পৰা বাহিৰলৈ বন্দী কৰি নিয়া সময়ত,
\v 20 স্তম্ভ কেইটা, সমুদ্ৰ-পাত্ৰটো, আৰু আধাৰবোৰ আদি কৰি এই নগৰৰ অৱশিষ্ট থকা যি যি বস্তু বাবিলত ৰজা নবূখদনেচৰে নিয়া নাছিল, সেইবোৰৰ বিষয়ে যিহোৱাই এইদৰে কৈছে;
\s5
\v 21 এনে কি, যিহোৱাৰ গৃহত, যিহূদাৰ ৰাজগৃহত, আৰু যিৰূচালেমত অৱশিষ্ট থকা সেই বস্তুবোৰৰ বিষয়ে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকদলৰ যিহেৱাই এইদৰে কৈছে,
\v 22 সেই সকলোকে বাবিললৈ নিয়া হ’ব, আৰু মই সেইবোৰৰ বিচাৰ নকৰা দিনলৈকে সেইবোৰ সেই ঠাইতে থাকিব, ইয়াকে যিহোৱাই কৈছে; সেই দিন উপস্থত হ’লে, মই সেইবোৰ আনি এই ঠাইত পুনৰাই স্থাপন কৰিম’।”
\s5
\c 28
\s মিছা ভাববাদী হননীয়াৰ দণ্ড।
\p
\v 1 পাছত সেই বছৰত যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ আৰম্ভণিত চতুৰ্থ বছৰৰ পঞ্চম মাহত, যিহেৱাৰ গৃহত, পুৰোহিত আৰু সকলো প্ৰজাৰ আগত গিবিয়োন নিবাসী অজ্জুনৰ পুত্ৰ হননিয়া ভাববাদীয়ে মোক এই কথা ক’লে,
\v 2 “ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘মই বাবিলৰ ৰজাৰ যুৱলি ভাঙিলোঁ।
\s5
\v 3 এই ঠাইৰ পৰা বাবিলৰ ৰজা নবূখদনেচৰে বাবিললৈ লৈ যোৱা যিহোৱাৰ গৃহৰ সকলো বস্তু সম্পূৰ্ণ দুই বছৰৰ ভিতৰত মই পুনৰায় এই ঠাইলৈ আনিম।
\v 4 আৰু যিহোৱাই কৈছে, ‘মই যিহোয়াকীমৰ পুত্ৰ যিহূদাৰ ৰজা যকনিয়াক, বাবিললৈ বন্দী কৰি নিয়া যিহূদাৰ সকলোৰে সৈতে এই ঠাইলৈ পুনৰায় আনিম; কিয়নো মই বাবিলৰ ৰজাৰ যুৱলি ভাঙিম’।”
\p
\s5
\v 5 তেতিয়া যিৰিমিয়া ভাববাদীয়ে যিহোৱাৰ গৃহত থিয় হৈ থকা পুৰোহিতসকল আৰু প্ৰজাসকলৰ আগত হননিয়া ভাববাদীক কথা ক’লে,
\v 6 যিৰিমিয়া ভাববাদীয়ে এই কথা ক’লে, আমেন, যিহোৱাই তাকেই কৰ’ক; বাবিলৰ পৰা এই ঠাইলৈ যিহোৱাৰ গৃহৰ বস্তুবোৰ আৰু দেশান্তৰত হোৱা আটাইকে পুনৰায় আনিব বুলি তুমি প্ৰচাৰ কৰা সেই ভাববাণীবোৰ যিহোৱাই সিদ্ধ কৰ’ক।
\v 7 তথাপি তোমাৰ কাণত আৰু আটাই প্ৰজাৰ কাণত এই যি কথা মই কওঁ, তাক শুনা।
\p
\s5
\v 8 মোৰ আৰু তোমাৰ আগেয়ে যি প্ৰাচীন ভাববাদীসকল আছিল, তেওঁলোকে অনেক অনেক দেশ আৰু মহৎ মহৎ ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ, অমঙ্গল আৰু মহামাৰী হ’ব বুলি ভাববাণী প্ৰচাৰ কৰিছিল।
\v 9 যি ভাববাদীয়ে শান্তি হ’ব বুলি ভাববাণী প্ৰচাৰ কৰে, সেই ভাববাদীৰ বাক্য ফলিয়ালেহে, যিহোৱাই সঁচাকৈ তেওঁক পঠোৱা হয় বুলি জনা যাব।”
\p
\s5
\v 10 পাছত হননিয়া ভাববাদীয়ে যিৰিমিয়া ভাববাদীৰ ডিঙিৰ পৰা যুৱলিখন সোলোকাই ভাঙি পেলালে।
\v 11 আৰু হননিয়াই আটাই প্ৰজাসকলৰ আগত ক’লে, “যিহোৱাই এই কথা কৈছে: ‘সম্পূৰ্ণ দুইবছৰৰ ভিতৰত মই বাবিলৰ ৰজা নবূখদনেচৰৰ যুৱলি এইদৰেই ভাঙি আটাই জাতিৰ ডিঙিৰ পৰা গুচাম’।” তেতিয়া যিৰিমিয়া ভাববাদী নিজ বাটে গুচি গ’ল।
\p
\s5
\v 12 পাছত হননিয়া ভাববাদীয়ে যিৰিমিয়া ভাববাদীৰ ডিঙিৰ পৰা যুৱলিখন ভাঙি গুচুৱাৰ পাছত যিহোৱাৰ বাক্য যিৰিমিয়ালৈ আহিল, বোলে,
\v 13 “তুমি গৈ হননিয়াক কোৱা, যিহোৱাই এই কথা কৈছে, ‘তুমি কাঠৰ যুৱলি ভাঙিলা হয়, কিন্তু তাৰ সলনি লোহাৰ যুৱলি যুগুত কৰিব লাগে।”
\v 14 কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, বাবিলৰ নবূখদনেচৰ ৰজাৰ বন্দী-কাম কৰিবলৈ মই সকলো জাতিৰ ডিঙিত লোহাৰ যুৱলি লগালোঁ; তাতে তেওঁলোকে তেওঁৰ বন্দী-কাম কৰিব; আৰু মই বনৰ জন্তুবোৰকো তেওঁক দিলোঁ।”
\p
\s5
\v 15 পাছত যিৰিমিয়া ভাববাদীয়ে হননিয়া ভাববাদীক ক’লে, “হে হননিয়া, শুনা; যিহোৱাই তোমাক পঠোৱা নাই, কিন্তু তুমি এই লোকসকলক মিছা কথাতে বিশ্বাস কৰাইছা।
\v 16 এই হেতুকে যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই তোমাক পৃথিৱীৰ পৰা দূৰ কৰি দিম; তুমি এই বছৰৰ ভিতৰতে মৰিবা, কাৰণ তুমি যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহৰ কথা ক’লা।
\v 17 আৰু হননিয়া ভাববাদী সেই বছৰৰ সপ্তম মাহত মৰিল।
\s5
\c 29
\s দেশান্তৰিতসকললৈ লিখা যিৰিমিয়াৰ পত্ৰ।
\p
\v 1 যিৰূচালেমৰ পৰা যিৰিমিয়া ভাববাদীয়ে পঠোৱা পত্ৰখনৰ কথা এইবোৰ - যিবোৰ দেশান্তৰলৈ নিয়া বৃদ্ধসকলৰ অৱশিষ্ট বাগলৈ, আৰু যিৰূচালেমৰ পৰা বাবিললৈ নবূখদনেচৰে বন্দী কৰি নিয়া পুৰোহিত, ভাববাদী, আৰু সকলো প্ৰজালৈ পঠিয়াইছিল।
\v 2 আৰু এইয়া হৈছিল যেতিয়া যকনিয়া ৰজা, ৰাজমাও, নপুংসকসকল, যিহূদা আৰু যিৰূচালেমৰ প্ৰধান লোকসকল, আৰু ৰাজমিস্ত্ৰি বাঢ়ৈ আদি শিল্পকাৰীসকলে যিৰূচালেমৰ পৰা প্ৰস্থান কৰিছিল।
\v 3 এই পত্র যিহূদাৰ চিদিকিয়া ৰজাই বাবিললৈ, বাবিলৰ ৰজা নবূখদনেচৰৰ গুৰিলৈ পঠোৱা চাফনৰ পুত্ৰ ইলিয়াচাৰ, আৰু হিল্কিয়াৰ পুত্ৰ গমৰিয়াৰ হাতত পঠিয়াইছিল।
\p
\s5
\v 4 পত্রখনত এইদৰে কৈছিল, যে, “মই যিৰূচালেমৰ পৰা বাবিললৈ বন্দী কৰি নিয়া সকলো দেশান্তৰিত লোকক ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে:
\v 5 তোমালোকে ঘৰ সাজি তাত বাস কৰা, আৰু বাৰী পাতি তাৰ ফল ভোগ কৰা।
\p
\s5
\v 6 বিবাহ কৰি লৰা-ছোৱালী জন্ম দিয়া, আৰু লৰা-ছোৱালী জন্মিবৰ কাৰণে তোমালোকৰ পুত্রসকললৈ ছোৱালী আনা, আৰু জীয়েৰাসকলক বিয়া দিয়া। এইদৰে যেন তোমালোক সংখ্যাত কম নহৈ বাঢ়ি যোৱা।
\v 7 আৰু মই তোমালোকক বন্দী কৰি নিয়া নগৰৰ শান্তিলৈ চেষ্টা কৰা আৰু তাৰ বাবে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা; কিয়নো তাৰ শান্তিতে তোমালোকৰো শান্তি হ’ব।
\p
\s5
\v 8 কাৰণ ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘তোমালোকৰ মাজত থকা তোমালোকৰ ভাববাদী আৰু মঙ্গলতীসকলে তোমালোকক নুভুলাওক, নাইবা তোমালোকৰ সপোনত তোমালোকক দেখুউৱা কথালৈ কাণ নিদিবা।
\v 9 কিয়নো তেওঁলোকে মিছাকৈ মোৰ নামেৰে তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰে; যিহোৱাই কৈছে, মই তেওঁলোকক পঠোৱা নাই।
\p
\s5
\v 10 কিয়নো যিহোৱাই এইদৰে কৈছে: ‘বাবিলত থকা সত্তৰ বছৰ পূৰ হ’ল, মই তোমালোকৰ বিচাৰ ল’ম আৰু এই ঠাইলৈ তোমালোকক ওলোটাই আনি তোমালোকলৈ মোৰ মঙ্গল বাক্য সিদ্ধ কৰিম।
\v 11 কাৰণ যিহোৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সঙ্কল্প ময়েই জানো; তোমালোকৰ শেষ-অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মঙ্গলৰ সঙ্কল্প, অমঙ্গলৰ নহয়।
\p
\s5
\v 12 আৰু তেতিয়া তোমালোকে মোক মাতিবা আৰু গৈ মোৰ আগত প্ৰাৰ্থনা কৰিবা; তেতিয়া মই তোমালোকৰ কথা শুনিম।
\v 13 আৰু তোমালোকে সমস্ত মনেৰে মোক বিচাৰিলে মোক বিচাৰি পাবা।
\v 14 আৰু যিহোৱাই কৈছে: ‘মই তোমালোকক মোক পাবলৈ দিম, মই তোমালোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু মই তোমালোকক দেশান্তৰিত কৰা সকলো জাতিৰ পৰা আৰু সকলে ঠাইৰ পৰা তোমালোকক গোটাই আনিম, ইয়াক যিহোৱাই কৈছে: ‘আৰু যি ঠাইৰ পৰা মই তোমালোকক বন্দী কৰি নিয়ালোঁ, সেই ঠাইলৈ পুনৰায় আনিম।
\p
\s5
\v 15 যিহেতু তোমালোকে কৈছা, যিহোৱাই বাবিলত আমাৰ কাৰণে ভাববাদীসকলক উৎপন্ন কৰিলে,
\v 16 এই হেতুকে তোমালোকে জানিবা, যে, দায়ুদৰ সিংহাসনৰ ওপৰত বহোঁতা ৰজাৰ, আৰু তোমালোকৰ সৈতে দেশান্তৰলৈ নোযোৱা তোমালোকৰ ভাই এই নগৰ-নিবাসী সকলো প্ৰজাৰ বিষয়ে যিহোৱাই এইদৰে কৈছে:
\v 17 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই তেওঁলোকৰ মাজলৈ তৰোৱাল, আকাল, আৰু মহামাৰী পঠিয়াম; আৰু তোমালোক অতি বেয়া হোৱাৰ কাৰণে মই তোমালোকক খাব নোৱাৰা ঘিণলগীয়া ডিমৰু গুটিৰ দৰে কৰিম।
\p
\s5
\v 18 মই তৰোৱাল, আকাল, আৰু মহামাৰী লৈ তেওঁলোকৰ পাছে পাছে খেদিম, আৰু পৃথিৱীৰ সকলো ৰাজ্যৰ মাজত তেওঁলোকক ত্ৰাসৰ বিষয় কৰিম; আৰু মই তেওঁলোকক খেদাই দিয়া সকলো জাতিৰ মাজত তেওঁলোকক শাও, আচৰিত, ইচ্ ইচ্ আৰু ধিক্কাৰৰ বিষয় কৰিম।
\v 19 কাৰণ যিহোৱাই কৈছে: ‘মই অতি প্ৰভাতে উঠি তেওঁলোকৰ ওচৰলৈ মোৰ দাস ভাববাদীসকলৰ দ্বাৰাই পঠোৱা মোৰ বাক্যলৈ তোমালোকে কাণ নিদিলা; যিহোৱাই কৈছে: ‘তোমালোকে মোৰ বাক্য শুনিবলৈ ইচ্ছা নকৰিলা।’
\p
\s5
\v 20 এই হেতুকে যিৰূচালেমৰ পৰা বাবিললৈ মই পঠোৱা দেশান্তৰিত হোৱা যি তোমালোক, সকলোৱে যিহোৱাৰ বাক্য শুনা:
\p
\v 21 ‘কোলায়াৰ পুত্ৰ যি আহাবে, আৰু মাচেয়াৰ পুত্ৰ যি চিদিকিয়াই মোৰ নামেৰে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰিলে, তেওঁলোকৰ বিষয়ে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘চোৱা, মই তেওঁলোকক তোমালোকৰ চকুৰ আগতেই বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত শোধাই দিম।
\p
\s5
\v 22 আৰু বাবিলৰ ৰজাই জুইত পোৰা চিদিকিয়া আৰু আহাবৰ দৰে যিহোৱাই তোমাক কৰক বুলি কৈ, বাবিলত থকা যিহূদাৰ সকলো দেশান্তৰিত লোকে তেওঁলোকক দৃষ্টান্তৰ স্থল কৰি শাও দিব।’
\v 23 কিয়নো তেওঁলোকে ইস্ৰায়েলৰ মাজত অজ্ঞানতাৰ কাৰ্য্য কৰিলে, আৰু নিজ নিজ ওচৰ-চুবুৰীয়াৰ স্ত্রীলৈ গমন কৰিলে, আৰু মই তেওঁলোকক আজ্ঞা নিদিয়া বাক্য মিছাকৈয়ে মোৰ নামেৰে প্ৰচাৰ কৰিলে।’ যিহোৱাই কৈছে: ‘ময়েই জানো, আৰু ময়েই সাক্ষী আছোঁ।’
\p
\s5
\v 24 তুমি নিহিলামীয়া চময়িয়াৰ বিষয়ে এই কথা কোৱা:
\v 25 ‘ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: যিৰূচালেমত থকা সকলো লোকলৈ, আৰু মাচেয়াৰ পুত্ৰ চফনিয়া পুৰোহিত আদি সকলো পুৰোহিতলৈ তুমি নিজৰ নামেৰে পত্ৰ পঠিয়াই কৈছা,
\v 26 “যি কোনো মানুহে বলীয়া হৈ নিজকে ভাববাদী পাতে, সেই মানুহক কুন্দাত আৰু শিকলিত বন্ধ কৰিবলৈ, যিহোৱাৰ গৃহত অধ্যক্ষ হবৰ কাৰণে যিহোয়াদা পুৰোহিতৰ সলনি যিহোৱাই তোমাক পুৰোহিত নিযুক্ত কৰিলে।
\p
\s5
\v 27 এই হেতুকে অনাথোতীয়া যি যিৰিমিয়াই তোমালোকৰ আগত নিজকে নিজে ভাববাদী পাতে, সেই যিৰিমিয়াক তুমি কিয় ধমকি দিয়া নাই?
\v 28 কিয়নো বাবিলত থকা আমালৈ তেওঁ কৈ পঠিয়াইছে, যে, বহুদিন হ’ব, তোমালোকে ঘৰ সাজি তাত বাস কৰা, বাৰী পাতি তাৰ ফল ভোগ কৰা’।”
\v 29 চফনিয়া পুৰোহিতে সেই পত্ৰখন যিৰিমিয়া ভাববাদীয়ে শুনাকৈ পাঠ কৰিলে।
\p
\s5
\v 30 তাতে যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
\v 31 তুমি দেশান্তৰিত হোৱা লোকসকলৰ আগলৈ এই কথা কৈ পঠিওৱা, যিহোৱাই নিহিলামীয়া বিষয়ে এই কথা কৈছে, মই চময়িয়াক নপঠোৱাকৈয়ে তেওঁ তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰিলে, আৰু মিছা কথাত তোমালোকৰ বিশ্বাস জন্মালে।
\v 32 এই হেতুকে যিহোৱাই এই কথা কৈছে: চোৱা, মই নিহিলামীয়া চময়িয়াক আৰু তাৰ বংশক দণ্ড দিম; এই জাতিসমূহৰ মাজত বসতি কৰিবলৈ তাৰ এটি সন্তানো নাথাকিব, আৰু যিহোৱাই কৈছে, মই মোৰ প্ৰজাসকলৰ যি মঙ্গল কৰিম, তাক তেওঁ ভোগ কৰিবলৈ নাপাব; কাৰণ তেওঁ যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহৰ কথা ক’লে’।”
\s5
\c 30
\s যিহুদীসকললৈ যিহোৱাই কৰা প্ৰতিজ্ঞা।
\p
\v 1 যিহোৱাৰ পৰা যিৰিমিয়ালৈ অহা বাক্য এই আৰু ক’লে,
\v 2 “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘মই তোমাৰ আগত কোৱা সকলো বাক্য এখন পুথিত লিখি থোৱা।
\v 3 কিয়নো যিহোৱাই কৈছে, ‘চোৱা, মই যি দিনা মোৰ প্ৰজা ইস্ৰায়েল আৰু যিহূদাৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, এনে দিন আহিছে, ইয়াক যিহোৱাই কৈছে, ‘মই তেওঁলোকৰ পূৰ্ব্ব-পুৰুষসকলক যি দেশলৈ তেওঁলোকক ওভটাই আনিম আৰু তেওঁলোকে তাক অধিকাৰ কৰিব।”
\p
\s5
\v 4 ইস্ৰায়েল আৰু যিহূদাৰ বিষয়ে যিহোৱাই কোৱা বাক্য এইবোৰ:
\v 5 “সঁচাকৈয়ে যিহোৱাই এইদৰি কৈছে:
\q ‘আমি শান্তিজনক নোহোৱা কম্পন আৰু ভয়ৰ শব্দ শুনিলোঁ।
\q
\s5
\v 6 এতিয়া তোমালোকে সুধি চোৱা, পুৰুষৰ প্ৰসৱ-বেদনা হয় নে? প্ৰসৱকাৰিণীৰ দৰে প্ৰত্যেক পুৰুষে কঁকালত হাত দি থকা মই কিয় দেখিছোঁ?
\q আৰু প্ৰসৱকাৰিণী স্ত্রীৰ দৰে সকলোৰে মুখ কিয় বিবৰ্ণ হৈছে?
\q
\v 7 হায় হায়! সেই দিন ইমান মহৎ, যে, তাৰ নিচিনা আৰু কোনো দিন নাই।
\q এয়ে যাকোবৰেই সঙ্কটৰ কাল, কিন্তু তেওঁ তাৰ পৰা ৰক্ষা পাব।
\p
\s5
\v 8 আৰু বাহিনীসকলৰ যিহোৱাই কৈছে: সেই দিনা মই তোমাৰ ডিঙিৰ পৰা তেওঁৰ যুৱলি ভাঙি পেলাম; আৰু তোমাৰ যোত-জৰীবোৰ চিঙি পেলাম, বিদেশীসকলে তেওঁক আৰু বন্দী-কাম নকৰাব।
\v 9 কিন্তু তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ ভজনা কৰিব আৰু মই যি জনাক তেওঁলোকৰ ওপৰত নিযুক্ত কৰিম, তেওঁলোকৰ সেই ৰজা দায়ুদৰ বন্দী-কাম কৰিব।
\q
\s5
\v 10 এই হেতুকে, যিহোৱাই কৈছে, হে মোৰ দাস যাকোব, ভয় নকৰিবা; হে ইস্ৰায়েল ব্যাকুল নহবা।
\q কিয়নো চোৱা, মই দূৰৰ পৰা তোমাক, আৰু বন্দী-অৱস্থাত থকা দেশৰ পৰা তোমাৰ বংশক নিস্তাৰ কৰিম।
\q কাৰণ যাকোব ঘূৰি আহি নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকিব, কোনেও তেওঁক ভয় নেদেখুৱাব।
\q
\v 11 কিয়নো, যিহোৱাই কৈছে, ‘তোমাক ৰক্ষা কৰিবলৈ তোমাৰ লগত আছোঁ; কাৰণ মই যি জাতিৰ মাজলৈ তোমাক ছিন্ন-ভিন্ন কৰিলো, সেই আটাই জাতিক মই নিঃশেষে সংহাৰ কৰিলেও,
\q তোমাক নিঃশেষে সংহাৰ নকৰিম; কিন্তু তোমাক সুবিচাৰেৰে শাস্তি দিম, তোমাক কোনোমতেই দণ্ড নিদিয়াকৈ নেৰোঁ।
\q
\s5
\v 12 কিয়নো যিহোৱই এই কথা কৈছে, তোমাৰ ক্ষত চিকিৎসাৰ বাহিৰে, আৰু তোমাৰ ঘা কষ্টদায়ক।
\q
\v 13 তোমাক আৰোগ্য কৰিবলৈ কোনেও গাত নলয়, তোমাৰ ঘা সুস্থ কৰিব পৰা কোনো ঔষধ নাই।
\q
\s5
\v 14 তোমাৰ প্ৰেমকাৰিণী সকলোৱে তোমাক পাহৰিলে, তেওঁলোকে তোমাক নিবিচাৰে,
\q কিয়নো তোমাৰ অপৰাধৰ বহুল্যৰ কাৰণে, তোমাৰ পাপৰ বৃদ্ধিৰ কাৰণে শত্ৰূৱে আঘাত কৰাৰ দৰে মই তোমাক আঘাত কৰিলোঁ,
\q নিষ্ঠূৰ লোকে শাস্তি দিয়াৰ দৰে শাস্তি দিলোঁ।
\q
\v 15 তোমাৰ ক্ষমতাৰ কাৰণে তুমি কিয় চিঞৰিছা? তোমাৰ বেদনা উপশম হ’ব নোৱাৰা অৱস্থাত।
\q তোমাৰ অনেক অপৰাধৰ কাৰণে তোমাৰ পাপৰ বৃদ্ধিৰ কাৰণে, মই তোমালৈ এইবোৰ কৰিলোঁ।
\q
\s5
\v 16 এই হেতুকে তোমাক গ্ৰাস কৰোঁতা সকলোকে গ্ৰাস কৰা হ’ব, আৰু তোমাৰ আটাই শত্ৰূবোৰৰ প্ৰত্যেকে বন্দী-অৱস্থালৈ যাব।
\q তোমাৰ লুটকাৰীসকল লুটৰ বিষয় হ’ব, আৰু তোমাক চিকাৰ কৰোঁতা সকলোকে মই চিকাৰস্বৰূপ কৰিম।
\q
\v 17 কিয়নো যিহোৱাই কৈছে, ‘মই তোমাক পুনৰায় আৰোগ্য কৰিম; আৰু তোমাৰ ঘাবোৰ সুস্থ কৰি।
\q কাৰণ কোনো মানুহে নিবিচৰা এয়ে চিয়োন বুলি কৈ লোকে তোমাক সমাজভ্ৰষ্টা বোলে।”
\q
\s5
\v 18 যিহোৱাই এই কথা কৈছে: চোৱা, মই যাকোবৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু তেওঁৰ বাসস্থানবোৰলৈ কৃপা কৰিম।
\q আৰু নগৰখন নিজ উপপৰ্ব্বতৰ ওপৰত পুনৰায় সজা হ’ব, আৰু ৰাজগৃহত ৰীতিমতে মানুহৰ বসতি হ’ব।
\q
\v 19 আৰু সেইবোৰৰ পৰা স্তুতি-গীত আৰু আমোদকাৰীসকলৰ ধ্বনি উঠিব,
\q মই তেওঁলোকক বৃদ্ধি কৰিম, তেতিয়া তেওঁলো কম নহ’ব; মই তেওঁলোকক গৌৰৱযুক্তও কৰিম, তাতে তেওঁলোক সামান্য নহ’ব।
\q
\s5
\v 20 তেওঁলোকৰ সন্তান-সন্ততিসকল আগৰ দৰে হ’ব, তেওঁলোকৰ মণ্ডলী মোৰ আগত স্থাপিত হ’ব,
\q আৰু মই তেওঁলোকৰ উপদ্ৰৱকাৰী সকলোকে দণ্ড দিম।
\q
\v 21 তেওঁলোকৰ অধিপতি তেওঁলোকৰ ভিতৰতে হ’ব, আৰু তেওঁলোকৰ শাসনকৰ্ত্তা তেওঁলোকৰ মাজৰ পৰা ওলাব;
\q আৰু মই তেওঁক মোৰ ওচৰ চপাম, তেতিয়া তেওঁ মোৰ ওচৰ চাপিব;
\q কিয়নো যিহোৱাই কৈছে, মোৰ ওচৰলৈ আহিবলৈ কাৰ সাহস আছে?”
\q
\v 22 আৰু তোমালোক মোৰ প্ৰজা হ’বা, আৰু মই তোমালোকৰ ঈশ্বৰ হ’ম।
\q
\s5
\v 23 সৌৱা চোৱা, যিহোৱাৰ প্ৰচণ্ড ক্ৰোধৰূপ ধুমুহা, এনে কি, উৰুৱাই নিয়া প্ৰবল বতাহ আহিছে।
\q সেয়ে দুষ্টবোৰৰ মূৰত কোবেৰে লাগিব।
\q
\v 24 যিহোৱাই নিজ কাৰ্য্য নিস্পত্তি নকৰালৈকে আৰু নিজ মনৰ অভিপ্ৰায় সিদ্ধ নকৰালৈকে, তেওঁ প্ৰচণ্ড ক্ৰোধ নাথামিব।
\q তোমালোকে শেষ কালত তাক বুজিবা।”
\s5
\c 31
\p
\v 1 “সেই সময়ত” - যিহোৱাৰ এই ঘোষণা - “মই ইস্ৰায়েলৰ সকলো গোষ্ঠীৰ ঈশ্বৰ হ’ম, আৰু তেওঁলোক মোৰ প্ৰজা হ’ব।”
\v 2 যিহোৱাই এই কথা কৈছে:
\q যি ইস্ৰায়েলৰ লোকসকলে তৰোৱালৰ পৰা ৰক্ষা পাই জীয়াই আছিল তেওঁলোক অৰণ্যত দয়া পালে।
\q
\v 3 যিহোৱাই অতীতৰ পৰা দৰ্শন দিলে, আৰু মোক ক’লে, ‘সঁচাকৈ মই চিৰস্থায়ী প্ৰেমেৰে তোমাক প্ৰেম কৰোঁ।
\q এই কাৰণে মই তোমাক বহুকালৰে পৰা দয়া কৰি আহিছোঁ।
\q
\s5
\v 4 হে কুমাৰী ইস্ৰায়েল, মই তোমাক পুনৰ নিৰ্ম্মাণ কৰিম, তাতে তুমি নিৰ্ম্মিত হ’বা।
\q তুমি তোমাৰ খঞ্জৰীৰে পুনৰায় ভুষিতা হ’বা, আৰু আমোদকাৰীসকলৰ লগত নাচিবাগি ওলাই যাবা।
\q
\v 5 তুমি চমৰিয়াৰ পৰ্বতবোৰত পুনৰায় দ্ৰাক্ষাবাৰী পাতিবা; খেতিয়কসকলে তাক ৰোব, আৰু তাৰ ফল ভোগ কৰিব।
\q
\v 6 কিয়নো ইফ্ৰয়িমৰ পৰ্ব্বতত প্ৰহৰীসকলে ঘোণা কৰিব বোলে,
\q ‘উঠা, ব’লা, আমাৰ ঈশ্বৰ যিহেৱাৰ গুৰিলৈ চিয়োনলৈ যাওহঁক’।”
\p
\s5
\v 7 কাৰণ যিহোৱাই এই কথা কৈছে: “তোমালোকে যাকোবৰ কাৰণে আনন্দেৰে গীত গোৱা! আৰু জাতিবোৰৰ মুখিয়ালসকলৰ কাৰণে উল্লাসেৰে জয়-ধ্বনি কৰা, প্ৰচাৰ কৰা! প্ৰশংসা কৰা। আৰু কোৱা, ‘যিহোৱাই নিজ প্ৰজা ইস্ৰায়েলৰ অৱশিষ্ট ভাগক ৰক্ষা কৰিলে।’
\q
\s5
\v 8 চোৱা, মই তেওঁলোকক উত্তৰ দিশৰ পৰা আনিম। মই পৃথিৱীৰ অন্তভাগৰ পৰা তেওঁলোকক গোট খোৱাম।
\q তেওঁলোকৰ মাজত অন্ধ আৰু খোৰা লোক থাকিব;
\q গৰ্ভৱতী আৰু গৰ্ভবেদনা পোৱা মহিলাসকল তেওঁলোকৰ লগত থাকিব।
\q আৰু এই ঠাইলৈ এটা মহান সভা ঘূৰি আহিব।
\q
\v 9 তেওঁলোকে ক্ৰন্দন কৰি আহিব; আৰু তেওঁলোকে বিনয় কৰি থকা অৱস্থাত মই তেওঁলোকক চলাম। মই তেওঁলোকক জুৰিৰ ওচৰেদি গমন কৰাম
\q যি পোন বাটত তেওঁলোকে যেন উজুটি নাখাই, কিয়নো মই ইস্ৰায়েলৰ পিতৃ,
\q আৰু ইফ্ৰয়িম মোৰ জেষ্ট পুত্ৰ।”
\p
\s5
\v 10 হে জাতিসকল, যিহোৱাৰ বাক্য শুনা। দূৰত থকা দ্বীপবোৰত সেই বিষয়ে প্ৰচাৰ কৰা।
\q হে জাতিসকল, তোমালোকে কোৱা, “যি জনে ইস্ৰায়েলক ছিন্ন-ভিন্ন কৰিছিল, তেৱেঁই তাইক গোটাব, আৰু ৰখীয়াই নিজৰ জাকক ৰখাৰ দৰে তেওঁ তাইক সেইদৰে ৰাখিব।”
\q
\v 11 কিয়নো যিহোৱাই যাকোবক মোকলালে, আৰু তাতকৈ অধিক বলৱান জনৰ হাতৰ পৰা তেওঁক মুক্ত কৰিলে।
\q
\s5
\v 12 তেতিয়া তেওঁলোকে আহি চিয়োনৰ উচ্ছস্থানত আনন্দ কৰিব। তেওঁলোকে যিহোৱাৰ সততাত আনন্দ কৰিব,
\q যেনে ঘেহুঁ, নতুন দ্ৰাক্ষাৰস, তেল আৰু ভেড়াৰ জাকৰ পোৱালীবোৰ।
\q কিয়নো তেওঁলোকৰ জীৱন পানী দিয়া উদ্যানৰ নিচিনা হ’ব, আৰু তেওঁলোকে কেতিয়াও পুনৰ শোক অনুভৱ নকৰিব।
\q
\s5
\v 13 তেতিয়া যুৱতীসকলে নাচত আনন্দ কৰিব আৰু ডেকা আৰু বুঢ়া লোকসকলে একে লগে তেওঁলোকৰ সৈতে আনন্দ কৰিব।
\q “কিয়নো মই তেওঁলোকৰ বিলাপ হৰ্ষলৈ পৰিবৰ্ত্তন কৰিম। মই তেওঁলোকৰ ওপৰত দয়া কৰিম, আৰু তেওঁলোকৰ শোক গুচাই তাৰ সলনি তেওঁলোকক আনন্দিত কৰাম।
\q
\v 14 আৰু মই পুষ্টিকৰ দ্ৰব্যেৰে পুৰোহিতসকলৰ মন প্রচুৰতাৰে তৃপ্ত কৰিম।
\q আৰু মোৰ প্ৰজাসকলে মোৰ উত্তম বস্তুৰে নিজকে পৰিপূৰ্ন কৰিব” - এয়ে যিহোৱাৰ ঘোষণা।
\q
\s5
\v 15 যিহোৱাই এই কথা কৈছে: “ৰামাত বিলাপৰ আৰু ক্ৰন্দাৰ শব্দ শুনা গৈছে।
\q ৰাহেলে নিজৰ সন্তানসকলৰ কাৰণে ক্ৰন্দন কৰিছে; তেওঁ নিজৰ সন্তানসকলৰ বিষয়ে শান্তনা দিয়া কথা নামানে, কিয়নো তেওঁলোক আৰু জীৱিত নাই।”
\q
\s5
\v 16 যিহোৱাই এই কথা কৈছে: “তুমি ক্ৰন্দন কৰিবলৈ আৰু চকু-লো বোৱাবলৈ এৰা;
\q কিয়নো তোমাৰ কষ্টৰ পুৰস্কাৰ দিয়া হ’ব” - এয়ে যিহোৱাৰ ঘোষণা। “তোমাৰ সন্তানসকল শত্ৰূৰ দেশৰ পৰা পুনৰায় আহিব।
\q
\v 17 তোমাৰ শেষ অৱস্থাৰ বিষয়ে আশা আছে” - এয়ে যিহোৱাৰ বচন। “তোমাৰ সন্তানসকল নিজৰ অঞ্চললৈ ঘূৰি আহিব।”
\q
\s5
\v 18 “মই ইফ্ৰয়িমক বিলাপেৰে সঁচাকৈ কোৱা শুনিলোঁ। ‘তুমি মোক শাস্তি দিলা, আৰু মই শাস্তি ভোগ কৰিলোঁ।
\q যুৱলিত অভ্যাস নোহোৱা দামুৰি পোৱালিৰ নিচিনাকৈ তুমি মোক ঘূৰুউৱা, তাতে মই ঘূৰিম, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ যিহোৱা।
\q
\v 19 নিশ্চয়ে মই ঘূৰাৰ পাছতে মই মন পালটালোঁ; আৰু মই শিক্ষা পোৱাৰ পাছত মই শোকত মোৰ কৰঙনত চপৰিয়ালোঁ;
\q মোৰ ডেকা কালৰ অপমান ভাৰ বোৱাৰ কাৰণে মই লাজ পালোঁ এনে কি, বিবৰ্ণ হলোঁ।’
\q
\v 20 ইফ্ৰয়িম মোৰ প্ৰিয় পুত্ৰ নহয় নে? সি মোৰ মৰমৰ লৰা নহয় নে?
\q কিয়নো যিমানবাৰ মই তাৰ অহিতে কথা কওঁ, সিমানবাৰ পুনৰায় তাক অনুগ্ৰহেৰে সোঁৱৰণ কৰোঁ; এইদৰে তাৰ কাৰণে মোৰ হৃদয়ে হেঁপাহ কৰে।
\q অৱশ্যে মই তাক দয়া কৰিম।” - এয়ে যিহোৱাৰ বচন।
\q
\s5
\v 21 তুমি ঠায়ে ঠায়ে নিজৰ কাৰণে বাটৰ চিন ৰাখা। তোমাৰ বাট দেখুউৱা খুটা স্থাপন কৰা; তুমি যি সুপথে গৈছিলা, সেই পথ মনত ৰাখা,
\q যি পথটো তুমি ল’বা। হে কুমাৰী ইস্ৰায়েল! ওলোটা, পুনৰায় তোমাৰ এই নগৰবোৰলৈ উলটি আহাঁ।
\q
\v 22 হে অবিশ্ৱাসী জীয়াৰী, তুমি কিমান কাল অস্থিৰে থাকিবা?
\q কাৰণ যিহোৱাই পৃথিৱীত এটা নতুন বস্তু সৃষ্টি কৰিলে: তিৰোতাসকলে শক্তিশালী পুৰুষসকলক আবৰি ধৰিব।
\p
\s5
\v 23 ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “মই যেতিয়া এই লোকসকলৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, তেতিয়া তেওঁলোকে যিহূদা দেশত আৰু তাৰ নগৰবোৰত পুনৰায় এই কথা ক’ব: ‘হে ধৰ্ম্মনিবাস, হে পৱিত্ৰ পৰ্ব্বত, যহোৱাই তোমাক আশীৰ্ব্বাদ কৰক।’
\v 24 কিয়নো যিহূদা আৰু তাৰ সকলো নগৰবোৰে সেই ঠাইত বাস কৰিব। খেতিয়ক আৰু ভেড়াৰখীয়াসকলে ভেড়াৰ জাক লৈ একে লগে তাত বাস কৰিব।
\v 25 কিয়নো মই ভাগৰুৱাসকলক প্ৰাণ জুৰাৱাম, আৰু প্ৰত্যেক দুখিত প্ৰাণক পৰিতৃপ্ত কৰিম”।
\v 26 ইয়াৰ পাছত মই সাৰ পালোঁ আৰু মোৰ নিদ্ৰা মোলৈ সুখদায়ক আছিল সেয়া অনুভৱ কৰিলোঁ।
\p
\s5
\v 27 যিহোৱাই কৈছে - “চোৱা, এনে দিনবোৰ আহি আছে”, যে, সেই দিনা মই ইস্ৰায়েল আৰু যিহূদা বংশত মানুহ আৰু পশুস্বৰূপ গুটি সিঁচিম।
\v 28 তেতিয়া মই তেওঁলোকক উঘালিবলৈ, ভাঙিবলৈ, নিপাত কৰিবলৈ, বিনষ্ট কৰিবলৈ আৰু দুখ দিবলৈ তেওঁলোকৰ পক্ষে যেনেকৈ জাগি আছিলোঁ, তেওঁলোকক সাজিবলৈ আৰু ৰোবলৈ সেই দৰে তেওঁলোকৰ পক্ষে জাগি থকিম” - এয়ে যিহোৱাৰ ঘোষণা।
\p
\s5
\v 29 সেই দিনবোৰত কোনো এজন লোকে এনে কথা নকব,
\q ‘পিতৃসকলে টেঙা দ্ৰাক্ষা গুটি খালে, কিন্তু পুতেকসকলৰ দাঁত টেঙালে।’
\v 30 কিয়নো প্ৰতিজনে নিজ নিজ অপৰাধৰ কাৰণে মৰিব; যি সকলে টেঙা গ্ৰাক্ষাগুটি খাব, তেওঁৰেইহে দাঁত টেঙাব।
\p
\s5
\v 31 যিহোৱাই কৈছে: “চোৱা, এনে কোনো দিন আহি আছে - “সেই দিনা মই ইস্ৰায়েল-বংশ আৰু যিহূদা বংশৰ সৈতে এক নতুন নিয়ম স্থাপন কৰিম।
\v 32 মিচৰ দেশৰ পৰা উলিয়াই অনাৰ দিনত তেওঁলোকৰ পূৰ্ব্ব–পুৰুষসকলৰ হাত ধৰিবৰ দিনা তেওঁলোকৰ সৈতে যি নিয়ন স্থাপন কৰা হৈছিল সেই নিয়মটিৰ অনুসাৰে নহয়। সেই দিনবোৰত তেওঁলোকে মোৰ নিয়মটি ভাঙিছিল, যদিও মই তেওঁলোকৰ স্বামীৰ দৰে আছিলোঁ” - এয়ে যিহোৱাৰ ঘোষণা।
\p
\s5
\v 33 “কিন্তু সেই দিনৰ পাছত ইস্ৰায়েল-বংশৰ লগত মই যি নিয়ম কৰিম, সেই নিয়মটি এই” - মই তেওঁলোকৰ অন্তৰত মোৰ নিয়ম স্থাপন কৰিম, আৰু তেওঁলোকৰ হৃদয়ত সেই বিষয়ে লিখিম, কিয়নো মই তেওঁলোকৰ ঈশ্বৰ হ’ম আৰু তেওঁলোক মোৰ প্ৰজা হ’ব।
\v 34 তেতিয়া প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰিয়াক বা প্ৰতিজনে নিজ নিজ ভাইক এই শিক্ষা নিদিব বোলে, ‘যিহোৱাক জানা! কিয়নো তেওঁলোকৰ সকলো বৰৰ পৰা সৰুলৈকে সকলোৱে মোক জানিব” - এয়ে যিহোৱাৰ ঘোষণা। “কিয়নো মই তেওঁলোকৰ অপৰাধ ক্ষমা কৰিম আৰু তেওঁলোকৰ পাপ মই আৰু কেতিয়াও নুসুঁৱৰিম।”
\p
\s5
\v 35 যিহোৱাই এইদৰে কৈছে - যি জন যিহোৱাই দিনৰ পোহৰৰ কাৰণে সুৰ্য্য আৰু ৰাতিৰ পোহৰৰ কাৰণে চন্দ্ৰ আৰু তৰাবোৰৰ নিয়ম স্থাপন কৰে, যি জনে সাগৰৰ ঢৌৱে গৰ্জ্জন কৰাকৈ সমুদ্ৰক আস্ফালন কৰায়, বাহিনীসকলৰ যিহোৱাৰ নামেৰে তেওঁ এই কথা কৈছে:
\q
\v 36 “যদিহে এই স্থায়ী নিয়মবোৰ মোৰ আগৰ পৰা গুচে” - যিহোৱাই এই কথা কৈছে -
\q তেন্তে ইস্ৰায়েল বংশও চিৰকালৰ কাৰণে মোৰ আগত এক জাতি হোৱাৰ পৰা স্থগিত হ’ব।”
\q
\s5
\v 37 যিহোৱাই এই কথা কৈছে: যদি ওপৰত আকাশ-মণ্ডল জুখিব পাৰি,
\q আৰু তলত পৃথিৱীৰ মূলবোৰ অনুসন্ধান কৰিব পাৰি,
\q তেনেহ’লে ইস্ৰায়েলে কৰা সকলো কৰ্ম্মৰ কাৰণে মইও গোটেই ইস্ৰায়েল-বংশক দূৰ কৰিম - এয়ে যিহোৱাৰ বচন।
\p
\s5
\v 38 যিহোৱাই এই কথা কৈছে - “চোৱা, এনে কোনো দিন আহি আছে” - যি দিনা মোৰ উদ্দেশ্যে হননেলৰ কোঁঠৰ পৰা চুকৰ দুৱাৰলৈকে নগৰখন সজা হ’ব,
\v 39 তেতিয়া পৰিমাণ-জৰী গাৰেব পৰ্ব্বতলৈকে পোনে পোনে টনা যাব; আৰু ঘূৰি গোৱালৈ আহিব।
\v 40 আৰু মৰা শৱ আৰু ছাই পেলোৱা গোটাই উপত্যকা, আৰু কিদ্ৰোণ জুৰিলৈকে সকলো মুকলি ঠাই পূবফালে থকা অশ্ব-দুৱাৰৰ চুকলৈকে যিহোৱাৰ উদ্দেশ্যে পৱিত্ৰ হ’ব; তাক চিৰকালৰ কাৰণে উঘলা বা কেতিয়াও পৰাভূত কৰা নহ’ব।”
\s5
\c 32
\s যিৰিমিয়াই কিনি লোৱা এডোখৰ মাটিৰ উপমা।
\p
\v 1 যিহূদাৰ চিদিকিয়া ৰজাৰ ৰাজত্বৰ দশম বছৰত, অৰ্থাৎ নবূখদনেচৰৰ ৰাজ্বৰ অষ্টাদশ বছৰত যিহোৱাৰ পৰা যিৰিমিয়াৰ ওচৰলৈ যি বাক্য আহিছিল, তাৰ বিষয় এই।
\v 2 সেই সময়ত, বাবিলৰ ৰজাৰ সৈন্যসান্তই যিৰূচালেম অৱৰোধ কৰিছিল, আৰু যিৰিমিয়া ভাববাদী যিহূদাৰ ৰাজগৃহৰ প্ৰহৰীৰ চোতালত বন্দী অৱস্থাত আছিল।
\p
\s5
\v 3 যিহূদাৰ ৰজা চিদিকিয়াই তেওঁক বন্দী কৰি থৈ কৈছিল, “তুমি এই বুলি কিয় ভাববাণী প্ৰচাৰ কৰিছা বোলে, ‘যিহোৱাই এইদৰে কৈছে: চোৱা, মই এই নগৰখন বাবিলৰ ৰজাৰ হাতত সমৰ্পণ কৰিম, আৰু তেওঁ তাক অধিকাৰ কৰি ল’ব;
\v 4 যিহূদাৰ ৰজা চিদিকিয়া কলদীয়াসকলৰ হাতৰ পৰা সাৰি নাজাব কিয়নো তেওঁক অৱশ্যে বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হ’ব। তেওঁ সম্মুখা-সম্মুখি হৈ ৰজাৰ লগত কথা হ’ব, আৰু তেওঁ ৰজাৰ চকুৱে চকুৱে দেখা দেখি হ’ব;
\v 5 কিয়নো চিদিকিয়া বাবিললৈ যাব, আৰু মই তেওঁৰ বিচাৰ নকৰালৈকে তাতেই তেওঁ থকিব” - এয়ে যিহোৱাৰ ঘোণা। তোমালোকে যদিও কলদীয়াসকলৰ সৈতে ৰণ কৰিছা, তথাপি কৃতকাৰ্য্য নহ’বা,”
\p
\s5
\v 6 যিৰিমিয়াই ক’লে, “যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
\v 7 ‘চোৱা, তোমাৰ দদায়েৰা চল্লূমৰ পুত্ৰ হনমেলে তোমাৰ ওচৰলৈ আহি এই কথা ক’ব, “অনাথোতত থকা মোৰ শস্যক্ষেত্ৰখন তুমি নিজৰ কাৰণে কিনি লোৱা, কিয়নো তাক কিনি মোকলাবলৈ তোমাৰ স্বত্ব আছে”।”
\p
\s5
\v 8 পাছত যিহোৱাৰ বাক্য অনুসাৰে মোৰ দদাইৰ পুত্র হনমেলে প্ৰহৰীৰ চোতাললৈ মোৰ ওচৰলৈ আহি ক’লে, “মই বিনয় কৰোঁ, বিন্যামীন দেশৰ অনাথোত থকা মোৰ শস্যক্ষেত্ৰখন তুমি কিনি লোৱা, কিয়নো তাৰ উত্তৰাধিকাৰ আৰু মোকলাবৰ স্বত্ব তোমাৰ; তুমি নিজৰ কাৰণে তাক কিনি লোৱা।” তেতিয়া, এয়ে যে যিহোৱাৰ বাক্য, সেই বিষয়ে মই জানিলোঁ।
\v 9 এই কাৰণে মই মোৰ দদাইৰ পুত্রক হনমেলৰ পৰা অনাথোতত থকা শস্যক্ষেত্ৰখন কিনি লৈ তাৰ ধন সোতৰ চেকল ৰূপ তেওঁক জুখি দিলোঁ।
\p
\s5
\v 10 মই দলীলত চহি দি তাক মোহৰ মাৰি বন্ধ কৰিলোঁ, আৰু সাক্ষী মাতি, তেওঁক তৰ্জুত সেই ৰূপ জুখি দিলোঁ।
\v 11 তাৰ পাছত মই মাটিৰ বৰ্ণনা আৰু নিয়ম থকা খৰিদা দলীল দুখন, অৰ্থাত মোহৰ মাৰি বন্ধ কৰা আৰু খোলা এই দুয়োখন ললোঁ।
\v 12 তাৰ পাছত মোৰ দদাইৰ পুত্র হনমেলৰ সন্মুখত, খৰিদা দলীলত চহি দিয়া সাক্ষীবোৰৰ আগত আৰু প্ৰহৰীৰ চোতালত বহি থকা সকলো যিহূদী লোকৰ আগত মই এই খৰিদা দলীলখন মহচেয়াৰ নাতিয়েক নেৰিয়াৰ পুত্ৰ বাৰুকৰ হাতত সোধাই দিলোঁ।
\p
\s5
\v 13 তেতিয়া তেওঁলোকৰ আগতে বাৰুকক মই এই আজ্ঞা দিলোঁ, মই ক’লো
\v 14 “ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘তুমি মোহৰ মাৰি বদ্ধ কৰা এই খৰিদা দলীলখন আৰু এই খোলা দলীলখন, দুয়োখন লৈ বহুদিনলৈ থাকিবৰ কাৰণে এক নতুন মাটিৰ পাত্ৰত থোৱা।’
\v 15 কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘ঘৰ, শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী এই দেশত পুনৰায় কিনা যাব’।”
\p
\s5
\v 16 নেৰিয়াৰ পুত্ৰ বাৰুকক এই খৰিদা দলীলখন দিয়াৰ পাছত মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লোঁ,
\v 17 “হে প্ৰভু যিহোৱা, চোৱা, তুমিয়েই তোমাৰ মহা শক্তিৰে আৰু মেলা বহুৰে আকাশ-মণ্ডল আৰু পৃথিৱী নিৰ্মাণ কৰিলা। তোমাৰ অসাধ্য একোৱেই নাই;
\v 18 তুমি হাজাৰ হাজাৰ লোকলৈ দয়া প্ৰকাশ কৰোঁতা, আৰু লোকসকলৰ অপৰাধৰ প্ৰতিফল তেওঁলোকৰ পাছত হোৱা তেওঁলোকৰ সন্তান-সন্তুতিৰ বুকুত দিওঁতা। তুমিয়ে মহান পৰাক্ৰমী ঈশ্বৰ; বাহিনীসকলৰ যিহোৱা তোমাৰ নাম।
\p
\s5
\v 19 তুমি জ্ঞানত মহান, আৰু কাৰ্যত শ্ৰেষ্ঠ, কিয়নো প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিবলৈ মনুষ্য-সন্তানসকলৰ আটাই আচাৰ-ব্যৱহাৰৰ ওপৰত তোমাৰ চকু মেলা আছে।
\v 20 তুমি মিচৰ দেশত নানা চিন আৰু বিস্মিত লক্ষণ দেখুৱাইছিলা। আজিলৈকে ইস্ৰায়েল আৰু আন আন লোকসকলৰ মাজত তুমি নিজৰ কাৰণে তোমাৰ নাম প্ৰখ্যাত কৰিলা।
\v 21 তুমি নানা চিন, বিস্মিত লক্ষণ, বলী হাত, মেলা বাহু আৰু মহাভয়ানকতাৰে তোমাৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিছিলা।
\p
\s5
\v 22 আৰু গাখীৰ মৌ-জোল বৈ যোৱা যি দেশ তেওঁলোকক দিম বুলি তুমি তেওঁলোকৰ পূৰ্ব্ব–পুৰুষসকলৰ আগত শপত কৰিছিলা, সেই দেশ তুমি তেওঁলোকক দিলা।
\v 23 তেতিয়া তেওঁলোকে সোমাই তাক অধিকাৰ কৰি ল’লে। কিন্তু তেওঁলোকে তোমাৰ বাক্য পালন নকৰিলে, বা তোমাৰ ব্যৱস্থাত নচলিলে। তুমি তেওঁলোকক যি যি কাৰ্য কৰিবলৈ আজ্ঞা দিছিলা, সেইবোৰৰ একোকে তেওঁলোকে নকৰিলে, আৰু এই কাৰণে তুমি তেওঁলোকৰ ওপৰত এই সকলো দুৰ্যোগ ঘটালা।
\p
\s5
\v 24 চোৱা! নগৰখন অধিকাৰ কৰিবলৈ উদ্দেশ্যেৰে সৌৱা হাদামবোৰ ওচৰ পালেহি। কিয়নো তৰোৱাল, আকাল আৰু মহামাৰীৰ কাৰণে এই নগৰখন তাৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে। আৰু তুমি যি ঘটাৰ কথা কৈছিলা সেয়ে ঘটি আছে; আৰু চোৱা, তুমি তাকেই দেখি আছা।
\v 25 আৰু হে প্ৰভু, তুমি এই বুলি মোক কৈছিলা বোলে, “ৰূপ দি শস্যক্ষেত্ৰ কিনা, আৰু সাক্ষী মাতা, অথচ এই নগৰখন কলদীয়াসকলৰ হাতত শোধাই দিয়া হৈছে।”
\p
\s5
\v 26 তেতিয়া যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল বোলে,
\v 27 “চোৱা! ময়েই যিহোৱা, সকলো মৰ্ত্ত্যৰেই ঈশ্বৰ। মোৰ অসাধ্য জানো কিবা আছে নে?”
\v 28 এই কাৰণে যিহোৱাই এই কথা কৈছে: “চোৱা, মই কলদীয়াসকলক আৰু বাবিলৰ ৰজা নবূখদৰেচৰৰ হাতত এই নগৰখন সৰ্ম্পণ কৰিম। তেতিয়া তেওঁ তাক হাত কৰি ল’ব।
\p
\s5
\v 29 আৰু এই নগৰখনৰ বিৰুদ্ধে যি কলদীয়াসকলে যুদ্ধ কৰিছে, তেওঁলোকে আহি এই নগৰত জুই লগাই দিব, আৰু মোক উত্তেজিত কৰাৰ কাৰণে যি ঘৰবোৰৰ চালত লোকসকলে বালৰ উদ্দেশ্যে ধূপ উৎসৰ্গ কৰিছিল আৰু আন দেৱতাৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিছিল, সেইবোৰ ঘৰে সৈতে এই সকলোবোৰ পুৰি পেলাব।
\v 30 কিয়নো ইস্ৰায়েল আৰু যিহূদাৰ সন্তানসকলে লৰা কালৰে পৰা মোৰ সাক্ষাতে কেৱল কু-কৰ্মহে কৰা লোক আছিল; ইস্ৰায়েলৰ সন্তানসকলে নিজ নিজ হাতৰ কাৰ্যৰে কেৱল মোক বেজাৰহে দিছে” - এয়ে যিহেৱাৰ ঘোষণা।
\p
\s5
\v 31 “কিয়নো তেওঁলোকে এই নগৰখন সজা দিনৰে পৰা আজিলৈকে, ই মোৰ পক্ষে কেৱল মোৰ ক্ৰোধ আৰু কোপৰ কাৰণ হে হৈ পৰিছে। সেই কাৰণে মোৰ আগৰ পৰা মই এই নগৰখন দূৰ কৰি ইয়াৰ পৰা বিমুখে থাকিম,
\v 32 কিয়নো ইস্ৰায়েল আৰু যিহূদাৰ সন্তানসকলে, মোক বেজাৰ দিবৰ অৰ্থে কৰা তেওঁলোকৰ সকলো দুষ্কৰ্ম্মৰ দ্ৱাৰাই মোক উত্তেজিত কৰিলে - তেওঁলোকৰ ৰজাসকল, প্ৰধান লোকসকল, পুৰোহিতসকল, ভাববাদীসকল আৰু যিহূদাৰ প্রত্যেক জন লোক আৰু যিৰূচালেম-নিবীসীসকল।
\p
\s5
\v 33 তেওঁলোকে মোলৈ মুখ নিদি পিঠি দিলে যদিও মই প্ৰভাতে তেওঁলোকক আগ্রহেৰে শিক্ষা দিছিলোঁ। মই তেওঁলোকক শিক্ষা দিবলৈ প্রচেষ্টা কৰিছিলোঁ তথাপি তেওঁলোকৰ কোনো এজনে মোৰ সৎ শিক্ষা গ্ৰহণ কৰিবলৈ কাণ নিদিলে।
\v 34 কিন্তু মোৰ নামেৰে প্ৰখ্যাত হোৱা গৃহটি অশুচি কৰিবৰ অৰ্থে তেওঁলোকে তাৰ ভিতৰত তেওঁলোকৰ ঘৃণনীয় বস্তুবোৰ ৰাখিলে।
\v 35 তাৰ পাছত তেওঁলোকে হিন্নোমৰ পুত্রৰ উপত্যকাত থকা বালৰ পবিত্র ঠাইবোৰ সাজিলে যাতে তেওঁলোকে মোলকৰ উদ্দেশ্যে নিজ নিজ পো-জীবোৰক বলি দিব পাৰে যি বিষয়ে সেই ঘিণলগীয়া কাৰ্য কৰিবৰ কাৰণে মই আজ্ঞা কৰা নাছিলোঁ, আৰু মোৰ মনত উদয়ো হোৱা নাছিল। এইদৰে কাৰ্য কৰি তেওঁলোকে যিহূদাক পাপ কৰালে।
\p
\s5
\v 36 এই কাৰণে এতিয়া, মই যিহেৱা, ইস্ৰায়েলৰ ঈশ্বৰে এই নগৰৰ বিষয়ে কৈছে, যাৰ বিষয়ে তোমালোকে কৈছা, ‘যি তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই এই নগৰখন বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হৈছে:
\v 37 চোৱা, মই মোৰ ক্ৰোধ, কোপ আৰু মহাৰোগত তেওঁলোকক যি যি দেশলৈ খেদাই পঠাইছিলোঁ, সেই সকলো দেশৰ পৰাই তেওঁলোকক মই গোট খোৱাম, আৰু মই পুনৰায় তেওঁলোকক এই ঠাইলৈ আনি নিৰাপদে বাস কৰাম।
\p
\s5
\v 38 তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হম।
\v 39 মই তেওঁলোকক এক চিত্ত আৰু এক পথ দিম যাতে তেওঁলোকে মোক প্রতিদিনে সন্মান কৰিবৰ কাৰণে তেওঁলোক আৰু তেওঁলোকৰ পাছৰ সন্তানসকলৰ মঙ্গল হয়।
\v 40 তেওঁলোকৰ মঙ্গল কৰিবলৈ অৰ্থে, মই যেন তেওঁলোকৰ পৰা নুঘূৰিম, সেই কাৰণে মই তেওঁলোকৰ সৈতে এনে এক চিৰস্থায়ী নিয়ম স্থাপন কৰিম যাতে তেওঁলোকৰ মনত মোৰ বিষয়ৰ ভয় স্থাপন কৰিম যাতে তেওঁলোক মোৰ পাছত চলি মোৰ পৰা কেতিয়াও আঁতৰ নহয়।
\s5
\v 41 তেতিয়া মই তেওঁলোকৰ মঙ্গল কৰিবলৈ মই তেওঁলোকত আনন্দ কৰিম, আৰু নিশ্চয়ে সমস্ত মনেৰে আৰু সমস্ত প্ৰাণেৰে মই তেওঁলোকক এই দেশত ৰোম।”
\p
\v 42 কিয়নো যিহোৱাই এই কথা কৈছে: মই লোকসকললৈ যেনেকৈ এই সকলো মহা-আপদ ঘটালোঁ, তেনেকৈ মই তেওঁলোকলৈ প্ৰতিজ্ঞা কৰা সকলো মঙ্গলো ঘটাম।
\p
\s5
\v 43 তেতিয়া এই যি দেশৰ বিষয়ে, ‘ই মনুষ্য আৰু পশুশূন্য ধ্বংসস্থান, ইয়াক কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে’, এই বুলি তোমালোকে কৈছা, এই দেশৰ শস্যক্ষেত্ৰ কিনা হ’ব।
\v 44 তেওঁলোকে ধন দি শস্যক্ষেত্ৰ কিনিব, আৰু দলীলত চহি দি, মোহৰ মাৰি বন্ধ কৰিব। বিন্যামীন প্ৰদেশত, যিৰূচালেমৰ চাৰিওফালে থকা ঠাইত, আৰু যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলৰ নিম্ন-ভুমিৰ, আৰু দক্ষিণ অঞ্চলৰ নগৰবোৰত সাক্ষী মাতিব; কিয়নো মই তেওঁলোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম” - এয়ে যিহোৱাৰ ঘোষণা।
\s5
\c 33
\s যিহূদীসকলৰ বন্দীত্বৰ পৰিবৰ্ত্তন।
\p
\v 1 তাৰ পাছত দ্বিতীয়বাৰ যিৰিমিয়ালৈ যিহোৱাৰ বাক্য আহিল বোলে, (সেই সময়ত তেওঁ প্ৰহৰীৰ চোতালত বন্দী অৱস্থাত আছিল।)
\v 2 “এই কাৰ্য্যৰ কৰ্ত্তা যিহোৱা, যি জনাই ইয়াক সিদ্ধ কৰিবলৈ কল্পনা কৰে, যিহোৱা নামেৰে প্ৰখ্যাত হোৱা সেই যিহেৱাই এইদৰে কৈছে:
\v 3 ‘তুমি মোৰ আগত প্ৰাৰ্থনা কৰা; তাতে মই তোমাক উত্তৰ দিম, আৰু তুমি নজনা মহত আৰু অগম্য কথা তোমাক জনাম।’
\p
\s5
\v 4 কিয়নো হাদামবোৰআৰু তৰোৱালৰ পৰা ৰক্ষাৰ উপায় কৰিবলৈ এই নগৰৰ আৰু যিহূদাৰ ৰজাসকলৰ যি ঘৰবোৰ ভঙা হৈছৈ, সেই ঘৰবোৰৰ বিষয়ে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে:
\v 5 লোকসকলে কলদীয়াসকলৰ সৈতে যুদ্ধ কৰিবলৈ আহিছে, কিন্তু যিসকলক মই মোৰ ক্ৰোধ আৰু মহা-কোপত বধ কৰিলোঁ, আৰু যিসকলৰ সকলো দুষ্টতাৰ কাৰণে মই এই নগৰৰ পৰা মোৰ মুখ লুকুৱাই ৰাখিলোঁ, সেইবোৰ মানুহৰ মৰা শৱেৰে এই ঘৰবোৰ পৰিপূৰ্ণ কৰিবলৈহে আহিছে।
\p
\s5
\v 6 কিন্তু চোৱা, মই নগৰৰ ঘা বান্ধি চিকিতসা কৰিম, তেওঁলোকক সুস্থ কৰিম আৰু তেওঁলোকলৈ প্ৰচুৰ পৰিমানে কুশল, শান্তি আৰু সত্যতা আনিম।
\v 7 কিয়নো মই যিহূদা আৰু ইস্ৰায়েলৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু আগৰ দৰে পুনৰায় তেওঁলোকক স্থাপন কৰিম।
\v 8 আৰু যি অপৰাধৰ দ্বাৰাই তেওঁলোকে মোৰ অহিতে পাপ কৰিলে, তেওঁলোকৰ সেই সকলো অপৰাধ মই ধুই পেলাম; আৰু যি নানা অপৰাধেৰে তেওঁলোকে মোৰ অহিতে পাপ কৰিলে, আৰু যাৰ দ্বাৰাই তেওঁলোকে অধৰ্ম্ম–আচৰণ কৰিলে, মই তেওঁলোকৰ সেই সকলো অপৰাধ ক্ষমা কৰিম।
\v 9 আৰু মই তেওঁলোকলৈ কৰা সকলো মঙ্গল-কাৰ্য্যৰ কথা পৃথিৱীৰ যি জাতিসকলে শুনিব, আৰু মই তেওঁলোকৰ কাৰণে কৰা আটাই মঙ্গল আৰু শান্তিৰ কথা শুনি ভয়ত কঁপিব, সেই সকলো জাতিৰ আগত এই নগৰ মোৰ পক্ষে আনন্দজনক নাম, প্ৰশংসা আৰু গৌৰৱৰ বিষয় হ’ব’।”
\p
\s5
\v 10 যিহোৱাই এই কথা কৈছে: “এই যি ঠাইৰ বিষয়ে তোমালোকে কৈছা, যে, ‘ই উচ্ছন্ন। মনুষ্য আৰু পশুশূন্য, এই ঠাইত মনুষ্য আৰু আৰু পশুশূন্য আৰু যিহূদাৰ নগৰ আৰু যিৰূচালেমৰ আলিবাটবোৰ নিৰ্জন।
\v 11 আকৌ আনন্দৰ ধ্বনি, উল্লাসৰ ধ্বনি, দৰা-কন্যা ধ্বনি আৰু “বাহিনীসকলৰ যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো যিহোৱা মঙ্গলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে,” এই বুলি কোৱাসকলৰ ধ্বনি, আৰু যিহোৱাৰ গৃহলৈ ধন্যবাদাৰ্থক বলি অনাসকলৰ ধ্বনি পুনৰায় শুনা যাব। কিয়নো, মই এই দেশৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰি আগৰ দৰে কৰিম। কিয়নো যিহোৱাই এই কথা কৈছে।
\p
\s5
\v 12 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “এই উচ্ছন্ন ঠাইত মানুহ আৰু পশুশূন্য আৰু ইয়াৰ সকলো নগৰত ভেড়াৰ জাকক শয়ন কৰাওঁতা ৰখীয়াসকলৰ বসতিৰ ঠাই পুনৰায় হ’ব।
\v 13 পৰ্ব্বতীয়া অঞ্চলত, নিম্ন-ভুমিৰ আৰু দক্ষিণ অঞ্চলৰ নগৰবোৰত, বিন্যামীন প্ৰদেশত, যিৰূচালেমৰ চাৰিওফালৰ ঠাইবোৰত আৰু যিহূদাৰ নগৰবোৰত ভেড়া-গণনাকাৰী লোকৰ হাতৰ তলেদি ভেড়াৰ জাকবিলাক পুনৰায় গমন কৰিব। যিহোৱাই এই কথা কৈছে।
\p
\s5
\v 14 যিহোৱাই কৈছে - “চোৱা, ইস্ৰায়েল-বংশ আৰু যিহূদা-বংশৰ বিষয়ে মই কোৱা মঙ্গল-বাক্য যি দিনা সিদ্ধ কৰিম, এনে দিনবোৰ আহি আছে।
\v 15 সেই দিনা আৰু সেই কালত মই দায়ুদৰ বংশত এটা ধাৰ্ম্মিক গজালি গজাম, আৰু তেওঁ দেশত বিচাৰ আৰু ন্যায় সিদ্ধ কৰিব।
\v 16 সেই দিনা যিহূদাই পৰিত্ৰাণ পাব, আৰু যিৰূচালেমে নিৰাপদে বাস কৰিব, আৰু “যিহোৱাই আমাৰ ধাৰ্ম্মিকতা,” এই নামেৰে সেই নগৰ প্ৰখ্যাত হব।
\p
\s5
\v 17 কিয়নো যিহোৱাই এই কথা কৈছে: ইস্ৰায়েল-বংশৰ সিংহাসনৰ ওপৰত বহিবলৈ দায়ূদ-বংশীয় পুৰুষৰ কেতিয়াও অভাৱ নহ’ব;
\v 18 আৰু মোৰ আগত হোম-বলি উৎসৰ্গ কৰিবলৈ, নৈবেদ্য দগ্ধ কৰিবলৈ, আৰু নিত্যে নিত্যে মঙ্গলাৰ্থক বলিদান কৰিবলৈ লেবীয়া পুৰোহিতসকলর মাজৰ কোনো পুৰুষৰ অভাৱ নহ’ব।
\p
\s5
\v 19 পাছত যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, আৰু ক’লে,
\v 20 যিহোৱাই এই কথা কৈছে: দিন আৰু ৰাতিৰ মোৰ নিয়ম যদি তোমালোকে এনেকৈ ভাঙিব পাৰা, যে, নিজ নিজ সময়ত দিন কি ৰাতি নহ’ব,
\v 21 তেন্তে মোৰ দাস দায়ূদে সৈতে কৰা মোৰ নিয়মটিও এনেকৈ ভাঙিব পৰা যাব, যে, তেওঁৰ সিংহাসনত বহি ৰাজশাসন কৰিবলৈ তেওঁৰ এটি সন্তানো নহ’ব; আৰু মোৰ পৰিচাৰক লেবীয়া পুৰোহিতসকলৰ সৈতে কৰা মোৰ নিয়মটিও ভাঙিব পৰা যাব।
\v 22 সৰগৰ বাহিনীসকলক যেনেকৈ গণিব নোৱাৰি, আৰু সমুদ্ৰৰ বালি যেনেকৈ জুখিব নোৱাৰি, সেইদৰে মই মোৰ দাস দায়ূদৰ বংশৰ আৰু মোৰ পৰিচৰ্য্যা কৰোঁতা লেবিয়াসকলক বৃদ্ধি কৰিম।”
\p
\s5
\v 23 পুনৰায় যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
\v 24 “এই জাতিয়ে যি কৈছে, সেই বিষয়ে জানো তুমি ভু পোৱা নাই যেতিয়া তেওঁলোকে কৈছে, ‘যিহোৱাই নিজৰ মনোনীত এই দুই গোষ্ঠীক অগ্ৰাহ্য কৰিছে’; তেওঁলোকে নিজৰ আগত মোৰ প্ৰজাসকলক এক জাতি বুলি আৰু গণনা নকৰি এইদৰে হেয়জ্ঞান কৰে।’
\p
\s5
\v 25 মই যিহোৱাই এই কথা কৈছোঁ: দিন আৰু ৰাতি মোৰ নিয়ম যদি নৰয়, আৰু যদি মই স্ৱৰ্গ আৰু পৃথিৱীৰ নিয়মবোৰ নিৰূপণ নকৰাকৈ থকোঁ,
\v 26 তেতিয়া মই যাকোবৰ আৰু মোৰ দাস দায়ূদৰ বংশকো অগ্ৰাহ্য কৰি আব্ৰাহাম, ইচ্হাক আৰু যাকোবৰ বংশৰ ওপৰত শাসন কৰিবলৈ তেওঁৰ বংশৰ এজনকো নলম; কিয়নো মই তেওঁলোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু তেওঁলোকৰ প্রতি দয়া কৰিম।
\s5
\c 34
\s চিদিকিয়াৰ ভাবী বন্দীত্ব, আৰু তেওঁ পতা নিয়মটিৰ বিষয়।
\p
\v 1 বাবিলৰ ৰজা নবূখদনেচৰ, তেওঁৰ সৈন্যসামন্ত আৰু তেওঁৰ অধিনে থকা পৃথিৱীৰ সকলো ৰাজ্যবোৰ, আৰু সকলো জাতিসকলে যিৰুচালেম আৰু তাৰ সকলো নগৰৰ বিৰুদ্ধে যুদ্ধ কৰা সময়ত, যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ পৰা এই বাক্য আহিল, বোলে,
\v 2 “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘তুমি যোৱা, আৰু যিহূদাৰ ৰজা চিদিকিয়াৰ লগত কথা হৈ তেওঁক কোৱা, “যিহোৱাই এইদৰে কৈছে: চোৱা, মই বাবিলৰ ৰজাৰ হাতত এই নগৰখন সমৰ্পণ কৰিম, আৰু তেওঁ এই নগৰখন জুইৰে দগ্ধ কৰিব;
\v 3 আৰু তুমি তেওঁৰ হাতৰ পৰা ৰক্ষা নাপাবা, কিন্তু নিশ্চয়ে ধৰা পৰি তেওঁৰ হাতত সমৰ্পিত হ’বা; তুমি যেতিয়া বাবিললৈ যাবা তেতিয়া তোমাৰ চকুৱে বাবিলৰ ৰজাৰ চকুৱে চকুৱে দেখিব, আৰু তেওঁ সম্মুখা-সম্মুখী হৈ তোমাৰ লগত কথা হ’ব।’
\p
\s5
\v 4 হে যিহূদাৰ ৰজা চিদিকিয়া, তুমি যিহোৱাৰ বাক্য শুনা! যিহোৱাই তোমাৰ বিষয়ে এইদৰে কৈছে: ‘তুমি তৰোৱালৰ দ্বাৰাই নমৰিবা;
\v 5 তুমি শান্তিৰে মৰিবা। তোমাৰ আগেয়ে হোৱা তোমাৰ পূৰ্ব্ব-পুৰুষ ৰজাসকলৰ কাৰণে লোকসকলে যেনেকৈ সুগন্ধি দ্ৰব্য জ্বলাইছিল, তেনেকৈ তোমাৰ বাবেও জ্বলাব, আৰু তেওঁলোকে “হায় প্ৰভু” এই বুলি কৈ তোমাৰ কাৰণে বিলাপ কৰিব; কিয়নো এতিয়া মই এই কথা কলোঁ। এয়ে যিহোৱাৰ ঘোষণা’।”
\p
\s5
\v 6 তেতিয়া যিৰিমিয়া ভাববাদীয়ে যিৰূচালেমত যিহূদাৰ ৰজা চিদিকিয়াক সেই সকলো কথাবোৰ ক’লে।
\v 7 সেই কালত বাবিলৰ ৰজাৰ সৈন্যসামন্তই যিৰূচালেম আৰু যিহূদাৰ অৱশিষ্ট আটাই নগৰৰ বিৰুদ্ধে, লাখিচ আৰু অজেকাৰ অহিতে যুদ্ধ কৰিছিল; কিয়নো যিহূদাৰ নগৰবোৰৰ মাজত কেৱল এই দুখনহে গড়েৰে আবৃত নগৰ অৱশিষ্ট আছিল।
\p
\s5
\v 8 বন্দী-বেটীৰ আগত মুক্তি ঘোষণা কৰিবলৈ, চিদিকিয়া ৰজাই যিৰূচালেমত থকা আটাই প্ৰজাৰে সৈতে এটি নিয়ম স্থাপন কৰাৰ পাছত, যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল -
\v 9 সেই নিয়মটি এই, যে, প্ৰত্যেক মানুহে নিজ ইব্ৰী বন্দী বা বেটিক মুকলি কৰি দিব, অৰ্থাৎ কোনো এজন যিহূদী লগৰীয়াক আৰু কেতিয়াও বন্দী-কাম নকৰাব।
\p
\s5
\v 10 তেতিয়া সকলো প্ৰধান লোক আৰু আটাই প্ৰজা এই নিয়মটিত মান্তি হ’ল। প্ৰত্যেকে নিজৰ বন্দীক আৰু নিজৰ বেটীক মুকলি কৰি দিব আৰু কোনেও যেন তেওঁলোকক আৰু কেতিয়াও বন্দী-কাম নকৰাব। লোকসকলে এই নিয়মটিত মান্তি হৈ তেওঁলোকক এৰি দিলে।
\v 11 কিন্তু পাছত তেওঁলোকে মন ঘূৰালে, আৰু তেওঁলোকে মুকলি কৰি দিয়া বন্দী-বেটীসকলক ঘূৰাই আনিলে আৰু নিজৰ বন্দী-বেটী কৰিবলৈ তেওঁলোকক বশীভুত কৰিলে।
\p
\s5
\v 12 এই কাৰণে যিহোৱাৰ পৰা যিৰিমিয়াৰ ওচৰলৈ এই বাক্য আহিল বোলে,
\v 13 “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: বন্দীঘৰস্বৰূপ মিচৰ দেশৰ পৰা তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক উলিয়াই অনা দিনা ময়েই তেওঁলোকৰ লগত নিয়ম এটি স্থিৰ কৰিছিলোঁ। তেতিয়া মই কৈছিলোঁ যে,
\v 14 ‘তোমালোক প্ৰতিজনে নিজ নিজ ইব্ৰী ভাইক সপ্তম বছৰৰ মূৰত এৰি দিবা, যি জন তোমাৰ তোমাৰ হাতত বেচা হ’ল, আৰু তোমাৰ অধীনত ছবছৰ সেৱা কৰিলে, তুমি তাক মুকলি কৰি তোমাৰ ওচৰৰ পৰা বিদাই দিবা।’ কিন্তু তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলে মোৰ কথা নামানিলে, আৰু কাণো নাপাতিলে।
\p
\s5
\v 15 সম্প্ৰতি তোমালোকে মন ঘূৰাই প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত মুক্তি ঘোষণা কৰি, মোৰ দৃষ্টিত যি ন্যায়, তাকে কৰিছিলা, আৰু মোৰ নামেৰে প্ৰখ্যাত গৃহত মোৰ আগত এটি নিয়ম স্থাপন কৰিছিলা।
\v 16 কিন্তু তোমালোকে আকৌ মন ঘূৰাই মোৰ নাম অপৱিত্ৰ কৰিলা, আৰু যি বন্দী-বেটীসকলক নিজ ইচ্ছামতে যাবলৈ এৰি দিছিলা, তোমালোক প্ৰতিজনে নিজ নিজ সেই বন্দী-বেটীক ওলোটাই আনি তেওঁলোকক আকৌ বন্দী-বেটী কৰিবলৈ বশীভুত কৰিলা।”
\p
\s5
\v 17 এই কাৰণে যিহোৱাই এই কথা কৈছে: “তোমালোক প্ৰতিজনে নিজ নিজ ভাইৰ আগত, প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত মুক্তি ঘোষণা কৰিবলৈ মোলৈ কাণ নিদিলা; গতিকে চোৱা, মই এতিয়া তোমালোকৰ মুক্তি ঘোষণা কৰিম” - যিহোৱাৰ ঘোষণা এই, মইও তৰোৱাল, মহামাৰী, আৰু আকাললৈ তোমালোকৰ আগত মুক্তি ঘোষণা কৰিছোঁ, আৰু পৃথিৱীৰ সকলো ৰাজ্যৰ মাজত তোমালোকক ত্ৰাসৰ বিষয় কৰিম।
\v 18 তাৰ পাছত যি লোকসকলে মোৰ নিয়মটি ভাঙিলে আৰু মোৰ আগত বন্ধা নিয়মটিৰ বাক্য পালন নকৰিলে, তেওঁলোকক মই তেওঁলোকে যিদৰে দামুৰীটোক দুডোখৰ কৰি তাৰ অংশৰ মাজেদি গমন কৰিছিল, তেওঁলোককো মই তেনে কৰিম।
\v 19 তেতিয়া দামুৰীৰ অংশৰ মাজেদি যিহূদা আৰু যিৰূচালেমৰ প্ৰধান লোক, নপুংসক, পুৰোহিতসকল আৰু দেশৰ সকলো প্ৰজাই গমন কৰিলে।
\p
\s5
\v 20 মই তেওঁলোকক তেওঁলোকৰ শত্ৰূবোৰ আৰু তেওঁলোকৰ প্ৰাণ ল’বলৈ বিচাৰি ফুৰাবোৰৰ হাতত সমৰ্পণ কৰিম। তেওঁলোকৰ মৰা শৱ আকাশৰ চৰাইবোৰৰ আৰু পৃথিৱীৰ জন্তুবোৰৰ আহাৰ হ’ব।
\v 21 সেই কাৰণে মই যিহূদাৰ ৰজা চিদিকিয়াক আৰু তেওঁৰ প্ৰধন লোকসকলক তেওঁলোকৰ শত্ৰূবোৰৰ হাতত, আৰু তেওঁলোকৰ প্ৰাণ ল’বলৈ বিচাৰি ফুৰাবোৰৰ হাতত, আৰু তোমালোকৰ বিৰুদ্ধে উঠি যোৱা বাবিলৰ ৰজাৰ সৈন্যসামন্তৰ হাতত সমৰ্পণ কৰিম।
\v 22 চোৱা, মই তোমালোকক এটা আজ্ঞা কৰিম” - এয়ে যিহোৱাৰ ঘোষণা - মই তেওঁলোকক পুনৰায় এই নগৰৰ অহিতে যুদ্ধ কৰি, ইয়াক হাত কৰি লৈ, জুই দি পুৰিবলৈ, তেওঁলোকক এই নগৰলৈ ঘূৰাই আনিম। কিয়নো মই যিহূদাৰ নগৰবোৰ নিবাসী-শূন্য ধ্বংসস্থান কৰিম।
\s5
\c 35
\s ৰেখবীয়াসকলৰ বাধ্যতা।
\p
\v 1 যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ সময়ত যিহোৱাৰ পৰা যিৰিমিয়াৰ ওচৰলৈ এই বাক্য আহিল, বোলে,
\v 2 “তুমি ৰেখব-বংশীয় লোকসকলৰ ওচৰলৈ যোৱা, আৰু তেওঁলোকৰ লগত কথা বতৰা কৰা। তাৰ পাছত তেওঁলোকক যিহোৱাৰ গৃহৰ কোনো এটা কোঁঠালিলৈ আনি, পান কৰিবলৈ দ্ৰাক্ষাৰস দিয়া।”
\p
\s5
\v 3 তেতিয়া মই হবচিনিয়াৰ নাতিয়েক যিৰিমিয়াৰ পুত্ৰ যাজনিয়া, তেওঁৰ কঁকায়েক-ভায়েকসকলক, তেওঁৰ পুত্রসকলক আৰু ৰেখবীয়াৰ গোটেই বংশক লগত লৈ গ’লো।
\v 4 মই তেওঁলোকক যিহোৱাৰ গৃহলৈ, ঈশ্বৰৰ লোক যিগ্দলিয়াৰ পুত্ৰ হাননৰ পুত্রসকলৰ কোঁঠালিলৈ নিলোঁ। সেই কোঁঠালি চল্লুমৰ পুত্ৰ মাচেয়া নামেৰে দুৱৰীৰ কোঁঠালিৰ ওপৰত প্ৰধান লোকসকলৰ কোঁঠালিৰ কাষত আছিল।
\p
\s5
\v 5 তাৰ পাছত মই ৰেখব-বংশৰ লোকসকলৰ সন্মুখত দ্ৰাক্ষাৰসেৰে ভৰা কলহ আৰু বাতি আগত ৰাখি তেওঁলোকক ক’লোঁ, “তোমালোকে কিছু দ্ৰাক্ষাৰস পান কৰা।”
\v 6 কিন্তু তেওঁলোকে ক’লে, “আমি একো দ্ৰাক্ষাৰস পান নকৰোঁ, কিয়নো আমাৰ পূৰ্ব্ব–পুৰুষ ৰেখবৰ পুত্ৰ যোনাদবে আমাক এই আজ্ঞা দিছিল, ‘তোমালোকে আৰু তোমালোকৰ সন্তানসকলে কোনেও চিৰকালৈকে দ্ৰাক্ষাৰস পান নকৰিবা।
\v 7 আৰু কোনো ঘৰ নাসাজিবা, গুটি নিসিচিবা, দ্ৰাক্ষাবাৰী নাপাতিবা আৰু এইবোৰৰ একোৰো অধিকাৰি নহ’বা; কিয়নো তোমালোকে প্ৰবাস কৰা দেশত বহু দিন থাকিবৰ কাৰণে, তোমালোকৰ সকলো কালত তম্বুত বাস কৰিবা।’
\p
\s5
\v 8 আমি আমাৰ পত্নী, লৰা আৰু ছোৱালী সকলোৱে আমাৰ গোটেই জীৱনৰ কালত দ্ৰাক্ষাৰস পান নকৰিবলৈ, আৰু আমাৰ পুৰ্ব্ব–পুৰুষ ৰেখবৰ পুত্ৰ যোনাদবে দিয়া সকলো আজ্ঞাবোৰ পালন কৰিছোঁ।
\v 9 আমি নিবাসৰ অৰ্থে ঘৰ কেতিয়াও নাসাজিম, আৰু আমাৰ দ্ৰাক্ষাবাৰী, শস্যক্ষেত্ৰ আৰু কঠীয়াত আমাৰ কোনো অধিকাৰ নাই।
\v 10 কিন্তু আমি তম্বুত থাকি, আমাৰ পূৰ্ব্ব-পুৰুষ যোনাদবে দিয়া আজ্ঞা মানি, সেই অনুসাৰে সকলো কাম কৰি আহিছোঁ।
\v 11 কিন্তু যেতিয়া বাবিলৰ ৰজা নবূখদৰেচৰ এই দেশ আক্রমণ কৰিছিল, তেতিয়া আমি ক’লোঁ, ‘আহাঁ, আমি কলদীয়া আৰু অৰামীয়াসকলৰ সৈন্যসামন্তৰ পৰা হাৰি যিৰূচালেমলৈ যাওহঁক।’ এই কাৰণে আমি যিৰূচালেমত বাস কৰিছোঁ।”
\p
\s5
\v 12 পাছত যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
\v 13 “বাহিনীসকলৰ যিহোৱাই, ইস্ৰায়েলৰ ঈশ্বৰে এই কথা কৈছে: তুমি গৈ যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলক কোৱা, যিহোৱাই কৈছে, ‘তোমালোকে মোৰ বাক্যলৈ কাণ দিবলৈ উপদেশ গ্ৰহণ নকৰিবা নে?
\v 14 ৰেখবৰ পুত্ৰ যোনাদবে দ্ৰাক্ষাৰস পান নকৰিবলৈ তেওঁৰ সন্তানসকলক যি বাক্যৰে আজ্ঞা কৰিছিল, তেওঁৰ সেই বাক্য আজিলৈকে সিদ্ধ আছে। তেওঁলোকে তেওঁলোকৰ পূৰ্ব্ব-পুৰুষৰ আজ্ঞা মানে; কিন্তু মই অতি প্ৰভাতে উঠি তোমালোকক কৈ আছোঁ, তথাপি তোমালোকে মোৰ বাক্য নামানা।
\p
\s5
\v 15 মই মোৰ সকলো দাস, ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠিয়াইছিলোঁ আৰু প্ৰভাতে উঠি তেওঁলোকক পঠিয়াই তোমালোকক কোৱাইছিলোঁ, “তোমালোকে এতিয়া নিজ নিজ কু-পথৰ পৰা ঘূৰি নিজ নিজ আচাৰ-ব্যৱহাৰ শুদ্ধ কৰা। আন আন দেৱতাবোৰক সেৱাপূজা কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যাওঁতা নহ’বা। তাৰ পৰিবৰ্ত্তে মই তোমালোকক আৰু তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক দিয়া দেশলৈ তোমালোকে ঘূৰি আহা। তথাপিও তোমালোকে মোৰ কথালৈ কাণ দিয়া নাই আৰু মোৰ বাক্যলৈ মনকো দিয়া নাই।”
\v 16 ৰেখবৰ পুত্ৰ যোনাদবৰ সন্তানসকলে তেওঁলোকক দিয়া তেওঁলোকৰ পুৰ্ব্ব–পুৰুষৰ আজ্ঞা পালন কৰি আহিছে, কিন্তু এই জাতিৰ লোকসকলে মোৰ কথালৈ কাণ দিবলৈ অস্ৱীকাৰ কৰিছে।’
\p
\s5
\v 17 এই কাৰণে বাহিনীসকলৰ ঈশ্বৰ আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই, এই কথা কৈছে: ‘চোৱা, যিহূদা আৰু যিৰূচালেম-নিবাসীসকলৰ অহিতে মই কোৱা সকলো অমঙ্গলৰ কথা তেওঁলোকলৈ ঘটাম, কিয়নো মই তেওঁলোকক যি ঘোষণা কৰিছিলোঁ, সেই বিষয়ে তেওঁলোকে নুশুনিলে। মই তেওঁলোকক মাতিলো কিন্তু তেওঁলোকে উত্তৰ নিদিলে’।”
\p
\s5
\v 18 যিৰিমিয়াই ৰেখবীয়া বংশক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে তোমালোকৰ পূৰ্ব্ব-পুৰুষ যোনাদবৰ আজ্ঞালৈ মনোযোগ কৰি তেওঁৰ সকলো আদেশ পালন কৰিছা, আৰু তেওঁ তোমালোকক দিয়া আটাই আজ্ঞা অনুসাৰে কাৰ্য্য কৰিছা;
\v 19 এই কাৰণে বাহিনীসকলৰ যিহোৱা আৰু ইস্ৰায়েলৰ ঈশ্বৰে এই কথা কৈছে: মোক সেৱা কৰিবৰ কাৰণে ৰেখবৰ পুত্ৰ যোনাদবৰ বংশৰ পৰা কেতিয়াও কোনো এজন লোকৰ অভাৱ নহ’ব’।”
\s5
\c 36
\s যিৰিমিয়াই লিখা পুথি।
\p
\v 1 যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ চতুৰ্থ বছৰত যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল, বোলে,
\v 2 “তুমি এখন নুৰিওৱা পুথি লোৱা; আৰু মই তোমাক প্ৰথমে কোৱা দিনৰে পৰা, যোচিয়াৰ ৰাজত্বৰ কালৰে পৰা আজিলৈকে, ইস্ৰায়েলৰ, যিহূদাৰ, আৰু সকলো জাতিৰ বিৰুদ্ধে যি যি কথা মই তোমাৰ আগত কৈ আছো, সেই সকলো কথা সেই পুথিত লিখা।
\v 3 যিহূদা বংশলৈ মই যি অমঙ্গল ঘটাবলৈ কল্পনা কৰিছো, কিজানি নিজ নিজ কুপথৰ পৰা ঘূৰিবলৈ তেওঁলোকে সেই সকলো অমঙ্গলৰ কথা শুনিব; তেতিয়া মই তেওঁলোকৰ অপৰাধ আৰু পাপ ক্ষমা কৰিম।”
\p
\s5
\v 4 তেতিয়া যিৰিমিয়াই নেৰিয়াৰ পুত্ৰ বাৰূকক মাতি আনিলত, যিৰিমিয়াক কোৱা যিহোৱাৰ সকলো বাক্য বাৰূকে তেওঁৰ মুখৰ পৰা সেই নুৰিওৱা পুথিখনত লিখিলে।
\v 5 পাছে যিৰিমিয়াই বাৰূকক আজ্ঞা দি কলে, মই বন্ধ আছোঁ, যিহোৱাৰ গৃহলৈ যাব নোৱাৰোঁ।
\v 6 এই হেতুকে তুমি গৈ যিহোৱাৰ গৃহত উপবাসৰ দিনা, মোৰ মুখৰ পৰা পুথিখনত লিখা যিহোৱাৰ বাক্যবোৰ তেওঁৰ গৃহত থকা লোকসকলে আৰু বিভিন্ন নগৰৰ পৰা অহা যিহূদাৰ সকলো লোকে শুনাকৈ পাঠ কৰা।
\p
\s5
\v 7 কিজানি তেওঁলোকে নিজ নিজ নিবেদন যিহোৱাৰ আগত জনাব। আৰু তেওঁলোক প্ৰতিজনে নিজ নিজ কুপথৰ পৰা ঘূৰিব; কিয়নো এই জাতিৰ বিৰুদ্ধে প্ৰকাশ কৰা যিহোৱাৰ ক্ৰোধ আৰু কোপ অতি প্ৰবল।
\v 8 পাছে পুথিখনত লিখা যিহোৱাৰ বাক্যবোৰ নেৰিয়াৰ পুত্ৰ বাৰূকে যিহোৱাৰ গৃহত পাঠ কৰি যিৰিমিয়া ভাববাদীৰ আজ্ঞা পালন কৰিলে।
\p
\s5
\v 9 যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ পঞ্চম বছৰৰ নৱম মাহত যিৰূচালেমত থকা লোকসকলে, আৰু যিহূদাৰ নগৰবোৰৰ পৰা যিৰূচালেমলৈ অহা প্ৰজাসকলে যিহোৱাৰ উদ্দেশ্যে উপবাস ঘোষণা কৰিলে।
\v 10 তেতিয়া বাৰূকে যিহোৱাৰ গৃহত, চাফনৰ পুত্ৰ গমৰিয়া লিখকৰ কোঁঠালিত, যিহোৱাৰ গৃহৰ নতুন দুৱাৰৰ সোমোৱা ঠাইত, ওপৰ চোতালত, সেই পুথিখনত লিখা যিৰিমিয়াৰ বাক্যবোৰ সকলো লোকে শুনাকৈ পাঠ কৰিলে।
\p
\s5
\v 11 আৰু চাফনৰ নাতিয়েক গমৰিয়াৰ পুত্ৰ মীখায়াই সেই পুথিখনৰ পৰা যিহোৱাৰ সকলো বাক্য শুনিলে।
\v 12 তেওঁ ৰাজ-গৃহলৈ লিখকৰ কোঁঠালিলৈ নামি গ’ল; চোৱা, সেই সময়ত সকলো প্ৰধান লোক, অৰ্থাৎ ইলীচামা লিখক, চমৰিয়াৰ পুত্ৰ দলায়া, অকবোৰৰ পুত্ৰ ইলনাথন, চফনৰ পুত্ৰ গমৰিয়া, আৰু হননিয়াৰ পুত্ৰ চিদিকিয়া আদি সকলো প্ৰধান লোক তাত বহি আছিল।
\p
\s5
\v 13 তেতিয়া লোকসকলে শুনিবলৈ বাৰূকে পুথিখন পাঠ কৰা সময়ত মীখায়াই যি সকলো বাক্য শুনিছিল, তেওঁ তাক তেওঁলোকৰ আগত প্ৰকাশ কৰিলে।
\v 14 এই হেতুকে সকলো প্ৰধান লোকে কুচীৰ প্ৰপৌত্ৰ চেলেমিয়াৰ নাতিয়েক নথনিয়াৰ পুত্ৰ যিহূদীক বাৰূকৰ ওচৰলৈ এই কথা কৈ পঠিয়ালে, “লোকসকলে শুনাকৈ তুমি পাঠ কৰা নুৰিওৱা পুথিখন তুমি হাতত লৈ আহাঁ।”
\v 15 তেওঁলোকে তেওঁক ক’লে, “এতিয়া বহি আমি শুনাকৈ পাঠ কৰা; তেতিয়া বাৰূকে তেওঁলোকে শুনাকৈ পাঠ কৰিলে।”
\p
\s5
\v 16 তেতিয়া সেই সকলো কথা শুনি তেওঁলোক আটাইৰে ভয় লাগি ইজনে সিজনলৈ চোৱা-চোই কৰি বাৰূকক ক’লে, “আমি এই সকলো কথাৰ বিষয়ে অৱশ্যে ৰজাক জনাব লাগিব।”
\v 17 পাছে তেওঁলোকে বাৰূকক সোধিলে, “কোৱাচোন, তুমি কেনেকৈ তেওঁৰ মুখৰ পৰা এইবোৰ কথা লিখিছিলা?
\v 18 তেতিয়া বাৰূকে উত্তৰ দি ক’লে, “তেওঁ মুখেৰে মোৰ আগত এই সকলো বাক্য উচ্ছাৰণ কৰিছিল, আৰু মই চিয়াঁহীৰে এই পুথিত এই সকলো লিখিছিলোঁ।
\v 19 তেতিয়া প্ৰধান লোকসকলে বাৰূকক ক’লে, “তুমি আৰু যিৰিমিয়া গৈ, তোমালোকৰ থকা ঠাই কোনেও নজনাকৈ লোকাই থাকাগৈ।”
\p
\s5
\v 20 তেতিয়া তেওঁলোকে ইলীচামা লিখকৰ কোঁঠালিত পুথিখন থৈ ৰজাৰ ওচৰলৈ অৰ্থাৎ চোতাললৈ সোমাই গ’ল, আৰু ৰজাই শুনাকৈ সেই সকলো বাক্য প্ৰকাশ কৰিলে।
\v 21 তেতিয়া ৰজাই পুথিখন আনিবলৈ যিহূদীক পঠিয়ালে, যিহূদীয়ে ইলীচামা লিখকৰ কোঠালিৰ পৰা তাক আনিলে। আৰু ৰজাই শুনাকৈ, আৰু তেওঁৰ ওচৰত থিয় হৈ থকা সকলো প্ৰধান লোকে শুনাকৈ যিহূদীয়ে তাক পাঠ কৰিলে।
\v 22 সেই সময়ত ৰজাই নৱম মাহত জাৰকালিত থকা ঘৰত বহি আছিল, আৰু তেওঁৰ আগত টিফাইত জুই জ্বলি আছিল।
\p
\s5
\v 23 পাছত যিহূদীয়ে পৃষ্ঠাৰ তিনি চাৰি অংশ পাঠ কৰাৰ পাছত ৰজাই লিখকৰ কলম কটা কটাৰীৰে তাক কাটি টিফাইৰ জুইত পেলায়; এইদৰে গোটেই পুথিখন টিফাইৰ জুইত নষ্ট নোহোৱালৈকে তেওঁ কাটি কাটি পেলাই আছিল।
\v 24 সেই সকলো বাক্য শুনিও ৰজা আৰু মন্ত্ৰী কোনেও ভয় নকৰিলে, বা নিজ নিজ বস্ত্ৰ নাফালিলে।
\p
\s5
\v 25 ইলনাথন, দলায়া, আৰু গমৰিয়াই পুথিখন নুপুৰিবলৈ ৰজাক বিনয় কৰিলে; তথাপি তেওঁ তেওঁলোকৰ কথা নুশুনিলে।
\v 26 পাছত ৰজাই যিৰহমেল কোঁৱৰক, অজ্ৰীয়েলৰ পুত্ৰ চৰায়াক, অব্দয়েলৰ পুত্ৰ চেলেমীয়াক, বাৰূক লিখক আৰু যিৰিমিয়া ভাববাদীক ধৰিবলৈ আজ্ঞা কৰিলে; কিন্তু যিহোৱাই তেওঁলোকক লুকুৱাই থৈছিল।
\p
\s5
\v 27 তেতিয়া ৰজাই, যিৰিমিয়াৰ মুখৰ পৰা বাৰূকে লিখা বাক্যবোৰে সৈতে পুথিখন পুৰি পেলোৱাৰ পাছত যিহোৱাৰ এই বাক্য যিৰিমিয়ালৈ আহিল, বোলে,
\v 28 “তুমি পুনৰায় আৰু এখন নুৰিওৱা পুথি কোৱা, আৰু যিহূদাৰ ৰজা যিহোয়াকীমে পুৰি পেলোৱা সেই প্ৰথম পুথিত আগেয়ে যি যি লিখা আছিল, সেই সকলো তাত লিখা।
\v 29 তেতিয়া যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে নিশ্চয়ে তুমি ক’বা, ‘যিহোৱাই এই কথা কৈছে, যে, বাবিলৰ ৰজাই অৱশ্যে আহি এই দেশ নষ্ট কৰিব, আৰু ইয়াত পশু আৰু মানুহ নোহোৱা কৰিব, এনে কথা এই পুথিখনত কিয় লিখিছা? এই বুলি তুমি তাক পুৰি পেলালা!
\p
\s5
\v 30 এই হেতুকে যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে যিহোৱাই এই কথা কৈছে, যে, যিহূদাৰ সিংহাসনত বহিবলৈ তেওঁৰ বংশৰ কোনো নাথাকিব, আৰু তেওঁৰ শৱ দিনত ৰ’দত আৰু ৰাতি হিমত পৰি থাকিব।
\v 31 আৰু মই তোমাক, “তোমাৰ বংশক, আৰু তোমাৰ মন্ত্ৰীসকলক তোমালোকৰ অপৰাধৰ কাৰণে দণ্ড দিম। আৰু তোমালোকৰ অহিতে, যিৰূচালেম-নিবাসীসকল আৰু যিহূদী লোকসকলৰ অহিতে যি অমঙ্গলৰ কথা ক’লোঁ, কিন্তু তোমালোকে নুশুনিলা, সেই সকলো অমঙ্গল মই তোমালোকলৈ ঘটাম।”
\p
\s5
\v 32 তেতিয়া যিৰিমিয়াই আৰু এখন নুৰিওৱা পুথি লৈ নেৰিয়াৰ পুত্ৰ বাৰূক লিখকক দিলে। বাৰূকে যিহূদাৰ ৰজা যিহোয়াকীমে, যিৰিমিয়াৰ মুখৰ পৰা ওলোৱা সকলো বাক্য জুইত পুৰি পেলোৱা পুথিখনৰ সকলো বাক্য তাত লিখিলে। তাৰ বাহিৰে তেনেকুৱা আৰু অনেক কথাও তাত যোগ দিয়া হ’ল।
\s5
\c 37
\s যিৰিমিয়া বন্দীশালত আৰু কুপত থকা।
\p
\v 1 বাবিলৰ ৰজা নবূখদৰেচৰে যিহূদা দেশৰ ওপৰত পতা ৰজা যোচিয়াৰ পুত্ৰ চিদিকিয়া যিহোয়াকীমৰ পুত্ৰ কনিয়াৰ সলনি ৰজা হ’ল।
\v 2 কিন্তু তেওঁ, তেওঁৰ মন্ত্ৰীসকল আৰু দেশীয় লোকসকলে যিৰিমিয়া ভাববাদীৰ দ্বাৰাই কোৱা যিহোৱাৰ বাক্যলৈ কাণ নিদিলে।
\p
\s5
\v 3 গতিকে চিদিকিয়া ৰজাই চেলেমিয়াৰ পুত্ৰ যিহূখলক আৰু মাচেয়াৰ পুত্ৰ চফনিয়া পুৰোহিতক যিৰিমিয়া ভাববাদীৰ ওচৰলৈ পঠিয়াই দি ক’লে, “তুমি অনুগ্ৰহ কৰি আমাৰ ঈশ্বৰ যিহোৱাৰ আগত আমাৰ বাবে প্ৰাৰ্থনা কৰা।”
\v 4 সেই সময়ত যিৰিমিয়াই তেওঁলোকৰ মাজত অহা-যোৱা কৰিছিল, কিয়নো সেই সময়ত তেওঁক বন্দীশালত থোৱা হোৱা নাছিল।
\v 5 পাছত ফৰৌণৰ সৈন্য-সামন্ত মিচৰৰ পৰা ওলাল আৰু যিৰূচালেম-অৱৰোধকাৰী কলদীয়াসকলে তাৰ বাৰ্ত্তা শুনি যিৰূচালেমৰ পৰা ছাউনি ভাঙি গুচি গ’ল।
\p
\s5
\v 6 তেতিয়া যিৰিমিয়া ভাববাদীৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল, বোলে,
\v 7 “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: যিহূদাৰ যি ৰজাই মোৰ গুৰিত সোধিবলৈ তোমালোকক পঠিয়াইছে, তেওঁক এই কথা ক’বা, ‘চোৱা, ফৰৌণৰ যি সৈন্য-সামন্তই তোমালোকক সহায় কৰিবলৈ ওলাই আহিছে, তেওঁলোক নিজ দেশ মিচৰলৈ উলটি যাব।
\v 8 আৰু কলদীয়াসকলে পুনৰায় আহিব আৰু এই নগৰৰ অহিতে যুদ্ধ কৰি ইয়াক হাত কৰি লৈ জুইৰে পুৰি পেলাব।
\p
\s5
\v 9 যিহোৱাই এইদৰে কৈছে: “কলদীয়াসকল আমাৰ ওচৰৰ পৰা একেবাৰে গুচি যাব বুলি কৈ তোমালোকে নিজক নুভুলাবা,” কিয়নো তেওঁলোক একেবাৰ গুচি নাযাব।
\v 10 কাৰণ তোমালোকৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ গোটেই সৈন্য-সামন্ত যদিও তোমালোকে একেবাৰে প্ৰহাৰ কৰা আৰু তেওঁলোকৰ মাজৰ খুন হোৱা লোক মাথোন অৱশিষ্ট থাকে, তথাপি তেওঁলোকে প্ৰতিজনে নিজ নিজ তম্বুত উঠিব আৰু এই নগৰ জুই দি পুৰি পেলাব’।”
\p
\s5
\v 11 কলদীয়াসকলৰ সৈন্য-সামন্তই যি সময়ত ফৰৌণৰ সৈন্য-সামন্তৰ ভয়ত যিৰূচালেমৰ পৰা ছাউনি ভাঙি উলটি গৈছিল,
\v 12 সেই সময়ত যিৰিমিয়াই বিন্যামীন প্ৰদেশত লোকসকলৰ মাজত থকা তেওঁৰ ভাগ লবৰ মনেৰে তালৈ যাবলৈ যিৰূচালেমৰ পৰা ওলাইছিল।
\v 13 পাছত যেতিয়া তেওঁ বিন্যামীন নামেৰে বৰ দুৱাৰ পালেগৈ, তেতিয়া সেই ঠাইত হননিয়াৰ নাতিয়েক চেলেমিয়াৰ পুতেক যিৰিয়া নামেৰে দুৱৰীৰ এজন অধ্যক্ষ আছিল। তেওঁ যিৰিমিয়া ভাববাদীক ধৰি ক’লে, “তুমি কলদীয়াসকলৰ ফলিয়া হ’বলৈ গৈছা।
\p
\s5
\v 14 তেতিয়া যিৰিমিয়াই ক’লে, “এয়ে মিছা কথা, মই কলদীয়াসকলৰ ফলিয়া হ’বলৈ নাযাও।” তথাপি যিৰিয়াই তেওঁৰ কথা নুশুনি, তেওঁক ধৰি প্ৰধান লোকসকলৰ গুৰিলৈ লৈ গ’ল।
\v 15 সেই প্ৰধান লোকসকলে যিৰিমিয়ালৈ ক্ৰোধ হৈ তেওঁক কোবাই যোনাথন লিখকৰ ঘৰত থকা বন্দীশালত পেলাই থ’লে; কিয়নো তেওঁলোকে তাকেই বন্দীশাল কৰিছিল।
\p
\s5
\v 16 যিৰিমিয়াই কাৰাকূপত, আৰু সৰু সৰু কোঁঠালিবোৰত সোমাই সেই ঠাইত ভালেমান দিন কটালে।
\v 17 চিদিকিয়া ৰজাই মানুহ পঠিয়াই তেওঁক অনোৱালে আৰু ৰজাই নিজৰ ঘৰত গুপুতে সুধিলে, বোলে, “যিহোৱাৰ পৰা অহা কোনো বাক্য আছে নে?” তাতে যিৰিমিয়াই ক’লে, “আছে,” তেওঁ আৰু ক’লে, “আপোনাক বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হ’ব।”
\p
\s5
\v 18 যিৰিমিয়াই চিদিকিয়া ৰজাক আৰু ক’লে, “আপোনাৰ বা আপোনাৰ পাত্ৰ-মন্ত্ৰীসকলৰ বা এই লোকসকলৰ বিৰুদ্ধে মই কি অপৰাধ কৰিছোঁ, যে, আপোনালোকে মোক বন্দীশালত পেলাই দিছে?
\v 19 আৰু বাবিলৰ ৰজা আপোনালোকৰ বা এই দেশৰ বিৰুদ্ধে নাহিব, এই বুলি কৈ আপোনালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা আপোনালোকৰ ভাববাদীসকল ক’ত?
\v 20 এতিয়া হে মোৰ প্ৰভু মহাৰাজ! অনুগ্ৰহ কৰি শুনক, মই যোনাথন লিখকৰ ঘৰত যেন নমৰোঁ, এই কাৰণৈ আপুনি সেই ঠাইলৈ মোক আৰু পঠিয়াই নিদিব! বিনয় কৰোঁ, মোৰ এই মিনতি আপোনাৰ আগত গ্ৰহণ হওঁক।”
\p
\s5
\v 21 তেতিয়া, চিদিকিয়া ৰজাই আজ্ঞা দিয়াত লোকসকলে যিৰিমিয়াক প্ৰহৰীৰ চোতালত ৰাখিলে। আৰু যেতিয়ালৈকে নগৰৰ সকলো ৰুটী নুঢুকাল, তেতিয়ালৈকে প্ৰতি দিনেই ৰুটীৱালা-পটিৰ পৰা এটা এটা ৰুটী আনি তেওঁক দিয়া হ’ল। এইদৰে যিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল।
\s5
\c 38
\p
\v 1 তাৰ পাছত মত্তনৰ পুত্ৰ চফটিয়া আৰু পচহুৰৰ পুত্ৰ গদলিয়া আৰু মল্কিয়াৰ পুত্ৰ পচ্হুৰে, আটাই লোকৰ আগত যিৰিমিয়াই কোৱা এই বাক্য শুনিলে, বোলে,
\v 2 “যিহোৱাই এই কথা কৈছে: যি কোনো লোক এই নগৰত থাকিব, তেওঁ তৰোৱালত, আকালত, আৰু মহামাৰীত মৰিব; কিন্তু যি জনে কলদীয়াসকলৰ ওচৰলৈ ওলাই যাব, তেওঁ জীয়াই থকিব, আৰু লুটদ্ৰব্যৰ নিচিনাকৈ নিজ প্ৰাণ লাভ কৰি জীয়াই থকিব।
\v 3 যিহোৱাই এই কথা কৈছে: যে, এই নগৰ অৱশ্যে বাবিলৰ ৰজাৰ সৈন্য-সামন্তৰ হাতত সমৰ্পণ কৰা হ’ব আৰু তেওঁ তাক হাত কৰি ল’ব।”
\p
\s5
\v 4 তাতে প্ৰধান লোকসকলে ৰজাক ক’লে, “আমি মিনতি কৰোঁ, এই মানুহৰ প্ৰাণ দণ্ড কৰিবলৈ আজ্ঞ দিয়ক; কিয়নো তেওঁ লোকসকলক এনেকুৱা কথা কৈ, এই নগৰৰ অৱশিষ্ট যুদ্ধাৰুসকলৰ আৰু আটাই প্ৰজাসকলৰ হাত দুৰ্ব্বল কৰিছে, কাৰণ এই মানুহে এই জাতিৰ মঙ্গললৈ চেষ্টা নকৰি, কেৱল অমঙ্গললৈ চেষ্টা কৰে।”
\v 5 তেতিয়া চিদিকিয়া ৰজাই ক’লে, “চোৱা, তেওঁ তোমালোকৰ হাততে আছে; কাৰণ তোমালোকৰ অহিতে কৰিবলৈ ৰজাৰ একো সাধ্য নাই।
\p
\s5
\v 6 তাতে তেওঁলোকে যিৰিমিয়াক ধৰি প্ৰহৰীৰ চোতালত থকা মল্কিয়া, ৰাজকোঁৱৰৰ কূপত পেলালে। ৰছীৰে যিৰিমিয়াক নমাই দিলে। সেই কূপত পানী নাছিল, কেৱল বোকা আছিল; তাতে যিৰিমিয়া বোকাত প্ৰায় পোত গৈছিল।
\p
\s5
\v 7 এনেতে যিৰিমিয়াক কূপত পেলোৱা কথা ৰাজগৃহত থকা এবদ-মেলক নামেৰে এজন কূচ দেশীয় নপুংসকে শুনিলে। তেতিয়া ৰজা বিন্যামীনৰ দুৱাৰত বহি আছিল।
\v 8 এবদ-মেলকে ৰাজগৃহৰ পৰা ওলাই গৈ ৰজাক ক’লে,
\v 9 “হে মোৰ প্ৰভু মহাৰাজ, সেই লোকসকলে যিৰিমিয়া ভাববাদীক কূপত পেলাই দি তেওঁলৈ নিতান্ত মন্দ ব্যৱহাৰ কৰিছে; তেওঁ যি ঠাইত আছে, সেই ঠাইত তেওঁ ভোকত মৰিব লগীয়া হৈছে, কিয়নো নগৰত আৰু ৰুটী নাই।”
\p
\s5
\v 10 তেতিয়া ৰজাই কূচীয়া এবদ-মেলকক আজ্ঞা কৰিলে, বোলে, “তুমি এই ঠাইৰ পৰা ত্ৰিশ জন মানুহ লগত লৈ গৈ যিৰিমিয়া ভাববাদী নৌ মৰোঁতেই তেওঁক কূপৰ পৰা তোলা।”
\v 11 তেতিয়া এবদ-মেলকে সেই ত্ৰিশ জন মানুহক লগত লৈ ৰাজগৃহৰ ভঁৰালৰ তলৰ ঠাইলৈ গৈ তাৰ পৰা পেলনীয়া পুৰণি কাপোৰ আৰু পুৰণি পচা ফতাকানি উলিয়াই, যিৰিমিয়াৰ ওচৰলৈ কূপলৈ ৰছীৰে সেইবোৰ নমাই দিলে।
\p
\s5
\v 12 আৰু কূচীয়া এবদ-মেলকে যিৰিমিয়াক ক’লে, “এই পুৰণি পেলনীয়া কাপোৰ আৰু পচা ফতাকানি তোমাৰ কাষলতিত ৰছীৰ তলত দিয়া।” তাতে তেওঁ তাকে কৰিলে।
\v 13 তেওঁলোকে সেই ৰছীত ধৰি টানি কূপৰ পৰা যিৰিমিয়াক তুলিলে। তেতিয়াৰে পৰা যিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল।
\p
\s5
\v 14 পাছে চিদিকিয়া ৰজাই মানুহ পঠিয়াই যিৰিমিয়া ভাববাদীক যিহোৱাৰ গৃহৰ তৃতীয় প্ৰৱেশস্থানলৈ নিজৰ ওচৰলৈ অনোৱালে। আৰু ৰজাই যিৰিমিয়াক ক’লে, “মই তোমাক এটি কথা সোধোঁ, তুমি মোৰ পৰা কোনো কথা গুপুতে নাৰাখিবা।”
\v 15 তেতিয়া যিৰিমিয়াই চিদিকিয়াক ক’লে, “মই যদি আপোনাক জনাওঁ, তেন্তে আপুনি মোক অৱশ্যে বধ নকৰিব নে? আৰু যদি আপোনাক পৰামৰ্শ দিওঁ, তেন্তে আপুনি মোৰ কথা নুশুনিব।”
\v 16 তাতে চিদিকিয়া ৰজাই গুপুতে যিৰিমিয়াৰ আগত শপত খাই ক’লে, “আমাৰ এই জীৱান্মাৰ সৃষ্টিকৰ্ত্তা যিহোৱাৰ জীৱনৰ শপত, মই তোমাক বধ নকৰোঁ, আৰু তোমাৰ প্ৰাণ লবলৈ বিচাৰি ফুৰা এই লোকসকলৰ হাততো তোমাক সমৰ্পণ নকৰোঁ।”
\p
\s5
\v 17 তেতিয়া যিৰিমিয়াই চিদিকিয়াক ক’লে, “বাহিনীসকলৰ ঈশ্বৰ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: যে, তুমি যদি বাহিৰ ওলাই বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ ওচৰলৈ যোৱা, তেন্তে তোমাৰ প্ৰাণ থাকিব, আৰু এই নগৰ জুইৰে পোৰা নহ’ব আৰু তুমি সপৰিবাৰে জীয়াই থাকিবা।
\v 18 কিন্তু যদি বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ গুৰিলৈ নোযোৱা, তেন্তে এই নগৰ কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হ’ব আৰু তেওঁলোকে ইয়াক জুইৰে পুৰি পেলাব আৰু তুমিও তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ নাপাবা।
\p
\s5
\v 19 তেতিয়া চিদিকিয়া ৰজাই যিৰিমিয়াক ক’লে, “যি যিহূদী লোকসকল কলদীয়াসকলৰ ফলিয়া হৈ গ’ল, তেওঁলোকলৈ মই ভয় ক’ৰোঁ, যে, কিজানি তেওঁলোকে মোক তেওঁলোকৰ হাতত সমৰ্পণ কৰিব, তাতে তেওঁলোকে মোক বিদ্ৰূপ কৰিব।”
\p
\s5
\v 20 কিন্তু যিৰিমিয়াই ক’লে, “তেওঁলোকে আপোনাক সমৰ্পণ নকৰিব। বিনয় কৰোঁ, যি বিষয়ে মই আপোনাক কৈছোঁ, সেই বিষয়ে আপুনি যিহোৱাৰ বাক্যলৈ কাণ দিয়ক; তাতে আপোনাৰ মঙ্গল হ’ব, আৰু আপোনাৰ প্ৰাণ বাচিব।
\v 21 কিন্তু যদি আপুনি তেওঁলোকৰ ওচৰলৈ যাবলৈ অসন্মত হয়, তেন্তে শুনক, যিহোৱাই মোক জনোৱা কথাতো এই:
\p
\s5
\v 22 চোৱা, যিহূদাৰ ৰাজগৃহত অৱশিষ্ট থকা সকলো মহিলাক বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ গুৰিলৈ নিয়া হ’ব; আৰু চোৱ!, সেই মহিলাসকলে ক’ব,
\q ‘তোমাৰ প্ৰণয়ৰ বন্ধুসকলে তোমাক ভুলাই তোমাৰ প্ৰবৃত্তি জন্মালে।
\q এতিয়া তোমাৰ ভৰি বোকাত পোত যোৱা দেখি তোমাৰ পৰা বিমুখ হৈছে।
\v 23 আৰু আপোনাৰ আটাই মহিলাৰ, আৰু আপোনাৰ সন্তানসকলক উলিয়াই কতদীয়াসকলৰ গুৰিলৈ নিয়া হ’ব; আপুনি তেওঁলোকৰ হাতৰ পৰা সাৰিব নোৱাৰিব, কিন্তু বাবিলৰ ৰজাৰ হাতত ধৰা পৰিব, আৰু আপুনি এই নগৰক জুইৰে পুৰি পেলাব।”
\p
\s5
\v 24 পাছে চিদিকিয়াই যিৰিমিয়াক ক’লে, “এইবোৰ কথা কোনেও বুজ নাপাওঁক; তাতে তুমি নমৰিবা।
\v 25 কিন্তু যদি প্ৰধান লোকসকলে মই তোমাৰে সৈতে কথা হোৱা বাৰ্ত্তা পাই তোমাৰ গুৰিলৈ আহি কয়, যে, ‘তুমি ৰজাক কি ক’লা, তাক আমাক কোৱা। আমাৰ পৰা তাক গুপুতে নাৰাখিবা, তেতিয়া আমি তোমাক বধ নকৰিম, আৰু ৰজাই তোমাক কি কলে, তাকো কোৱা;
\v 26 তেতিয়া তুমি তেওঁলোকক এই কথা ক’বা, ‘যোনাথনৰ ঘৰত মৰিবৰ কাৰণে মোক আকৌ তালৈ নপঠাবলৈ মই ৰজাৰ আগত মিনতি জনাইছিলোঁ’।”
\p
\s5
\v 27 তেতিয়া সকলো প্ৰধান লোকে যিৰিমিয়াৰ ওচৰলৈ আহি তেওঁক সুধিলে; আৰু তেওঁ, ৰজাই আজ্ঞা দিয়া সেই সকলো কথা অনুসাৰে তেওঁলোকক ক’লে। এই হেতুকে তেওঁলোকে তেওঁৰ লগত কথা হ’বলৈ এৰিলে; কিয়নো তেওঁলোকে সেই কথাটো বুজ নাপালে।
\v 28 তেতিয়াৰে পৰা যিৰূচালেম শত্রুৰ হাতত পৰা দিন নোহোৱালৈকে যিৰিমিয়া সেই প্ৰহৰীৰ চোতালত থকিল।
\s5
\c 39
\s যিৰূচালেমৰ পতন।
\p
\v 1 পাছত যিৰূচালেম শত্রুৰ হাতত পৰা সময়ত, যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ নৱম বছৰৰ দশম মাহত বাবিলৰ ৰজা নবূখদৰেচৰ আৰু তেওঁৰ সকলো সৈন্য-সামন্তই যিৰূচালেমৰ বিৰুদ্ধে আহি তাক অৱৰোধ কৰিলে।
\v 2 পাছত চিদিকিয়াৰ ৰাজত্বৰ একাদশ বছৰৰ চতুৰ্থ মাহৰ নৱম দিনা নগৰৰ গড় ভাঙি বাট কৰা হ’ল।
\v 3 বাবিলৰ ৰজাৰ আটাই প্ৰধান লোকসকল, অৰ্থাৎ নেৰ্গল-চৰেচৰ, চমগৰ-নবো, প্ৰধান নপুংসক চৰ্চখীম আৰু প্ৰধান গণক নেৰ্গল-চৰেচৰ আদি বাবিলৰ ৰজাৰ আটাই প্ৰধান লোকসকল সোমাই মধ্যম দুৱাৰত বহিল।
\p
\s5
\v 4 পাছত যেতিয়া যিহূদাৰ ৰজা চিদিকিয়া আৰু সকলো যুদ্ধাৰু লোকে তেওঁলোকক সোমোৱা গম পালে, তেতিয়া তেওঁলোল পলাই ৰজাৰ উদ্যানৰ বাটেদি, দুই গড়ৰ মাজত থকা দুৱাৰেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ’ল; আৰু ৰজাই অৰাবাৰ বাটেদি ওলাই গ’ল।
\v 5 কিন্তু কলদীয়াসকলৰ সৈন্য-সামন্তই তেওঁলোকৰ পাছত খেদি গৈ যিৰিহোৰ সমথলত চিদিকিয়াক লগ পাই, তেওঁক ধৰি হমাৎ দেশৰ ৰিব্লালৈ বাবিলৰ ৰজাৰ নবূখদৰেচৰৰ গুৰিলৈ নিলে; আৰু তেওঁ তেওঁলৈ দণ্ডাজ্ঞা কৰিলে।
\p
\s5
\v 6 পাছেত বাবিলৰ ৰজাই ৰিৱ্লাত চিদিকিয়াৰ পুতেকসকলক তেওঁৰ চকুৰ আগতে বধ কৰিলে আৰু বাবিলৰ ৰজাই যিহূদাৰ সকলো মুখ্য লোককো বধ কৰিলে।
\v 7 তাৰ বাহিৰে, তেওঁ চিদিকিয়াৰ চকু কাঢ়ি, তেওঁক বাবিললৈ লৈ যাবৰ কাৰণে শিকলিৰে বান্ধিলে।
\p
\s5
\v 8 পাছত কলদীয়াসকলে ৰাজগৃহ আৰু প্ৰজাসকলৰ ঘৰবোৰ জুই দি পুৰিলে আৰু যিৰূচালেমৰ গড়বোৰ ভাঙি পেলালে।
\v 9 এই সময়ত নবূজৰদান ৰক্ষক-সেনাপতিয়ে নগৰৰ বাকী থকা লোকসকলক, তেওঁৰ ফলীয়া হবলৈ পলাই যোৱাসকলক আৰু আন আন অৱশিষ্ট লোকসকলক বন্দী কৰি বাবিললৈ লৈ গ’ল।
\v 10 কিন্তু নবূজৰদান ৰক্ষক-সেনাপতিয়ে কেতবোৰ একো নথকা দৰিদ্ৰ লোকক যিহূদা দেশত অৱশিষ্ট ৰাখিলে, আৰু সেই কালত তেওঁলোকক দ্ৰাক্ষাবাৰী আৰু মাটি দান কৰিলে।
\p
\s5
\v 11 বাবিলৰ ৰজা নবূখদৰেচৰে যিৰিমিয়াৰ বিষয়ে নবূজৰদান ৰক্ষক-সেনাপতিক এই আজ্ঞা দিলে, বোলে,
\v 12 “তুমি তেওঁক গ্ৰহণ কৰি তেওঁলৈ কৃপা দৃষ্টি কৰিবা, তেওঁৰ কোনো অপকাৰ নকৰিবা; কিন্তু তেওঁ তোমাক যেনেকৈ ক’ব, তেওঁলৈ তেনেকৈ কৰিবা।”
\v 13 এই হেতুকে নবূজৰদান ৰক্ষক-সেনাপতি, প্ৰধান নপুংসক নবূচৰ্জবান আৰু প্ৰধান গণক নেৰ্গল-চৰেচৰ আদি বাবিলৰ ৰজাৰ আটাই প্ৰধান বিষয়াসকলে মানুহ পঠিয়াই প্ৰহৰীৰ চোতালৰ পৰা যিৰিমিয়াক আনিলে।
\v 14 আৰু তেওঁক ঘৰলৈ লৈ যাবৰ কাৰণে চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াৰ হাতত গটাই দিলে; আৰু তেওঁ লোকসকলৰ মাজত বাস কৰিলে।
\p
\s5
\v 15 যিৰিমিয়া প্ৰহৰীৰ চোতালত বন্ধ থকা সময়ত তেওঁৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিছিল, বোলে,
\v 16 “তুমি গৈ কূচীয়া এবদ-মেলকক কোৱা, ‘ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মঙ্গলৰ কাৰণে নহয়, অমঙ্গলৰ কাৰণেহে মই এই নগৰলৈ মোৰ বাক্য ফলিওৱাম। সেই দিনা তোমাৰ আগত সেইবোৰ ফলিয়াব।
\p
\s5
\v 17 কিন্তু যিহোৱাই কৈছে, “সেই দিনা মই তোমাক উদ্ধাৰ কৰিম; আৰু তুমি ভয় কৰা লোকসকলৰ হাতত তোমাক সমৰ্পণ কৰা নহ’ব।
\v 18 কিয়নো মই তোমাক অৱশ্যে উদ্ধাৰ কৰিম। তুমি তৰোৱালত পতিত নহবা। কিন্তু তুমি তোমাৰ নিজ প্ৰাণ লুটদ্ৰব্যৰ নিচিনাকৈ লাভ কৰিবা; কাৰণ, যিহোৱাই কৈছে: তুমি মোক বিশ্বাস কৰিলা।”
\s5
\c 40
\s যিৰিমিয়াক মুক্ত কৰা। গদলিয়াক বধ কৰা। লোকসকলে পলাই মিচৰলৈ যাত্ৰা কৰা।
\p
\v 1 বাবিললৈ বন্দী কৰি লৈ যোৱা যিৰূচালেমৰ আৰু যিহূদাৰ লোকসকলৰ মাজত যিৰিমিয়াক নবূজৰদান ৰক্ষক-সেনাপতিয়ে শিকলিৰে বন্ধা পাই তেওঁক ৰামাৰ পৰা পঠাই দিয়াৰ পাছত যিহোৱাৰ পৰা যি বাক্য আহিছিল, সেই বাক্য।
\v 2 ৰক্ষক-সেনাপতিয়ে যিৰিমিয়াক গ্ৰহণ কৰি ক’লে, “তোমাৰ ঈশ্বৰ যিহোৱাই এই ঠাইৰ বিষয়ে এই অমঙ্গলৰ কথা কৈছিল,
\p
\s5
\v 3 আৰু যিহোৱাই তাক ঘটালে। আৰু নিজ বাক্য অনুসাৰে কাৰ্য্য কৰিলে; তোমালোকে যিহোৱাৰ অহিতে পাপ কৰিলা আৰু তেওঁৰ বাক্য পালন নকৰিলা, এই কাৰণে তোমালোকলৈ এই ঘটনা ঘটিল।
\v 4 এতিয়া চোৱা! আজি মই তোমাক, তোমাৰ হাতত থকা শিকলিৰ পৰা মুক্ত কৰিলোঁ; তুমি যদি মোৰ লগত বাবিললৈ যাবলৈ ভাল দেখা, তেন্তে আহাঁ, মই তোমালৈ দৃষ্টি ৰাখিম; আৰু যদি মোৰ লগত বাবিললৈ যাবলৈ বেয়া দেখা, তেন্তে নালাগে। চোৱা, গোটেই দেশ তোমাৰ আগত আছে, যি ঠাইলৈ যোৱা তোমাৰ পক্ষে ভাল আৰু সুবিধাজনক, তালৈকে যোৱা।”
\p
\s5
\v 5 যিৰিমিয়াই উত্তৰ নিদিয়া দেখি তেওঁ আকৌ ক’লে, “তেন্তে যি জনক বাবিলৰ ৰজাই যিহূদাৰ নগৰবোৰৰ ওপৰত শাসনকৰ্ত্তা নিযুক্ত কৰিলে, চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ সেই গদলিয়াৰ ওচৰলৈ উলটি যোৱা আৰু লোকসকলৰ মাজত তেওঁৰ লগত বাস কৰাগৈ, বা যি ঠাইলৈ যোৱা তোমাৰ পক্ষে সুবিধাজনক তালৈকে যোৱা; এই বুলি ৰক্ষক-সেনাপতিয়ে তেওঁৰ বাটৰ সমল আৰু উপহাৰ দি বিদায় কৰিলে।
\v 6 পাছত যিৰিমিয়াই মিস্পালৈ অহীকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহিল আৰু দেশত অৱশিষ্ট থকা লোকসকলৰ মাজত তেওঁৰে সৈতে বাস কৰিলে।
\p
\s5
\v 7 পাছত, বাবিলৰ ৰজাই অহীকামৰ পুত্ৰ গদলিয়াক দেশৰ শাসনকৰ্ত্তা পতা কথা, আৰু পুৰুষ, মহিলা, লৰা, ছোৱালী আদি বাবিললৈ বন্দী কৰি লৈ নোযোৱা দেশৰ কেতবোৰ দুখীয়া মানুহক তেওঁৰ হাতত গতাই দিয়া কথা যেতিয়া নগৰৰ বাহিৰত থকা ফৌজৰ সেনাপতিসকলে আৰু তেওঁলোকৰ লোকসকলে শুনিবলৈ পালে,
\v 8 তেতিয়া তেওঁলোকে, অৰ্থাৎ নথনিয়াৰ পুতেক ইশ্মায়েল, কাৰেহৰ দুজন পুতেক যোহানন আৰু যোনাথন, তনহূমতৰ পুতেক চৰায়া, নটোফাতীয়া এফয়ৰ পুতেক কেইজন আৰু মাখাথীয়াৰ পুতেক যাজনিয়া নিজ নিজ লোকসকলে সৈতে মিস্পালৈ গদলিয়াৰ ওচৰলৈ আহিল।
\p
\s5
\v 9 তেতিয়া চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াই তেওঁলোকৰ আৰু তেওঁলোকৰ লোকসকলৰ আগত শপত খাই ক’লে, “তোমালোকে কলদীয়াসকলৰ অধীন হ’বলৈ ভয় নকৰিবা; দেশত বাস কৰি বাবিলৰ ৰজাৰ অধীন হোৱা, তেতিয়া তোমালোকৰ মঙ্গল হ’ব।”
\v 10 আৰু চোৱা, মই হ’লে যি কলদীয়াসকল আমাৰ ওচৰলৈ আহিব, তেওঁলোকৰ আগত থিয় হ’বলৈ মিস্পাত বাস কৰিম; কিন্তু তোমালোকে দ্ৰাক্ষাৰস, ফল আৰু তেল গোটাই নিজ নিজ পাত্ৰত ৰাখা আৰু তোমালোকে লোৱা নিজ নিজ নগৰত বাস কৰা।”
\p
\s5
\v 11 তেতিয়া বাবিলৰ ৰজাই যিহূদাৰ এটি অৱশিষ্ট ভাগ এৰি যোৱা কথা আৰু তেওঁলোকৰ ওপৰত চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াক শাসনকৰ্ত্তা পতা কথা যেতিয়া মোৱাবত, অম্মোনৰ সন্তানসকলৰ মাজত আৰু ইদোম আদি সকলো দেশত থকা আটাই যিহূদীসকলে শুনিবলৈ পালে,
\v 12 তেতিয়া, যি যি ঠাইলৈ সেই যিহূদীসকলক খেদাই দিয়া হৈছিল, সেই সকলো ঠাইৰ পৰা তেওঁলোক সকলোৱেই যিহূদা দেশৰ মিস্পালৈ গদলিয়াৰ ওচৰলৈ উলটি আহিল আৰু অধিক পৰিমাণে দ্ৰাক্ষাৰস আৰু ফল গোটালে।
\p
\s5
\v 13 পাছে কাৰেহৰ পুতেক যোহানন আদি নগৰৰ বাহিৰত থকা ফৌজন সকলোৱে সেনাপতিয়ে মিস্পালৈ গদলিয়াৰ ওচৰলৈ আহি তেওঁক ক’লে,
\v 14 “অম্মোনৰ সন্তানসকলৰ ৰজা বালীচে তোমাৰ প্ৰাণ লবলৈ নথনিয়াৰ পুতেক ইশ্মায়েলক পঠিয়াইছে, তুমি তাক জানা নে?” কিন্তু অহীকামৰ পুত্ৰ গদলিয়াই তেওঁলোকৰ কথা বিশ্বাস নকৰিলে।
\p
\s5
\v 15 পাছে কাৰেহৰ পুতেক যোহাননে মিস্পাত গদলিয়াক গুপুতে ক’লে, “মই মিনতি কৰোঁ, মোক যাবলৈ দিয়া, কোনো মানুহে নজনাকৈ মই নথনিয়াৰ পুতেক ইশ্মায়েলক বধ কৰোঁগৈ; তেওঁ কিয় তোমাৰ প্ৰাণ ল’ব আৰু তোমাৰ ওচৰত গোট খোৱা সকলো যিহূদী লোক ছিন্ন-ভিন্ন হ’ব আৰু যিহূদাৰ অৱশিষ্ট ভাগ নষ্ট হ’ব?
\v 16 কিন্তু অহীকামৰ পুত্ৰ গদলিয়াই কাৰেহৰ পুতেক যোহাননক ক’লে, “তুমি এনে কাম নকৰিবা; কিয়নো তুমি ইশ্মায়েলৰ বিষয়ে মিছা কথা কৈছা।”
\s5
\c 41
\p
\v 1 পাছে সপ্তম মাহত, ৰজাৰ প্ৰধান বিষয়াসকলৰ মাজত গণিত হোৱা ৰাজবংশীয় ইলীচামাৰ নাতিয়েক নথনিয়াৰ পুতেক ইশ্মায়েলে দহজন লোকক লগত লৈ, মিস্পালৈ অহীকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহিল আৰু তেওঁলোকে মিস্পাত একেলগে ভোজন কৰিলে।
\v 2 পাছত নথনিয়াৰ পুতেক ইশ্মায়েল আৰু তেওঁৰ লগত থকা সেই দহজন লোকে উঠি, বাবিলৰ ৰজাই দেশৰ শাসনকৰ্ত্তা নিযুক্ত কৰা চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ সেই গদলিয়াক তৰোৱালেৰে বধ কৰিলে।
\v 3 আৰু মিস্পাত গদলিয়াৰ লগত থকা সকলো যিহূদীক আৰু তাত পোৱা যুদ্ধাৰু কলদীয়াসকলকো ইশ্মায়েলে বধ কৰিলে।
\p
\s5
\v 4 তেতিয়া গদলিয়াক বধ কৰাৰ পিছৰ দিন আছিল, (তেতিয়া সেই কথা কোনো মানুহে জনা নাছিল)।
\v 5 চিখিম, চীলো আৰু চমৰীয়াৰ পৰা অহা সম্পূর্ণ ডাঢ়ি খুৰুউৱা, পিন্ধা কাপোৰ ছিৰা আৰু নিজ নিজ গা কাটকুট কৰা আশী জন মানুহ যিহোৱাৰ গৃহত উৎসৰ্গ কৰিবলৈ হাতত নৈবেদ্য আৰু ধূপ লৈ আহিছিল।
\p
\s5
\v 6 পাছত নথনিয়াৰ পুতেক ইশ্মায়েলে তেওঁলোকৰ লগত সাক্ষাত কৰিবলৈ মিস্পাৰ পৰা কান্দি কান্দি ওলাই গ’ল; আৰু তেওঁলোকৰ সাক্ষাত হৈ তেওঁলোকক ক’লে, “অহীকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহাঁ!”
\v 7 তেতিয়া, তেওঁলোক নগৰৰ মাজ ঠাইলৈ আহি পাওঁতে, নথনিয়াৰ পুতেক ইশ্মায়েলে আৰু তেওঁৰ লগত সেই লোক কেইজনে তেওঁলোকক বধ কৰি গাঁতটোৰ ভিতৰলৈ পেলাই দিলে।
\p
\s5
\v 8 কিন্তু তেওঁবিলোকৰ মাজত এনে দহ জন মানুহ পোৱা গৈছিল, যে, তেওঁলোকে ইশ্মায়েলক ক’লে, “আমাক বধ নকৰিবা, কিয়নো পথাৰত পুতি থোৱা আমাৰ ঘেঁহু, যৱ, তেল আৰু মৌৰ ভঁৰাল আছে।” এই বুলি কোৱাত ইশ্মায়েলে ক্ষান্ত হৈ তেওঁলোকৰ ভায়েকসকলৰ মাজত তেওঁলোকক বধ নকৰিলে।
\v 9 যি গাঁতত ইশ্মায়েলে নিজে বধ কৰা সকলো মানুহৰ মৰা শৱ গদলিয়াৰ শৱৰ কাষত পেলাই দিছিল, সেই গাঁত ইস্ৰায়েলৰ বাচা ৰজাৰ ভয়ত আচা ৰজাই খনোৱা গাঁত আছিল; নথনিয়াৰ পুতেক ইশ্মায়েলে ইয়াক বধ কৰা লোকৰ শৱেৰে পূৰ কৰিলে।
\p
\s5
\v 10 পাছত ইশ্মায়েলে মিস্পাত অৱশিষ্ট থকা সকলো লোকক, নবূজৰদান ৰক্ষক-সেনাপতিয়ে অহীকামৰ পুত্ৰ গদলিয়াৰ হাতত গতাই দিয়া ৰাজবংশীয় জীয়াৰীসকল আদি কৰি মিস্পাত অৱশিষ্ট থকা সকলো লোকক বন্দী কৰি নিলে; নথনিয়াৰ পুতেক ইশ্মায়েলে তেওঁলোকক বন্দী কৰি লৈ অম্মোনৰ সন্তানসকলৰ ওচৰলৈ যাবলৈ প্ৰস্থান কৰিলে।
\p
\s5
\v 11 কিন্তু কাৰেহৰ পুতেক যোহাননে আৰু তেওঁৰ লগত থকা ফৌজৰ সকলো সেনাপতিয়ে, নথনিয়াৰ পুতেক ইশ্মায়েলে কৰা আটাই কু-কৰ্ম্মৰ কথা শুনিবলৈ পালে।
\v 12 তেতিয়া তেওঁলোকে সকলো মানুহক লগত লৈ নথনিয়াৰ পুতেক ইশ্মায়েলে সৈতে যুদ্ধ কৰিবলৈ গ’ল আৰু গিবিয়োনৰ থকা বৰ পুখুৰীৰ ওচৰত তেওঁক দেখা পালে।
\p
\s5
\v 13 পাছত যেতিয়া ইশ্মায়েলৰ লগত থকা সকলো লোকসকলে, কাৰেহৰ পুতেক যোহাননক আৰু তেওঁৰ লগৰ ফৌজৰ সেনাপতিসকলক দেখিবলৈ পালে, তেতিয়া তেওঁলোক আনন্দিত হ’ল।
\v 14 আৰু ইশ্মায়েলে মিস্পাৰ পৰা বন্দী কৰি নিয়া সকলো লোকে মুখ ঘূৰাই কাৰেহৰ পুতেক যোহাননৰ গুৰিলৈ উলটি আহিল।
\p
\s5
\v 15 কিন্তু নথনিয়াৰ পুতেক ইস্মায়েল আঠোঁটা মানুহে সৈতে যোহাননৰ আগৰ পৰা পলাই অম্মোনৰ সন্তানসকলৰ ওচৰলৈ গ’ল।
\v 16 নথনিয়াৰ পুতেক ইশ্মায়েলে অহীকামৰ পুত্ৰ গদলিয়াক বধ কৰাৰ পাছত, তাৰ হাতৰ পৰা কাৰেহৰ পুতেক যোহাননে আৰু তেওঁৰ লগৰ সেনাপতিসকলে যিসকল অৱশিষ্ট লোক মিস্পাৰ পৰা এৰুৱাই ওভটাই আনিছিল, তেওঁলোকক অৰ্থাৎ যুদ্ধ কৰিব পৰা পুৰুষসকলক আৰু গিবিয়োনৰ পৰা অনা মহিলা, ল’ৰা আৰু নপুংসকসকলক তেওঁলোকে লগত ল’লে।
\p
\s5
\v 17 আৰু তেতিয়া তেওঁলোকে গৈ, কল্দীয়াসকলৰ ভয়ত মিচৰলৈ যাবৰ মনেৰে বৈৎলেহেমৰ কাষত থকা গেৰূৎ-কিমহমত বাস কৰিলে।
\v 18 কিয়নো তেওঁলোকে তেওঁলোকলৈ ভয় কৰিছিল; কাৰণ নথনিয়াৰ পুতেক ইশ্মায়েলে বাবিলৰ ৰজাই দেশৰ ওপৰত শাসনকৰ্ত্তা নিযুক্ত কৰা অহীকামৰ পুত্ৰ গদলিয়াক বধ কৰিছিল।
\s5
\c 42
\p
\v 1 তেতিয়া কাৰেহৰ পুতেক যোহানন, হোচয়াৰ পুতেক যাজনিয়া আদি ফৌজৰ সকলো সেনাপতি আৰু সৰুৰ পৰা বৰলৈকে সকলো প্ৰজাই যিৰিমিয়া ভাববাদীৰ ওচৰলৈ চাপি আহিল।
\v 2 তেওঁলোকে তেওঁক ক’লে, “তোমাৰ আগত আমাৰ নিবেদন গ্ৰাহ্য হওঁক আৰু তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ আগত আমাৰ বাবে, এই সকলো অৱশিষ্ট লোকৰ বাবেই প্ৰাৰ্থনা কৰা, কিয়নো তুমি নিজ চকুৰে দেখিছা যে অধিক লোকৰ পৰা আমি অলপ মাথোন অৱশিষ্ট আছোঁ।
\v 3 আমি কোন বাটেদি যোৱা উচিত আৰু কি কাৰ্য্য কৰা উচিত ইয়াকে দেখুৱাবৰ অৰ্থে তোমাৰ ঈশ্বৰ যিহোৱাক নিবেদন কৰা।”
\p
\s5
\v 4 তেতিয়া যিৰিমিয়া ভাববাদীয়ে তেওঁলোকক ক’লে, “মই তোমালোকৰ কথা শুনিলোঁ; চোৱা তোমালোকৰ বাক্য অনুসাৰে মই তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিম আৰু যিহোৱাই তোমালোকলৈ যি যি উত্তৰ দিব, তাৰ সকলো কথা তোমালোকক জনাম, তাৰ একোকে তোমালোকৰ পৰা গুপুতে নাৰাখিম।”
\v 5 তেতিয়া তেওঁলোকে যিৰিমিয়াক ক’লে, “তোমাৰ ঈশ্বৰ যিহোৱাই তোমাৰ দ্বাৰাই যি যি বাক্য আমালৈ কৈ পঠিয়াব, সেই সকলো বাক্য অনুসাৰে আমি যদি কাৰ্য্য নকৰোঁ, তেন্তে যিহোৱা আমাৰ বিৰুদ্ধে সত্য আৰু বিশ্বাসী সাক্ষী হওঁক।
\v 6 আমাৰ ঈশ্বৰ যিহোৱাৰ বাক্য আমি পালন কৰিলে আমাৰ মঙ্গল কাৰণে, আমি যিজনৰ ওচৰলৈ তোমাক পঠিয়ালোঁ, আমাৰ ঈশ্বৰ সেই যিহোৱাৰ বাক্য ভাল বা বেয়া হওঁক, আমি তাক পালন কৰিম।”
\p
\s5
\v 7 পাছত দহ দিনৰ মুৰত যিহোৱাৰ বাক্য যিৰিমিয়াৰ ওচৰলৈ আহিল।
\v 8 তেতিয়া তেওঁ কাৰেহৰ পুতেক যোহাননক আৰু তেওঁৰ লগত থকা সকলো সেনাপতিক আৰু সৰুৰ পৰা বৰলৈকে সকলো প্ৰজাক মাতি আনিলে।
\v 9 আৰু তেওঁ তেওঁলোকক ক’লে, “তোমালোকৰ নিবেদন জনাবলৈ যিজনৰওচৰলৈ মোক পঠিয়াইছিলা, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে,
\v 10 ‘তোমালোকে যদি এতিয়াও এই দেশত বাস কৰা, তেন্তে মই তোমালোকক পাতিম, নাভাঙিম, তোমালোকক ৰুম, নুঘালিম; কিয়নো তোমালোকৰ যি অমঙ্গল কৰিছোঁ, সেই বিষয়ে মই ক্ষান্ত হ’লো।
\p
\s5
\v 11 যিজনৰ পৰা তোমালোকে ভয়ত আছা, সেই বাবিলৰ ৰজালৈ ভয় নকৰিবা; যিহোৱাই কৈছে, ‘তেওঁলৈ ভয় নকৰিবা; কিয়নো তোমালোকক নিস্তাৰ কৰিবলৈ আৰু তেওঁৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিবলৈ মই তোমালোকৰ লগত আছোঁ।
\v 12 আৰু মই তোমালোকক কৰুণা দান কৰিম; আৰু তোমালোকক দয়া কৰি তোমালোকৰ দেশলৈ তোমালোকক উভটাই আনিম।
\p
\s5
\v 13 “কিন্তু, আমি এই দেশত বাস নকৰোঁ,” এই বুলি কৈ যদি তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনা,
\v 14 আৰু যদি তোমালোকে কোৱা, যে, “সেয়ে নহ’ব! আমি য’ত ৰণ নেদেখিম, শিঙাৰ শব্দ নুশুনিম, আৰু আহাৰৰ অভাৱত ক্ষুধাতুৰ নহ’ম, সেই মিচৰ দেশত আমি সোমামগৈ, আৰু আমি তাত বাস কৰিম।”
\p
\s5
\v 15 তেতিয়া হে যিহূদাৰ অৱশিষ্ট ভাগ, তোমালোকে যিহোৱাৰ বাক্য শুনা। ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে যদি মিচৰত সোমাবলৈ একেবাৰে সেইফালে মুখ কৰা আৰু তাত বাস কৰিবলৈ যোৱা,
\v 16 তেতিয়া তোমালোকে যি তৰোৱাললৈ ভয় কৰিছা সেই তৰোৱালে মিচৰ দেশতেই তোমাললোকক লগ পাব আৰু যি দুৰ্ভিক্ষলৈ তোমালোকে ত্ৰাস পাইছা, সেই দুৰ্ভিক্ষই মিচৰ দেশতেই তোমালোকক ঢুকি পাব, আৰু তোমাললোক তাতে মৰিবা।
\v 17 যিসকল লোকে প্ৰবাস কৰিবৰ অৰ্থে মিচৰত সোমাবলৈ মুখ কৰিব, তেওঁলোক সকলোৰে সেই দশা হ’ব; তেওঁলোক তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই মৰা পৰিব; আৰু মই তেওঁলোকলৈ যি অমঙ্গল ঘটাম, তাৰ পৰা তেওঁলোকৰ কোনেও উদ্ধাৰ কি ৰক্ষা নাপাব।
\p
\s5
\v 18 কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: যিৰূচালেম-নিবাসীসকলৰ ওপৰত যেনেকৈ মোৰ ক্ৰোধ আৰু কাপ ঢালি দিয়া হৈছিল, তেনেকৈ তোমালোকে মিচৰ দেশত সোমোৱা সময়ত তোমালোকৰ ওপৰতো মোৰ ক্ৰোধ ঢালি দিয়া হ’ব; আৰু তোমালোক শাও, বিস্ময়, অভিশাপ আৰু নিন্দাৰ বিষয় হ’বা; তোমালোকে এই ঠাই আৰু দেখিবলৈ নাপাবা।’
\v 19 হে যিহূদাৰ অৱশিষ্টভাগ, তোমালোকক যিহোৱাই ক’লে; তোমালোক মিচৰত নোসোমাবা! মই আজি তোমালোকক সতৰ্ক কৰিলোঁ, ইয়াক নিশ্চয়ে জানিবা।
\p
\s5
\v 20 কিয়নো তোমালোকে তোমালোকৰ বিৰুদ্ধে তোমালোকক ভ্ৰান্ত কৰিলা; কাৰণ তোমালোকে মোক নিজৰ ঈশ্বৰ যিহোৱাৰ গুৰিলৈ পঠিয়াই কৈছিলা, যে, ‘তুমি আমাৰ বাবে আমাৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা; তেতিয়া আমাৰ ঈশ্বৰ যিহোৱাই যি যি ক’ব, সেইদৰে তুমি আমাক জনাবা, আমি তাক কৰিম।’
\v 21 পাছে আজি মই তোমালোকক তাক জনালোঁ; কিন্তু যি বিষয়ে তোমালোকৰ ঈশ্বৰ যিহোৱাই মোক তোমালোকৰ ওচৰলৈ পঠিয়াইছিল, সেই বিষয়ৰ কোনো কথাত, তেওঁৰ বাক্যলৈ তোমালোকে কাণ দিয়া নাই।
\v 22 এতেকে এতিয়া নিশ্চয়ে জানিবা, যে, তোমালোকে প্ৰবাস কৰিবলৈ যি ঠাইলৈ যাব খুজিছা, সেই ঠাইত তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই মৃত্যুৰ মুখত পৰিবা।”
\s5
\c 43
\p
\v 1 সকলো লোকৰ আগত ক’বলৈ তেওঁলোকৰ ঈশ্বৰ যিহোৱাই যিৰিমিয়াৰ দ্বাৰাই যি যি বাক্য তেওঁলোকলৈ কৈ পঠিয়াইছিল, যিৰিমিয়াই তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ সেই সকলো বাক্য তেওঁলোক সকলোৰে আগত কৈ এঁটালে।
\v 2 হোচয়াৰ পুতেক অজৰিয়া আৰু কাৰেহৰ পুতেক যোহানন আদি সকলো গৰ্ব্বী লোকে যিৰিমিয়াক ক’লে, “তুমি মিছাকৈ কৈছা। প্ৰবাস কৰিবৰ অৰ্থে তোমালোকে মিচৰত নোসোমাবা, এই বুলি ক’বলৈ আমাৰ ঈশ্বৰ যিহোৱাই তোমাক পঠিওৱা নাই।’
\v 3 কিন্তু আমাক বধ কৰিবলৈ আৰু বাবিললৈ আমাক বন্দী কৰি লৈ যাবলৈ কল্দীয়াসকলৰ হাতত শোধাই দিবৰ মনেৰে নেৰিয়াৰ পুতেক বাৰূকে আমাৰ অহিতে তোমাক বুদ্ধি দিছে।
\p
\s5
\v 4 এই হেতুকে কাৰেহৰ পুতেক যোহানন আদি ফৌজৰ কোনো সেনাপতিয়ে আৰু প্ৰজাসকলৰ কোনেও যিহূদা দেশত বাস কৰিবলৈ যিহোৱাৰ বাক্যলৈ কাণ নিদিলে।
\v 5 কিন্তু যি যি জাতিৰ মাজলৈ যিহূদাৰ লোকসকলক খেদাই দিয়া হৈছিল, যিহূদা দেশত প্ৰবাস কৰিবলৈ, সেই সেই জাতিৰ পৰা উলটি অহা যিহূদাৰ আটাই অৱশিষ্ট ভাগক লৈ গৈছিল।
\v 6 অৰ্থাৎ পুৰুষ, মহিলা, ল’ৰা, ছোৱালী আৰু ৰাজকুমাৰী আদি চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াৰ হাতত নবূজৰদান ৰক্ষক-সেনাপতিয়ে গতাই দিয়া সকলো লোকক, যিৰিমিয়া ভাববাদীক আৰু নেৰিয়াৰ পুত্ৰ বাৰূকক কাৰেহৰ পুতেক যোহানন আৰু ফৌজৰ আন সকলো সেনাপতিয়ে লগত লৈ গ’ল; আৰু তেওঁলোক মিচৰ দেশত সোমাল।
\v 7 কিয়নো তেওঁলোকে যিহোৱাৰ বাক্যলৈ কাণ নিদিলে; আৰু তেওঁলোক তহপন-হেচলৈকে গ’ল।
\p
\s5
\v 8 তেতিয়া তহপনহেচত যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
\v 9 “তুমি তোমাৰ হাতত গোটাদিয়েক ডাঙৰ শিল লৈ, তহপেনহেচত ফৰৌণৰ ৰাজগৃহলৈ সোমোৱা ঠাইত যি ইটাৰ গাঁঠনি আছে, তাৰ চুৰ্কীৰ মাজত যিহূদী লোকৰ সাক্ষাতে সেই শিলবোৰ পুতি থ’বা।
\v 10 তেওঁলোকক ক’বা, “ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই দূত পঠিয়াই মোৰ দাস বাবিলৰ ৰজা নবূখদৰেচৰক অনোৱাম আৰু মই পুতি থোৱা এই শিলবোৰৰ ওপৰত তেওঁৰ সিংহাসন স্থাপন কৰিম; আৰু তেওঁ তাৰ ওপৰত নিজৰ ৰাজকীয় চন্দ্ৰতাপ তৰিব।
\p
\s5
\v 11 তেওঁ আহি মিচৰক আঘাত কৰিব; আৰু মৃত্যুৰ বাবে নিৰূপিত লোক মৃত্যুলৈ, বন্দীৰ বাবে নিৰূপিত লোক বন্দী অৱস্থালৈ আৰু তৰোৱাললৈ নিৰূপিত লোক তৰোৱাললৈ সমৰ্পিত হ’ব।
\v 12 আৰু তেতিয়া মই মিচৰৰ দেৱতাবোৰৰ ঘৰত জুই লগাম; তেওঁ সেইবোৰৰ কেতবোৰ দগ্ধ কৰি লৈ যাব; আৰু মেৰ ৰখীয়াই নিজৰ গাত কাপোৰ লোৱাদি তেওঁ এই মিচৰ দেশেৰে নিজকে সজ্জিত কৰিব; পাছে তেওঁ এই ঠাইৰ পৰা শান্তিৰে ওলাই যাব।
\v 13 তেওঁ মিচৰ দেশত থকা বৈৎচেমচৰ স্তম্ভবোৰ ভাঙিব আৰু মিচৰৰ দেৱতাবোৰৰ ঘৰবোৰ জুই দি পুৰি পেলাব।
\s5
\c 44
\s মিচৰত থকা যিহূদীসকলৰ বিৰুদ্ধে যিৰিমিয়াই তাত কোৱা ভাববাণী।
\p
\v 1 মিগ্দোলত, তহপেনহচত, নোফত আৰু পথ্ৰোচ প্ৰদেশত থকা মিচৰ-দেশনিবাসী সকলো যিহূদীসকলৰ বিষয়ে যিৰিমিয়াৰ ওচৰলৈ অহা বাক্য।
\v 2 ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘যিৰূচালেমলৈ আৰু যিহূদাৰ সকলো নগৰলৈ মই ঘটোৱা সকলো অমঙ্গল তোমালোকে দেখিলা; চোৱা, সেইবোৰ আজি উচ্ছন্ন হোৱা ঠাই, সেইবোৰৰ মাজত কোনেও বাস নকৰে।
\v 3 ধূপ জ্বলাবলৈ আৰু তেওঁলোকে বা তোমালোকে বা তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলেও নজনা ইতৰ দেৱতাবোৰক সেৱা পূজা কৰিবলৈ যোৱাৰ দ্বাৰাই মোক বেজাৰ দিবলৈ তেওঁলোকে কৰা দুষ্কৰ্ম্মই ইয়াৰ কাৰণ।
\p
\s5
\v 4 তথাপি মই প্ৰভাতে উঠি সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠিয়াই কোৱাইছিলোঁ যে, ‘তোমালোকে মোৰ ঘিণলগীয়া এই গৰ্হিত কাৰ্য্য নকৰিবা।’
\v 5 কিন্তু তেওঁলোকে নুশুনিলে; আৰু নিজ নিজ দুষ্টতাৰ পৰা ঘূৰিবলৈ, ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ নজ্বলাবলৈ তেওঁলোকে কাণ নাপাতিলে।
\v 6 এই কাৰণে মোৰ ক্ৰোধ আৰু কোপৰূপ অগ্নি বৰষিলে আৰু যিহূদাৰ নগৰবোৰত, আৰু যিৰূচালেমৰ আলিবোৰত সেয়ে জ্বলি উঠিল; আজি তোমালোকে দেখাৰ দৰে সেইবোৰক উচ্ছন্ন আৰু ধ্বংস কৰা হৈছে।
\p
\s5
\v 7 এই হেতুকে এতিয়া ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: তোমালোক উচ্ছন্ন হ’বলৈ আৰু পৃথিৱীৰ সকলো জাতিৰ মাজত অভিশাপ আৰু ধিক্কাৰৰ বিষয় হ’বলৈ, তোমালোকে প্ৰবাস কৰিবলৈ অহা এই মিচৰ দেশত ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাই তোমালোকৰ হাতৰ কাৰ্য্যেৰে মোক বেজাৰ দিলা।
\v 8 তোমালোকৰ কোনো অৱশিষ্ট নথকাকৈ, যিহূদাৰ মাজৰ পৰা তোমালোকৰ সম্পৰ্কীয় পুৰুষ, মহিলা, ল’ৰা আৰু পিয়াহ খোৱা কেঁচুৱাক উচ্ছন্ন কৰিবলৈ তোমালোকে কিয় নিজ নিজ প্ৰাণৰ বিৰুদ্ধে এই মহাপাপ কৰিছা?
\p
\s5
\v 9 যিহূদা দেশত আৰু যিৰূচালেমৰ আলিত কৰা তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলৰ যিহূদাৰ ৰজাসকলৰ, তেওঁলোকৰ ভাৰ্য্যসকল আৰু তোমালোকৰ নিজৰ নিজৰ দুষ্কৰ্ম্ম আৰু তোমালোকৰ ভাৰ্য্যাসকলৰ দুষ্কৰ্ম্ম পাহৰিলা নে?
\v 10 তেওঁলোকে আজিলৈকে নম্ৰ হোৱা নাই, ভয়ো কৰা নাই আৰু তোমালোকৰ ও তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলৰ আগত মই স্থাপন কৰা মোৰ ব্যৱস্থা কি বিধিবোৰৰ দৰে চলা নাই।
\p
\s5
\v 11 এই হেতুকে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “চোৱা, মই অমঙ্গল কৰিবলৈ এনে কি গোটেই যিহূদাক উচ্ছন্ন কৰিবলৈ তোমালোকৰ ফাললৈ মুখ কৰিম।
\v 12 আৰু এই মিচৰ দেশত প্ৰবাস কৰিবৰ অৰ্থে ইয়াত সোমাবলৈ মুখ কৰা যিহূদাৰ অৱশিষ্ট ভাগক মই ধৰিম, তেতিয়া তেওঁলোকৰ সকলো উচ্ছন্ন হ’ব; তেওঁলোক এই মিচৰ দেশতেই পতিত হ’ব; তেওঁলোক তৰোৱাল আৰু আকালৰ দ্বাৰাই নষ্ট হ’ব; সৰুৰ পৰা বৰলৈকে তেওঁলোক তৰোৱালত আৰু দুৰ্ভিক্ষত মৰা পৰিব; আৰু তেওঁলোক শাও, বিস্ময়, অভিশাপ, আৰু ধিক্কাৰৰ বিষয় হ’ব।
\p
\s5
\v 13 কিয়নো যেনেকৈ মই তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই যিৰূচালেমক দণ্ড দিলোঁ, তেনেকৈ এই মিচৰ দেশত প্ৰবাস কৰা লোকসকলকো দণ্ড দিম।
\v 14 তেতিয়া এই মিচৰ দেশত প্ৰবাস কৰিবলৈ অহা যিহূদাৰ অৱশিষ্ট ভাগে যি যিহূদাত বাস কৰিবৰ কাৰণে উলটি যাবলৈ ইচ্ছা কৰিছে, সেই যিহূদালৈ উলটি যাবৰ বাবে, তেওঁলোকৰ কোনেও ৰক্ষা নাপাব বা অৱশিষ্ট নাথাকিব; কিয়নো পলৰীয়াসকলৰ বাহিৰে কোনেও উলটি নাযাব।”
\p
\s5
\v 15 তেতিয়া যি সকলো পুৰুষে, তেওঁলোকৰ ভাৰ্য্যাসকলে ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাইছে বুলি জানিছিল, তেওঁলোকে আৰু ওচৰত থকা মহিলাসকলৰ মহা সমাজে, অৰ্থাৎ মিচৰ দেশত থকা আটাই লোকসকলে পথ্ৰোচত যিৰিমিয়াক উত্তৰ দিলে।
\v 16 তেওঁলোকে ক’লে, “তুমি যিহোৱাৰ নামেৰে আমাক কোৱা বাক্যৰ বিষয়ে হ’লে, আমি তোমালৈ কাণ নিদিওঁ।
\v 17 কিন্তু আমি আৰু আমাৰ পূৰ্ব্ব-পুৰুষসকলে আমাৰ ৰজা আৰু প্ৰধান লোকসকলে যিহূদাৰ নগৰবোৰত আৰু যিৰূচালেমৰ আলিত যেনেকৈ কৰিছিলোঁ, তেনেকৈ আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিবলৈ আমাৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্য আমি নিশ্চয়ে সিদ্ধ কৰিম; কাৰণ সেই কালত আমাৰ আহাৰ অধিক আছিল আৰু আমি কুশলে আছিলোঁ, কোনো অমঙ্গল নেদেখিছিলোঁ।
\p
\s5
\v 18 কিন্তু যেতিয়াৰে পৰা আমি আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আৰু পেয় নৈবেদ্য ঢালিবলৈ এৰিলোঁ, তেতিয়াৰে পৰা আমাৰ আটাই বস্তুৰ অভাৱ হ’ল আৰু তৰোৱাল ও দুৰ্ভিক্ষৰ দ্বাৰাই আমাৰ সৰ্ব্বনাশ হ’ল।”
\v 19 “আমি যেতিয়া আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাওঁ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালোঁ, তেতিয়া জানো নিজ নিজ স্বামীৰ বিনা অনুমতিৰে তেওঁক সেৱা-পূজা কৰিবৰ অৰ্থে আমি তেওঁৰ উদ্দেশ্যে পিঠা বনাওঁ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালোঁ?”
\p
\s5
\v 20 তেতিয়া যিৰিমিয়াই সকলো লোকসকলক তেওঁক উত্তৰ দিয়া পুৰুষ মহিলা আদি সকলো লোকসকলক এই কথা ক’লে,
\v 21 “যিহূদাৰ নগৰবোৰত আৰু যিৰূচালেমৰ আলিত তোমালোকে, তোমালোকৰ পূৰ্ব্ব-পুৰুষসকল, তোমালোকৰ ৰজা, তোমালোকৰ প্ৰধান লোকসকল আৰু দেশৰ প্ৰজাসকলে যি ধূপ দাহ কৰিছিল, সেই ধূপ দাহ জানো যিহোৱাই সোঁৱৰণ কৰা নাই? এই সকলো তেওঁৰ মনত আছিল।
\p
\s5
\v 22 এই কাৰণে যিহোৱাই তোমালোকৰ দুষ্কৰ্ম্মৰ কাৰণে আৰু তোমালোকে কৰা ঘিণলগীয়া কাৰ্য্যৰ বাবে আৰু সহি থাকিব নোৱাৰিলে; এই হেতুকে তোমালোকে আজি দেখাৰ দৰে তোমালোকৰ দেশ-নিবাসীশূণ্য হৈ, ধ্বংসস্থান আৰু বিস্ময় ও শাওৰ বিষয় হ’ল।
\v 23 তোমালোকে ধূপ জ্বলালা, যিহোৱাৰ বিৰূদ্ধে পাপ কৰিলা, যিহোৱাৰ বাক্যলৈ কাণ নিদিলা, তেওঁৰ ব্যৱস্থা, বিধি, কি সাক্ষ্য অনুসাৰে নচলিলা; এই কাৰণে আজি দেখাৰ দৰে তোমালোকলৈ এই অমঙ্গল ঘটিল।”
\p
\s5
\v 24 তেতিয়া তাত বাজে যিৰিমিয়াই সকলো লোকসকলক আৰু সকলো মহিলাক ক’লে, “হে মিচৰ দেশত থকা আটাই যিহূদী লোকসকল, যিহোৱাৰ বাক্য শুনা।
\v 25 ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “আমি আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিবলৈ আমি কৰা সঙ্কল্পবোৰ অৱেশ্যে সিদ্ধ কৰিম, এই বুলি কৈ তোমালোকে আৰু তোমালোকৰ মহিলাসকলে মুখেৰে কথা ক’লা আৰু হাতেৰে তাক সিদ্ধও কৰিছা; বাৰু তোমালোকৰ সঙ্কল্প সিদ্ধ কৰা আৰু তোমালোকে তোমালোকৰ সঙ্কল্প সাম্ফল কৰা।
\p
\s5
\v 26 এই হেতুকে হে মিচৰৰ দেশত থকা আটাই যিহূদী লোকসকল, যিহোৱাৰ বাক্য শুনা: যিহোৱাই কৈছে, ‘চোৱা, মই মোৰ মহান নাম লৈ শপত খাইছোঁ, যে, যিহোৱাৰ জীৱনৰ শপত বুলি কৈ এই গোটেই মিচৰ দেশত কোনো যিহূদী লোকে মোৰ নাম আৰু মুখত নানিবা।”
\v 27 চোৱা, তেওঁলোকৰ মঙ্গলৰ বাবে নহয়, কিন্তু অমঙ্গলৰ বাবেহে মই তেওঁলোকলৈ জাগি থাকিম; আৰু এই মিচৰ দেশত থকা সকলো যিহূদী লোকক তৰোৱাল আৰু আকালৰ দ্বাৰাই নিঃশেষে বিনষ্ট কৰা হ’ব।
\v 28 আৰু তৰোৱালৰ পৰা ৰক্ষা পোৱা অতি কম সংখ্যক লোকে এই মিচৰ দেশৰ পৰা যিহূদা দেশলৈ উলটি যাব; তাতে মোৰ নে তেওঁলোকৰ, কাৰ বাক্য ৰব, এই মিচৰ দেশত প্ৰবাস কৰিবৰ অৰ্থে ইয়াত সোমোৱা সকলো অৱশিষ্ট যিহূদী লোকসকলে তাক জানিব।
\p
\s5
\v 29 যিহোৱাই কৈছে, তোমালোকৰ অমঙ্গলৰ কাৰণেহে যে মোৰ বাক্য অৱশ্যে ফলিয়াব, তাক তোমালোকে জানিবৰ বাবে মই যে এই ঠাইত তোমালোকক দণ্ড দিম তাৰ প্ৰমাণৰ অৰ্থে এয়ে তোমালোকললৈ চিন হ’ব।’
\v 30 যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই যেনেকৈ যিহূদাৰ চিদিকিয়া ৰজাক তেওঁৰ প্ৰাণ ল’বলৈ বিচৰা তেওঁৰ শত্ৰু বাবিলৰ ৰজা নবুখদৰেচৰৰ হাতত সমৰ্পণ কৰিছিলোঁ, তেনেকৈ মই মিচৰৰ ৰজা ফৰৌণহফ্ৰাকো তেওঁৰ প্ৰাণ ল’বলৈ বিচৰা শত্ৰুবোৰৰ হাতত সমৰ্পণ কৰিম’।”
\s5
\c 45
\s বাৰূকক দিয়া আশ্বাস বাক্য।
\p
\v 1 যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোৱাকীমৰ ৰাজত্বৰ চতুৰ্থ বছৰত, নেৰিয়াৰ পুত্ৰ বাৰূকে এইবোৰ কথা যিৰিমিয়াৰ মুখৰ পৰা পুথি এখনত লিখা সময়ত, যিৰিমিয়া ভাববাদীয়ে তেওঁক এই কথা ক’লে,
\v 2 “হে বাৰূক, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই তোমাক এইদৰে কৈছে:
\v 3 তুমি ক’লা, যে,‘হায় হায়, মই সন্তাপৰ পাত্ৰ। কিয়নো যিহোৱাই মোৰ বেদনাতে শোক লগ লগাই দিছে; মই কেঁকাই কেঁকাই ক্লান্ত হৈছোঁ, অলপ জিৰণী নাপাওঁ।’
\p
\s5
\v 4 তুমি তেওঁক কোৱা: যিহোৱাই এই কথা কৈছে: চোৱা, মই যি সাজিলোঁ, তাক ভাঙিম, আৰু মই যি ক’লোঁ, তাক উঘালিম, আৰু গোটেই দেশত এনেকৈয়ে কৰিম।
\v 5 তেন্তে তুমি নিজৰ বাবে মহত্ব বিচাৰিছা নে? সেইবোৰ নিবিচাৰিবা; কিয়নো, যিহোৱাই কৈছে, মই সকলো মৰ্ত্ত্যলৈ অমঙ্গল ঘটাম; কিন্তু তুমি যি যি ঠাইলৈ যাবা, সেই সেই ঠাইত মই তোমাক লুটদ্ৰব্যস্বৰূপে তোমাৰ প্ৰাণ দান কৰিম’।”
\s5
\c 46
\s জাতিসমূহৰ বিষয়ে ভাববাণী। মিচৰৰ বিষয়।
\p
\v 1 জাতিসমূহৰ বিষয়ে যিৰিমিয়া ভাববাদীৰ ওচৰলৈ অহা যিহোৱাৰ বাক্য।
\v 2 মিচৰৰ বিষয়। যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ চতুৰ্থ বছৰত বাবিলৰ ৰজা নবুখদৰেচৰে পৰাজয় কৰা ফৰাৎ নদীৰ পাৰৰ কৰ্কমীচত থকা মিচৰীয়া ৰজা ফৰৌণ-নখোৰ সৈন্য-সামন্তৰ বিষয়:
\q
\v 3 তোমালোকে ঢাল আৰু ফৰ যুগুত কৰা আৰু যুদ্ধ কৰিবৰ বাবে ওচৰ চাপা।
\q
\v 4 হে অশ্বাৰোহীসকল, ঘোঁৰাবোৰ সজোঁৱা, ঘোঁৰাত উঠা আৰু শিৰোৰক্ষক টুপী পিন্ধি, আগলৈ গৈ থিয় হোৱা,
\q বৰচা জকমকোওৱা, কৱচ পিন্ধা।
\q
\s5
\v 5 মই কিয় এনেকুৱা দেখিছোঁ? তেওঁলোক ব্যাকুল হৈছে, পাছ হুহকি গৈছে;
\q তেওঁলোকৰ বীৰসকল বিহ্বল হৈ বেগাই পলাইছে আৰু পাছলৈ নাচায়; যিহোৱাই কৈছে, চাৰিওফালে ত্ৰাস।
\q
\v 6 বেগী লোক পলাই যাব নোৱাৰে, বীৰ সাৰিব নোৱাৰে;
\q উত্তৰফালে ফৰাৎ নদীৰ পাৰত তেওঁলোকে উজুটি খাই পৰিছে।
\q
\s5
\v 7 যাৰ জলসমূহে নৈবোৰৰ দৰে আস্ফালন কৰিছে, নীল নদীৰ দৰে বাঢ়ি অহা সৌ জন কোন?
\q
\v 8 মিচৰৰ নীল নদীৰ দৰে বাঢ়ি আহিছে, আৰু তাৰ জলসমূহে নদীবোৰৰ দৰে আস্ফালন কৰিছে।
\q আৰু সি কৈছে, ‘মই বাঢ়ি পৃথিৱী তল নিয়াম, নগৰ আৰু তাৰ নিবাসীসকলক নষ্ট কৰিম।’
\q
\v 9 হে ঘোঁৰাবিলাক, উঠি যোৱা, হে ৰথবিলাক, বাতুলৰ নিচিনাকৈ লৰি যোৱা:
\q বীৰসকল ঢালধাৰী কূচ আৰু পূট আৰু ধনুৰ্দ্ধৰ ও ধনুত জোঁৰ দিয়া লূদীয়া লোকসকল বাহিৰ ওলাওঁক।
\q
\s5
\v 10 কিয়নো এই দিন বাহিনীসকলৰ প্ৰভূ যিহোৱাৰ দিন, তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিবলৈ শত্ৰুৰ প্ৰতিকাৰ সধা দিন;
\q তৰোৱালে গ্ৰাস কৰি হেপাহ পলোৱাৰ আৰু তেওঁলোকৰ তেজ পান কৰি পৰিতৃপ্ত হ’ব;
\q কিয়নো উত্তৰ দেশত ফৰাৎ নদীৰ পাৰত বাহিনীসকলৰ প্ৰভূ যিহোৱাৰ এক যজ্ঞ হৈছে।
\q
\s5
\v 11 হে কুমাৰী মিচৰ জীয়াৰী, তুমি গিলিয়দলৈ উঠি গৈ সুস্থজনক গছৰ ৰস লোৱা।
\q তুমি বৃথা অনেক ঔষধ ব্যৱহাৰ কৰিছা, তোমাৰ কোনো সুস্থতা নাই।
\q
\v 12 জাতিবোৰে তোমাৰ অপমানৰ কথা শুনিছে, আৰু তোমাৰ চিঞৰৰ শব্দেৰে পৃথিৱী পৰিপূৰ্ণ হৈছে,
\q কিয়নো বীৰে বীৰত খুন্দা খাই দুয়ো একেলগে পতিত হ’ল।
\p
\s5
\v 13 বাবিলৰ ৰজা নবূখদৰেচৰে আহি মিচৰ দেশ পৰাজয় কৰিবৰ বিষয়ে যিৰিমিয়া ভাববাদীক কোৱা যিহোৱাৰ বাক্য:
\q
\v 14 “তোমালোকে মিচৰত প্ৰচাৰ কৰা, মিগ্দোলত ঘোষণা কৰা, নোফ আৰু
\q তহপনহেচত ঘোষণা কৰা। তোমালোকে কোৱা, “তুমি আগলৈ গৈ থিয় হোৱা, নিজকে যুগুত কৰা; কিয়নো তৰোৱালে তোমাৰ চাৰিওফালে গ্ৰাস কৰিছে।”
\q
\s5
\v 15 তোমাৰ বলৱান জনক কেলেই পেলোৱা হ’ল? তেওঁ থিয় হৈ নাথাকিল; কিয়নো যিহোৱাই তেওঁক পেলালে।
\q
\v 16 তেওঁ অনেকক উজুটি খুৱালে, এনেকি তেওঁলোকে পৰস্পৰে পৰা-পৰি হ’ল;
\q আৰু তেওঁলোকে ক’লে, “উঠা আমি এই সংহাৰক তৰোৱালৰ মুখৰ পৰা নিজ জাতিৰ ওচৰলৈ আৰু আমাৰ জন্মৰ দেশলৈ উলটি যাওঁহঁক।”
\q
\v 17 তেওঁলোকে তাত চিঞৰি ক’লে, “মিচৰৰ ৰজা ফৰৌণৰ সৰ্ব্বনাশ হ’ল; তেওঁ উপযুক্ত সময় বৃথা নষ্ট কৰিলে।”
\q
\s5
\v 18 বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই কৈছে, “মোৰ জীৱনৰ শপত,”
\q “পৰ্ব্বতবোৰৰ মাজত পর্ব্বত তাবোৰ যেনে, আৰু সমূদ্ৰ পাৰত থকা কমিল যেনে, নিশ্চয়ে তেওঁ তেনে হৈ আহিব।”
\q
\v 19 হে মিচৰ নিবাসিনী জীয়াৰী, বন্দী অৱস্থালৈ যাবৰ বাবে নিজৰ প্ৰয়োজনীয় বস্তু লোৱা;
\q কিয়নো নোফ উচ্ছন্ন ঠাই হ’ব, দগ্ধ আৰু নিবাসীশূণ্য হ’ব।
\q
\s5
\v 20 মিচৰ অতি সুন্দৰী চেঁউৰা গৰু; কিন্তু উত্তৰ দিশৰ পৰা এটা ডাঁহ আহিল, পালেহি।
\q
\v 21 তাইৰ মাজত থকা তাইৰ বেচ খোৱাবোৰ হৃষ্টপুষ্ট দামুৰিৰ সদৃশ; কিয়নো তেওঁলোকো বিমুখ হৈ গৈছে।
\q একেবাৰে পলাইছে, থিয়কেই নিদিলে; কাৰণ তেওঁলোকৰ আপদৰ দিন, তেওঁলোকৰ দণ্ডৰ সময় তেওঁলোকৰ ওচৰত উপস্থিত।
\q
\v 22 পলাই যাওঁতে, তাই যোৱা শব্দ সাপ যোৱা শব্দৰ দৰে হ’ব;
\q কিয়নো শত্ৰুৱে সসৈন্যে যাত্ৰা কৰি, কাঠকটীয়াৰ দৰে কুঠাৰেৰে তাইক আক্ৰমণ কৰিব।
\q
\s5
\v 23 যিহোৱাই কৈছে, যদিও তাইৰ কাঠনি অগম্য, তথাপি তেওঁলোকে তাক কাটি পেলাব;
\q কিয়নো তেওঁলোক অর্থাৎ শত্রুসকল ফৰিঙৰ জাকতকৈয়ো অধিক আৰু অসংখ্য।
\q
\v 24 মিচৰ জীয়াৰী লজ্জিত হ’ব; তাইক উত্তৰ-দেশীয়সকলৰ হাতত সমৰ্পণ কৰা হ’ব।”
\p
\s5
\v 25 ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই নোত থকা আমোনক, ফৰৌণক, মিচৰক আৰু তাৰ দেৱতাবোৰক আৰু তাৰ ৰজাসকলক, এনে কি ফৰৌণ আৰু তেওঁক ভাৰসা কৰা সকলোকে দণ্ড দিম।
\v 26 আৰু তেওঁলোকৰ প্ৰাণ বিচাৰি ফুৰাসকলৰ হাতত, বাবিলৰ ৰজা নবুখদৰেচৰৰ আৰু তেওঁৰ প্ৰধান মন্ত্ৰীসকলৰ হাতত মই তেওঁলোকক সমপৰ্ণ কৰিম; তথাপি যিহোৱাই কৈছে, পাছত সেই দেশ আগৰ কালৰ দৰে বসতিস্থান হ’ব।
\p
\s5
\v 27 “কিন্তু হে মোৰ দাস যাকোব, ভয় নকৰিবা, হে ইস্ৰায়েল ব্যাকুল নহ’বা; কিয়নো চোৱা, মই দূৰৰ পৰা তোমাক, আৰু বন্দী অৱস্থাত থকা দেশৰ পৰা তোমাৰ বংশক নিস্তাৰ কৰিম; তাতে যাকোব ঘূৰি আহি নিৰ্ভয় আৰু নিশ্চিত হৈ থাকিব, কোনেও তেওঁক ভয় নেদেখুৱাব।
\v 28 যিহোৱাই কৈছে, হে মোৰ দাস যাকোব, ভয় নকৰিবা; কিয়নো মই তোমাৰ লগত আছোঁ; কাৰণ, মই যি জাতিৰ মাজলৈ তোমাক খেদিলোঁ, সেই সকলো জাতিক মই নিঃশেষে সংহাৰ কৰিলেও, তোমাক নিঃশেষে সংহাৰ নকৰিম; কিন্তু তোমাক সুবিচাৰেৰে শাস্তি দিম, তোমাক কোনোমতেই দণ্ড নিদিয়াকৈ নেৰোঁ”’।”
\s5
\c 47
\s পলেষ্টীয়াসকলৰ বিষয়।
\p
\v 1 ফৰৌণে ঘচাক প্ৰহাৰ কৰা আগতে, পলেষ্টীয়াসকলৰ বিষয়ে যিৰিমিয়া ভাববাদীলৈ অহা যিহোৱাৰ বাক্য।
\q
\v 2 “যিহোৱাই এই কথা কৈছে: চোৱা, উত্তৰ দিশৰ পৰা জলসমূহ বাঢ়ি আহিছে, সেয়ে প্লাৱন কৰোঁতা ধল পানী হৈ, দেশ আৰু তাত থকা সকলোকে, নগৰ আৰু নিবাসীসকলক তল নিয়াব!
\q তাতে লোকসকলে চিঞৰিব,
\q আৰু দেশত বাস কৰা সকলোৱে হাহাকাৰ কৰিব।
\q
\s5
\v 3 শত্ৰুৰ বলী ঘোঁৰাৰ খুৰাৰ খটখটনিত,
\q ৰথৰ ঘৰ্ঘৰণিত, চক্ৰৰ গুমগুমনিত,
\q পিতৃসকলৰ হাত দুখন দূৰ্ব্বল হোৱাৰ বাবে নিজ নিজ সন্তানসকলকৈ ঘূৰি নাচাব।
\q
\v 4 কাৰণ সকলো পলেষ্টীয়াসকলে বিনষ্ট কৰিবৰ দিন, তূৰ আৰু চীদোনৰ পৰা,
\q প্ৰত্যেক অৱশিষ্ট সহকাৰীক উচ্ছন্ন কৰিবৰ দিন আহিছে; কিয়নো যিহোৱাই পলেষ্টীয়াসকলক, কপ্তোৰ দ্বীপৰ অৱশিষ্ট ভাগক বিনষ্ট কৰিব।
\p
\s5
\v 5 ঘচাৰ মূৰ টকলা কৰা হ’ল, তেওঁলোকৰ উপত্যকাৰ অৱশিষ্ট ভাগ অস্কিলোন নষ্ট হ’ল; তুমি কিমান কাল তোমাৰ গা কাটকূট কৰিবা?
\v 6 হে যিহোৱাৰ তৰোৱাল! তুমি কিমান কাল ক্ষান্ত নোহোৱাকৈ থাকিবা?
\q তুমি তোমাৰ ফাকত সোমোৱা; তুমি বিশ্ৰাম কৰা আৰু শান্ত হোৱা।
\q
\v 7 যিহোৱাই তোমাক আজ্ঞা দিয়াত তুমি কেনেকৈ ক্ষান্ত হ’ব পাৰা?
\q তেওঁ অস্কিলোন আৰু সমূদ্ৰৰ দাঁতিৰ বিৰুদ্ধে তাক নিযুক্ত কৰিলে।”
\s5
\c 48
\s মোৱাবৰ বিষয়।
\p
\v 1 মোৱাবলৈ, ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে:
\q “হায় হায় নবো! কিয়নো সেয়ে উচ্ছন্ন হ’ল; কিৰিয়াথয়িমে লাজ পালে, ধৰা পৰিল;
\q মিচগবে লাজ পালে আৰু ব্যাকুল হ’ল।
\q
\v 2 মোৱাবৰ গৌৰৱ আৰু নাই। শত্ৰুৱে তাৰ বিৰুদ্ধে হিচবোনত অমঙ্গলৰ মন্ত্ৰণা কৰিছে।
\q তেওঁলোকে কৈছে, ‘আহাঁ, আমি তাক এক জাতি হোৱাৰ পৰা উচ্ছন্ন কৰোঁহঁক”। হে মদমেন, তোমাকো নিস্তাৰ কৰা হ’ব; তৰোৱাল তোমাৰ পাছে পাছে যাব।’
\q
\s5
\v 3 শুনা হোৰোণয়িমত চিঞৰ-বাগৰ শুনা গৈছে, লুট আৰু মহাসংহাৰ হৈছে।
\q
\v 4 মোৱাব নষ্ট হ’ল। তাৰ সন্তানসকলে চিঞৰৰ শব্দ শুনাইছে।
\q
\v 5 কিয়নো লুহিতলৈ উঠি যোৱা বাটেদি তেওঁলোকে অনবৰত ক্ৰন্দনেৰে উঠি যাব,
\q কাৰণ হোৰোণয়িমলৈ নামি যোৱা বাটত সংহাৰৰ দুখৰ চিঞৰ শুনা গৈছে।
\q
\s5
\v 6 তোমালোকে পলোৱা! নিজ নিজ প্ৰাণ ৰক্ষা কৰা, অৰণ্যত থকা জাঁও গছৰ নিচিনা হোৱা।
\q
\v 7 কিয়নো তুমি তোমাৰ কাৰ্য্যত আৰু তোমাৰ বহুমূল্য বস্তুত নিৰ্ভৰ কৰাৰ কাৰণে তুমিও ধৰা পৰিবা।
\q আৰু তেতিয়া কমোচ, তাৰ পুৰোহিতসকল আৰু তাৰ প্ৰধান লোকসকল বন্দী-অৱস্থালৈ একেলগে ওলাই যাব।
\q
\s5
\v 8 প্ৰত্যেক নগৰলৈ বিনাশক আহিব আৰু কোনো নগৰ ৰক্ষা নাপাব;
\q যিহোৱাৰ বাক্য অনুসাৰে তলভূমি বিনষ্ট হ’ব, সমতলো বিনষ্ট হ’ব।
\q
\v 9 তোমালোকে মোৱাবক আপোন বাটে উড়ি যাবৰ বাবে ডেউকা দিয়া।
\q তাৰ নগৰবোৰ ধ্বংস কৰা হ’ব, তাত বাস কৰোঁতা কোনো নহ’ব।
\q
\v 10 যি জনে যিহোৱাৰ কাৰ্য্য এলাহেৰে কৰে, তেওঁ শাপগ্ৰস্থ হওঁক আৰু যি জনে ৰক্তপাতৰ পৰা নিজ তৰোৱাল কোঁচাই ৰাখে তেওঁ শাপগ্ৰস্থ হওঁক।
\q
\s5
\v 11 মোৱাব সৰু কালৰে পৰা নিশ্চিন্তভাৱে আছে, আৰু সি নিজৰ গেদৰ ওপৰত সুস্থিৰে আছে,
\q এক পাত্ৰৰ পৰা আন পাত্ৰত ঢলা হোৱা নাই, আৰু সি বন্দী-অৱস্থালৈ যোৱাও নাই; এই কাৰণে তাৰ সুস্বাদ তাতে আছে আৰু তাৰ দগ্ধ পৰিৱৰ্ত্তন হোৱা নাই।
\q
\v 12 এই হেতুকে, যিহোৱাই কৈছে, “গতিকে চোৱা, এই দিনবোৰ আহি আছে, যি দিনা মই ঢালিবলৈ মানুহ পঠিয়াম সেই দিন আহিছে সেই দিনা তেওঁলোকে তাক ঢালিব, তাৰ পাক্ষবোৰ শুদা কৰিব আৰু তাৰ ঘটবোৰ ডোখৰ ডোখৰ কৰিব।
\p
\s5
\v 13 ইস্ৰায়েল বংশই নিজ বিশ্বাসৰ ভূমি বৈৎএলৰ বিষয়ে লাজ পোৱাৰ দৰে মোৱাবেও কমোচৰ বিষয়ে লাজ পাব।
\q
\v 14 ‘আমি বীৰ আৰু যুদ্ধৰ বাবে পৰাক্ৰমী মানুহ, বুলি তোমালোকে কেনেকৈ ক’ব পাৰা?
\q
\s5
\v 15 মোৱাব উচ্ছন্ন হ’ল, আৰু তাৰ নগৰবোৰ ধুঁৱা হৈ উড়ি গ’ল আৰু তাৰ মনোনীত ডেকা লোকসকল
\q বধৰ ঠাইলৈ নামি গ’ল,
\q বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই ইয়াক কৈছে।
\q
\v 16 মোৱাবৰ আপদ ওচৰ পালেহি আৰু তাৰ অমঙ্গল অতিশয় বেগেৰে আহিছে।
\q
\v 17 মোৱাবৰ চাৰিওফালে থকা তাৰ নাম জনা তোমালোক সকলোৱে তাৰ নিমিত্তে বিলাপ কৰি কোৱা,
\q এই শকত লাখুটি আৰু সুন্দৰ দণ্ডডালি কেনেৰূপে ভাগিল!
\q
\s5
\v 18 হে দীবোন-নিবাসিনী জীয়াৰী, তুমি তোমাৰ প্ৰতাপৰ পৰা নামি তৃষ্ণাতুৰা হৈ মাটিত বহা;
\q কিয়নো মোৱাবৰ সংহাৰক তোমাৰ বিৰুদ্ধে উঠি আহিলে, তেওঁ তোমাৰ দুৰ্গবোৰ বিনষ্ট কৰিলে।
\q
\v 19 হে অৰোয়েৰ-নিবাসিনী, তুমি বাটৰ কাষত থিয় হৈ চোৱা।
\q পলাই যোৱা লোকক আৰু ৰক্ষা পোৱা মহিলাক কি হ’ল বুলি সোধা।
\q
\v 20 মোৱাবে লাজ পালে, কিয়নো সেই নগৰ ভগ্ন হ’ল; তোমালোকে হাহাকাৰ কৰা আৰু চিঞৰি কান্দা;
\q মোৱাব যে উচ্ছন্ন হ’ল, তাক অৰ্ণোনত প্ৰচাৰ কৰা।
\q
\s5
\v 21 আৰু শাস্তি আহিল সমথলৰ দেশলৈ,
\q হোলোন, যহচা, মেফাৎ,
\q
\v 22 দীবোন, নবো, বৈৎ-দিব্লাথয়িম,
\q
\v 23 কিৰিয়াথয়িম, বৈৎ-গামূল, বৈৎ-মিয়োন,
\q
\v 24 কৰিয়োৎ আৰু বস্ৰা
\q দূৰত কি ওচৰত থকা মোৱাবদেশীয় সকলো নগৰৰ ওপৰলৈ দণ্ড আহিল।
\q
\v 25 যিহোৱাই কৈছে, মোৱাবৰ শিংটি কটা হ’ল আৰু বাহু ভঙা হ’ল।
\p
\s5
\v 26 তোমালোকে তাক মতোৱাল কৰা, কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে গৰ্ব্ব কৰিলে আৰু মোৱাবে নিজ বঁতিওৱা ঠাইত বাগৰিব আৰু বিদ্ৰূপৰ বিষয়ো হ’ব।
\v 27 কিয়নো ইস্ৰায়েল জানো তোমাৰ আগত বিদ্ৰূপৰ বিষয় নাছিল? তাক জানো চোৰৰ মাজত পোৱা নগৈছিল? কাৰণ তুমি যিমানবাৰ তাৰ বিষয়ে কোৱা, সিমানবাৰ তুমি তোমাৰ মূৰ জোকাৰা।
\q
\s5
\v 28 হে মোৱাব-নিবাসীসকল, তোমালোকে নগৰবোৰ এৰি শিলত বাস কৰা
\q আৰু গাঁতৰ মুখৰ কিনাৰত বাহ সজা কপৌটিৰ দৰে হোৱা।
\q
\v 29 আমি মোৱাবৰ অহঙ্কাৰৰ বিষয়ে শুনিলোঁ, যে সি বৰ গৰ্ব্বী;
\q তাৰ অভিমান, অহঙ্কাৰ, দৰ্প আৰু মনৰ গৰ্ব্বৰ কথা আমি শুনিলোঁ।
\p
\s5
\v 30 যিহোৱাই কৈছে, “মই জানো; তাৰ ক্ৰোধ মিছা, তাৰ বৰ বৰ কথা নিস্ফল।
\q
\v 31 এই কাৰণে মই মোৱাবৰ বিষয়ে হাহাকাৰ কৰিম, এনেকি, গোটেই মোৱাবৰ বাবে চিঞৰি কান্দিম;
\q কীৰ-হেৰচৰ লোকসকলৰ বিষয়ে বিলাপ কৰা যাব।
\q
\v 32 হে চিবমাৰ দ্ৰাক্ষালতা, মই যাজেৰৰ ক্ৰন্দনতকৈয়ো তোমাৰ বিষয়ে অধিক কৈ ক্ৰন্দন কৰিম তোমাৰ ডালবোৰ সমুদ্ৰৰ সিপাৰলৈকে গৈছিল
\q সেয়ে যাজেৰৰ সমুদ্ৰলৈকেও ফেৰ মেলিছিল; তোমাৰ ঘামকালিৰ ফলৰ বাবে আৰু তোমাৰ চপাবলগীয়া দ্ৰাক্ষা গুটিৰ বাবে বিনাশক আহিল।
\q
\s5
\v 33 মোৱাব দেশৰ ফলৱlতী বাৰীৰ পৰা আনন্দ আৰু হৰ্ষ দূৰ কৰা হ’ল,
\q আৰু “মই দ্ৰাক্ষকুণ্ডত দ্ৰাক্ষৰস নাইকিয়া কৰিলোঁ; কোনেও আনন্দৰ ধ্বনিৰে নগচকিব; সেই ধ্বনি আননন্দৰ ধ্বনি নহ’ব।
\p
\s5
\v 34 হিচবোনত এনে চিঞৰ বাগৰ হৈছে, যে, তাৰ শব্দ ইলিয়াললিলৈকে আৰু যহচলৈকে গৈছে আৰু চোৱৰৰ পৰা চিঞৰ-বাগৰৰ শব্দ হোৰোণয়িমলৈকে আৰু ইগ্লৎ-চলিচিয়ালৈকে গৈছে; কিয়নো নিম্ৰীমৰ জলসমূহো মৰুভূমি হ’ব।
\v 35 ইয়াত বাজে, উচ্ছস্থানত উৎসৰ্গ কৰোঁতা, আৰু নিজ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাওঁতা লোক মোৱাবত নাইকিয়া কৰিম।” ইয়াকে যিহোৱাই কৈছে।”
\p
\s5
\v 36 এই কাৰণে মোৰ অন্তৰ মোৱাবৰ বাবে বাঁহীৰ নিচিনাকৈ বাজিছে আৰু মোৰ হৃদয় কীৰ-হেৰেচৰ লোকসকলৰ বাবে বাঁহীৰ দৰে বাজিছে; কাৰণ সি অৰ্জ্জা অধিক বস্তু নষ্ট হ’ল।
\v 37 কিয়নো প্ৰত্যেকৰ মূৰ টকলা কৰা হ’ল আৰু প্ৰত্যেকৰ ডাঢ়ি কটা হ’ল, সকলোৰে হাতত কাটকূট আৰু কঁকালত চট আছে।
\p
\s5
\v 38 মোৱাবৰ সকলো ঘৰৰ চালত, আৰু তাৰ চকবোৰৰ সকলোফালে বিলাপ শুনা গৈছে; কিয়নো যিহোৱাই কৈছে ভাল নোপোৱা কোনো পাত্ৰৰ নিচিনাকৈ মই মোৱাবক ভাঙি পেলালোঁ।
\q
\v 39 “সি কেনে ভগ্ন হ’ল! তেওঁলোকে কেনে হাহাকাৰ কৰিছে! মোৱাবে লাজতে কেনেৰূপে মুখ ঘূৰালে! এইদৰে মোৱাব নিজৰ চাৰিওফালে থকা সকলোৰে আগত বিদ্ৰূপৰ আৰু ত্ৰাসৰ বিষয় হ’ব।”
\p
\s5
\v 40 কিয়নো যিহোৱাই এইদৰে কৈছে, “চোৱা, তেওঁ কোৰৰ পখীৰ দৰে উড়ি আহি, মোৱাবৰ বিৰুদ্ধে নিজ ডেউকা মেলিব।
\q
\v 41 কৰিয়োতক হাত কৰি লোৱা হ’ল, দুৰ্গবোৰ হঠাৎ আক্ৰমণ কৰা হ’ল;
\q আৰু মোৱাবৰ বীৰসকলৰ হৃদয় সেইদিনা প্ৰসৱ বেদনা পোৱা মহিলাৰ হৃদয়ৰ দৰে হ’ব।
\q
\s5
\v 42 মোৱাবে যিহোৱাৰ বিৰুদ্ধে অভিমান কৰাৰ বাবে, সি এটি জাতি হোৱাৰ পৰা উচ্ছন্ন হ’ব।
\q
\v 43 যিহোৱাই কৈছে, হে মোৱাব নিবাসী লোক, তোমাৰ বাবে আপদ, গাঁত আৰু ফান্দ নিৰূপিত আছে।”
\q
\v 44 “যি কোনোৱে সেই আপদৰ পৰা পলাব, তেওঁ সেই গাঁতত পৰিব
\q আৰু যি কোনোৱে সেই গাঁতৰ পৰা উঠিব, তেওঁ সেই ফান্দত ধৰা পৰিব;
\q কিয়নো যিহোৱাই কৈছে, মই তেওঁৰ ওপৰত, মোৱাবৰেই ওপৰত প্ৰতিফল দিয়াৰ বছৰ আনিম।”
\q
\s5
\v 45 পলৰীয়াসকল হিচবোনৰ ছাঁত শক্তিবিহীন হৈ থিয় দি আছে; কাৰণ হিচবোনৰ পৰা অগ্নি
\q আৰু চীহোনৰ মাজৰ পৰা জুইৰ শিখা ওলাই মোৱাবৰ ডাঢ়িৰ কাষ আৰু কোলাহলকাৰীসকলৰ তালু টকলা কৰিলে।
\q
\s5
\v 46 হায় হায় মোৱাব! কমোচৰ প্ৰজাসকলৰ সৰ্ব্বনাশ হ’ল,
\q কাৰণ তোমাৰ পুত্রসকলক বন্দী কৰি নিয়া হ’ল; আৰু তোমাৰ জীয়ৰিসকলক বন্দী অৱস্থালৈ নিয়া হ’ল।
\q
\v 47 তথাপি, যিহোৱাই কৈছে, “মই শেষকালত মোৱাবৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম।”
\q মোৱাবৰ দণ্ড ইমানলৈকে।
\s5
\c 49
\s অম্মোনৰ সন্তানবিলাকৰ বিষয়।
\p
\v 1 অম্মোনৰ সন্তানবিলাকৰ বিষয়। যিহোৱাই এই কথা কৈছে, ইস্ৰায়েলৰ জানো পুত্ৰ নাই? তেওঁৰ উত্তৰাধিকাৰী জানো কোনো নাই? তেন্তে মিল্কমে কিয় গাদক অধিকাৰ কৰিছে? আৰু তাৰ প্ৰজাবিলাকে কিয় গাদৰ নগৰবোৰত বাস কৰিছে?
\v 2 এই নিমিত্তে, যিহোৱাই কৈছে, চোৱা, যিদিনা মই অম্মোনৰ সন্তানবিলাকৰ ৰব্বাৰ বিৰুদ্ধে যুদ্ধৰ ধ্বনি শুনাম, এনে দিন আহিছে; সেয়ে ভগ্নৰাশি হ’ব, আৰু তাৰ উপনগৰবোৰ জুইৰে পোৰা যাব; তেতিয়া যিহোৱাই কৈছে, ইস্ৰায়েলক অধিকাৰ কৰা-বিলাকক ইস্ৰায়েলে অধিকাৰ কৰিব।
\s5
\v 3 হে হিচবোন, হাহাকাৰ কৰা, কিয়নো অয়ক বিনষ্ট কৰা হ’ল; হে ৰব্বাৰ জীয়াৰীবিলাক, চিঞৰি কান্দা, চট পিন্ধা, বিলাপ কৰি গড়ৰ কাষে কাষে ইফালে সিফালে লৰি ফুৰা; কিয়নো মিল্কম, তাৰ পুৰোহিতবিলাক, আৰু তাৰ প্ৰধান লোক-বিলাক একেলগে বন্দী অৱস্থালৈ যাব।
\v 4 মোৰ ওচৰলৈ কোন আহিব পাৰে বুলি কৈ নিজ ধনত ভাৰসা কৰোঁতা হে বিপথগামিনী জীয়াৰী, তোমাৰ উপত্যকাবোৰত, তোমাৰ ৰক্তপ্ৰবাহী উপত্যকাটিত কিয় গৌৰৱ কৰিছা?
\s5
\v 5 বাহিনীবিলাকৰ প্ৰভূ যিহোৱাই কৈছে চোৱা, মই তোমাৰ চাৰিওফালে থকা আটাইৰে পৰা তোমালৈ ভয় উপস্থিত কৰিম; তোমালোক প্ৰতিজনক পোনে পোনে খেদাই দিয়া হ’ব আৰু পলৰীয়াক গোটাবলৈ কোনো নহ’ব।
\v 6 কিন্তু, যিহোৱাই কৈছে, পাছত মই অম্মোনৰ সন্তানবিলাকৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম।
\s ইদোমৰ বিষয়।
\p
\s5
\v 7 ইদোমৰ বিষয়। বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে, তৈমনত জানো আৰু জ্ঞান নাই? বুদ্ধিয়কবিলাকৰ পৰা জানো পৰামৰ্শ লোপ পালে? তেওঁবিলাকৰ জ্ঞান জানো নাইকিয়া হ’ল?
\v 8 হে দদান-নিবাসীবিলাক, তোমালোক পলোৱা মুখ ঘূৰাই গভীৰ ঠাইত সোমাই বাস কৰা; কিয়নো মই এচৌৰ ওপৰলৈ তাৰ আপদ আৰু দণ্ড তাক দিয়াৰ সময় আনিম।
\s5
\v 9 তোমাৰ ওচৰলৈ দ্ৰাক্ষাগুটি চপাওঁতাবিলাক আহিলে, সিহঁতে কিছু দ্ৰাক্ষাগুটি অৱশিষ্ট নাৰাখিব নে? ৰাতি চোৰ আহিলে, সিহঁতে প্ৰয়োজন মতে চুৰ কৰি ক্ষান্ত নহ’ব নে?
\v 10 কিন্তু মই হ’লে এচৌক শূণ্য কৰিলোঁ আৰু তাৰ গোপনীয় ঠাইবোৰ মুকলি কৰিলোঁ, সি লুকাই থাকিব নোৱাৰিব; তাৰ বংশ, ভায়েকবিলাক আৰু ওচৰ-চুবুৰীয়াৰ বিনষ্ট হ’ল, আৰু সি লুপ পালে।
\v 11 তোমাৰ পিতৃহীন সন্তানবিলাকক এৰা, ময়েই সিহঁতক জীয়াই ৰাখিম; আৰু তোমাৰ বিধৱাবিলাকে মোত ভাৰসা কৰক।
\s5
\v 12 কিয়নো যিহোৱাই এই কথা কৈছে, চোৱা, পাত্ৰত পান কৰা যিবিলাকৰ স্বত্ব নাই, তেওঁবিলাকেই অৱশ্যে পান কৰিব; তেন্তে তুমি জানো সমূলি দণ্ড পাব নলগা লোক? তুমি দণ্ড নোপোৱাকৈ নাথাকিবা, তুমি অৱশ্যে পান কৰিবা।
\v 13 কিয়নো যিহোৱাই কৈছে, মই মোৰ নাম লৈ এই শপত খাই কৈছোঁ যে, বস্ৰা আচৰিতৰ, ধিক্কাৰৰ, ধ্বংসৰ আৰু শাওৰ বিষয় হ’ব, আৰু তাৰ আটাই নগৰ চিৰকলীয়া ধ্বংসস্থান হ’ব।
\p
\s5
\v 14 মই যিহোৱাৰ পৰা বাৰ্ত্তা শুনিলোঁ, আৰু জাতিবিলাকৰ মাজলৈ এজন দূত পঠোৱা হ’ল, “তোমালোকে একেলগে গোট খাই তাৰ বিৰুদ্ধে যাত্ৰা কৰা, আৰু যুদ্ধ কৰিবৰ অৰ্থে উঠা”।
\v 15 কিয়নো, চোৱা, মই তোমাক জাতিবিলাকৰ মাজত সৰু, আৰু মানুহৰ মাজত নীহ কৰিলোঁ।
\s5
\v 16 হে শিলৰ খোৰোঙত বাস কৰা জন, হে পৰ্ব্বতৰ উচ্ছস্থানত থকা জন, তোমাৰ ভয়ানকতাৰ বিষয়ে হ’লে, তোমাৰ মনৰ অহঙ্কাৰে তোমাক প্ৰবঞ্চনা কৰিলে; যিহোৱাই কৈছে, তুমি কুৰৰ পখীৰ নিচিনাকৈ ওখত তোমাৰ বাহ সাজিলেও, মই তাৰ পৰা তোমাক নমাই আনিম।
\s5
\v 17 ইদোম বিস্ময়ৰ বিষয় হ’ব; তাৰ ওচৰেদি অহা-যোৱা কৰা প্ৰতিজনে বিস্ময় মানিব আৰু তালৈ ঘটা আটাই উৎপাত দেখি ইচ ইচ কৰিব।
\v 18 যিহোৱাই কৈছে, চদোম, ঘমোৰা, আৰু তাৰ ওচৰৰ নগৰ কেইখন নষ্ট হোৱাৰ সময়ৰ নিচিনাকৈ কোনো মানুহে তাত বাস নকৰিব, কোনো মানুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব।
\s5
\v 19 চোৱা, যৰ্দ্দনৰ শোভস্থানৰ পৰা সিংহ উঠি অহাৰ নিচিনাকৈ তেওঁ চিৰস্থায়ী চৰণীয়া ঠাইৰ বিৰুদ্ধে আহিব; কিন্তু মই চকুৰ পচাৰতে তেওঁক তাৰ পৰা লৰুৱাম আৰু মই তাৰ ওপৰত মোৰ মনোনীত জনক নিযুক্ত কৰিম; কাৰণ মোৰ নিচিনা কোন আছে? আৰু মোৰ নিমিত্তে কোনে সময় নিৰূপণ কৰিব? আৰু মোৰ আগত তিষ্ঠিব পৰা কোন ৰখীয়া আছে?
\p
\s5
\v 20 এই হেতুকে, যিহোৱাই ইদোমৰ বিৰুদ্ধে কৰা মন্ত্ৰণা, আৰু তৈমন-নিবাসীবিলাকৰ অহিতে কৰা অভিপ্ৰায়বোৰ তোমালোকে শুনা; অৱশ্যে জাকৰ সৰুবোৰেও সিহঁতক টানি লৈ যাব, অৱশ্যে সিহঁতৰ চৰণীয়া ঠায়ে সিহঁতৰ বিষয়ে বিস্ময় মানিব।
\s5
\v 21 সিহঁতৰ পতনৰ শব্দত পৃথিৱী কঁপিছে; সিহঁতৰ চিঞৰৰ শব্দ চূফ সাগৰলৈকে শুনা গৈছে।
\v 22 চোৱা, তেওঁ কুৰৰ পখীৰ নিচিনাকৈ উড়ি আহিব, আৰু বস্ৰাৰ অহিতে নিজ ডেউকা মেলিব, আৰু সেই দিনা ইদোমৰ বীৰবিলাকৰ হৃদয় প্ৰসৱবেদনা পোৱা তিৰোতাৰ হৃদয়ৰ নিচিনা হ’ব।
\s দম্মেচকৰ বিষয়।
\p
\s5
\v 23 দম্মেচকৰ বিষয়। হমাৎ আৰু অৰ্পদে লাজ পালে; কিয়নো সিহঁতে অমঙ্গলৰ বাৰ্ত্তা শুনি দ্ৰৱ হৈ গৈছে; সাগৰ খনত শোক দেখা গৈছে, সেয়ে স্থিৰ হ’ব নোৱাৰে।
\v 24 দম্মেচক দুৰ্ব্বল হৈ পৰিল, সি পলাবলৈ ঘূৰিল আৰু কম্পনে তাক ধৰিলে, প্ৰসৱকাৰিনী তিৰোতাৰ নিচিনাকৈ যাতনা আৰু বেদনাই তাক আক্ৰমণ কৰিলে।
\v 25 প্ৰশংসাৰ নগৰ, মোৰ আনন্দৰ নগৰ কিয় পৰিত্যক্ত নহ’ল?
\s5
\v 26 এতেকে, বাহিনীবিলাকৰ যিহোৱাই কৈছে, তাৰ ডেকাবিলাক তাৰ চকবোৰত পতিত হ’ব, আৰু আটাই যুদ্ধাৰুবিলাকক সেই দিনা নিস্তব্ধ কৰা হ’ব।
\v 27 আৰু মই দম্মেচকৰ গড়ৰ ভিতৰত জুই লগাম; সেয়ে বিন-হদদৰ অট্টালিকাবোৰ গ্ৰাস কৰিব।
\s কেদৰ আৰু হাচোৰৰ বিষয়।
\p
\s5
\v 28 বাবিলৰ ৰজা নবুখদৰেচৰে প্ৰহাৰ কৰা কেদৰৰ আৰু হাচোৰীয়া ৰাজ্যবোৰৰ বিষয়। যিহোৱাই এই কথা কৈছে, তোমালোকে উঠি কেদৰলৈ যোৱা, আৰু পূৱদেশীয় সন্তানবিলাকক বিনষ্ট কৰা।
\v 29 শত্ৰুৱে সিহঁতৰ তম্বু আৰু পশুৰ জাকবোৰ লৈ যাব, আৰু সিহঁতৰ আঁৰ কাপোৰ আদি আটাই বস্তু আৰু উটবোৰ নিজৰ নিমিত্তে নিব, আৰু সিহঁতে শত্ৰুৰ কাৰণে চিঞৰিব, সকলো ফালে ত্ৰাস।
\s5
\v 30 যিহোৱাই কৈছে, হে হাচোৰনিবাসীবিলাক, পলোৱা, দূৰলৈ ভ্ৰমণ কৰি গভীৰ ঠাইত বাস কৰা; কিয়নো বাবিলৰ ৰজা নবুখদৰেচৰে তোমালোকৰ অহিতে মন্ত্ৰণা কৰিলে, আৰু তোমালোকৰ অহিতে কল্পনা স্থিৰ কৰিলে।
\v 31 যিহোৱাই কৈছে, তোমালোক উঠা, নিৰ্ভয়ে আৰু নিশ্চিন্তে বাস কৰা, আৰু দুৱাৰ কি ডাং নথকা অকলেই বাস কৰা এটি জাতিৰ বিৰুদ্ধে তোমালোকে যাত্ৰা কৰা।
\s5
\v 32 সিহঁতৰ উটবোৰ চিকাৰৰ বস্তু যেন হ’ব, আৰু সিহঁতৰ পশুসমূহ লুট দ্ৰব্য হ’ব। আৰু কুমৰ গুৰিত ডাঢ়ি-চুলি কটা আটাইবোৰকে মই সকলো ফালে বায়ুত উড়ুৱাই দিম; আৰু যিহোৱাই কৈছে, মই সিহঁতৰ সকলো ফালৰ পৰা সিহঁতলৈ আপদ আনিম।
\v 33 হাচোৰ শিয়ালৰ বাসস্থান, চিৰকলীয়া ধ্বংস স্থান হ’ব; তাত কোনো মানুহ নাথাকিব, নাইবা কোনো মনুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব।
\s এলমৰ বিষয়।
\p
\s5
\v 34 যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ আৰম্ভণত এলমৰ বিষয়ে যিৰিমিয়া ভাববাদীয়লৈ অহা যিহোৱাৰ বাক্য।
\v 35 বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে, চোৱা, মই শক্তিৰ প্ৰধান অস্ত্ৰ এলমৰ ধনু ভাঙি পেলাম।
\v 36 আৰু আকাশৰ চাৰি দিশৰ পৰা চাৰি বায়ু মই এলমৰ ওপৰলৈ বলোৱাম, আৰু সেই সকলো বায়ুত মই সিহঁতক উড়ুৱাই দিম; দূৰীকৃত এলমীয়াবিলাক যি জাতিৰ ওচৰলৈ নাযাব, এনে কোনো জাতি নহ’ব।
\s5
\v 37 আৰু এলমৰ শত্ৰুবোৰৰ আগত, আৰু সিহঁতৰ প্ৰাণ বিচৰাবোৰৰ আগত মই সিহঁতক ব্যাকুল কৰিম; আৰু যিহোৱাই কৈছে মই সিহঁতৰ ওপৰলৈ অমঙ্গল, এনেকি মোৰ প্ৰচণ্ড ক্ৰোধ উপস্থিত কৰিম; আৰু সিহঁতক সংহাৰ নকৰালৈকে সিহঁতৰ পাছে পাছে মই তৰোৱাল পঠাম।
\v 38 যিহোৱাই আৰু কৈছে, মই এলমত নিজ সিংহাসন স্থাপন কৰিম, আৰু তাৰ পৰা দণ্ডাজ্ঞা দি, ৰজা আৰু প্ৰধান লোকবিলাকক উচ্ছন্ন কৰিম।
\v 39 কিন্তু, যিহোৱাই কৈছে, শেষকালত মই এলমৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম।
\s5
\c 50
\s বাবিলৰ বিষয়।
\p
\v 1 যিৰিমিয়া ভাববাদীৰ দ্বাৰাই বাবিলৰ বিষয়ে, কল্দীয়াহঁতৰ দেশৰ বিষয়ে যিহোৱাই কোৱা বাক্য।
\v 2 তোমালোকে জাতিবিলাকৰ মাজত প্ৰচাৰ কৰা, ঘোষণা কৰা আৰু ধ্বজা তোলা; গুপুতে নাৰাখিবা; কোৱা, “বাবিল হাত কৰি লোৱা হ’ল, বেলে লাজ পালে, মৰোদক ব্যাকুল হ’ল; তাৰ মুৰ্ত্তিবোৰে লাজ পালে, তাৰ প্ৰতিমাবোৰ ব্যাকুল হ’ল”।
\s5
\v 3 কিয়নো তাৰ বিৰুদ্ধে উত্তৰৰ পৰা এক জাতি আহিছে; সেই জাতিয়ে তাৰ দেশ ধ্বংস কৰিব তাত কোনেও বাস নকৰিব; সিহঁত পলাল মানুহ আৰু পশু সকলো গ’ল।
\v 4 যিহোৱাই কৈছে, সেই দিনত আৰু সেই কালত ইস্ৰায়েলৰ সন্তানবিলাক আৰু যিহূদাৰ সন্তানবিলাক একে লগ হৈ আহিব আৰু ক্ৰন্দন কৰি কৰি গমন কৰি তেওঁবিলাকৰ ঈশ্বৰ যিহোৱাৰ বিচাৰ কৰিব।
\v 5 তেওঁবিলাকে এই ফাললৈ মুখ কৰি চিয়োনৰ বিষয়ে সুধিব আৰু ক’ব যে আহা, আমি পাহৰিব নোৱাৰা চিৰকলীয়া এটি নিয়মেৰে যিহোৱাত আসক্ত হওঁ।
\p
\s5
\v 6 মোৰ প্ৰজাবিলাক হেৰোৱা ভেড়াস্বৰূপ হ’ল; তেওঁবিলাকৰ ৰখীয়াবিলাকে তেওঁবিলাকক বিপথগামী কৰিলে, পৰ্ব্বতবোৰত তেওঁবিলাকৰ বাট হেৰোৱালে; তেওঁবিলাক এক পৰ্ব্বতৰ পৰা আন পৰ্ব্বতলৈ গ’ল, তেওঁবিলাকে নিজৰ শুৱা ঠাই পাহৰিলে।
\v 7 তেওঁবিলাকক পোৱা সকলোৱে তেওঁবিলাকক গ্ৰাস কৰিলে, আৰু তেওঁবিলাকৰ শত্ৰুবোৰে ক’লে, আমি দোষ কৰা নাই, কাৰণ সিহঁতে ধৰ্ম্মনিবাস যিহোৱাৰ, সিহঁতৰ পূৰ্ব্ব-পুৰুষবিলাকৰ বিশ্বাস ভূমি যিহোৱাৰেই বিৰুদ্ধে পাপ কৰিলে।
\s5
\v 8 তোমালোক বাবিলৰ মাজৰ পৰা পলোৱা, কল্দীয়াহঁতৰ দেশৰ পৰা ওলাই যোৱা, আৰু জাকৰ আগে আগে যাওঁতা মতা ছাগবোৰৰ নিচিনা হোৱা।
\v 9 কিয়নো চোৱা, মই উত্তৰ দেশৰ পৰা বাবিলৰ অহিতে মহা জাতিবোৰৰ এক লোক সমূহক উচটাই আনিম, আৰু সিহঁতে তাৰ বিৰুদ্ধে বেহু পাতিব, তাতে তাক হাত কৰি লোৱা যাব; সিহঁতৰ কাঁড়বোৰ, বিফলে উলটি নহা নিপুন বীৰৰ কাঁড়বোৰৰ নিচিনা হ’ব।
\v 10 কল্দীয়া দেশ লুট দ্ৰব্য হ’ব, যিহোৱাই কৈছে, তাৰ লুটকাৰী আটাইবোৰ পৰিতৃপ্ত হ’ব।
\p
\s5
\v 11 হে মোৰ আধিপত্য অপহৰণ কৰোঁতাহঁত, তহঁতে আনন্দ কৰিছ, উল্লাস কৰিছ, শস্য মাৰোঁতা এজনী চেঁউৰী গৰুৰ নিচিনাকৈ দেও দিছ, আৰু বলী ঘোঁৰাৰ নিচিনাকৈ ঢেকঢেকাইছ।
\v 12 এতেকে, তহঁতৰ মাৰে অত্যন্ত লাজ পাব।তহঁতৰ জননী ব্যাকুল হ’ব, দেখ, তাই জাতিবিলাকৰ মাজত সকলোতকৈ পাছ হ’ব, অৰণ্য শুকান ভূমি আৰু মৰুভূমি হ’ব।
\v 13 যিহোৱাৰ ক্ৰোধৰ কাৰণে এই দেশ বসতিস্থান নহ’ব, কিন্তু সম্পূৰ্ণ উচ্ছন্ন ঠাই হ’ব; বাবিলৰ ওচৰেদি যোৱা প্ৰতিজনে আচৰিত হৈ তালৈ ঘটাৰ আটাই উৎপাত দেখি ইচ ইচ কৰিব।
\s5
\v 14 ধনু ভিৰাওঁতা তোমালোক আটায়ে বাবিলৰ অহিতে চাৰিওফালে বেহুঁ পাতা; তোমালোকে তালৈ কাঁড় মাৰা, এটি কাঁড়ো বাকী নাৰাখিবা; কিয়নো সি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলে।
\v 15 চাৰিওফালে তাৰ বিৰুদ্ধে জয়-ধ্বনি কৰা; সি হাত যোৰ কৰিছে, তাৰ কোঁঠবোৰ পৰি গ’ল, তাৰ গড়বোৰ ভাঙি পেলোৱা হ’ল; কিয়নো এয়ে যিহোৱাই সধা প্ৰতিকাৰ; তোমালোকে তাৰ প্ৰতিকাৰ সধা, সি কৰা নিচিনাকৈ তাক কৰা।
\s5
\v 16 বাবিলৰ পৰা কঠীয়া সিচোঁতাক আৰু শস্যৰ সময়ত কাঁচি ধৰোঁতাক উচ্ছন্ন কৰা; সংহাৰক তৰোৱালৰ ভয়ত সিহঁত প্ৰতিজনে নিজ নিজ জাতিলৈ মুখ কৰিব, আৰু প্ৰতিজনে নিজ নিজ দেশলৈ পলাই যাব।
\p
\s5
\v 17 ইস্ৰায়েল ছিন্ন-ভিন্ন মেৰস্বৰূপ; সিংহবোৰে তাক খেদি দিলে; প্ৰথমে অচূৰৰ ৰজাই তাক গ্ৰাস কৰিলে আৰু শেষত বাবিলৰ ৰজা এই নবূখদৰেচৰে তাৰ হাড়বোৰ ভাঙিলে।
\v 18 এই হেতুকে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে, চোৱা, মই অচূৰৰ ৰজাক দণ্ড দিয়াৰ নিচিনাকৈ বাবিলৰ ৰজাক আৰু তেওঁৰ দেশকো দণ্ড দিম।
\s5
\v 19 আৰু মই ইস্ৰায়েলক মোৰ চৰণীয়া ঠাইলৈ ওলোটাই আনিম; তাতে সি কৰ্ম্মিল আৰু বাচানত চৰিব, ইফ্ৰয়িম পৰ্ব্বতত আৰু গিলিয়দত তাৰ প্ৰাণ তৃপ্ত হ’ব।
\v 20 যিহোৱাই কৈছে, সেই দিনত আৰু সেই কালত ইস্ৰায়েলৰ অপৰাধ বিচাৰ কৰা যাব, কিন্তু একো পোৱা নাযাব, আৰু যিহূদাৰ পাপবোৰ বিচাৰ কৰা হ’ব, কিন্তু সেইবোৰ পোৱা নাযাব; কিয়নো মই অৱশিষ্ট ৰখাবোৰক ক্ষমা কৰিম।
\p
\s5
\v 21 তুমি মৰাথয়িম দেশৰ বিৰুদ্ধে আৰু পকোত নিবাসীবিলাকৰ অহিতে যাত্ৰা কৰা; যিহোৱাই কৈছে, তুমি সিহঁতৰ পাছে পাছে গৈ সিহঁতক বধ কৰি নিঃশেষে বিনষ্ট কৰা, আৰু মই তোমাক দিয়া সকলো আদেশ অনুসাৰে কাৰ্য্য কৰা।
\v 22 দেশত ৰণৰ আৰু মহাসংহাৰৰ শব্দ শুনা গৈছে।
\s5
\v 23 গোটেই পৃথিৱীৰ হাতুৰীতোঁ কগগেনে চিন্ন আৰু ভগ্ন হ’ল। জাতিবিলাকৰ মাজত বাবিল কেনে ধ্বংসস্থান হ’ল।
\v 24 হে বাবিল মই তোমাৰ নিমিত্তে ফান্দ পাতিলোঁ, তুমি নজনাকৈ তাত লাগিলা; তুমি যিহোৱাৰ বিৰুদ্ধে বিবাদ কৰাৰ কাৰণে তোমাক পোৱা গ’ল,আৰু ধৰাও পৰিলা।
\s5
\v 25 যিহোৱাই নিজ অস্ত্ৰৰ ভঁড়াল মেলি নিজৰ ক্ৰোধৰ অস্ত্ৰবোৰ উলিয়াই আনিলে; কিয়নো কল্দীবিলাকৰ দেশত প্ৰভূৰ বাহিনীবিলাকৰ যিহোৱৰ কৰিবলৈ এটা কাৰ্য্য আছে।
\v 26 তোমালোকে শেষ সীমাৰ পৰা তাৰ বিৰুদ্ধে আহা, তাৰ শস্যৰ ভঁড়ালবোৰ মেলা; শস্যৰাশিৰ নিচিনাকৈ তাক দ’ম কৰা, আৰু তাক নিঃশেষে বিনষ্ট কৰা, তাৰ একোকে থাকিব নিদিবা।
\s5
\v 27 তাৰ সকলো ভতৰাক বধ কৰা; সিহঁত বধ কৰা ঠাইলৈ নামি যাওক; হায় হায়! সিহঁতৰ দিন, সিহঁতৰ দণ্ডৰ সময় আহিল।
\v 28 শুনা, সেইয়া বাবিল দেশৰ পৰা পলোৱা আৰু ৰক্ষা পোৱাবিলাকৰ মাত; আমাৰ ঈশ্বৰ যিহোৱাই সধা প্ৰতিকাৰ, তেওঁৰ মন্দিৰৰ অৰ্থে সধা প্ৰতিকাৰ সিবিলাকে চিয়োনত প্ৰকাশ কৰিছে।
\p
\s5
\v 29 তোমালোকে বাবিলৰ বিৰুদ্ধে ধনুৰ্দ্ধৰ বিলাকক, ধনু ভিৰাওঁতা আটাইকে মাতা, চাৰিওফালে তাৰ বিৰুদ্ধে ছাউনি পাতা, সিহঁতৰ কাকো সাৰি যাব নিদিবা, তাৰ কাৰ্য্য অনুসাৰে তাক প্ৰতিফল দিয়া, সি কৰা সকলো কাৰ্য্য অনুসাৰে তালৈ কৰা; কিয়নো সি যিহোৱাৰ বিৰুদ্ধে, ইস্ৰায়েলৰ পবিত্ৰজনাৰেই বিৰুদ্ধে গৰ্ব্ব কৰিলে।
\v 30 এই নিমিত্তে, যিহোৱাই কৈছে তাৰ ডেকাবিলাকক তাৰ চকবোৰত পতিত হ’ব, আৰু তাৰ আটাই যুদ্ধাৰুবিলাকক সেই দিনা নিস্তব্ধ কৰা হ’ব।
\s5
\v 31 বাহিনীবিলাকৰ প্ৰভূ যিহোৱাই কৈছে, হে গৰ্ব্বী, দেখ, মই তোৰ বিপক্ষ; কিয়নো তোৰ দিন, মই তোক দণ্ড দিয়াৰ সময় আহিল।
\v 32 আৰু গৰ্ব্বী জন উজুটি খাই পতিত হ’ব, কোনেও তাক নুতুলিব; আৰু মই তাৰ নগৰবোৰত জুই লগাম, আৰু সেয়ে তাৰ চাৰিওফালে থকা সকলোকে গ্ৰাস কৰিব।
\p
\s5
\v 33 বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে, ইস্ৰায়েল আৰু যিহূদাৰ সন্তান-বিলাকে একেলগে উপদ্ৰৱ পাইছে আৰু তেওঁবিলাকক বন্দী কৰি লোৱা সকলোৱে তেওঁবিলাকক দৃঢ়কৈ ধৰিছে, এৰি দিবলৈ অসন্মত।
\v 34 তেওঁবিলাকৰ মুক্তিদাতা বলৱান, তেওঁৰ নাম বাহিনীবিলাকৰ যিহোৱা; তেওঁ পৃথিৱীক বিশ্ৰাম দিবৰ নিমিত্তে আৰু বাবিল নিবাসীবিলাকক অস্থিৰ কৰিবৰ নিমিত্তে তেওঁবিলাকৰ অভিযোগ সম্পূৰ্ণকৈ প্ৰতিবাদ কৰিব।
\s5
\v 35 যিহোৱাই কৈছে, কল্দীয়াবিলাকৰ আৰু বাবিল-নিবাসীবিলাকৰ ওপৰত আৰু তাৰ প্ৰধান জ্ঞানী লোকবিলাকৰ ওপৰত তৰোৱাল আছে।
\v 36 বৰ বৰ কথা কওঁতাবোৰৰ ওপৰত তৰোৱাল আছে আৰু সিহঁত হতবুদ্ধি হ’ব; তাৰ বীৰ বিলাকৰ ওপৰত তৰোৱাল আছে আৰু সিবিলাক ব্যাকুল হ’ব।
\v 37 সিহঁতৰ ঘোঁৰা ৰথ, আৰু তাৰ মাজত থকা আটাই মিহলি লোকৰ ওপৰত তৰোৱাল আছে আৰু সিহঁত তিৰোতাৰ নিচিনা হ’ব; তাৰ বহুমূল্য বস্তুবোৰৰ ওপৰত তৰোৱাল আছে, আৰু সেইবোৰক লুট কৰা হ’ব।
\s5
\v 38 তাৰ জলসমূহৰ ওপৰত খৰ আছে আৰু সেইবোৰ শুকাব; কিয়নো সেয়ে কটা-প্ৰতিমাৰ দেশ আৰু তাৰ লোকবিলাক মুৰ্ত্তিত বলীয়া।
\v 39 এই নিমিত্তে অৰণ্যৰ বনৰীয়া জন্তুবোৰে ৰাং-কুকুৰবোৰে সৈতে তাত বাস কৰিব আৰু উট চৰাইবোৰে তাত বাস কৰিব আৰু সেয়ে চিৰকালৰ নিমিত্তে আৰু বাসস্থান নহ’ব বা পুৰুষামুক্ৰমে কোনেও তাত বাস নকৰিব।
\v 40 যিহোৱাই কৈছে, ঈশ্বৰে চদোম, ঘমোৰা, আৰু তাৰ ওচৰত থকা নগৰবোৰ ধ্বংস কৰা সময়ৰ নিচিনাকৈ কোনো মানুহে সেই ঠাইত বাস নকৰিব আৰু কোনো মনুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব।
\p
\s5
\v 41 চোৱা, উত্তৰৰ পৰা এক জাতি আহিছে, পৃথিৱীৰ অন্তভাগৰ পৰা এক মহাজাতি আৰু অনেক ৰজা উত্তেজিত হৈছে।
\v 42 সিহঁতে ধনু আৰু বৰছা ধৰে, সিহঁত নিষ্ঠুৰ আৰু দয়াহীন; সিহঁতৰ শব্দ সমুদ্ৰৰ গৰ্জ্জনৰ নিচিনা আৰু সিহঁত ঘোঁৰাত উঠে; হে বাবিল-জীয়াৰী, তোমাৰ বিৰুদ্ধে সিহঁত প্ৰতিজনে যুদ্ধাৰুৰ নিচিনাকৈ সাজু হৈ আছে।
\v 43 বাবিলৰ ৰজাই সিহঁতৰ যশস্যা শুনিছে, তাতে তেওঁৰ হাত দুৰ্ব্বল হ’ল; যাতনাই, প্ৰসৱকাৰিণীৰ বেদনাৰ নিচিনা বেদনাই তেওঁক ধৰিছে।
\s5
\v 44 চোৱা, যৰ্দ্দনৰ শোভাস্থানৰ পৰা সিংহ উঠি অহাৰ নিচিনাকৈ তেওঁ চিৰস্থায়ী চৰণীয়া ঠাইৰ বিৰুদ্ধে আহিব; কিন্তু, মই চকুৰ প্ৰচাৰতে সিহঁতক তাৰ পৰা লৰুৱাম, আৰু মই তাৰ ওপৰত মোৰ মনোনীত জনক নিযুক্তি কৰিম; কাৰণ মোৰ নিচিনা কোন আছে? আৰু মোৰ নিমিত্তে কোনে সময় নিৰূপণ কৰিব? আৰু মোৰ আগত তিষ্ঠিব পৰা কোন ৰখীয়া আছে?
\s5
\v 45 এই হেতুকে, যিহোৱাই বাবিলৰ বিৰুদ্ধে কৰা মন্ত্ৰণা, আৰু কল্দীয়া দেশৰ অহিতে কৰা অভিপ্ৰায়বোৰ তোমালোকে শুনা; অৱশ্যে জাকৰ সৰুবোৰেও সিহঁতক টানি লৈ যাব, অৱশ্যে সিহঁতৰ চৰণীয়া ঠাই সিহঁতৰ বিষয়ে বিস্ময় মানিব।
\v 46 বাবিলক হাত কৰি লোৱাৰ শব্দত পৃথিৱী কঁপিছে, আৰু জাতিবিলাকৰ মাজত চিঞৰৰ শব্দ শুনি গৈছে।
\s5
\c 51
\p
\v 1 যিহোৱাই এই কথা কৈছে, চোৱা, মই বাবিলৰ আৰু লেব-কাময়-নিবাসী-বিলাকৰ বিৰুদ্ধে এক বিনাশক বতাহ বলোৱাম।
\v 2 আৰু বাবিললৈ বিদেশীবোৰক পঠাম, সিহঁতে তাক জানিব আৰু তাৰ দেশ শূণ্য কৰিব; কিয়নো সঙ্কটৰ দিনা সিহঁত চাৰিওফালে তাৰ বিৰুদ্ধী হ’ব।
\s5
\v 3 ধনুৰ্দ্ধৰে নিজ ধনু নিভিৰাওক আৰু কৱচ পিন্ধি অহঙ্কাৰ নকৰক; তোমালোকে তাৰ ডেকা মানুহবিলাকক দয়া নকৰিবা, তাৰ সকলো সৈন্যক নিঃশেষে বিনষ্ট কৰা।
\v 4 সিহঁত কল্দীয়াবিলাকৰ দেশত হত হৈ আৰু তাৰ আলিত খোঁচ খাই পৰি থাকিব।
\p
\s5
\v 5 কিয়নো, যদিও ইস্ৰায়েল কি যিহূদা দেশ ইস্ৰায়েলৰ পবিত্ৰজনাৰ বিৰুদ্ধে দোষেৰে ভৰা, তথাপি বাহিনীবিলাকৰ ঈশ্বৰ যিহোৱাৰ দ্বাৰাই সি পৰিত্যক্ত হোৱা নাই।
\v 6 তোমালোকে বাবিলৰ মাজৰ পৰা পলোৱা, আৰু প্ৰতিজনে নিজ নিজ প্ৰাণ ৰক্ষা কৰা, তাৰ ধোশত বিনষ্ট নহ’বা; কিয়নো এয়ে যিহোৱাই সধা প্ৰতিকাৰৰ সময়, তেওঁ তাক প্ৰতিফল দিব।
\s5
\v 7 বাবিল, সমস্ত পৃথিৱীক মতলীয়া কৰা যিহোৱাৰ হাতত থকা সোণৰ এক পান-পাত্ৰ; জাতিবিলাকে তাৰ দ্ৰাক্ষাৰস পান কৰিলে, সেই নিমিত্তে জাতিবিলাক পগলা হ’ল।
\v 8 বাবিল অকস্মাৎ পতিত হৈ বিনষ্ট হ’ল; তোমালোকে তাৰ নিমিত্তে হাহাকাৰ কৰা, তাৰ বেদনাৰ নিমিত্তে সুস্থজনক গছৰ ৰস লোৱা, কিজানি সি সুস্থ হ’ব পাৰে।
\s5
\v 9 আমি বাবিলক সুস্থ কৰিবলৈ যত্ন কৰিছিলোঁ, কিন্তু সি সুস্থ নহ’ল, তোমালোকে তাক ত্যাগ কৰা, আঁহা আমি প্ৰতিজনে নিজ নিজ দেশলৈ যাওঁহঁক; কিয়নো তাৰ দোষে আকাশ স্পৰ্শ কৰিছে, আৰু গগন মণ্ডললৈকে উঠিছে।
\v 10 যিহোৱাই আমাৰ ধাৰ্ম্মিকতা প্ৰকাশ কৰিলে; আঁহা আমি আমাৰ ঈশ্বৰ যিহোৱাৰ কৰ্ম্ম চিয়োনত প্ৰচাৰ কৰোঁগৈ।
\p
\s5
\v 11 তোমালোকে কাঁড়বোৰ ধাৰ দিয়া, ঢাল শকতকৈ ধৰা; যিহোৱাই মদীয়া ৰজাবিলাকৰ মন উচটাইছে, কিয়নো বাবিলক নষ্ট কৰিবৰ নিমিত্তে তেওঁৰ কল্পনা তাৰ বিৰুদ্ধী; কাৰণ এয়ে যিহোৱাই সধা প্ৰতিকাৰ।
\v 12 তোমালোকে বাবিলৰ গড়ৰ অহিতে ধ্বজা তোলা, পৰীয়াবোৰক সাহিয়াল কৰোঁৱা, প্ৰহৰী নিযুক্ত কৰা, আৰু গুপুত ঠাইত সৈন্য ৰাখা; কিয়নো যিহোৱাই বাবিল -নিবাসীবিলাকৰ বিষয়ে কোৱা কথা কল্পনা কৰিলে আৰু সিদ্ধও কৰিলে।
\s5
\v 13 হে বহুজল-নিবাসিনী, বহুমূল্য বস্তুৰে পৰিপূৰ্ণা, তোমাৰ অন্তিম কাল উপস্থিত, তোমাৰ লোভৰ পৰিমাণ পূৰ হ’ল।
\v 14 বাহিনীবিলাকৰ যিহোৱাই নিজ নাম লৈ শপত খাই ক’লে, মই অৱশ্যে ফৰিঙৰ নিচিনাকৈ মানুহেৰে তোমাক পৰিপূৰ্ণ কৰিম, আৰু সিহঁতে তোমাৰ বিৰুদ্ধে জয়-ধ্বনি কৰিব।
\p
\s5
\v 15 তেওঁ নিজ শক্তিৰে পৃথিৱী স্ৰজন কৰিলে, নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে আৰু নিজ বুদ্ধিৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলে।
\v 16 তেওঁ মাত লগালে আকাশ-মণ্ডলত জলসমূহৰ কোলাহল হয়, আৰু তেওঁ পৃথিৱীৰ অন্তভাগৰ পৰা ভাপবোৰ তোলে; তেওঁ বৃষ্টিৰ নিমিত্তে বিজুলী স্ৰজে, আৰু নিজ ভঁড়ালৰ পৰা বতাহ বাহিৰ কৰি আনে।
\s5
\v 17 প্ৰতিজন মানুহ পশুতুল্য আৰু জ্ঞানশূণ্য প্ৰতিজন সোণাৰি তাৰ কটা প্ৰতিমাৰ দ্বাৰাই লজ্জিত হয়; কাৰণ তাৰ সাঁচত ঢলা মুৰ্ত্তি মিছা, সেইবোৰৰ ভিতৰত নিশ্বাস-প্ৰশ্বাস নাই।
\v 18 সেইবোৰ ভাপ আৰু প্ৰবঞ্চনাৰ কাৰ্য্য মাথোন; দণ্ড দিয়া কালত সেইবোৰ বিনষ্ট হ’ব।
\v 19 যাকোবৰ অংশ সেইবোৰৰ নিচিনা নহয়; কিয়নো তেওঁ সকলোৰে নিৰ্ম্মানকৰ্ত্তা আৰু ইস্ৰায়েল তেওঁৰ আধিপত্যৰ ফৈদ; বাহিনীবিলাকৰ যিহোৱা তেওঁৰ নাম।
\p
\s5
\v 20 তুমি মোৰ গদা আৰু যুদ্ধৰ অস্ত্ৰ; তোমাৰ দ্বাৰাই মই না না জাতিক খণ্ড খণ্ড কৰিম আৰু তোমাৰ দ্বাৰাই না না ৰাজ্য সংহাৰ কৰিম;
\v 21 মই তোমাৰ দ্বাৰাই ঘোঁৰা আৰু তাত উঠাজনক ডোখৰ ডোখৰ কৰিম, তোমাৰ দ্বাৰাই ৰথ আৰু তাত উঠা জনক ডোখৰ ডোখৰ কৰিম।
\s5
\v 22 মই তোমাৰ দ্বাৰাই মতা আৰু তিৰোতাক ডোখৰ ডোখৰ কৰিম আৰু তোমাৰ দ্বাৰাই বুঢ়া আৰু ডেকাক ডোখৰ ডোখৰ কৰিম আৰু তোমাৰ দ্বাৰাই যুৱা আৰু যুৱতীক ডোখৰ ডোখৰ কৰিম;
\v 23 মই তোমাৰ দ্বাৰাই জাকৰ ৰখীয়াক আৰু তাৰ জাকক ডোখৰ ডোখৰ কৰিম তোমাৰ দ্বাৰাই খেতিয়কক আৰু তাৰ বলধহালক ডোখৰ ডোখৰ কৰিম, তোমাৰ দ্বাৰাই শাসনকৰ্ত্তা আৰু দেশাধ্যক্ষবিলাকক ডোখৰ ডোখৰ কৰিম।
\s5
\v 24 আৰু যিহোৱাই কৈছে, মই বাবিলক আৰু কল্দীয়ানিবাসী আটাইবোৰক তোমালোকৰ দৃষ্টিত সিহঁতে চিয়োনত কৰা সকলো কু-কৰ্ম্মৰ প্ৰতিফল দিম।
\p
\s5
\v 25 যিহোৱাই কৈছে, হে সমস্ত পৃথিৱী বিনষ্ট কৰোঁতা বিনাশক পৰ্ব্বত, মই তোমাৰ বিপক্ষ, মই তোমাৰ ওপৰলৈ মোৰ হাত মেলি শিলবোৰৰ পৰা তোমাক বগৰাম, আৰু তোমাক জ্বলি যোৱা পৰ্ব্বত কৰিম।
\v 26 চুকৰ পৰা ভিত্তিমূলৰ নিমিত্তে কোনো মানুহে তোমাৰ পৰা এটি শিলো নল’ব; কিন্তু যিহোৱাই কৈছে, তুমি চিৰকলীয়া ধ্বংসস্থান হ’বা।
\p
\s5
\v 27 তোমালোকে দেশত নিচান তোলা, জাতিবিলাকৰ মাজত শিঙা বজোৱা, তাৰ অহিতে জাতিবিলাকক যুগুত কৰা, অৰাৰট, মিন্নী, আৰু অস্কিনজ ৰাজ্যবোৰক তাৰ অহিতে মাতা, তাৰ অহিতে প্ৰধান সেনাপতি নিযুক্ত কৰা, শুং থকা ফৰিঙৰ নিচিনাকৈ ঘোঁৰাবোৰ পঠোৱা।
\v 28 তোমালোকে তাৰ অহিতে জাতিবিলাকক, মাদিয়া দেশৰ ৰজাবিলাকক, তাৰ শাসনকৰ্ত্তা আৰু সকলো দেশাধ্যক্ষবিলাকক আৰু তেওঁবিলাকৰ ৰাজ্যৰ সমস্ত দেশৰ লোকক যুগুত কৰা।
\s5
\v 29 দেশ কঁপিছে আৰু বেদনা পাইছে; কিয়নো বাবিল দেশক ধ্বংস আৰু নিবাসী- শূণ্য কৰিবলৈ বাবিলৰ অহিতে যিহোৱাৰ সঙ্কল্প সিদ্ধ হৈছে।
\s5
\v 30 বাবিলৰ বীৰবিলাকে যুদ্ধ কৰিবলৈ এৰিছে, তেওঁবিলাকৰ দৃঢ় কোঁঠবোৰত থাকিছে; তেওঁবিলাকৰ শক্তি নাইকিয়া হ’ল; তেওঁবিলাক তিৰোতাৰ নিচিনা হ’ল, বাবিলৰ বাসস্থানবোৰত জুই লাগিল, তাৰ ডাংবোৰ ভাগিল।
\v 31 বাবিলৰ ৰজাৰ নগৰ যে চাৰিওপিনে শত্ৰুৰ হাতত পৰিল, ইয়াকে তেওঁক জনাবৰ নিমিত্তে এটা ডাকৱালা লৰি গৈ আন ডাকৱালাৰ,
\v 32 আৰু এজন দূতে আন দূতৰ লগ পাইছে; আৰু পাৰ ঘাটবোৰ লৰোৱা হ’ল, নলবোৰ জুই লগাই পুৰিলে, আৰু যুদ্ধাৰুবিলাক বিহ্বল হ’ল।
\s5
\v 33 কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে, “বাবিল- জীয়াৰী শস্য মৰণা মৰা কালৰ খলাস্বৰূপ, আৰু অলপতে শস্য কাটিবৰ সময় তাইলৈ আহিব”।
\s5
\v 34 বাবিলৰ ৰজা নবুখদৰেচৰে মোক গ্ৰাস কৰিলে, মোক গুৰি কৰিলে, মোক শূণ্যপাত্ৰ কৰিলে, মোক নাগৰ দৰে গিলি পেলালে, মোৰ সু-স্বাদু বস্তুৰে উদৰ পূৰ কৰিলে, আৰু মোক বাহিৰলৈ পেলালে।
\v 35 মোলৈ আৰু মোৰ মাংসলৈ কৰা অত্যাচাৰৰ ফল বাবিললৈ হওক, এই বুলি চিয়োন-নিবাসিনীয়ে ক’ব; আৰু মোৰ ৰক্তপাতৰ ফল কল্দীয়া নিবাসীবিলাকলৈ ঘটক, এই বুলি যিৰূচালেমে ক’ব।
\s5
\v 36 এই হেতুকে যিহোৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ অভিযোগ প্ৰতিবাদ কৰিম, আৰু তোমাৰ নিমিত্তে প্ৰতিকাৰ সাধিম; মই তাৰ সমুদ্ৰ, জলশূণ্য কৰিম আৰু তাৰ ভূমূক শুকুৱাম।
\v 37 আৰু বাবিল ভগ্নৰাশি, শিয়ালৰ বাসস্থান, আচৰিত আৰু ইচ ইচৰ বিষয় আৰু নিবাসীশূণ্য হ’ব।
\s5
\v 38 সিহঁতে ডেকা সিংহৰ নিচিনাকৈ একেলগে গৰ্জ্জন কৰিব; সিহঁতে সিংহৰ পোৱালিৰ নিচিনাকৈ গোঁজৰিব।
\v 39 যিহোৱাই কৈছে, সিহঁতৰ ৰাগী ধৰা সময়ত মই সিহঁতলৈ ভোজ পাতিম আৰু সিহঁতে ৰং-ধেমালি কৰিবৰ নিমিত্তে আৰু অনন্ত নিদ্ৰা গৈ সাৰ নাপাবৰ নিমিত্তে সিহঁতক মতলীয়া কৰিম।
\v 40 মই সিহঁতক মেৰ পোৱালিৰ নিচিনাকৈ মতা ছাগেৰে সৈতে মতা মেৰৰ নিচিনাকৈ বধৰ ঠাইলৈ নমাই আনিম।
\s5
\v 41 চেচকক কেনেৰূপে হাত কৰি লোৱা হ’ল! গোটেই পৃথিৱীৰ প্ৰশংসাৰ স্থল কেনে অকস্মাৎ ধৰা পৰিল! জাতিবিলাকৰ মাজত বাবিল কেনে ধ্বংসস্থান হ’ল!
\v 42 বাবিলৰ ওপৰত সমুদ্ৰ উঠিল, তাৰ ঢৌসমুহেৰে তাক ঢকা হ’ল।
\s5
\v 43 তাৰ নগৰবোৰ ধ্বংসস্থান, শুকান ভূমি, মৰুভূমি, মানুহে বাস নকৰা বা তাৰ মাজেদি মনুষ্য সন্তান নোযোৱা ঠাই হ’ল।
\v 44 মই বাবিলত বেল দেৱতাক দণ্ড দিম আৰু সি গিলি পেলোৱা বস্তু তাৰ মুখৰ পৰা উলিয়াম; জাতিবিলাকে তাৰ ওচৰলৈ একেলগে সোঁত বোৱাদি আৰু নবব; এনে কি বাবিলৰ গড়ো পতিত হ’ব।
\p
\s5
\v 45 হে মোৰ প্ৰজাবিলাক, তোমালোক তাৰ মাজৰ পৰা ওলোৱা; আৰু প্ৰতিজনে যিহোৱাৰ প্ৰচণ্ড ক্ৰোধৰ পৰা নিজকে ৰক্ষা কৰা।
\v 46 তোমালোকৰ হৃদয় সাহ নাইকিয়া নহওক, বা দেশত শুনা জনৰবৰ নিমিত্তে তোমালোকে ভয় নকৰিবা; কিয়নো এবচৰত এটি জনৰব হ’ব, আৰু দেশত অত্যাচাৰ, শাসনকৰ্ত্তাৰ অহিতে শাসনকৰ্ত্তা হ’ব।
\s5
\v 47 এই হেতুকে চোৱা, যি দিনা মই বাবিলৰ কটা প্ৰতিমাবোৰক দণ্ড দিম, আৰু তাৰ গোটেই দেশে লাজ পাব, এনে দিন আহিছে; আৰু তাৰ সমস্ত হত লোক তাৰ মাজত পতিত হ’ব।
\v 48 তেতিয়া আকাশ-মণ্ডল আৰু পৃথিৱী, আৰু সেইবোৰত থকা সকলোৱে বাবিলৰ ওপৰত আনন্দ গান কৰিব; কিয়নো যিহোৱাই কৈছে, বিনাশকবোৰ উত্তৰৰৰ পৰা তাৰ গুৰিলৈ আহিব।
\v 49 বাবিলে যেনেকৈ ইস্ৰায়েলৰ হত লোকবিলাকক পতিত কৰিলে, সেইদৰে সমস্ত দেশৰ হত লোকবিলাক বাবিলত পতিত হ’ব।
\s5
\v 50 হে তৰোৱালৰ পৰা ৰক্ষা পোৱা লোকবিলাক, তোমালোকে যোৱা, ৰৈ নাথাকিবা, দূৰৈৰ পৰা যিহোৱাক সোঁৱৰণ কৰা, আৰু যিৰূচালেম তোমালোকৰ মনত উদয় হওক।
\v 51 আমি ধিক্কাৰৰ কথা শুনি লাজ পাইছোঁ, আমাৰ মুখ অপমানে ঢাকিছে; কিয়নো বিদেশীবিলাক যিহোৱাৰ গৃহৰ পবিত্ৰ-স্থানবোৰত সোমাল।
\s5
\v 52 এই হেতুকে, যিহোৱাই কৈছে, চোৱা, যি দিনা মই তাৰ কটা-প্ৰতিমাবোৰক দণ্ড দিম, আৰু তাৰ দেশৰ সকলোফালে খুন হোৱা লোকে কেঁকাব, এনে দিন আহিছে।
\v 53 যিহোৱাই কৈছে, বাবিল যদিও আকাশলৈকে উন্নত হয়, আৰু তাৰ ওখ কোঁঠবোৰ দৃঢ় কৰে, তথাপি মোৰ পৰা তাৰ ওপৰলৈ বিনাশকবিলাক যাব।
\p
\s5
\v 54 বাবিলৰ পৰা চিঞৰৰ আৰু কল্দীয়াবিলাকৰ দেশৰ পৰা মহাসংহাৰৰ শব্দ উঠিছে।
\v 55 কিয়নো যিহোৱাই বাবিলক উন্নত কৰিছে আৰু তাৰ মাজত হোৱা মহাশব্দ নাইকিয়া কৰিছে; সিহঁতৰ ঢৌবোৰে জলসমুহৰ নিচিনাকৈ গৰ্জ্জন কৰিছে, সিহঁতৰ কোলাহলৰ শব্দ শুনা গৈছে।
\v 56 কাৰণ তাৰ ওপৰলৈ, বাবিলৰ ওপৰলৈকে বিনাশক আহিল, আৰু তাৰ বীৰবিলাক ধৰা পৰিল, তেওঁবিলাকৰ ধনু ডোখৰ ডোখৰকৈ ভঙা হ’ল; কিয়নো যিহোৱা প্ৰতিফল দিওঁতা ঈশ্বৰ, তেওঁ অৱশ্যে প্ৰতিফল দিব।
\s5
\v 57 আৰু মই তাৰ প্ৰধান আৰু জ্ঞানীবিলাকক, তাৰ শাসনকৰ্ত্তা আৰু দেশাধ্যক্ষবিলাকক, আৰু তাৰ বাৰবিলাকক, মতলীয়া কৰিম; আৰু বাহিনীবিলাকৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই কৈছে, তেওঁবিলাকে অনন্ত নিদ্ৰা গৈ সাৰ নাপাব।
\v 58 বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে, বাবিলৰ বহল গড়বোৰ, নিঃশেষে বিনষ্ট হ’ব, আৰু তাৰ ওখ দুৱাৰবোৰ অগ্নিৰে পোৰা হ’ব আৰু লোকবিলাকে অসাৰৰ নিমিত্তে, আৰু জাতিবিলাকে অগ্নিৰ নিমিত্তে পৰিশ্ৰম কৰিব, আৰু সিহঁত ক্লান্ত হ’ব।
\p
\s5
\v 59 মহচেয়াৰ নাতিয়েক নেৰিয়াৰ পুত্ৰ চৰায়া যিহূদাৰ ৰজা চিদিকিয়াই সৈতে বাবিললৈ যোৱা সময়ত, তেওঁৰ ৰাজত্বৰ চতুৰ্থ বছৰত যিৰিমিয়া ভাববাদীয়ে তেওঁক দিয়া আজ্ঞাৰ কথা। সেই চৰায়া ৰাজগৃহৰ প্ৰধান অধ্যক্ষ আছিল।
\v 60 আৰু বাবিললৈ ঘটিব লগা সকলো অমঙ্গলৰ কথা, অৰ্থাৎ বাবিলৰ বিষয়ে লিখা এই আটাইবোৰ বাক্য যিৰিমিয়াই এখন পুথিত লিখিলে।
\s5
\v 61 আৰু যিৰিমিয়াই চৰায়াক ক’লে, সাৱধান, তুমি বাবিল পালে এই সকলো কথা পাঠ কৰিবা,
\v 62 আৰু ক’বা, হে যিহোৱা, পশু কি মানুহ কোনেও ইয়াত বাস নকৰিবৰ নিমিত্তে, কিন্তু চিৰকাললৈকে ধ্বংসস্থান হ’বৰ নিমিত্তে উচ্ছন্ন কৰিবৰ কথা তুমি এই ঠাইৰ বিষয়ে কৈছা।
\s5
\v 63 পাছে তুমি এই পুথিখন পঢ়ি এঁটোৱা হ’লে, ইয়াত এটা শিল বান্ধি ফৰাৎ নদীৰ মাজ ঠাইত পেলাই দিবা,
\v 64 আৰু তুমি ক’বা, মই বাবিললৈ যি অমঙ্গল ঘটাম, তাৰ কাৰণে বাবিল এইদৰে মগ্ন থাকিব, কেতিয়াও আৰু নুঠিব; “আৰু সিহঁত ক্লান্ত হ’ব”। যিৰিমিয়াৰ বাক্য ইমানলৈকে।
\s5
\c 52
\s যিৰূচালেমৰ আৰু যিহূদাৰ বিনাশ।
\p
\v 1 চিদিকিয়াই একৈশ বছৰ বয়সত ৰজা হৈ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে; তেওঁৰ মাকৰ নাম লিবনা-নিবাসী যিৰিমিয়াৰ জীয়েক হমূটল।
\v 2 যিহোৱাকীমৰ সকলো কাৰ্য্য অনুসাৰে তেওঁ যিহোৱাৰ সাক্ষাতে কু-আতৰণ কৰিলে;
\v 3 কিয়নো, যিৰূচালেম আৰু যিহূদাৰ লোকবিলাকক যিহোৱাই নিজৰ আগৰ পৰা দূৰ নকৰিলেমানে, তেওঁৰ ক্ৰোধৰ কাৰণে তেওঁবিলাকলৈ দুৰ্ঘটনা ঘটিল।
\p আৰু চিদিকিয়াই বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে।
\s5
\v 4 পাছে তেওঁৰ ৰাজত্বৰ নৱম বছৰৰ দশম মাহৰ দশম দিনা, বাবিলৰ ৰজা নবুখদৰেচৰ আৰু তেওঁৰ সকলো সৈন্যসামন্তই যিৰূচালেমৰ বিৰুদ্ধে আহি ছাউনি পাতিলে আৰু তাৰ অহিতে চাৰিওফালে কোঁঠ সাজিলে।
\v 5 এইদৰে চিদিকিয়াৰ ৰাজত্বৰ একাদশ বছৰলৈকে নগৰখন অৱৰোধ কৰা আছিল।
\s5
\v 6 পাছে চতুৰ্থ মাহৰ নৱম দিনা নগৰত আকাল অতিশয় টান হোৱাত, দেশৰ লোকবিলাকৰ নিমিত্তে খোৱা বস্তু একোৱেই নাথাকিল।
\v 7 সেই সময়ত নগৰৰ গড়ৰ কোনো এক ঠাই ভঙা হ’লত, সকলো যুদ্ধাৰু লোক পলাই ৰজাৰ উদ্যানৰ ওচৰত থকা গড় দুটাৰ মাজৰ দুৱাৰখনৰ বাটেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ’ল, (তেতিয়া কল্দীয়াবিলাক নগৰৰ বিৰুদ্ধে চাৰিওফালে আছিল) আৰু তেওঁবিলাক অৰাবাৰ বাটেদি গ’ল।
\v 8 কিন্তু কল্দীয়াবিলাকৰ সৈন্যসামন্তই ৰজাৰ পাছত খেদি গৈ, যিৰীহোৰ সমথলত চিদিকিয়াক লগ ধৰিলে; তেতিয়া তেওঁৰ সকলো সৈন্যসামন্ত তেওঁৰ ওচৰৰ পৰা ছিন্ন-ভিন্ন হৈ গ’ল।
\s5
\v 9 পাছে সিহঁতে ৰজাক ধৰি হমাৎ দেশৰ ৰিব্লালৈ বাবিলৰ ৰজাৰ গুৰিলৈ নিলে; তাতে তেওঁ তেওঁলৈ দণ্ডাজ্ঞা কৰিলে।
\v 10 বাবিলৰ ৰজাই চিদিকিয়াৰ পুতেকবিলাকক তেওঁৰ চকুৰ আগতে বধ কৰিলে। আৰু যিহূদাৰ আটাই প্ৰধান লোককো ৰিব্লাত বধ কৰিলে।
\v 11 তাৰ বাহিৰে বাবিলৰ ৰজাই চিদিকিয়াৰ চকু কাঢ়ি, তেওঁক শিকলিৰে বান্ধি বাবিললৈ লৈ গ’ল, আৰু তেওঁ নমৰা দিনলৈকে তেওঁক বন্দীশালত বন্দী কৰি ৰাখিলে।
\p
\s5
\v 12 পাছে পঞ্চম মাহৰ দশম দিনা বাবিলৰ ৰজা নবুখদৰেচৰৰ ৰাজত্বৰ ঊন্নৈশ বছৰৰ বছৰি বাবিলৰ ৰজাৰ আগত থিয় হওঁতা নবুজৰদান ৰক্ষক-সেনাপতিয়ে যিৰূচালেমলৈ আহি,
\v 13 যিহোৱাৰ গৃহটি আৰু ৰাজ গৃহটি পুৰিলে আৰু যিৰূচালেমৰ সকলো ঘৰ জুই দি পুৰিলে।
\v 14 আৰু সেই ৰক্ষক-সেনাপতিৰ লগত অহা কল্দীয়াবিলাকৰ সকলো সৈন্যসামন্তই যিৰূচালেমৰ চাৰিওফালৰ আটাইবোৰ গড় ভাঙি পেলালে।
\s5
\v 15 আৰু নবুজৰদানৰ ৰক্ষক-সেনাপতিয়ে প্ৰজাবিলাকৰ কেতবিলাক দৰিদ্ৰ লোকক, নগৰৰ বাকী থকা লোকবিলাকক বাবিলৰ ৰজাৰ ফলীয়া হ’বলৈ পলাই যোৱাবিলাকক বন্দী কৰি লৈ গ’ল।
\v 16 কিন্তু দ্ৰাক্ষা আপডাল কৰোঁতা আৰু খেতিয়ক হ’বলৈ নবুজৰদান ৰক্ষক-সেনাপতিয়ে দেশৰ কেতবিলাক দুখীয়া মানুহ এৰি গ’ল।
\p
\s5
\v 17 আৰু যিহোৱাৰ গৃহৰ পিতলৰ স্তম্ভ দুটা, আৰু যিহোৱাৰ গৃহৰ আধাৰবোৰ ও পিতলৰ সমুদ্ৰ-পাত্ৰটো কল্দীয়াবিলাকে ডোখৰ ডোখৰকৈ ভাঙি সেইবোৰৰ আটাইবোৰ পিতল বাবিললৈ লৈ গ’ল।
\v 18 আৰু ছাই পেলোৱা পাত্ৰ, ছাই উলিওৱা হেতা, কটাৰী, তেজ পেলোৱা পাত্ৰ, পিয়লা আদি কৰি পৰিচৰ্য্যা কৰ্ম্ম কৰা পিতলৰ আটাই বস্তু সিহঁতে লৈ গ’ল।
\v 19 আৰু চৰিয়া, আঙঠা ধৰা, তেজপেলোৱা পাত্ৰ, ছাই পেলোৱা পাত্ৰ, দীপাধাৰ, পিয়লা, বাটি আদি কৰি সোণৰ পাত্ৰৰ সোণ, আৰু ৰূপৰ পাত্ৰ ৰূপ ৰক্ষক-সেনাপতিয়ে লৈ গ’ল।
\s5
\v 20 আৰু চলোমন ৰজাই যিহোৱাৰ গৃহৰ নিমিত্তে সেই যি দুটা স্তম্ভ, এটা সমুদ্ৰ পাত্ৰ, আৰু আধাৰবোৰৰ তলত থকা বাৰটা পিতলৰ বৃষ সজাইছিল, সেই সকলো বস্তুৰ পিতল অপৰিমিত আছিল।
\v 21 আৰু সেই স্তম্ভ দুটাৰ বিষয়ে হ’লে প্ৰথমটো ওখই ওঠৰ হাত; আৰু বাৰহতীয়া সূতাই তাক মেৰাব পাৰিছিল, আৰু তাৰ ডাঠ চাৰি আঙুল; সেয়ে ফোপোলা আছিল।
\s5
\v 22 আৰু তাৰ ওপৰত পিতলৰ এটা মাথলা আছিল, সেই মাথলা ওখই পাঁচ হাত; আৰু মাথলাত চাৰিওফালে জালি কটা আৰু ডালিম আছিল; সেই আটাইবোৰ পিতলৰ; দ্বিতীয় স্তম্ভটোও সেই প্ৰকাৰ, আৰু তাৰো ডালিম আছিল।
\v 23 চাৰিওফালে ছয়ান্নব্বৈইটা ডালিম আছিল, আৰু চাৰিওফালে জালি কটাৰ ওপৰত সৰ্ব্বমুঠ এশ ডালিম আছিল।
\p
\s5
\v 24 পাছে ৰক্ষক-সেনাপতিয়ে প্ৰধান পুৰোহিত চৰায়াক, আৰু দ্বিতীয় পুৰোহিত চফনীয়াক, আৰু তিনি জন দুৱৰীক ধৰিলে।
\v 25 আৰু নগৰৰ লোকবিলাকৰ মাজৰ, যুদ্ধাৰুবিলাকৰ ওপৰত নিযুক্ত এজন অধ্যক্ষক, নগৰত পোৱা ৰাজসভাসদ সকলৰ সাতজন মানুহক, দেশৰ প্ৰজাবিলাকৰ সৈন্যৰ নাম ভৰ্ত্তি কৰোঁতা প্ৰধান সেনাপতিৰ লিখক জনক, আৰু নগৰৰ মাজত পোৱা দেশৰ প্ৰজাবিলাকৰ ষাঠিজন মানুহক ধৰিলে।
\s5
\v 26 আৰু নবুজৰদান ৰক্ষক-সেনাপতিয়ে তেওঁবিলাকক ৰিব্লালৈ বাবিলৰ ৰজাৰ গুৰিলৈ লৈ গ’ল।
\v 27 পাছে বাবিলৰ ৰজাই হমাৎ দেশৰ ৰিব্লাত তেওঁবিলাকক আঘাত কৰাই বধ কৰিলে। এইদৰে যিহূদাক নিজ দেশৰ পৰা দেশান্তৰ কৰা হ’ল.
\p
\s5
\v 28 নবুখদৰেচৰে দেশান্তৰ কৰা লোকবিলাকৰ সংখ্যা এই; সপ্তম বছৰত তেওঁ তিনি হাজাৰ তেইশজন যিহূদী মানুহক দেশান্তৰ কৰি নিলে;
\v 29 নবুখদৰেচৰৰ ৰাজত্বৰ অষ্ঠাদশ বছৰত তেওঁ যিৰূচালেমৰ পৰা আঠশ বত্ৰিশ জনক দেশান্তৰ কৰি লৈ গ’ল;
\v 30 নবুখদৰেচৰৰ ৰাজত্বৰ তেইশ বছৰৰ বছৰি নবুজৰদান ৰক্ষক-সেনাপতিয়ে যিহূদী বিলাকৰ মাজৰ পৰা সাতশ পঞ্চল্লিশ জনক দেশান্তৰ কৰি লৈ গ’ল; সৰ্ব্বমুঠ চাৰি হাজাৰ ছশ লোক লৈ গ’ল।
\p
\s5
\v 31 পাছে যিহূদাৰ ৰজা যিহোয়াখীনৰ বন্দী অৱস্থাৰ সাতত্ৰিশ বছৰৰ বছৰি, দ্বাদশ মাহৰ পঁচিশ দিনৰ দিনা বাবিলৰ ইবীল মৰোদক ৰজাই নিজৰ ৰাজত্বৰ প্ৰথম বছৰত যিহূদাৰ ৰজা যিহোয়াখীনৰ মুৰ দাঙি, তেওঁক বন্দীশালৰ পৰা মুক্ত কৰিলে;
\s5
\v 32 আৰু তেওঁক মৰমৰ কথা ক’লে, আৰু বাবিলত তেওঁৰ লগত থকা ৰজাবিলাকৰ আসনতকৈ তেওঁৰ আসন ওখত স্থাপন কৰিলে।
\v 33 আৰু তেওঁ নিজৰ বন্দীশালৰ কাপোৰ সলালে, আৰু তেওঁ জীয়াই থাকে মানে ৰজাৰ আগত সদায় ভোজন কৰিলে।
\v 34 আৰু তেওঁৰ খুৰাকৰ বিষয়ে হ’লে, তেওঁ জীয়াই থাকে মানে নমৰালৈকে বাবিলৰ ৰজাৰ আজ্ঞাৰে এক এক দিনৰ উপযুক্ত খাদ্য দ্ৰব্য প্ৰতি দিনে তেওঁক দিয়া হৈছিল।